Home Blog Page 593

অসমৰ এগৰাকী বিশিষ্ট কবি, সমালোচক তথা গল্পকাৰ ৰবীন্দ্ৰ বৰাৰ আকস্মিক মৃত্যু

অসমৰ এগৰাকী বিশিষ্ট কবি, সমালোচক তথা গল্পকাৰ ৰবীন্দ্ৰ বৰাৰ আকস্মিক মৃত্যু৷ হৃদৰোগত আক্ৰান্ত হৈ ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে৷ ১৯৩৯ চনত মাকুমত জন্মগ্ৰহণ কৰা ৰবীন্দ্ৰ বৰাই ৰামধেনু যুগতে কবি হিচাপে আত্মপ্ৰকাশ কৰি অসমীয়া সাহিত্য জগতলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে৷

১৪ খন কাব্যসংকলন, ৪ খন গল্পসংকলন, এখন উপন্যাসকে ধৰি বহু মূল্যৱান গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গ’ল ৰবীন্দ্ৰ বৰাই৷ তেখেতৰ উল্লেখযোগ্য কাব্যগ্ৰন্থৰ ভিতৰত আছে ’দীৰ্ঘদিনৰ প্ৰস্তুতিৰে’,’ নিৰ্বাসিত সময়’, ’শইচৰ মানুহ’,’ উত্তৰ প্ৰজন্ম’, ’ৰাতি ভাঙি আহে’, ’ক’ৰবাত ৰ’দৰ গান’, ’ৰ’দৰ চৰাই’ আদি৷ ’মই পৰ্যটক’ নামেৰে নতুন কাব্যগ্ৰন্থ এখন প্ৰকাশৰ পথত অাছিল৷ ৰবীন্দ্ৰ বৰাৰ প্ৰকাশিত গল্প সংকলন কেইখন হ’ল ’আলিদোমোজাত’, ’পূৰ্বাপৰ’, ’অকলশৰীয়া ভয়’ আৰু ’আকাশ য’ত হেৰালে’৷

১৯৯৬ চনত প্ৰকাশ পায় বৰাৰ একমাত্ৰ উপন্যাস ’দ্ৰৌপদী’৷ অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল ৰবীন্দ্ৰ বৰাই সম্পাদনা কৰা অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ ’সাম্প্ৰতিক তৰুণৰ কবিতা’৷ অসম কবি সমাজৰ প্ৰাক্তন সভাপতি বৰাই ১৯৮৮ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰিছিল৷

২০১২ চনত লাভ কৰিছিল অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা৷ এগৰাকী সমালোচক হিচাপে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ৰবীন্দ্ৰ বৰাই নতুন প্ৰজন্মক মাৰ্গদৰ্শন কৰাৰ লগতে প্ৰতিষ্ঠাৰ বাট দেখুৱাই দিয়াত অহোপুৰুষাৰ্থ কৰিছিল৷ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ বৰাই পত্নী অঞ্জুলা ভূঞা বৰাৰ লগতে দুই কন্যা ভাস্বতী বৰা ৰাজগুৰু, গীতাৰ্থী বৰা, জোৱাই বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু কাৰ্টুনিষ্ট উৎপল বৰাৰ লগতে বহু আত্মীয় স্বজনক এৰি থৈ গৈছে৷ বৰাৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে অসমৰ সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷

গোৱালপাৰাত ভাৰতীয় জনতা যুৱ মর্চাৰ বিশাল বাইক ৰেলি

ভাৰতবর্ষৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ প্ৰতিটো পৰিয়ালে যাতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে উলহ মালসেৰে স্বাধীনতা দিৱস উদযাপন কৰে তাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু সমন্বয়ৰ বার্তাৰে আজি গোৱালপাৰা জিলা ভাৰতীয় জনতা যুৱ মর্চাৰ উদ্যোগত বিশাল বাইক ৰেলি উলিওঁবা হয়

গোৱালপাৰা জিলা ভাৰতীয় জনতা যুৱ মর্চাৰ সভাপতি পবিত্ৰ ৰাভা হাকাচামৰ নেতৃত্বত শোলমাৰী কল্যানপুৰস্থিত মেছপাৰা পুর্বাঞ্চল ৰাভা সমাজৰ ৰাজা বীৰ পৰশুৰাম ৰাভা হাছিছা নোক প্ৰাঙ্গন খেলপথাৰৰ পৰা উলিওঁবা বিশাল বাইক ৰেলিখন ৰাষ্ট্ৰীয় পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে দুধনৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাই !


ইয়াৰ পুর্বে গোৱালপাৰা জিলা বি জে পি ৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ দাসে ত্ৰিৰংগা ৰেলিত অংশগ্ৰহন কৰা প্ৰতিজন কার্যকর্তাক শুভেচ্ছা জ্ঞাপন কৰি চমুকৈ ভাষণ আগবঢ়ায় !


উল্লেখযোগ্য যে গোৱালপাৰা পুৱ আৰু পশ্চিম সমষ্টি ৰ প্ৰায় তিনি শতাধিক কার্যকর্তাই অংশ গ্ৰহন কৰা আজিৰ বিশাল ত্ৰিৰংগা ৰেলি খন কল্যানপুৰৰ পৰা আৰম্ভ হৈ আগিয়া বালিজানা বাপুপাৰা হৈ বালিজানা কালী মন্দিৰ খেলপথাৰত সামৰণি পৰে !

নগাঁৱত অনুষ্ঠিত হয় অসম শক্তি উত্তোলন সন্থাৰ নগাঁও জিলাৰ সাধাৰণ সভা।

নগাঁৱত অনুষ্ঠিত হয় অসম শক্তি উত্তোলন সন্থাৰ নগাঁও জিলাৰ সাধাৰণ সভা।

অসম শক্তি উত্তোলন সন্থাৰ তিনিজনীয়া পৰ্যবেক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয় সাধাৰণ সভা।

নগাঁও জিলাৰ নতুন সমিতি গঠন কৰা হয় সাধাৰণ সভাত।

সভাপতি পদত অভিজিত শৰ্মা,কাৰ্যকৰি সভাপতি বিৰাজ বৰদলৈ,সাধাৰণ সম্পাদক পদত মনোজ কলিতা আৰু সম্পাদক পদত তপন কুমাৰ বৰাক দায়িত্ব অৰ্পন।

ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আয়োজন

ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আয়োজন কৰা ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান শনিবাৰে সন্ধিয়া সফল সামৰণি পৰে৷উল্লেখ্য যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতমৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত কলা,বানিজ্য আৰু বিজ্ঞান শাখাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভকৰা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাবলৈ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে

৷ছাত্ৰ-ছাত্ৰী বিশেষ অভিনন্দন অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে৷লগতে অভিভাষণ আগবঢ়াই সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাসে,ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাগ্যজ্যোতি নাথে সভাপতিত্ব কৰা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিকাশ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা বিশেষ অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে

অসম চৰকাৰৰ অৱসৰী উচ্চ পদস্থ প্ৰশাসনিক বিষয়া চন্দ্ৰকমল ভূঞা,মুখ্য বক্তাৰ আশন অলংকৃত কৰে শোণিতপুৰ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতাই,আমন্ত্ৰিত অতিথি হিচাপে সঞ্জীৱ নাথৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে৷আজিৰ বিশেষ অভিনন্দন অনুষ্ঠানত প্ৰায় ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিবাবক সকলক সম্বৰ্ধনা জনায়৷

লতাশিল খেল-পথাৰত ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালাৰ প্ৰমান পত্ৰ বিতৰণ…

ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালাৰ সফল সামৰণি পৰিল। গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালাৰ সামৰণিৰ অন্তত প্ৰশিৰ্ক্ষাথীসকলক বিতৰণৰ কৰা হয় প্ৰমান পত্ৰ।

জুলাই মাহৰ গৰমৰ বন্ধ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল গ্ৰীষ্মকালিন কৰ্মশালা। সমান্তৰালকৈ গুৱাহাটীৰ লতাশিল খেল-পথাৰতো ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালা।

এই কৰ্মশালা দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল। বহু প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল এই কৰ্মশালাখনিত। এই গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ কোচিং ইন-চাৰ্জ সহ চিইঅ’ হৈছে মহম্মদ কাছিম আলী। আনহতে মুখ্য কো’ৰ্চাৰ হৈছে সুমিত নাগ।

আন আন কো’ৰ্চাসকল হৈছে মহম্মদ পাৰ্ভেজ আলি, ধীৰাজ কুমাৰ দাস, প্ৰিতাম্বৰ জুচি, লক্ষ্মণ চৌধুৰী। আনহাতে মহিলা কো’ৰ্চা আছিল গোপী দে।

