Home Blog Page 567

মৰিগাঁৱত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ…

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে শুকুৰবাৰে মৰিগাঁও জিলাৰ কৃষিখণ্ড পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা কৃষি বিভাগৰ অধীনৰ মানিপুৰস্থিত ইয়াংলী কৃষক উৎপাদক কোম্পনীৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা কৃষি বিভাগৰ নৱতন সংযোজন “কৃষি-কেঁচুসাৰ-পৰ্যটন”ৰ শুভাৰম্ভণি কৰি কৃষি বিভাগে গ্ৰহণ কৰা এই যুগান্তকাৰী পদক্ষেপৰ শলাগ লয়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত কৃষক উৎপাদক কোম্পানীটোৰ বিষয় ববীয়া আৰু সদস্য তথা কৃষক ৰাইজৰ সৈতে এক মতবিনিময় অনুষ্ঠানত মিলিত হয়। উক্ত অনুষ্ঠানত মন্ত্রী গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন ধ্বজাবাহী আচঁনিৰ ৰূপায়ন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষক ৰাইজ কেনেদৰে উপকৃত হৈছে,

প্ৰকৃতাৰ্থত কৃষক ৰাইজে আঁচনিৰ সুবিধা লাভ কৰিছেনে নাই, চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতি, কৃষিখণ্ড বিকাশৰ পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত জিলাখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ, কৃষক ৰাইজৰ উন্নতিৰ বাবে কৌশল আৰু ভৱিষ্যত পৰিকল্পনা আদি বিষয়ত পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীক “কৃষি-কেঁচুসাৰ- পৰ্যটন” সন্দৰ্ভত প্ৰস্তুত কৰা তথ্য চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বৃক্ষ ৰূপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত ইয়াংলী কৃষক উৎপাদক কোম্পানীটোৱে কৃষি বিভাগৰ পৰা লাভ কৰা Custom Hiring Centreত উপস্থিত হৈ আধুনিক কৃষি সজুলিসমূহ,

কেঁচুসাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়া, ঔষধি উদ্ভিদৰ নাৰ্চাৰী পৰিদৰ্শন কৰে। ইয়াৰ পিছতে কৃষক উৎপাদক কোম্পানীটোৰ মহিলা কৃষক সদস্য সকলে প্ৰস্তুত কৰা কেঁচুসাৰৰ ইউনিট পৰিদৰ্শন কৰাৰ লগতে শিপিনী সকলৰ দ্বাৰা উৎপাদিত তাত শালৰ প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে মহিলা সকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষি খণ্ড অধিক আগবাঢ়ি যোৱাৰ লগতে মহিলা সকলে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰা বুলি মন্তব্য কৰে। মৰিগাঁও পৰিদৰ্শনৰ সময়চোৱাত মন্ত্ৰীদ্বয়ক জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মা, সহকাৰী কৃষি সঞ্চালক তপন কুমাৰ ব্ৰহ্ম, মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুছেইন, জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভাগীয় মূৰব্বী বিষয়া কৰ্মচাৰী সকলে সংগ দিয়ে।

ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি থানাত এজাহাৰ দাখিল…

ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি থানাত এজাহাৰ দাখিল ।

চাংসাৰি ধোপাতাৰীৰ যুৱ শক্তিয়ে এজাহাৰ দাখিল কৰিলে ভিক্টৰ দাসৰ বিৰুদ্ধে ।

মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি কেইবাজনো লোকক অশ্লীল গালি গলাজ পৰাৰ বাবে এজাহাৰ দাখিল ।

গোপন অংগ কাটি পেলোৱাৰ ভাবুকি প্ৰদান কৰাৰ বাবে দিলে এজাহাৰ ।

প্ৰায়েই জেলৰ আলহী হোৱা ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ…

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ। ভয়ংকৰ দুৰ্ঘটনা ১১ জন নিহত।

মাৰ্চয়াংদি নদীত ডুবিল এখন উত্তৰ প্ৰদেশৰ নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ।

পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল বাছখন। বাছখনত আছিল ৪০ জন যাত্ৰী।

ধিঙৰ নাৰকীয় কাণ্ডক লৈ সৰৱ মুখ্যমন্ত্ৰী…

ধিঙৰ নাৰকীয় কাণ্ডক লৈ সৰৱ মুখ্যমন্ত্ৰী: ঘটনাৰে জড়িত অপৰাধীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, যোৱা লোকলভা নিৰ্বাচনৰ পাছত অসমত এনে ২২টা ঘটনা ঘটিছে, এইটো ২৩ নম্বৰ ঘটনা।

