Home Blog Page 594

দীপৰ বিলৰ পৰা ৰানীলৈ একাংশ ধাবাত প্ৰাধান্য দিছে অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰক…

ভোগবাদী সমাজৰ লগত তাল মিলাবলৈ গৈ অসমীয়া জাতিয়ে বহুক্ষেত্রত নিজস্বতা হেৰুৱাই পেলাইছে। আধুনিকতাৰ প্ৰসাৰৰ ফলত অসমীয়া সংস্কৃতিৰ বিভিন্ন সম্পদৰ লগতে হেৰাই গৈছে অসমীয়া পৰম্পৰা থলুৱা খাদ্য সম্ভাৰ। এসময়ত খাদ্যৰসিক বুলি নাম থকা অসমীয়া জাতিৰ নতুন প্রজন্মই বর্তমান পাহৰিয়েই গৈছে সুস্বাদু কাঁহুদী, খাৰলি, খৰিচা,পাতত দিয়া মাছ, ভাপত দিয়া মাছ, চুঙা ভাত, আদিকে ধৰি অসমীয়া বিবিধ ব্যঞ্জন। কিন্তু সৌভাগ্যৰ বিষয় যে বর্তমান গুৱাহাটী মহানগৰীৰ ৰেস্তোৰাঁসমূহত সহজলভ্য ইটালিয়ান, চাইনিজ ম’ম’, ৰ’ল, চাওমিন, পিজা আদিৰ পয়োভৰত অস্তিত্ব হেৰুৱাই পেলোৱা এই অসমীয়া খাদ্যক পুনৰ জনপ্রিয় কৰি তুলিছে মহানগৰীৰ কাষৰীয়া দীপৰ বিলৰ পৰা ৰাণীলৈ বিগত চাৰি-পাঁচ বছৰমানৰ ভিতৰত স্থাপন হোৱা একাংশ ধাবাই। বিদেশী খাদ্যত আসক্ত মানুহৰ মাজলৈ অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যক পুনৰ ঘূৰাই অনাটো প্ৰকৃততে এক প্ৰত্যাহ্বানমূলক কাৰ্য বুলি অভিহিত কৰিছে বিগত ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত দীপৰ বিলৰ কাষৰীয়া চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ সন্মূখত গড়চুক-পাটগাঁও সংযোগী পথৰ দাঁতিত স্থাপন কৰা মৃত্তিকা এথেনিক ফুড নামৰ ধাবাখনৰ স্বতাধিকাৰী মমী ৰংপীয়ে।

