Home Blog Page 578

আজি বিশ্ব স্তন কেন্সাৰৰ গৱেষণা দিৱস !  স্তন কেন্সাৰৰ প্ৰতি সজাগতা কিয় ইমান গুৰুত্বপূৰ্ণ… 

কেন্সাৰ ৰোগীৰ কাৰণে চিকিৎসা

কেন্সাৰ চাৰ্জাৰি, কেম`থেৰাপি, ৰেডিয়েচন থেৰাপি, হৰম`ন থেৰাপি, টাৰ্গেট থেৰাপি, (ইমিউনোথেৰাপি সহ ম`নক্লনাল থেৰাপি এণ্টিবডি থেৰাপি) আৰু চিন্থেটিক লিথেলিটিৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। থেৰাপি বাছনি নিৰ্ভৰ কৰে টিউমাৰৰ অৱস্থান গ্ৰেডৰ আৰু ৰোগৰ স্তৰৰ ওপৰত, লগতে ৰোগীৰ সামান্য স্থিতি (প্ৰদৰ্শন স্থিতি)। বহুসংখ্যক কেন্সাৰ চিকিৎসাৰ বিকাশ কৰা হৈ আছে। বৰ্তমানৰ অনুমানৰ অধীনত, পাঁচ জনৰ ভিতৰত দুই জনৰ নীজৰ জীৱন কালত কোনো এটা বিন্দুত কেন্সাৰ হয়।

শৰীৰৰ অৱশিষ্ট অংশৰ ক্ষতিৰ বাহিৰে কেন্সাৰ সম্পূৰ্ণ অপসাৰণেই (অৰ্থাৎ, শূণ্য প্ৰতিকূল পাৰ্শ্ব প্ৰতিক্ৰিয়া লগত প্ৰতিকাৰ আৰ্জন) চিকিৎসাৰ আদৰ্শ লক্ষ্য আৰু প্ৰায়েই অনুশীলনৰ লক্ষ্য হয়। কেতিয়াবা কেতিয়াবা চাৰ্জাৰিৰ দ্বাৰা সম্পন্ন কৰা হ`ব পাৰে, কিন্তু কেন্সাৰৰ প্ৰৱণতা সন্নিহিত টিচু আক্ৰমণ বা মাইক্ৰোস্কোপিক মেটাষ্টেচিচৰ দ্বাৰা দূৰবৰ্তী স্থানত সিঁচৰিত হৈ পৰে আৰু ইয়াৰ কাৰ্য্যকৰীতা সীমিত কৰে; ফলত কেম`থেৰাপি আৰু ৰেডিঅ`থেৰাপিয়ে সাধাৰণ কোষসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেইকাৰণে, অ-তুচ্ছ প্ৰতিকূল প্ৰভাৱৰ লগত প্ৰতিকাৰ কিছু ক্ষেত্ৰত এটা বাস্তৱ লক্ষ্য হিছাবে গ্ৰহণ কৰা হ`ব পাৰে; আৰু থেৰাপিৰ কাৰ্য্যকৰী অভিপ্ৰায়ৰ ব্যৱহাৰিক লক্ষ্যৰ বাহিৰেও অন্তৰ্ভূক্ত কৰিব পাৰি (১)এখন উপ-ৰাজ্যত কেন্সাৰ দমন আৰু উন্নত মানদণ্ডৰ জীৱন ধাৰা বজাই ৰখা (যে, এটা দীৰ্ঘস্থায়ী ৰোগ হিছাবে কেন্সাৰৰ চিকিৎসা), আৰু (২) উপশমকাৰীৰ যত্ন নিৰাময়ৰ অভিপ্ৰায়ৰ বাহিৰেও (উন্নত পৰ্য্যায়ৰ মেটাচটেটিক কেন্সাৰৰ কাৰণে)।

যিহেতু “কেন্সাৰ“ ৰোগৰ এটা বৰ্গক বুজাই এইটো অসম্ভৱ যে কেবল মাত্ৰ এটা“কেন্সাৰৰ কাৰণে নিৰাময়“থাকিব ইয়াৰ বাহিৰেও সকলো সংক্ৰামক ৰোগৰ কাৰণে মাত্ৰ এটাহে চিকিৎসা থাকিব পাৰে।সৰল সমাধান এঞ্জিওজেনেচিচ প্ৰতিৰোধকাৰীক একেৰাহে “সৰল সমাধান“ চিকিৎসা হিছাবে বিভিন্ন ধৰণৰ কেন্সাৰৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি ধৰা হয়, কিন্তু ই এতিয়াও অনুশীলন অৱস্থাত নাই।

সমগ্ৰ বিশ্বতে মহিলাৰ ক্ষেত্ৰত যোৱা কেইবছৰমানৰ পৰা স্তন কেন্সাৰৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ কিন্তু এনে নহয় যে পুৰুষৰ ক্ষেত্ৰত স্তন কেন্সাৰ নহয় ৷ কিন্তু স্তন কেন্সাৰৰ সৈতে জড়িত ৰোগী পুৰুষৰ ক্ষেত্ৰত খুব কমেইহে দেখা যায় ৷

বিশেষকৈ যদি আমি ভাৰতীয় মহিলাৰ স্তন কেন্সাৰ সম্পৰ্কীয় তথ্য বিবেচনা কৰোঁ, তেন্তে ভাৰতৰ মহিলাৰ মুঠ কৰ্কট ৰোগীৰ ভিতৰত স্তন কেন্সাৰ ৰোগীৰ সংখ্যা ১৪% ৷ সেয়ে স্তন কেন্সাৰক মহিলাৰ ক্ষেত্ৰত প্ৰচলিত কৰ্কট ৰোগৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় ৷

প্ৰতি বছৰে সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ অভাৱত স্তন কেন্সাৰত আক্ৰান্ত বৃহৎ সংখ্যক মহিলাই হয় গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয় নহয় কেতিয়াবা প্ৰাণকো হেৰুৱাই পেলায় ৷ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাই উপলব্ধ তথ্য অনুসৰি ভাৰতৰ প্ৰতি চাৰি মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাৰ স্তন কেন্সাৰ ধৰা পৰে ৷ এনে নহয় যে স্তন কেন্সাৰৰ ৰোগী কেৱল চহৰতহে বেছিকৈ দেখা আৰু শুনা যায় ৷ চহৰ আৰু গ্ৰামাঞ্চল উভয়তে স্তন কেন্সাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২০ চনত বিশ্বজুৰি ২৩ লাখ মহিলা স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ বিপৰীতে এই বছৰলৈকে এই ৰোগৰ বাবেও প্ৰায় ৬ লাখ ৮৫ হাজাৰ লোকৰ মৃত্যু হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৮ চনত প্ৰায় ১,৬২,৪৬৮ জন স্তন কেন্সাৰ ৰোগী ধৰা পৰিছে ৷ ইয়াৰে ৮৭,০৯০ গৰাকী মহিলাৰ এই ৰোগত মৃত্যু হৈছে ৷

কিন্তু এই পৰিসংখ্যাৰ মাজত আৰামদায়ক কথাটো হ’ল যে উচ্চ আয়ৰ দেশসমূহত ১৯৮০ চনৰ পৰা ২০২০ চনৰ ভিতৰত স্তন কেন্সাৰত মৃত্যুৰ হাৰ প্ৰায় ৪০% হ্ৰাস পাইছে ৷ একে সময়তে উন্নত চিকিৎসা পদ্ধতিৰ সহায়ত বাৰ্ষিক স্তন কেন্সাৰত মৃত্যুৰ হাৰো প্ৰতি বছৰে হ্ৰাস পাইছে ৷

জনবিস্ফোৰণ আৰু ভয়াবহ জনসংখ্যাৰ গাঁঠনিত অসন্তুলন:গভীৰ সংকটত খিলঞ্জীয়া…

জনবিস্ফোৰণ আৰু ভয়াবহ জনসংখ্যাৰ গাঁঠনিত অসন্তুলন:
গভীৰ সংকটত খিলঞ্জীয়া
                        
সম্প্ৰতি ৰাষ্ট্ৰ সংঘৰ জনসংখ্যা নিধিয়ে (United Nations Population Fund- UNPF) বিশ্বৰ বিভিন্ন দেশৰ জনসংখ্যা তথ্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰ সংঘৰ সংস্থাটোৱে প্ৰকাশ কৰা বিশ্বৰ প্ৰথম ১০ খন জনবহুল দেশৰ জনসংখ্যালৈ মন কৰক:
১। ভাৰত: ১৪৪.২ কোটি, ২। চীন: ১৪২.৫ কোটি, ৩। আমেৰিকা যুক্তৰাষ্ট্ৰ: ৩৪.২ কোটি, ৪। ইন্দোনেছিয়া: ২৭.৯৭ কোটি, ৫। পাকিস্তান: ২৪.৫২ কোটি, ৬। নাইজেৰিয়া: ২২.৯১ কোটি, ৭। ব্ৰাজিল: ২১.৭৬ কোটি, ৮। বাংলাদেশ: ১৭.৪৭ কোটি, ৯। ৰাছিয়া: ১৪.৪০, আৰু ১০। ইথিওপিয়া: ১২.৯৭ কোটি।
( উৎস: UNPF, 2024, Figures rounded).                            মাটিকালিৰ হিচাপত ৰাছিয়া ভাৰততকৈ ৫ গুণতকৈও অধিক ডাঙৰ। চীন দেশৰ মাটিকালি ভাৰততকৈ ৩ গুণৰ অধিক। আকাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ প্ৰায় ৩ গুণ ডাঙৰ। ব্ৰাজিলৰ মাটিকালি ভাৰতৰ দুগুণ। তত্ৰাচ ভাৰতহে পৃথিৱীৰ ভিতৰত সবাতোকৈ জনবহুল দেশৰ শংকাজনক সন্মানৰ অধিকাৰী হৈ পৰিছে। বিশ্বৰ মাত্ৰ ২.৪℅ ভূ-ভাগৰ ভাৰতত পৃথিৱীৰ ৮০০ কোটি জনসংখ্যাৰ ১৪৪.২ কোটিয়ে (১৮%) বাস কৰিছে। বৰ্তমানৰ মেচিন আৰু কাৰিকৰী কৌশলৰ যুগত বহনক্ষম নোহোৱা বৃহৎ কলেবৰৰ জনসংখ্যাক সম্পদ হিচাপে গণ্য কৰাতো মুঠেই যুক্তিপুৰ্ণ নহয়। এয়া সত্য যে স্বাধীনতাৰ যোৱা ৭৭ টা বছৰত আমাৰ দেশে প্ৰায়বোৰ খণ্ডতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। খাদ্য শস্যৰ পৰনিৰ্ভৰশীল অৱস্থাৰ পৰা আত্মনিৰ্ভৰশীলতা লাভ, বৃহৎ বান্ধ নিৰ্মাণৰ পৰা চন্দ্ৰ পৃষ্ঠত কোমল অৱতৰণলৈকে দেশে সকলো প্ৰকাৰৰ উৎসাহজনক প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু যি খন দেশে বিশ্বৰ ভিতৰতে সৰ্বপ্ৰথমে ১৯৫২ চনত পৰিয়াল পৰিকল্পনা নীতি প্ৰৱৰ্তন কৰাৰ খ্যাতি লাভ কৰিছিল, আজি সেই খন দেশেই অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিৰ ফলত জনবিস্ফোৰণৰ কবলত পৰিব লগীয়া হৈছে। ৰাক্ষসী সুৰষাৰ দ্ৰুত গতিত বাঢ়ি অহা মুখ খনৰ দৰে দেশৰ জনসংখ্যাৰ কলেবৰো দ্ৰুত গতিত বৃদ্ধি পাইছে- যাৰ ফলত অত বছৰে লাভ কৰা দেশৰ প্ৰগতিৰ সুবিধা সমূহ এটা ডাঙৰ খালি বাল্টিত মাত্ৰ এটোপাল পানীৰ দৰে হৈ পৰিছে।                        দেশত জনবিস্ফোৰণ আৰু বৰ্গীয় অসন্তুলনতাৰ তলৰ তালিকা খনলৈ মন কৰক:          হিন্দু মুছলিমৰ বৃদ্ধি হাৰ, ২০০১-২০১১ (%): ৰাজ্য    হিন্দু    মুছলিম     ৰাজ্য     হিন্দু   মুছলিম অসম    ১০.৯    ২৯.৬       অৰুনাচল ৫.৮  ৩০.৮    ছিক্কিম    ৭.০     ২৮.৩       নগালেণ্ড  ১৩   ৩৯.৯    মেঘালয়  ১১.১  ৩১.৫       ত্ৰিপুৰা     ১১.৮  ২৪.২ মিজোৰাম -৪.৫  ৪৬.৯      মণিপুৰ    ১৮.৬  ২৫.৬     কেৰেলা     ২.২  ১২.৫          গোৱা      ৮.৭  ৩১.৮ হাৰিয়ানা  ১৮.৮  ৪৫.৭      উত্তৰাখণ্ড  ১৬.০  ৩৯.০  দমন ডিউ  ৫৫.১  ৫৭.০     পাঞ্জাৱ      ১৮.৭  ৪০.২  হিমাচল      ১২.৬ ২৫.৪     প:বংগ       ১০.৮  ২১.৮  দিল্লী          ২০.৭  ৩৩       মহাৰাষ্ট্ৰ       ১৫.২  ২৬.৩  গুজৰাট     ১৮.৬  ২৭.৩   ৰাজস্থান    ২০.৯  ২৯.৮ জে কে       ১৮.৭  ২৬.১   ঝাৰখণ্ড     ২১.১  ২৮.৫ কৰ্ণাটক    ১৫.৮  ২২.১    উত্তৰ প্ৰদেশ ১৮.৯  ২৫.২ তামিলনাডু ১৪.৮  ২১.৯        উৰিষ্যা   ১৩.২  ১৯.৬ অন্ধ্ৰ           ১০.৩  ১৫.৭     চত্তিছগড়   ২০.৭  ২৫.৭ বিহাৰ        ২৪.৬  ২৮       মধ্য প্ৰদেশ   ২০.০  ২৪.৩ চণ্ডিগড়    ২০.৪   ৪৪.৭         আন্দমান   ৭.২  ১০.৮  লাক্ষাদ্বীপ  -১৯.৫  ৭.৫   দাদ্ৰা হাভেলী ৫৬.৮  ৯৮.১  ভাৰত        ১৬.৮  ২৪.৬ (উৎস: ভাৰতৰ লোকপিয়ল, ২০১১)


                         উক্ত তালিকা খনে বহু কেইটা ভয়াবহ দিশ নিৰ্দেশ কৰিছে। (১) দেশৰ প্ৰতি খন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হিন্দুতকৈ অধিক বেছি হৈছে। (২) বৰ্তমান পৰিস্থিতিৰ আধাৰত ৱৰ্লড পপুলেচন ৰিচাৰ্ছ (WPR) আৰু মেক্ৰট্ৰেণ্ডৰ (Macrotrends) পুৰ্বানুমান অনুসৰি ভাৰতত হিন্দু আৰু মুছলিম জনসংখ্যা বৃদ্ধি হাৰৰ এই পাৰ্থক্য (gap) ক্ৰমে বৃদ্ধি পাই থাকিব। (৩) দাদ্ৰা নগৰ হাভেলীত উক্ত দশকত মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ প্ৰায় এশ শতাংশ। (৪) দেশৰ উত্তৰ পুৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ গড় পৰিসংখ্যালৈ লক্ষ্য কৰিলে ২০০১-২০১১ চনৰ দশকটোত হিন্দু জনসংখ্যা বৃদ্ধি হাৰ ৯.২১% ৰ বিপৰীতে মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ভয়াবহ ভাবে ৩২.৯% হৈছে। (৫) অসমতো উক্ত দশকটোত মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ হিন্দুত কৈ প্ৰায় তিনি গুণ অধিক। (৬) কাষৰীয়া ৰাজ্য পশ্চিম বংগত মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হিন্দুত কৈ দুগুণৰ অধিক। (৭) “সাধাৰণ মুছলিমৰ মাজত সাক্ষৰতাৰ হাৰ কম” হোৱাৰ বাবে মুছলিম জনসংখ্যাৰ মাজত জন্ম হাৰ উচ্চ হোৱা বুলি সততে আগবঢ়োৱা যুক্তি মুঠেই গ্ৰহণযোগ্য নহয়। ২০০১-২০১১ দশকটোত কেৰেলাৰ জনসংখ্যাত বৰ্গীয় বৃদ্ধি হাৰলৈ লক্ষ্য কৰিলে উক্ত যুক্তি নিৰাধাৰ প্ৰতিপন্ন হব। কেৰেলাত সাক্ষৰতাৰ হাৰ প্ৰায় ৯৯%।তথাপি ৰাজ্য খনত হিন্দু জনসংখ্যাৰ বৃদ্ধি হাৰ ২.২% ৰ বিপৰীতে মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১২.৫% হৈছে। অৰ্থাৎ মুছলিম জনসংখ্যা বৃদ্ধি হাৰ প্ৰায় ৬ গুণ হৈছে। (৮) উক্ত তালিকা খনে এইটো সুস্পষ্ট কৰে যে হিন্দু, জৈন, বৌদ্ধ আৰু শিখ সকলে (অৰ্থাৎ সনাতনী সকলে) পৰিয়াল পৰিকল্পনা নীতি আদৰেৰে গ্ৰহণ কৰি পৰিয়াল সৰু কৰিছে; বিপৰীতে মুছলমান জনসাধাৰনে পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ নকৰি দেশত তেওঁলোকৰ জনসংখ্যা তীব্ৰ গতিত বঢ়াই আছে। (৯) দেশত মুছলিম জনসংখ্যা বৃদ্ধিৰ আৰত নিশ্চিত ভাবে এক নিৰ্দষ্ট অভিপ্ৰায়পুৰ্ণ আচঁনিয়ে কাম কৰি আছে। (১০) যদি চৰকাৰ আৰু দল সংগঠন সমূহ নিৰৱ হৈ হাত সাবতি বহি থাকে, নিশ্চিত ভাবে অদুৰ ভৱিষ্যতে ধৰ্মৰ ভিত্তিত ভাৰত আকৌ এবাৰ বিভাজিত হব। ৱৰ্লড পপুলেচন ৰিভিউ আৰু মেক্ৰট্ৰেণ্ডচেৰ মতে ভাৰতত মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হিন্দুতকৈ অধিক হৈ গৈ থাকিব।
                    জনবিস্ফোৰণ আৰু ধাৰাষাৰে বৃদ্ধি পোৱা বৰ্গীয় অসন্তুলনতাই অসমৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। জনসংখ্যাত হৈ থকা গতিবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পুৰ্বানুমান কৰা হৈছে যে ২০২১ চনত অসমৰ মুঠ জনসংখ্যাৰ ৪০.০৩℅ মুছলিম ধৰ্মাৱলম্বী হব। ২০০১ চনত এই সংখ্যা আছিল ৩৩℅। দশকটোত মুছলিম জনসংখ্যা ৭℅ বৃদ্ধি পোৱাটো ৰাজ্য খনৰ বাবে মুঠেই শুভলক্ষণ নহয়। ২০০১-২০১১ দশকটোত ০-৬ বছৰৰ গ্ৰুপত হিন্দু লৰা ছোৱালীৰ শতকৰা বৃদ্ধি ঋণাত্মক (-৫.৮২) হোৱাৰ বিপৰীতে একে বয়স গ্ৰুপৰ মুছলিম লৰা-ছোৱালী ১৫.২৯℅ হাৰত বৃদ্ধি পাইছে। মুছলিম জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিৰ আন কাৰক থকাৰ উপৰি গুৰিতে থকা ই এটি প্ৰধান কাৰণ। জনবিস্ফোৰণৰ কবলত পৰি থৰ-কাচুটি হেৰোৱা দেশ খনত অধিকৰ পৰা অধিক সন্তানোৎপত্তি কৰিবলৈ জনোৱা আহবান সমাজ বিৰোধীয়েই নহয়, ৰাষ্ট্ৰ বিৰোধীও। তলৰ তালিকা খনলৈ মন কৰক:
    অসমৰ জনসংখ্যাত ০-৬ বছৰ গোটত বৃদ্ধি:
বৰ্ষ                   হিন্দু               মুছলমান
২০০১            ২৫.৮ লাখ        ১৭.৯৮ লাখ
২০১১            ২৩.৬২ লাখ      ২০.৭৩ লাখ
হ্ৰাস / বৃদ্ধি       -৫.৮২%          +১৫.২৯%
(উৎস: ভাৰতৰ লোকপিয়ল, ২০১১)

জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ আজিকোপতি দেশত এখন আইনৰ প্ৰণয়ন আৰু ৰূপায়ণ নোহোৱাটো দেশৰ বাবে দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে। ১৯৫১ চনৰ পৰা চলি থকা পৰিয়াল পৰিকল্পনা আঁচনি খন কোনো আইনৰ ওপৰত প্ৰতিস্থিত নহয়। গতিকে এনে এখন আঁচনিৰ সুবিধা গ্ৰহণ কৰাটো আইনৰ দৃষ্টিত বাধ্যতামূলক নহয়। পৰিয়াল পৰিকল্পনা আঁচনি খনে দেশত বৰ্গীয় অসন্তুলনতাহে ধাৰাষাৰে বৃদ্ধি কৰি আহিছে। এখন জনসংখ্যা নিয়ন্ত্রণ আইনৰ জৰিয়তেহে দেশৰ জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি নিয়ন্ত্রণ (stabilisation) কৰিবলৈ চৰকাৰৰ হাতত এটি বিধিগত চাবিকাঠি থাকে। কিন্তু দুৰ্ভাগ্যজনক ভাবে, দেশৰ স্বাৰ্থৰ প্ৰতি পিঠি দি কেবল ৰাজনৈতিক মুনাফাৰ বাবেই ৰাষ্ট্ৰহিতৰ বাবে সৰ্বোপৰি এনে এখন আইনৰ প্ৰতি চৰকাৰ আৰু দল সংগঠন সমূহ উদাসীন হৈ থকাতো দেশৰ বাবে দুৰ্ভাগ্যজনক হৈছে। দেশৰ ৰাষ্ট্ৰধৰ্মী জনতাই কেন্দ্রৰ বিজেপি চৰকাৰ খনৰ পৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ ওপৰত সম ভাবে বলবৎ হব পৰাকৈ দুটি সন্তান নীতিৰ আধাৰত অনতিপলমে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণ দাবী কৰিছে।
                        নিশ্চিত ভাবে ২০৪০-২০৫০ চনলৈ অসম এখন মুছলিম বহুল ৰাজ্য হৈ পৰিব। সম্প্ৰতি বিষয়টোৰ প্ৰতি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ গভীৰ উদ্দেগ প্ৰকাশ যুক্তিসংগত। আসন্ন আৰ্থ সামাজিক ৰাজনৈতিক পাৰিপাৰ্শ্বিক সমস্যাৰ অবনতি আৰু সম্ভাব্য গৃহযুদ্ধ সদৃশ পৰিৱেশৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় আছে- দুটা সন্তান নীতিৰ আধাৰত জাতি ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ ওপৰত সমভাবে বলবৎ হোৱাকৈ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণ কৰা। ইয়াৰ বাবে প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকল দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বাস্তৱিক অৰ্থতে সচেষ্ট হৈ মানননীয় প্ৰধানমন্ত্ৰীক হেচা প্ৰয়োগ কৰিব লাগিব। মাননীয় জনপ্ৰতিনিধি সকলে বিধান সভা আৰু সংসদত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ দাবী তুলিব বা তেনে দাবীক সমৰ্থন জনোৱা উচিত হব। ইলেকট্রনিক আৰু ছপা সংবাদ মাধ্যম, লগতে ৰাজহুৱা আৰু দলীয় সমাবেশ সমূহত এখন কঠোৰ জনসংখ্যা আইনৰ সপক্ষে মত ৰাখি জনপ্ৰতিনিধি সকলে ৰাষ্ট্ৰহিতৰ স্বাৰ্থত সেৱা আগবঢ়াই দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণৰ বাবে যোগাত্মক পৰিৱেশ গঢ়ি তোলাব পাৰে। চৰকাৰ আৰু জনপ্ৰতিনিধি সকলে বৌদ্ধ ভিক্ষু নিগ্ৰোধে সম্ৰাট অশোকক উদ্দেশ্যি দিয়া অৰ্থপূৰ্ণ বাণী শাৰী হৃদয়ংগম কৰে যেন: “Earnestness is the way to immortality, indifference is the way to death”।

আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন ! হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ…

আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন। হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ আদি বিভিন্ন তিথি, মহোৎসৱৰ সমাহাৰেৰে পবিত্ৰ ভাদ মাহটো সকলোৰে আদৰৰ।

যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ। হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।

বটদ্ৰৱা থানত পপবিত্ৰ ভাদ মাহ উপলক্ষে ভকত বৈষ্ণৱৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে। দূৰদূৰণিৰ তীৰ্থযাত্ৰী আগমন ঘটিছে। হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই আজিৰে পৰা বটদ্রৱা থানত ওঠৰ প্রসঙ্গৰে পুৱাৰে পৰা মাজ নিশালৈ যতি নপৰাকৈ ভকত বৈষ্ণৱে নাম কীৰ্তন কৰিব।

মোহন বাগান-ইষ্ট বেংগলৰ ডুৰাণ্ড কাপৰ খেল বাতিল

কলকাতা, ১৭ আগষ্ট ঃ চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজৰ ৰোমাঞ্চকৰ কলকাতা ডাৰ্বি স্থগিত ৰখা হৈছে৷ উল্লেখ্য যে এগৰাকী মহিলা চিকিৎসকক গণধৰ্ষন কৰাৰ ঘটনাক লৈ কলকাতা চহৰ উত্তাল হৈ থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে৷

এই মেচখন গ্ৰুপ ‘এ’ৰ অন্তিম খেল হোৱাৰ লগতে প্ৰতিযোগিতাৰো শেষৰখন লীগ মেচ আছিল৷ মেচ বাতিল হোৱাৰ বাবে উভয় দলকে এক পইণ্টকৈ ভগাই দিয়া হয়৷ উল্লেখ্য যে মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিয়ে ইতিমধ্যে খেলা গ্ৰুপ দূয়োখন মেচতে জয়লাভ কৰিছিল৷ বাতিল হোৱা তৃতীয় মেচৰ পৰা এক পইণ্টকৈ লাভ কৰাৰ পাছত কলকাতাৰ উভয় দলে সাত পইণ্টকৈ লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷ গ্ৰুপত মোহন বাগান শীৰ্ষত আৰু ইষ্ট বেংগল এফ চি দ্বিতীয় স্থানত থাকে৷

ইফালে, ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাৰ আজি ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘এফ’ৰ অন্তিম মেচত এফ চি গোৱা আৰু ছিলং লাজং এফ চিয়ে ৰ-ৰ গলত ড্ৰ খেলে৷ কিন্তু গলৰ পৰিসংখ্যা হিচাপত লাজং দলে গ্ৰুপ শীৰ্ষ হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ ইফালে, দ্বিতীয় স্থানত থকা গোৱাই সাত পইণ্ট লাভ কৰিলেও গলৰ গড় হিচাপত সাত পইণ্ট পোৱা ইষ্ট বেংগল আৰু পঞ্জাৱ এফ চিহে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপ ঃ উল্লেখ্য যে ১৮৮জ্জ্ব চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

মোৰ দৃঢ় বিশ্বাস- পৰৱৰ্তী অলিম্পিকত তুমি নিশ্চিতভাৱে মেডেল জয় কৰিবা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেখেতৰ নতুন দিল্লীৰ বাসভৱনত প্ৰথিতযশা বক্সাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহিত কৰে। সোণোৱালে লাভলীনাক উদ্দেশ্যে কয়, “অদম্য মনোবল আৰু একাগ্ৰতাৰে কঠোৰ পৰিশ্ৰম কৰি যোৱা… মোৰ দৃঢ় বিশ্বাস- পৰৱৰ্তী অলিম্পিকত তুমি নিশ্চিতভাৱে মেডেল জয় কৰিবা”

সৰ্বানন্দ সোণোৱাল লগতে উল্লেখ কৰে, “টকিঅ’ অলিম্পিক ২০২০ত ব্ৰঞ্জৰ পদক জয়েৰে অসমৰ বাবে এক নতুন ইতিহাস সৃষ্টি কৰা লাভলীনাই পেৰিছ অলিম্পিক ২০২৪তো প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ক্ৰীড়াপ্ৰেমীক মুগ্ধ কৰিছে।

অলপৰ বাবে এইবাৰ মেডেল জয়ৰ পৰা বঞ্চিত হ’লেও লাভলীনাই সুন্দৰ খেলেৰে সকলোৰে হৃদয় জয় কৰিলে। লাভলীনাই অনাগত দিনবোৰত ন উদ্যমেৰে পুনৰ ক্ৰীড়াক্ষেত্ৰত উজলি উঠি দেশৰ সুনাম বৃদ্ধি কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। এইক্ষেত্ৰত আমাৰ তৰফৰপৰা যথাসম্ভৱ সকলো সহযোগিতা আগবঢ়োৱা হ’ব। লাভলীনালৈ থাকিল অনাগত দিনবোৰৰ বাবে অশেষ শুভকামনা।”

গঠন হ’ল মহিলা সাংবাদিকৰ মঞ্চ ‘অসম মহিলা সাংবাদিক ফৰাম’


অসমৰ মহিলা সাংবাদিকসকলক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গঠন কৰা হয় মহিলা সাংবাদিকৰ এখন মঞ্চ। অসম মহিলা সাংবাদিক মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা এই মঞ্চ গঠনৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জ্যেষ্ঠ -কণিষ্ঠ মহিলা সাংবাদিকসকল একত্ৰিত হৈ নিজৰ মতামত ব্যক্ত কৰে। বৈঠকৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত বলাৎকাৰ আৰু হত্যাৰ বলি হোৱা কলকাতাৰ চিকিৎসকগৰাকীৰ স্মৰণত এক মিনিট মৌনতা অৱলম্বন কৰা হয়।

বৈঠকত অংশগ্ৰহণ কৰা কেইবাগৰাকীও সাংবাদিকে নিজ নিজ কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা অভিজ্ঞতা আৰু প্ৰত্যাহ্বানৰ বিষয়ে মত ব্যক্ত কৰি বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়।

বৈঠকত মহিলা সাংবাদিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা আদি সম্পৰ্কে আলোচনা কৰা হয় আৰু সকলো মহিলা সাংবাদিকৰ মাজত সম্পৰ্ক স্থাপন, যোগাযোগ গঢ়া তথা সমাজ আৰু পেছা সম্পৰ্কে আহৰণ কৰা অভিজ্ঞতা আৰু মতামত তথা তথ্যৰ আদান-প্ৰদান কৰাৰ উদ্দেশ্য এক মঞ্চ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কৰ্মশালা, আলোচনা চক্ৰ আৰু ফেলোশ্বিপ তথা অভিজ্ঞতাবৰ্ধক ভ্ৰমণ আদিৰ দৰে বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে মহিলা সাংবাদিকৰ দক্ষতা বৃদ্ধিৰ বাবে কাম কৰাৰ প্ৰতি দায়বদ্ধ হ’ব এই মঞ্চ। কৰ্মৰত অৱস্থাত বিশেষকৈ নৈশ কৰ্তব্যৰ দায়িত্বত থকা সাংবাদিকসকলৰ নিৰাপত্তাৰ নিশ্চিতিৰ লগতে কৰ্মক্ষেত্ৰত যাতে কোনো সাংবাদিক লিংগ বৈষম্যৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত এই মঞ্চ যত্নপৰ হ’ব।

মহিলা সাংবাদিকৰ এই মঞ্চৰ এখন কমিটি আজিৰ সভাত সৰ্বসন্মতিক্ৰমে গঠন কৰা হয়।পি টি আইৰ ব্যুৰ’ চীফ দূৰ্বা ঘোষক সভাপতি হিচাপে লৈ গঠিত কমিটীৰ আন সদস্যসকল হৈছে – উপ-সভাপতি: চেমিম চুলতানা আহমেদ (দৈনিক অগ্ৰদূত), আফ্ৰিদা হুছেইন (এনই নিউজ); সম্পাদক: নাছৰীণ হাবিব ( দ্যা আসাম ট্ৰিবিউন); যুটীয়া সম্পাদক: মৃদুস্মিতা ভূঞা (ডি ৱাই৩৬৫), অৰুণিমা কলিতা মেধি (অসমীয়া খবৰ), কোষাধ্যক্ষ: বিদিশা সিংহ (দ্যা আসাম ট্ৰিবিউন), সাংগঠনিক সম্পাদক: তৰা আগৰৱালা(মুক্ত সাংবাদিক), অঞ্জুমণি বৰদলৈ (প্ৰতিদিন টাইম), প্ৰচাৰ সম্পাদক: মণিষা কলিতা (দেশ টুডে), চন্দ্ৰানী সিনহা(মুক্ত), কাৰ্যবাহী সদস্য: কৰিস্মা হাছনত(দ্যা প্ৰিণ্ট), বৰষা দাস(মুক্ত), মিতালী কোঁৱৰ (প্ৰতিদিন টাইম), পল্লবী শইকীয়া( দ্য ছেণ্টিনেল), গৰিমা শৰ্মা(টাইম৮), নিভাৰাণী ৰায়(মুক্ত), গীতাশ্ৰী তালুকদাৰ (নিউজ ১৮)। কমিটিৰ উপদেষ্টা হিচাপে আছে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত, অনুৰাধা শৰ্মা পূজাৰী, এনাক্ষী শইকীয়া বৰুৱা, সবিতা লহকৰ, ইন্দ্ৰানী ৰায়মেধি, ৰত্না ভৰালী তালুকদাৰ, মুবীনা আখতাৰ, মনালিছা শৰ্মা, জাহ্নৱী খাউণ্ড, স্বপ্না বেজবৰুৱা আৰু অলকা বৰুৱা।

এই মঞ্চত অন্তৰ্ভুক্ত নোহোৱা অসমৰ সকলো মহিলা সাংবাদিকলৈ মঞ্চৰ সৈতে জড়িত হোৱাৰ বাবে আগবাঢ়ি আহিবলৈ তথা সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ অংশীদাৰ হ’বলৈ লগতে আজিৰ সভাই আহ্বান জনায়।

শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ ‘হৃদয় সুৰীয়া’ আৰু সংগৃহীত পুথি ‘দিহানাম (প্ৰাচীন)’ উন্মোচন

শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ ‘হৃদয় সুৰীয়া’ আৰু সংগৃহীত পুথি ‘দিহানাম (প্ৰাচীন)’ উন্মোচন। দিহানাম সম্বলিত কাহিনীভিত্তিক তথা বিশিষ্ট লোকসংগীতৰ গৱেষক, ভাস্কৰ্য শিল্পী প্ৰেমেশ্বৰ দত্তৰ লোকসংগীতক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হয় এই তথ্যচিত্ৰখন।

প্ৰাচীন লোকসংগীত সংৰক্ষণ মঞ্চই আয়োজন কৰা উক্ত অনুুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এইচ এল প্ৰডাকচনে নিৰ্মাণ কৰা তথ্যচিত্ৰখনি পৰিচালনা কৰে আগমণি দত্তৰ। শিৱসাগৰৰ সমাজ-সংস্কৃতিৰে জড়িত দুই শতাধিক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

গুৱাহাটীত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

দিছপুৰ, ১৭ আগষ্ট: গুৱাহাটীৰ লখৰাত অসম চৰকাৰৰ অধীনস্থ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয়টি আজি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই উদ্বোধন কৰে । আদিবাসী লোকসকলৰ কল্যাণ, উন্নয়ন তথা প্ৰাপ্য সুবিধা লাভ কৰাৰ পথ তৰান্বিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ আগ্ৰহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে বিগত সময়ত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰি দিছিল বুলি আজিৰ অনুষ্ঠানত মন্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাসদা আৰু অন্যান্য সদস্যসকলক আদিবাসী লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় ।

আনহাতে চাহ উদ্যোগৰ জড়িয়তে অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা লৈ থকা চাহ জনগোষ্ঠীয় আৰু আদিবাসীসকলৰ উন্নয়নৰ বাবে চাহ বাগিছা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন, চিকিৎসা তথা অভিযান্তিক পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত বিশেষ আৰক্ষণৰ ব্যৱস্থা আদিকে ধৰি বহুতো কাম ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত সময়ত কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে ।

আনহাতে বিগত ২০০ বছৰ ধৰি চাহ বাগিচাৰ ভূমিত বাস কৰি অহা চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে চিন্তা চৰ্চা আৰম্ভ কৰা বুলি তেওঁ উল্লেখ কৰে ।

অসম চাহ পর্যটন উন্নয়ন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ ! ৩৪ খন নিৰ্বাচিত চাহ বাগিচাৰ মাজত আনুষ্ঠানিক ভাৱে অনুমোদন পত্ৰ বিতৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ…

আজি জনতা ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু বিকাশৰ বাবে ‘অসম চাহ পর্যটন উন্নয়ন আঁচনি’ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৩৪ খন নিৰ্বাচিত চাহ বাগিচাৰ মাজত অনুমোদন পত্ৰৰ আনুষ্ঠানিক বিতৰণ কৰে।

অসমৰ ঐতিহাসিক চাহ বাগিচাসমূহ সংৰক্ষণ কৰি ইয়াক মনোমোহা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই চাহ পৰ্যটন আঁচনিখনে ইতিমধ্যে অসমৰ সকলো প্ৰান্ততেই যথেষ্ট সফলতা লাভ কৰিছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰ এই আঁচনিৰ প্রথম পর্যায়ত ইতিমধ্যে ২৫ খন বাগিচাক নিৰ্বাচন কৰি সৰ্বাধিক ২কোটি টকালৈ ৫০% উন্নয়নমূলক ৰাজসাহাৰ্য প্রদান কৰা হৈছে, আৰু ইয়াৰ উন্নীতকৰণৰ কাম পূৰ্ণগতিত চলি আছে।

আজিৰ সভাত উপস্থিত ৰাইজক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই কয় যে আমাৰ ৰাজ্য অসমৰ সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। কিন্তু পূৰ্বৰে পৰা চলি অহা বিভিন্ন বাধাৰ বাবে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা বিকশাই তুলিব পৰা হোৱা নাছিল কিন্তু এতিয়া সকলো বাধা অতিক্ৰম কৰি অসমৰ পৰ্যটন ক্ষেত্ৰক এক নতুন মান প্ৰদান কৰিবলৈ অসম চৰকাৰে পুৰ্ণ গতিত কাম কৰি আছে। ৰাজ্যখনৰ পৰ্যটনক উন্নীত কৰিবলৈ হ’লে অঞ্চলটোত শান্তি বিৰাজ কৰাটো অতি প্ৰয়োজনীয়।

এই পৰ্যটন খণ্ডত আৰু অধিক গতি প্ৰদান কৰিবলৈ এক ইতিবাচক পৰিৱেশ সৃষ্টিৰ বাবে কঠোৰ প্ৰচেষ্টা হাতত ল’ব লাগিব বুলিও মন্ত্ৰী বৰুৱাই প্ৰকাশ কৰে। অসম চৰকাৰৰ বিভিন্ন দূৰদৰ্শী পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে, ইতিমধ্যে চৰকাৰে সাগৰমালা লিমিটেডৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছে যাৰ জৰিয়তে গুৱাহাটীৰ ৬ টা পৰ্যটনথলী লৈ নদী পৰ্যটন আৰম্ভ কৰা হ’ব য’ত উমানন্দ মন্দিৰ, অশ্বক্লান্ত মন্দিৰ, কামাখ্যা মন্দিৰো অন্তৰ্ভুক্ত থাকিব। আজিৰ এই সভাত এটিডিচিৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা; উপাধ্যক্ষ দিলীপ দাস; পর্যটন বিভাগৰ প্রধান সচিব ড০ জে বি এক্কা; অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা আদি উপস্থিত থাকে৷

প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্ন ! ৰীণা বুঢ়াগোহাঁই বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘ৰবিজিতা’ৰ শুভ উন্মোচন…

প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্ন
ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘ৰবিজিতা’ৰ শুভ উন্মোচন

যোৱা ১৭ আগষ্ট শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত জাঁজীৰ সন্তান কবি, লেখক, সাহিত্যিক ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ জন্মদিনৰ বিশেষ দিনটোত অভিনন্দন গ্ৰন্থ ‘ৰবিজিতা’ৰ শুভ উন্মোচন জাকজমকতাৰে অনুষ্ঠিত হৈ যায়। মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ উদ্যোগত আৰু ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত ‘ৰবিজিতা’ৰ শুভ উন্মোচন কৰে গায়ক, সাহিত্যিক ডাঃ অঞ্জনজ্যোতি চৌধুৰীদেৱে। সুধাকন্ঠৰ এটি গীত গাই হাস্যৰসিক কথাৰে শ্ৰোতা-দৰ্শকৰ মন জয় কৰা চৌধুৰীদেৱে কয় যে- “দেশ সেৱাৰ বহু পথ আছে। ভাষা-সাহিত‌্য-সংস্কৃতিৰ সাধনা কৰাটো হৈছে সকলোতকৈ উত্তম পথ, ৰীনা বুঢ়াগোহাঁই বৰুৱা এগৰাকী সৰ্বগুণসম্পন্ন সমাজহিতৈষী বিদূষী নাৰী৷”


অনুভৱী লেখিকা, অনাতাঁৰ শিল্পী শিখামণি দত্তৰ সুললিত কন্ঠেৰে নিগৰা আৰম্ভণি গীতৰ পাছতে আদৰণি লিখিত আৱেগিক ভাষণ পাঠ কৰে সভাৰ মধ্যমণি ৰীনা বুঢ়াগোহাঁই বৰুৱাই। কবি, লেখক, ‘জোনাক’ আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথিৰ আসনৰ পৰাই কবি, সাহিত্যিক, কথাশিল্পী ড° নন্দ সিং বৰকলাদেৱে এক মননশীল ভাষণত কয় যে- “ৰ’দৰ উখল-মাখল মুখবোৰ যেনিয়ে-তেনিয়ে পোহৰৰ সমষ্টিয়ে ৰবিজিতাক ব্যপ্ত-প্ৰসাৰিত-শব্দ সম্ভাৰৰ বিপুল চেতনাইদি অন্য এক স্তৰলৈ লৈ যাওক, শিৱসাগৰৰ ঐতিহ্যই

গৰকা ঠাইৰ পৰা উদ্ভাষিত হৈ উঠা ৰীনা বাইদেউৰ জীৱন আজি ধন্য, প্ৰগতি অবিহনে আমাৰ জীৱন স্তব্ধ, জীৱন আৰু জীৱিকা দুইটাই সুকীয়া বস্তু।” শিশু -সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসৰ শুভেচ্ছামূলক বক্তৃতাৰ পিছতেই আবৃত্তিকাৰ নৱ ডেকাই ভূপেন হাজৰিকাৰ ‘টোপনি’ কবিতাটো পাঠ কৰে। ৰমক-জমক অনুষ্ঠানটোত ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ পৰিয়ালবৰ্গ, বৃহত্তৰ উত্তৰ পুৰুষৰ মঞ্চৰ কেইবাজনো সদস্য, ৰীনা বুঢ়াগোহাঁইৰ অনুৰাগী-শুভানুধ্যায়ীৰূপত দৰ্শকে ঠাহ খাই পৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ সম্পাদক হৰেকৃষ্ণ হালৈদেৱে।