Home Blog Page 582

স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী…

স্বাধীনতা দিৱসৰ দিনাই নিষিদ্ধ ঘোষিত সংগঠন আলফা( স্বাধীন)এ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোত চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ডাঃ চৌধুৰীয়ে কয়, “আলফাৰ এই কূটাঘাতমূলক কাৰ্যই বৰ্তমান ৰাজ্যখনৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী তথা চোৰাংচোৱা বিভাগৰ লজ্জাজনক ব্যৰ্থতা উদঙাই দিছে। এনে এটা ঘটনা আলফাৰ প্ৰেছ বিজ্ঞপ্তিৰ পাছতহে আৰক্ষী তথা চোৰাংচোৱাৰ দৃষ্টিগোচৰ হৈছে। যদি সচাঁকৈয়ে আলফাই দাবী কৰা অনুসৰি কোনো বিজুতি নোহোৱাকৈ বোমা বিস্ফোৰণ সংঘটিত হলহেঁতেন, তেতিয়া এক ভয়াবহ পৰিস্হিতিৰ সৃষ্টি হ’লহেঁতেন। আলফা (স্বাধীন)ৰ দ্বাৰায় সংস্থাপিত বোমাসমূহ এতিয়ালৈকে আৰক্ষীয়ে নিস্ক্ৰিয় কৰাৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিব পৰা নাই। এই সমগ্ৰ ঘটনাৱলীয়ে গৃহ বিভাগ, অসম আৰক্ষী তথা চোৰাংচোৱাৰ বিফলতা স্পষ্টৰূপে উদঙাই দিছে। ” সংবাদমেলত উপস্থিত থকা আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই গৃহ বিভাগ তথা অসম আৰক্ষীৰ ব্যৰ্থতাৰ বিষয়ে উল্লেখ কৰি কয় যে সমগ্ৰ ৰাজ্যখনতে আজি সাধাৰণ মানুহৰ এক ভয় – শংকাৰ পৰিবেশ বিৰাজ কৰিছে।

আপৰ জ্যেষ্ঠ নেত্ৰী গৰাকীয়ে কয়,” যি সময়ত মুখ্যমন্ত্ৰীয়ে অনাহকতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে ৰাজ্যখনত এক হিংসা-বিদ্বেষৰ পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে, সেই সময়তে নিজৰ দপ্তৰ চম্ভালিব নোৱাৰি মুখ্যমন্ত্ৰী গৰাকীয়ে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে। এনে অৱস্থাত আমি আম আদমী পাৰ্টিয়ে দাবী কৰিছো যে শীঘ্ৰেই গৃহ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক। কিয়নো ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত তেওঁ চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছে। তদুপৰি পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই দাবী কৰা অনুসৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে মাজে সময়ে তেওঁৰ বাৰ্তালাপ হৈয়ে থাকে। এনে অৱস্থাত ৰাজ্যজুৰি বোমা সংস্থাপিত কৰাৰ ঘটনা ৰহস্যৰ বিষয় হিচাপে পৰিগণিত হৈছে। আশ্চৰ্যকৰ ভাবে যোৱাকালি এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী গৰাকীৰ চকুৱে মুখে কোনো উদ্বিগ্নতাৰ ভাব পৰিলক্ষিত হোৱা নাই। এয়া ৰহস্যজনক। ” সংবাদমেলত আম আদমী পাৰ্টিৰ আন এগৰাকী নেতা অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে।

ছেপ্টেম্বৰত আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, প্ৰবাসী ভাৰতীয়ৰ সন্মিলনত ভাষণ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে…

৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে মোদীৰ আমেৰিকাৰ ভ্ৰমণ, য’ত ট্ৰাম্প আৰু ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছৰ মাজত শীৰ্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে। কমলা হেৰিছ হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু এটা ডাঙৰ ৰাজনৈতিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱা কৃষ্ণাংগ আৰু ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা। অহা মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চ পৰ্যায়ৰ অধিৱেশনৰ বাবে আমেৰিকা ভ্ৰমণ কৰিব মোদীয়ে। ইয়াত প্ৰবাসী ভাৰতীয়ৰ এক কাৰ্যসূচী সম্বোধন কৰিব। ২২ ছেপ্টেম্বৰত লং আইলেণ্ডৰ নাছাউ কলিজিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।


অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে নিজৰ প্ৰতিবেদন দাখিল কৰিব, তাৰ পিছত সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনৰ সভাপতিয়ে ভাষণ দিব। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰীমোদীয়ে শেষবাৰৰ বাবে ইউএনজিএৰ বাৰ্ষিক উচ্চ পৰ্যায়ৰ অধিৱেশনত ভাষণ দিছিল। যোৱা বছৰৰ ২১ জুনত তেওঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিছিল। ৰাষ্ট্ৰপতি বাইডেনৰ আয়োজনত ৰাজ্যিক ভ্ৰমণৰ বাবে ৱাশ্বিংটন ডি চিলৈ যোৱাৰ পূৰ্বে তেওঁ বিশ্ব সংস্থাটোৰ মুখ্য কাৰ্যালয়ৰ নৰ্থ লনত অনুষ্ঠিত ঐতিহাসিক যোগ দিৱস অনুষ্ঠানৰ নেতৃত্ব দিয়ে। আনহাতে ২০১৯ চনত টেক্সাছৰ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত ‘হাউডি মোডী’ অনুষ্ঠানত মোদীয়ে ভাষণ দিছিল, য’ত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও অংশগ্ৰহণ কৰিছিল।

শোণিতপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিশ্বজিৎ বড়োক নিলম্বন…

শোণিতপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিশ্বজিৎ বড়োক নিলম্বন৷ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বড়োক নিলম্বন মাধ্যমিক শিক্ষা সঞ্চালকৰ৷

বড়োৰ মোবাইলৰ পৰা ভাইৰেল হৈছিল সহঃশিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ’৷

সহকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে নিজেই প্ৰেৰণ কৰিছিল নিজৰ অশ্লীল ভিডিঅ’৷

কাৰ্বি আংলঙৰ লেফটেনেণ্ট ৱেলকম টেৰনৰ দেহাৱসান…

কাৰ্বি আংলঙৰ লেফটেনেণ্ট ৱেলকম টেৰনৰ শেষ নিঃশ্বাস ত্যাগ।

ৱেলকম টেৰন এগৰাকী বিশিষ্ট সমাজকৰ্মী আছিল।

কাৰ্বি ভাষাৰ বিকাশত তেওঁৰ অৱদানৰ বাবে আৰু কাৰ্বি এমআইএললৈ তেওঁৰ অৱদানৰ অশেষ।

তেওঁৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলজুৰি।

তেওঁ উম্পানাই উচ্চ বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

স্বাধীনতা দিৱসত মালিগাঁও চাৰিআলিত বিশিষ্ট সমাজকৰ্মী- জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা…

গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে জালুকবাৰী থানাৰ সন্মূখত থকা মালিগাঁও চাৰিআলিৰ পিয়লি ফুকন চকত জালুকবাৰী আৰক্ষী থানা আৰু থানা এলেকাৰ জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ যৌথ উদ্যোগত তথা থানাৰ অন্তৰ্গত সমূহ নাগৰিক কমিটি, গাঁওৰক্ষী বাহিনী, ব্যৱসায়ী সন্থা, স্বেস্বাসেৱী সংগঠনৰ সহযোগত ১৫ আগষ্টত ৭৮ সংখ্যক স্বাধীনতা দিৱস বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হয়।

পুৱা উপস্থিত তিনি শতাধিক লোকৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈয়বুন নেচাই। অনুষ্ঠানটোৰ আঁত ধৰে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ অধ্যক্ষ দ্বিজেন লহকৰে। আনহাতে জালুকবাৰী থানা চৌহদত সকলোৰে অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতুজ্যোতি নাথে।

তাৰ পাছত বিগত সময়চোৱাত সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ অধ্যক্ষ দ্বিজেন লহকৰ আৰু সাংস্কৃতিক কৰ্মী বিপুল ভৰালীক জালুকবাৰী থানাৰ ফালৰ পৰা ফুলাম গামোচা, ফুলৰ থোপা আৰু মানপত্ৰৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। একেদৰে অনুষ্ঠানত মাধৱ চন্দ্ৰ ভৰালী সোঁৱৰণী ন্যাসৰ ফালৰ পৰা বিগত বছৰ সমূহৰ দৰে এইবেলিও থানাৰ অন্তৰ্গত ১২ টা ৱাৰ্ডৰ ১২ গৰাকী বিশিষ্ট জেষ্ঠ্য নাগৰিক ক্ৰমে- নৰম আলী, নৱ কুমাৰ হাজৰিকা, সোণমাই বৰা, হিমাংশু কুমাৰ দে, ৰঞ্জু ঝা, অৰ্ধেন্দু কুমাৰ দেৱ, ভাৰতী বসুমতাৰী, সুদেশ কুমাৰ জৈন (মুন্নাভাই), বিৰজা দেৱী দাস, কৈলাশ শৰ্মা, পুলিন ষ্টন মমিন আৰু নগেন্দ্ৰ নাথ বৰ্মনক ন্যাসৰ ন্যাসৰক্ষী বিপুল ভৰালীয়ে ৰাজহুৱাভাবে সম্বৰ্দ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে। অনুষ্ঠানত জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতুজ্যোতি নাথ, সমাজকৰ্মী ক্ৰমে-জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ প্ৰাক্তন অধ্যক্ষ ভূপেন্দ্ৰ নাথ সোণোৱাল, পৰেশ ঠাকুৰীয়া, তৰিকউদ্দিন আহমেদ, দীপা ভৰালী, ৰীণা কাজী, সুদেশ কুমাৰ জৈন (মুন্নাভাই), কাৰ্তিক কলিতা, নিতাই দে , নিৰোদ ৰায়কে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল।

কলকাতাৰ কাণ্ডঃ শনিবাৰে দেশজুৰি ২৪ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ভাৰতীয় চিকিৎসক সন্থাৰ…

কলকাতাৰ চিকিৎসক মৃত্যুক লৈ উত্তাল দেশ।

দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ভাৰতীয় চিকিৎসক সন্থাৰ।

শনিবাৰ (১৭ আগষ্ট)ৰ পৰা দেশজুৰি ২৪ঘণ্টীয়া ধৰ্মঘট IMAৰ।

প্ৰতিবাদৰ সময়ছোৱাত দেশৰ সকলো চিকিৎসালয়ত বন্ধ থাকিব OPD সেৱা।

বন্ধ থাকিব নির্বাচিত অস্ত্রোপচাৰ সেৱা।

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জন্মদিন ! কেজৰিৱালৰ শিক্ষা আৰু কৰ্ম জীৱনৰ বিষয়ে জানক…

১৯৬৮ চনৰ ১৬ জুনত ভাৰতবৰ্ষৰ হাৰিয়ানাৰ হিচাৰত অৰবিন্দ কেজৰিৱালৰ জন্ম হয়। তেখেতৰ পিতৃ এজন অভিযন্তা আছিল। গোটেই শৈশৱকালটো তখেতে উত্তৰ ভাৰতৰ সৰু নগৰ যেনে সোনেপত, মথুৰা, হিচাৰ আদিতেই অতিবাহিত কৰে।

১৯৮৯ চনত কেজৰিৱালে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জি, খড়গপুৰ (IIT Kharagpur)ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত বি.টেক ডিগ্ৰী লাভ কৰে।

টাটা ষ্টীল(TATA Steel)ৰ এগৰাকী কৰ্মচাৰী হিচাপে কেজৰিৱালে তেখেতৰ চাকৰি জীৱন আৰম্ভ কৰে। ১৯৯২ চনত কেজৰিৱালে চাকৰীত ইস্তফা দি, কলিকতাত থকা মাদাৰ টেৰেছাৰ মিশ্যনেৰীজ অফ চ্যাৰিটি, উত্তৰ-পূৱ ভাৰতৰ ৰামকৃষ্ণ মিচন, নেহৰু যোগ কেন্দ্ৰ আদিৰ সৈতে ভালেখিনি সময় জড়িত থাকে।

১৯৯৫ চনত এখেতে ভাৰতৰ ৰাজহ সেৱা (Indian Revenue Service (IRS)) বিভাগত আয়কৰ শাখাৰ অতিৰিক্ত আয়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে।

২০০০চনত এখেতে চাকৰীৰ পৰা সাময়িক বিৰতি লৈ দিল্লীত পৰিৱৰ্তন নামেৰে এটা সংস্থাৰ জন্ম দিয়ে। ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত কেজৰিৱালে চাকৰীৰ পৰা অব্যাহতি গ্ৰহন কৰে।

২০০৬ চনৰ ডিচেম্বৰত কেজৰিৱালে মনিষ শিষোদিয়া আৰু অভিনন্দন শেখ্ৰীৰ সৈতে লগ হৈ পাব্লিক ক’জ ৰিচাৰ্ছ ফান্ডেচন নামেৰে আন এটি সংস্থা প্ৰতিস্থা কৰে।

সন্মান আৰু পুৰষ্কাৰ
২০০৪ চন – অশোক ফেল’, অশোক ইনোভেটৰচ ফৰ পাব্লিক
২০০৫ চন – সত্যেন্দ্ৰ দুবে স্মাৰক বটাঁ (Satyendra Dubey Memorial Award, IIT Kanpur)
২০০৬ চন – ৰামন মেগচেচে পুৰস্কাৰ
২০০৬ চন – চি এন এন-আই বি এন, ইন্ডিয়ান অফ দা ইয়েৰ
২০০৯ চন – বিশিষ্ট প্ৰাক্তন ছাত্ৰ বটাঁ, ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জি, খড়গপুৰ
২০১০ চন – দা ইক’ন’মিক টাইমচ এৱাৰ্ড

খালী পেটত নাখাব চপ, চিংৰা! খাব এই তিনিটা সুস্বাদু খাদ্য…

প্ৰতিদিনে ৰোল, চাওমিন, বাৰ্গাৰ, পিজ্জা খালে ওজন বৃদ্ধিৰ লগতে আন বহুতো শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। গতিকে, যদি আপুনি ভোকত থাকে, তেন্তে প্ৰতিদিনে এই ধৰণৰ খাদ্য খোৱাৰ পৰিৱৰ্তে কিছু স্বাস্থ্যকৰ খাদ্য খাব পাৰে। তাৰ পিছত গৰম চপ-চিংৰা, খাব বিচাৰে। গতিকে যদি আপুনি ভোকত থাকে তেন্তে প্ৰতিদিনে এই ধৰণৰ খাদ্য খোৱাৰ পৰিৱৰ্তে কিছু স্বাস্থ্যকৰ খাদ্য খাব পাৰে।

অটচ অলপ পানীত তিয়াই মিক্সাৰত দি লওক, তাৰ পিছত পিঁয়াজ, জলকীয়া, ধনীয়া পাত, বিলাহী আৰু সকলো ধৰণৰ মছলা দি তৈয়াৰ কৰি অলপ তেলত ভালকৈ ভাজি বনোৱা এটা সুস্বাদু ব্ৰেকফাষ্ট বনাব পাৰে।

ভোক লাগিলে দুপৰীয়া মছলা মুৰি বা ভেলপুৰীও খাব পাৰি। কম কেলৰিযুক্ত জলপানৰ ভিতৰত ভেলপুৰী এটা ভাল খাদ্য। কিন্তু বজাৰৰ পৰা কিনা চাটনি ভেলপুৰী নহয়। ঘৰতে বনোৱা ভেলপুৰী খাব লাগে। বজাৰৰ পৰা কিনিলেও ইয়াত মিঠা চাটনি দিব নালাগে, ইয়াৰ সোৱাদ কমি যাব যদিও ওজন নিয়ন্ত্ৰণত থাকিব।

বন্ধুৰ পৰা সম্পৰ্কৰ পৰামৰ্শ লয় নেকি? এনে ভূল নকৰিব…

সম্পৰ্কত প্ৰত্যেকৰে অভিজ্ঞতা বেলেগ বেলেগ। গতিকে আপুনি কেতিয়াও তৃতীয় ব্যক্তিৰ দৃষ্টিকোণৰ পৰা আপোনাৰ সম্পৰ্কৰ সমস্যা সমাধানৰ ভুল কৰা উচিত নহয়। সাধাৰণতে আমি সকলোৱে আমাৰ সম্পৰ্কৰ সমস্যা বন্ধু-বান্ধৱীৰ সৈতে ভাগ-বতৰা কৰোঁ। কিন্তু তেনে কৰাটো উচিত নেকি? সফল বিবাহ হ’ল সেই বিবাহ য’ত স্বামী-স্ত্ৰীয়ে একেলগে প্ৰতিটো সমস্যাৰ সন্মুখীন হয়। সম্পৰ্কত যিকোনো তৃতীয় ব্যক্তিৰ প্ৰৱেশে সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ বন্ধুৰ পৰা সম্পৰ্কৰ পৰামৰ্শ লৈছে তেন্তে সাৱধান-


বিবাহৰ সমস্যা ব্যক্তিগত। যেতিয়া আপুনি এইবোৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰে, তেতিয়া আপোনাৰ গোপনীয়তা প্ৰভাৱিত হয়। ৰাজহুৱাভাৱে যিকোনো কথা প্ৰকাশ কৰিলে আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজৰ ব্যক্তিগত বিষয়টো আনৰ দৃষ্টিগোচৰ হৈ পৰে, যাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

বন্ধু-বান্ধৱীয়ে আপোনাৰ সমস্যাবোৰ সম্পূৰ্ণৰূপে বুজি নোপোৱাকৈ সমাধান দিব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্কৰ ক্ষতি হ’ব পাৰে। তেওঁলোকে ইচ্ছাকৃতভাৱে এই কাম নকৰে, কিন্তু যদি তেওঁলোকৰ সম্পৰ্কত বেয়া অভিজ্ঞতা হৈছে তেন্তে তেওঁলোকে আপোনাক সুস্থ সম্পৰ্কৰ বাবে টিপছ দিব নোৱাৰে।

আজি ঘোষণা হ’ব জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দিন…

আজি ঘোষণা হ’ব জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দিন৷

বিয়লি ৩ বজাত নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল৷

সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব আয়োগে৷