Home Blog Page 579

কেৰেলাত ৰাষ্ট্ৰীয় কালাৰিপায়াত্তু চেম্পিয়নশ্বিপত পদক অৰ্জন তিতাবৰৰ মোহনাটিঙৰ আচিকুৰ ৰহমানৰ…

■ কেৰেলাত ৰাষ্ট্ৰীয় কালাৰিপায়াত্তু চেম্পিয়নশ্বিপত পদক অৰ্জন তিতাবৰৰ মোহনাটিঙৰ আচিকুৰ ৰহমানৰ
■ উত্তৰাখণ্ডৰ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত আচিকুৰ ৰহমানৰ সাফল্যত উৎফুল্লিত তিতাবৰবাসী

🔷 ভাৰতীয় কালাৰিপায়াত্তু ফেডাৰেশ্যনৰ উদ্যোগত যোৱা ৯ আগষ্টৰ পৰা কেৰেলাৰ থিৰুভাননথাপুৰমত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ষষ্ঠদশ কালাৰিপায়াত্তু চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰৰ মোহনাটিঙৰ আচিকুৰ ৰহমানে ।

🔷 উল্লেখ্য যে, মাৰ্চিয়েল আৰ্ট কালাৰিপায়াত্তু ক্ৰীড়াৰ হাই কিক্ শাখাত পদক অৰ্জন কৰা যোৰহাট জিলাৰ একমাত্ৰ খেলুৱৈ আচিকুৰ ৰহমানৰ উপৰিও অসমৰ বিভিন্ন স্থানৰ ক্ৰমে প্ৰাগজ্যোতি ডেকা, আকিব আৰ চাংমা, ইমৰান আলি, মনোজ চেত্ৰী, ৰাহুল ঘৰচানে, চাফাৰজ আলি আৰু ৰিকি খাৰকাই ১ টা সোণ, ৬ টা ৰূপ, ৬ টা ব্ৰঞ্জৰ মুঠ ১৩ টা পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে উত্তৰাখণ্ডত অনুষ্ঠিত হ’ব লগা আগন্তুক ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত প্ৰতিদ্বন্দিতা কৰিবলৈ নিৰ্বাচিত হৈছে।

🔷 মাৰ্চিয়েল আৰ্ট কালাৰিপায়াত্তু চেম্পিয়নশ্বিপত বিজয়ী হৈ আজি তিতাবৰৰ মোহনাটিঙৰ স্বগৃহত উপস্থিত হোৱাৰ পিছত স্থানীয় যুৱ সমাজকৰ্মী ৰঘু গোৱালাই আঁত ধৰা অনুষ্ঠানত DB News ৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা প্ৰমুখ্যে স্থানীয় যুৱ সমাজ, গ্ৰাম্য সংগঠন, বিভিন্ন আত্মসহায়ক গোটৰ প্ৰতিনিধিসহ শুভাকাঙ্খীসকলৰ উপৰিও তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই এখন ফুলাম গামোচাৰে অভিনন্দন জনায়।

জাপানীজ এনকেফেলাইটিছ’ত আক্ৰান্ত হৈ অৱশেষত জীৱন যুঁজত হাৰ মানিলে সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰুৱাই…

চাপৰৰ বহলপুৰত কিছুদিন পূৰ্বে জাপানীজ এনকেফেলাইটিছ’ত আক্ৰান্ত হৈছিল দুজন লোক।

ইয়াৰে এজনী সপ্তমান শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰুৱা।

ছাত্ৰী গৰাকী GMCH ত চিকিৎসাধীন অৱস্থাত আছিল যদিও জীৱন যুঁজত হাৰ মানি অৱশেষত শনিবাৰ দিনা শেষ নিশ্বাস ত্যাগ কৰে।

ছাত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দেশ তথা ৰাজ্য়জুৰি চিকিৎসালয়ত প্ৰতিবাদ ! প্ৰতিবাদকাৰী চিকিৎসকক পুনৰ কৰ্মত নিয়োজিত হ’বলৈ আহ্বান কেন্দ্ৰৰ…

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ-হত্যাক লৈ দেশজুৰি ক্ষোভ । ভাৰতীয় চিকিৎসা সংস্থাৰ আহ্বানত ২৪ ঘণ্টীয়া কৰ্মবিৰতি । আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ।

দেশ তথা ৰাজ্য়জুৰি বিভিন্ন চিকিৎসালয়ত প্ৰতিবাদ ।প্ৰতিবাদকাৰী চিকিৎসকক পুনৰ কৰ্মত নিয়োজিত হ’বলৈ আহ্বান কেন্দ্ৰৰ।

চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পেনেল গঠন কৰাৰ আশ্বাস প্ৰদান। উল্লেখ্য, কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত দেশজুৰি চলি আছে প্ৰতিবাদ।

পশ্চিম বংগত দুষ্কৃতিকাৰীয়ে মহিলা চিকিৎসকক মৃত্যুৰ মুখ লৈ ঠেলি দিয়াক লৈ মহিলা মৰ্চাৰ মৌন সমদল…

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ-হত্যাক লৈ দেশজুৰি ক্ষোভ । পশ্চিম বংগত দুষ্কৃতি কাৰীয়ে মহিলা চিকিৎসকক নিজৰ কৰ্তব্য অৱস্থাত ধৰ্ষণ কৰি মৃত্যুৰ মূখ লৈ ঠেলি দিয়াক লৈ মহিলা মৰ্চাৰ মৌন সমদল।

উল্লেখ্য যে পশ্চিম বংগত নাৰী ধৰ্ষণ বন্ধ কৰক, নাৰীক সুৰক্ষা দিয়ক,ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদান কৰক বুলি দাৱী তুলি আজি এই মৌন সমদল কাৰ্যসূচী পালন কৰে।


আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ।ভাৰতীয় চিকিৎসা সংস্থাৰ আহ্বানত ২৪ ঘণ্টীয়া কৰ্মবিৰতি ।

অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ নগাঁৱত চাঞ্চল্য ! বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়…

অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ নগাঁৱত চাঞ্চল্য। হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। বগৰীগুৰি-ৰাইডঙীয়া সংযোগী পথৰ কাষতে উদ্ধাৰ মৃতদেহটো।

পথচাৰীয়ে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত উপস্থিত জাজৰি আৰক্ষী। বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়।

দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক ৰাজীৱ বৰুৱা হায়দৰাবাদত সন্ধানহীন…

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। হায়দৰাবাদত সন্ধানহীন পুৰণিগুদামৰ ৰাজীৱ বৰুৱা নামৰ যুৱকজন। কৰ্মসংস্থাপন বিচাৰি হায়দৰাবাদলৈ গৈছিল ৰাজীৱ বৰুৱা।

কলংপাৰ-হালোৱাগাঁৱৰ যুৱকজনৰ সন্ধানহীনৰ পাছতে পৰিয়ালত হাহাকাৰ। ২১ মাৰ্চত বাংগালুৰুলৈ বুলি গৈছিল যুৱকজন। ২৯ জুনৰ পৰা আজিপৰ্যন্ত পৰিয়ালৰে যোগাযোগ নাই ৰাজীৱ বৰুৱাৰ।

স্বামীৰ নিৰুদ্দেশ সন্দৰ্ভত থানাত এজাহাৰ দাখিল পত্নীৰ। যুৱকজনৰ সন্ধান পালে 99572-89992 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ।

স্বাস্থ্যৰ বহু সমস্যা দূৰ কৰিবলৈ মুখৰ লেলাৱটি অতি উপকাৰী…

আমি প্ৰায়ে মুখৰ পৰা ওলোৱা লেলাৱটি আওকাণ কৰো, কিন্তু ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত পানী, এনজাইম, এন্টিবডি আৰু অন্যান্য গুৰুত্বপূৰ্ণ উপাদান থাকে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত মুখত লালা জমা হ’লে বহু উপকাৰ পোৱা যায়। ইয়াক প্ৰায়ে ঘৰুৱা ঔষধত ব্যৱহাৰ কৰা হয়। পেটৰ সমস্যা, ছালৰ সংক্ৰমণ আৰু চকুৰ এলাৰ্জী আদি সমস্যাত ই উপকাৰী হ’ব পাৰে। লেলাৱটি অধিক পৰিমাণৰ হিউমেক্টেণ্ট থাকে, যিয়ে ছালখনক গভীৰভাৱে হাইড্ৰেট কৰে আৰু ইয়াৰ আৰ্দ্ৰতা ধৰি ৰাখে।

শুকানতা হ্ৰাস কৰেঃ লেলাৱটিয়ে ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ই ছালখন কোমল আৰু মসৃণ কৰি ৰাখে।

বিশেষকৈ যদি আপোনাৰ কোনো ধৰণৰ আঘাত বা ঘাঁ আছে তেন্তে ই ছালৰ কলাবোৰ ভাল কৰাত সহায় কৰিব পাৰে লেলাৱটিয়ে।

নিয়মিতভাৱে লেলাৱটি প্ৰয়োগ কৰিলে ছালৰ স্থিতিস্থাপকতা বৃদ্ধি পায় আৰু বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস পাব পাৰে।

লেলাৱটি লগালে ছালৰ দাগ কমিব পাৰে। ইয়াৰ লগতে ই ছালখন চিকচিকিয়া আৰু সুস্থ কৰি তোলাত সহায় কৰিব পাৰে।

লেলাৱটিয়ে আমাক খাদ্যৰ সোৱাদ লোৱাত সহায় কৰে।

লেলাৱটিয়ে এন্টিব’ডি থাকে যিয়ে মুখত বেক্টেৰিয়া বৃদ্ধি হোৱাত বাধা দিয়ে।

লেলাৱটিয়ে মুখখন আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে।

লেলাৱটিয়ে দাঁতক খনিজ পদাৰ্থৰে ভৰাই মজবুত কৰে।

গুৱাহাটীৰ পানীখাইতিত প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ…

গুৱাহাটীৰ পানীখাইতিত পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ।

দুৰ্ঘটনাত আহত মহিলাগৰাকীক GMCHত ভৰ্তি। চন্দ্ৰপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখী আছিল ভানখন।

পথত এচাম ব্যৱসায়ীয়ে বালি মজুত কৰি ৰখাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

ৰাখীবন্ধনৰ দিনা ৰাখী বন্ধাৰ সময়ত মানি চলক এই সমূহ নিয়ম, লাভ কৰিব দেৱী লক্ষ্মীৰ আশীৰ্বাদ…

ৰাখীবন্ধন অতি গুৰুত্বপূৰ্ণ। ৰাখীবন্ধনৰ দিনটোত কৰা কিছু কামে দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। ভাতৃ-ভগ্নী প্ৰেমৰ প্ৰতীক ৰক্ষাবন্ধনৰ দিনা ভাতৃৰ হাতত ভাতৃদ্বয়ে ৰাখী বান্ধে। ভাতৃদ্বয়ে গোটেই জীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। শাওণৰ পূৰ্ণিমাৰ দিনা ৰাখীনন্ধন পালন কৰা হয়। এইবাৰ শাওণৰ পূৰ্ণিমাৰ দিনটোও শাওণ মাহৰ অন্তিম সোমবাৰ। ১৯ আগষ্ট সোমবাৰ দিনটোতে ৰক্ষাবন্ধন পালন কৰা হ’ব। ভাই-ভনীৰ সুখ আৰু সমৃদ্ধিৰ দিশতো এই দিনটো বিশেষ। যদিহে ৰক্ষাবন্ধনৰ দিনটোত কিছু ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে দেৱী লক্ষ্মী সুখী হৈ আপোনাক দিব আশীৰ্বাদ। ৰক্ষাবন্ধনৰ দিনা দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ উপায় জানি লওক-

ৰক্ষাবন্ধনৰ দিনা ভাতৃক ৰাখী বান্ধি দিয়াৰ পূৰ্বে দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূজা কৰিব। গণপতি বাপ্পাৰ লগত হালধীয়া ৰঙৰ ৰাক্ষসূত্ৰ বান্ধিব। ইয়াৰ পিছত শুভ সময়ত ভাইটিৰ লগত ৰাখী বান্ধিব।

দুখীয়া আৰু আৰ্তজনক সহায় কৰা সেইসকল লোকৰ লগত মা লক্ষ্মী অতি সুখী। দান আৰু ধৰ্ম কৰক। এই কাম কৰাসকলে বহুগুণ বেছি ধন লাভ কৰে। গতিকে সুৰক্ষাবন্ধনৰ দিনটোত ভাই-ভনীসকলে একত্ৰিত হৈ নিজৰ সামৰ্থ্য অনুযায়ী দৰিদ্ৰ লোকক দান-বৰঙণি আগবঢ়াব লাগে। ইয়াৰ ফলত ভাতৃ-ভগ্নীৰ সম্পৰ্ক মজবুত হয়।

ৰাখী বান্ধি থাকোঁতে ভগ্নীসকলে মনত ৰাখিব লাগে যে ভাইটিৰ হাতত ৰাখী বান্ধি থাকোঁতে ৩ গাঁঠি বান্ধিব লাগে। লগতে ইজনে সিজনক অন্তৰেৰে আশীৰ্বাদ কৰক আৰু সুস্থ আৰু সমৃদ্ধিশালী জীৱনৰ কামনা কৰক।

আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি…

আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি। জৰুৰীকালীন সেৱাৰ বাদে আন সকলো সেৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল।

কলকাতাত মহিলা চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত IMA-এ ঘোষণা কৰিছে কৰ্মবিৰতি। আজি পুৱা ৬ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ কৰ্মবিৰতি।

কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ বিৰূদ্ধে শুক্ৰবাৰে চৰকাৰী গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়তো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল