Home Blog Page 568

নভ’টেল হোটেলত নিউ লিডাৰ সন্মিলনত উত্তৰ -পূবলৈ সম্প্ৰসাৰণৰ লগতে প্ৰথমটো মেড ইন ইণ্ডিয়া সামগ্ৰীৰ ছেট মুকলিৰ কথা ঘোষণা মডেৰ ইণ্ডিয়াৰ…

নভ’টেল হোটেলত নিউ লিডাৰ সন্মিলনত উত্তৰ- পূবলৈ সম্প্ৰসাৰণৰ লগতে প্ৰথমটো মেড ইন ইণ্ডিয়া সামগ্ৰীৰ ছেট মুকলিৰ কথা ঘোষণা মডেৰ ইণ্ডিয়াৰ

বজাৰত নিজৰ উল্লেখযোগ্য সম্প্ৰসাৰণ পৰিকল্পনা আৰু দায়বদ্ধতাৰ কথা ঘোষণা কৰিছে। ৩০ বছৰতকৈও অধিক সময় ধৰি পৰিষ্কাৰ, ফলপ্রসূ আৰু উদ্ভাৱনীমূলক সামগ্রী নির্মাণ প্রতি নিষ্ঠা থকা রেও মডেৰৰ বিশ্বব্যাপী উপস্থিতিৰ লগতে ভাৰতক নতুন সংযোজন হিচাপে লৈ মডেৰ ইণ্ডিয়াই দেশৰ স্বাস্থ্য আৰু ৱেলনেছ উদ্যোগত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সাজু হৈছে।

মডেৰ ইণ্ডিয়াৰ বিক্ৰী আৰু বিপণন সঞ্চালিকা দীপশিখা বৰাই কয় যে নিজৰ সম্প্রদায় সম্প্ৰসাৰণ, জড়িতকৰণ আৰু সবলীকৰণৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে মতে ইণ্ডিয়াই গুৱাহাটীৰ নভোটেলত দ্বিতীয়বাৰৰ বাবে নতুন লীডাৰ সম্মিলন আয়োন কৰিছে।

এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক সৱলীকৰণ আৰু স্বাস্থ্য সচেতন ব্যক্তিৰ এক শক্তিশালী সম্প্রদায় গঢ়ি তোলাৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসহ জনসাধাৰণৰ মাজত মডেৰৰ সামগ্ৰীসমূহ মুকলি কৰা হৈছে। ই মডেৰৰ বাবে উল্লেখযোগ্য পদক্ষেপ, কিয়নো ইয়াৰ লক্ষ্য হৈছে উত্তৰ-পূব লোকসকলৰ ফিটে লক্ষ্যসমূহক সমর্থন কৰা, যাতে তেওঁলোকে মডেৰৰ লাইভ ক্লিন সামগ্ৰীসমূহ লাভ কৰিব পাৰে।

নগাঁৱৰ ধিঙত জঘন্য ঘটনা সন্দৰ্ভত দুজন যুৱকক সন্দেহজনক অৱস্থাত আটক জোনাইদুল ইছলাম আৰু তফাজ্জুল ইছলাম…

নগাঁৱৰ ধিঙত জঘন্য ঘটনা। টিউচনৰ পৰা ওভতা নাবালিকাক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ।

৩ দুৰ্বৃত্তই কিশোৰীগৰাকীক পেলাই থৈ গ’ল পথৰ দাঁতিত। মুমূৰ্ষু অৱস্থাত একাংশ লোকে উদ্ধাৰ কৰে নাবালিকাগৰাকীক।

ঘটনা সন্দৰ্ভত দুজন যুৱকক সন্দেহজনক অৱস্থাত আটক। আটক জোনাইদুল ইছলাম আৰু তফাজ্জুল ইছলাম।

শিক্ষাবিদ ডঃ জয়নাথ শৰ্মালৈ “অসম প্ৰকাশন ভাৰতী বঁটা”…

অসম প্ৰকাশন ভাৰতীয়ে ২০২৩ বৰ্ষৰ পৰা কলা, সাহিত্য, সংস্কৃতি তথা সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা একোজন ব্যক্তিক “অসম প্ৰকাশন ভাৰতী বঁটা”ৰে সন্মানিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

এইবাৰ ২০২৪ বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ, ডঃ জয়কান্ত শৰ্মাক । আনহাতে অসম প্ৰকাশন ভাৰতীৰ সভাপতি ডঃ বিবেকানন্দ শৰ্মা আৰু সচিব দীপাংকৰ বৰাই এটা বিবৃতিত

জানিবলৈ দিয়া মতে অহা ২৬ আগষ্টত বিয়লি ৩ বজাত গুৱাহাটীৰ জু-ৰোডত থকা অসম প্ৰকাশন ভাৰতীৰ কাৰ্যালয়ৰ শন্তনু ৰঘুনাথ শেণ্ডেজী সভাগৃহত অনুষ্ঠিত হবলগীয়া এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ জয়কান্ত শৰ্মাক এই বঁটা প্ৰদান কৰা হব।

মৰিগাঁও জিলাত মহিলা আৰু শিশু বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ একত্ৰিত ভ্ৰমন

দৈনন্দিন বাৰ্তা সেৱা ভূৰাগাঁও ২২ আগষ্ট :- মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী মহোদয় শ্ৰীমতী সাবিত্ৰী ঠাকুৰ, আৰু অসমৰ মহিলা, শিশু উন্নয়ন, আৰু বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগৰ সৈতে অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মুখ্য সচিব মুকেশ চন্দ্ৰ সাহু, আৰু মহিলা আৰু শিশু উন্নয়ন সঞ্চালক শ্ৰী ৰাহুল চন্দ্ৰ দাস ডাঙৰীয়াই আজি মৰিগাঁও জিলা পৰিদৰ্শন কৰে।

জিলা আয়ুক্তৰ সভাকক্ষত এখন সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী মহোদয়ে নিজৰ দিনটোৰ আৰম্ভণি কৰে, য’ত তেওঁলোকে নাৰী আৰু শিশুৰ বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰে, য’ত অন্তৰ্ভুক্ত আছিল

  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণ
  • চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতি
  • মহিলা আৰু শিশু বিকাশৰ পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত জিলাখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ
  • উন্নতিৰ বাবে কৌশল আৰু ভৱিষ্যত পৰিকল্পনা সভাত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিকে ধৰি অন্যান্য অংশীদাৰসকল উপস্থিত থাকে। বৈঠকৰ পিছত মন্ত্ৰীসকলে জিলাখনৰ বিভিন্ন স্থানত ক্ষেত্ৰ ভ্ৰমণত নামি পৰে, য’ত অন্তৰ্ভুক্ত আছিল: মৰিগাঁৱৰ চাইল্ড কেয়াৰ ইনষ্টিটিউট, য’ত তেওঁলোকে বিষয়াসকলৰ সৈতে মত বিনিময় কৰিছিল, সুবিধাসমূহ পৰিদৰ্শন কৰিছিল, আৰু শিশুসকলক প্ৰদান কৰা সেৱাসমূহ পৰ্যালোচনা কৰিছিল। মৰিগাঁৱৰ সখী ৱান ষ্টপ চেণ্টাৰ, য’ত তেওঁলোকে বিষয়া, হিতাধিকাৰীৰ সৈতে সাক্ষাৎ কৰে, আৰু মহিলা সৱলীকৰণৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰে।

হাফৱে হোম, বৌদ্ধিকভাৱে অক্ষম লোকৰ বাবে আশ্ৰয় শিবিৰ, মৰিগাঁও, য’ত তেওঁলোকে সুবিধা, সেৱাৰ মূল্যায়ন কৰিছিল, আৰু বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰিছিল।

তেওঁলোকৰ ক্ষেত্ৰ ভ্ৰমণৰ সময়ত মন্ত্ৰীসকলে হিতাধিকাৰী, বিষয়া, আৰু অংশীদাৰসকলৰ সৈতে জড়িত হৈ জিলাখনত মহিলা আৰু শিশু উন্নয়ন আঁচনি ৰূপায়ণৰ বিষয়ে প্ৰত্যক্ষভাৱে বুজাবুজি লাভ কৰে।

