Home Blog Page 571

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি বিয়লি নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে ।

দুদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে ৰাজ্যখনলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক যাবতীয় পূজা অৰ্চনা কৰা কাৰ্যত সহযোগিতা কৰে কামাখ্যা দলৈ সমাজৰ বৰদেউৰী কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই ।

পূজা অৰ্চনা কৰাৰ অন্ততঃ মন্ত্ৰীগৰাকীক দলৈ সমাজৰ কাৰ্যালয়ত কামাখ্যা মন্দিৰৰ যাৱতীয় পৰম্পৰাৰে আদৰণি জনোৱা হয়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কাইলৈ পুৱাই পশ্চিম কাৰ্বি আংলং জিলালৈ গৈ তাত কেবাটাও চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং জিলা স্বায়িত্ব শাসিত পৰিষদৰ সৈতে মত বিনিময় কৰি জিলাখনত কেন্দ্ৰীয় আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি সমুহৰ পৰ্যালোচনা কৰিব।

উল্লেখ্য যে যোৱা জুন মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এয়া হৈছে প্ৰথম অসম ভ্ৰমণ।

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন

গুৱাহাটী ,২১ আগষ্ট : ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি বিয়লি নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে । দুদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে ৰাজ্যখনলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক যাবতীয় পূজা অৰ্চনা কৰা কাৰ্যত সহযোগিতা কৰে কামাখ্যা দলৈ সমাজৰ বৰদেউৰী কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই ।

পূজা অৰ্চনা কৰাৰ অন্ততঃ মন্ত্ৰীগৰাকীক দলৈ সমাজৰ কাৰ্যালয়ত কামাখ্যা মন্দিৰৰ যাৱতীয় পৰম্পৰাৰে আদৰণি জনোৱা হয়। জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কাইলৈ পুৱাই পশ্চিম কাৰ্বি আংলং জিলালৈ গৈ তাত কেবাটাও চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং জিলা স্বায়িত্ব শাসিত পৰিষদৰ সৈতে মত বিনিময় কৰি জিলাখনত কেন্দ্ৰীয় আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি সমুহৰ পৰ্যালোচনা কৰিব। উল্লেখ্য যে যোৱা জুন মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এয়া হৈছে প্ৰথম অসম ভ্ৰমণ।

সৰুপথাৰত ঝুমুইৰ নৃত্য ঢোল বাদন কৰ্মশালা

অসম চাহ জনজাতি ছাত্ৰ সন্হা , অসম চাহ জনজাতি মহিলা জনজাতি মহিলা সমিতিৰ সৰুপথাৰ শাখাৰ উদ্যোগত ৬ দিনীয়া চাহ জনজাতি সকলৰ জীৱনশৈলীৰ আয়ুসৰেখা ঝুমুইৰ নৃত্য আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছে ৷

সৰুপথাৰৰ নলনী পথাৰত ২০ আগষ্টৰ পৰা ২৫ আগষ্টলৈকে আয়োজন কৰা কৰ্মশালা প্ৰথম দিনাৰ কাৰ্যসুচীৰ কৰ্মশালাৰ মঞ্চ মুকলি কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মহেশ্বৰ গোৱলাই , আটছাৰ প্ৰতিষ্ঠাপক সভাপতি চাইমন সিং হৰৰ প্ৰতিচ্ছবিত মাল্যাপন ও বন্তি প্ৰজ্বলন কৰে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী প্ৰমিলা ঘাটোৱাৰ গঞ্জুৱে

