Home Blog Page 598

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছত সীমান্তত হাই এলাৰ্ট !কৰিমগঞ্জ-কাছাৰ সীমান্তত নিশ্ছিদ্ৰ নিৰাপত্তা বেহু…

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছত সীমান্তত হাই এলাৰ্ট৷ ২৪ ঘণ্টাই সীমান্তত কাঢ়া নজৰ ৰাখিছে বিএছএফে৷ কৰিমগঞ্জ-কাছাৰ সীমান্তত নিশ্ছিদ্ৰ নিৰাপত্তা বেহু৷

লাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা জাৰি কৰিছে বি এছ এফে। সোমবাৰে বিয়লি বি এছ এফৰ তৰফৰ পৰা সীমান্তত কঠোৰ নিৰাপত্তা জাৰি কৰা হোৱা বুলি সংবাদ সংস্থা এ এন আইয়ে প্ৰকাশ কৰিছে।

দেশখনত সৃষ্টি হ’ব পৰা গোষ্ঠীগত সংঘৰ্ষত ভাৰতলৈ যাতে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। বাতিল কৰা হৈছে বাংলাদেশ ভাৰতৰ মাজত চলি থকা মৈত্ৰী ৰেল। বন্ধ কৰা হৈছে বিমান চালনাও।

পুৱাই ভূমিকম্পৰ জোকাৰণিঃ ৪.৫ ৰিখটাৰ স্কেলৰ প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি গ’ল…

ছিকিমৰ পৰা উৎপত্তি হোৱা উত্তৰ বংগত পুৱা ৪.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায়। ছিকিমৰ নামচিৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত ভূমিকম্পৰ উৎস। ভূটানতো ভূমিকম্পৰ কঁপনি অনুভৱ কৰা হৈছিল। কিন্তু এই পৰ্যন্ত ভূমিকম্পৰ বাবে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। এই ভূমিকম্পই আলিপুৰদুৱাৰৰ জলপাইগুৰিকে ধৰি উত্তৰ বংগৰ বৃহৎ অংশ কঁপাই তুলিছে।

বৃহস্পতিবাৰে পুৱা ৬:৫৭ বজাত অনুভূত হয় এই কঁপনি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৫।একাংশ বতৰ বিজ্ঞানীৰ মতে এই ভূমিকম্পৰ উৎপত্তি ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত। উত্তৰ ছিকিমৰ ৰাবাংলাৰ সমীপত দাৰ্জিলিঙৰ পৰা ২২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ভয়ংকৰ কেন্দ্ৰটো।

স্বাধীনতা দিৱসৰ পূৰ্বে ISIS মডিউলৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ…

স্বাধীনতা দিৱসৰ পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ সফলতা ৷

ISIS মডিউলৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ৷

দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰিছে ৰিজৱান আলীক৷

বিশ্ববাসীয়ে আজিও সুঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো ! আজি নাগাচাকি দিৱসবিশ্ববাসীয়ে আজিও সুঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো ! আজি নাগাচাকি দিৱস…

ধ্বংসস্তূপৰ পৰা ক্ৰমাৎ প্ৰাণ পাইছে উঠিছে জাপানৰ হিৰোচিমা আৰু নাগাচাকি অঞ্চল। পুনৰ একোটি ব্যস্ত চহৰলৈ পৰিণত হৈছে হিৰোচিমা আৰু নাগাচাকি। কিন্তু বিশ্ববাসীয়ে আজিও সুঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো। আজিও বাজি উঠে দ্বিতীয় বিশ্বযুদ্ধৰ দামামা। সেই সময়ত শুই আছিল সমগ্র হিৰোচিমা।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান বাহিনীয়ে জাপানৰ হিৰোচিমাত নিক্ষেপ কৰিছিল পাৰমাণৱিক বোমা। হঠাৎ কপি উঠিছিল পৃথিৱী। মুহূৰ্ততে প্রাণ হেৰুৱালে ডেৰ লাখ লোকে। আজি ৭৬ বছৰ সম্পূর্ণ হ’ল সেই ভয়াৱহ দিনটোৰ। বিশ্বশান্তিৰ উদ্দেশ্যে বিশ্ববাসীয়ে পালন কৰিছে ‘হিৰোচিমা দিৱস’।

১৯৪৫ চনৰ ৬ আগষ্টত জাপানৰ হিৰোচিমাত আৰু ৯ আগষ্টত নাগাচাকি অঞ্চলত ক্রমে ‘লিটল বয়’ আৰু ‘ফেট মেন’ নামেৰে দুটাকৈ পাৰমানৱিক বোমাৰ বিস্ফোৰণ ঘটাইছিল। বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমাৰ ব্যৱহাৰ কৰিছিল মার্কিন যুক্তৰাষ্ট্ৰই।

কোনবিধ সুগন্ধি মছলাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে, জানি লওক…

ডায়েবেটিছ ৰোগীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁলোকে তেজৰ চেনিৰ মাত্ৰা বজাই ৰাখিব লাগে, নহ’লে বহুতো সমস্যা আহিব পাৰে, এনে পৰিস্থিতিত আপুনি এটা বিশেষ মছলা গ্ৰহণ কৰিব পাৰে। ডায়েবেটিছ এনে এক ৰোগ যিটো জিনীয় কাৰণত হ’ব পাৰে, কিন্তু সাধাৰণতে আমাৰ ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই এই ৰোগ হয়। ডায়েবেটিছ ৰোগীয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ কোনবোৰ পাকঘৰৰ সামগ্ৰী খাব পাৰে জানি লওক…

ডায়েবেটিছ ৰোগীয়ে তেওঁলোকৰ নিয়মীয়া খাদ্যত লং অন্তৰ্ভুক্ত কৰিব লাগিব। ডায়েবেটিছ ৰোগীৰ বাবে লং আশীৰ্বাদতকৈ কম নহয় কাৰণ ইয়াত এন্টিডায়েবেটিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায়। এই মছলা ব্যৱহাৰ কৰিলে মুধমেহ ৰোগীক কেনেদৰে উপকৃত হ’ব জানক।

লঙত ডায়েবেটিছ প্ৰতিৰোধী গুণ পোৱা যায়, যাৰ বাবে লঙৰ তেল সেৱন কৰিলে ইনচুলিন আৰু গ্লুক’জৰ প্ৰতিক্ৰিয়াৰ ব্যৱস্থা বৃদ্ধি পায়। এই গৰম মছলাত উপস্থিত এন্টিঅক্সিডেন্টে অগ্নাশয়ৰ কাৰ্য্যকলাপ উন্নত কৰাত সহায় কৰে। গতিকে দৈনিক লং সেৱন কৰা ডায়েবেটিছ ৰোগীয়ে চেনিৰ মাত্ৰা বজাই ৰখাৰ চিন্তা কৰিব নালাগে।

ডায়েবেটিছ ৰোগীয়ে লং কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানি লওক-

ইয়াৰ বাবে এচামুচ লং মিহিকৈ পিহি লওক


এতিয়া এই গুড়ি একাপ পানীত দি ১০ মিনিটমান উতলাব।


উতলিলে আধা চামুচ চাহপাত দি অলপ সময় থৈ দিব।


এতিয়া এই তৰল পদাৰ্থটো চেকি ঠাণ্ডা হোৱালৈ অপেক্ষা কৰক।


এই তৰল পদাৰ্থ খাই তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰিব।

প্ৰেম কাহিনীৰে ভৰি পৰিল পেৰিছ অলিম্পিকঃ অলিম্পিকত পদক লাভ নকৰিলেও লাভ কৰিলে জীৱন সংগী…

পেৰিছ অলিম্পিকত এতিয়ালৈকে বহু পুৰুষ খেলুৱৈয়ে নিজৰ প্ৰেমিকাক বিয়াৰ বাবে প্ৰস্তাৱ দিছে এগৰাকী মহিলা খেলুৱৈয়ে নিজৰ প্ৰেমিকক বিয়াৰ বাবে অনুৰোধ জনাইছে। ফ্ৰান্সৰ ৰাজধানী পেৰিছ। পেৰিছক কেৱল ‘প্ৰেমৰ চহৰ’ বুলি কোৱা নহয়, মানুহে ইয়াক প্ৰেম প্ৰকাশৰ বাবে আটাইতকৈ প্ৰিয় চহৰ বুলি গণ্য কৰে। এইবাৰ অলিম্পিক যেন প্ৰেম কাহিনীৰে ভৰি পৰিল। যদিও খেলুৱৈসকলে খেলৰ আৰম্ভণিৰে পৰাই নিজৰ অনুৰাগীক বিয়াৰ প্ৰস্তাৱ দি আহিছে, কিন্তু এইবাৰ অলপ বেলেগ কাৰণ এইবাৰ এগৰাকী মহিলা খেলুৱৈয়ে প্ৰেমিকক প্ৰস্তাৱ দিছে।


ফ্ৰান্সৰ মহিলা খেলুৱৈ এলিছ ফিনোটৰ কথা, যিয়ে পেৰিছ অলিম্পিক ২০২৪ৰ ৩০০০ মিটাৰ ষ্টীপলচেজ ইভেণ্টত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ ফাইনেলত চতুৰ্থ স্থান দখল কৰিছিল। এলিছে ব্ৰঞ্জৰ পদক লাভ কৰিব নোৱাৰিলেও এই ইভেণ্টত ইউৰোপীয় অভিলেখ ভংগ কৰে। এই দৌৰ ৮:৫৮.৬৭ মিনিটত সম্পূৰ্ণ কৰে অচিলে। অনুষ্ঠানটো শেষ হোৱাৰ ঠিক পিছতেই এলিছ ফিনোটে ষ্টেণ্ডত উপস্থিত থকা প্ৰেমিক ব্ৰুনো মাৰ্টিনেজৰ ওচৰলৈ গৈ আঁঠু লৈ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো সুধিলে যে তেওঁ তাইক বিয়া কৰাব নেকি? এই কথা দেখি ব্ৰুনোৰ অলপ লাজ লাগিল, আৰু তেওঁ উত্তৰ দিলে ‘হয়’। তেনেতে দম্পতীহালে ইজনে সিজনক সাৱটি ধৰিলে। এলিছে ব্ৰুনোৰ চাৰ্টত ‘লাভ ইজ ইন পেৰিছ’ পিন কৰি তাৰ পিছত চুম্বন কৰিলে।

এলিছ ফিনটে কয় যে মই নিজকে কৈছিলো যে যদি মই ৯ মিনিটৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হওঁ, যিটো মই জানো যে মোৰ ভাগ্যৰ নম্বৰ আৰু আমি ৯ বছৰ একেলগে কটালোঁ, তেন্তে মই তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিম।’ কওঁ যে ব্ৰুনো মাৰ্টিনেজ স্পেইনৰ এজন ট্ৰাইএথলীট। এলিছ ফিনোট আৰু ব্ৰুনো মাৰ্টিনেজৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, মানুহে তেওঁলোকৰ ষ্টাইল লাইক আৰু শ্বেয়াৰ কৰিছে। ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলেও তেওঁক বহুত উৎসাহিত কৰিছিল, যিটো এই অলিম্পিকৰ বাবে এক স্মৰণীয় মুহূৰ্তত পৰিণত হৈছিল।

প্ৰবীণ ভাৱৰীয়া শিল্পী প্ৰতাপ চন্দ্ৰ বেজবৰুৱাৰ দেহাৱসান, পশ্চিম নলবাৰীত শোকৰ ছাঁ…

পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তর্গত জাগাৰা গোপালপুৰ চুবুৰী নিবাসী প্ৰতাপ চন্দ্ৰ বেজবৰুৱাৰ বুধবাৰে পুৱতি নিশা ৩-৫০ বজাত নলবাৰী মেডিকেল কলেজ হাস্পতালত বার্ধক্যজনিত ৰোগত ভূগি পৰলোকপ্ৰাপ্তি ঘটে ৷ সমগ্ৰ নলবাৰী জিলাৰ লগতে ভিন্ ভিন্ প্ৰান্তত ভাৱৰীয়া শিল্পী হিচাপে পৰিচিত,এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তথা ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কর্মচাৰী বেজবৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০ বছৰ ৷ ১৯৪৫ চনৰ ২৯ অক্টোৱৰত জন্ম গ্ৰহন কৰা শিল্পী বেজবৰুৱাই জীৱনত বিভিন্ন ঘাট প্ৰতিঘাট নেওচি সুদীর্ঘ ৫৬ বছৰ ধৰি ভাৱৰীয়া শিল্পৰ লগত জড়িত হৈ শিল্পী সত্তাক জীয়াই ৰখাৰ বাবে চেষ্টা চলাইছিল ৷ ২০২০ চনত তেওঁক অসম চৰকাৰে শিল্পী পেন্সন প্ৰদান কৰিছিল ৷

উল্লেখ্য যে জাগাৰা গোপালপুৰ ভাৱৰীয়া দলৰ দলপতি বেজবৰুৱাই অঞ্চলটোত কেইবাটাও ভাৱৰীয়া দলৰ জন্ম দিছিল৷ আনকি তেওঁ জীৱনৰ শেষ সময়লৈকে ভাৱৰীয়া শিল্পক নতুন প্ৰজন্মৰ জৰিয়তে জীয়াই ৰাখিবলৈ অহোপুৰুষার্থ কৰি আহিছিল ৷ উঠি অহা প্ৰজন্মক তেওঁ সাহস আৰু প্ৰেৰণাৰে উদ্বুদ্ধ কৰি থৈ গৈছে ৷ মৃত্যুৰ আগমূহুর্তলৈকে সর্বজন সমাদৃত ব্যক্তি হিচাপে পৰিগনিত এই প্ৰবীণ শিল্পী গৰাকীৰ মৃত্যুত সমগ্ৰ পশ্চিম নলবাৰীত শোকৰ ছাঁ পৰিছে ৷ তেখেতৰ মৃত্যুত জাগাৰাৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান,দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থা,সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘প্ৰজন্ম’,মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ বৃহত্তৰ পৰিয়ালবর্গ,উত্তৰ পুৰুষৰ মঞ্চই শোক ব্যক্ত কৰে ৷ আজি অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত জাগাৰাৰ ৰাজহুৱা শ্মশানত শিল্পী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুই পুত্ৰ-বোৱাৰী,তিনি জী-জোৱাই আৰু নাতি-নাতিনী এৰি থৈ যায়৷

জলজীৱন মিছনৰ অধীনত গোগামুখত ২৮ টা পানী যোগান প্ৰকল্প দ্বাৰ উদঘাটন মন্ত্ৰী ডা: ৰণোজ পেগুৰঃ সোণালী সোৱণশিৰি পানী যোগান আঁচনিয়ে দিব শ শ পৰিয়ালক সুবিধা…

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ আন্তৰ্গত ধেমাজি জিলাৰ গোগামুখত কালি ২৮ টা জল জীৱন মিছন আঁচনিৰ প্ৰকল্প দ্বাৰ উদ্‌ঘাটন  কৰি শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে। ধেমাজি জিলাৰ  গোগামুখৰ ২ নং দিৰপাইত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ডাঃ পেগুৱে একলগে  আটাইকেইখন পানী যোগান যোগান প্ৰকল্পৰ আঁচনিসমূহৰ  কৰি দ্বাৰ উদ্‌ঘাটন কৰে।  ইয়াৰ সমান্তৰালভাৱে সোৱণশিৰি নদীক সংযোগ কৰি নিৰ্মাণ কৰা ২১ কোটি টকাা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা  সোণালী সোৱণশিৰি পানী যোগান প্ৰকল্পও আজি মুকলি কৰে।  মুঠ ২৮ টা প্ৰকল্পত প্ৰায় ৩৮ কোটি টকা ব্যয় কৰা হৈছে আৰু ইয়াৰ পৰা শ শ লোকৰ বাবে  পানী সহজলভ্য হৈ পৰিব৷  প্ৰকল্প সমূহ উদ্‌ঘাটন‌ কৰি  শিক্ষামন্ত্ৰী তথা ভৈয়াম জনজাতি উন্নয়ন‌ দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম সপোনৰ প্ৰকল্প হৈছে ‘জল জীৱন মিছন’ আঁচনি । পাইপ যোগে প্ৰত্যেক ঘৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ধৰিব বিশুদ্ধ আৰু জনসাধাৰণে বিশুদ্ধ খোৱাপানী লাভ কৰিব ৷  বৰ্তমান‌ সমগ্ৰ ৰাজ্যখনৰ লগতে ধেমাজি জিলাটো  সম্পূৰ্ণ হৈ উঠিছে  পানী যোগান‌ প্ৰকল্প সমূহ । এই প্ৰকল্পৰ যোগেদি প্ৰতিটো পৰিয়ালে  বিশুদ্ধ খোৱাপানী লাভ কৰিব । কিন্তু ইয়াক তদাৰকৰ দায়িত্ব প্ৰত্যেকজন মানুহ তথা পৰিয়ালৰ বুলি তেওঁ মন্তব্য দিয়ে ।

বুধবাৰে শুভাৰম্ভ কৰা ২৮ টা প্ৰকল্পৰ পৰা  প্ৰায় ৪৯০০ টা পৰিয়ালে পাব পাইপৰ জৰিয়তে পানী ৷ পানী লাভ কৰিবৰ বাবে একোখনকৈ কমিটি গঠন কৰি দিয়া হৈছে ৷ এই কমিটিবোৰে চৰকাৰে নিৰ্বাচন কৰি দিয়া জলমিত্ৰৰ লগত আলোচনা কৰি পানী যোগান প্ৰকল্পসমূহ পৰিচালনা কৰিব লাগিব বুলিও শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় ৷  একেদৰে দিৰপাস্থিত সোণালী সোৱণশিৰি প্ৰকল্প মুকলি কৰি ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা গমুগ পেগুৱে কয়- বৰ্তমান গোগামুখত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আটাইতকৈ পানী যোগান প্ৰকল্প  সুক্ষ্মভাৱে পৰিচালিত হ’বলৈ আৰম্ভ হৈছে ৷ সোণালী সোৱণশিৰি পানীযোগান প্ৰকল্পৰ জনসাধাৰণ আটাইতকৈ বেছি লাভান্বিত হৈছে ৷  সোৱণশিৰি নৈৰ লগত সংযোগ কৰি সোণালী সোৱণশিৰিি পানী য়োগান প্ৰকল্প নিৰ্মাণ কৰা হৈছে আৰু সোৱণশিৰি নদীৰ বোৱতী পানীক বিশুদ্ধ কৰণ কৰি বিজ্ঞান সন্মতভাৱে  জনসাধাৰণক পানী যোগান ধৰা হৈছে আৰু সোৱণশিৰি নদীৰ পানীক বিশুদ্ধকৰণ কৰি জনসাধাৰণক যোগান দিব পৰাটো অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক বৃহৎ সফলতা বুলিও গমুগ পেগুৱে দোহাৰে। 

এই প্ৰকল্পটোৰ পৰ বৰ্তমান তিনিটা খণ্ড ক্ৰমে, কৈলাশপুৰত  দুই লাখ লিটাৰ, বেতবাৰীত ডেৰ লাখ লিটাৰ আৰু গড়পৰালৈ ডেৰ লাখ লিটাৰ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ আৰম্ভ কৰা বুলি সদৰি কৰে কাৰ্যবাহী অভিযন্তা পেগুৱে কয় যে, প্ৰকল্পসমূহৰ সমস্যা থাকিলে পোনপটীয়াকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । আজি মুকলি কৰা অন্যান্য ২৬ টা প্ৰকল্প  হৈছে‌ ক্ৰমে, মিংমাং লুটুকীজীন, নলবাৰী ৰাভা চুবুৰী, নলাতল, মাহতলী, দেওডুবি কৈৱৰ্ত, লাগাছু কাংকান নগৰ, ওখমাটি বিজয়পুৰ, চেঙেলীসুঁতি, পাৰ্বতীপুৰ, চেলাজান কছাৰী, চগুম, ২ নং কদমগুৰি, কৌপাতনী, কচুতলি সোণাপুৰ, ওপৰ খূড়াচোক, গৰৈমাৰী অসমীয়া, লক্ষীপথাৰ, নিউ বালিজান,চুতীয়াকাৰী, গৰুবন্ধা, লক্ষীপথাৰ, ২ নং শালমাৰী, বেতনিহুলা ৰতুৱা, বৰভূঞা, দীপা পাৰঘাট, ২ নং শালমাৰী এম ভি, লতাক গাঁও, ৰংপুৰীয়া  আদি ৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ সহকাৰী অভিযন্তা পাৰ্থপ্ৰতীম দেউৰী, কনিষ্ঠ অভিয়ন্তা অংশুমান বৰুৱা,  টেক্‌নিকেল বিভাগৰ তপস চৌধুৰী, প্ৰিয়ংকা দলে, পলীতা দেউৰী আৰু আহমেদ ফাৰুক হুছেইনৰ লগতে বিজেপি নেতা-কৰ্মীসকলে ৷

পেৰিছ অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ…

অলিম্পিকত পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই৷ পেৰিছ অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰে নীৰজ চোপ্ৰাই৷

ফাইনেলত ৮৯.৪৫ মিঃ জেভলিন থ্ৰ’ৰে ৰূপৰ পদক লাভ৷

একেৰাহে দুখনকৈ অলিম্পিকত পদক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত নীৰজ চোপ্ৰা৷

পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰে ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰে বৈঠক , নিগমক শক্তিশালীকৰণত গুৰুত্ব দিব চৰকাৰে

গুৱাহাটী , ৮ আগষ্ট : ৰাজ্যৰ ৰাজহুৱা পৰিবহণ খণ্ডৰ একমাত্ৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাটি, সম্পত্তি সমূহত ব্যৱসায়িক কেন্দ্ৰস্থললৈ উন্নীতকৰণ, বাছৰ সংখ্যা বৃদ্ধিকে ধৰি নিগমক শক্তিশালীকৰণত গুৰুত্ব দিব ৰাজ্য চৰকাৰে। এই কথা সদৰি কৰিছে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই।

৬ আগষ্টৰ সন্ধিয়া নিগমৰ কৰ্মচাৰী সকলৰ একমাত্ৰ সংগঠন ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ এটা সজাতি দলে দিছপুৰৰ অসম সচিবালয়ৰ কাৰ্যালয় কক্ষত কৰা সাক্ষাৎ কালত এই আশ্বাস প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই। সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰৰ নেতৃত্বত যোৱা সজাতি দলটোৱে মন্ত্ৰী কেশৱ মহন্তক নিগমৰ কৰ্মচাৰী সকলৰ অভাৱ – অভিযোগ সম্বলিত এখন দুই দফিয়া স্মাৰক পত্ৰ প্ৰদান কৰে। মন্ত্ৰী মহন্তই সজাতি দলটোক কয় – মই বিভাগটোত নতুনকৈ আহিছো। গতিকে সম্পুৰ্ণকৈ বুজতে অলপ সময় লাগিব।

বিধানসভাৰ আগন্তুক বাজেট অধিবেশনত নিগমৰ কৰ্মচাৰী সকলৰ বাকী থকা বকেয়া ধনৰ বিষয়ে উত্থাপন কৰা হব। তেনেদৰে বছৰ বছৰ ধৰি নিগমত ঠিকাভিত্তিক কৰ্মচাৰী সকলৰো নিয়মীয়াকৰণৰ বিষয়টো সন্দৰ্ভত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হব। অৱশ্যে বিগত বৰ্ষত নিগমৰ ছাটাই কৰা ৭৭১ জন কৰ্মচাৰীৰ বিষয়টো ন্যায়ালয়ৰ বিচৰাধীন হৈ থকা বাবে ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা কৰা হব। আনহাতে সজাতি দলটোত সন্থাৰ উপ সভাপতি চুলেমান আলী বেপাৰী, সম্পাদকত্ৰয় গুণজিত পাঠক, কনক ভৰালী আৰু অমৰজ্যোতি বৰঠাকুৰ, ধনভৰালী কৈলাশ তালুকদাৰ উপস্থিত আছিল।