এই ঘটনাবোৰৰ লগত কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে। আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম. ইতিমধ্যে ধিঙলৈ ডিজিপিক পঠাইছোঁ। “ৰাজ্য কঁপাই যোৱা ধিঙৰ ঘটনাৰ পাছতেই ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। জঘন্য ঘটনাৰ পিছতেই ধিং বন্ধ ঘোষণা কৰিছিল আছুৱে।

আছুৰ এই বন্ধক সমৰ্থন জনাইছে ব্যৱসায়ী তথা ৰাইজে। আজি ধৰ্ষণৰ ঘটনাৰ এজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে। আন দুজনক বিচাৰি অব্যাহত আছে আৰক্ষীৰ অভিযান।

তদন্তৰ খাতিৰতে অভিযুক্তৰ নাম প্ৰকাশৰ পৰা বিৰত আৰক্ষী। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। DGPক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত আপৰ বিক্ষোভ ! দিল্লীৰ দৰে অসমতো বিনামূলীয়া বিদ্যুত যোগান আঁচনিৰ দাবী আপৰ…

এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম বিধান সভা উত্তাল হৈ থকাৰ মাজতে আজি মহানগৰীত আম আদমী পাৰ্টিয়ে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী। গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত বহুসংখ্যক দলীয় কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। হাতে হাতে প্লেকাৰ্ড লৈ আপৰ নেতা-কৰ্মী সকলে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, আদানী স্মাৰ্ট মিটাৰ নচলিব, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হুচিয়াৰ আদি শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদস্থলীত উপস্থিত থকা দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী জনাই কয়, “ৰাজ্য চৰকাৰে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত বিদ্যুত

বিল সংগ্ৰহৰ পূৰ্বৰ পদ্ধতি বাহাল ৰখা উচিত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে যি সমূহ প্ৰতিশ্ৰুতি দিছিল, সেইবোৰ পূৰণ কৰিব পৰা নাই। ৰাজ্যত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে। জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা নাই। এনে অৱস্থাত চৰকাৰে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক মাধমাৰ সোধাইছে। বিজেপিৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ স্বাৰ্থত অসমীয়া ৰাইজৰ ওপৰত অস্বাভাৱিক বিদ্যুত বিলৰ বোজা জাপি দিছে চৰকাৰে। গতিকে আম আদমী পাৰ্টিয়ে প্ৰিপেইড স্মাৰ্ট

মিটাৰ অবিলম্বে প্ৰত্যাহাৰ কৰি পূৰ্বৰ পদ্ধতি বাহাল ৰাখিবলৈ দাবী জনাওঁ। ” বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ যুৱনেতা ৰুদ্ৰাংকুৰ হাজৰিকাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয়। তেওঁ প্ৰশ্ন কৰে ,” দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰে যদি ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান দিব পাৰে, তেন্তে অসমৰ তথাকথিত ডাবল ইঞ্জিন চৰকাৰে ৰাইজৰ ওপৰত এনে মাধমাৰ সোধাইছে কিয়? শীঘ্ৰেই চৰকাৰক আদানী মিটাৰ প্ৰত্যাহাৰ কৰি ৰাইজক সকাহ দিবলৈ দাবী আমি দাবী জনাইছোঁ।”

ইণ্ডিয়া টুডেৰ এক সমীক্ষা ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ! গৃহ ৰাজ্যৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ইণ্ডিয়া টুডেৰ CVoter MOTN Survey ৰ মতে HUGE ব্যৱধানত ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহ ৰাজ্যৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী।

কোনো কংগ্ৰেছৰ মুখ্যমন্ত্ৰী Top 5 ত নাই।

চন্দ্ৰবাবু নাইডুৰ ৰেটিংও উচ্চ। সমীক্ষা অনুসৰি গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল নিজৰ গৃহ ৰাজ্যত অতি জনপ্ৰিয়

DIAS India গুৱাহাটী কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ সৈতে অসম বিধানসভাৰ অধ্য়ক্ষ বিশ্বজিৎ দৈমাৰী…