আটছা সৰুপথাৰ শাখাৰ মুখ্য উপদেষ্টা মিলন ৰাজপুট , আটছাৰ বৰপথাৰ শাখাৰ সম্পাদক অতুল ভুমিছ , গোলাঘাট জিলা চাওতাল ছাত্ৰ সন্হাৰ সভাপতি প্ৰদীপ হেমৰম , প্ৰাক্তন আটছাকৰ্মী ননীৰাম তাঁতী , সমাজকৰ্মী ৰাজেন তাঁতী , চাহজনজাতি সাহিত্য সভাৰ উপ সভাপতি পৰশুৰাম তাঁতি , সম্পাদিকা অনিমা ভুক্তা কাঁৱাৰ , আটছাৰ সম্পাদক সোনাৰাম গঞ্জু , সহাকাৰী সম্পাদক অপূৰ্ব উৰাং , সাংগঠনিক সম্পাদক দুলাল গঞ্জু , আটুৱাৰ মহিলা সমিতিৰ সৰুপথাৰ শাখাৰ সভানেত্ৰী জুনমনি গোৱলাৰ ওপৰিউ ভালেসংখ্য চাহজনজাতি ৰাইজৰ উপস্হিতিত শতাধিক চাহ জনজাতি যুৱক যুৱতী সকলে প্ৰক্ষিশক ননিৰাম গোৱলাৰ নেতৃত্বত ঝুমুইৰ নৃত্য আৰু ঢোলবাদন প্ৰদৰ্শন কৰে ৷

ধুবুৰীত জিলা নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

দৈনন্দিন বাৰ্তাৰ সেৱা, ধুবুৰী, ২১ আগষ্ট : আজি ধুবুৰী জিলা নাগৰিক মঞ্চই ধুবুৰী চহৰত থকা শিখ মন্দিৰৰ সমীপত অৱস্থান ধৰ্মঘটেৰে এক প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দ্বাবী বাংলাদেশত থকা হিন্দু সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু কলকাতা আৰ জি কৰ মেডিকেল কলেজত সংঘটিত চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰা।


ধুবুৰী জিলা নাগৰিক মঞ্চৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে সাংবাদিকৰ আগত কয় যে আজিৰ অৱস্থান ঘৰ্মঘট মূলতঃ সম্প্ৰতি বাংলাদেশৰ যি ভয়াৱহ অৱস্থা তাত হিন্দু ধৰ্মাৱলম্বী লোক সকল অসুৰক্ষিত তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণে হাৰাশাস্তি তথা অত্যাচাৰ চলি আছে।তেওঁলোকৰ ওপৰত চলা অন্যায় অত্যাচাৰ সমূহ বন্ধ কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষিত প্ৰদান আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ কলকাতা আৰ,জি,কৰ মেডিকেল কলেজত সংঘটিত এগৰাকী চিকিৎসকক প্ৰথমে ধৰ্ষণ তাৰ পাছত নৃশংস ভাৱে হত্যা কাণ্ডৰ ঘটনাত জৰিত সকলো অভিযুক্তক অতি সোনকালে কৰায়ত্ত কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে। চিকিৎসক সকলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰে অধিক তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

লগতে কয় যে আজি ধুবুৰী জিলা নাগৰিক মঞ্চৰ তৰফৰ পৰা ধুবুৰী জিলাৰ বিভিন্ন জ্বলন্ত সমস্যা সমূ্হৰ বিষয়ে উল্লেখ কৰি উক্ত সমস্যা সমূহ সমাধান কৰাৰ বাবে ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন ১৬ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

চিকিৎসকৰ ন্য়ায়ৰ বাবে মাজবাটত শতাধিক মহিলাৰ প্ৰতিবাদ…

মাজবাটৰ ৰাজপথত শতাধীক মহিলা ৷কলিকতাত এগৰাকী চিকিৎসক ডা° মৌমিতা দেৱনাথৰ ওপৰত সংঘটিত হোৱা অবৰ্ণনীয়,অমানবীয়,মানৱ সমাজক লজ্জানত কৰা নাৰকীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ সমন্তৰাল ভাবে সঞ্জীৱনী চি এল এফ মাজবাট ব্লক আৰু মাজবাট উন্নয়ন খণ্ডৰ চাৰি খন ভি চি ডি চিৰ সঞ্জীৱণী চি এল এফৰ কেডাৰ সকলৰ উদ্যোগত মৌমিতাৰ ন্যায় বিচাৰি ৰাজপথলৈ উলাই আহিল শতাধিক মহিলা ৷ৰাজ্য খনত দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ষণ কাণ্ডৰ সমন্তৰাল ভাবে কলিকতাত সংঘটিত ধৰ্ষণ কাণ্ডৰে

জড়িত ব্যক্তিক মমতা চৰকাৰে নোৱাৰিলে কেন্দ্ৰৰ মোডী চৰকাৰে কঠোৰৰ পৰা কথোৰতম দৃষ্টান্ত মূলক শাস্তিৰ দাবীৰে উলিওৱা হয় এই প্ৰতিবাদ ৷ বেটী পঢ়াও ,বেটী বচাও ৷ আজি বেটী সকলে পঢ়িছে ৷ বেটী সকলৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ ৷বেটী সকল আজি অ সুৰক্ষিত ৷এক মাত্ৰ কলিকতাৰ ধৰ্ষণ কাণ্ডই নহয় ৷ইয়াৰ আগতো সংঘটিত হৈছে এনে বহু ঘটনা ৷ মৌমিতাৰ ঘটনাই হওক শেষ ঘটনা ৷ ঘটনাৰে সৈতে জড়িতক এনে শাস্তি দিয়ক যাতে আনে এনে

কাম কৰিবলৈ দহবাৰ ভাবিব লাগে ৷সেই উদ্দেশ্যৰেই মৌমিতাক ন্যায় দিয়ক ,ধৰ্ষণ কাৰীক ফাচী দিয়ক আদি শ্লোগানৰে শতাধিক মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ কপালে মাজবাটৰ ৰাজপথ ৷আজিৰ‌ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিছিল সঞ্জীৱনী চি এল‌ এফৰ সভানেত্ৰী বন্দনা কলিতা, সম্পাদিকা প্ৰিয়ংকা দৈমাৰী, উষা ৰাণী তপ্ন আদিয়ে।

ইউ এছ টি এমৰ পৰা উত্তীর্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে, তাৰ চিন্তা চৰ্চা কৰি আছোঁ : মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা…

ইউ এছ টি এমৰ পৰা উত্তীর্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে, তাৰ চিন্তা চৰ্চা কৰি আছোঁ। বাহিৰা বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ ছাত্র ছাত্রীয়ে অসমত সুকীয়া পৰীক্ষা দিব লাগিব।

ইউ এছ টি এমৰ ওপৰত মোৰ খঙটো অলপ বেছি। কাৰণ, ইউ এছ টি এমে আমালৈ পানী এৰি আছে।

তাত এখন মেডিকেল কলেজ বনাইছে, এজনো ৰোগী নাই।

মেডিকেল কাউন্সিলৰ পৰা দল অহাৰ দিনা জোৰকৈ ৰোগী ভৰ্তি কৰাইছে।

মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা

বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যদি দেখুৱাই দিব পাৰে ! নিশ্চয়কৈ আমি ব্যৱস্থা ল’মঃ মন্ত্ৰী পীযুষ হাজৰিকা…

বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যদি দেখুৱাই দিব পাৰে, নিশ্চয়কৈ আমি ব্যৱস্থা ল’মঃ পীযুষ হাজৰীকা
স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ অসম বিধানসভা প্ৰাংগণত সাংবাদিকৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য—-

গৰমৰ দিনত মানুহে ফ্ৰীজ, AC, ফেন বেছিকৈ ব্যৱহাৰ কৰে গতিকে বিল অলপ বেছিকৈ অহাটো স্বাভাৱিক।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম বিধানসভা প্ৰাংগণত সাংবাদিক আগত এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে স্মাৰ্ট ইছ্যুটো আনিব মই তেওঁলোকক এটা কথাই অনুৰোধ কৰিম যে এই বছৰৰ আৰু আগৰ দুবছৰৰ জুলাই মাহৰ তিনিখন বিল লৈ আহক,

তেতিয়া জলজল পটপটকৈ বিষয়টো ওলাই যাব। স্মাৰ্ট মিটাৰৰ পৰা যদি বাঢ়িছে তেতিয়া ওলাই পৰিব। মন্ত্ৰীগৰাকীয়ে আগষ্ট মাহত বিল বৃদ্ধিৰ কথাটো কিয় ওলায় তাৰ কাৰণো ব্যাখ্যা কৰে। তেওঁ কয় যে গৰম দিনত মানুহে অলপ ফ্ৰীজ, এচি বেছিকৈ ব্যৱহাৰ কৰে। টিভি ব্যৱহাৰ কৰে, ফেন ব্যৱহাৰ কৰে। গতিকে গৰম দিনত বিদ্যুতৰ বিল অলপ

বেছি হোৱাটো স্বাভাৱিক। কিন্তু স্মাৰ্ট মিটাৰৰ পৰা বিল বেছি হোৱা বুলি এতিয়ালৈকে প্ৰমাণ হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে সেয়ে আগৰৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু তাৰ আগৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু এই বছৰৰ এপ্ৰিল, মে’ জুন, জুলাই- এই তিনিটা বছৰৰ ৪ টা মাহৰ বিল লৈ আহি যদি বিল বৃদ্ধি হৈছে দেখুৱাই দিবলৈ আহ্বান জনায়। তেওঁ কয় যে আমাক যদি দেখুৱাই দিব পাৰে যে বিল অস্বাভাৱিকভাৱে বাঢ়ি গৈছে, তেতিয়া নিশ্চয়কৈ আমি ব্যৱস্থা ল’ম।

তুলিৰাম ৰংহাঙৰ ক’লা অধ্যায়ৰ আৰু এখিলা পাত : অন্য এক ক’লা অধ্যায় কাচে কনষ্ট্ৰাকচন ( অ’পিচি) প্ৰাঃ লিমিটেড’ৰ কাহিনী…

তুলিৰাম ৰংহাঙৰ ক’লা অধ্যায়ৰ আৰু এখিলা পাত

প্ৰতিক্ৰিয়া হওতেই সলাই পেলালে কাম সম্পাদনৰ প্ৰমাণপত্ৰ
বিতুষ্ট মুখ্যমন্ত্ৰীয়ে কৰিছে বিকল্পৰ সন্ধান
প্ৰতিবেদন -৩

কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ ক’লা অধ্যায়ৰ গ্ৰন্থ খনৰ পাত লুটিয়াই যোৱাৰ লগে লগে ওলাই পৰিছে তুলিৰামৰ সীমাহীন দুৰ্নীতি আৰি মিথ্যাচাৰোমৰ কথা। স্বজন-তোষণ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে কাৰ্বিভূমিক ১০০ বছৰ পিছুৱাই নিয়া তুলিৰামৰ এক ক’লা অধ্যায়ৰ কাহিনী শেহতীয়া প্ৰতিবেদনতে প্ৰকাশ কৰিছিলো। দৈনন্দিন বাৰ্তা কাকতত- তুলিৰামক কিয় এৰাই চলিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, আন এক ক’লা অধ্যায়, কাচে কনষ্ট্ৰাকছন(অ’পিচি) লিমিটেডৰ কাহিনী শীৰ্ষক প্ৰতিবেদন প্ৰকাশৰ পিছতে কাৰ্বিভূমিত এতিয়া ভূঁইকঁপৰ সৃষ্টি হৈছে। গণৰোষত পৰাৰ ভয়ত এতিয়া তুলিৰামে ত্ৰাহি মধুসুদন সোঁৱৰা বুলিও জানিব পৰা গৈছে। দৈনন্দিন বাৰ্তাৰ শেহতীয়া প্ৰতিবেদনত আমি তুলিৰামে কিদৰে পত্নীৰ কোম্পানীৰ নামত ৩০ কোটি টকাৰ পথ নিৰ্মাণৰ কাম এটা ২২-১২-২০২০ত বণ্টন দিছিল আৰু সেই কাম মাত্ৰ ৭ দিনৰ ভিতৰত অৰ্থাৎ ২৯-১২-২০২০ৰ ভিতৰতে সম্পূৰ্ণ কৰা দেখুৱাই ধন আত্মসাত কৰিছিল সেই কথা প্ৰকাশ কৰিছিলো। ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডিফু-দিল্লাই পথটোৰ কাম মাত্ৰ ৭ দিনতে ১০০ শতাংশ সম্পূৰ্ণ হোৱা বুলি কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ দিয়া হৈছিল। জনতাক সম্পূৰ্ণ অন্ধকাৰত ৰাখি তুলিৰামে পত্নীৰ নামত থকা কোম্পানীক এনেদৰে সম্পূৰ্ণ অনিয়মৰ আশ্ৰয়লৈ ৩০ কোটিটকীয়া কামটো মাত্ৰ ৭ দিনতে সম্পূৰ্ণ কৰা দেখুৱাই ধন লুট কৰাৰ ঘটনাত এতিয়া

কাৰ্বি পাহাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্য অনুসৰি তুলিৰামৰ দুৰ্নীতিৰ কথা এখন ৰাষ্ট্ৰীয় কাকতত প্ৰকাশ পোৱাৰ পিছতে তুলিৰামে পত্নীক আৱণ্টন দিয়া কামটোৰ ক্ষেত্ৰত পুনৰ মিথ্যাচাৰৰ আশ্ৰয় লয়। এইবাৰ তুলিৰামে পূৰ্বেৰ কাম সম্পাদন কৰাৰ প্ৰমাণপত্ৰৰ ঠাইত আন এখন নতুন কাম সম্পাদনৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰে। সেই নতুন প্ৰমাণ পত্ৰত কামটোৰ বাবে আৱণ্টিত বিলৰ পৰিমাণ ৩০ কোটি টকাৰ সলনি ২৯,৯৯,৪৩,১৩৭.৬০ টকা দেখুওৱা হৈছে। একেদৰে কাম আৱণ্টৰ তাৰিখ ২১-১২-২০২০ আৰু কাম সম্পূৰ্ণ হোৱাৰ তাৰিখ ১৪-০১-২০২১ বুলি দেখুওৱা হৈছে। এক কথাত ক’বলৈ গ’লে পূৰ্বে ৭ দিনতে সম্পূৰ্ণ হোৱা বুলি দেখুওৱা কামটো কৰিবলৈ এইবাৰ প্ৰায় এমাহ সময় লোৱা বুলি দেখুওৱা হৈছে। তুলিৰামে এনে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ পিছতো তুলিৰামৰ বিৰুদ্ধে কাৰ্বি পাহাৰত এনে এক গণ উন্মাদনাৰ সৃষ্টি হৈছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে। যি গণউন্মাদনাৰ বাংলদেশত সৃষ্টি হৈছিল আৰু গণবিক্ষোভৰ সন্মুখীন হৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতলৈ পলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল তদ্ৰুপ পৰিস্থিতিয়েই কাৰ্বি পাহাৰতো হ’ব পাৰে বুলি বহুতে সন্দেহ ব্যক্ত কৰিছে। গণৰোষৰ বলি হৈয়েই তুলিৰামে কাৰ্বি পাহাৰৰ পৰা পলায়ন কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি বহুতে আশংকা কৰিছে। কিন্তু এনে পৰিস্থিতিত কাৰ ওচৰলৈ সহায় বিচাৰি যাব তুলিৰামে। ইতিমধ্যে ভাবিব নোৱাৰা ধৰণে দুৰ্নীতিত নিমজ্জিত হোৱাৰ বাবেই কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ বহু ইএমে তুলিৰামৰ সংগ এৰিছে। এসময়ত তুলিৰামক চকুমুদি বিশ্বাস কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তুলিৰামক এৰাই চলিছে। বিশেষকৈ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত তুলিৰামৰ মন্ত্ৰনা শুনিয়েই এগৰাকী যোগ্য প্ৰাৰ্থীক বিজেপিয়ে টিকট দিয়া নাছিল। ফলত কাৰ্বি পাহাৰৰ ডিফু লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী গৰাকীয়ে কিবা কৈহে অতি কম ভোটৰ ব্যৱধানত জয়ী

হৈছিল। লোকসভা নিৰ্বাচনৰ এনে ফলাফলে কাৰ্বি ভূমিত গেৰুৱা দলটোৰ জনপ্ৰিয়তা ভালে খিনি লাঘৱ কৰা বুলি দলটোৰ সকলোৱে এতিয়া উপলব্ধি কৰিছে। তুলিৰামে কেৱল ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবেই যে চলে-বলে কৌশলে যোগ্য প্ৰাথীক টিকট দিয়া বন্ধ কৰিছিল সেই কথা এতিয়া মুখ্যমন্ত্ৰীয়ে হাড়ে হিমজুৱে উপলব্ধি কৰিছে। ফলত তুলিৰামক এতিয়া মুখ্যমন্ত্ৰী শৰ্মাই এৰাই চলিছে বুলি বিভিন্ন মহলত চৰ্চা হৈছে। বড়োভূমিত যিদৰে গেৰুৱা শিবিৰে প্ৰমোদ বড়োৰ বিকল্পৰ সন্ধান কৰিছে , একেদৰে কাৰ্বিভূমিতো তুলিৰামৰ বিকল্পৰ সন্ধান কৰি থকাৰ কথা বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে তুলিৰামে সদায় কাৰ্বি পাহাৰত এক অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰি মানুহৰ ওপৰত একনায়কত্ব চলাব বিচাৰি আহিছে। কিন্তু এনে কথা সহ্য কৰা নাই তুলিৰামৰেই একান্ত বিশ্বাসী বুলি এসময়ত পৰিচিত বহুতে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদত তুলিৰামক চিপৰাং মৰাত ব্যস্ত হৈছে তেওঁৰেই এগৰাকী ঘনিষ্ঠ ব্যক্তি। সেইগৰাকী ব্যক্তিয়েই তুলিৰামৰ বিৰুদ্ধে গণপ্ৰতিৰোধ সৃষ্টিত সাৰ পানী যোগাই আহিছে বুলি বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰিছে। দিছপুৰৰ এক সূত্ৰই প্ৰকাশ কৰা মতে মূৰৰ পৰাই গেলাই পেলোৱা কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদক তুলিৰামৰ লোভৰ অগ্নিৰ পৰা ৰক্ষা কৰিবলৈ বদ্ধ পৰিকৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তুলিৰামৰ পৰ্বতসম দুৰ্নীতিৰ কথা মুখ্যমন্ত্ৰীয়েও নজনকৈ থকা নাই বুলি সূত্ৰটোৱে কয়। সেয়ে এতিয়া সন্ধান চলিছে তুলিৰামৰ বিকল্পৰ। বড়োভূমিত প্ৰমোদ বড়োৰ বিকল্প হিচাবে ইতিমধ্যে বিশ্বজিত দৈমাৰীৰ নাম উচ্চাৰিত হৈছে যদিও কাৰ্বিভূমিত তুলিৰামৰ বিকল্প কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।তুলিৰামৰ দুৰ্নীতিৰ তথ্য ইতিমধ্যে দিল্লী আৰু দিছপুৰ গৈ পোৱা বুলিও জানিব পৰা গৈছে। সহজ-সৰল কাৰ্বি জনতাক প্ৰতাৰণা কৰি তুলিৰামে কিদৰে সম্পত্তিৰ পাহাৰ গঢ়িছে সেয়া জানিব পাৰি আনকি দিল্লী-দিছপুৰৰো চকু থৰ লাগিছে। তুলিৰামৰ আৰু অলেখ দুৰ্নীতি তথা অনিয়মৰ কাহিনী দৈনন্দিন বাৰ্তাত ধাৰাবাহিকভাবে প্ৰকাশ কৰি থকা হ’ব। এয়া আমাৰ দায়িত্ব। কাৰণ ৰাইজেও জনা উচিত ৰাজনীতিকৰ মুখাৰ আঁৰত থকা মুখৰ কথা।

বিহু “ভাৰত – শ্ৰীলংকা মৈত্ৰী উৎসৱ”ৰ সাংস্কৃতিক আকৰ্ষণ…

বিহু “ভাৰত- শ্ৰীলংকা মৈত্ৰী উৎসৱ”ৰ সাংস্কৃতিক আকৰ্ষণ

কলম্বো স্হিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ শ্ৰীলংকাৰ কলম্বোত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি আয়োজিত ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱত অসমৰ বিহুক মূল আকৰ্ষণ ৰূপে প্ৰদৰ্শন কৰা হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদে মনোনীত কৰা প্ৰখ্যাত লোকসংস্কৃতি পৰিবেশক ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত এটা বিহু দলে কলম্বো, গল, ৰত্নপুৰা আৰু ত্ৰিংকোমালীত বিহু পৰিবেশন কৰি ঢোল বাদন আৰু বিহু নৃত্যৰ সুন্দৰ পৰিবেশনেৰে শ্ৰীলংকাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে । ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তৰ নিৰ্দেশনাত শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱৰ আয়োজন কৰা হয়। ২০২৪ চনৰ ১২ আগষ্টত কলম্বো বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক এইচ ডি কৰুণাৰাত্নেই দুয়োখন দেশৰ যুগ যুগ ধৰি চলি অহা সম্পৰ্ক আৰু শৈক্ষিক বিনিময়ৰ বিষয়ে কয়। ভাৰত শ্ৰীলংকা মৈত্ৰী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান হিচাপে মহামহিম ভাৰতৰ উচ্চায়ুক্ত শ্ৰী সন্তোষ ঝাই শতিকা গৰকা কলম্বো পাব্লিক লাইব্ৰেৰীত “ভাৰত কোষ” মুকলি কৰে য’ত ভাৰতৰ ওপৰত আৰু ভাৰতীয় লেখকৰ নিৰ্বাচিত গ্ৰন্থ, শিল্পকৰ্ম আৰু সাংস্কৃতিক সম্পদ

প্ৰদৰ্শিত কৰা হয়। ১৩ আগষ্টত বৌদ্ধ আৰু পালি বিশ্ববিদ্যালয়ত ভাৰত শ্ৰীলংকা সম্পৰ্কৰ ওপৰত আলোচনাচক্ৰৰ লগতে “ইণ্ডিয়া ৰিইমেজিনড” শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় য’ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক নেলুৱে সুমানাৱানছা নায়ক থেৰ’ই হাজাৰ বছৰ পুৰণি দুয়োখন দেশৰ বৌদ্ধ ধৰ্মৰ ঐতিহ্যৰ বিষয়ে কয়। ১৪ আগষ্টত কলম্বোৰ সৌন্দৰ্য বিশ্ববিদ্যালয়ত উপাচাৰ্য অধ্যাপক ৰোহন নেথছিংহেই বিহু নৃত্যৰ কৰ্মশালা উদ্বোধন কৰে য’ত ৰঞ্জিত গগৈৰ দলে কৰ্মশালাখন পৰিচালনা কৰে। তিনিখন ভিন্ন বিশ্ববিদ্যালয়ৰ তিনিওটা কাৰ্যসূচীতে অধ্যাপক অংকুৰণ দত্তই ভাষণ প্ৰদান কৰে। আন এটা অনুষ্ঠানত ভাৰতৰ উপ-উচ্চায়ুক্ত ড° সত্যাঞ্জল পাণ্ডেই কেন্দ্ৰত দেশ-বিভাজন স্মৃতি দিৱসৰ ওপৰত এখন প্ৰদৰ্শনী উদ্বোধন কৰে আৰু ১৯৪৭ চনত বিভাজনৰ ভুক্তভোগী সকলোকে

শ্ৰদ্ধাঞ্জলি জনায়। ২০২৪ চনৰ ১৫ আগষ্ট তাৰিখে কলম্বোৰ ইণ্ডিয়া হাউচত পতাকা উত্তোলন অনুষ্ঠানত অসমৰ পৰা যোৱা ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছৰ দলে বিহু নৃত্য প্ৰদৰ্শনৰ কৰে। ১৮৩ বছৰীয়া চহকী ইতিহাস থকা শ্ৰীলংকাৰ প্ৰতিষ্ঠিত বৌদ্ধ শিক্ষা অনুষ্ঠান পৰমাধম্মা চেথিয়া মহা পিৰিভেনাতো ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস অতি শ্ৰদ্ধাৰে উদযাপন কৰা হয়। শিক্ষানুষ্ঠানটিৰ মুখ্য কাৰ্যবাহী ড০ মাইটিপে উইমালাছাৰা মহা থেৰাই ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ প্ৰাচীন আৰু চিৰস্থায়ী সম্পৰ্কক আলোকপাত কৰি এক ভাষণ প্ৰদান কৰে। সঞ্চালক অধ্যাপক দত্তই প্ৰতিষ্ঠানটোত হিন্দী পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰাৰ লগতে অনুষ্ঠানৰ সময়ত এক মনোমোহা বিহু পৰিবেশন কৰা হয়।

ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱ- ভাৰত আৰু শ্ৰীলংকাৰ বন্ধুত্বৰ প্ৰথম বিশাল অনুস্হানটি ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা আৰু শ্ৰীলংকাৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিদুৰ বিক্ৰমনায়কে ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কলম্বোত উদ্বোধন কৰে । এই মহোৎসৱত অসম, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু শ্ৰীলংকাৰ বিভিন্ন প্ৰদেশৰ শিপিনীৰ এক হস্তশিল্প মেলাৰ জৰিয়তে দুয়োখন দেশৰ খাদ্য উৎসৱ আৰু মন্ত্ৰমুগ্ধ সাংস্কৃতিক প্ৰদৰ্শন অন্তৰ্ভুক্ত কৰা হয়। চাৰিদিনীয়া এই অনুষ্ঠানত বহু সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিশুসকলৰ মাজত কুইজ, শিল্প আৰু গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক হিচাপে যোগদান কৰাৰ পিছত অধ্যাপক অংকুৰণ দত্তই ২০২৩ চনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত নাগালেণ্ডৰ কেইবাগৰাকী শিল্পীক চিনাকি কৰাই দিছিল, য’ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰম সিংহেই নগা শিল্পীসকলৰ অভিনয়ৰ শলাগ লৈছিল। অধ্যাপক দত্তই শ্ৰীলংকাৰ বহু মঞ্চত সত্ৰীয়া নৃত্য, বৰগীত, শ্ৰীমন্ত শংকৰদেৱৰ অৱদান, অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য ৰাজ্যৰ লোকসংস্কৃতিৰ লগতে ভাৰতৰ সাংস্কৃতিক সমৃদ্ধিৰ পৰিচয় দি আহিছে। তেওঁৰ নিৰ্দেশনাত কেন্দ্ৰটোৱে বছৰি ৩০০ৰো অধিক অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ উপৰিও তেওঁ “ইণ্ডিয়া ৰিইমেজিনড” নামৰ এখন প্ৰদৰ্শনী এখন প্ৰস্তুত কৰি উলিয়াইছিল যিখন শ্ৰীলংকাত ৩০ বাৰতকৈও অধিক প্ৰদৰ্শিত হৈছে।

মুকালমুৱাৰ লোহাৰকাঠাত নিশা চোৰাং গৰু সহ এখন চাৰিচকীয়া বাহন জব্দ ! গৰু সহ বাহন এৰি পলায়ন চোৰৰ দলৰ…

মুকালমুৱাৰ লোহাৰকাঠাত নিশা চোৰাং গৰু সহ এখন চাৰিচকীয়া বাহন জব্দ।
গৰু সহ বাহন এৰি পলায়ন চোৰৰ দলৰ।

মুকালমুৱাৰ লোহাৰকাঠাত নিশা গৰু ভৰ্তি এখন চাৰিচকীয়া বাহন জব্দ কৰে মুকালমুৱাৰ তহলদাৰী আৰক্ষীয়ে। নিশা প্ৰায় ১ মান বজাত এখন মাৰুটি চুইফট বাহন এখনত তিনিটাকৈ গৰু চুৰি কৰি আনি থকা অৱস্থাত আদাবাৰী পহৰা চকীৰ আইচি প্ৰকাশ কপহুৱাৰ নেতৃত্বত তহলদাৰী আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয়।

তহলদাৰি আৰক্ষীক দেখি গৰু সহ বাহন এৰি পলায়ন কৰে গৰু চোৰৰ দলটোৱে। পিছত বাহন বাহন খনৰ ভিতৰৰ পৰা তিনিটাকৈ চোৰাং গৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গৰু সহিতে বাহনখন আদাবাৰী পহৰা চকীলৈ নিয়ে।

জব্দকৃত বাহন খনৰ নম্বৰ AS 01 FA 2207. আৰক্ষী সূত্ৰে আৰু স্থানীয় ৰাইজৰ সন্দেহ চোৰাং গৰু সমূহ লোহাৰকাঠা,আদাবাৰী,ঘোগাৰ একাংশ অবৈধ মাংসৰ ব্যৱসায়ীৰ হাতত নিশা বিক্ৰী কৰে।