Home Blog Page 575

তামিলনাডুৰ কৃষ্ণগিৰিৰ ভুৱা NCC শিবিৰত ১৩ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন…

কলকাতাৰ পাছত এইবাৰ তামিলনাডু! তামিলনাডুৰ কৃষ্ণগিৰিৰ ভুৱা NCC শিবিৰত ১৩ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন।

ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ ১১ গৰাকী।

গ্ৰেপ্তাৰ তথাকথিত শিবিৰৰ আয়োজক, বিদ্যালয়খনৰ অধ্যক্ষ, দুজন শিক্ষক আৰু এজন সংবাদদাতাকে ধৰি ১১জন।

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ! মহাবিদ্যালখনৰ প্ৰথম স্নাতকৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টত খেলি মেলিৰ অভিযোগ…

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। মহাবিদ্যালখনৰ প্ৰথম স্নাতকৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টত খেলি মেলিৰ অভিযোগ। ভালদৰে পৰীক্ষাৰ দিয়াৰ পিছতো অধিকাংশ ছাত্ৰ ছাত্ৰীৰ বেগ লগাৰ (এৰিয়াৰ) অভিযোগ, ৰিজাল্টক লৈ তীব্ৰ ক্ষোভ ছাত্ৰ ছাত্ৰীৰ।

ইয়াৰ উপৰি পূৰ্বতে বেগ তথা এৰিয়াৰ নামত ১৪০০ টকা মাছুল আদায় দি পুনৰ পৰীক্ষা দিব পাৰিছিল কিন্তু বৰ্তমানে এৰিয়াৰ নামত ৪০৬০ টকা মাছুল দিব লগাত এতিয়া বহু ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা।

ৰিজাল্টৰ খেলি মেলিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সহোযোগত কলেজত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ক এই বিষয়ত লিখিত আবেদন জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ বাবে উপায়ন্তৰ হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাই তোলে ছাত্ৰ ছাত্ৰী সকলে। ছাত্ৰ সকলৰ দাবী পৰীক্ষাৰ বহী পুনৰ পৰীক্ষণ হ’ব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ অতিৰিক্ত মাছুলৰ পৰা ৰেহাই দিব লাগে।

পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনটোত সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

📌 পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনত সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।


📌 উপস্থিত হৈ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ আবাসিসকলক মুখ্যমন্ত্ৰীয়ে আধাৰ কাৰ্ড,ৰেচন কাৰ্ড আৰু আয়ুস্মান কাৰ্ডৰ লগতে প্ৰদান কৰে অৰুণোদয়ৰ অনুমোদন পত্ৰ।


📌 ৰাজ্যৰ আন আন জিলাসমূহৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ আবাসিসকলকো অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই সুবিধাসমূহ প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তুলিৰামক কিয় এৰাই চলিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে…


কথাতে আছে একালৰ বৃন্দাবন, একালত পৰ চন, একালৰ পৰম মিত্ৰও একালত হৈ পৰে এলাগী। কাৰ্বিভূমিতো এনেবোৰ কথাই যেন এতিয়া সঁচাত পৰিণত হৈছে। কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাম-কাজকলৈ এতিয়া কাৰ্বি পাহাৰত উমি উমি জ্বলিছে ক্ষোভৰ জুই। তুলিৰামে সংঘটিত কৰা নানান অনিয়ম আৰু দুৰ্নীতিৰ কথা এতিয়া দিনৰ পোহৰৰ দৰেই ফটফটীয়া হৈ পৰিছে। তুলিৰামৰ দুৰ্নীতি আৰু স্বজ-তোষণৰ কথা এতিয়া কাৰ্বি পাহাৰৰ মানুহৰ মুখে মুখে। নানান কাৰণত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আনকি একালৰ পৰম বিশ্বাসী ব্যক্তি তুলিৰামক এৰাই চলিবলৈ লোৱা পৰিলক্ষিত হৈছে। এই কথাৰ প্ৰমাণ সৌসিদিনা কলাক্ষেত্ৰত আয়োজিত বিজেপিৰ কৰ্মীসভাতে পোৱা গৈছিল। মুখ্যমন্ত্ৰীৰ পৰা সেই দিনা তুলিৰামে আলেঙে আলেঙে থকাৰ কথাৰ পৰাই এই কথা প্ৰমাণ হৈছিল যে তুলিৰাম এতিয়া আৰু মুখ্যমন্ত্ৰীৰ বুকুৰ কুটুম হৈ থকা নাই। কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদত তুলিৰামে কৰি অহা অনিয়ম তথা দুৰ্নীতিৰ চেকা মুখ্যমন্ত্ৰী নিজৰ গাত লগাব বিচৰা নাই বাবেই তুলিৰামক এৰাই চলা বুলি বহুতে আলোচনা কৰিছে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী তুলিৰামক মাত্ৰ এইবুলি পৰামৰ্শ দিছে যে তুলিৰামে মানুহৰ মাজলৈ গৈ কাম কৰক, মানুহৰ মন জয় কৰাৰ চেষ্টা কৰক। আৰু এনেদৰে তেওঁ তেওঁৰ হৃত জনপ্ৰিয়তা পুনৰ উদ্ধাৰ কৰক। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এক কথাত তুলিৰাম এতিয়া মুখ্যমন্ত্ৰীৰ বাবে এক অচল টকাত পৰিণত হৈছে। তুলিৰামে ইমান দিনে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন ভুল ছবি দেখুৱাই আছিল সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে। সেয়ে তুলিৰামৰ মুখৰ প্ৰলেপ এতিয়া

আঁতৰি গৈছে আৰু মুখ্যমন্ত্ৰী শৰ্মাৰো চকু মেল খাইছে বুলি বহুতে ব্যাপকভাবে চৰ্চা কৰা পৰিলক্ষিত হৈছে। বহুতে এই বুলিও আলোচনা কৰিছে যে যদি মুখ্যমন্ত্ৰীে তুলিৰামৰ লগত থাকে তেন্তে তেওঁৰ গাতো তুলিৰামৰ কলংকৰ দাগ পৰিব। সেয়ে সময় থাকোতেই মুখ্যমন্ত্ৰীয়ে তুলিৰামৰ পৰা নিৰপদ দূৰত্বত অৱস্থান কৰা বুলি কাৰ্বিভূমিত চৰ্চা হৈছে। ইয়াৰ মাজতে দৈনন্দিন বাৰ্তা কাকতত তুলিৰামৰ নানান অনিয়মৰ বিষয়ে নিৰবচ্ছিন্নভাবে প্ৰকাশ পাই থকাত কাৰ্বিভূমিৰ জনতাই কাকতগোষ্ঠীটোক ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনতো এনেধৰণৰ বাতৰি প্ৰকাশ কৰি থাকিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। তুলিৰামে চৰকাৰী আঁচনিৰ নামত কৰা দুৰ্নীতিৰ প্ৰতিটো অধ্যায় উন্মোচন হোৱাটো এতিয়া বিচাৰিছে কাৰ্বিভূমিৰ জনতাই। অইখিনিতে প্ৰশ্ন হয়- এসময়ত ভাতঘৰৰ মানুহ তুলিৰামক মুখ্যমন্ত্ৰীয়ে এৰাই চলা হ’ল কিয়? ইয়াৰ প্ৰথম কাৰণটোৱেই হ’ল তুলিৰামে সংঘটিত কৰা দুৰ্নীতি আৰু অনিয়ম। ৰত্নাকৰৰ পাপৰ ভাগ যিদৰে আন ল’ব বিচৰা নাছিল, একেদৰে তুলিৰামৰো অনিয়ম- দুৰ্নীতিৰ চেকা আন বহুতৰে লগতে মুখ্যমন্ত্ৰীয়েও ল’ব বিচৰা নাই বুলি চৰ্চা হৈছে। তুলিৰামক মুখ্যমন্ত্ৰীয়ে এলাগী কৰাৰ আন এক কাৰণ হৈছে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থীকলৈ কৰা অযথা হস্তক্ষেপ। ২০২৪ৰ লোকসভা নিৰ্বাচনত তুলিৰামে নিজৰ