এই সন্দৰ্ভত উচ্চ শিক্ষিতা মমী ৰংপীয়ে জানিবলৈ দিয়া মতে এইক্ষেত্ৰত তেওঁক স্বামী প্ৰমোদ ৰংপীয়ে সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছিল। আনকি দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক, পৰিৱেশকৰ্মী প্ৰমোদ কলিতায়ো যথেষ্ট ইতিবাচক দিহা-পৰামৰ্শ দি আহিছে। প্ৰথম অৱস্থাত গ্ৰাহকৰ সঁহাৰি লাভ কৰাত কিছু অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। কিন্তু লাহে লাহে বাঢ়ি অহা জনপ্ৰিয়তাৰ পৰা বুজা গৈছে যে অসমীয়া পৰাম্পৰাগত থলুৱা খাদ্যৰ সমাদৰ এতিয়াও আছে। অন্য খাদ্যতকৈ কম মচলাযুক্ত অসমীয়া আৰু বিভিন্ন জনগোষ্ঠীয় ব্যঞ্জনসমূহ স্বাস্থ্যসম্মত হোৱাৰ বাবে গ্রাহকে অধিক পছন্দ কৰে। বিশেষকৈ দেওবাৰ আৰু উৎসব-পার্বণত তুলনামূলকভাৱে মানুহৰ সমাগম অলপ বেছি হয়। তেওঁলোকে বাঁহৰ গাজ, বাঁহৰ চুপ, তিলৰে প্ৰস্তুত কৰা গাহৰি মাংসৰ উপৰিও কাৰ্বি, ৰাভা, বড়ো জনগোষ্ঠীয় খাদ্য সম্ভাৰ পৰিৱেশন কৰি গ্ৰাহকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে পৰিৱেশ কৰ্মী প্ৰমোদ কলিতাই মৃত্তিকা এথেনিক ফুডক দীপৰ বিলৰ পৰ্যটনৰ এক নতুন সংযোজন বুলি অভিহিত কৰি মমী ৰংপীকে ধৰি একাংশ উচ্চ শিক্ষিত যুৱক-যুৱতী এনে ধৰণৰ পৰম্পৰাগ ত খাদ্য সম্ভাৰৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ লগতে চৰকাৰী-বেচৰকাৰী চাকৰিৰ পাছত দৌৰি নুফুৰি ধাবা স্থাপনৰে আন কেইজনমানক জীৱিকাৰ পথ মোকোলাই দিবলৈ সক্ষম হোৱাটো এক ইতিবাচক বাৰ্তা দিব বুলি আশা ব্যক্ত কৰিছে। তেনেদৰে দীপৰ বিলৰ পাৰৰ চকৰদৌ কলিতাপাৰাৰ দীপৰ বিল ধাবাৰ পৰা আৰম্ভ কৰি কিছু নিলগৰ ৰাণী সংযোগী এন ই চি পথৰ দাঁতিত তথা বিনোদনৰ থলী হিচাপে পৰিচিত একোলেণ্ডৰ অাশে – পাশে বিগত কেইটামান বৰ্ষত স্থাপন হোৱা কলফুল লোকেল ধাবা , কলপাত লোকেল ধাবা , জুহাল লোকেল ধাবাকে ধৰি তেনে ধৰণৰ প্ৰায় দহ-বাৰখনমান লোকেল ধাবাই বিভিন্ন ধৰণৰে প্ৰস্তুত কৰা মূৰ্গী, ছাগলী আৰু গাহৰিৰ মাংস, কেঁকোৰা, আলু পিটিকা, খাৰ, কাঁহুদী, খাৰলি, মাছৰ টেঙা আঞ্জা আদি সম্পূর্ণ অসমীয়া ব্যঞ্জনেৰে গ্রাহকক সন্তুষ্ট কৰি আহিছে। অন্য খাদ্যতকৈ জনগোষ্ঠীয় থলুৱা খাদ্য বিচাৰি অহা গ্ৰাহকৰ সংখ্যা অধিক বুলি কলপাত লোকেল ধাবাৰ স্বতাধিকাৰী বিশ্বজিৎ ৰাভাই জানিবলৈ দিছে। তেনেদৰে কলফুল লোকেল ধাবাৰ স্বতাধিকাৰী বিবেক ৰাভাই স্বাস্থ্যৰ বাবে ক্ষতিকৰ, প্রচলিত ফাষ্টফুডতকৈ কম মচলাযুক্ত আৰু স্বাস্থ্যসম্মত অসমীয়া জনগোষ্ঠীয় পৰাম্পৰাগত খাদ্যসমূহ থলুৱা গ্রাহকে অধিক পছন্দ কৰি আহিছে।

সমান্তৰালভাবে ৰাণী অঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলে দেওবাৰ বা আন চৰকাৰী বন্ধৰ দিনত বহু লোক গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিয়াল, বন্ধু – বান্ধবসহ আহে। তেনে লোকৰ এক বুজন সংখ্যকেই একোলেণ্ডৰ পৰা আৰম্ভ কৰি ৰাণীলৈকে থকা একাংশ লোকেল ধাবাত নিজৰ মন পচন্দৰ আহাৰ গ্ৰহণ কৰে। উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ দীপৰ বিলৰ পৰা ৰাণীলৈ অসমৰ জনগোষ্ঠীয় লোকসকলৰ উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ এই ইতিবাচক কাৰ্যই উঠি অহা শিক্ষিত যুৱ সমাজক ইতিবাচক বাৰ্তা দিবলৈ সক্ষম হব বুলি সচেতন লোকসকলে মত ব্যক্ত কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটাই লক্ষ্য খিলঞ্জীয়াসকল শক্তিশালী হ’ব লাগেঃ মন্ত্ৰী পীযূষ হাজৰিকা

