Home Blog Page 57

Zubeen Garg: জুবিনৰ ন্যায় বিচাৰি ৰৈ ৰৈ বিনাইছে অসমবাসী…

Zubeen Garg: জুবিনৰ ন্যায় বিচাৰি ৰৈ ৰৈ বিনাইছে অসমবাসী...
Zubeen Garg: জুবিনৰ ন্যায় বিচাৰি ৰৈ ৰৈ বিনাইছে অসমবাসী...

অসমীয়া সমাজ তথা ভাৰতৰ, (Zubeen Garg) পৃথিৱীৰ মহান এটা আত্মা জুবিন গাৰ্গ, সেই নামটো আমাৰ মাজৰ পৰা সাগৰত বিলীন কৰি পেলালে কেইটামান টকা লোভীয়া মানুহে৷ গতিকে অন্তৰত বৰ দুখ পালোঁ৷ চৰকাৰে, গৃহ বিভাগে জুবিনৰ এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বাবে ৰৈ থাকিব লগীয়া হৈছে৷ বিহু যেনেকৈ আমাৰ জাতীয় উৎসৱ, তেনেকৈ জুবিন আমাৰ জাতীয় গৌৰৱ, জাতীয় সম্পদ৷ ড॰ ভূপেন হাজৰিকা, খগেন মহন্ত, বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদে আমাক বহুতো দি থৈ গ’ল৷ কিন্তু জুবিন গাৰ্গে আমাক আৰু বহুত দিবলৈ বাকী থাকিল৷

সদ্য প্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত জাগীৰোডত এইদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিহু সম্ৰাট খগেন গগৈয়ে৷ এসময়ত জুবিন গাৰ্গৰ লগত সংগীতৰ কাম কৰা বিহু সম্ৰাট খগেন গগৈ মঞ্চত গীত পৰিৱেশন কৰিবলৈ আহি আৱেগিক হৈ পৰে৷ উল্লেখ্য, জাগীৰোডৰ জাগী গোহাঁই চকী সাংস্কৃতিক চ’ৰা আৰু পুথিভঁৰালৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহি লোক সংগীতৰ শিল্পী খগেন গগৈয়ে জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু জুবিন গাৰ্গৰ গীত গাই ভাৰতীয় আইন ব্যৱস্থাৰ মাজেৰে জুবিনৰ ন্যায় বিচাৰ হ’ব বুলি আশা কৰে৷ আহোম ৰজাৰ দিনৰ ন্যায় ব্যৱস্থাটো বহুত ভাল আছিল৷

দোষীৰ ধৰি আনি নচচা শূলত দে৷ এতিয়া অসমত বা ভাৰতত ন্যায় ব্যৱস্থা অতি লেহেমীয়া৷ জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি আমি অসমবাসীয়ে এতিয়া ৰৈ ৰৈ বিনাব লগা হৈছে৷ জুবিনৰ সৈতে কটোৱা স্মৃতি ৰোমন্থন কৰি গালে জুবিনৰ কেইবাটাও গীত৷ লগতে আমি বিহু পতা নপতা সন্দৰ্ভতো মতপোষণ কৰি-বিহু পাতি জুবিনক জীয়াই ৰাখিব লাগিব বুলি কয়৷ বিহু নাপাতিলে ধনীসকল নমৰে, দুখীয়া শিল্পীসকলহে মৰিব বুলিও কয়৷

Justice For Zubeen Garg: জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিজিটেল আন্দোলন

জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিজিটেল আন্দোলন
জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিজিটেল আন্দোলন

জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিজিটেল আন্দোলন আৰম্ভ।(Justice For Zubeen Garg)

সামাজিক মাধ্যমত জুবিনৰ ন্যায় বিচাৰি আৰম্ভ হৈছে আন্দোলন।

বিভিন্ন স্তৰৰ লোকে আহ্বান জনাইছে জুবিনৰ ন্যায় বিচাৰি যাতে সকলোৱে অংশীদাৰ হয় এই আন্দোলনৰ।