DIAS India গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাৰ নেতৃত্বত

অসমৰ বিভিন্ন অঞ্চলৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষা প্ৰস্তুুতি চলাই থকা

৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অসম বিধানসভাৰ অধ্য়ক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে মত বিনিময় কৰা পিছত ।

ডে’ কেয়াৰ স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত জিএনআৰচি হাস্পতালৰ বিশেষ ভূমিকা…

ডে’ কেয়াৰ স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত জিএনআৰচি হাস্পতালৰ বিশেষ ভূমিকা

মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি একেদিনাই ৰোগী উভতি যাব পাৰিব ঘৰলৈ

মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি ৰোগীক একেদিনাই ঘৰলৈ পঠিয়াই দিবলৈ সক্ষম হোৱাৰ বাবে জিএনআৰচি ছয়মাইল শাখাত আজি এক সংবাদ মেলৰ আয়োজন কৰা হয়। ডে’ কেয়াৰ হিচাপে ৰাজহাড়ৰ এনেধৰণৰ অস্ত্রোপচাৰ ভাৰতৰ অতি কম সংখ্যক চিকিৎসালয়তহে উপলব্ধ।

সংবাদ মাধ্যমক আদৰণি জনাই জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ বাম কুমাৰ গোয়েলে জনায় যে, “ৰাজহাড়ৰ বিষ অর্থাৎ কঁকালৰ বিষ বুলিলে আমি সদায় ভীতিগ্রস্ত হৈ পৰো। কিয়নো আমাৰ মনত এটা ধাৰণা আছে যে ৰাজহাড়ৰ বিষ মানে প্রতিজন ৰোগীয়ে অত্যধিক বিষত ছটফটাই থাকিব লগীয়া হয়, আৰোগ্য লাভৰ গতি অতি লেহেমীয়া আৰু বহুদিনলৈ বিচনাত পৰি থাকিব লগীয়া হয়। আমাৰ দেশৰ জনসাধাৰণৰ মাজত স্বাস্থ্য আৰু ৰোগৰ লক্ষণবোৰৰ সজাগতাৰ অভাবৰ বাবে এনেধৰণে ভীতিগ্রস্ততা বেছি হোৱা দেখা যায়। কিন্তু যোৱা তিনিটা দশকত স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা পদ্ধতিৰ উন্নতিয়ে বহু পৰিমাণে বোগীসকলক আৰোগ্য লাভ কৰাত সহায় কৰিছে। মেৰুদণ্ডৰ ৰোগবিজ্ঞানৰ বিষয়ে ব্যাপক গবেষণা, পৰিশোধিত অস্ত্রোপচাৰৰ কৌশল আৰু অপাৰেটিং মাইক্র’স্ক’প আৰু এণ্ড’স্ক’পৰ দবে উন্নত সঁজুলিৰ ব্যৱহাৰে মেৰুদণ্ডৰ অস্ত্রোপচাৰক অধিক সুৰক্ষিত, অধিক ফলপ্রসূ আৰু কমকৈ কটা-ছিভাতে সম্পন্ন হোৱাটো সম্ভৱ কৰি তুলিছে।”

ডাঃ গোয়েলে লগতে জনায় যে ৰাজহাড়ৰ এনেধৰণৰ ছাৰ্জাৰীত ৰোগীয়ে ন্যূনতম কষ্ট অনুভৱ কৰে। বৰ্তমান সময়ত স্পাইন ছাৰ্জাৰীয়ে বৃহৎ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে। এই অস্ত্রোপচাৰৰ সময়ত ৰাজহাড়ত তেনেই সৰুকৈ কাটি (২ৰ পৰা ৩ ছেন্টিমিটাৰ) অস্ত্রোপচাৰ কৰা হয়। ইয়াৰ ফলত শৰীৰৰ মাংসপেশী বা ৰাজহাড়ৰ তেনেই কম ক্ষতি হয়। ফলস্বৰূপে ৰোগীগৰাকী একেদিনাই ঘৰলৈ উভতি যাব পাবে আৰু লগতে অতি কম দিনৰ ভিতৰত নিজৰ দৈনন্দিন কামকাজ আগৰ দৰে কৰিব পৰা হয়। চিকিৎসালয়ত নথকাকৈ একেদিনাই ৰোগীগৰাকী ঘৰলৈ উভতি যায় বাবে ৰোগীৰ খৰচৰ মাত্রাও কম হয়।