শনিবাৰে বঙাইগাঁৱত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নিৰ্ধাৰণৰ বাবে বিভিন্ন দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এখন সভাত অংশ লয় অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা, জল সম্পদ, তথ্য আৰু জনসংযোগ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই। আজি পুৱাই ছচিয়েল মিডিয়াত এক লাইভ যোগে মন্ত্ৰীগৰাকীয়ে কালিৰ এই সভাত হোৱা কিছু অনুভৱৰ বিষয়ে ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ এখন সভাত মন্ত্ৰীগৰাকীক সাক্ষাত কৰি কোচৰাজবংশী সংগঠনসমূহে অনুৰোধ জনাইছিল যে যদি ৫০ শতাংশ কোচৰাজবংশী লোক থকা গাঁওসমূহহে কমতাপুৰ স্বায়ত্ত পৰিষদ অন্তৰ্ভুক্ত কৰা হয়, তেন্তে যথেষ্ঠখিনি কোচৰাজবংশীলোক ইয়াৰ পৰা বঞ্চিত হ’ব। যাৰ বাবে এই ব্যৱস্থাটোৰ পুনৰ বিবেচনা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁলোকক জনোৱা হ’ল যে কমতাপুৰ অঞ্চলৰ আন সম্প্ৰদায়ৰ লোকসকলৰ সৈতে যদি আলোচনাত মিলিত হৈ বুজাব পাৰে যে তেওঁলোকৰ গাঁৱসমূহো কমতাপুৰৰ অন্তৰ্গত কৰাত কোনো আপত্তি নাই, তেতিয়া চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

পৰৱৰ্তীসময়ত বঙাইগাঁৱৰ জিলা আয়ুক্তই কমতাপুৰৰ অন্তৰ্গত ২৬ টা সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত অন্যান্য সংগঠনসমূহৰ প্ৰতিনিধিসকলে জনালে যে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা নিশ্চিত হৈ থাকিলে আন আন সম্প্ৰদায়ৰ লোকসকল কমতাপুৰ স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত হোৱাত কোনো আপত্তি নাই। ইয়াৰ পাছতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী হাজৰিকাই কালি পুনৰ সকলো সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ’বলৈ বঙাইগাঁৱত উপস্থিত হয়। মন্ত্ৰী হাজৰিকাই কালিৰ এই সভাৰ কথা উল্লেখ কৰি কয় যে সাধাৰণতে যদি অসম চৰকাৰে বা ভাৰত চৰকাৰে কোনো এটা সম্প্ৰদায়ক স্বায়ত্ত শাসন দিয়ে, তেতিয়া সেই অঞ্চলত আন সম্প্ৰদায়ৰ লোকসকল সোমাব নিবিচাৰে। কিন্তু নামনি অসমৰ পৰিবেশ সম্পূৰ্ণ বেলেগ। কাৰণ নামনি অসমত খিলঞ্জীয়সকল ঐক্যবদ্ধ হৈছ। কালিৰ এই সভাত সকলোৰে এটাই কথা তেওঁলোকৰ ভূমিৰ অধিকাৰ থাকিব লাগে, খিলঞ্জীয়াসকল যাতে শক্তিশালী হৈ থাকিব পাৰে, তেতিয়া কোনো লোকৰে কমতাপুৰ স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত হোৱাত আপত্তি নাই। বিগত ২ টা বছৰ এই বিভাগৰ দায়িত্ব লোৱাৰ পাছত কালি মই আচৰিত হলো যে কোনো বাদ-বিবাদ নোহোৱাকৈ আন আন সম্প্ৰদায়ৰ সংগঠনসমূহে সকলোৱে একেমুখে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্ভুক্ত হ’ব বিচাৰিছে। খিলঞ্জীয়সকলৰ ভূমি অধিকাৰৰ স্বাৰ্থত ঐক্যবদ্ধ হৈ আন আন সম্প্ৰদায়ৰ লোকসকলে কমতাপুৰৰ অন্তৰ্গত হোৱাৰ এই সিদ্ধান্তক শলাগ লয় মন্ত্ৰী পীযূষ হাজৰিকাই।

আজিলৈকে এইদৰে কোনোৱে এটা বেলেগ সম্প্ৰদায়ৰ স্বায়ত্ত শাসনৰ অন্তৰ্ভুক্ত হ’ব নিবিচাৰে, কিন্তু নামনি অসমৰ সম্প্ৰদায়ৰ লোকসকলে যি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে তাক যাতে সকলোৱে উদাহৰণ ৰূপে লবলৈ মন্ত্ৰী পীযূষ হাজৰিকাই সকলো অসমবাসীক অনুৰোধ জনায়। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটাই লক্ষ্য খিলঞ্জীয়াসকল শক্তিশালী হওক, ভূমি সংৰক্ষণ হওক, আমাৰ কৃষ্টি সুৰক্ষিত হৈ থাকক তাৰ বাবে চৰকাৰে কাম কৰি আহিছে। জনসাধাৰণেও এই ক্ষেত্ৰত কৰা সহযোগিতাৰ বাবে মন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে।

মণিপুৰত প্ৰাক্তন বিধায়কৰ বাসগৃহত দুৰ্বৃত্তৰ বোমা নিক্ষেপ…

সংঘৰ্ষজৰ্জৰ মণিপুৰত প্ৰাক্তন বিধায়ক ইয়ামথং হাউকিপৰ বাসগৃহত দুৰ্বৃত্তৰ বোমা নিক্ষেপ। নিহত প্ৰাক্তন বিধায়ক ইয়ামথং হাউকিপৰ পত্নী চাৰুবালা হাউকিপ।

কথমপি ৰক্ষা পৰিল কন্যাসহ প্ৰাক্তন বিধায়কগৰাকীৰ। চাইকুলস্থিত বাসভৱনত শক্তিশালী বোমা নিক্ষেপ দুৰ্বৃত্তৰ। ইয়ামথং হাউকিপ চাইকুল বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক।

ছটা বেডৰুম, অতিথিৰ বাবে একাধিক ‘ব্যক্তিগত’ সুবিধা! আম্বানীৰ নৱ দম্পতী হানিমুনলৈ ক’লৈ গ’ল…

অনন্ত আৰু ৰাধিকা হানিমুনৰ বাবে মধ্য আমেৰিকাৰ কোষ্টা ৰিকাত থকা এখন বিলাসী হোটেললৈ যায়। তাত এৰাতি কটালে লাখ লাখ টকা খৰচ হয়। উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহ হয়। বিয়াৰ পিছত সকলোৰে মনত প্ৰশ্নটো হ’ল নৱ দম্পতী হানিমুনলৈ ক’লৈ যাব। অৱশেষত অকলে থাকিবলৈ অনন্ত আৰু ৰাধিকাই মধ্য আমেৰিকাৰ কোষ্টা ৰিকাত থকা এখন বিলাসী হোটেললৈ যায়।


