Home Blog Page 577

FPI Inflow: পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ
পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

পুনৰ ভাৰতীয় শ্বেয়াৰ ক্ৰয় বৃদ্ধি কৰিছে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে। নতুন মাহৰ মাত্ৰ এসপ্তাহ পাৰ হোৱাৰ লগে লগে ভাৰতীয় শ্বেয়াৰত এফ পি আই বিনিয়োগৰ পৰিসংখ্যা প্ৰায় ১১ হাজাৰ কোটি টকা। (FPI Inflow)

নেশ্যনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেডৰ তথ্য অনুসৰি ৬ ছেপ্টেম্বৰলৈকে এই মাহত এফ পি আইয়ে ১০,৯৭৮ কোটি টকাৰ ভাৰতীয় শ্বেয়াৰ ক্ৰয় কৰিছে। ৬ ছেপ্টেম্বৰ শুকুৰবাৰ আছিল চলিত মাহৰ প্ৰথম সপ্তাহৰ শেষ ব্যৱসায়িক দিন। দুদিনীয়া ছুটীৰ পিছত এতিয়া নতুন সপ্তাহত ৯ ছেপ্টেম্বৰ সোমবাৰে বজাৰখন মুকলি হয়।

ছেপ্টেম্বৰ মাহত মুঠ বিনিয়োগ ১৯০০০ কোটি টকা অতিক্ৰম । ইয়াৰ লগে লগে এই মাহৰ ভিতৰত ভাৰতীয় বজাৰত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীৰ মুঠ বিনিয়োগ ১৯,০৮৭ কোটি টকা হয়। ভাৰতীয় ইকুইটিৰ উপৰিও মুঠ পৰিসংখ্যাত ঋণ, হাইব্ৰিড আৰু ঋণ-ভিআৰআৰত বিনিয়োগৰ পৰিসংখ্যাও অন্তৰ্ভুক্ত কৰা হৈছে। যোৱা মাহত ঋণৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰা এফ পি আইয়ে চলিত মাহত ঋণত কম ধন বিনিয়োগ কৰিছে।

তথ্য অনুসৰি ছেপ্টেম্বৰ মাহত এফ পি আইয়ে এতিয়ালৈকে মাত্ৰ ৯৪ কোটি টকা ঋণৰ বিনিয়োগ কৰিছে। যোৱা মাহত ঋণত এফ পি আইৰ বিনিয়োগ আছিল ১৭,৯৬০ কোটি টকা। কিন্তু আগষ্ট মাহত এফ পি আইয়ে ভাৰতীয় শ্বেয়াৰত মাত্ৰ ৭,৩২০ কোটি টকা বিনিয়োগ কৰিছিল। আগষ্ট মাহত ইকুইটি, ঋণ, হাইব্ৰিড আৰু ঋণ-ভিআৰআৰকে ধৰি এফপিআইৰ নিকা বিনিয়োগ আছিল ২৫,৪৯৩ কোটি টকা।

এফপিআইৰ বিক্ৰী সৰ্বাধিক বিনিয়োগ হৈছিল জুলাই মাহত । যদিহে এই ধাৰা মাহৰ শেষলৈকে চলি থাকে, তেন্তে এই মাহটোৱেই চলিত বিত্তীয় বৰ্ষত এফ পি আইৰ দ্বাৰা সৰ্বাধিক বিনিয়োগ কৰা মাহ বুলি প্ৰমাণিত হ’ব পাৰে। বৰ্তমান এই বিত্তীয় বৰ্ষত এফ পি আইয়ে জুলাই মাহত ভাৰতীয় শ্বেয়াৰত সৰ্বাধিক ৩২,৩৬৫ কোটি টকা বিনিয়োগ কৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহ অৰ্থাৎ এপ্ৰিল আৰু মে’ত এফ পি আই ক্ৰমে ৮,৬৭১ কোটি আৰু ২৫,৫৮৬ কোটি টকা বিক্ৰী হৈছিল। জুন মাহত এফ পি আইয়ে ভাৰতীয় শ্বেয়াৰত ২৬,৫৬৫ কোটি টকা বিনিয়োগ কৰিছিল।

লগতে পঢ়ক : Raymond Lifestyle Listing: শ্বেয়াৰ বজাৰত মুকলি হ’ল ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক…

Published by: Jebin Sultana

Bhupen Hazarika Birthday: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী

বুঢ়া লুইতৰ পৰা মিচিচিপি লৈ দিগন্ত কঁপোৱা দূৰন্ত তৰুণ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ৯৮ সংখ্যক জন্মবাৰ্ষিকী। সুধাকণ্ঠৰ ওপজা দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশেষ কাৰ্যসূচী। সুধাকণ্ঠৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে বিশ্ব বিশ্ৰুতশিল্পীগৰাকীলৈ।(96th Birth anniversary of legendary singer Bhupen Hazarika)ভূপেন দাৰ গীতে–মাতে মুখৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ওপজা দিনটোত সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিছে অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক।

উজনিৰ পৰা নামনিলৈকে সুধাকণ্ঠগৰাকীক তেখেতৰ গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড: ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ, টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ভাৰত ৰত্ন সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰৰ ৯৮ সংখ্যাক জয়ন্তীত শ্ৰদ্ধাঞ্জলি যাচে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত।(Bhupen Hazarika Birthday)

উল্লেখযোগ্য যে ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্মগ্ৰহণ কৰিছিল বৰেণ্য শিল্পীগৰাকীয়ে। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল । ড৹ হাজৰিকাক এগৰাকী মানৱতাবাদী শিল্পী বুলিও গণ্য কৰা হয় ৷ সুধাকন্ঠৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল ৷ শিল্পীগৰাকীয়ে ১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ আৰু ২০০৯ চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত হৈছিল। আনহাতে ১৯৯২ত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল ড০ ভূপেন হাজৰিকাক। ২০১২ত ভাৰতৰ চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান পদ্মবিভূষণ আৰু ২০১৯ত মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল বিশ্বৰ বৰেণ্য শিল্পীগৰাকীক।

ভূপেন দা বিহীন বহু বছৰ পাৰ হ’ল ৷ আজি অসম ৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে শিল্পীগৰাকীক৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীক তেখেতৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে।


7th National Poshan Maah 2024: দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী

7th National Poshan Maah 2024: Over 1 point 37 Crore Activities Completed in 752 Districts Across India
দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰঃ ২০২৪ চনৰ ৩১আগষ্টত গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত আৰম্ভ হোৱা সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহত ৰক্তহীনতা, শাৰীৰিক বৃদ্ধি নিৰীক্ষণ, পৰিপূৰক খাদ্য প্ৰদান আৰু পোষণ ভি পঢ়াই ভি আদি মূল বিষয়বস্তু সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে(7th National Poshan Maah 2024)। এই অভিযানে এক পেড় মা কে নাম পদক্ষেপৰ জৰিয়তে পৰিৱেশ বহনক্ষমতাক গুৰুত্ব আৰোপ কৰিছে, য’ত কাৰ্যক্ষম হৈ থকা ১৩.৯৫ লাখ অংগনবাড়ী কেন্দ্ৰত বাগিচা স্থাপনত উৎসাহিত কৰা হৈছে ।

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ দেশজোৰা উদযাপনৰ ষষ্ঠটো দিন পৰ্যন্ত ৩৫ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাৰ পৰা ১.৩৭ কোটি কাৰ্যকলাপ সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ এতিয়ালৈকে শীৰ্ষ অৱদান আগবঢ়োৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈছে।

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ থিমৰ ক্ষেত্ৰত ( মূল কেন্দ্ৰবিন্দু হিচাবে গ্ৰহণ কৰা এলেকাসমূহক লৈ) আজিলৈকে ৰক্তহীনতাৰ বিষয়ত ৩৯ লাখতকৈ অধিক কাৰ্য্যকলাপ, শাৰীৰিক বৃদ্ধি নিৰীক্ষণৰ ক্ষেত্ৰত ২৭ লাখতকৈ অধিক কাৰ্য্যকলাপ, পৰিপূৰক খাদ্যৰ বিষয়ত প্ৰায় ২০ লাখ কাৰ্য্যকলাপ, পোষণ ভি পঢ়াই ভিৰ বিষয়ত ১৮.৫ লাখৰো অধিক কাৰ্য্যকলাপ সম্পন্ন কৰা হৈছে ।

তাৰোপৰি ‘এক পেড় মা কে নাম’ৰ জৰিয়তে পৰিৱেশ বহনক্ষমতাৰ বিষয়ত ৮ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৰুত্ব আৰোপ কৰা মূল ক্ষেত্ৰসমূহৰ ভিতৰত এক উন্নত প্ৰশাসনৰ বাবে প্ৰযুক্তিয়ে মহিলা আৰু শিশু উন্নয়নৰ সৈতে জড়িত নিৰ্দিষ্ট কৰ্মীসকলক ১০ লাখতকৈ অধিক কাৰ্য্যকলাপ সম্পন্ন কৰিবলৈ উৎসাহিত কৰিছে। যিয়ে আইচিটি এপ্লিকেচন পোষণ ট্ৰেকাৰৰ(ICT applications Poshan Tracker) সৈতে জড়িত পুষ্টিসূচক আৰু সামগ্ৰিকভাৱে কাৰ্যসূচীগত ক্ষেত্ৰসমূহৰ ফলপ্ৰসূ ৰূপায়ণ তথা নিৰীক্ষণত সহায় কৰাৰ লক্ষ্য আগত ৰাখিছে।

২০১৮ চনত দেশৰ প্ৰথম পুষ্টিকেন্দ্ৰিক জন আন্দোলন আৰম্ভ হোৱাৰ পৰাই বিভিন্ন মন্ত্ৰালয়/ বিভাগসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি এই জন আন্দোলনক আগুৱাই নিয়া হৈছে। বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ সমন্বয়ে বিভিন্ন ধৰণৰ লোক বিশেষকৈ তৃণমূল পৰ্যায়ৰ লোকৰ ওচৰলৈ যোৱাত সহায় কৰিছে। আজিলৈকে চলি থকা পোষণ মাহত শীৰ্ষ অৰিহণা যোগোৱা মন্ত্ৰালয়সমূহ হৈছে ১.৩৮ লাখ কাৰ্য্যকলাপেৰে শিক্ষা মন্ত্ৰালয়(Ministry of Education), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে, ১.১৭ লাখ কাৰ্য্যকলাপ(Ministry of Health and Family Welfare), গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে ১.০৭ লাখ কাৰ্য্যকলাপ(Ministry of Rural Development), আয়ুষ মন্ত্ৰালয়ে ৬৯ হাজাৰ কাৰ্যসূচীৰে(AYUSH Ministry) আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে পোষণ মাহ ২০২৪ত একাধিক বিষয়বস্তুক লৈ ৬৪ লাখ কাৰ্যসূচীৰ সম্পন্ন কৰিছে(Ministry of Panchayati Raj)।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ স্থানীয় পৰিৱেশৰ সৈতে সৰ্বোত্তমভাৱে উপযুক্ত কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ স্বাধীনতা দিয়া হৈছে যদিও এতিয়ালৈকে শীৰ্ষত আৰোহন কৰা কাৰ্য্যকলাপসমূহ হৈছে- শিশুৰ বাবে ৰক্তহীনতা শিবিৰ আয়োজন কৰা , কিশোৰীৰ (১৪-১৮ বছৰ)বাবে ৰক্তহীনতা শিবিৰ ,শাৰীৰিক বৃদ্ধি নিৰীক্ষণ কৰা আদিৰ লগতে এনেবোৰ বিষয়ত সজাগতা সম্পৰ্কীয় অধিৱেশন, শাৰীৰিক বৃদ্ধি জোখা পৰীক্ষণ, প্ৰজননক্ষম মহিলাৰ বাবে ৰক্তহীনতা শিবিৰ, বৃদ্ধি জোখা (SAM/ MAM পৰীক্ষা), পৰিপূৰক খাদ্যৰ বিষয়ত বিভিন্ন কাৰ্য্যকলাপ/ শিবিৰ (শিশুৰ ৬ মাহ বয়সত নিৰাপদ, পৰ্যাপ্ত আৰু উপযুক্ত পৰিপূৰক খাদ্য) আয়োজন কৰা হৈছে(Su-poshit Kishori, Sa-shakt Nari) ।

একেধৰণে নগৰীয়া বস্তি ভিত্তিক ৰক্তহীনতা শিবিৰসহ আউটৰিচ কাৰ্য্যকলাপ, স্থানীয় খাদ্য সামগ্ৰীৰ জৰিয়তে পৰিপূৰক খাদ্য ৰেচিপি ৰন্ধন সম্পৰ্কীয় প্ৰদৰ্শনীমূলক অধিবেশন, এছ এইচ জি, এন এছ এছ/ এন ৱাই কে আদি ৰক্তহীনতা সম্পৰ্কীয় আউটৰিচ কাৰ্য্যকলাপ, পৰিপূৰক খাদ্যৰ ক্ষেত্ৰত খাদ্য বৈচিত্ৰ্য সম্পৰ্কীয় সজাগতা শিবিৰ, শিক্ষা চৌপাল মূলতঃ অংগনবাড়ী কেন্দ্ৰসমূহত ইচিচিই শিক্ষণসমূহৰ প্ৰচাৰ, ‘এক পেড় মা কে নাম’ৰ জড়িয়তে বাগিচা সৃষ্টিৰে পৰিৱেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতি, থলুৱা খেলৰ বিষয়ে প্ৰচাৰ কৰা আৰু খেল ভিত্তিক শিক্ষণৰ ওপৰত শিশু তথা অভিভাৱকৰ বাবে প্ৰদৰ্শনী অধিবেশন/কাৰ্য্যকলাপ, নগৰীয়া বস্তি ভিত্তিক শাৰীৰিক বৃদ্ধি জোখা অভিযান(SAM/ MAM screening), TOYathon – DIY/ অংগনবাড়ী কৰ্মীৰ জড়িয়তে থলুৱা খেলনা নিৰ্মাণ কৰ্মশালা, খেলনা ভিত্তিক আৰু খেলা-ভিত্তিক শিক্ষণ প্ৰচাৰৰ বাবে সমূহীয়া ভিত্তিত ‘খেলো আৰু পঢ়ো’ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ।

এইসমূহ কাৰ্যসূচীৰ ওপৰিও গৰ্ভৱতী মহিলাৰ ওজন বৃদ্ধিৰ বাবে জোখ-মাখ অভিযান (গৰ্ভাৱস্থাৰ ওজন বৃদ্ধি সম্পৰ্কীয়) আৰু ইয়াৰ তথ্য পোষণ ট্ৰেকাৰত অন্তৰ্ভুক্ত কৰা, গাঁৱৰ সীমাৰ ভিতৰত উপলব্ধ বিভিন্ন খাদ্যৰ বিষয়ত আলোকপাত কৰিবলৈ অংগনবাড়ী কৰ্মীৰ জড়িয়তে খাদ্য সম্পদৰ মেপিং, আৰু সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে পৰিৱেশ সুৰক্ষাৰ বিষয়ত আউটৰিচ কাৰ্য্যকলাপ আদি ৰূপায়ন কৰি অহা হৈছে ।

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ আৰু চৰকাৰী সহযোগিতাৰে দেশজুৰি সংহত পদ্ধতিৰে চলি থকা পোষণ মাহে “সু-পোষিত কিশোৰী স-শক্ত নাৰী”ৰ শ্লোগানক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

Police Officer Jitumoni Deka Suspended: বিতৰ্কিত চুমীৰ বৰাৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া; অ’চি জিতু ডেকাক নিলম্বন

বিতৰ্কিত চুমীৰ বৰাৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া; অ'চি জিতু ডেকাক নিলম্বন
বিতৰ্কিত চুমীৰ বৰাৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া; অ'চি জিতু ডেকাক নিলম্বন

গোলাঘাট,৭ ছেপ্টেম্বৰঃ বিতৰ্কিত তাৰ্কিক বৰা আৰু চুমী বৰাৰ বিয়া খাবৰ বাবে ৰাজস্থানৰ উজয়পুৰলৈ গৈ অৱশেষত চাকৰিৰ পৰা নিলম্বন হ’ল গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা(Police Officer Jitumoni Deka Suspended) । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তৎকালীনভাৱে বলবৎ হোৱাকৈ এই নিৰ্দেশ জাৰী কৰিছে(Assam Director General of Police G.P. Singh) ।

শ-শ কোটি টকীয়া ট্ৰেডিং মাষ্টাৰ বিশাল ফুকন জালত বন্দী হোৱাৰ পাছত বিশালৰ পাতি লোৱা বায়েক চুমী বৰাৰ কোটি টকীয়া বিয়া খাবলৈ যোৱা অন্যতম অতিথি আছিল গোলাঘাট থানাৰ অ’চি জিতুমণি ডেকা(Tarkik-Sumi lavish wedding) । সামাজিক মাধ্যমত ভাইৰেল হৈছিল জিতুমণি ডেকাৰ গ্ৰুপ ফটো । তাৰ পাছতেই চৰকাৰ তথা অসম আৰক্ষীৰ দৃষ্টিগোচৰ হয় বিষয়টো।‌ সমগ্ৰ ঘটনাটোৱে এক নতুন মোৰ লৈছে(Golaghat Sadar Police OC Jitumoni Deka) ।‌

উল্লেখ্য যে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী বিষয়া জিতুমণি ডেকাই গোলাঘাটৰ সাংবাদিকৰ ওচৰত এনেদৰে কয়- “ৰাজস্থানত অনুষ্ঠিত তাৰ্কিক আৰু চুমিৰ বিবাহ অনুষ্ঠানত তেওঁ শুভাকাঙ্খী হিচাপেহে উপস্থিত আছিল। যিহেতু ২০১২-২০১৩ চন মানৰে পৰা তাৰ্কিক বৰাৰ সৈতে এক ভাতৃত্ব সুলভ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সেই সূত্ৰেই তাৰ্কিক বৰাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ উক্ত বিবাহ অনুষ্ঠানত উপস্থিত আছিল।

ডেকাই লগতে কয় যে,”মই সৰুৰে পৰাই ফটোগ্ৰাফী কৰি ভাল পাইছিলো,যাৰ বাবে পঢ়া-শুনা , চাকৰি আদিৰ মাজতে ফটোগ্ৰাফীৰ জগতখনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলো। ২০১২-১৩ চনত মই তেজপুৰৰ টাউনৰ উপ- পৰিদৰ্শক হৈ থাকোতে তাৰ্কিক বৰাৰ সৈতে পৰিচয় হৈছিলো আৰু তেতিয়াৰ পৰাই তাৰ্কিকৰ লগত এক সু সম্পৰ্ক আছিল। সেইসময়ত তাৰ্কিক বৰাসহ তেওঁৰ সহপাঠীসকলে এন জি অ’ জৰিয়তে তেজপুৰত বিভিন্ন কাৰ্যসূচী হাতত লৈছিল আৰু তাৰেই অনুমতি বিচাৰি আৰক্ষী থানা লৈ অহা যোৱা কৰিছিল। তেনেকৈয়ে তাৰ্কিকৰ লগত চিনা পৰিচয় হৈ এদিন তেওঁ ভাতৃৰ দৰে হৈ পৰিছিল। তেনে সম্পৰ্কৰ সুবাদতে বিভিন্ন সময়ত তাৰ্কিককে ধৰি অন্যান্যসকলৰ সৈতে আমি ফটোগ্ৰাফীৰ বাবে বিভিন্ন অঞ্চললৈ একেলগে গৈছিলো। এনেকৈয়ে ফটোগ্ৰাফীৰ সৈতে জড়িত হৈ মই আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিলো । তাৰ্কিকৰ লগত থকা এনে সু- সম্পৰ্কৰ বাবেই হয়তো তাৰ্কিকৰ অনুৰোধ ৰক্ষা কৰি চৰকাৰীভাৱে ছুটী লৈ তেওঁলোকৰ বিবাহ অনুষ্ঠানত উপস্থিত হৈছিলোগৈ ।”

ফটোগ্ৰাফীৰ বাহিৰে তাৰ্কিকৰ সৈতে অন্য কোনো সম্পৰ্ক নথকা বুলি দাবী কৰি জিতুমণি ডেকাই লগতে কয় যে, বৰ্তমান চৰ্চা হৈ থকা ট্ৰেডিং আদিৰ দৰে কথা বতৰাবোৰত তেওঁৰ কোনো সম্পৰ্ক নাই । লগতে তাৰ্কিক বৰাৰ বাহিৰে অন্য চৰ্চিত ব্যক্তিসকলৰ লগত ডেকাৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং

International Day of Police Cooperation 2024: ইণ্টাৰপলৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস উদযাপন

International Day of Police Cooperation 2024
ইণ্টাৰপলৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস উদযাপন

নতুন দিল্লী,৭ ছেপ্টেম্বৰ: বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক স্বীকৃতি দি ৭ ছেপ্টেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস হিচাপে পালন কৰা হয়(International Day of Police Cooperation 2024) । এই দিনটোত বিশ্বৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশ্বৰ আইন প্ৰয়োগকাৰীসকলৰ অপৰিহাৰ্য কামক স্বীকৃতি দিয়া হয়(Honoring Global Law Enforcement) । এই দিনটোৱে আৰক্ষীৰ তদাৰকী আৰু জবাবদিহিতাৰ বাবে এক বিস্তৃত কাঠামো স্থাপনৰ বাবে এক স্থায়ী আৰু দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰাৰ লগতে আৰক্ষী ব্যৱস্থাৰ ভিতৰত সততাক শক্তিশালী কৰি তুলিছে ।

২০২২ চনৰ ১৬ ডিচেম্বৰত গ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱসৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱত ইয়াক নিৰ্ধাৰণ কৰা হৈছিল(United Nations General Assembly resolution) । অপৰাধ আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজিবলৈ সীমান্তৰ সিপাৰে সম্পদ, চোৰাংচোৱা আৰু বিশেষ কৌশলৰ ভাগ-বাটোৱাৰা কৰাৰ গুৰুত্বৰ সোঁৱৰণী হিচাপে এই দিন উদযাপন কৰা হয় ।

এই দিৱসটোৱে আৰক্ষীৰ তদাৰকী আৰু জবাবদিহিতাৰ কাঠামো স্থাপনৰ বাবে এক স্থায়ী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । ইয়াৰ উপৰিও জনসাধাৰণৰ আস্থা বৃদ্ধিৰ বাবে স্বচ্ছতা আৰু সততাৰ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথাও সোঁৱৰাই দিয়ে (Police oversight and accountability)। ১৯২৩ চনৰ ৭ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰক্ষী আয়োগ (International Criminal Police Commission) গঠন হোৱাৰ লগে লগে ইণ্টাৰপ’লৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ২০২৩ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস পালন কৰে ।

এই প্ৰস্তাৱটোৱে আন্তঃৰাষ্ট্ৰীয় অপৰাধ প্ৰতিৰোধ আৰু প্ৰতিহত, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু প্ৰতিহত সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত বিশ্ব, আঞ্চলিক আৰু উপ-আঞ্চলিক পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘৰ আন্তঃসংস্থা পুলিচিঙৰ টাস্ক ফ’ৰ্চে আইনৰ শাসন শক্তিশালী কৰা, মানৱ অধিকাৰ ভিত্তিক আৰু ফলপ্ৰসূ পুলিচিং নিশ্চিত কৰা আৰু জনসাধাৰণৰ আস্থা বৃদ্ধিৰ ক্ষেত্ৰত আৰক্ষীৰ সততা, জবাবদিহিতা আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ তদাৰকীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ৰাষ্ট্ৰসংঘই কয় যে জবাবদিহিতা আৰু সততা শক্তিশালী কৰাৰ বাবে ফলপ্ৰসূ আৰক্ষীৰ আভ্যন্তৰীণ আৰু বাহ্যিক তদাৰকী ব্যৱস্থাৰ গুৰুত্ব কেৱল আৰক্ষীৰ কাৰ্যৰ পিছত হোৱা অসৎ আচৰণৰ সমাধানৰ বাহিৰেও এনে ব্যৱস্থাসমূহ এক ব্যাপক পদ্ধতিৰ অংশ, যিয়ে প্ৰতিৰোধমূলক ব্যৱস্থা, সামঞ্জস্যপূৰ্ণ আৰু কঠোৰ তদাৰকী আৰু আৰক্ষীৰ আচৰণ পৰ্যালোচনা আৰু সমাধানৰ বাবে শক্তিশালী আৰু ফলপ্ৰসূ ব্যৱস্থা অন্তৰ্ভুক্ত কৰে ।

বৰ্তমানৰ অপৰাধবোৰে শাৰীৰিক আৰু ভাৰ্চুৱেলভাৱে সীমা অতিক্ৰম কৰে । চাইবাৰ অপৰাধ, সন্ত্ৰাসবাদ, সংগঠিত অপৰাধ আৰু আৰ্থিক অপৰাধকে ধৰি এই সকলোবোৰৰ আন্তঃৰাষ্ট্ৰীয় উপাদান আছে । সংগঠিত অপৰাধী গোটসমূহে বৰ্ধিত ডিজিটেলাইজেশ্যনৰ সুযোগ লৈ আক্ৰমণ চলাইছে আৰু তেওঁলোকৰ অবৈধ ব্যৱসায়ৰ সুবিধা কৰি তুলিছে । দুৰ্বল ভুক্তভোগীক লক্ষ্য কৰি শোষণ কৰিবলৈও ছ’চিয়েল নেটৱৰ্ক আৰু প্ৰযুক্তি মঞ্চৰ ব্যৱহাৰ কৰা হৈছে ।

অপৰাধীয়ে প্ৰায়ে চুৰি পাছপ’ৰ্ট আৰু আইডি কাৰ্ড লৈ এখন দেশৰ পৰা আন এখন দেশলৈ পলায়ন কৰে । মানুহ আৰু অবৈধ সামগ্ৰীৰ সৰবৰাহত প্ৰায়ে উৎস, ট্ৰেনজিট আৰু গন্তব্যস্থানত একাধিক দেশ জড়িত হৈ থাকে । INTERPOL ৰ মতে অপৰাধীয়ে বিশ্ব সুৰক্ষাৰ দুৰ্বল যোগসূত্ৰ ব্যৱহাৰ কৰে । গতিকে সকলো দেশতে শেহতীয়া চোৰাংচোৱা তথ্য, পুলিচিং তথ্য আৰু ডাটাবেছৰ সুবিধা আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ প্ৰশিক্ষণ থকাটো গুৰুত্বপূৰ্ণ ।

ভাৰতে সদায় সকলো ধৰণৰ অপৰাধ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সংগঠনৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ মতে, সীমা অতিক্ৰম কৰা প্ৰযুক্তি সক্ষম অপৰাধৰ দ্ৰুতগতিত বিকশিত হোৱা পৰিৱেশৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতাৰ গুৰুত্ব বহু বেছি ।

নতুন দিল্লীৰ চিবিআই মুখ্য কাৰ্যালয়ত আয়োজিত দশম ইণ্টাৰপোল যোগাযোগ বিষয়া সন্মিলনত ভাৰতৰ কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ অংশগ্ৰহণ

আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰু সংগঠিত অপৰাধৰ বাবে বাস্তৱ সময়ৰ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মোহনে কয়, “অপৰাধ আৰু অপৰাধীৰ আন্তঃৰাষ্ট্ৰীয় বিচ্ছিন্নতাই বিদেশত তদন্তৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে । ডিজিটেল প্ৰমাণ আৰু বিদেশী প্ৰমাণ অপৰাধ প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত আৰু বিচাৰৰ ওপৰত ক্ৰমান্বয়ে নিৰ্ভৰশীল হৈ পৰিছে ।”

তেওঁ কয় যে চাইবাৰ সক্ষম বিত্তীয় অপৰাধ, অনলাইন উগ্ৰবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ নেটৱৰ্ককে ধৰি নতুন যুগৰ অপৰাধসমূহ সীমান্তত আবদ্ধ নহয় । নতুন দিল্লীত অনুষ্ঠিত হোৱা দশম ইণ্টাৰপ’ল যোগাযোগ বিষয়া (INTERPOL Liaison Officers) সন্মিলনত ভাষণ দি মোহনে কয় যে ক্ৰমান্বয়ে আন্তঃসংযোগী বিশ্বত আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতাৰ গুৰুত্বক অতিৰঞ্জিত কৰিব নোৱাৰি ।

লগতে পঢ়ক : India Israel arms export: ভাৰতৰ পৰা ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলিৰ ৰপ্তানি বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন

মুখ্যমন্ত্ৰী ডালে ডালে, অসম আৰক্ষী পাতে পাতে

Assam Police's Failure in Arresting Sumi Bora Amid ₹4000 Crore Online Trading Scam
মুখ্যমন্ত্ৰী ডালে ডালে, অসম আৰক্ষী পাতে পাতে

দৈনন্দিন বাৰ্তাৰ সেৱাঃ ৰাজ্যত এতিয়া এটা নামেই মানুহৰ মুখে মুখে উচ্চাৰিত হৈছে। সেয়া হৈছে চুমি বৰা। যতীন বৰাৰ ৰাঘৱৰ অভিনেত্ৰী চুমি বৰা বৰ্তমান পলাতক। অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা প্ৰায় ৪০০০ কোটি টকা সৰকাই বৰ্তমান অভিনেত্ৰীগৰাকী পলাতক। বিশেষ সূত্ৰে জানিব পৰা মতে চুমি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অলপো সম্ভাৱনা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে চুমি বৰাক এতিয়া আৰক্ষীৰ একাংশ লোকেই পলুৱাই ৰাখিছে। ইয়াৰ কাৰণ বাখা কৰি সূত্ৰটোৱে কৈছে যে চুমি বৰাক গ্ৰেপ্তাৰ কৰাৰৰ লগে লগেই বহুতৰে মুখা খোল খাই পৰিব। ক’লা ধনৰে সম্পত্তিৰ বিশাল পাহাৰ গঢ়া সকলেই মূলতঃ চুমি বৰাৰৰ জালতত বন্দী হৈছিল। তেওঁলোকৰ ভিতৰত ডিব্ৰুগড়ৰৰ বহু আগশাৰীৰ ডাক্তৰ , ৰাজনীতিক আদিও আছে। ডিব্ৰুগড়ৰৰ একাংশ ডাক্তৰে মানহক কছাইৰ দৰে ব্যৱহাৰ কৰি ধন ঘটাৰ কথা এতিয়া সৰ্বজনবিদিত। সেইসকল ডাক্তৰেই চুমি বৰাৰ মোহত পৰি লাখ লাখ টকা অন লাইন ট্ৰেডিঙত।(Who invested the money in online trading)

বিনিয়োগ কৰাৰ কথা এতিয়া পোহৰলৈ আহিছে। আচৰতি কথাটো হ’ল অসম আৰক্ষীয়ে অনলাইন ট্ৰেডিঙত কোনে কোনে ধন বিনিয়োগ কৰিছিল সেই তালিকা আজিলৈকে প্ৰকাশ কৰিবলৈ সাহস কৰা নাই। এঅই কথাতে মানুহৰ এতিয়া সন্দেহ বহুগুণে বাঢ়ি গৈছে। কাৰণ অসম আৰক্ষীয়ে ইয়াৰ আগতেও একেধৰণৰ অৰ্থনৈতিক কেলেংকাৰীৰ সৈতে জড়িত বহতকে নিজৰ অপদাৰ্থতা অথবা আন কোনো কাৰণত ধৰিবলৈ সক্ষম হোৱা নাই। আমি ইয়াত অসম আৰক্ষীয়ে আজিলৈকে ধৰিবলৈ সক্ষম নোহোৱা কেইজনমান মানুহৰ কথা উল্খেখ কৰিব বিচাৰিছো। ব্যাপক দুৰ্নীতি আৰু জঘন্য অপৰাধৰ সৈতে জড়িত এই সকল হাই-প্ৰফাইল অপৰাধীক আৰক্ষীয়েই ৰক্ষণাবেক্ষণ দিয়া বুলি এতিয়া চৰ্চা হৈছে। আৃৰক্ষীয়ে মানুহক দেখুৱাই প্ৰথমে এনেবোৰ ঘটনাত তদন্ত আৰম্ভ কৰে যদিও পিছলৈ সকলো তদন্ত ফুটুকাৰ ফেনতহে পৰিণত হয়। আমি ইয়াত আৰক্ষীয়ে আজিলৈকে ধৰিব নোৱাৰা কেইজনমান অপৰাধীৰ কথা উল্লেখ কৰিলো-


১/ ৰাজীৱ পাল (ৰাকেশ পলৰ ভাতৃ): ২০১৬ চনৰ পৰা এ পি এছ চি কেলেংকাৰী পলাতক

এ পি এছ চিৰ কুখ্যাত নগদ ধনৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়া কেলেংকাৰিৰ সৈতে জড়িত ৰাজীৱ পাল ২০১৬ চনৰ পৰা পলাতক হৈ আছে। এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ ভাতৃক ধৰিবলৈ বা তেও ক’ত আছে সেয়া নিশ্চিত কৰিবলৈ অসম আৰক্ষীৰ দৰে বিয়াগোম বাহিনীটো আজিও সক্ষম হোৱা নাই.।

২/ দীপাংকৰ বৰ্মনঃ ৭,০০০ কোটি টকাৰ আৰ্থিক জালিয়াতি

ৰাজ্যত সৌসিদিনা আৰ্থিক কেলেংকাৰীৰে তোলপাৰ লগোৱা দীপাংকৰ বৰ্মণনোকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। আৰক্ষীৰ আশীৰ্বাদতেই তেওঁ এতিয়া পলাতক হৈ থাকিবলৈ সক্ষম হৈছে বুলি চৰ্চা চলিছে। দীপাংকৰ বৰ্মনে বৃহৎ বিত্তীয় জালিয়াতিৰ পৰিকল্পনা কৰিছিল, তেওঁৰ প্ৰতিষ্ঠান ডি বি ষ্টক ব্ৰকিঙৰ জৰিয়তে। এনেদৰে তেওঁ বিনিয়োগকাৰীক ৭,০০০ কোটিৰো অধিক টকাৰ প্ৰতাৰণা কৰিছিল। এই কেলেংকাৰীয়ে

৩/ সুনীল গগৈঃ ২০২৪ চনৰ জুন মাহৰ পৰা জীৱন মিছনত দুৰ্নীতি সংঘচিত কৰি পলাতক

ধেমাজিৰ জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ ২০২৪ চনৰ জুন মাহত ঠিকা কেলেংকাৰীত জড়িত হৈ নিৰুদ্দেশ হৈ আছে। তেওঁৰ দুৰ্নীতিৰ সৈতে বহু বাঘা বাঘা ৰাজনীতিক জড়িত থকা বুলিও কথা ওলাইছে। কিন্তু অসম আৰক্ষী ইমানেই অক্ষম যে সুনীল বৰাক আজিলৈকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। অসম আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোকে ৰাজ্যজুৰি তেওঁৰ বিচাি আছে কিন্তু সঘনাই তেওঁৰ মোবাইল নম্বৰ সলনি কৰি তদন্ত জটিল কৰি তুলিছে। চি আই ডিৰ প্ৰচেষ্টা সত্ত্বেও পলাতক হৈ আছে গগৈ।


৪) চুমি আৰু তাৰ্কিক বৰা


অসম আৰক্ষীৰ ব্যৰ্থতাৰ তালিকাত নতুনকৈ অন্তুৰ্ভুক্ত হৈছে তুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ নাম। ৪০০০ কোটি টকা সৰকাই এতিয়া পলাতকচুমি আৰু তাৰ্কিক। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল ব্যক্তি চুমি আৰু কাৰ্কিক বৰাকোনআৰক্ষীয়েই লুকুৱাই ৰাখিছে বুলি মানুহৰ সন্দেহ হৈছে। অসম আৰক্ষীৰ এনে অক্ষমতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বাৰে বাৰে মানুহৰ চকুত সন্দেহৰ পাত্ৰ কৰি তুলিছে বুলিও বহুতে মন্তব্য কৰিছে। কারম গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাততে আছে। কিন্তু বহুতে এই বুলিও কৈছে- আমোলা-বিষয়া কেন্দ্ৰিক প্ৰশাসনত মুখ্যমন্ত্ৰীক আৰক্ষীয়েই ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে্। মুখ্যমন্ত্ৰী শৰ্মা যদি ডালে ডালে আৰক্ষী পাতে পাতে বুলিও বহুতে মন্তব্য কৰিছে। ক’লা ধন বিনিয়োগকাৰীক ৰক্ষণাবেক্ষন দিবৰ বাবেই আৰক্ষীৰ একাংশ লোকে মুখ্যমন্ত্ৰীক ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে বুলিও বহুতে মন্তব্য কৰিছে। বহুতে এইবুলিও কৈছে কৈছে যে কিছুদিন পিছতে হয়তো চুমি বৰাৰ দৰে লোকসকলেই নেত্ৰীৰ ৰূপত অৱতীৰ্ণ হৈ ৰাইজক বহু ভাল ভাল কথা ক’ব। একাংশৰ মতে সম্প্ৰতি অসমত বেয়া কামেৰে কুখ্যাত হৈ পৰা চুমি বৰাক ২০২৬ৰ বিধানসঙাৰ নিৰ্বাচনতো চিকট দিয়াৰ বাবে দুষ্ট চক্ৰটো সক্ৰিয় হৈ পৰিছে।

লগতে পঢ়কঃ Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং


ইপিনে শেহতীয়া খবৰ অনুলৰি চুমি বৰা আৰু তাৰ্কিকে তাঘালয়লৈ পলায়ন কৰিছে। খবৰ অনুসৰি ২ ছেপ্টেম্বৰত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ পৰামৰ্শ মতেই তেওঁলোক মেঘালয়লৈ গৈছে। চুমি বৰাক আগতীয়া জামিন লাভ নকৰালৈকে মেঘালয়তে থাকিবলৈ আৰক্ষীৰে উচ্চ পদস্থ বিষয়াই পৰামৰ্শ দিয়া বুলিও জানিব পৰা গৈছে। একাংশৰ মতে দম্পতীহাল এতিয়া ডিব্ৰুগড়ত থাকিব পাৰে। তেওঁলোকে একাঁস দুৰ্নীতিগ্ৰস্তৰ পৰামৰ্সমতেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে। এই দাবীসমূহ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

published by: Munmi gogoi

Sunita Williams : সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ

সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ
সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ

সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ। মহাকাশ আস্থানতে থাকি গ’ল সুনীতা উইলিয়ামছ আৰু আন এগৰাকী মহাকাশচাৰী। বয়িং ষ্টাৰলাইনাৰে শনিবাৰে পুৱা ৯:৩১ বজাত নিউ মেক্সিকোৰ হোৱাইট ছেণ্ডছ স্পেচ হাৰ্বাৰত অৱতৰণ কৰে। মহাকাশযানখনৰ অৱতৰণৰ দৃশ্য আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে। মন কৰিব যে সুনীতা আৰু বুচ উইলমৰে এই কেপচুলত ৫ জুনত মহাকাশ আস্থানৰ বাবে ৰাওনা হৈছিল। কিন্তু নানান কাৰণত তেওঁলোক মহাকাশ আস্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। (Sunita Williams)

খবৰ অনুসৰি শনিবাৰে পুৱা ৮.৫৮ বজাত ব্যক্তিগত মহাকাশযান ষ্টাৰলাইনাৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে। ইয়াৰ পিছত মাটি স্পৰ্শ কৰিবলৈ আৰু ৪৪ মিনিট সময় লাগে। ইয়াৰ পিছত এটা এটাকৈ ৩ টা পেৰাচুট খুলি দিয়া হয়। যাতে ই যিকোনো ধৰণৰ দুৰ্ঘটনাৰ পৰা হাত সাৰি লাহে লাহে পৃথিৱীৰ মাটি স্পৰ্শ কৰিব পাৰে। বিজ্ঞানীসকলৰ মতে মহাকাশৰ পৰা পৃথিৱীলৈ নামি অহাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ মুঠ ৬ ঘণ্টা সময় লাগে। কিন্তু বাহনখন পৃথিৱীলৈ উভতি আহিলেও সুনীতা আপাততঃ মহাকাশত আবদ্ধ হৈ থাকিল। অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত তেওঁলোক পৃথিৱীলৈ ঘূৰি আহিব পাৰিব বুলি আশা কৰা হৈছে।

মন কৰিবলগীয়া যে ৫ জুনত বয়িং ষ্টাৰলাইনাৰ (Starliner) কেপচুলত উঠি মহাকাশলৈ গৈছিল সুনীতা আৰু বুচ। তেওঁলোকৰ গন্তব্যস্থান আছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ। কোৱা হৈছিল যে তেওঁলোকে ৮ দিনত কাম সম্পূৰ্ণ কৰি পৃথিৱীলৈ ঘূৰি আহিব। কিন্তু ইয়াৰ মাজতে ষ্টাৰলাইনাৰত এটা বিজুতি ধৰা পৰাত পৰিকল্পনাটো স্তব্ধ হৈ পৰে। দেখা গৈছিল যে মহাকাশযানখনৰ থ্ৰাষ্টাৰে কাম কৰা নাই। হিলিয়াম গেছ লিক হৈ আছে। মহাকাশচাৰী দুগৰাকীয়ে এনে অৱস্থাত পৃথিৱীলৈ ঘূৰি নাহিবলৈ সিদ্ধান্ত লৈছিল।

এনে পৰিস্থিতিত যোৱা শুকুৰবাৰে মহাকাশচাৰী দুজনে ষ্টাৰলাইনাৰক বিদায় দিয়ে। তেওঁলোকে এই বাৰ্তা দিলে, ‘ষ্টাৰলাইনাৰক পুনৰ পৃথিৱীলৈ লৈ যাওক। সকলো ভাল হওক।’ অৱশেষত ষ্টাৰলাইনাৰে সুনীতা আৰু বুচক মহাকাশত এৰি পৃথিৱীলৈ উভতি আহে (Wilmore) । ইফালে নাছাই ফেব্ৰুৱাৰী মাহত সুনীতা আৰু বুচক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ পৰা এখন বাহন প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। তেতিয়ালৈকে এই দুগৰাকী আমেৰিকান মহাকাশচাৰী সুনীতা আৰু বুচে মহাকাশত গৱেষণাৰ কাম আৰু আগুৱাই নিব।

published by: Jebin Sultana

Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং

আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং
আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ আইনগতভাৱে চুমী বৰাক এখন জাননী দিয়া হৈছে। জাননীৰ পিছতো যদি নাহে, চুমী বৰাৰ বিৰুদ্ধে উচিত ব্যৱস্থা হ’ব। X,Y,Z যোনেই হওক, তেওঁলোক আইনৰ আওতাত আহিবই লাগিব। এই কেচটো আৰক্ষীয়ে নিজাববীয়াকৈ লৈছে। এইটো হৈছে এশ শতাংশ টেকনিকেল অনুসন্ধান। পইচা দিয়া মানুহ, কাৰ একাউণ্টত দিছে, কেনেকৈ দিছে, সেইবোৰ Oral Statementৰ ওপৰত নিৰ্ভৰ নকৰে। যাৰ বিৰুদ্ধে যি তথ্য পোৱা যায় তেনেকৈ ব্যৱস্থা লোৱা হ’ব। XYZ কোনোবা দুই, এজনৰ বাবে অনুসন্ধান বন্ধ হৈ নাযায়। পলাতক চুমি বৰাৰ সন্দৰ্ভত এইদৰে DGP জি পি সিঙে মন্তব্য কৰে।(G P Singh’s comments on Sumi Bora)

আনহাতে আদালতত আজি হাজিৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চক বিশাল ফুকনক। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল ফুকন। আজি উকলিব আৰক্ষীৰ জিম্মাৰ ম্যাদ। আজি উকলিব আৰক্ষীৰ জিম্মাৰ ম্যাদ। বিশাল ফুকনক আজি জে’ললৈ প্ৰেৰণৰ সম্ভাৱনা।

অভিযোগ অনুসৰি বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল। ইতিমধ্যে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাত নাম সাঙোৰ ৰীলছ ৰাণী খ্যাত চুমি বৰাৰ। বৰ্তমান স্বামীৰ সৈতে পলাতক হৈ আছে চুমি বৰা।(sumi borah)

বিশাল-চুমিৰ এই ঘটনাক লৈ মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছে। কিয়নো আজি পৰ্যন্ত চুমি আৰু তেওঁৰ স্বামীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধানো ওলাইছে কিন্তু সন্ধান চুমি আৰু তাৰ্কিকৰ। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টতৰ পাৰ্কিঙত পাইছিল চুমিয়ে ব্যৱহাৰ কৰা বাহন খন।

আনহাতে চুমি বৰাই যিকোনো মুৰ্হূততে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে। সেই সম্ভাৱনা এতিয়া ধিক উজ্জ্বল হৈ পৰিছে। আনকি চুমি বৰাই ইতিমধ্যে আগতীয়া জামিনৰ বাবেও আবেদন কৰাৰ চেষ্টা কৰি আছে। এইখিনিতে বহুতৰে মনত প্ৰশ্ন জাগিছে অন লাইন ট্ৰেডিঙৰ জড়িয়তে বহু বিনিয়োগকাৰীক প্ৰতাৰণা কৰাসকল অৱশেষত সাৰি যাব নেকি? প্ৰথমে গ্ৰেপ্তাৰ আৰু তাৰ পিছত তিনিমাহ মান কাৰাগাৰত থকা সেইসকল অপৰাধীয়ে জামিনত মুক্ত হৈ পুনৰ মুকলি কাশৰ তললৈ ওলাই আহিব নেকি? অন লাইন ট্ৰেডিঙৰে জড়িতসকলক শাস্তি বিহিব পৰাকৈ ভাৰতীয় আইন ব্যৱস্থাত বিশেষ কোনো বিধান আছেনে?


লগতে পঢ়কঃ Bishal Phukan to be produced in court: আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল ফুকনক, খোল খাব মুখাৰ আঁৰৰ মুখ

published by: Munmi gogoi

Ganesh Chaturthi 2024: মহানগৰীত গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ…

গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ
গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ

আজি গণেশ চতুৰ্থী। গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ। পুৱাৰে পৰা গণেশ মন্দিৰসমূহত ভক্তৰ লানি নিছিগা সোঁত। দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ গণেশগুৰিতো গণেশ চতুৰ্থী পালন।(ganesh chaturthi 2024)

মহানগৰীৰ বিভিন্ন অঞ্চলৰ লগতে ১ নং ৱাৰ্ডৰ অন্তর্গত পাণ্ডু সদিলাপুৰৰ লুইতপাৰ আৰু পাণ্ডু সদিলাপুৰৰ আৰ্মী কেম্পৰ ওচৰত পাণ্ডু সদিলাপুৰ সার্ব্বজনীন গণেশ পূজা উদযাপন কৰা হয়। পূজাত অঞ্চলটোৰ বহু ভক্তৰ সমাগম পৰিলক্ষিত হয়।(Ganesh Chaturthi celebrated at Ganesh temple in city)

ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখ, চিত্ৰ নক্ষত্ৰ আৰু মাজনিশা ভগৱান গণপতিৰ জন্ম হৈছিল। সনাতন ধৰ্মত প্ৰথম ভগৱান গণেশক পূজা কৰোৱা হয়। ভগৱান গণেশ হিন্দু দেৱতাৰ ভিতৰত আটাইতকৈ বিখ্যাত পূজা দেৱতা।

আজি গণেশ চতুৰ্থী দেশজুৰি পালন কৰা হৈছে। হিন্দু ধৰ্মত গণেশ চতুৰ্থী উৎসৱৰ বিশেষ তাৎপৰ্য আছে। ভগৱান গণেশৰ বহু নাম আছে যেনে গণপীট, লম্বোদৰ, বিনায়ক, গজানন সুখকৰ্তা আৰু ভিংঘহৰ্ত ইত্যাদি। দেশজুৰি ১০ দিন ধৰি গণেশ উৎসৱৰ উৎসৱ অব্যাহত থাকিব আৰু অনন্ত চতুৰ্দশীৰ দিনা ভগৱান গণেশৰ মূৰ্তিক পানীত ডুবাই বিদায় দিয়া হ’ব। এইবাৰ গণেশ চতুৰ্থীৰ দিনা অতি উত্তম শুভ যোগাসন গঢ় লৈ উঠিছে। গণেশ চতুৰ্থীৰ গুৰুত্ব, মূৰ্তি স্থাপনৰ বাবে শুভ সময়কে ধৰি পূজাৰ পদ্ধতিৰ বিষয়ে জানো আহক।

হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী ৬ ছেপ্টেম্বৰৰ বিয়লি ৩:০২ বজাৰ পৰা আৰম্ভ হৈছে আৰু ৭ ছেপ্টেম্বৰৰ বিয়লি ৫:৩৮ বজাত শেষ হ’ব।

আজি পুৱা ১১.২০ বজাৰ পৰা গণেশ চতুৰ্থী পূজা আৰু প্ৰতিমা স্থাপনৰ শুভ সময় আৰম্ভ হৈছে। শাস্ত্ৰত দুপৰীয়া ভগৱান গণেশৰ পূজা আৰু স্থাপনৰ বাবে আটাইতকৈ শুভ সময় বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত অভিজীত মুহুৰ্তাত গণপতি প্ৰতিষ্ঠা কৰাৰ বাবে আজিৰ দিনটোৱেই হ’ব সৰ্বোত্তম সময়। আজি পুৱা ১১:৫৪ বজাৰ পৰা আৰম্ভ হৈছে অভিজিত মুহুৰ্তা আৰু নিশা ১২:৪৪ বজালৈ চলিব। ইয়াৰ বাহিৰেও আজি ভগৱান গণেশৰ মূৰ্তি তিনিটা শুভ সময়ত প্ৰতিষ্ঠা কৰিব পৰা যায়।

লগতে পঢ়কঃ  হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহৰ শুক্লা চতুৰ্থীৰ চতুৰ্থ দিনটোত ভগৱান গণেশক পূজা কৰা হয়

পূজাৰ শুভ সময় হৈছেঃ


ৰাতিপুৱা- ৮ বজাৰ পৰা ৯.৩০ বজালৈ
দুপৰীয়াৰ সময়-১১.২০ৰ পৰা ১.৪০ বজালৈ
দুপৰীয়া- ২ বজাৰ পৰা ৫.৩০ বজালৈ

published by: Munmi gogoi

Haryana Assembly elections 2024: সপোন আধৰুৱা হ’ব ৰাহুল গান্ধীৰ

সপোন আধৰুৱা হ'ব ৰাহুল গান্ধীৰ
সপোন আধৰুৱা হ'ব ৰাহুল গান্ধীৰ

হাৰিয়ানা বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা আম আদমী পাৰ্টিৰ। ৰবিবাৰে দলটোৱে প্ৰথমখন তালিকা প্ৰকাশ কৰিব পাৰে। আম আদমী পাৰ্টিয়ে ৫০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।(Haryana Assembly elections 2024)

ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ সৈতেও আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনা চলি আছিল। শুকুৰবাৰে আসন ভাগ-বতৰা সন্দৰ্ভত দুয়োটা দলৰ মাজত কোনো চুক্তি কৰিব পৰা নগ’ল, তেতিয়াৰ পৰাই হাৰিয়ানা বিধানসভা নিৰ্বাচনত দুয়োটা দলৰ মাজত কোনো মিত্ৰতা নহ’ব বুলি জল্পনা-কল্পনা চলি আছে।

তথ্য অনুসৰি আম আদমী পাৰ্টিয়ে হাৰিয়ানাত ১০খন আসনৰ দাবী জনাইছিল, আনহাতে কংগ্ৰেছে আম আদমী পাৰ্টিক ১০খন আসন দিবলৈ সাজু নহয়। সূত্ৰৰ পৰা জানিব পৰা মতে আম আদমী পাৰ্টিয়ে কংগ্ৰেছৰ সূত্ৰ মানি নলয়। হাৰিয়ানাত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১২ ছেপ্টেম্বৰ।

অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত কংগ্ৰেছ দলৰ সৈতে হোৱা মিত্ৰতাত কংগ্ৰেছ দলৰ একাংশ নেতাই আপত্তি প্ৰকাশ কৰিছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি আন একাংশ নেতাই আপৰ সৈতে আসন ভাগ-বতৰা কৰাৰ বিৰোধী। এই নেতাসকলৰ মতে কেজৰিৱালৰ দলৰ হাৰিয়ানাত কোনো বিশেষ ভিত্তি নাই।

কংগ্ৰেছ আৰু আপেও মিত্ৰতাৰে হাৰিয়ানাত সদ্য সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই সময়ছোৱাত কংগ্ৰেছে ১০খন লোকসভাৰ আসনৰ ভিতৰত ৯খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে আপে কুৰুক্ষেত্ৰ লোকসভাৰ আসনত জয়লাভ কৰিছিল। হাৰিয়ানা বিধানসভাত মুঠ ৯০খন আসন। এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ দৰেই আম আদমী পাৰ্টিয়ে ৯:১ সূত্ৰৰে মুঠ ১০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছিল। এই সূত্ৰ কংগ্ৰেছ দলৰ বাবে গ্ৰহণযোগ্য নহয়। ইয়াৰ পিছত দুয়োটা দলৰ মাজত আসন ভাগ-বতৰাক লৈ হুলস্থুল।

আম আদমী পাৰ্টিয়ে প্ৰস্তুত কৰিছে আন এটি পৰিকল্পনা । আম আদমী পাৰ্টিৰ সৈতে বিজেপি-কংগ্ৰেছৰ ২৪ বিদ্ৰোহী নেতাৰ যোগাযোগ। এনে পৰিস্থিতিত দলটোৱে তেওঁক টিকটও দিব পাৰে। ইফালে, হাৰিয়ানাত আপ-কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত বিজেপি নেতা শ্বাহজাদ পুনাৱালাই কয়, “ভাৰত মিত্ৰতাৰ কোনো মিছন আৰু দৃষ্টিভংগী নাই। তেওঁলোকৰ কেৱল নিজৰ উচ্চাকাংক্ষা আছে। তেওঁলোকে নিজৰ দুৰ্নীতি ৰক্ষা কৰিব বিচাৰে। সেইবাবেই তেওঁলোকে কিছুমান ঠাইত মিত্ৰতা কৰে।” কিন্তু পিছত ভাঙি যায় দিল্লীত তেওঁলোক একেলগে আছিল আৰু এতিয়া হাৰিয়ানাত তেওঁলোক একেলগে আছে ইয়াৰ পৰা বুজা যায় যে হাৰিয়ানাত ৰাজনৈতিক দলসমূহৰ হতাশা ইয়াৰ অৰ্থ হ’ল যদি তেওঁলোকে অকলে নিৰ্বাচনত অৱতীৰ্ণ হয় হাৰিয়ানাত সমৰ্থনৰ কোনো নিশ্চয়তা নাই।”

published by: Jebin Sultana