Home Blog Page 589

বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ…

প্রসংগ: ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ
▶বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ
►চাকৰি নিয়মীয়াকৰণৰ নামত প্রাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছিল বিজ্ঞাপন

►ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষা সন্দৰ্ভত বিজ্ঞাপনত নাছিল স্পষ্টতা
►সময়সাপেক্ষ নিযুক্তিৰ ক্ষেত্ৰতো নাছিল নিশ্চয়তা


►ইয়াৰ বাবেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ
উভয়পক্ষৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে এই বিজ্ঞাপনত

বিচ্ছেদ হোৱা নাই ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ! দেখুৱালে বিবাহৰ আঙঠি…

বিবাহ-বিচ্ছেদ নহয় ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ! বিৱাহ-বিচ্ছেদৰ বাতৰি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিষেক বচ্চনে।

২০০৭ চনত অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহ হয়। দুয়োৰে আৰাধ্যা বচ্চন নামৰ এগৰাকী কন্যা সন্তান আছে। বলীউডৰ অভিনেতা অভিষেক বচ্চনে তেওঁৰ আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ বিবাহক লৈ উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলা খবৰক লৈ ওলাইছে উৰাবাতৰি।শেহতীয়াকৈ এক মত বিনিময় অনুষ্ঠানত অভিষেকে নিজৰ বিয়াৰ আঙঠি দেখুৱাইছিল আৰু কৈছিল যে তেওঁ ‘এতিয়াও বিবাহিত’।

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’ৰ আবেদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ মন্ত্ৰী অতুল বৰাৰ…

‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’খনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ ১০ লাখ কন্যাৰ শৈক্ষিক দিশত আশা আৰু সুযোগৰ এক নতুন যুগৰ সূচনা কৰিছে। শিক্ষাৰ বাবে অতি প্ৰয়োজনীয় আৰ্থিক সাহায্য আগবঢ়োৱা এই দূৰদৰ্শী আঁচনিখনে কেৱল আমাৰ কন্যাসকলক সবলীকৰণ কৰাই নহয়, বাল্যবিবাহৰ দৰে

সংবেদনশীল সামাজিক ব্যাধি নিৰ্মূল কৰাৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ৰাজ্যখনৰ এক সুৰক্ষিত, সমৃদ্ধিশালী ভৱিষ্যৎ সুনিশ্চিত কৰিব। আজি বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কন্যা ছাত্ৰীক আঁচনিখনৰ যাৱতীয় আবেদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে মন্ত্ৰী অতুল বৰাই।

এই কাৰ্যসূচীত উপস্থিত থাকে অসম ক্ৰীড়া বোৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন, গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া, বিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, শিক্ষক আৰু শিক্ষাৰ্থীসকল।

এলেহুৱা জীৱনে আপোনাক অসুস্থ কৰি তুলিব! যদি এই ৫টা লক্ষণ শৰীৰত দেখা পায় তেন্তে সলনি কৰক জীৱনশৈলী

আমি সুস্থ হৈ থাকিবলৈ শাৰীৰিক ক্ৰিয়া-কলাপ কৰিব লাগিব, নহ’লে শৰীৰত বহুতো বিপদজনক ৰোগ হ’বলৈ আৰম্ভ কৰিব। আমি সকলোৱে জানো যে এলেহুৱা জীৱনশৈলী আমাৰ স্বাস্থ্যৰ শত্ৰু। আমাৰ বহুতৰে শাৰীৰিক ক্ৰিয়া-কলাপ যথেষ্ট হ্ৰাস পাইছে যিটো ভাল কথা নহয়।

শাৰীৰিক কাৰ্য্যকলাপ কম হোৱাৰ লক্ষণ কিদৰে শৰীৰত দেখা দিয়ে জানেনে-

১/ অনবৰতে ভাগৰুৱা অনুভৱ কৰা

যদি আপুনি ৭ৰ পৰা ৮ ঘণ্টালৈকে পৰ্যাপ্ত পৰিমাণে টোপনি যায়, তথাপিও আপুনি গোটেই দিনটো অলস আৰু ভাগৰুৱা অনুভৱ কৰে, তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি প্ৰয়োজন অনুসৰি শাৰীৰিক কাৰ্য্যকলাপ কৰা নাই। দৈনিক ব্যায়ামৰ বাবে আধা ঘণ্টা সময় উলিয়াই লওক।

২/ ওজন বৃদ্ধি

যেতিয়া আপুনি আপোনাৰ গতিবিধি কমাই ঘৰত জিৰণি লৈ প্ৰতিদিনে অধিক সময় কটায় তেতিয়া আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত হৃদৰোগৰ দৰে বিপজ্জনক ৰোগ হ’ব পাৰে। গতিকে পেট আৰু কঁকালৰ চৰ্বি বৃদ্ধি হ’লে শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰিব।

৩) পেশীৰ জঠৰতা আৰু গাঁঠিৰ বিষ

আমাৰ শৰীৰটো এটা যন্ত্ৰৰ দৰে, যদি ই কাম নকৰে তেন্তে ইয়াৰ অংশবোৰ জাম হ’বলৈ আৰম্ভ কৰিব। এনে পেশীৰ জঠৰতা আৰু গাঁঠিৰ বিষ হ’ব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ চিৰি বগাই দৈনিক ১০ হাজাৰ খোজ খোজ কাঢ়িব লাগে।

৪/ টোপনিৰ মানদণ্ড বেয়া

যেতিয়া আপুনি জিৰণি লোৱাত অসুবিধা পায়, তেতিয়া পিছদিনা আপুনি ভাগৰুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। টোপনিৰ মান উন্নত কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। সেয়েহে দৈনিক ব্যায়ামৰ বাবে সময় উলিয়াব লাগে।

৫) অস্বাস্থ্যকৰ খাদ্যৰ প্ৰতি লোভ বৃদ্ধি

অতিৰিক্ত চেনি, চৰ্বি আৰু নিমখেৰে তৈয়াৰী অস্বাস্থ্যকৰ খাদ্য খোৱাৰ প্ৰবল ইচ্ছা থাকিলে ইয়াৰ অৰ্থ হ’ল আপুনি অতি কম শাৰীৰিক ক্ৰিয়া-কলাপ কৰি আছে। আপুনি খোজ কঢ়াৰ গতি বৃদ্ধি কৰিব লাগে আৰু লগতে ফল-মূল, শাক-পাচলি, ক্ষীণ প্ৰটিন সমৃদ্ধ সুষম খাদ্য গ্ৰহণ কৰিব।

ভাৰতীয় নিৰামিষ খাদ্যই জনপ্ৰিয়তা লাভ কৰিছে পাকিস্তানৰ কৰাচীত…

পাকিস্তানৰ উদ্যোগিক আৰু বিত্তীয় কেন্দ্ৰ কৰাচী ‘খাদ্য ৰাজধানী’ত পৰিণত হৈছে। শেহতীয়াকৈ ‘সৰিয়হ আলু বিৰিয়ানী’, ‘আলু টিকি’, ‘পাৱ’, ‘মছলা দোছা’ আৰু ‘ঢোকলা’ আদি ভাৰতীয় নিৰামিষ খাদ্যৰ প্ৰতি পাকিস্তানি মানুহৰ আগ্ৰহ বাঢ়িছে। যোৱা কেইমাহমানৰ পৰা খাদ্যপ্ৰেমীৰ মাজত ‘বিশুদ্ধ নিৰামিষ’ খাদ্যৰ প্ৰতি আগ্ৰহ বাঢ়িছে।


কৰাচীৰ এখন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে কয় যে মানুহৰ নিৰামিষ খাদ্যৰ প্ৰতি লোভ বাঢ়িছে। যিটো কৰাচীত ‘বিশুদ্ধ নিৰামিষ ভাৰতীয় খাদ্য’ বুলি জনা যায়। সৰিয়হ আলু বিৰিয়ানী, আলু টিক্কি, পানীৰ কাধৈ আৰু মিক্সড শাক-পাচলি বিখ্যাত। কৰাচীৰ আন আন ঠাইতো উদ্যমী হিন্দু, খ্ৰীষ্টান আৰু মুছলমান মহিলাসকলে ‘পাৱ ভাজী’, ‘ভাদা পাৱ’, ‘মছলা ফুড ষ্টল’ আদি অত্যাধুনিক ভাৰতীয় নিৰামিষ খাদ্য মুকলি কৰিছে ‘দোছা’ আৰু ‘ঢোকলা’ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক সাক্ষাৎ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ…