নিশা ভ্ৰমণকাৰী মন্ত্ৰীসকলৰ সন্মানত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত স্থানীয় শিল্পীসকলৰ পৰম্পৰাগত সংগীত, নৃত্য, আৰু শিল্প প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় প্ৰতিভাক উজ্জ্বল হোৱাৰ মঞ্চ প্ৰদান কৰা হয়।

মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানসমূহৰ শলাগ লৈ শিল্পীসকলক ৰাজ্যৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰচাৰ অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে।

সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী, সাংস্কৃতিক তাৎপৰ্য, আৰু উল্লেখযোগ্য ব্যক্তিত্বৰ চমু আভাস দাঙি ধৰে।

এই ভ্ৰমণৰ লক্ষ্য আছিল জিলাখনৰ অগ্ৰগতি পৰ্যালোচনা কৰা, উন্নতিৰ ক্ষেত্ৰ চিনাক্ত কৰা, আৰু ভৱিষ্যতৰ উন্নয়নৰ বাবে কৌশল অন্বেষণ কৰা।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ প্ৰতিশ্ৰুতি- প্ৰতিফলন-পৰিকল্পনা অনুষ্ঠান

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ  উদ্যোগত আজি প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ লখিমপুৰ আৰু মাজুলী জিলাৰ সীমান্তবৰ্ত্তী  লোহিত খাবলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত  অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বিগত দহ বছৰত পৰিষদৰ পৰা ৰূপায়ন কৰা আঁচনি আৰু আগন্তুক ৫ বছৰত ৰূপায়িত হ’বলগা আঁচনিসমূহৰ খটিয়ান ৰাইজক অৱগত কৰে ৷

সহস্ৰাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানত মুখ্য অতিথি তথা লোহিত  পৰিষদীয় সমষ্টিৰ তত্বাবধায়ক,   মিচিং স্বায়ত্তশাসিত পৰিষদৰ  কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেয়ে  কয়- ২০১৩ চনৰ পৰা ২০২৪ চনলৈ  বৰ্তমানৰ পৰিষদখনে দহটা বছৰ অতিক্ৰম কৰিলে ৷

এই দহটা বছৰত পৰিষদে কি কি আঁচনি ৰূপায়ন কৰিলে তাক ৰাইজৰ আগত ডাঙি ধৰিবলৈ পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিত প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা শীৰ্ষক অনুষ্ঠান আয়োজন কৰিছে ৷ লোহিত  পৰিষদীয় সমষ্টিত বিগত দহটা বছৰত মুঠ প্ৰায় ২০০  খন বিভিন্ন আঁচনি ৰূপায়ন কৰা হৈছে ৷ ইয়াৰে  পথ নিৰ্মাণ, কৃষি, লোকনিৰ্মাণ,  স্বাস্থ্য আৰু পশু চিকিৎসালয় নিৰ্মাণ তথা মেৰামতি,  আৰ্ট ৱৰ্ক,  জলসম্পদ,  পকী ৱাল নিৰ্মাণ,  দলং নিৰ্মাণ, শিক্ষা,  আৰু  অন্যান্য বাছকবনীয়া আঁচনি ৰূপায়ন কৰা হৈছে।

এই সকলোবোৰ আঁচনি বিগত দহ বছৰত নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আগন্তুক ৫ বছৰৰ বাবেও লোহিত পৰিষদীয় সমষ্টিয়ে পৰিকল্পনা কৰা বুলি কাৰ্যবাহী সদস্য দলেয়ে  দোহাৰে ৷ তেওঁ লগতে দোহাৰে যে, লোহিত পৰিষদীয় সমষ্টি এটা সমস্যাজৰ্জৰ সমষ্টি ৷ কেওফালে সমস্যাৰে জৰ্জৰিত ৷ যাতায়াতৰ সমস্যাই সাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷ মিচিং স্বায়ত্তশাসিত পৰিষদে যাতায়াতৰ সমস্যা সমাধান কৰাটো অসম্ভৱ ৷ পৰিষদলৈ চৰকাৰে সীমিত পূঁজিহে দি আহিছে ৷