সমষ্টিতে এগৰাকী প্ৰাক্তন সাংসদক টিকট দিয়াৰ ক্ষেত্ৰত হকা-বাধা কৰাৰ ফল এতিয়া তেওঁ ভোগ কৰিবলগীয়া হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰটোৱে কয় যে প্ৰাক্তন সাংসদগৰাকীক টিকট দিব নালাগে বুলি তুলিৰামেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পতিয়ন নিয়াইছিল। সেই সময়ত মুখ্যমন্ত্ৰীৰৰ একান্ত বিশ্বাসী নেতা হিচাবে পৰিচিত তুলিৰামৰ কথা মতেই প্ৰাক্তন সাংসদগৰাকীক টিকট দিয়া নহ’ল বুলি চৰ্চা চলিছে। ফলত সমষ্টিটোত ইয়াৰ মূল্য ভৰিবলগীয়া হ’ল বিজেপিয়ে। বিগত লোকসভা নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে কাণে কাণ মাৰিহে জয়ী হ’বলৈ সক্ষম হয়। তাকো গেৰুৱা শিবিৰে যদি কংগ্ৰেছৰ ভোট বেংকত খহনীয়াৰৰ সৃষ্টি কৰিবলৈ আওপাকে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী থিয় নকৰালেহেঁতেন তেন্তে তুলিৰামৰ লোকসভা সমষ্টিটো হয়তো বিজেপিৰ হাতত ৰখাই সম্ভৱ নহ’লহেঁতেন বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে তেনে কথাৰ বাবেই মুখ্যমন্ত্ৰী শৰ্মা এতিয়া খৰ্গহস্ত হৈ পৰিছে তুলিৰামৰ ওপৰত। এনে কাৰণতে এতিয়া কাৰ্বিভূমিত এতিয়া তুলিৰামৰ এজন বিকল্প নেতাৰ সন্ধান চলা বুলিহে সূত্ৰটোৱে সদৰী কৰে।সূত্ৰটোৰ মতে কাৰ্বিভূমিত তুলিৰামে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত নিমগ্ন হৈছে। যি কথা মুখ্যমন্ত্ৰী শৰ্মাই অলপো ভালপোৱা নাই বা মিনি ল’বও পৰা নাই। তুলিৰামে বিজেপিৰ যিসকলক কৰ্মীক অতি সাধাৰণ ঠিকা-ঠুকলি আদি দিছিল তেওঁলোকৰো ঠিকাৰ ধন আজিলৈকে মোকলাই দিয়া নাই বুলি জানিব পৰা গৈছে। কেৱল সেই নহয়, তুলিৰামে নিবিদা বিহীনভাবেই নিজৰ আপোন মানুহক কাম দি কাম নকৰাকৈয়েই ধন সৰোকোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। এনেবোৰ কথাই কাৰ্বিভূমিত দিনক দিনে তুলিৰামৰ জনপ্ৰিয়তা কমাই আনিছে বুলি এতিয়া কাৰ্বি পাহাৰত হাটে-বজাৰে, পথে-ঘাটে সকলোৱে আলোচনা কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। তুলিৰামৰ স্বজন-তোষণ তথা দুৰ্নীতিৰ বহু তথ্য আহি আমাৰ হাতত পৰিছে। আমি পৰ্যায়ক্ৰমে ৰাইজৰ আগত উদঙাম সেই কেলেংকাৰী আৰু অনিয়মৰ তথ্য। তুলিৰামে কোনটো বিভাগত কি দুৰ্নীতি তথা অনিয়ম সংঘটিত কৰিছিল, কেনেকৈ আঁচনিৰ ধন সৰকাইছিল সকলো তথ্যই আমি ফাদিল কৰিম। যি তথ্য ফাদিলৰ পিছতে কাৰ্বি ভূমিৰ লগতে দিছপুৰতো নিঃসন্দেহে বৰভূঁইকঁপৰ সৃষ্টি হ’ব পাৰে। অপেক্ষা কৰক মাথো আমাৰ দ্বিতীয় প্ৰতিবেদনলৈ

চিলাপথাৰত “শাওনৰ দুপৰীয়া শব্দৰ ৰ’দ” শীৰ্ষক কবিতা-গীত-অন্তৰংগ আলাপ অনুষ্ঠান ! অমিলতা টায়ে মিলিৰ “দুষ্মন্তৰ আঙুঠিটো নিপিন্ধাকৈ থাকি গ’ল” উন্মোচন…

চিলাপথাৰস্হিত নামচুক কুলাজান পামত আজি অনুষ্ঠিত হয় কবিতা-গীত অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে এখন গ্ৰন্থ উন্মোচনী সভা । চিলাপথাৰ কবি সমাজৰ উদ্যোগত, চন্দ্ৰকান্ত মিলি আৰু অমিলতা টায়ে মিলিৰ আতিথ্যত পিতৃ দুৰ্গা প্ৰসাদ টায়েৰ ৯২ সংখ্যক ওপজা দিন উপলক্ষে অনুষ্ঠিত দেওবাৰে (১৮/০৮/২০২৪) এই অনুষ্ঠানৰ আৰম্ভণিতে পদ্মনাথ টায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই দুৰ্গা প্ৰসাদ টায়েৰ জন্ম দিৱসৰ ওলগ আৰু উদযাপন কৰাৰ পাছতেই অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাসে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদ্যপ্ৰয়াত অসম কবি সমাজৰ প্ৰতিষ্ঠাপক সভাপতি ৰবীন্দ্ৰ বৰাৰ স্মৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । ইয়াৰ পিছতে চিলাপথাৰ কবি সমাজৰ সভাপতি নৃপেন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত চিলাপথাৰ অঞ্চলৰ কবি,

সাহিত্যিক অমিলতা টায়ে‌ মিলিৰ উপন্যাস “দুষ্মন্তৰ আঙুঠিটো নিপিন্ধাকৈ থাকি গ’ল” উন্মোচন কৰে মিচিং আগমৰ সভাপতি হৰিনাৰায়ণ পেগুৱে । ইফালে ঔপন্যাসিক অমিলতা টায়ে মিলিয়ে উপন্যাসখনৰ সৃষ্টিৰ নেপথ্যৰ সামগ্ৰিক ছবিখন দাঙি ধৰাৰ লগতে উপন্যাসখনৰ কিছু আভাস আৰু বাস্তৱ ৰূপ দিবলৈ যাওতে অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ শলাগ লয়। সভাত উপস্থিত থাকে অসম কবি সমাজৰ উপ-সভাপতি উষা বুঢ়াগোহাঁই, দীপক ভৰালী, কবি ভুৱন দাস, চন্দ্ৰকান্ত মিলি, জোনটি সোণোৱালৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি। ইফালে উক্ত সভাতেই সদ্যপ্ৰয়াত কবি সমাজৰ সভাপতি ৰবীন্দ্ৰ বৰাক শ্ৰদ্ধাঞ্জলি জনায় আৰু উন্মোচন হোৱা উপন্যাসখনিক বাস্তৱ ৰূপ দিয়াত ভূমিকা পালন কৰা ৰবীন্দ্ৰ বৰাৰ শলাগ লয়৷ ইয়াৰ পাছতেই আৰম্ভ হয় কবি সমাৰোহ।

জোনাইৰ বিশিষ্ট কবি তোষেশ্বৰ মিৰি আগৰৱালাৰ সঞ্চালনাত অনুষ্ঠিত কবি সমাৰোহখনি কবিতা পাঠেৰে উদ্বোধন কৰে কবি সাহিত্যিক-সাংবাদিক মৃদুপৱন চুতীয়াই। ইয়াৰ পাছতেই কথা আৰু কবিতা পাঠ কৰে সাংস্কৃতিক কৰ্মী জয় কুমাৰ দলে, গোপালচন্দ্ৰ দেৱ, নবীন বৰগোহাঁই, ভুৱন দাস, ভাগ্যৱতী দত্ত, ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়া, কানন পেগু, নবীন পাইট, নয়নমনি মহন্ত, ৰেণু বৰুৱা, মিত্ৰ লাল শৰ্মা, চিৰঞ্জীৱ শইকীয়া, মেদিনী মোহন বৰুৱা, অঞ্জুমনি গগৈ, দীপামনি বকল, চিত্ৰ বৰগোহাঁই, মনালিছা সন্দিকৈ দিহিঙীয়া, ভগিৰথ মিলি, টুলটুল ফুকন, ৰিণী শইকীয়া, দেৱীনা পামেগাম পেগু, মঞ্জু দাস, দীপৰেখা, দেৱ জ্যোতি, দীপালী, ইভাৰাণীয়ে কবিতা, গীত, আলাপত অংশগ্ৰহণ কৰে। আনহাতে, কবিতাৰ পৰ্যালোচনা দাঙি ধৰে কবি বিপুল শৰ্মায়ে। কেইবাটিও কণমানিয়ে পৰিৱেশন কৰা নৃত্যই অনুষ্ঠানটো জীপাল কৰি তোলে।

শিৱসাগৰত বহিৰাগতৰ সংগঠন নিষিদ্ধ ! শৃংখল চলিহাৰ লগতে একাধিক নেতাৰ প্ৰতিবাদী গৰ্জন…

অনা অসমীয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ অসমীয়া আজি শিৱসাগৰত । শ শ অসমীয়া লোক আৰু ৩০ টা জাতীয় সংগঠনৰ কৰ্মীয়ে শিৱসাগৰ নগৰৰ অলি গলিৰ লগতে ৰাজপথত অনা অসমীয়াৰ বিৰুদ্ধে তুলিছে প্ৰতিবাদী ঢৌ ।

শৃংখল চলিহা, চিতু বৰুৱাকে ধৰি একাধিক নেতাৰ প্ৰতিবাদী গৰ্জন । প্ৰতিবাদীৰ আগত শিৱসাগৰৰ সকলো দোকান পোহাৰ বন্ধ ৰখা হৈছে । প্ৰতিবাদকাৰীৰ সন্মুখত ষ্টব্ধ অসম আৰক্ষী ।

শিৱসাগৰত আজিৰে পৰা বন্ধ হ’ব অনা অসমীয়া সংগঠন । শিৱসাগৰত এতিয়াৰে পৰা অনা অসমীয়া লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি । RSS আৰু বাহিৰাগত লোকৰ বুকু কপাই আকাশ বতাহত মিলি গৈছে কেৱল প্ৰতিধ্বনি “জয় আই অসম” ।

কণা হাঁহক পতান ! চৰকাৰে প্ৰকাশ কৰা মটক অধ্যুষিত গাঁৱৰ তালিকাত নোসোমাল খোদ মটক স্বায়ত্তশাসিত পৰিষদৰ ইএম, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতিৰ গাঁৱৰ নাম…

কণা হাঁহক পতান!
চৰকাৰে প্ৰকাশ কৰা মটক অধ্যুষিত গাঁৱৰ তালিকাত নোসোমাল খোদ মটক স্বায়ত্তশাসিত পৰিষদৰ ইএম, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতিৰ গাঁৱৰ নাম

চৰকাৰে এপিনে ৰাজ্যৰ জনগোষ্ঠীসমূহৰ সবলীকৰণৰ কথা কৈ আহিছে আৰু আনফালে বহু জনগোষ্ঠীৰ ক্ষেত্ৰত পক্ষপাতিত্বৰ মনোভাব প্ৰদৰ্শন কৰি আহিছে। সেই কথা এতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে মটক জনগোষ্ঠী অধ্যুষিত গাঁৱৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰকাশ কৰা এখন তালিকাৰ পৰা। ১৬ আগষ্টৰ দিনা ডিব্ৰুগড়ৰ জিলা আয়ুক্তই ৫০ শতাংশতকৈ ওপৰত মটক জনগোষ্ঠীৰ লোকে বাস কৰা অসমৰ বিভিন্ন জিলাৰ ৭৩ খন গাঁৱৰ তালিকা প্ৰকাশ কৰিছে। জিলা আয়ুক্তগৰাকীয়ে এই বিষয়ত জাৰি কৰা জাননীত কৈছিল- চৰকাৰৰ ১৮ জুলাই ২০২৩ তাৰিখৰ অধিসূচনা নং ই.২৪৬৭১৮/২০২২/৩২৮ মৰ্মে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰধান সচিবৰ পৰা লাভ কৰা নিৰ্দেশ মৰ্মে মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ৰ ধাৰা ৪২ অনুসৰি মটক স্বায়ত্তশাসিত পৰিষদৰ ভূখণ্ডৰ সীমা নিৰ্ধাৰণৰ বাবে ৭৩খন গাঁৱৰ খচৰা তালিকা প্ৰকাশ কৰা হৈছে। জাননী খনত খচৰা প্ৰকাশৰ তাৰিখ, দাবী আৰু আপত্তি লাভ কৰাৰ শেষ তাৰিখ আদিও উল্লেখ কৰা হৈছে। সেইমৰ্মে প্ৰকাশ কৰা গাঁৱৰ তালিকা সন্দৰ্ভত দাবী আৰু আপত্তি দাখিলৰ তাৰিখ ২৭ আগষ্ট ২০২৪ নিৰ্ধাৰণ কৰাৰ লগতে দাবী আৰু আপত্তি নিষ্পত্তিৰ পিছত মটক অধ্যুষিত লোকৰ গাঁৱৰ চূড়ান্ত তালিকা ৩১ আগষ্ট ২০২৪ত প্ৰকাশ কৰা হ’ব বুলি কোৱা হৈছে। জাননী খনত এই বিষয়ত থকা সকলো দাবী আৰু আপত্তি লিখিতভাৱে অনুপ কুমাৰ ব্ৰহ্ম, এ চি এছ, ডি ডি চি, ডিব্ৰুগড় বা ছেইণ্ট সুপ্ৰিয়া বাওলাৰী, এচিএছ, সহকাৰী আয়ুক্ত, ডিব্ৰুগড় বা নিজ নিজ জিলাৰ ন’ডেল বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব বুলিও কোৱা হৈছে। কিন্তু ডিব্ৰুগড়ৰ আয়ুক্তই প্ৰকাশ কৰা ৫০ শতাংশতকৈ অধিক মটক লোক অধ্যুষিত গাঁৱৰ তালিকাই এতিয়া অসমৰ প্ৰাচীন জনগোষ্ঠীটোৰ লোকসকলক হতভম্ব কৰি তোলাই নহয়, ক্ষোভিতও কৰি তোলা পৰিলক্ষিত হৈছে। চৰকাৰে কণা হাঁহক পতান দিয়াৰ দৰে অসম্পূৰ্ণ তথ্যৰে মটক লোক অধ্যুষিত গাঁৱৰ তালিকা প্ৰকাশ কৰাৰ কথা এতিয়া প্ৰমাণ হৈ পৰিছে । কাৰণ চৰকাৰে প্ৰকাশ কৰা মটক লোক অধ্যুষিত গাঁৱৰ তালিকাত ৫০ শতাংশতকৈ অধিক মটক লোকতো বাদেই ১০০ শতাংশ মটক লোকে বাস কৰা বহু গাঁৱো অন্তৰ্ভুক্ত হোৱা নাই । লক্ষ্যণীয় কথাটো হ’ল মটক স্বায়ত্তশাসিত পৰিষদৰ ইএম ডেভিড চেতিয়া তথা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁইৰ জন্ম গাওঁ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ ফুটাহোলা