অভিনেতা-অভিনেত্ৰী, শিল্পীৰ লগতে বিভিন্ন লোকে অংশগ্ৰহণ কৰিছে এই আন্দোলনত।

এটা পোষ্ট ভাইৰেল হৈ আছে য’ত উল্লেখ আছে যে-

#we_Need_ZubeenGargJustice_within_10days

আমি এটা ডিজিটেল আন্দোলনৰ কথা ভাবিছোঁ।

আজি সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এক নিৰ্দিষ্ট সময়ত সকলোৱে একেলগে দুটা বাক্য লিখিম। এই আন্দোলনে ন্যায় প্ৰক্ৰিয়াত কিবা প্ৰভাৱ পেলাওক বা নেপেলাওক, কিন্তু আমি যে একগোট হৈ এতিয়াও আছোঁ তাৰ উমান পাব সকলোৱে।

গতিকে আজি পুৱা অৰ্থাৎ 13/10/2025 তাৰিখ সোমবাৰে ১০ বজাত সকলোৱে লিখিম –

#we_Need_ZubeenGargJustice_within_10days.

#JusticeForZubeenGarg

বি: দ্ৰ:- এই পোষ্ট টো share অথবা copy কৰি ফেচবুকত দিয়ক।

এতিয়া জুবিনৰ ভগ্নীৰ পৰা আৰম্ভ কৰি সকলোৱে সামাজিক মাধ্যমত লিখিছে দুটা বাক্য-

#we_Need_ZubeenGargJustice_within_10days

১০ দিনৰ ভিতৰত জুবিনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত সৃষ্টি হৈছে আন্দোলন।


Bihar polls: নিৰ্বাচনক লৈ তৎপৰ বিহাৰৰ শাসক-বিৰোধী…

Bihar polls: নিৰ্বাচনক লৈ তৎপৰ বিহাৰৰ শাসক-বিৰোধী...
Bihar polls: নিৰ্বাচনক লৈ তৎপৰ বিহাৰৰ শাসক-বিৰোধী...

নিৰ্বাচনক লৈ তৎপৰ বিহাৰৰ শাসক-বিৰোধী।(Bihar polls)

আজি বিজেপিয়ে প্রকাশ কৰিব প্ৰথমখন প্রার্থী তালিকা।

ইতিমধ্যে চূড়ান্ত হৈছে NDAৰ আসন বুজাবুজি।

১০১ খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে।

JD(U)-এ খেলিব ১০১ খন আসনত ।

২৯ খন আসনত প্রতিদ্বন্দ্বিতা কৰিব LJP(R)-এ।

HAM-এ প্রতিদ্বন্দ্বিতা আগবঢ়াব ৬ খনকৈ আসনত আৰু ৬ খন আসনত প্রতিদ্বন্দ্বিতা কৰিব RLM-এ।

Zubeen Garg Death Case: CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়া…

Zubeen Garg Death Case: CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়া...
Zubeen Garg Death Case: CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়া...

CID কাৰ্যালয়ত হাজিৰ ২ প্ৰৱাসী অসমীয়া।(Zubeen Garg Death Case)


পুৱাই আৰক্ষীৰ বাহনেৰে লৈ অনা হ’ল ২ প্ৰৱাসী অসমীয়াক।

CIDৰ কাৰ্যালয়ত হাজিৰ অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন।


ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ।


ছিংগাপুৰত য়ট পাৰ্টীৰ আয়োজক তন্ময় ফুকন।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব দুই প্ৰবাসী অসমীয়াই।

Assamese literary culture development forum: অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ অসমৰ কেন্দ্রীয় দ্বি-বার্ষিক অধিবেশন

অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ অসমৰ কেন্দ্রীয় দ্বি-বার্ষিক অধিবেশন
অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ অসমৰ কেন্দ্রীয় দ্বি-বার্ষিক অধিবেশন