এক সূত্ৰৰ অনুসৰি অনন্ত আৰু ৰাধিকা যোৱা ১ আগষ্টত কোষ্টা ৰিকাৰ এখন হোটেলত উপস্থিত হৈছিল। খবৰ অনুসৰি এই বিলাসী হোটেলখন হৈছে কোষ্টা ৰিকাৰ ফোৰ ছিজনছ ৰিজ’ৰ্টৰ কাছা লাছ অলাছ। প্ৰশান্ত মহাসাগৰৰ পাৰত অৱস্থিত এই হোটেলখন ১৮,৪৭৫ বৰ্গফুটত নিৰ্মিত। মুঠ ছটা শোৱা কোঠা থকা হোটেলখনৰ ভিলাত আম্বানীৰ পুত্ৰ আৰু বোৱাৰীয়েক থাকে। ৰিজ’ৰ্টখনৰ ৱেবছাইট অনুসৰি সেই হোটেলখনত এৰাতি থাকিবলৈ কমেও এক লাখ টকা খৰচ কৰিব লাগে। ইয়াৰ পিছত অতিথিৰ বাবে কোঠা আৰু সুবিধা অনুসৰি খৰচ বৃদ্ধি পায়। অনন্ত আৰু ৰাধিকা থকা ভিলাটোৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০ লাখ টকা এৰাতিৰ বাবে।




যোৱা ১২ জুলাইত মুম্বাইৰ জিঅ’ কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈছিল অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠান। তিনিদিনীয়া এই বিবাহ অনুষ্ঠানলৈ দেশ-বিদেশৰ কেইবাজনো তাৰকা, ৰাজনীতিবিদ, উদ্যোগপতি আহিছিল।

এক অধ্যয়নত ভয়ংকৰ তথ্য! নৱ প্ৰজন্মই ১৭ প্ৰকাৰৰ কেন্সাৰৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি…

শেহতীয়াকৈ প্ৰকাশিত লেন্সেটৰ এক অধ্যয়নে সকলোকে আচৰিত কৰি তুলিছে, য’ত প্ৰকাশ পাইছে যে এক নিৰ্দিষ্ট বয়সৰ লোকৰ ১৭ প্ৰকাৰৰ কৰ্কট ৰোগৰ আশংকা সৰ্বাধিক। এইবোৰ কেন্সাৰ যিবোৰ পূৰ্বতে বয়সস্থ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত হ্ৰাস পোৱা দেখা গৈছিল। নৱ প্ৰজন্মই কৰ্কট ৰোগৰ আশংকা বৃদ্ধিৰ সন্মুখীন হৈছে।

আমেৰিকান কেন্সাৰ ছ’চাইটিৰ কেন্সাৰ মহামাৰী বিজ্ঞানী হ্যুনা ছান আৰু তেওঁৰ দলটোৱে দুটা দশকৰ কৰ্কট ৰোগ নিৰ্ণয় আৰু মৃত্যুৰ তথ্যৰ গভীৰ বিশ্লেষণ কৰিছিল। তেওঁলোকে প্ৰায় ২.৪ কোটি (২৪ মিলিয়ন) কৰ্কট ৰোগ নিৰ্ণয় আৰু ৩৪ প্ৰকাৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ৭০ লাখতকৈ অধিক (৭০ লাখ) লোকৰ মৃত্যুৰ বিশ্লেষণ কৰিছিল। গৱেষকসকলে এটা চিন্তনীয় আৰ্হি চিনাক্ত কৰিলে। অধ্যয়নত দেখা গৈছে যে ১৯৬০ চনৰ পিছত জন্মগ্ৰহণ কৰা লোকসকলৰ (বিশেষকৈ নব্বৈৰ দশকত জন্মগ্ৰহণ কৰা লোকসকলৰ) ১৯৫০ চনত জন্মগ্ৰহণ কৰা লোকসকলৰ তুলনাত অগ্নাশয়, বৃক্ক আৰু ক্ষুদ্ৰান্ত্ৰৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা দুগুণৰ পৰা তিনিগুণ বেছি। এই তথ্যসমূহে প্ৰকাশ কৰে যে কৰ্কট ৰোগৰ আশংকাৰ ক্ষেত্ৰত নৱ প্ৰজন্মই অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, য’ত জীৱনশৈলী আৰু পৰিৱেশৰ পৰিৱৰ্তনেই ইয়াৰ প্ৰধান অৰিহণা যোগাইছে।


কৰ্কট ৰোগৰ হাৰ বৃদ্ধি পোৱাৰ মূল কাৰণ হ’ব পাৰে কেইবাটাও জীৱনশৈলী আৰু পৰিৱেশগত কাৰক। মহামাৰীৰ স্তৰত উপনীত হোৱা মেদবহুলতা ইয়াৰ অন্যতম উল্লেখযোগ্য কাৰক। অধ্যয়নটোত মেদবহুলতা আৰু কলৰেক্টাল, স্তন আৰু পেনক্ৰিয়াটিক কেন্সাৰকে ধৰি কিছুমান বিশেষ কেন্সাৰ বৃদ্ধিৰ মাজত এক শক্তিশালী সম্পৰ্ক পোৱা গৈছে।

শ্বেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী, দেশ এৰি যোৱাৰ পূৰ্বে পদত্যাগ কৰা নাছিল! দাবী পুত্ৰৰ…

শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে কয় যে শ্বেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী, দেশ এৰি যোৱাৰ পূৰ্বে পদত্যাগ কৰা নাছিল। তেওঁৰ পুত্ৰ তথা উপদেষ্টা সজীব ৱাজেদে কয়, ‘মোৰ মায়ে কেতিয়াও আনুষ্ঠানিকভাৱে পদত্যাগ কৰা নাছিল, সময়ো নাপালে।

ৱাজেদে কয় যে পদত্যাগ পত্ৰ দাখিল কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৰ পাছতেই প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ দিশে সমদল কৰিবলৈ আৰম্ভ কৰে। আৰু সময়ো নাছিল। মাৰ হাতত কোনো ধৰণৰ লাগেজো নাছিল। সংবিধানৰ কথা ক’বলৈ গ’লে এতিয়াও তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী। ৱাজেদে কয় যে যদিও ৰাষ্ট্ৰপতিয়ে সামৰিক প্ৰধান আৰু বিৰোধী ৰাজনীতিবিদৰ সৈতে আলোচনা কৰি সংসদ ভংগ কৰিছিল, তথাপিও প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে পদত্যাগ নকৰাকৈয়ে কেয়াৰটেকাৰ চৰকাৰ গঠন কৰাটো ‘আদালতত প্ৰত্যাহ্বান জনাব পাৰি’।

ৱাজেদে লগতে কয় যে হাছিনাৰ আৱামি লীগ দলে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কয়, ‘মোৰ বিশ্বাস যে আৱামী লীগ ক্ষমতালৈ আহিব। নহ’লে আমি বিৰোধী হ’ম। যিকোনো এটা উপায়েই ঠিকেই আছে। তেওঁৰ মতে তিনিমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

প্ৰাক্তন স্বামীৰ এংগেজমেণ্টৰ পিছত এইবাৰ বিয়াৰ প্ৰস্তাৱ আহিল সামান্থা ৰুথ প্ৰভুলৈ…

শেহতীয়াকৈ সামান্থা ৰুথ প্ৰভুৰ প্ৰাক্তন স্বামী তথা অভিনেতা নাগা চৈতন্যই অভিনেত্ৰী শোভিতা ধূলিপালাৰ সৈতে তিনি বছৰৰ বিবাহ বিচ্ছেদৰ অন্তত বাগ্দান কৰে। ইফালে, সামান্থা ৰুথেও বিবাহৰ প্ৰস্তাৱ লাভ কৰিছে, যাৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়েও তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অৱশ্যে এংগেজমেণ্টৰ পিছত চৈতন্য আৰু শোভিতাই অহৰহ ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰাক্তন স্বামীৰ এংগেজমেণ্টৰ মাত্ৰ কেইদিনমান পিছতে সামন্ত ৰুথে বিবাহৰ প্ৰস্তাৱ লাভ কৰিছে। অভিনেত্ৰীগৰাকীৰ এজন অনুৰাগীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ৰ জৰিয়তে তেওঁক বিয়াৰ প্ৰস্তাৱ দিছে। এই ইনষ্টাগ্ৰাম হেণ্ডেলৰ নাম ‘মুকেশ চিন্তা’। মুকেশে এটা অতি ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ হায়দৰাবাদৰ সামান্থা ৰুথৰ ঘৰ বিচাৰি পোৱাৰ অভিনয় কৰি তেওঁৰ ‘জিম’ত এটা আঁঠু লৈ প্ৰপ’জ কৰে। ভিডিঅ’টোৰ আৰম্ভণিতে মুকেশে ধেমালিতে কয়, ‘মই সামান্থাক ক’বলৈ বিচাৰিছো যে তাই চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ মই তাইৰ বাবে সদায় থাকিম’। অভিনেত্ৰীগৰাকীৰ ঘৰ পোৱাৰ পিছত জিমত তাইক বিচাৰি ফুৰে। ইয়াৰ পিছত তেওঁ সামান্থাক বিয়াৰ প্ৰস্তাৱ দিয়ে আৰু কয়, ‘আপুনি যদি বিয়া হ’বলৈ সাজু, মইও সাজু’। আৰ্থিকভাৱে স্বাধীন হ’বলৈও তেওঁ সামান্থাৰ পৰা দুবছৰৰ সময়ও বিচাৰিছে। তাৰ পিছত তেওঁ এটা আঁঠু লৈ বিয়াৰ প্ৰস্তাৱ দিয়ে। একে সময়তে সামন্থাইও এই ভিডিঅ’টোত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মুকেশৰ এই ভিডিঅ’টোৰ কমেণ্ট ছেকচনত নিজৰ প্ৰতিক্ৰিয়া দিওঁতে সামান্থাই লিখিছে, ‘বেকগ্ৰাউণ্ডত থকা জিমে মোক প্ৰায় পতিয়ন নিয়াইছিল’। লগতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সামান্থাৰ প্ৰতিক্ৰিয়া শ্বেয়াৰ কৰি মুকেশে লিখিছে, ‘যদি পৃথিৱীখন সামান্থাৰ বিৰুদ্ধে হয়, তেন্তে মই পৃথিৱীৰ বিৰোধী’।

আদানীৰ শ্বেয়াৰ মাৰ্কেট কেলেংকাৰিৰে SEBI জড়িতৰ অভিযোগ! হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য…

আদানীৰ শ্বেয়াৰমাৰ্কেট কেলেংকাৰিত জড়িত SEBIৰ অধ্যক্ষ। হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ মহা বিস্ফোৰণ। SEBIৰ অধ্যক্ষ মাধৱী পুৰীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ।

আনহাতে হিণ্ডেনবাৰ্গে অনা এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ SEBIৰ অধ্যক্ষৰ। অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ SEBIৰ অধ্যক্ষ মাধৱী পুৰীৰ। এই অভিযোগক চৰিত্ৰহননৰ ষড়যন্ত্ৰ আখ্যা SEBIৰ অধ্যক্ষগৰাকীৰ। শনিবাৰে হিণ্ডেনবাৰ্গে আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগ আনিছিল SEBIৰ অধ্যক্ষৰ বিৰুদ্ধে। হিণ্ডেনবাৰ্গৰ এই অভিযোগৰ পাছতে SEBIৰ অধ্যক্ষগৰাকীৰ প্ৰতিক্ৰিয়া।

৪.৬ কেজি ওজন কেনেকৈ কমাইছিল অমন ছেহৰাৱাটে, কম সময়ৰ ভিতৰতে কেনেকৈ ওজন কমাব…

২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা আটাইতকৈ কম বয়সীয়া মল্লযুঁজাৰু অমন ছেহৰাৱাটৰ কাহিনী কেৱল ক্ৰীড়াবিদ্যা আৰু জয়ৰ নহয়, তেওঁৰ দৃঢ়তা আৰু সাহসক পৰীক্ষা কৰা প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ কাহিনীও আছে। ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত অমনৰ সন্মুখত ৫৭ কেজি ওজনৰ শাখাত যোগ্যতা অৰ্জন কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু তেওঁৰ হাতত আছিল মাত্ৰ ১০ ঘণ্টা। এই সময়ছোৱাত তেওঁৰ ওজন ৪.৬ কিলোগ্ৰাম কমাবলগীয়া হৈছিল।

৫৭ কেজি ওজনৰ শাখাত অমন ছেহৰাৱাটৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰাটো সহজ নাছিল। ছেমি ফাইনেলত পৰাজয়ৰ পিছত তেওঁৰ সন্মুখত আৰু এটা ডাঙৰ প্ৰত্যাহ্বান। তেওঁৰ ওজন ৬১.৫ কিলোগ্ৰাম স্পৰ্শ কৰিছিল, যিটো নিৰ্ধাৰিত ওজনৰ সীমাতকৈ ৪.৬ কিলোগ্ৰাম বেছি। এই কঠিন সময়ত অমনৰ প্ৰশিক্ষক জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দহিয়াই তেওঁৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিছিল। ওজন কমাবলৈ আমানে ডেৰ ঘণ্টা মেটত থিয় হৈ মল্লযুঁজ কৰিছিল, যাৰ ফলত ঘাম ওলাবলৈ আৰম্ভ কৰিছিল আৰু ওজন কমাবলৈ সহায় কৰিছিল। ইয়াৰ পিছত এঘণ্টা গৰম পানীৰ টাবত বহি শৰীৰৰ পৰা পানী উলিয়াই দিয়া হৈছিল। ৰাতি ১২ বজাৰ পিছত অমনে জিম পালে আৰু এঘণ্টা ধৰি অবিৰতভাৱে ট্ৰেডমিলত দৌৰিলে। ইয়াৰ পিছত ৩০ মিনিট জিৰণি লোৱাৰ পিছত পুনৰ পাঁচ মিনিটকৈ পাঁচ মিনিটকৈ ছাউনা খালোঁ। কিন্তু তেতিয়াও ৯০০ গ্ৰাম ওজন কমিবলৈ আছিল। কেইবাবাৰো ১৫ মিনিটকৈ দৌৰাৰ পিছত অৱশেষত অমনৰ ওজন ৫৬.৯ কিলোগ্ৰামলৈ নামি আহিল, যিটো নিৰ্ধাৰিত ওজনতকৈ মাত্ৰ ১০০ গ্ৰাম কম।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইমান কম সময়ৰ ভিতৰতে ইমান ওজন কমালে স্বাস্থ্যৰ বাবে বিপদজনক হয় নেকি? গতিকে যিকোনো ধৰণৰ খাদ্যাভ্যাস বা ব্যায়াম কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি ছৈয়দ ৰিফত আহমেদক…

বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি ছৈয়দ ৰিফত আহমেদক। ছৈয়দ ৰিফত আহমেদক দেশখনৰ ২৫ সংখ্যক মুখ্য ন্যায়াধীশ নিযুক্তি।

শনিবাৰে পদত্যাগ কৰিছিল মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে। ছাত্ৰ বিক্ষোভত নতশিৰ হৈ পদত্যাগ কৰিছিল ওবাইদুল হাছানে। ন্যায়িক-প্ৰশাসনীয় ব্যৱস্থা সংস্কাৰৰ দাবীত বিক্ষোভ ছাত্ৰ সমাজৰ।