আমি অসম চৰকাৰৰ পৰাও কোনো বিশেষ পূঁজি নাপাওঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পেকেজ নাপাওঁ ৷ এনে ক্ষেত্ৰত সৰু-সুৰা ৰাস্তা-দলং  নিৰ্মাণৰ বাদে বৃহৎ আকাৰৰ যোগাযোগ ব্যৱস্থা কৰিবলৈ বহু কঠিন কাম ৷ পৰিষদখন ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত নোহোৱাৰ বাবেও বহু বৃহৎ আকাৰৰ আঁচনি নিৰ্মাণ সম্ভৱ হোৱা নাই বুলি কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেয়ে আক্ষেপ প্ৰকাশ কৰে ৷  অনুষ্ঠানত  আদৰণি ভাষণ দিয়ে পৰিষদৰ সাধাৰণ সদস্য মুকুল পেগুৱে ৷ আদৰণি ভাষণত তেওঁ লোহিত পৰিষদীয় সমষ্টিত শিক্ষা, ক্ৰীড়া, জীৱন-জীৱিকা, দক্ষতা বিকাশ আদি আঁচনিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে ৷

ক্ৰীড়া ক্ষেত্ৰ উন্নয়নৰ বাবে খেলপথাৰৰ উন্নয়নৰ কাম নিয়াৰিকৈ চলাই নিয়া হৈছে ৷ শিক্ষাৰ উন্নয়নৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ত পকী দেৱাল, শ্ৰেণী কোঠা, বিদ্যালয় গৃহ নিৰ্মাণ কৰা হৈছে। স্বাস্থ্য সেৱাৰ বাবেও লোহিত পৰিষদীয় সমষ্টিত মিনি স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পুনৰ নিৰ্মাণ আৰু মেৰামতি কৰা বুলি তেওঁ দোহাৰে ৷ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকি পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে কয়- বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাই ৰাইজক প্ৰলোভনৰ ভাষন দিবলৈ নিৰ্বাচনৰ সময়ত কুলি চৰাইৰ দৰে  জনসাধাৰনৰ ওচৰলৈ আহে কিন্তু জনসাধাৰণৰ দীৰ্ঘদিনীয়াা সমস্যাবোৰ সমস্যা হৈয়েই ৰয় ৷

আজি কালি বিভিন্ন ৰাজনৈতিক দলে ক্ষমতা পালে ৰঙা-কলা-বগা বিচাৰ কৰিহে আঁচনি ৰূপায়ন কৰে ৷ কিন্তু এম এ চিয়ে সকলো শ্ৰেণীৰ ৰাইজৰ সৈতে একেলগে হাত মিলাইহে আঁচনি ৰূপায়ন কৰা বুলি তেওঁ মন্তব্য দিয়ে ৷ সভাত উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য  ৰাম গোবিন দলে,  বিজু পেগু , টি এম এম কেৰ  যুটীয়া সম্পাদিকা  দিপ্তী পাদুন দলে, মাজুলী জিলা টি এম পি কেক সভাপতি পবিত্ৰ পাতিৰ, উপ সভাপতি বিনোদ দলে, এম এম কেক   সম্পাদক মেদিনী মোহন দলে, যুটীয়া সম্পাদক নৱ দলে,  টি এম পি কেৰ   শিক্ষা সম্পাদক সঞ্জীৱ চিৰাং , গোবিন পেগু,  প্ৰচাৰ সম্পাদক দিপেন দলে, টি এম পি কেক  যুটীয়া সম্পাদিকা জ্যোৎস্না দলে, সদস্যা পুণ্য দলে,  লোহিত খাবলু আঞ্চলিক টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ সভাপতি, সভানেত্ৰী,  সম্পাদক,সম্পাদিকাসকলৰ লগতে সদস্য-সদস্যাসকল ৷ 

১৫ নং ৰাষ্ট্ৰীয়  ঘাইপথৰ গোগামুখ নগৰ অংশত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰমদান কাৰ্যসূচী

গোগামুখ নগৰৰ  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অংশ অতিকেই বিধ্বস্ত হৈ পৰাত আৰু ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাতা সংস্থা, ৰাজ্যিক লোক নিৰ্মাণ বিভাগ, কোনো মন্ত্ৰী-বিধায়ক, সাংসদে পথটোৰ বিধ্বস্ত অংশ নিৰ্মাণৰ ব্যৱস্থা নকৰাত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই পথটো নিজেই মেৰামতি কৰিবলগা হয় ।

গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই পথটোৰ মেৰামতিৰ বাবে ছাত্ৰ সন্থাই বহুদিন ধৰি  দাবী জনায় আহিছে যদিও চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে  কোনো পদক্ষেপ  গ্ৰহণ নকৰিলে । আজি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ স্বাৰ্থত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অংশ  শিল-বালি,  চিমেন্টেৰে পুনৰ নিৰ্মাণ কৰে ।

শ্ৰমদান স্থলীত উপস্থিত থাকি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ঋতুপৰ্ণ কোঁছে চৰকাৰৰ পথটোৰ ওপৰত কোনো গুৰুত্ব নিদিয়া কাৰ্যক তীব্ৰ ভাষাৰে  সমালোচনা কৰে । তেওঁ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক  বিধায়ক ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ নিজৰ সমষ্টিৰ সমস্যাসমূহৰ  সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়া কাৰ্যক তীব্ৰ নিন্দা কৰি এই বিধ্বস্ত পথ সমূহ অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনায় ।

উক্ত  কাৰ্যসূচীত অসম সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক যুগল কৃষ্ণ ফুকন,  ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্নিবান শইকীয়াৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰবাল চাংমাই, সাধাৰণ সম্পাদক নবীন বৰা সহ অৰ্ধ শতাধিক ছাত্ৰ কৰ্মীয়ে পথ মেৰমতিত অংশগ্ৰহণ কৰে  ৷ পথ মেৰামতিত সহায়- সহযোগ আগবঢ়োৱা গোগামুখবাসী ৰাইজক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰে ।

মৃদঙীয়া গায়ন বায়ন সংস্কৃতিৰ উত্তৰণৰ প্ৰচেষ্টা মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূর্ণ সভা

ৰাজ্যৰ কেবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰ জনজীৱনৰে এক অপূর্ব সাংস্কৃতিক পৰিচয় জড়িত হৈ থকা মৃদঙীয়া লোক কৃষ্টিৰ নিয়মিত চৰ্চা, সংৰক্ষণ, সংবৰ্দ্ধনৰ লগতে ইয়াৰ বিজ্ঞান সন্মত উত্তৰণৰ বাবে মৃদঙীয়া গায়ন বায়ন সংস্থা, অসমৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে উদ্যোগ হাতত লৈছে।


এই উদ্দেশ্যে আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত মৃদঙীয়া গায়ন বায়ন সংস্থা, অসমৰ বিষয়ববীয়া সকলৰ উপস্থিতিত জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।


সভাত ক্ৰমে লুপ্ত হ’ব ধৰা এই সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ওপৰত বিশেষভাবে আলোচনা কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰায় ১১টামান শৈলী থকা মৃদঙীয়া গায়ন বায়নৰ পৰম্পৰাক নৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে অহা ডিচেম্বৰ মাহত ৰাজ্যৰ ১০ খন জিলাত পৰীক্ষা মূলক ভাৱে বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।


অৱশ্যে এই সন্দৰ্ভত মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সদস্যৰ অন্তর্ভুক্তিৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিবৰ অধ্যক্ষতাত গঠন হ’ব লগা এখন সমিতিৰ পৰামৰ্শ তথা প্ৰতিবেদনৰ ভিত্তিত এই সন্দৰ্ভত নীতি নিয়ম স্হিৰ কৰা হ’ব।


বৈষ্ণৱ সংস্কৃতিৰেও সম্পৃক্ত দেৱ বাদ্য মৃদঙীয়া গায়ন বায়ন পৰম্পৰাৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ দিশত সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা এই ব্যৱস্থাৱলী সন্দৰ্ভত মৃদঙীয়া গায়ন বায়ন সংস্থা, অসমৰ প্ৰতিনিধি সকলে সন্তুষ্টি প্ৰকাশ কৰে।


সভাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্রধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী,সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ থাপা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ সচিব অনুৰাগ ফুকন,মৃদঙীয়া গায়ন বায়ন সংস্থাৰ তৰফৰ পৰা নিৰ্মল চন্দ্ৰ গগৈ, ব্ৰজেন চেতীয়া,প্ৰদীপ কুমাৰ গগৈ, বলীন চেতীয়া আৰু দিগন্ত হাজৰিকা উপস্থিত আছিল।

পকচ’ আদালতৰ ঐতিহাসিক ৰায়ধৰ্ষণকাৰীক ২০ বছৰ কাৰাদণ্ডৰ লগতে বিশ হাজাৰ টকা জৰিমনা


গোৱালপাৰা জিলা সত্র ন্যায়াধীশ জিতু বৰ্মনৰ আদালত তথা বিশেষ পকচ’ আদালতে
আজি গোৱালপাৰা আদালতৰ বিশেষ পকচো আদালতে এক ঐতিহাসিক ৰায়যোগে ময়নাল হক নামৰ এজন নাবালিকা ধৰ্ষণকাৰীক বিশ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে বিশ হাজাৰ টকাৰ জৰিমনা বিহে।


ধৰ্ষণকাৰী ময়নাল হকৰ চুবুৰীয়াৰ ৮ বছৰীয়া নাবালিকা এগৰাকী যেতিয়া তেওঁৰ ঘৰত খেলিবলৈ আহিছিল তেতিয়া মানৱ ৰূপী দানৱ তথা নৰপিশাছ ময়নাল হকে নাবালিকা গৰাকীৰ গুপ্তাংগত আঙুলি শুমোৱাই দিয়াৰ দৰে বৰ্বৰ কাণ্ড সংঘটিত কৰে।

পৰৱৰ্তী সময়ত নাবালীকা গৰাকীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত ২০২১ চনৰ ২ আগষ্ট তাৰিখে ধূপধাৰা থানাত এক গোচৰ ৰুজু কৰে।


এই সন্দৰ্ভত ধূপধাৰা থানাই ৫৮/২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে।
আৰক্ষীয়ে তদন্ত কৰি ২০২১ চনতেই চার্জশ্বীট দাখিল কৰে। ইপিনে,গোচৰটো সন্দৰ্ভত প্রয়োজনীয় সাক্ষ্য গ্রহণৰ পিছত আজি জিলা সত্র ন্যায়াধীশ তথা বিশেষ পকচ’ আদালতৰ ন্যায়াধীশ জিতুমণি বর্মনে ময়নাল হকক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ


পকচ’ আইনৰ আৰ-ডব্লিউ ৬নং ধাৰাত দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে বিশ হাজাৰ টকা জৰিমনা বিহে আৰু জৰিমনা আদায় নিদিলে অতিৰিক্তভাৱে ৪ মাহৰ বাবে কাৰাবাসৰ নিৰ্দেশ দিয়ে বুলি চৰকাৰী পক্ষৰ অধিবক্তা সঞ্জয় শর্মাই জানিবলৈ দিয়ে।

দুলুং সংৰক্ষিত বনাঞ্চলত ৫০০ কিলোগ্ৰাম ওজনৰ বোমা উদ্ধাৰ

লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী দুলুং সংৰক্ষিত বনাঞ্চলত আজি দুটাকৈ শক্তিশালী বোমা উদ্ধাৰ কৰা হৈছে ৷

ঘটনাৰ বিৱৰণি লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত দুলুং সংৰক্ষিত বনাঞ্চলৰ কাষৰ পাৰ বস্তিত স্থানীয় লোকে বোমা দুটা প্ৰত্যক্ষ কৰি চাউলধোৱা আৰক্ষীক খবৰ দিয়ে ৷ চাউলধোৱা আৰু বগীনদী আৰক্ষীয়ে বোমা দুটা পাৰ বস্তিৰ কাষেৰে বৈ থকা জিলি নদীত প্ৰত্যক্ষ কৰে ৷