অসমীয়া সাহিত্য সংস্কৃতিৰ (Assamese literary culture development forum) বিকাশ মঞ্চ অসমে চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহত পাঁচ বছৰত ভৰি দিলে। অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ পাঁচবছৰৰ উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদন, অসম সাহিত্য সভা ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্রীয় দ্বি-বার্ষিক অধিবেশনখন। যান্ত্ৰিক জীৱনৰ পৰা কিছু সময় আঁতৰি সাহিত্যৰ পৃথিৱীখনত সকলোৰে লগত এটা দিন বিশেষভাৱে উদযাপন কৰিবলৈ এয়া তেওঁলোকৰ সামান্য প্রয়াস। অসমীয়া সাহিত্যৰ পথাৰখনত সাহিত্য চর্চাৰ এখন বিশেষ মঞ্চ হিচাপে চিহ্নিত হৈছে “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ, অসমে”।

কেন্দ্ৰীয় দ্বি-বার্ষিক অধিৱেশনৰ কাৰ্যসূচী অনুসৰি-পুৱা পতাকা উত্তোলন, পতাকা উত্তোলনৰ পিছতে বন্তি প্রজ্বলন আৰু জুবিন গাৰ্গৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি অর্পণ। বন্তি প্ৰজ্বলন কৰে অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ অসমৰ মুখ্য উপদেষ্টা ৰঞ্জনজ্যোতি শর্মা বৰদলৈয়ে। তাৰপিছতে অনুষ্ঠিত হয় মুকলি সভা আৰু কবিতা পাঠ কৰা হয়। মুকলি সভা আৰু কবিতা পাঠৰ পিছতে মুখপত্র শব্দবাক উন্মোচন কৰা হয়। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমলজিৎ কলিতা, বিশিষ্ট কবি, সভাপতি গুৱাহাটী মহানগৰ কবি কানন দেবজিত বৰা, প্রধান সম্পাদক, অসম সাহিত্য সভা আমন্ত্রিত অতিথি। প্রফুল্ল বর্মন, সভাপতি, কামরূপ মহানগৰ জিলা সাহিত্য সভা মৃগেন ভাগৱতী, অৱসৰ প্ৰাপ্ত অভিযন্তা উপসস্থিত থাকে। আনহাতে অনুষ্ঠানটোত উপস্থিত থাকে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞি।
অুষ্ঠানৰ পিছতে বিশেষ ব্যক্তিসকলক জনোৱা হয় সম্বৰ্ধনা। তাৰপিছতে হার্টথ্র’ব জুবিন গাৰ্গ নামেৰে এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন লিখি উলিয়াই শিল্পী দাসে। গ্ৰন্থখন উন্মোচন কৰে কমলজিৎ কলিতাই

Amritprava Mahanta: জন্মদিন উদযাপনৰ সপোন পূৰণ নহ’ল অমৃতপ্ৰভা মহন্তৰ

জন্মদিন উদযাপনৰ সপোন পূৰণ নহ'ল অমৃতপ্ৰভা মহন্তৰ
জন্মদিন উদযাপনৰ সপোন পূৰণ নহ'ল অমৃতপ্ৰভা মহন্তৰ

লকআপত চকুপানী টুকিলে অমৃতপ্রভা মহন্তই।(Amritprava Mahanta)

অমৃতপ্রভাৰ পূৰণ নহ’ল ৩০ সংখ্যক জন্মদিন উদযাপনৰ সপোন।

বিলাসীভাৱে জন্মদিন উদযাপনৰ সপোন আছিল অমৃতপ্ৰভাৰ।

কিন্তু, কি কৰিব লকআপতে CID কেন্টিনৰ ৰুটি, ভাত, তৰকাৰীৰে পাৰ হ’ল অমৃতপ্ৰভাৰ জন্মদিন।

১১ অক্টোবৰত আছিল অমৃতপ্রভা মহন্তৰ ৩০ সংখ্যক ওপজা দিন।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত হৈ CID লকআপত আছে নলবাৰীৰ অমৃতপ্রভা মহন্ত।

জুবিন হত্যাৰ অভিযুক্ত অমৃতপ্ৰভাক ১৪ জিম্মাত লৈছিল CIDএ।

১৬ অক্টোবৰতে লকআপতে থাকিব লাগিব অমৃতপ্ৰভা।

Zubeen garg death case: ছিংগাপুৰত যথেষ্ট গুৰুত্বসহকাৰে চলিছে জুবিনৰ ঘটনাৰ তদন্ত।

ছিংগাপুৰত যথেষ্ট গুৰুত্বসহকাৰে চলিছে জুবিনৰ ঘটনাৰ তদন্ত
ছিংগাপুৰত যথেষ্ট গুৰুত্বসহকাৰে চলিছে জুবিনৰ ঘটনাৰ তদন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ (Zubeen garg death case) তদন্ত প্ৰসংগত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে-