মিনিমেলী ইনভেছিভ স্পাইন ছাৰ্জাৰীৰ বিশেষ সুবিধাসমূহ-

১) বাজহাড়ত ২-৩ ছেন্টিমিটাৰ ছিদ্র কৰাৰ ফলত টিছুৰ কমকৈ ক্ষতি হয়।

২) অস্ত্রোপচাৰৰ পিছত বিষৰ মাত্রা অতি কম।

৩) খুব কম পৰিমাণে ৰক্তক্ষৰণ হয়।

৪) ক্ষিপ্র গতিত আৰোগ্য লাভ কৰে।

৫) ৰোগীয়ে খুব কম সময়ৰ ভিতৰতে পুনৰাই দৈনন্দিন কামকাজ আৰম্ভ কৰিব পাৰে।

৬) সোনকালে খোজ কাঢ়িব পাৰে।

৭) স্নায়ুৰ চৌপাশে দাগসমূহ কমকৈ দেখা যায়।

৮) সকলো দিশৰ পৰা আৰোগ্য লাভ কৰে।

সংবাদমেলখনত ডাঃ বাম গোয়েলৰ লগতে জিএনআৰচি ছয়মাইল গোটৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মন আৰু মুখ্য পৰিচালন বিষয়া ডাঃ মইনুলাৰ ৰহমানো উপস্থিত থাকে। ডাঃ মইনুলাৰ ৰহমানে ডাঃ ৰাম গোয়েলৰ লগতে জিএনআৰচি ছয়মাইল শাখাৰ স্নায়ুশল্য বিভাগৰ আটাইকেইগৰাকী সদস্যকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে সমাজৰ প্ৰতিজন সদস্যক সজাগ কৰিবলৈও অনুৰোধ কৰাৰ লগতে জিএনআৰচি হাস্পতালৰ ‘সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি’ বিবিঙোৱাৰ যি উদ্দেশ্য তাক সফল কৰি তুলিবলৈ আহ্বান জনায়।মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া, মার্কেটিং আৰু বেও প্রম’চন বিভাগ জিএনআৰচি গ্রুপ অৱ হাস্পতাল মৃণাল আলি হাজৰিকাই ।

ধিং কাণ্ডক লৈ ‘X’যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া…

ধিং কাণ্ডক লৈ ‘X’যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। DGPক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

দোষীৰ বিৰুদ্ধে তাত্ক্ষণিক ব্যৱস্থা লোৱাৰ নিৰ্দেশ।

দুষ্কৃতিকাৰীক কোনোকাৰণতে ৰেহাই নিদিও বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ঘটনাৰ ন্যায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীক বদনামী কৰাৰ ষড়যন্ত্ৰ !

ভূমিপুত্ৰৰ ওপৰত বাৰে বাৰে বহিৰাগতৰ আক্ৰমণ কিয় ?

ৰাজ্যত বিয়াগোম আৰক্ষী বিভাগ এটা থকাৰ পিছতো কিয় বাৰে বাৰে হস্তক্ষেপ কৰিবলগীয়া হৈছে নিষিদ্ধ ঘোষিত আলফাই?

