সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে আৰম্ভ কৰিব সদস্য ভৰ্ত্তি অভিযান । ১০ কোটি সদস্য ভৰ্তিৰ লক্ষ্য বিজেপিৰ ।ৰাজ্যিক পৰ্যায়তো হ’ব এই বিশেষ অভিযান । কি ব্যৱস্থাৰ মাজৰে ৰাজ্যত চলিব এই অভিযান জানক
এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব প্ৰশিক্ষণ পৰ্ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে প্ৰমুখ্য কৰি ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত হ’ব এই প্ৰশিক্ষণ পৰ্ব ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰূপে আনুষ্ঠানিক দায়িত্ব গ্ৰহণ অধ্যাপক ননীগোপাল মহন্তৰ । উপাচাৰ্য কাৰ্যালয়ত উপস্থিত হৈ নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে অধ্যাপক মহন্তই । বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকলে উষ্ম আদৰণি জনায় নৱনিযুক্ত উপাচাৰ্যগৰাকীক ।
উল্লেখযোগ্য যে, বিগত ৩০ জুলাইত ৰাজভৱনত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই শপতগ্ৰহণ কৰোইছিল অধ্যাপক ননীগোপাল মহন্তক । বিশ্ববিদ্যালয়খনৰ ১৮সংখ্যক উপাচাৰ্যৰূপে শপতগ্ৰহণ কৰিছিল অধ্যাপক মহন্তই ।
দায়িত্ব গ্ৰহণ কৰিয়েই বিশ্ববিদ্যালয়খনক লৈ দেখা নিজৰ সপোন ব্যক্ত উপাচাৰ্যগৰাকীৰ গুৱাহাটী বিশ্ববিদ্যালয়ক NIRF ৰেংকিঙত দেশৰ শীৰ্ষ ১০খন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা । পৰীক্ষা, ফলাফলকে আদি কৰি বিভিন্ন সমস্যাসমূহ দূৰ কৰাৰ লক্ষ্য ।