( ফুলামপুৰ) ই এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই। অথচ কেৱল ফুটাহোলাই নহয়, ডিব্ৰুগড়ৰ আন এনে বহু গাওঁ আছে য’ত ১০০ শতাংশই মটক জনগোষ্ঠীৰ লোকে বাস কৰে। এনমে ১০০ শতাংশ মটক জনগোষ্ঠীৰ লোকে বাস কৰা গাওঁসমূহক তালিকাৰ পৰা বাদ দি চৰকাৰে জনগোষ্ঠীটোৰ লোকসকলৰ মাজৰে বহুতকে প্ৰতাৰণা কৰা বুলি এতিয়া মটক জনগোষ্ঠীৰ বহুতে মন্তব্য কৰিছে । ডিব্ৰুগড়ৰ জিলা আয়ুক্তই কিহৰ ভিত্তিত এনে এখন অসম্পূৰ্ণ আৰু পক্ষপাতদুষ্ট তালিকা প্ৰকাশ কৰি মটক জনগোষ্ঠীৰ লোকসকলৰ সৈতে লেৰা ধেমালি খেলিলে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এইখিনিতে উল্লেখ কৰিবলগীয়া বিশেষ কথাটো হ’ল মটক লোক অধ্যুষিত গাঁৱ চিহ্নিত কৰি তালিকা প্ৰস্তুত কৰিবলৈ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আদিৰ দৰে সংগঠনৰ প্ৰতিনিধিক লৈ এখন বিশেষ সমিতি গঠন কৰা হৈছিল। কিন্তু ডিব্ৰুগড়ৰ জিলা আয়ুক্তই সেই সমিতি খনক সম্পূৰ্ণ আন্ধাৰত সম্পূৰ্ণ নিজা উদ্যোগত মইমতালিৰে ৫০ শতাংশতকৈ অধিক মটক লোকে বাস কৰা মাত্ৰ ৭৩ খন গাওঁকলৈ তালিকা প্ৰকাশ কৰা বুলি এতিয়া বহুতে ক্ষোভ উজাৰিছে। ১০০ শতাংশ মটক লোকে বাস কৰা গাওঁকো এই তালিকাৰ পৰা বাদ দি চৰকাৰে কি বুজাবৱ বিচাৰিছে বুলিও বহুতে প্ৰশ্ন কৰিছে। উল্লেখ্য অসম চৰকাৰে মটক জনগোষ্ঠীৰ উন্নয়নৰ অৰ্থে পাঁচ বছৰৰ বাবে ১২৫ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল। কিন্তু সেই পেকেজৰ ধন বছৰি ২৫ কোটিকৈ পাব লাগিছিল যদিও এতিয়ালৈকে মাত্ৰ ২০ কোটি টকাহে মোকলাই দিয়া হৈছে। যিটো সময়ত অসম কেবিনেটে ৯ আগষ্টত ৰাজ্যৰ স্থানীয় জনগোষ্ঠীসমূহৰ সবলীকৰণৰ লক্ষ্যৰে মৰাণ আৰু মটক জনগোষ্ঠীৰ নিজ নিজ স্বায়ত্তশাসিত পৰিষদত প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে উল্লেখযোগ্য সংশোধনীত অনুমোদন জনাইছে সেই সময়তে ডিব্ৰুগড়ৰ জিলা আয়ুক্তই প্ৰকাশ কৰা ৫০ শতাংশতকৈ ওপৰৰ মটক লোক অধ্যুষিত গাওঁৰ তালিকাই মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে যে চৰকাৰৰ এধানিমানো সদিচ্ছা নাই তাকেই প্ৰতীয়মান কৰা বুলি বহুতে মন্তব্য কৰিছে।

ইপিনে ডিব্ৰুগড়ৰ জিলা আয়ুক্তই প্ৰকাশ কৰা ৫০ শতাংশতকৈ ওপৰৰ মটক লোক অধ্যুষিত গাওঁৰ তালিকাখন কোনো পধ্যে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁইয়ে। মটক জনগোষ্ঠীৰ বিষয়ে নূন্যতম ধাৰণাও নথকা ব্যক্তিৰ দ্বাৰা প্ৰকাশ কৰা এনে তালিকাই জনগোষ্ঠীটোক চূড়ান্তভাবে অপমান কৰা বুলিও গোহাঁইয়ে ক্ষোভ প্ৰকাশ কৰে। সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱাই এই তালিকাৰ তীব্ৰ বিৰোধিতা কৰি কয় যে মটক অধ্যুষিত গাঁৱৰ তালিকা প্ৰস্তুতৰ বাবে এখন সমিতি গঠন কৰি দিয়া হৈছিল যদিও সেই সমিতি খনক উপেক্ষা কৰি চৰকাৰে এনেদৰে মটক লোকে বাস কৰা গাঁৱৰ অসম্পূৰ্ণ তালিকাৰ খচৰা প্ৰকাশ কৰিছে। এই খচৰা তালিকা কোনো পধ্যে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি ৰাজখোৱাই কয় যে চৰকাৰে মটক অধ্যুষিত গাঁওসমূহৰ নতুনকৈ আৰু নিৰ্ভুলভাবে জৰীপ চলাব লাগিব। তাৰ পিছতহে সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা সমীচিন হ’ব। ইয়াৰ অন্যথা তীব্ৰ গণ প্ৰতিৰোধ গঢ়ি তোলা হ’ব বুলিও তেওঁ সকিয়াই দিয়ে। ইপিনে তালিকা খনকলৈ মটক জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। ১০০ শতাংশ মটক লোকে বাস কৰা বহু গাঁৱো তালিকাৰ পৰা বাদ পৰাই কথাই ক্ষুব্ধ কৰি তুলিছে মটক জনতাক। চৰকাৰে এই অসম্পূৰ্ণ আৰু ভুল তালিকা প্ৰত্যাহাৰ কৰি নতুন তথা সম্পূৰ্ণ তালিকা প্ৰকাশৰ পদক্ষেপ গ্ৰহণ নকৰিলে মটক জনতাই প্ৰৱল গণপ্ৰতিৰোধ গঢ়ি তুলিব বুলি সকিয়াই দিছে। এই ভুল তালিকাৰ বিৰুদ্ধে মটক জনতাই ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ো ঘেৰাও কৰাৰ সম্ভাৱনা থকা বুলি বহুতে মন্তব্য কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য চৰকাৰে শেহতীয়াকৈ মৰাণ স্বায়ত্ত শাসিত পৰিষদ আইন, ২০২০ (সংশোধিত) আৰু মটক স্বায়ত্ত শাসিত পৰিষদ আইন, ২০২০ (সংশোধিত) সংশোধনৰ বাবে কেবিনেটে অনুমোদন জনাইছিল। এই সংশোধনীসমূহে দুয়োটা পৰিষদৰ সমষ্টিৰ সংখ্যা বৰ্তমানৰ ২২টাৰ পৰা ২৭টালৈ বৃদ্ধি কৰিব, যাৰ ফলত মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকৰ প্ৰতিনিধিত্ব যথেষ্ট বৃদ্ধি কৰিব বুলি চৰকাৰে কৈছিল। কিন্তু ইয়াৰ মাজতে মটক লোকে বাস কৰা গাঁৱৰ ভুল তালিকা প্ৰকাশে চৰকাৰৰ স্থিতিকেই সন্দিহান কৰি তুলিছে বুলি এতিয়া সৰব চৰ্চা চলিছে।

সুৰাপায়ীৰ বাবে অৱশেষত সুখবৰ ! ৰাজ্যত কমিল বিলাতী সুৰাৰ মূল্য…

সুৰাপায়ীৰ বাবে অৱশেষত সুখবৰ

হঠাৎ ৰাজ্যত কমিল বিলাতী সুৰাৰ মূল্য

কেইবাটাও ব্ৰেণ্ডত হ্ৰাস কৰা হৈছে আবকাৰী শুল্ক

বিয়েৰ, ৰাম, হুইচকীত ৩০% টকা পর্যন্ত ৰেহাই

কেৱল (ফুল)৭৫০ মিলি মিটাৰৰ বটলত কমিল দাম

সুৰাৰ কোৱাটাৰ-হাফ বটলত থাকিব পূৰ্বৰ মূল্য

বিয়েৰৰ বটলত ২২ৰ পৰা ৩৫ টকা পৰ্যন্ত দাম হ্ৰাস

লাকজাৰী ব্ৰেণ্ডৰ সুৰাৰ দাম কমিব ১৫০টকা পৰ্যন্ত

ব্ৰেন্দি, জিন, হুইচকী ব্ৰেণ্ডত দাম কমিব ৬৫% পর্যন্ত

ৰাজ্যৰ আবকাৰী বিভাগে জাৰি কৰিছে সুৰাৰ নতুন নিৰিখ

মাজুলীত লুইতৰ বুকুত আবদ্ধ ‘এছ বি চন্দন’ নামৰ ফেৰীখন ! ফেৰীখনত আছিল ৪০খন বাইক, এখন চাৰিচকীয়া বাহন…

মাজুলীত লুইতৰ বুকুত আবদ্ধ ‘এছ বি চন্দন’ নামৰ ফেৰীখন।

কমলাবাৰী ঘাটৰ পৰা নিমাতি অভিমুখে গৈ আছিল ফেৰীখন।

ফেৰীখনত আছিল ৪০খন বাইক, এখন চাৰিচকীয়া বাহন।

আজি বিশ্ব ফটোগ্ৰাফী দিৱস ! ১৮৩৭ চনত পোন প্ৰথমে ফ্ৰান্সত উদযাপন কৰা হৈছিল বিশ্ব ফটোগ্ৰাফী দিৱস…

আজি বিশ্ব ফটোগ্ৰাফী দিৱস।দৃশ্যমান কলা হিচাপে আলোকচিত্ৰ বা ফটোৰ যুগান্তকাৰী ভূমিকাৰ কথা সৰ্বজনবিদিত।ডিজিটেল যুগতো ফটোৰ প্ৰসাৰে পাইছে বিশেষ গুৰুত্ব।প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে উদযাপন কৰা হয়। ফ্ৰান্স আছিল ফটোগ্ৰাফীৰ অগ্ৰণী দেশ।

বিশ্বৰ প্ৰথম ফটোগ্ৰাফী প্ৰক্ৰিয়া ফ্ৰান্সতেই আৰম্ভ হৈছিল। ১৮৩৭ চনত যোচেফ নাইচফোৰ নিপচেৰ সহযোগত ফৰাচী ব্যক্তি লুইত ডাগোৱেৰে বিকশিত কৰিছিল এটি ফটোগ্ৰাফী প্ৰক্ৰিয়া। দুবছৰৰ অন্তত ফৰাচী বিজ্ঞান একাডেমীয়ে দুয়োৰে আৱিষ্কাৰক প্ৰশংসা কৰি ইয়াক বিশ্বৰ বাবে এক উপহাৰ বুলি অভিহিত কৰে।

১৮৩৯ চনত ১৯ আগষ্টত এই বিষয়ে ঘোষণা কৰা হৈছিল আৰু ফ্ৰান্স চৰকাৰে ফটোগ্ৰাফী পদ্ধতিৰ পেটেণ্ট ক্ৰয় কৰিছিল।তেতিয়াৰে পৰা প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰি অহা হৈছে।