দৈনন্দিন বাৰ্তাৰ সেৱা : প্ৰথমে শিৱসাগৰ এইবাৰ তিনিচুকীয়া। আৰু কিমান বহিৰাগতৰ হাতত প্ৰহৃত হ’ব অসমৰ স্থানীয় লোক? এই প্রশ্ন এতিয়া ৰাজ্যৰ মানুহৰ মুখে মুখে বাগৰি ফুৰিছে। শিৱসাগৰৰ এগৰাকী অসমীয়া কিশোৰীক অনা-অসমীয়া বনিয়াই কুকুৰ-মেকুৰীৰ দৰে ব্যৱহাৰ কৰাৰ লগতে অতি অমানৱীয়ভাবে মাৰপিট কৰি ছোৱালীজনীৰ জীৱনলৈ শংকা নমাই আনিছিল। এই ঘটনাৰ প্ৰতিবাদ সমগ্ৰ অসমতে হ’ব লাগিছিল যদিও হোৱা নাছিল। অৱশেষত লাচিত সেনাই হস্তক্ষেপ কৰাৰ পিছতে লাচিত সেনাৰ নেতা শৃংখল চলিহাকে জে’লত ভৰাই থোৱাৰ পৰিকল্পনা কৰিছিল অনা-অসমীয়া বেপাৰী মহলে। অৱশেষত আলফা(স্বাধীন)-এ বিষয়টোত হংকাৰ দিয়াৰ পিছতে নেগুৰ পেলাইছিল অসমতে থাকি বেপাৰ কৰি থকা অনা-অসমীয়া গোষ্ঠীটোৰ একাংশ লোকে। আলফাৰ ধমকি খাই প্ৰাণৰ ভয়ত সেই গোষ্ঠীটোৰ একাংশ লোকে আঠুকাঢ়ি অসমীয়াৰ ওচৰত ক্ষমা বিচাৰিছিল। শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া এজাহাৰ প্ৰত্যাহাৰ কৰা হৈছিল। একে ঘটনাই এতিয়া ঘটিছে তিনিচুকীয়াত। বুধবাৰে নিশা এজন স্থানীয় যুৱকক অনা-অসমীয়াই প্ৰহাৰ কৰাৰ পিছতে তিনিচুকীয়াত অশান্তিৰ সৃষ্টি হৈছে। খগেশ্বৰ পথত ৭-৮ জনীয়া অনা-অসমীয়া ব্যক্তিৰ দলে নৃশংসভাৱে আক্ৰমণ কৰিছিল স্থানীয় যুৱক এজনক।এই আক্ৰমণৰ ফলত ৰিদিপ ডেকা নামৰ যুৱকজনৰ মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে ৮টা চিলাইৰ প্ৰয়োজন হয়। এই আক্ৰমণৰ ফলত স্থানীয় সংগঠন আৰু বাসিন্দাসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই আক্ৰমণকাৰীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তিনিচুকীয়াৰ স্থানীয় সংগঠনসমূহে কঠোৰ সতৰ্কবাণী জাৰি কৰি কৈছে যে আক্ৰমণকাৰী পৰিয়ালে ডেকাৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিব লাগিব নহ’লে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। কিন্তু ক্ষমা খোজাই সকলো সকলো সমাধান নেকি? অসমীয়াৰ সুৰক্ষা নেকি? এয়াও এতিয়া কেতবোৰ জটিল প্ৰশ্ন হৈ পৰিছে।

শেহতীয়াকৈ অসমীয়া লোকৰ ওপৰত বহিৰাগতৰ আক্ৰমণ লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে। এনে প্ৰতিটো ঘটনাত অসম আৰক্ষী যেনে ধৰণে সক্ৰিয় হ’ব লাগিছিল তেনেধৰণে সক্ৰিয় হোৱা পৰিলক্ষিত হোৱা নাই বুলি ৰাইজে এতিয়া ব্যাপকভাবে চৰ্চা কৰিছে। অসমৰ মাটিতে অসমৰ ভূমিপুত্ৰ প্ৰহৃত হোৱাৰ পিছতো অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি অনা-অসমীয়াৰ পক্ষতে থিয় দিবলৈ বিচৰা বুলিও বহুতে আলোচনা কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়া থলুৱা লোকক আক্ৰমণ কৰাৰ শেহতীয়া প্ৰতিটো ঘটনাতে অৱশেষত নিষিদ্ধ ঘোষিত আলফা(স্বাধীন)-এ হস্তক্ষেপ কৰিবলগীয়া হৈছে। এয়া আকৌ কেনে কথা ! ৰাজ্যত ডিজিপি জি পি সিঙৰ নেতৃত্বত এটা বিয়াগোম আৰক্ষী আৰক্ষী বাহিনী আছে। কিন্তু জি পি সিঙে অসমীয়াৰ ওপৰত হৈ থকা অনা-অসমীয়াৰ আক্ৰমণৰ ঘটনা কোনো পধ্যেই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। আক্ৰমণৰ প্ৰতিটো ঘটনাতে এই কথাও প্ৰমাণ হৈছে যে আক্ৰমণকাৰী অনা-অসমীয়া বহিৰাগত লোকে সামান্য কথাৰ চেলুলৈয়েই অসমীয়া থলুৱা লোকক প্ৰহাৰ কৰিছে, হত্যাৰ চেষ্টা কৰিছে। ব্ৰিটিছৰ দিনত যিদৰে ব্ৰিটিছ আৰক্ষীয়ে অসমীয়া লোকক আক্ৰমণ কৰিছিল,

প্ৰহাৰ কৰিছিল, পংগু কৰিছিল ঠিক একে ধৰণৰ ঘটনাই এতিয়া স্বাধীন ভাৰতৰ অসমত সংঘটিত হৈ থকা বুলি বহুতে এতিয়া অনুভৱ কৰিছে। প্ৰতিটো কথাতে আলফা আৰু পৰেশ বৰুৱাই মাত দিয়াৰ পিছতহে অসমীয়াই সামান্যভাবে হ’লেও ন্যায় আৰু সুৰক্ষাৰ অনুভূতি লাভ কৰিছে। ইয়াৰ অৰ্থ এয়াই নেকি যে অসমত থকা বিশাল আৰক্ষী বাহিনীটো কেৱল ঘোঁৰাৰ ঘাঁহ কাটিবলৈহে আছে। এইখিনিতে বহুতৰে মনত এনে এক সন্দেহো জাগ্ৰত হৈছে যে ডিজিপি জিপি সিঙে আৰু কিছুদিনৰ পিছতে অসম এৰি যাব। তাৰ পূৰ্বে অসমীয়াৰ ওপৰত হোৱা অনা-অসমীয়াৰ আক্ৰমণৰ ঘটনাবোৰত বিশেষ কোনো গুৰুত্ব নিদি জিপি সিঙে অসমৰ মুখ্যমন্ত্ৰীকে বদনামী কৰিব বিচাৰিছে নেকি? কাৰণ অসমৰ গৃহদপ্তৰৰ দায়িত্বত আছে স্বয়ং মুখ্যমন্ত্ৰী। ৰাজ্যত এখন নিৰ্বাচিত চৰকাৰ থকাৰ পিছত, জিপি সিঙৰ নেতৃত্বত এটা বিয়াগোম আৰক্ষী বাহিনী থকাৰ পিছত অসমীয়াৰ ওপৰত হোৱা অনা-অসমীয়াৰ আক্ৰমণক জি পি সিঙে প্ৰতিহত কৰিব পৰা নাই কিয় ? নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবমূৰ্তি ম্লান কৰিবলৈয়েই ডিজিপি জিপি সিঙে এনে ঘটনাবোৰত কোনো কঠোৰ স্থিতি গ্ৰহণ কৰা নাই ? যাৰ বাবে আলফা(স্বাধীন)ৰ দৰে এটা নিষিদ্ধ ঘোষিত সংগঠনে আৰক্ষীৰ ভূমিকা পালন কৰি ভয়-ভাবুকিৰে হ’লেও নিগৃহীত অসমীয়াক সুৰক্ষা দিবলগীয়া হৈছে। এয়া এতিয়া অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়াৰ মুখে মুখে বাগৰি ফুৰা প্ৰশ্ন।

লক্ষ্যণীয় কথাটো হ’ল তিনিচুকীয়াৰ ঘটনাত আলফাই হস্তক্ষেপ কৰাৰ পিছতহে জিপি সিং নেতৃত্বাধীন অসম আৰক্ষীৰ গা লৰিছে। থলুৱা অসমীয়া লোকক প্ৰাণে মৰাৰ চেষ্টা কৰাৰ আঁৰত জড়িত থকা বুলি অজয় ​​সিং নামৰ এজন সন্দেহযুক্ত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু জনতাই প্ৰশ্ন কৰিছে আলফাই হুমকি দিয়াৰ পিছতহে কিয় গা লৰে জিপি সিঙৰ অসম আৰক্ষীৰ ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বদনামী কৰাৰ এয়া কাৰোবাৰ ষড়যন্ত্ৰ নহয়তো ! জনতাৰ মনত খেলাই থকা এনেবোৰ প্রশ্নৰ উত্তৰ দিব পাৰিব কেৱল অসম আৰক্ষী আৰু বাহিনীটোৰ অসম এৰিবলৈ সাজু হোৱা মুৰব্বীগৰাকীয়েহে বুলি বহুতে মন্তব্য কৰিছে। সচেতন মহলে এতিয়া সময় থাকোতেই অসমীয়াৰ ওপৰত হৈ থকা অনা-অসমীয়া বহিৰাগতৰ আক্ৰমণৰ ঘটনাক গুৰুত্বসহকাৰে লৈ ইয়াৰ আঁৰত কিবা ষড়যন্ত্ৰ আছে নেকি সেয়া বিচাৰ কৰি চাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।