দুই এদিনতে আহিব ভাল খবৰ।

ছিংগাপুৰত যথেষ্ট গুৰুত্বসহকাৰে চলিছে জুবিনৰ ঘটনাৰ তদন্ত।

অসমলৈ আহিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া।

দুই-এদিনতে SITত হাজিৰ হ’ব প্ৰৱাসী অসমীয়াসকল।

জুবিনৰ ঘটনাৰ তদন্তৰ অগ্ৰগতিক লৈ আজি ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

Deepika Padukone: ‘তোমাক লৈ গৰ্বিত’: দীপিকা পাডুকন ভাৰতৰ প্ৰথম মানসিক স্বাস্থ্যৰ এম্বেছাদৰ হোৱাৰ লগে লগে ৰণবীৰ সিঙৰ অভিনন্দন

দীপিকা পাডুকন ভাৰতৰ প্ৰথম মানসিক স্বাস্থ্যৰ এম্বেছাদৰ হোৱাৰ লগে লগে ৰণবীৰ সিঙৰ অভিনন্দন
দীপিকা পাডুকন ভাৰতৰ প্ৰথম মানসিক স্বাস্থ্যৰ এম্বেছাদৰ হোৱাৰ লগে লগে ৰণবীৰ সিঙৰ অভিনন্দন

দীপিকা পাডুকন ভাৰতৰ প্ৰথম (Deepika Padukone)মানসিক স্বাস্থ্যৰ এম্বেছাদৰ হিচাবে নিৰ্বাচিত হৈছে। ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ দিনটোত বলীউডৰ ছুপাৰষ্টাৰ দীপিকা পাডুকনে ঘোষণা কৰে যে তেওঁক কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ প্ৰথমগৰাকী মানসিক স্বাস্থ্যৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিছে। জে পি নাড্ডা আৰু পুণ্য সলিলা শ্ৰীবাস্তৱৰ সৈতে তেওঁ এখন ছবিও শ্বেয়াৰ কৰে। তেওঁৰ স্বামী ৰণবীৰ সিঙে কমেণ্ট শাখাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আবেগিকভাবে লিখিছে , ‘তোমাক লৈ গৰ্বিত ’।

কেপচনত তেওঁ লিখিছে, ‘বিশ্ব মানসিক স্বাস্থ্য দিৱসত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰথমবাৰৰ বাবে মানসিক স্বাস্থ্য দূত হিচাপে নিযুক্তি পোৱাত মই সন্মানিত হৈছো।’ আৰু লগতে কয়, ‘আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশে মানসিক স্বাস্থ্যক জনস্বাস্থ্যৰ কেন্দ্ৰবিন্দুত স্থান দিবলৈ অৰ্থপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।মোৰ নিজৰ যাত্ৰা আৰু অতীতত আমি কৰা কামৰ জৰিয়তে দশকত, মই দেখিছো যে আমি যেতিয়া একত্ৰিত হৈ মানসিকভাৱে সুস্থ ভাৰত গঢ়িম তেতিয়া কিমান সম্ভৱ হ’ব মই ভাৰতৰ মানসিক স্বাস্থ্যৰ কাঠামোক আৰু অধিক শক্তিশালী কৰাৰ বাবে শ্ৰী জে পি নাড্ডাৰ নিৰ্দেশনাত কাম কৰিবলৈ আগ্ৰহী।’

প্ৰায় এদশক আগতে তাই প্ৰথমবাৰৰ বাবে ডিপ্ৰেছনৰ সৈতে কৰা নিজৰ যুদ্ধৰ কথা কৈছিল, তেতিয়াৰ উদ্যোগটোত প্ৰায়ে নিষিদ্ধ বুলি গণ্য কৰা এটা বিষয়ক কেন্দ্ৰ কৰি তেওঁ মৌনতা ভাঙিছিল। দীপিকাই নিজেই এদশক পূৰ্বে হতাশাৰ সৈতে যুঁজিছিল আৰু বছৰ বছৰ ধৰি মানসিক স্বাস্থ্যৰ সমস্যাৰ সৈতে যুঁজিছিল, বিশেষকৈ বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত।