আজি কৰ্মশালাখনিৰ প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ হৈ শংকৰ গোহাঁই, ৰঞ্জিত কুমাৰ শৰ্মা, সুমিত নাগ, ধীৰাজ দাস, প্ৰিতাম্বৰ জুচি, উৎপল চৌধুৰী, লক্ষ্মণ চৌধুৰী, পাৰভেজ আলি, গোপী দে, কাছিম আলী।

উপস্থিত আটাইকেইজন ব্যক্তিক একোখন ফুলাম গামোচাৰে জনোৱা হয় সম্বৰ্ধনা। লগতে উপস্থিত থাকে গ্ৰাউণ্ড ষ্টাৰ্ফ বিনোদ ৰাজবংশী আৰু ধনজিৎ মেধী। আনহাতে প্ৰমান পত্ৰ লাভ কৰে প্ৰশিক্ষাৰ্থীসকল হৈছে সান্দীপন অধিকাৰী, দেৱ শংকৰ গোহাঁই, ৰাজীৱ চৌধুৰী,কাবেৰীমা মেধীকে আদি কৰি বহু প্ৰশিক্ষাৰ্থীক প্ৰদান কৰে প্ৰমান পত্ৰ।

টেঙাখাতৰ চোৰাং গৰু ব্যৱসায়ী মুনু খানক গ্ৰেপ্তাৰ। জিলা কাৰাগাৰলৈ প্ৰেৰণ।

টেঙাখাত আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন চন্দ্ৰ সাহাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে এক গোপন খবৰ ভিত্তিত নিজ টেঙাখাত অঞ্চলৰ মনু খান নামৰ এটা চোৰাং গৰু সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই গৰু মাংস কাটি থকা অৱস্থাত হাতেলোটে আতক কৰে।

উল্লেখ্য যে ধৃত মনু খান যোৱা কেইমাহমানৰ পূৰ্বে চোৰাং গৰু কাটি বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা মুকলি হৈ আহি পুনৰ অবৈধ গৰু মাংস ব্যৱসায়ৰ আৰম্ভ কৰে।

আজি আকৌ পুনৰ চোৰাং গৰু ব্যৱসায় লগত জড়িত থকা মনু খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি টেঙাখাত আৰক্ষী থানাত ৪৮/ ২০২৪ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩০৩ (২) ৩২৫ ধাৰাৰ অধীনত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে।

মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে গোচৰ…

মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে গোচৰ! ধোনীৰ বিৰুদ্ধে BCCIত অভিযোগ ধোনীৰ প্ৰাক্তন ব্যৱসায়িক অংশীদাৰ ৰাজেশ কুমাৰ মৌৰ্যৰ। বিচিচিআইৰ নিয়ম ৩৯ৰ অধীনত এম এছ ধোনীৰ বিৰুদ্ধে অভিযোগ।

৩০ আগষ্টৰ ভিতৰত ধোনীক উত্তৰ দিয়াৰ নিৰ্দেশ BCCIৰ নৈতিকতা সমিতিৰ। ধোনীক ১৫ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত ধোনীয়ে ৰাঁচী আদালতত দিয়া গোচৰৰ সৈতে জড়িত এই অভিযোগ।

মুকালমুৱাৰ কাপলাবড়ীত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ মাতৃৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি…

মুকালমুৱাৰ কাপলাবড়ীত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ মাতৃৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভুমিধৰ বৰ্মনৰ সহ ধৰ্মিনী তথা বিধায়ক দিগন্ত বৰ্মনৰ মাতৃৰ যোৱাকালি মৃত্যু হৈছিল। গুৱাহাটীৰ এখন বক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মালতী বৰ্মনে শেষনিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬ বছৰ।

আজি মুকালমুৱা কাপলাড়ীস্থিত বাস গৃহৰ চৌহদত প্ৰয়াত মালতী বৰ্মনৰ নশ্বৰ দেহ লৈ অহাৰ পিছতে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ নেতা কৰ্মী আৰু গুনমুগ্ধই শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে নিজ গাঁৱ বেলশৰত প্ৰয়াত মালতী বৰ্মনৰ শেষকৃত সম্পন্ন কৰা হ’ব। তেখেতৰ বিয়োগত বৰক্ষেত্ৰী অঞ্চলত শোকৰ ছাঁ পৰে।

নতুন দিল্লীত উৎপাদনক্ষম, জলবায়ু স্থিতিস্থাপক আৰু জৈৱ শক্তিশালী জাতৰ শস্য মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

১০৯টা উচ্চ উৎপাদনক্ষম, জলবায়ু স্থিতিস্থাপক আৰু জৈৱ শক্তিশালী জাতৰ শস্য মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কৃষক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

গুৱাহাটীত অনুষ্ঠিত প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় যোগাসন প্ৰতিযোগিতা…

১০ আগষ্ট, শনিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত উলহ-মালহেৰে প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অগ্ৰণী অনুষ্ঠানটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যোগপ্ৰেমীসকলক একত্ৰিত কৰাৰ লগতে যুৱ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ যোগ দক্ষতা প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰে। প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনিয়ে অংশগ্ৰহণকাৰীসকলৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু সতীৰ্থতাৰ মনোভাৱক প্ৰসাৰিত কৰি এক গুঞ্জৰিত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ ৩৫খনতকৈও অধিক বিদ্যালয় আৰু প্ৰায় ১৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি অনুষ্ঠানটোক যোগৰ এক জীপাল উদযাপনলৈ ৰূপান্তৰিত কৰে। এম ই এছ ট্ৰাষ্ট ব’ৰ্ডৰ বিশিষ্ট সদস্য শ্ৰী মনমোহন দাসৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক বিশেষ কৰি তোলে অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত যোগ আৰু কলাত্মক যোগ শীৰ্ষক দুটা প্ৰাথমিক শাখাত নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। অৰুনিম বৰা, আজাদ হাজৰিকা, দেৱজিৎ নাথ, গণানন্দ বৰ্মন, কৌশিক দাস, কৃষ্ণ দাস, মানস শৰ্মা, নৱালক্ষী গগৈ, সুখময় নাথ, সুৰঞ্জন দেৱনাথকে ধৰি বিশিষ্ট বিচাৰকৰ পেনেলে এই প্ৰতিযোগিতাৰ মূল্যায়ন কৰে। অনুষ্ঠানত আকৰ্ষণীয় একক পৰিৱেশনৰ লগতে বিভিন্ন বয়সৰ অংশগ্ৰহণকাৰীসকলে ছাব-জুনিয়ৰ গ্ৰুপ (৫ৰ পৰা ৯ বছৰ, ল’ৰা-ছোৱালী), জুনিয়ৰ গ্ৰুপ এ (১০ৰ পৰা ১৪ বছৰ, ল’ৰা-ছোৱালী) আৰু জুনিয়ৰ গ্ৰুপ বি (১৫ৰ পৰা ১৯ বছৰ, ল’ৰা-ছোৱালী) হিচাপে বিভাজিত কৰা শাখাসমূহত অংশগ্ৰহণ কৰে।

মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষ জোনালী দাসে এই অনুষ্ঠানটো আয়োজন কৰি গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয়, “প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় যোগাসন প্ৰতিযোগিতা আয়োজন কৰাটো সঁচাকৈয়ে এক সন্মানৰ বিষয়। এই অনুষ্ঠানে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত যোগে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰাই নহয়, অনুশাসন আৰু ধ্যান-ধাৰণা গ্ৰহণ কৰিবলৈও অনুপ্ৰাণিত কৰে। সকলো অংশগ্ৰহণকাৰীয়ে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আমি অতি গৌৰৱান্বিত।’’ বিদ্যালয়খনৰ যোগ প্ৰশিক্ষক ড° ছাইফুল ইছলামেও যোগৰ সামগ্ৰিক উপকাৰিতাৰ ওপৰত আলোকপাত কৰি তেওঁৰ মতামত ব্যক্ত কৰে। তেওঁ কয়, “যোগ কেৱল শাৰীৰিক কচৰৎ নহয়; এয়া হৈছে জীৱন যাপনৰ এক পদ্ধতি। এই প্ৰতিযোগিতাখনিৰ জৰিয়তে আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যৱসায়, ভাৰসাম্য আৰু আভ্যন্তৰীণ শক্তিৰ মূল্যবোধৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছো। আমাৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ যোগৰ প্ৰতি উৎসাহ আৰু নিষ্ঠাৰ সাক্ষী হৈ মই ৰোমাঞ্চিত হৈ পৰিছোঁ।”

উল্লেখ্য যে, প্ৰতিযোগিতাখনিত মডাৰ্ণ ইংলিছ স্কুলে ৩৯ পইণ্টেৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে এফ চি এ একাডেমীয়ে ৩০ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ পিছত তেওঁলোকক বঁটা তথা প্ৰমাণপত্ৰ প্ৰদান কৰি প্ৰতিযোগিতাখনিৰ সামৰণি মৰা হয়। অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগাভ্যাসৰ প্ৰচাৰ আৰু সুস্থ তথা সুষম জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।