Home Blog Page 569

ধৰ্ষণকাৰীক ২০ বছৰ কাৰাদণ্ডৰ লগতে বিশ হাজাৰ টকা জৰিমনা

গোৱালপাৰাৰ বিশেষ পকচ’ আদালতৰ ঐতিহাসিক ৰায় ,ধৰ্ষণকাৰীক ২০ বছৰ কাৰাদণ্ডৰ লগতে বিশ হাজাৰ টকা জৰিমনা। গোৱালপাৰা জিলা সত্র ন্যায়াধীশ জিতু বৰ্মনৰ আদালত তথা বিশেষ পকচ’ আদালতে
আজি গোৱালপাৰা আদালতৰ বিশেষ পকচো আদালতে এক ঐতিহাসিক ৰায়যোগে ময়নাল হক নামৰ এজন নাবালিকা ধৰ্ষণকাৰীক বিশ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে বিশ হাজাৰ টকাৰ জৰিমনা বিহে।


ধৰ্ষণকাৰী ময়নাল হকৰ চুবুৰীয়াৰ ৮ বছৰীয়া নাবালিকা এগৰাকী যেতিয়া তেওঁৰ ঘৰত খেলিবলৈ আহিছিল তেতিয়া মানৱ ৰূপী দানৱ তথা নৰপিশাছ ময়নাল হকে নাবালিকা গৰাকীৰ গুপ্তাংগত আঙুলি শুমোৱাই দিয়াৰ দৰে বৰ্বৰ কাণ্ড সংঘটিত কৰে। পৰৱৰ্তী সময়ত নাবালীকা গৰাকীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত ২০২১ চনৰ ২ আগষ্ট তাৰিখে ধূপধাৰা থানাত এক গোচৰ ৰুজু কৰে।


এই সন্দৰ্ভত ধূপধাৰা থানাই ৫৮/২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে। আৰক্ষীয়ে তদন্ত কৰি ২০২১ চনতেই চার্জশ্বীট দাখিল কৰে। ইপিনে,গোচৰটো সন্দৰ্ভত প্রয়োজনীয় সাক্ষ্য গ্রহণৰ পিছত আজি জিলা সত্র ন্যায়াধীশ তথা বিশেষ পকচ’ আদালতৰ ন্যায়াধীশ জিতুমণি বর্মনে ময়নাল হকক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ লগতে
পকচ’ আইনৰ আৰ-ডব্লিউ ৬নং ধাৰাত দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে বিশ হাজাৰ টকা জৰিমনা বিহে আৰু জৰিমনা আদায় নিদিলে অতিৰিক্তভাৱে ৪ মাহৰ বাবে কাৰাবাসৰ নিৰ্দেশ দিয়ে বুলি চৰকাৰী পক্ষৰ অধিবক্তা সঞ্জয় শর্মাই জানিবলৈ দিয়ে।

দুই ডুবন্ত নাঁৱত মুখ্যমন্ত্ৰীক তুলি ডুবাব বিচাৰিছে প্ৰমোদ-তুলিৰামে ! মুখ্যমন্ত্ৰীক বশ কৰিবলৈ এইবাৰ দুই নেতাৰ গুপুত কৌশল ৰচনা…

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ পৰ্বতসম দুৰ্নীতিৰ কথা সংবাদমাধ্যম আৰু- ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে এতিয়া তুলিৰামৰ নাজল-নাথল অৱস্থা হৈছে। বহুতে জানিবলৈ দিয়া মতে তুলিৰামে দুৰ্নীতিৰ বাতৰি উন্মোচন হোৱাৰ পিছতে বহু দিন ধৰি ঘৰৰ ভিতৰতে মুখত পিঠা ভৰাই সোমাই আছিল যদিও এতিয়া আসন্ন বিপদৰ কথা ভাবিয়েই হয়তো তুলিৰাম ঘৰৰ পৰা ওলোৱা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে দুৰ্নীতিৰ অধ্যায়সমূহ এফালৰ পৰা খোল খাই যাবলৈ ধৰাত এতিয়া তুলিৰামে ৰাইজৰ চকুত নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে। বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি তুলিৰামে নিজকে বচাবলৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ পাং পাতিছে। সেই মৰ্মে তুলিৰামে বিভিন্ন সভা-সমিতি আদিত এইবুলি ক’বলৈ আৰম্ভ কৰিছে যে তেওঁ এতিয়াও মুখ্যমন্ত্ৰীৰ আপোন মানুহ হৈয়েই আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই তেওঁ সকলো কাম কৰি গৈছে। দুৰ্নীতি যদি কৰিছে মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশেই দিছে তাকেই তেওঁ পালন কৰি গৈছেহ্ল সূত্ৰটোৱে প্ৰকাশ কৰা মতে তুলিৰামে এতিয়া এইবুলিও ক’বলৈ আৰম্ভ কৰিছে- মই যদি দুৰ্নীতি কৰিছো তেন্তে সেয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেহে কৰিছো। ফলত ডুবন্ত নাওখনত মই ডুবিলে মুখ্যমন্ত্ৰীও ড়ুবিব। তুলিৰামে এতিয়া এনেদৰেই নিজৰ দুৰ্নীতিৰ সৈতে মুখ্যমন্ত্ৰীকো সামৰি নিজে দোষমুক্ত হ’ব বিচাৰিছে বুলি বহুতে আলোচনা কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। তুলিৰামে মুখ্যমন্ত্ৰীক ঢাল হিচাপে ব্যৱহাৰ কৰি বিভিন্নজনৰ আগত কৈ অহা কথাবোৰ এতিয়া দিছপুৰ গৈ পাইছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে তুলিৰামৰ এনে কথা-বতৰাত দিছপুৰ এতিয়া অত্যন্ত অসন্তুষ্ট। সূত্ৰটোৰ মতে সেয়ে শীঘ্ৰে তুলিৰামক দিছপুৰলৈ তলব কৰা হ’ব পাৰে। উল্লেখ্য ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পিছৰে পৰাই তুলিৰামৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খৰ্গহস্ত হৈ থকা বুলি বিভিন্ন মহলত ব্যাপক চৰ্চা হৈ আছে। তুলিৰামৰ মন্ত্ৰণা মতেই মুখ্যমন্ত্ৰীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত যোগ্য প্ৰাৰ্থীক একাষৰীয়া কৰি থৈ তুলিৰামৰ পছন্দৰ মানুহক টিকট দিয়া বুলি চৰ্চা চলিছে। ফলত সমষ্টিটোত ইয়াৰ মূল্য ভৰিবলগীয়া হ’ল বিজেপিয়ে।

বিগত লোকসভা নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে কাণে কাণ মাৰিহে জয়ী হ’বলৈ সক্ষম হয়। তাকো গেৰুৱা শিবিৰে যদি কংগ্ৰেছৰ ভোট বেংকত খহনীয়াৰ সৃষ্টি কৰিবলৈ আওপাকে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী থিয় নকৰালেহেঁতেন তেন্তে তুলিৰামৰ লোকসভা সমষ্টিটো হয়তো বিজেপিৰ হাতত ৰখাই সম্ভৱ নহ’লহেঁতেন বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে তেনে কথাৰ বাবেই মুখ্যমন্ত্ৰী শৰ্মা এতিয়া খৰ্গহস্ত হৈ পৰিছে তুলিৰামৰ ওপৰত। হতাশজনক নিৰ্বাচনী ফলাফল আৰু তুলিৰামৰ পৰ্বতসম দুৰ্নীতিৰ বাবেই কাৰ্বিভূমিত এতিয়া তুলিৰামৰ এজন বিকল্প নেতাৰ সন্ধান চলা বুলি বিভিন্ন মহলত চৰ্চা হৈ আছে। ইপিনে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বৰঘৰৰ পৰাই এটা খবৰ আহি পৰিছে যে তুলিৰামে পাকে-প্ৰকাৰে মুখ্যমন্ত্ৰীক লেং মাৰিবলৈ অথবা মুখ্যমন্ত্ৰীয়ে যাতে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে এইবাৰ লগ লাগিছে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো। প্ৰমোদ-তুলিৰামে নানান বুদ্ধি-সন্ধি কৰি যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰীক নিজৰ অধীন কৰি ৰাখিবলৈ কৌশল যুগুতাই থকা বুলিও সূত্ৰটোৱে কয়। সূত্ৰটোৰ মতে তুলিৰাম-প্ৰমোদে ফোনতে মুখ্যমন্ত্ৰীক কিদৰে শ’লঠেকত পেলাব পাৰি তাৰেই নিৰন্তৰ ষড়যন্ত্ৰ ৰচনাত মত্ত হৈছে। সূত্ৰটোৱে লগতে এইবুলিও কৈছে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ এই দুই নেতাই বাট চাব বিচৰা নাই। তাৰ পূৰ্বেই মুখ্যমন্ত্ৰীক নানান ছল-চাতুৰীৰে কিদৰে বশ কৰি ৰাখিব পাৰি তাৰেই সূত্ৰ নিৰ্ধাৰণত ব্যস্ত হৈ পৰিছে প্ৰমোদ-তুলিৰাম। উল্লেখ্য কাৰ্বিভূমিত যিদৰে তুলিৰাম মুখ্যমন্ত্ৰীৰ অপ্ৰিয় হৈ পৰিছে, একেদৰে বড়োভূমিতো প্ৰমোদ বড়ো মুখ্যমন্ত্ৰীৰ অপ্ৰিয় হৈ পৰা বুলি বিভিন্ন মহলত বহুদিনৰে পৰাই চৰ্চা চলি আহিছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কাৰ্বিভূমি আৰু বড়ো ভূমিৰ ৰাজনৈতিক নেতৃত্বক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই সুখী নহয়। সেই বাবেই হয়তো কলাক্ষেত্ৰৰ দলীয় সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিল বিটিআৰত প্ৰমোদ বড়োৰ ইউপিপিএলৰ সৈতে পঞ্চায়ত নিৰ্বাচনলৈকেহে বিজেপিৰ মিত্ৰতা থাকিব। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই নিঃসন্দেহে বড়োভূমিৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি পেলাব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি তথা অৰাজক পৰিস্থিতিৰ বাবেই বিটিআৰৰ নিৰ্বাচনত হাগ্ৰামৰ দল বিপিএফে ইউপিপিএলতকৈ বেছি আসন পোৱা সত্ত্বেও মুখ্যমন্ত্ৰী শৰ্মাই হাগ্ৰামৰ সলনি প্ৰমোদ বড়োক বিটিআৰৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু প্ৰমোদ বড়োৰ দিনতো বিটিআৰত পূৰ্বৰ কোনো কথাৰে পৰিৱৰ্তন নঘটিল। বিপৰীতে বহুক্ষেত্ৰত দুৰ্নীতি, ডকা-হকা আৰু কমিছনৰাজেহে বিটিআৰক গ্ৰাস কৰিলে। খ্ৰীষ্টিয়ান আগ্ৰাসন বাঢ়িল, প্ৰতিটো কামতে কমিছনৰ অংক নহ’লে একো কথাই নিসিজা হ’ল। শ্ৰীৰামপুৰ গে’টৰ কমিছনৰাজ প্ৰমোদ বড়োৰেই একাংশ ঘনিষ্ঠ

লোকে চলাই যোৱা বুলি বহুতে কৈ আহিছে। এনে পৰিস্থিতিত বিটিআৰবাসী, বিশেষকৈ বড়ো সম্প্ৰদায়ৰ জনতাই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীক বড়ো জনতাক নতুন দিশৰ সন্ধান দিব পৰা নেতা হিচাপে বিচৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। সূত্ৰটোৱে সদৰী কৰা অনুসৰি বিশ্বজিত দৈমাৰীক প্ৰমোদ বড়োৰ বিকল্প নেতা হিচাপে প্ৰক্ষেপ কৰিবলৈ গেৰুৱা শিবিৰ ইচ্ছুক হৈ পৰিছে। সেয়ে মুখ্যমন্ত্ৰীৰ পৰা ক্ৰমে আঁতৰি যোৱা দুই নেতা ক্ৰমে প্ৰমোদ বড়ো আৰু তুলিৰাম ৰংহাং এতিয়া একত্ৰিত হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এঘঁৰি যুঁজ দিয়াৰ ষড়যন্ত্ৰ তলে তলে ৰচনা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। উল্লেখ্য কাৰ্বি স্বায়ত্তশাসিত পৰিষদত ২৬গৰাকী নিৰ্বাচিত সদস্য থকাৰ লগতে ৪গৰাকী চৰকাৰে বাছি দিয়া মনোনীত সদস্য আছে। সূত্ৰটোৱে দাবী কৰা মতে মুখ্যমন্ত্ৰীৰ সৈতে ব্যৱধান বৃদ্ধিৰ পিছতে তুলিৰামে ৪গৰাকী মনোনীত সদস্যৰ সৈতে একো কথাই ভাগ-বতৰা নকৰা হৈ পৰিছে। কিন্তু ২৬গৰাকী সদস্যৰ মাজতে কথা-বাৰ্তা কৰিলেও কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ বৰঘৰৰ পৰাই প্ৰতিটো মুহূৰ্তত তুলিৰামৰ খবৰ দিছপুৰে পাই আহিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। সেয়ে তুলিৰামৰ দাঁতত ভাত লাগিলেও দিছপুৰে খবৰ পাই বুলি সূত্ৰটোৱে কয়। এটা সময়ত তুলিৰামক মূৰৰ ওপৰত তুলি ৰখা একাংশ লোকেই এতিয়া তেওঁৰ বিৰুদ্ধে নামি পৰা বুলিও সূত্ৰটোৱে কয়। এনে সময়তে বহুতৰে মাজত প্ৰশ্ন উত্থাপন হৈছে তুলিৰাম-প্ৰমোদে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সঁচাকৈয়ে ষড়যন্ত্ৰত লিপ্ত হ’বনে বুলি সন্দেহ কৰিছে। বহুতৰে মনত উদয় হোৱা এনে প্ৰশ্নৰ উত্তৰ হয়তো সময়ত ওলাব। কিন্তু তুলিৰামৰ দুৰ্নীতি আৰু অনিয়মৰ ক’লা অধ্যায়সমূহ উদঙাই দিয়াৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুঁহকি নাথাকো। পৰৱৰ্তী প্ৰতিবেদনত আমি পুনৰ উদঙাম তুলিৰামৰ আন বহু ক’লা অধ্যায়ৰ কাহিনী।

পুৰুষৰ ৰেড বল ক্ৰিকেটত ৪১ বছৰীয়া অভিলেখ ভংগ শ্ৰীলংকাৰ মিলান ৰথনায়কৰ…

৪১ বছৰীয়া অভিলেখ ভংগ। পুৰুষৰ ৰেড বল ক্ৰিকেটত ৪১ বছৰীয়া অভিলেখ ভংগ শ্ৰীলংকাৰ মিলান ৰথনায়কৰ। বেটছমেন মিলানে পুৰুষৰ ৰেডবল ক্ৰিকেটত ৯ নম্বৰ স্থানত কৰিলে সৰ্বাধিক স্ক’ৰ।

অভিষেক টেষ্টত ১৩৫ বলত ৭২ ৰান সংগ্ৰহ কৰিলে মিলান ৰথনায়কে।

ইয়াৰ পূৰ্বে ১৯৮৩ চনত হায়দৰাবাদত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বলৱিন্দৰ সন্ধুৱে সংগ্ৰহ কৰিছিল ৭১ ৰান।

২০২৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ তাৰকা বিজয়ে…

২০২৬ চনৰ তামিলনাডুৰ নিৰ্বাচনৰ বাবে সাজু বিজয়।

২০২৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ তাৰকা বিজয়ে।

চেন্নাইত দলীয় কাৰ্যালয়ত দলৰ পতাকা উন্মোচন অভিনেতা তথা TVK ৰ মুৰব্বী বিজয়ৰ।

২০২৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টি-২০ আৰু ৩খন এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে…

২০২৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টি-২০ আৰু ৩খন এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে। ২৮ জুন ২০২৫ৰ পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা।

আনহাতে ২০ জুন ২০২৫ৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৫ খনীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় ক্ৰিকেট দল।

ইতিমধ্যে ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টেষ্ট মেচৰ প্ৰকাশ পালে সূচী। ৰোহিত শৰ্মাৰ নেতৃত্বত ইংলেণ্ডলৈ যাব ভাৰতীয় দলটো।

সমগ্ৰ ৰাজ্যজুৰি সাংবাদিক সংগঠনৰ প্ৰতিক্ৰিয়া ! গুৱাহাটীত দিছপুৰ প্ৰেছ ক্লাব , জাফা , গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

সাংবাদিকৰ কামেই হৈছে বিভিন্ন ঘটনা -পৰিঘটনাৰ সত্য তথ্য উদ্ঘাটন কৰা। সেই উদ্দেশ্যে
সাংবাদিক শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিল । শ্বাহ আলমে এখন পাহাৰ কটা লৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিস্ব শৰ্মাক। তাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শ্বাহ আলমক উদ্দেশ্যি যি মন্তব্য আগবঢ়ালে সেয়া হয়তো সকলোৱে শুনিছে বা দেখিছে । এগৰাকী সাংবাদিকক কৰা এনে ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে ।
এক বিবৃতিত জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে –
প্ৰশ্ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক শ্বাহ আলমক যি ব্যৱহাৰ কৰিলে তাৰ বাবে জাফা’ই দুখ প্ৰকাশ কৰিছে । অনাগত দিনত যাতে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ধৰনৰ মন্তব্য আগ নবঢ়ায় তাৰ বাবে আমি জাৰ্ণেলিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফা’ৰ তৰফৰ পৰা বিনম্ৰভাবে আহ্বান জনালোঁ ।

ধৰ্মৰ ভিত্তিত সাংবাদিকক লক্ষ্য কৰি লোৱাটো উদ্বেগজনক

অসমৰ বহুকেইগৰাকী ৰাজনৈতিক নেতাই বিভিন্ন সময়ত সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ সময়তে মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২১ আগষ্টত এগৰাকী সাংবাদিকে সোধা এটা প্ৰশ্নৰ প্ৰসংগত ধৰ্মীয় মেৰুকৰণেৰে সাংবাদিকগৰাকীক লক্ষ্য কৰি লোৱাতো গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টি গোচৰ হৈছে।

মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যত উদ্বেগ প্ৰকাশ কৰা হৈছে। ভৱিষ্যতে এনে ধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি যাতে নকৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীৰ লগতে সকলো ৰাজনৈতিক নেতাক আহ্বান জনালো।


সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

আদিবাসী উন্নয়ন পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ ! ওদালগুৰিত বিতৰণ কৰিলে কৃষকক ৩৪ হাজাৰ তামোলৰ পুলি…

আদিবাসী উন্নয়ণ পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। ওদালগুৰিত বিতৰণ কৰিলে কৃষকক ৩৪ হাজাৰ তামোলৰ পুলি । ১৭০জন আদিবাসী সম্প্ৰদায়ৰ কৃষকক এক অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰে ২০০টাকৈ তামোলৰ পুলি। আদিবাসী উন্নয়ণ পৰিষদৰ উদ্যোগত আৰু ওদালগুৰি জিলা কৃষি বিভাগৰ সহযোগত বিতৰণ কৰা হয় এই তামোল পুলিখিনি।

প্ৰতিজন কৃষককে প্ৰদান কৰা হয় ২০০টাকৈ উন্নত জাতৰ তামোলৰ পুলি। ওদালগুৰি অঞ্চলৰ প্ৰায় ১৭০ জন কৃষকক নিজহাতে তামোলৰ পুলি প্ৰদান কৰে আদিবাসী উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য মহোন কিছকুৱে।

অনুষ্ঠানত ওদালগুৰি জিলা কৃষি বিষয়া, আদিবাসী উন্নয়ন পৰিষদৰ ৰাজনৈতিক আৰু আইন উপদেষ্টা প্ৰিয়াংকু প্ৰতিম দাসৰ লগতে বহুসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে।

মূলত অনগ্ৰসৰ অঞ্চলৰ লোকসকলক আৰ্থিকভাৱে স্বচ্ছল হ’ব পৰাকৈ প্ৰতিজন কৃষকক বিতৰণ কৰা হয় দুশকৈ তামোল পুলি। এই কাৰ্যসূচীত সাহিত্য সভাইও সহযোগিতা আগবঢ়াই আদিবাসী উন্নয়ন পৰিষদক।

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ অভ্যৰ্থনা সমিতি গঠন…

ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মধ্যস্থল ভেবেলীত ১৯৭৮ চনত স্থাপিত হোৱা মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাৰিটা বৰ্ষৰ পাছতে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিব। তাৰ প্ৰাক ক্ষণত বিদ্যালয়খনৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ একত্ৰিকৰণ কৰি ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজন কৰাৰ সন্দৰ্ভত আজি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা গোসাঁইবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনন্দ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক অমৃত দাসে। সমাৰোহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ধনাত্মক মন্তব্য আগবঢ়োৱাৰ লগতে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিৰেণ বৰুৱাই সমাৰোহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত যোগাত্মক বিশ্লেষণ আগবঢ়ায়।

উক্ত সমাৰোহখনি নবেম্বৰ মাহৰ ২৩ আৰু ২৪ তাৰিখে মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰে ৰাজহুৱা সভাই। সমাৰোহখনিৰ লগত সংগতি ৰাখি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল তোৰণখন শিক্ষক শুভাকাংশী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দান বৰঙণিৰে স্থায়ীভাৱে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত সভাত সমাৰোহৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগুক অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে সভাই সৰ্ব সন্মতি মৰ্মে সমৰ্থন কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্য উপদেষ্টা হিচাপে সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, ধেমাজি জিলা শিক্ষা বিষ‌য়া বিতুপন হাজৰিকা,

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিৰেণ বৰুৱা, কাৰ্যকৰী সভাপতি হিচাপে মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰাজনৈতিক বিষয় শিক্ষক গোপাল সোনোৱাল, উপ-সভাপতি বিনন্দ চাংমাই, কাশীনাথ সোনোৱাল,মনোজ কুমাৰ দাস, গোবিন্দ বনিয়া, মুখ্য সম্পাদক অমৃত দাস, যুটীয়া সম্পাদক পংকজ বড়া, কল্পজিৎ সোনোৱাল, সহ: সম্পাদক অনন্ত বৰা , ভদ্ৰেশ্বৰ সোনোৱাল,উৎপল দাস, কোষাধ্যক্ষ ক্ষীৰোদ সোনোৱালৰ লগতে কেইবাখনো উপ-সমিতি গঠন কৰি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। উক্ত সভাত বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক ইন্দ্ৰেশ্বৰ শইকীয়া, শিক্ষক জিতেন বৰা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন্দ্ৰ দাস, প্ৰাক্তন ছাত্ৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক লোচন দাসৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক অভিভাভিকা উপস্থিত থাকে। অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে।

স্বামী স্ত্ৰীৰ কাজিয়াই ৰূপ ল’লে ভয়ংকৰ পৰিণতি ! স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ বোৱাৰীগৰাকীৰ পৰিয়ালৰ…

স্বামী স্ত্ৰীৰ কাজিয়ায় ৰূপ ল’লে ভয়ংকৰ পৰিণতিৰ । স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ বোৱাৰী গৰাকীৰ পৰিয়ালৰ । চাপৰৰ ৰঙামাটিৰ হলদিবাৰীত সংঘটিত হয় এই ঘটনা । ঘটনাৰ পিছৰ পৰায় স্বামী আতোৱাৰ আলীৰ কোনো খবৰ পোৱা নাই বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে । উল্লেখ্য যে চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটি হলদিবাৰীৰ বাসিন্দা আফ্ৰুজা বিবি নামৰ মহিলা গৰাকীয়ে কেইবছৰমান পূৰ্বে আৰিমাৰিৰ বাসিন্দা আতোৱাৰ আলীৰ লগত বিবাহ পাশত আবদ্ধ হয় ।

যোৱা নিশা আতোৱাৰ আলী নামৰ ব্যক্তি জনে ৰঙামাটিত আহি শহুৰেকৰ ঘৰৰ সন্মুখত আহি গালি গালাছ পাৰি নিজ পত্নীক ঘৰলৈ লৈ যায় । কিন্তু কিছুদূৰ যোৱাৰ পিছত বোৱাৰী গৰাকীৰ ঘৰত খবৰ দিয়ে পথ দুৰ্ঘটনা হোৱা বুলি । ততাতৈয়াকৈ পৰিয়ালৰ লোকে গৈ নিত্যবজাৰত লগ কৰে যদিও বঙাইগাঁওলৈ লৈ যায় ।

বঙাইগাঁওত বোৱাৰী গৰাকীৰ মৃত্যু হয় আৰু ঘৰলৈ লৈ আহে যদিও স্বামী আতোৱাৰ আলীয়ে মৃত পত্নী গৰাকীক নিজ ঘৰত নিনিয়াকৈ শহুৰেকৰ ঘৰলৈ পঠাই দি গাড়ীৰ পৰা নামি যায় । কিন্তু মৃত পত্নীৰ খবৰ লোৱা দূৰৰে কথা নিজৰ ম’বাইল ফোনটো অফ কৰি নিৰুদ্দেশ হৈ আছে স্বামী আতোৱাৰ আলীয়ে । ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ আহে আৰু ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে ।

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক ! ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ…


উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক
ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ
সংকটজনক অৱস্থাত আহতসকলক AIIMS, GMCHত ভর্তি


বলীয়া শিয়ালৰ আতংকক লৈ নিদ্ৰা হৰিছে গঞাৰ
নিশা হাতে হাতে যাঠি-জোং লৈ পহৰা দিছে স্থানীয় ৰাইজে


ফটকা ফুটাই বলীয়া শিয়াল খেদাৰ চেষ্টা ৰাইজৰ
ঘটনাস্থলীত বন বিভাগৰ লোেক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