কৰ্মক্ষেত্ৰত দীপিকা পাডুকনক শেষবাৰৰ বাবে দেখা গৈছিল ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত “সিংহাম এগেইন” ছবিখনত, য’ত অজয় ​​দেৱগন, ৰণবীৰ সিং, অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ, কৰীনা কাপুৰ, আৰু অৰ্জুন কাপুৰেও অভিনয় কৰিছিল। ছবি খনে আৰ্জন কৰিছিল বিশ্বজুৰি ৩৭২ কোটি টকা। শেহতীয়াকৈ মাতৃত্ব আঁকোৱালি লোৱা অভিনেত্ৰীগৰাকীক পৰৱৰ্তী সময়ত শ্বাহৰুখ খানৰ কিং আৰু আটলীৰ পৰিচালনাত নিমাৰ্ণ হৈ থকা আল্লু অৰ্জুনৰ আগন্তুক ছবিত দেখা যাব।

Premdhar Sharma: বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’লে পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে

বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে
বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে

বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক, (Premdhar Sharma) বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা বাৰ্ধক্য জনিত কাৰণত দীৰ্ঘ দিন ধৰি শয্যাশায়ী হৈ আছে৷ তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে ১১ অক্টোবৰ তাৰিখে ক্ৰীড়া মহীৰূহ পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে স্বাস্থ্যৰ বুজ লবলৈ তেখেতৰ পাণবজাৰস্থিত বাসগৃহত উপস্থিত হয়৷

স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নয়ন প্ৰসাদ, সম্পাদক কল্যাণ কুমাৰ দাস আৰু সদস্য পাৰ্থ চক্ৰৱৰ্তীয়ে তেখেতে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰে৷ তদুপৰি স্মৃতি ৰক্ষা সমিতিয়ে তেখেতলৈ কিছু পৰিমাণে আৰ্থিক সাহাৰ্যও আগবঢ়োৱাৰ লগতে আশু আৰোগ্য কামনা কৰে৷

স্মৃতি ৰক্ষা সমিতিয়ে বৰ্ষীয়ান ক্ৰীড়া সাংবাদিকগৰাকীৰ চিকিৎসাৰ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও ৰাজ্য চৰকাৰক অনুৰোধ জনায়৷

Tarun Gogoi Birth Anniversary: ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন

ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন
ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন

ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত (Tarun Gogoi Birth Anniversary) প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন। গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ উদ্যোগত বস্ত্ৰ, খাদ্য আৰু বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন।

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ডেকাচাঙস্থিত জবাল-ই ৰহমান একাডেমীত প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন কৰা হয়। আজি কামৰূপ জিলা গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ উদ্যোগত আয়োজন কৰা জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ তৰফৰ পৰা দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ, খাদ্য আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে।

কাৰ্যসূচীত জেষ্ঠ কংগ্ৰেছী নেতা তথা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ২৭নং ছমৰীয়া সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা টিকট প্ৰত্যাশী ছাহজাহান আলীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহুসংখ্যক বৃক্ষৰোপণ কৰে। বৃক্ষ ৰোপণৰ অন্তত বিদ্যালয় প্ৰাংগনত অনুষ্টুপীয়াকৈ এখন সভা অনুষ্ঠিত হয়।

গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ সদস্য কবিৰ আক্ৰাম হুছেইনৰ সঞ্চালনত অনুষ্ঠিত সভাত ছমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি গোলজাৰ হুছেইন, গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ সদস্য হেফজুৰ ৰহমান, সদস্যা মৰ্জিনা বেগম প্ৰমুখ্যে সদস্য সকল, স্থানীয় মুৰব্বী, বিদ্যালয়ৰ খনৰ অধ্যক্ষ কলিম উদ্দিন আহমেদ, প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাত প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একনিষ্ঠ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি শ্ৰোদ্ধাৰে সুঁৱৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে।