Home Blog Page 584

বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে হৰেন্দ্ৰ কুমাৰৰ কাৰ্যভাৰ গ্ৰহণ…

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ ( বি আৰ অ ) পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) হিচাপে পূব মণ্ডলৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত মূখ্য কাৰ্যালয়ত ১২ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিছে বাহিনীটোত অতি দুৰ্গম অঞ্চলত কাম কৰা দক্ষ অভিযন্তা হিচাপে কাম কৰাৰ সুনাম থকা হৰেন্দ্ৰ কুমাৰে। ইয়াৰ পূৰ্বে তেওঁ বাহিনীটোৰ চণ্ডীগড়স্থিত পশ্চিম মণ্ডলত এ ডি জি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে পূৱ মণ্ডলৰ এ ডি জি প্ৰবীণ কুমাৰ হনুমন্ত সিঙে ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ব্ৰহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজয় কুমাৰ মিশ্ৰক জ্যেষ্ঠতা, দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত বি আৰ অৰ পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত এ ডি জি হিচাপে সাময়িক ভাৱে নিযুক্তি দিছিল।

আনহাতে ১৯৯০ বেটছৰ সীমান্ত পথ অভিযান্ত্ৰিক সেৱাৰ ( BRES ) বিষয়া হৰেন্দ্ৰ কুমাৰে বিগত প্ৰায় ৩৪ বছৰত জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশকে ধৰি ভাৰত-তিব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চলত পথ, দলং, সুৰংগ আদিৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ যাতায়াত ব্যৱস্থাৰ উন্নয়ন সাধন কৰাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সঞ্চয় কৰিছে। যাৰ বাবে বিগত সময়চোৱাত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় পদক হিচাপে পৰিগণিত হৈ অহা অতি বিশিষ্ট সেৱা মেডেল ( AVSM ) আৰু বিশিষ্ট সেৱা মেডেল ( VSM ) লাভ কৰিছিল। আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই পূৱ মণ্ডল মূখ্য কাৰ্যালয়ৰ সভাগৃহত অভিযন্তা আৰু বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হৈ হৰেন্দ্ৰ কুমাৰে পূৱ মণ্ডলৰ অধীনত চলি থকা বিভিন্ন প্ৰকল্পৰ কাম-কাজ সমূহৰ পৰ্যালোচনা কৰাৰ লগতে সকলো নিৰ্মাণ কাৰ্য যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰা আলফা’ স্বাধীনৰ কাৰ্যক জাফা’ৰ গৰিহণা

ৰাজ্যজুৰি বোমাতংক, সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰা আলফা’ স্বাধীনৰ কাৰ্যক জাফা’ৰ গৰিহণাৰাজ্যৰ শান্তি -সম্প্ৰীতি,আইন -শৃংখলা বিনষ্ট কৰিব বিচৰা অপ:শক্তিক কঠোৰ হাতেৰে দমন কৰাৰ দাবী জাফা’ৰ।
আনহাতে আজিৰ এই ঘটনাই তথাকথিত স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপটো নগ্ন ৰূপত উদঙাই দিলে বুলিও জাফা’ৰ মত প্ৰকাশ ।

সভাপতি অভিদ্বীপ চৌধুৰী কাৰ্যকৰী সভাপতি পংকজ ডেকা মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰে।

৪০ বছৰ বয়সতো ছালখন ধুনীয়া কৰি ৰাখিব বিচাৰেনে? গতিকে এই ৫ টা খাদ্য খাওক…

যেতিয়া আপোনাৰ বয়স ৪০ বছৰ হ’ব তেতিয়া আপোনাৰ ছাল পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিব। বয়স বৃদ্ধিৰ লগে লগে ছালৰ স্থিতিস্থাপকতা কমি যায় আৰু বলিৰেখা দেখা দিবলৈ আৰম্ভ কৰে। কিন্তু সঠিক খাদ্য আৰু জীৱনশৈলীৰ দ্বাৰা আপুনি আপোনাৰ ছালখনক উজ্জ্বল কৰিব পাৰে। পাঁচটা খাদ্যৰ বিষয়ে জানি লওক…


জামুকত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে আৰু কলাজেন উৎপাদনত সহায় কৰে। কলাজেনে ছালৰ স্থিতিস্থাপকতা বজাই ৰাখে, যাৰ ফলত আপোনাৰ ছালখনক ধুনীয়া হয়।

ছালমন আৰু টুনাৰ দৰে চৰ্বিযুক্ত মাছত ওমেগা-৩ ফেটি এচিডৰ সমৃদ্ধ উৎস, যিয়ে আপোনাৰ ছালখনক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে আৰু ইয়াক জলসিঞ্চিত কৰি ৰাখে। এই ফেটি এচিডে ছালৰ প্ৰদাহ কমায় আৰু প্ৰাকৃতিক তেলৰ ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ ফলত আপোনাৰ ছালখন কোমল আৰু জিলিকি থাকে আৰু বলিৰেখা কম দেখা যায়।

পালেং শাকত ভিটামিন এ, ভিটামিন চি, আৰু ভিটামিন কেৰ দৰে পুষ্টিকৰ উপাদানৰ লগতে আইৰণ আৰু ফ’লেট থাকে, যিয়ে আপোনাৰ ছালখনক উজ্জ্বল কৰি ৰাখে। ভিটামিন এয়ে ছালৰ কোষৰ উৎপাদনত সহায় কৰে আনহাতে ভিটামিন চিয়ে কলাজেন গঠনত সহায় কৰে।

বিলাহীত লাইকোপিন নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখনক ৰ’দৰ UV ৰশ্মিৰ পৰা ৰক্ষা কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে।

শাওণৰ শেষৰটো সোমবাৰে ৰাখীবন্ধনঃ ৰাখীবন্ধনৰ দিনা উপবাসে থাকিব পাৰিব নে…

পূৰ্ণিমাৰ দিনাই শাওণ মাহৰ অন্ত পৰিব, সেই দিনটোতে পালন কৰা হ’ব ৰাখীবন্ধন। এইবাৰ ৰাখীবন্ধন ১৯ ​​আগষ্ট অৰ্থাৎ সোমবাৰে। এনে পৰিস্থিতিত শাওণৰ শেষৰটো সোমবাৰে ব্ৰত ৰাখিব নে নাৰাখিব ৰাইজৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এই দিনটো হ’ব শাওণৰ শেষৰটো সোমবাৰ।

জ্যোতিষীসকলৰ মতে ১৯ আগষ্ট তাৰিখে শাওণ সোমবাৰৰ ব্ৰত পালন কৰিব পাৰিব। যদিহে শেষ শাওণৰ সোমবাৰে ব্ৰত নাৰাখে তেন্তে উপবাসৰ ফলাফল নাপাব। এনে পৰিস্থিতিত যদি আপুনি ৰাখীবন্ধন বুলি সোমবাৰে ব্ৰত নাৰাখে, তেন্তে শাওণৰ সোমবাৰে ব্ৰত ৰখাৰ সুবিধা নাপাব।

এইবাৰ শাওণৰ অন্তিম সোমবাৰে বহুতো শুভ যোগাসন গঢ় লৈ উঠিছে। শাওণৰৰ অন্তিম সোমবাৰে ৰবি যোগ, শোভান যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আদি গঢ় লৈ উঠিছে। এই শুভ যোগবোৰত শিৱক পূজা কৰিলে বহু গুণী উপকাৰ পোৱা যাব। ৰাখীবন্ধনৰ শেষ শাওণ সোমবাৰে ভগৱান শিৱক পূজা আৰু পবিত্ৰ কৰাৰ শুভ সময় পুৱা ০৫:৫৩ বজাৰ পৰা পুৱা ০৮:১০ বজালৈ।

১৯ আগষ্টৰ ৰাখীবন্ধনৰ দিনা ৰাখী বন্ধাৰ শুভ সময় দিনৰ ০১:৩২ বজাৰ পৰা বিয়লি ০৪:২০ বজালৈহে। তাৰপিছত আৰু ৰাখী বান্ধিব নালাগে। কাৰণ ভাদ মাহ সোমাব, ভাদ মাহত ভগ্নীসকলে ভাতৃৰ লগত ৰাখী বান্ধিব নালাগে। ভাদ মাহত ৰাখী বান্ধি দিয়াটো অশুভ।

উত্তৰ জালুকবাৰীত ম’বাইল ফোনৰ মেৰামতিৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বিক্ৰীৰ বিপনী মুকলি জুবিন গাৰ্গৰ…

বৰ্তমান মবাইল ফোন মানুহৰ এক এৰাব নোৱৰা অংগ হৈ পৰিছে। কিন্তু ম’বাইল ফোনৰ বিজুতি ঘটিলে তাক মেৰামতি কৰা উপযুক্ত কাৰিকৰী ব্যক্তিৰ এতিয়াও অভাৱ হৈ আছে ৰাজ্যৰ বহু অঞ্চলত। অথচ এই খণ্ডটোত আছে প্ৰচুৰ নিয়োগৰ আৰু আৰ্থিকভাৱে স্বাবলম্বী হোৱাৰ সম্ভাৱনা। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ উত্তৰ জালুকবাৰীৰ উদ্যোমি যুৱক আফটাব আলী আৰু সুমন চৌধুৰীয়ে উত্তৰ জালুকবাৰী এক নম্বৰ জামে মছজিদৰ কাষতে স্থাপন কৰিছে প্ৰায় দুই হাজাৰ বৰ্গফুটতকৈ অধিক এলেকাযুক্ত “মবাইল ৱৰ্ল্ড ৰিপেয়াৰ ইনষ্টিটিউট” নামৰ এখন মবাইল ফোনৰ মেৰামতি প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বিক্ৰীৰ বিপনী। ১৪ আগষ্টৰ দিনা সন্ধিয়া প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বিপনীখন মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

এই উপলক্ষে আফটাৱ আলীয়ে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ লগতে তাত নাম ভৰ্ত্তি কৰা প্ৰশিক্ষাৰ্থী সকলৰ উজ্বল ভৱিষ্যত কামনা কৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে নিজাকৈ মবাইল ফোনৰ মেৰামতি কেন্দ্ৰ স্থাপন কৰি আত্মনিৰ্ভৰশীল হব পাৰে তাৰ কামনা কৰে। অনুষ্ঠানত সুমন চৌধুৰী , জালুকবাৰী ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক আবুল আলী, যুৱ সমাজকৰ্মী ইফটিকাৰ আলী ( বাবু) আৰু আছিফ আলী, মহিলা সমাজসেৱিকা ৰীণা কাজী, ৰুণা লাইলা, মনতাজ আলী, কাজল কিৰণ, মাণিক চৌধুৰী, মজিবুৰ ৰহমানকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে প্ৰতিষ্ঠানখনত মবাইল ফোনৰ মেৰামতিৰ প্ৰশিক্ষণ দিবৰ বাবে নতুন দিল্লীৰ পৰা আহিছে ভিনেশ কুমাৰ নামৰ এজন অভিজ্ঞ প্ৰশিক্ষক। তেনেদৰে তাত সংযোজন কৰা হৈছে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিৰ লেৱৰটৰী। ইতিমধ্যে ৬০ আসনযুক্ত প্ৰশিক্ষণ প্ৰতিষ্ঠানটোত অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ ৪৫ জন শিক্ষাৰ্থীয়ে প্ৰথম বেটছত দুমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে নামভৰ্তি কৰিছে বুলি প্ৰতিষ্ঠানখনৰ গৰাকী আফটাৱ আলী আৰু সুমন চৌধুৰীয়ে জানিবলৈ দিছে।

স্বাধীনতা দিৱসৰ মাজতেই আলফা (স্বাঃ)ৰ ই-মেইল, ৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী…

স্বাধীনতা দিৱসৰ মাজতেই আলফা (স্বাঃ)ৰ ই-মেইল বাৰ্তা। ৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী। গুৱাহাটীৰ ৮টাকৈ স্থানত বোমা স্থাপন কৰাৰ দাবী সংগঠনটোৰ। দিছপুৰ লাষ্টগেট, নাৰেংগী আৰ্মী কেম্পৰ সমীপৰ CDA গেটত বোমা স্থাপন। ভেটাপাৰা, মালিগাঁও, যোৰাবাট, ৰাজগড়ত বোমা সংস্থাপনৰ দাবী। পাণবজাৰৰ ব্ৰহ্মপুত্ৰ উদ্যোগৰ এটা গুমটিৰ তলত, শৰণীয়াৰ গান্ধী মণ্ডপলৈ যোৱা ট্ৰেন্সফৰ্মাৰৰ বাকচত, শিৱসাগৰৰ DTO অফিচৰ কাষত, ONGCৰ বিজি ৰোডত, লাকুৱা তিনিআলি, ডিব্ৰুগড়ৰ পুৰণা বাছ আস্থানতো বোমা স্থাপনৰ দাবী।

লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডৰ কাষত, লালুক দৈনিক বজাৰ, বৰঘাট আৰক্ষী চকীৰ সমীপতো বোমা স্থাপনৰ দাবী। নলবাৰী, ৰঙিয়া-তামুলপুৰ ৰোড, নগাঁও মেডিকেললৈ যোৱা পথতো বোমা স্থাপনৰ দাবী। কাৰিকৰী বিজুতিৰ বাবে দুপৰীয়া ১২ বজাৰ পূৰ্বে বিস্ফোৰণ কৰিব নোৱাৰা বুলি উল্লেখ। উক্ত স্থানৰ বোমাসমূহ নিষ্ক্ৰিয় কৰাৰ আহ্বান আলফা স্বাধীনৰ। বোমা স্থাপনৰ ঠাইসমূহৰো ফটো প্ৰেৰণ কৰিছে আলফা (স্বাঃ)-এ।

BLOCKBUSTER তালিকাত ‘বিদুৰভাই’, Box Officeত ১০.১০ কোটি টকা উপাৰ্জন বিদুৰভাইৰ…

BLOCKBUSTER তালিকাত অন্তভুক্ত বহু চৰ্চিত অসমীয়া ছবি ‘বিদুৰভাই।

বিগত ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা ছবিগৃহত মুক্তি লাভ কৰিছিল ‘বিদুৰভাই’ ছবিখনে।

সুব্ৰত কাকতিৰ পৰিচালিত আৰু ৰুষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজিত ‘বিদুৰভাই’ ছবিখন উপভোগ কৰি দৰ্শকে অতি আমোদ কৰিছে। 

শেহতীয়াকৈ ছবিখনে BLOCKBUSTER তালিকাত নিজৰ অন্তভুক্ত কৰিছে।

Box Officeত ১০.১০ কোটি টকা উপাৰ্জন কৰিলে বিদুৰভাইয়ে।

শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা

শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা।

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ উলহ মালহৰ মাজতে টাইপাৰ প্ৰতিবাদ।

আহোম জনগোষ্ঠীৰ জনজাতিকৰনৰ প্ৰতিশ্ৰুতি পূৰন নকৰাৰ বাবে শিৱসাগৰত উত্তাল প্ৰতিবাদ টাইপাৰ।

চৰকাৰে যদি জনজাতিকৰনৰ মৰ্য্যদা প্ৰদান নকৰে তেনেহ’লে”NO ST NO VOTE”ৰ হুংকাৰ টাইপাৰ।

বিজেপিক উৎখাত কৰাৰ হুংকাৰ টাইপাৰ।

টাই আহোম জনগোষ্ঠীক ভৈয়াম অনুসূচিত মৰ্য্যদা প্ৰদান আৰু টাই আহোমৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীৰে প্ৰতিকূল বতৰকো নেঁওচি সংঠনটোৰ প্ৰতিবাদ সাব্যস্থ।

লোহাৰৰ কেৰাহীত ৰান্ধিব নালাগে এই চাৰিটা বস্তু! স্বাস্থ্যৰ ওপৰত পৰিব পাৰে বেয়া প্ৰভাৱ…

ভাৰতীয় পাকঘৰত লোহাৰ কেৰাহীৰ ব্যৱহাৰ অতি বেছি। এই কেৰাহীত ৰান্ধিলে কেৱল খাদ্য সোৱাদযুক্ত হোৱাই নহয় ইয়াত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবেও অতি উপকাৰী। লোহাৰৰ কেৰাহীত ৰন্ধা খাদ্যই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে আৰু শৰীৰত আইৰণ যোগান ধৰে। কিন্তু, আপুনি জানেনে যে কিছুমান খাদ্য আছে যিবোৰ লোহাৰ কেৰাহীত ৰান্ধিলে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে! লোহাৰৰ কেৰাহীত ৰান্ধিলে কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে জানো আহক-

লোহাৰ কেৰাহীত বিলাহী ৰান্ধিলে ইয়াৰ এচিডে আইৰণৰ লগত বিক্ৰিয়া কৰিব পাৰে। ফলত খাদ্যৰ সোৱাদ ধাতুৰ দৰে হ’ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। লোহাৰৰ কেৰাহীত বিলাহী ৰান্ধিলে য়াত থকা অতিৰিক্ত আইৰণ মুক্ত হ’ব পাৰে, যাৰ ফলত শৰীৰত অতিৰিক্ত আইৰণৰ সৃষ্টি হ’ব পাৰে।

লোহাৰ কেৰাহীত দৈ বা অন্যান্য দুগ্ধজাত সামগ্ৰী ৰান্ধি বা গৰম কৰিলে ভাল নহয়। দৈত কেলচিয়ামৰ পৰিমাণ বেছি আৰু এই কেলচিয়ামে আইৰণৰ লগত বিক্ৰিয়া কৰিব পাৰে। ইয়াৰ ফলত দৈৰ সোৱাদ নষ্ট হোৱাৰ লগতে ইয়াৰ পুষ্টিকৰ মূল্যও হ্ৰাস পাব পাৰে।

ছাইট্ৰাছ ফলৰ ৰসৰ দৰে নেমু কেতিয়াও লোহাৰ কেৰাহীত দিব নালাগে। নেমুত থকা চাইট্ৰিক এচিডে আইৰণৰ সৈতে বিক্ৰিয়া কৰি খাদ্যত ধাতুৰ সোৱাদ সৃষ্টি কৰাৰ লগতে ইয়াৰ ৰঙও সলনি কৰিব পাৰে।

কচুৰ তৰকাৰী লোহাৰ কেৰাহীত ৰান্ধিব নালাগে। কাৰণ কচুত অক্সালিক এচিড থাকে, যিয়ে আইৰণৰ সৈতে বিক্ৰিয়া কৰে। ইয়াৰ বাবে কচুৰ ৰং নষ্ট হ’ব পাৰে আৰু খাদ্যও স্বাস্থ্যৰ বাবে অস্বাস্থ্যকৰ হৈ পৰে।


নাৰীৰ ওপৰত অত্যাচাৰ কৰা সকলক কঠোৰ শাস্তি দিয়া উচিতঃ প্ৰধানমন্ত্ৰী মোদী…

দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা একেৰাহে ১১ সংখ্যক বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে। ভাৰতে আজি গৌৰৱেৰে উদযাপন কৰিছে ৭৮তম স্বাধীনতা দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশখন স্বাধীন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কয় যে ‘২০৪৭ চনৰ ভিতৰত আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’ম।’

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি গুৰুত্বসহকাৰে চিন্তা কৰিব লাগিব। আমাৰ মাতৃ, ভগ্নী, কন্যাৰ ওপৰত চলি থকা অত্যাচাৰক লৈ সাধাৰণ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। দেশ, সমাজ, আমাৰ ৰাজ্য চৰকাৰে এই কথাটো গুৰুত্বসহকাৰে ল’ব লাগিব৷ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ তদন্ত অতি সোনকালে কৰিব লাগে। দানৱীয় কাণ্ড সংঘটিত কৰা সকলক অতি সোনকালে কঠোৰ শাস্তি দিয়া উচিত, সমাজত আস্থা সৃষ্টিৰ বাবে এইটো প্ৰয়োজনীয়।