আজি অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰে।

এই আপাহতে মুখ্যমন্ত্ৰীয়ে ৰমেন ডেকালৈ শুভেচ্ছা জ্ঞাপন কৰে।

অসমৰ পৰা ৰমেন ডেকাই ২০২৪ চনৰ ৩১ জুলাইত ছত্তীশগড়ৰ ৰাজ্যপালৰ পদ গ্ৰহণ কৰে।

কইনাধৰাৰ বৈঠক

আজিৰ বৈঠকত ৰাজ্য সভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হব

সেই তালিকা কেন্দ্ৰলৈ পঠিওৱা হব

লগতে উপ নিৰ্বাচন সান্দৰ্ভতো প্ৰাম্ভিক আলোচনা হব

কিন্তু প্ৰাৰ্থী চূড়ান্ত হবলৈ এতিয়াও সময় আছে

মন্ত্ৰী সভা সম্প্ৰসাৰণ

মন্ত্ৰী সভা কেতিয়া সম্প্ৰসাৰণ কৰা হব সেয়া এতিয়া নিশ্চিত নহয়

ৰাজ্যসভা আৰু উপনির্বাচনৰ বাবে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ সিদ্ধান্ত লব পৰা নাই বুলি মন্তব্য

দুয়োটা নিৰ্বাচনক লৈ হে মই ব্যস্ত আছো, সেইবাবে নিৰ্বাচনৰ আগত নে পাছত মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিম সিদ্ধান্ত লব পৰা নাই।

ইডিৰ পিছত এইবাৰ চিবিআইৰ গোচৰত জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কেজৰিৱাল…

দিল্লীৰ আবকাৰী গোচৰত জেলৰ পৰা মুক্তি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। চিবিআইৰ গোচৰৰ প্ৰতি লক্ষ্য ৰাখি এই আবেদন। প্ৰসংগক্ৰমে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত দিল্লী আবকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ জেলত আছে। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কিছুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিনত ওলাই আহিছিল। ২ জুনত পুনৰ আত্মসমৰ্পণ কৰে কেজৰীৱালে। আনহাতে, তেওঁ নিম্ন আদালতৰ পৰাও কেইবাবাৰো জামিন বিচাৰি উচ্চতম ন্যায়ালয়লৈ আবেদন জনাইছিল। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ইডি গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে কাৰাগাৰত থকাৰ সময়তে তেওঁক এই গোচৰত গ্ৰেপ্তাৰ কৰে আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। চিবিআইৰ গোচৰত জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰীৱাল।

অৱশ্যে কেজৰিৱালৰ এই আৱেদনৰ কোনো উত্তৰ নিদিলে দিল্লী উচ্চ ন্যায়ালয়ে। চিবিআইক গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ গোচৰ খাৰিজ কৰে আদালতে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে নিম্ন আদালতলৈ যোৱাৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ত জামিনৰ গোচৰ ৰুজু কৰিলে। উল্লেখযোগ্য যে ইডি গোচৰত ১২ জুলাইত উচ্চতম ন্যায়ালয়ে কেজৰীক জামিন প্ৰদান কৰিছিল। কিন্তু চিবিআইৰ সুকীয়া গোচৰৰ বাবে জেলৰ পৰা মুকলি নহ’ল দিল্লীৰ মুখ্যমন্ত্রী৷ এইবাৰ জেলৰ পৰা মুক্তিৰ বাবে আবেদন কৰিলে কেজৰিৱালে।

চাৰি মিলিয়নতকৈ অধিক দৰমহা, ১ কোটি ৮০ লাখ ঘড়ীৰ সংগ্ৰহ, দামী গাড়ী! অনন্ত আম্বানীৰ সম্পত্তিৰ পৰিমাণ জানক…

মুকেশ আম্বানীৰ ধন-সম্পত্তিৰ পৰিমাণ আকাশলংঘী। তেওঁৰ পুত্ৰ-কন্যাৰ ধন-সম্পত্তিও কম নহয়। মুকেশৰ সৰু পুত্ৰ অনন্তৰ ধন-সম্পত্তিও বিপুল। বিশ্বৰ ধনী লোকৰ তালিকাত তেওঁৰ নাম প্ৰথম। তেওঁ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ।
১৯৯৫ চনৰ ১০ জুলাইত অনন্তৰ জন্ম হৈছিল। এই ২৯ বছৰীয়া যুৱকে ৰিলায়েন্স গ্ৰুপৰ এটা গুৰুত্বপূৰ্ণ সংগঠনৰ দায়িত্ব গ্ৰহণ কৰিছে।




অনন্তই ৰিলায়েন্স গ্ৰুপৰ পৰা বছৰি ৪.২ কোটি টকা দৰমহা হিচাপে উপাৰ্জন কৰে। তেওঁৰ ভগ্নী ঈশা আম্বানীয়েও একে দৰমহা পায়। ২০২৪ চনৰ হিচাপত অনন্তৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০০০ কোটি ডলাৰ বুলি অনুমান কৰা হৈছে। ভাৰতীয় মুদ্ৰাত সেইটো প্ৰায় ৩,৩৫,৭৭০ ​​কোটি টকা। ফলত পিতৃ, ককায়েক, ভনীয়েকৰ দৰে অনন্তও ভাৰতৰ অন্যতম ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। অনন্তৰ কেইবাখনো বিলাসী গাড়ী। মাৰ্চিডিজ বেঞ্জ এছ ক্লাছ বুলেটপ্ৰুফ গাড়ীৰ উপৰিও অনন্তৰ গেৰেজত বহু নামী কোম্পানীৰ গাড়ী আছে। এই সংগ্ৰহত দামী ঘড়ীও সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১৮ কোটি টকাৰ এখন গাড়ী।


আনহাতে সৰুৰে পৰা অনন্ত হাঁপানী ৰোগত আক্ৰান্ত। সেইবাবে তেওঁ জোখতকৈ অধিক শকত। ২০১৭ চনলৈকে তেওঁৰ ওজন ১০৮ কিলোগ্ৰাম কমিছিল। অনন্ত আম্বানীৰ ব্যক্তিগত জীৱনতো দীৰ্ঘদিন ধৰি চৰ্চিত হৈ আহিছে। শেহতীয়াকৈ তেওঁ উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যা তথা দীৰ্ঘদিনীয়া প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শেহতীয়াকৈ মুম্বাইত আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্তৰ বিয়াত চন্দৰ হাট অনুষ্ঠিত হৈছিল। কোটিপতি মুকেশৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে ১২ জুলাইত মুম্বাইত বিবাহপাশত আবদ্ধ হয়। তিনিদিনীয়া বিবাহ অনুষ্ঠানত ১৪ হাজাৰৰো অধিক অতিথিয়ে অংশগ্ৰহণ কৰে। তাৰকাৰ পৰা বিশিষ্ট ৰাজনীতিবিদলৈকে জনপ্ৰিয় নেটিজেনসকলো উপস্থিত আছিল তেওঁলোকৰ বিয়াত।

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস…

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰামৰ্শৰ পাছত ১৯৯৯ চনৰ ১২ আগষ্টত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হৈছিল।

যুৱ দিৱসৰ মূল উদ্দেশ্য হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ আৰু মতামত গ্ৰহণ কৰি আলোচনাৰ পথ প্ৰশস্ত কৰা।

বিহাৰৰ জাহানাবাদত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু…

বিহাৰৰ জাহানাবাদত শোকাৱহ ঘটনা।

জাহানাবাদৰ মখদুমপুৰস্থিত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু।

আন ৩৫ গৰাকী ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।