আৰক্ষীয়ে প্ৰথমে নদীখনৰ পূৱফালে এটি বৃহৎ বোমা প্ৰত্যক্ষ কৰে ৷ আনটো বোমা প্ৰথমটো বোমাৰ প্ৰায় এশ মিটাৰ নিলগত  নদীখনত প্ৰত্যক্ষ ৷ আৰক্ষী সুত্ৰে জনোৱা মতে এটা বোমাৰ ওজন ৫০০ কিলোগ্ৰাম বুলি ঠাৱৰ কৰিছে আৰু আনটো বোমা ১০০ কিলোগ্ৰাম বুলি ঠাৱৰ কৰা হৈছে ৷

৫০০ কিলোগ্ৰাম ওজনৰ বোমাটো ২৫-৩০ বছৰ পুৰণি আৰু ১০০ কিলোগ্ৰাম ওজনৰ বোমাটো ৮-১০ বছৰৰ পুৰণি বুলি ঠাৱৰ কৰা হৈছে ৷  জানিব পৰা মতে দুলুং বনাঞ্চলৰ কাষতে থকা ভাৰতীয় বায়ুসেনা বাহিনীৰ বম্বিং অনুশীলন কেন্দ্ৰত বায়ুসেনা বাহিনীৰ জোৱানে যুদ্ধ বিমানৰ পৰা বোমা দুটা ভুলবশতঃ জিলি নদীত পেলাই দিয়া বুলি দিছিল আৰু এনেদৰে বহু বছৰ বোমা দুটা পৰি আছে যদিও এতিয়াও বোমা দুটা সক্ৰিয় অৱস্থাতে আছে ৷

কাইলৈ লখিমপুৰ আৰক্ষীয়ে বোমা দুটা নিস্ক্ৰীয় কৰাৰ সম্ভাৱনা আছে ৷

কাইলৈ অখিল গগৈ আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাই এমাহ চাওঁ, যদি স্মাৰ্ট মিটাৰত বিল বেছি আহে, আমি স্মাৰ্ট মিটাৰ বন্ধ কৰি দিমঃ মন্ত্ৰী পীযুষ হাজৰীকা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২২ আগষ্টঃ কাইলৈ অখিল গগৈ আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাই চাওঁ, যদি কনভেনচনেল মিটাৰতকৈ স্মাৰ্ট মিটাৰত বিল বেছি আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিম।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। বিধানসভাত স্মাৰ্ট মিটাৰৰ প্ৰসংগ উত্থাপনৰ পিছত আজি সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে কয় যে আজি কংগ্ৰেছ দলে স্মাৰ্ট মিটাৰৰ কথা উত্থাপন কৰি বিধানসভাত সভা স্থগিত কৰাৰ প্ৰস্তাৱ আনিছিল।

মই সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে তেওঁলোকক মই এটা অনুৰোধ কৰিছিলো। অকল তেওঁলোককে নহয় বিধানসভাৰ ১২৬ জন সদস্যকে মই অনুৰোধ কৰিছিলো। যিহেতু এই কথাটোত তেওঁলোক আৰু আমাৰ মাজত কিছু মতান্তৰ আছে, পাৰ্থক্য আছে। মই সদনত আজি কৈছিলো যে আমাৰ বিধানসভাৰ ১২৬ জন সদস্যৰ ঘৰত এটা কনভেচনেল পুৰণি মিটাৰ আৰু এটা স্মাৰ্ট মিটাৰ লগাই লওঁ। মানে এটা পুৰণি মিটাৰ আৰু এটা স্মাৰ্ট মিটাৰ মোৰ ঘৰতো লগাই লওঁ। ঠিক তেনেকৈ আমাৰ বিৰোধী দলৰ সভাপতি দেবব্ৰত শইকীয়াৰ ঘৰতো লগাই দিওঁ। তেতিয়া দুইটা মিটাৰৰ যদি বিলৰ তাৰতম্য হয়, তেতিয়া নিশ্চয়কৈ আমি এই ক্ষেত্ৰত ছিৰিয়াছ একচন ল’ম। তেওঁলোকে মোৰ কথাটো নামনিলে, নুশুনিলে আৰু বিধানসভা ত্যাগ কৰি গুচি আহিল। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তেওঁলোকে এই কামটো কৰিবলৈ ভয় খালে। এই কামটো কৰিলে জলজল পটপটকৈ ওলাই যাব যে স্মাৰ্ট মিটাৰত যিমান বিল আহে ট্ৰেডিচনেল বা কনভেনচনেল পুৰণি মিটাৰতো সিমানেই বিলে আহে।

মন্ত্ৰীগৰাকীয়ে মূল সমস্যাটো ক’ত হৈছে তাৰ ব্যাখ্যা আগবঢ়াই কয় যে এই বছৰৰ জুলাই মাহৰ যিটো বিল নিশ্চিতভাৱে মাৰ্চ মাহতকৈ বেছি আহিব। কিয়নো মাৰ্চ মাহত ইমান গৰম নহয়। এপ্ৰিল মাহতো গৰম কম হয়। জুলাই-আগষ্টত বেছি গৰম হয়, গতিকে মানুহে এচি, ফেন, টিভি বেছিকৈ ব্যৱহাৰ কৰে। কিন্তু কালি মই হাতযোৰ কৰি অসমৰ ৰাইজক কৈছো আজিও কৈছো, এনেকুৱা যদি ক’ৰবাত উদাহৰণ আছে, যাৰ ঘৰত স্মাৰ্ট মিটাৰ আছিল বা পুৰণি মিটাৰ আছিল যোৱা বছৰৰ এপ্ৰিল মাহৰ আৰু এই বছৰৰ এপ্ৰিল মাহৰ, যোৱা বছৰৰ জুন মাহৰ আৰু এই বছৰৰ জুন মাহৰ দুখনকৈ আমাক বিল দিয়ক, যোৱা বছৰৰ জুলাই মাহৰ আৰু এই বছৰৰ জুলাই মাহৰ এখন বিল দিয়ক, তাত যদি বিলৰ তাৰতম্য হয়, নিশ্চয়কৈ আমি ব্যৱস্থা ল’ম। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অৱশ্যে এই ক্ষেত্ৰতো এটা কথা আছে। যোৱা বছৰ মোৰ ঘৰত দুখন ফেন আছিল, এই বছৰ মই মোৰ ঘৰত চাৰিখন ফেল লগালো, তেতিয়া অলপতো বিল বেছি আহিব। গতিকে এটা আটাইতকৈ ভাল উপায় হ’ল যে অসম বিধানসভাৰ ১২৬ জন বিধায়কৰ ঘৰত আমি পৰীক্ষামূলকভাৱে একেলগে স্মাৰ্ট মিটাৰো লগাওঁ আৰু ট্ৰেডিচনেল পুৰণি মিটাৰো লগাওঁ আৰু এক মাহ চাওঁ, যদি স্মাৰ্ট মিটাৰত বেছি বিল আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ বন্ধ কৰি দিম। কিন্তু তেওঁলোকে নামনিলে। তেওঁলোকে সদন এৰি পলায়ন কৰিলে।


মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয় যে অখিল গগৈক অনুৰোধ কৰিছো প্ৰথমে তেওঁ কৰি লয় যদি কৰক। অখিল গগৈ আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাই লওঁ। মন্ত্ৰীগৰাকীয়ে অখিল গগৈক তেওঁৰ কথাটো মানি ল’ব পুনৰ অনুৰোধ জনায়। তেওঁ পুনৰ কয় যে অখিল গগৈ ইমান ডাঙৰ মানুহ, হাতযোৰ কৰি অনুৰোধ কৰাৰ বাহিৰে মোৰ ক’বলৈ আৰু ভাষা নাই। তেওঁ অখিল গগৈ আৰু বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াক অনুৰোধ জনাই পুনৰ কয় যে কাইলৈ আপোনালোকৰ ঘৰত আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাওঁ আৰু এক মাহৰ পিছত বিল চাওঁ। যদি কনভেনচনেল মিটাৰত কৈ স্মাৰ্ট মিটাৰত বিল বেছি আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিম।