আজি ঘোষণা হ’ব জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দিন৷

বিয়লি ৩ বজাত নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল৷

সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব আয়োগে৷
আজি ঘোষণা হ’ব জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দিন৷

বিয়লি ৩ বজাত নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল৷

সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব আয়োগে৷
অৱশেষত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিলে গোপী বাহুৱে। অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰি বহু ছবি শ্বেয়াৰ কৰিছে। এই ছবিসমূহত গোপীৰ সৈতে আছে তেওঁৰ।

‘সাথ নিভানা সাথিয়া’ ছবিখনত গোপী বহুৰ চৰিত্ৰত অভিনয় কৰা দেৱলীনাই অৱশেষত অনুৰাগীক সুখবৰ দিছে। দেৱলীনা গৰ্ভৱতী আৰু অতি সোনকালে মাতৃ হ’ব তেওঁ। ছচিয়েল মিডিয়াত ইখনৰ পিছত সিখনকৈ কেইবাখনো ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে। লগতে এটা বেবী বাম্পো দেখুৱাইছিল। ফটোকেইখনত অভিনেত্ৰীগৰাকীৰ মুখত স্পষ্টকৈ দেখা গৈছিল গৰ্ভধাৰণৰ উজ্বলতা।

এই ছবিসমূহৰ সৈতে এটা মৰমলগা কেপচন লিখি দেৱলীনাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰে। অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘মই মাতৃ হোৱাৰ যাত্ৰা উপভোগ কৰি আছো। পঞ্চমৃত অনুষ্ঠান…! এই পৰম্পৰাত গৰ্ভৱতী মাতৃ আৰু সন্তানক মৰম দিয়া হয়। যাতে সন্তান আৰু মাতৃ দুয়োৰে স্বাস্থ্য সুস্থ হৈ থাকে আৰু দুয়ো সুখী হৈ থাকে আৰু জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হয়।

বিশ্বত পুনৰ মংকী পক্সৰ আতংক৷ শুকুৰবাৰে ছুইডেনত ধৰা পৰিছে মংকী পক্সত আক্ৰান্ত ৰোগী৷

আফ্ৰিকাৰ বাহিৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে মংকী পক্সৰ ৰোগী৷ ব্যক্তিজন আফ্ৰিকা ভ্ৰমণৰ সময়তে আক্ৰান্ত হয় মংকী পক্সত৷

ঘটনা পোহৰলৈ অহাৰ পাছতে WHOৰ জৰুৰী অৱস্থা ঘোষণা৷
দেশৰ স্বাধীনতা দিৱস উদযাপনৰ মাজতে ডিমা হাচাও পথ দুৰ্ঘটনাত বাইক ৰাইডা নিহত। ডিমা হাছাও জিলাৰ উমৰাংছত বৃহস্পতিবাৰে প্ৰায় তিনি বজাত হোৱা ক্লিংকাৰ কঢ়িওৱা ১৮ চকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত নীলকমল মহেলা নামৰ এজন গুৱাহাটী নিৱাসী ব্যক্তি থিতাতে নিহত হয়।

আৰক্ষী সুত্ৰে জানিব পৰা অনুসৰি মৃত নীলকমল মহেলা বাইক ৰাইডিঙৰ বাবে ৰাইডাৰ সকলৰ লগত উমৰাংছলৈ আহিছিল বুলি জানিব পৰা গৈছে ৷

বহু চৰ্চিত অসমীয়া ছবি বিদুৰভাই উপভোগ কৰিলে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিদুৰভাই উপভোগ কৰি সামাজিত মাধ্যমত লুৰিণজ্যোতি গগৈয়ে মনৰ অনুভৱ প্ৰকাশ কৰিলে।

তেওঁ কয় যে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা অসমীয়া চিনেমা বিদুৰভাই উপভোগ কৰিলোঁ আজি। চিনেমাখন উপভোগ কৰি অভিভূত হ’লো৷ সামাজিক চেতনাৰে উদ্বুদ্ধ কাহিনীৰে সমৃদ্ধ ‘বিদুৰভাই’ক এখন সফল চিনেমা হিচাপে দৰ্শকে ইতিমধ্যেই স্বীকৃতি দিছে৷ চিনেমা এখন ৰসোত্তীৰ্ণ হ’বলৈ প্ৰয়োজনীয় প্ৰতিটো দিশতে মনোযোগ দিছে চিনেমাখনৰে জড়িত প্ৰতিগৰাকী কলা-কুশলীয়ে৷ তেওঁলোক আটাইলৈ আমাৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ৷ চিনেমা উপভোগ কৰি এইদৰে কয় AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

শেহতীয়াকৈ বিদুৰভাই ছবিখনে BLOCKBUSTER তালিকাত নিজৰ অন্তভুক্ত কৰিছে। Box Officeত ১০.১০ কোটি টকা উপাৰ্জন কৰিলে বিদুৰভাইয়ে।
পুনৰ ইতিহাস ৰচাৰ দিশে ISRO ! SSLV-D3 বিমানত ISROয়ে এছ-০৮ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ উৎক্ষেপণ কৰিব। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ উপগ্ৰহটো৷ SSLV-D3ৰ ওজন 175.5 কিঃগ্ৰাম৷ উদ্যোগ, নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ অভিযানৰ বাবে ব্যৱহাৰ কৰা হ’ব উপগ্ৰহটো৷

এই মিছনে SSLV বিকাশ চূড়ান্ত কৰে আৰু চোৱাচিতা, পৰিৱেশ নিৰীক্ষণ আৰু UV বিকিৰণ জোখাৰ বাবে উন্নত পেলোড অন্তৰ্ভুক্ত কৰে।
বিশ্বত পুনৰ মংকী পক্সৰ আতংক৷ শুকুৰবাৰে ছুইডেনত ধৰা পৰিছে মংকী পক্সত আক্ৰান্ত ৰোগী৷ আফ্ৰিকাৰ বাহিৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে মংকী পক্সৰ ৰোগী৷ ব্যক্তিজন আফ্ৰিকা ভ্ৰমণৰ সময়তে আক্ৰান্ত হয় মংকী পক্সত৷ ঘটনা পোহৰলৈ অহাৰ পাছতে WHOৰ জৰুৰী অৱস্থা ঘোষণা৷

চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা আফ্ৰিকাৰ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত ১৪ হাজাৰতকৈ অধিক মংকী পক্সত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে আৰু ইয়াৰে ৫২৪ জন লোকৰ মৃত্যু হৈছে। ১৫ বছৰৰ তলৰ শিশু আৰু মহিলাসকল অধিক বিপদত পৰে। এই ৰোগ এতিয়ালৈকে আফ্ৰিকাৰ ১৩খন দেশত বিয়পি পৰিছে। ইয়াৰে কিছুমান দেশত মংকী পক্সৰ ঘটনা আগতে কেতিয়াও হোৱা নাছিল।
আমি সকলোৱে জানো যে গাখীৰ এনে এবিধ খাদ্য য’ত সকলো ধৰণৰ পুষ্টিকৰ উপাদান থাকে, সেয়েহে আমাৰ মা-দেইতাই আমাক সৰুৰে পৰা গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে। গাথীৰ খালে কেলচিয়াম, হাড় শক্তিশালী হয় আৰু একে সময়তে আমি বহু ৰোগৰ পৰা ৰক্ষা পাওঁ, কিন্তু সকলোৱে গাখীৰ খাই ভাল নাপায়। গাখীৰৰ সলনি আন বহুতো বস্তু খালেও কেলচিয়াম পোৱা যায়। গাখীৰৰ বাহিৰেও কেলচিয়াম সমৃদ্ধ খাদ্য সমূহ জানো আহকঃ

১/ কমলা
কমলা এবিধ ফল, যি বিধ ফল সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি পোৱাৰ বাবে খোৱা হয়, কিন্তু এই ফলৰ ৰস খালে শৰীৰত কেলচিয়ামৰ অভাৱ নহয়।
২/ ওটচ
ওটছ এটা অতি স্বাস্থ্যকৰ খাদ্য যিটো আমি সাধাৰণতে ব্ৰেকফাষ্টত খাওঁ, ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে যিয়ে শৰীৰক শক্তিশালী কৰে।
৩/ ৰ’দৰ পোহৰ
আপুনি হয়তো প্ৰায়ে শুনিছে যে ভিটামিন ডি পাবলৈ হ’লে নিজকে সূৰ্যৰ পোহৰত ৰাখিব লাগে, সূৰ্যৰ পোহৰৰ জৰিয়তেও কেলচিয়াম লাভ কৰিব পাৰি।
৪) সেউজীয়া পাতৰ পাচলি
সেউজীয়া পাতৰ শাক-পাচলি সদায় স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈ আহিছে। অন্যান্য গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ উপৰিও ইয়াৰ পৰা কেলচিয়ামো লাভ কৰিব পাৰি।
কলকাতাৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যা কাণ্ডৰ সন্দৰ্ভত কলকাতাৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে মন্তব্য কৰি কয় যে এয়া ডাঙৰ অপৰাধ, দোষীক ফাঁচি দিব লাগে।

অহা ১৭ আগষ্টত দেশজুৰি চিকিৎসকে ৰূপায়ণ কৰিব ধৰ্মঘট কাৰ্যসূচী৷ IMAয়ে ঘোষণা কৰে এই কথা৷ উল্লেখ্য যে, চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ বৰ্তমানেও উত্তাল হৈ আছে পশ্চিমবংগ৷ দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী চিকিৎসকসকলৰ৷
ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ ( বি আৰ অ ) পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) হিচাপে পূব মণ্ডলৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত মূখ্য কাৰ্যালয়ত ১২ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিছে বাহিনীটোত অতি দুৰ্গম অঞ্চলত কাম কৰা দক্ষ অভিযন্তা হিচাপে কাম কৰাৰ সুনাম থকা হৰেন্দ্ৰ কুমাৰে। ইয়াৰ পূৰ্বে তেওঁ বাহিনীটোৰ চণ্ডীগড়স্থিত পশ্চিম মণ্ডলত এ ডি জি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে পূৱ মণ্ডলৰ এ ডি জি প্ৰবীণ কুমাৰ হনুমন্ত সিঙে ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ব্ৰহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজয় কুমাৰ মিশ্ৰক জ্যেষ্ঠতা, দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত বি আৰ অৰ পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত এ ডি জি হিচাপে সাময়িক ভাৱে নিযুক্তি দিছিল।

আনহাতে ১৯৯০ বেটছৰ সীমান্ত পথ অভিযান্ত্ৰিক সেৱাৰ ( BRES ) বিষয়া হৰেন্দ্ৰ কুমাৰে বিগত প্ৰায় ৩৪ বছৰত জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশকে ধৰি ভাৰত-তিব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চলত পথ, দলং, সুৰংগ আদিৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ যাতায়াত ব্যৱস্থাৰ উন্নয়ন সাধন কৰাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সঞ্চয় কৰিছে। যাৰ বাবে বিগত সময়চোৱাত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় পদক হিচাপে পৰিগণিত হৈ অহা অতি বিশিষ্ট সেৱা মেডেল ( AVSM ) আৰু বিশিষ্ট সেৱা মেডেল ( VSM ) লাভ কৰিছিল। আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই পূৱ মণ্ডল মূখ্য কাৰ্যালয়ৰ সভাগৃহত অভিযন্তা আৰু বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হৈ হৰেন্দ্ৰ কুমাৰে পূৱ মণ্ডলৰ অধীনত চলি থকা বিভিন্ন প্ৰকল্পৰ কাম-কাজ সমূহৰ পৰ্যালোচনা কৰাৰ লগতে সকলো নিৰ্মাণ কাৰ্য যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।