Home Blog Page 6

আন্তৰ্জাতিক গৱেষণা পত্ৰিকাত অসমৰ মেধাৱী ছাত্ৰী এইচ. বি. দিব্যাক্ষী চৌধুৰীৰ সাফল্য ।IJRAR


IJRAR । অসমৰ বৌদ্ধিক সমাজলৈ এক গৌৰৱোজ্জ্বল খবৰ কঢ়িয়াই আনিছে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰী এইচ্ বি দিব্যাক্ষী চৌধুৰীয়ে।

হিমাংশু চৌধুৰী আৰু বৰ্ণালী চৌধুৰীৰ কন্যা দিব্যাক্ষীৰ এক বিশেষ গাণিতিক গৱেষণা পত্ৰ ৩০ মাৰ্চ, ২০২৬ তাৰিখে বিখ্যাত আন্তৰ্জাতিক গৱেষণা পত্ৰিকা ‘International Journal of Research and Analytical Reviews’ (IJRAR)-ত সফলতাৰে প্ৰকাশ পাইছে।“Mathematical Representation of the Integer Set Z via the Ternary Quadratic Form” শীৰ্ষক এই গৱেষণা পত্ৰখনত তেওঁ J = a^2 + b^2 – c^2 সূত্ৰৰ জৰিয়তে সংখ্যাতত্ত্বৰ এক জটিল আৰু নতুন গাণিতিক বিশ্লেষণ দাঙি ধৰিছে।

অতি কম বয়সতে গণিতৰ দৰে কঠিন বিষয়ত এনেদৰে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰি দিব্যাক্ষীয়ে সমগ্ৰ অসমৰ লগতে নিজৰ বিদ্যালয়লৈও গৌৰৱ কঢ়িয়াই আনিছে। বৰ্তমান তেওঁ ‘The Universal Power Conclusion’ নামৰ এক বৃহৎ গাণিতিক প্ৰকল্পৰ কামত ব্ৰতী হৈ আছে আৰু ভৱিষ্যতে এগৰাকী সফল গৱেষক হোৱাৰ লক্ষ্যৰে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে।

অখিল গগৈ হত্যাকাৰীৰ হিচাব ৰখা চিত্ৰগুপ্ত

অখিল গগৈ হত্যাকাৰীৰ হিচাব ৰখা চিত্ৰগুপ্ত
অখিল গগৈ হত্যাকাৰীৰ হিচাব ৰখা চিত্ৰগুপ্ত

দেওবাৰে বৈঠালাংছ’ৰ ছেৰদিহুন আক্লাম ক্ষেত্ৰতো ১১২নং আমৰি বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ডাঃ হাবে টেৰণৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত এপিএইচএলচি দলৰ সভাপতি জে আই কাথাৰক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰি কয় যে কাথাৰ পাৰ্টীয়ে উন্নয়ন কৰিব নোৱাৰে, মাথোঁ আন্দোলনহে কৰিব পাৰে৷ মানুহৰ লগত মানুহৰ কাজিয়া কৰাব পাৰে, ধৰ্ণা-ধৰ্মঘট কৰিব পাৰে আৰু মাজে মাজে কাপোৰ খুলিও আন্দোলন কৰিব পাৰে৷ মামাই ল’ৰা-ছোৱালীক ডাক্তৰ-ইঞ্জিনিয়াৰ, কমাণ্ডো-বেটেলিয়ন, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিয়াল আদিহে বনাব পাৰে বুলি মন্তব্য কৰে৷ তদুপৰি কাথাৰৰ ল’ৰা-ছোৱালীয়ে আন্দোলন নকৰে, গুৱাহাটী-দিল্লীত থাকে, ময়ো আমাৰ ল’ৰা-ছোৱালীক গুৱাহাটী-দিল্লীলৈ পঠাব বিচাৰো বুলি ভাষণত সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অখিল গগৈক হত্যাকাৰীৰ হিচাব ৰখা তথা যমে পঠোৱা চিত্ৰগুপ্ত আখ্যা দিয়ে৷

যিয়ে অখিল গগৈৰ বিৰোধিতা কৰে তেওঁকে হত্যাকাৰী সজায়৷ যিজনে নিজেই প্ৰণৱ বড়োক হত্যা কৰিছিল, তেৱেঁই এতিয়া আনকহে হত্যাকাৰী সজায়৷ প্ৰণৱ বড়ো কেনেকৈ শ্বহীদ হ’ল, কোনে গোটেই ৰাতি গাত তেল ঢালি জুই লগাই প্ৰতিবাদ কৰিবলৈ উচটাইছিল মই কি নাজানো৷ অখিলে নিজে জ্বলিব লাগিছিল নে প্ৰণৱ বড়োক উচটাব লাগিছিল৷ আনকি, বিধানসভাতো যোৱা পাঁচটা বছৰে প্ৰণৱ বড়োৰ বিষয়টো কিয় এবাৰো উত্থাপন নকৰিলে৷ কোনোবাই যদি তেওঁৰ বিৰুদ্ধে কয় তেন্তে তেওঁ কয় অমুকে ইমানটা হত্যা কৰিছে, তমুকে তিমানটা হত্যা কৰিছে বুলি দোষ জাপি দিয়ে৷ তুমি নিজেই কিমান হত্যা কৰিছা তাৰ হিচাব নিজে দিব লাগিব, তোমাৰ পাপৰ হিচাব তুমি নিজেই দিব লাগিব৷ অখিলে গোটেই অসমখন জ্বলাই ৰাখিছে৷ অসমৰ ল’ৰা-ছোৱালীক টায়াৰ জ্বলাব শিকায়, ৰে’ল লাইন উৰুৱাবলৈ শিকায়৷ আনকি মহাত্মা গান্ধীয়েও যদি তেওঁক বেয়া বুলি কয় মহাত্মা গান্ধীয়েও দুটা হত্যা কৰিছে বুলি কৈ দিব বুলি শৰ্মাই সদৰী কৰে৷ অসমৰ উন্নয়ন অখিল গগৈৰ কাম্য নহয়, মাথোঁ আন্দোলন, হিংসা, বিদ্বেষ আদিয়েই অখিলৰ মূল উদ্দেশ্য৷ তেওঁৰ বিৰুদ্ধে যিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁকেই হত্যাকাৰী সজায় বুলি ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

স্পষ্ট কৰি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেঃ ভাৰতত লকডাউন ঘোষণা কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ

ভাৰতত লকডাউন ঘোষণা কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ
ভাৰতত লকডাউন ঘোষণা কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত দেশত দেখা দিয়া ইন্ধনৰ নাটনিৰ আঁত ধৰিয়েই দেশত বহুতে লকডাউন হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰি আছে৷ বহুতে লকডাউনৰ আশংকা কৰি আনকি ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী অধিক মাত্ৰাত ক্ৰয় কৰি থোৱাৰ ঘটনাও ঘটিছে৷ এনে সময়তে কেন্দ্ৰীয বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ স্পষ্ট কৰি দিছে যে ভাৰতত লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা নাই৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে শেহতীয়াকৈ কৈছে যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত দেশৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি কেন্দ্ৰই সক্ৰিয় সঁহাৰি জনাইছে৷ একাংশ ৰাজনৈতিক নেতাক মানুহক আতংকিত কৰা বন্ধ কৰিবলৈ আহ৩ান জনাই তেওঁ কয়, ‘চৰকাৰে লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা কৰা নাই৷’ সীতাৰমণে কয় যে পাকিস্তান আৰু বাংলাদেশৰ দৰে চুবুৰীয়া দেশসমূহে লকডাউন ঘোষণা কৰিবলৈ ওলাইছে, আমি এই কাম কৰা নাই৷ কিন্তু লকডাউন হ’ব বুলি একাংশ নেতাই বিয়পাই আছে৷ভাৰতত লকডাউনৰ কোনো পৰিকল্পনা নাই৷ এই নেতাসকলে উৰাবাতৰি প্ৰচাৰ কৰাটো বন্ধ কৰিব লাগিব৷

তেওঁলোকে ৰাইজৰ মাজত আতংক সৃষ্টি কৰিবলৈ উৰাবাতৰি প্ৰচাৰত লিপ্ত হৈছে৷ লকডাউন ভাৰতত নহয়৷’ বিৰোধী দলৰ সাংসদসকলে সমগ্ৰ দেশতে ৰন্ধন ইন্ধনৰ নাটনি আৰু পশ্চিম এছিয়াত ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশাৰ বিষয় উত্থাপন কৰাৰ প্ৰসংগত তেওঁ কয়, ‘কোনো কাৰণতে জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ হেঁচা পৰিবলৈ দিয়া নহব৷ জনসাধাৰণৰ প্ৰতি ইতিবাচক বাৰ্তা হ’ল এই পৰিস্থিতিৰ সৈতে ঐক্যবদ্ধভাৱে সন্মুখীন হোৱাটোহে৷ চৰকাৰ সক্ৰিয় আৰু দ্ৰুতগতিত পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাইছে৷’ তেওঁ লগতে কয়, ‘পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে, দক্ষিণ-পূব এছিয়াৰ দেশসমূহত এই বৃদ্ধি ৩০১ পৰা ৫০ক্ম৷’ ‘আমি পৰিস্থিতিটো পৰ্যালোচনা কৰি আছো৷ পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১৩ টকাৰ পৰা ৩টকালৈ কৰ্তন কৰি চৰকাৰে অধিসূচনা জাৰি কৰা বুলিও তেওঁ ঘোষণা কৰে৷ তেওঁ লগতে কয়যে ডিজেলৰ আবকাৰী শুল্ক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হৈছে৷

ইন্ধনৰ সংকটত জুৰুলা বহু দেশঃ পাকিস্তানত ‘স্মাৰ্ট লকডাউন’ ঘোষণাৰ সম্ভাৱনা

ইন্ধনৰ সংকটত জুৰুলা বহু দেশঃ পাকিস্তানত ‘স্মাৰ্ট লকডাউন’ ঘোষণাৰ সম্ভাৱনা
ইন্ধনৰ সংকটত জুৰুলা বহু দেশঃ পাকিস্তানত ‘স্মাৰ্ট লকডাউন’ ঘোষণাৰ সম্ভাৱনা

মধ্যপ্ৰাচ্যত চলি থকা অস্থিৰতাৰ ফলত বিশ্বৰ বিভিন্ন দেশত ইন্ধনৰ সংকট অধিক জটিল হৈ পৰিছে৷ হৰমুজ প্ৰণালীৰে ইন্ধন পৰিবাহী জাহাজৰ চলাচল প্ৰায় বন্ধ হৈ পৰাৰ ফলত বিশ্বৰ বহু দেশত এতিয়া পেট্ৰ’ল, ডিজেলকে ধৰি ৰন্ধন গেছৰ তীব্ৰ সংকটে দেখা দিছে৷ ইয়াৰ ব্যতিক্ৰম ঘটা নাই পাকিস্তানতো৷ ইন্ধনৰ সংকটত জুৰুলা হৈ পৰিছে পাকিস্তান৷ ক্ৰমে গভীৰ হৈ অহা ইন্ধন সংকটৰ মাজতে দেশখনে শক্তি সম্পদ সংৰক্ষণৰ বাবে জৰুৰীকালীন ব্যৱস্থাৰ অংশ হিচাপে দুদিনীয়া সাপ্তাহিক লকডাউন আৰোপ কৰাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে৷

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, প্ৰস্তাৱিত লক ডাউনৰ পৰিকল্পনা অনুসৰি সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে দেশজুৰি লকডাউন পালন কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ জানিব পৰা মতে শনিবাৰে মাজনিশাৰ পৰা দেওবাৰে মাজনিশালৈকে নিষেধাজ্ঞা বলৱৎ হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু এই পদক্ষেপে এতিয়াও প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ পৰা চূড়ান্ত অনুমোদন লাভ কৰা নাই৷ যদি এই সিদ্ধান্ত কাৰ্যকৰী হয় তেন্তে লকডাউনৰ সময়ছোৱাত দোকান-বজাৰ, কাৰখানা, সেৱা খণ্ডৰ কাম-কাজকে ধৰি সকলো বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব৷

ব্যৱসায়িক হলত অনুষ্ঠিত কৰা বিয়া আৰু আন অনুষ্ঠানতো বাধাৰ সৃষ্টি হ’ব পাৰে৷ এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ কাৰ্যক্ষম হৈ থকাৰ সম্ভাৱনা আছে৷ চিকিৎসালয়, ফাৰ্মাচী, বিমানবন্দৰ, সাগৰীয় বন্দৰ আৰু ৰে’ল সেৱা ৰেহাই দিয়া হ’ব পাৰে৷ আনহাতে সীমিত ৰাজহুৱা পৰিবহণ চলি থাকিব পাৰে বুলি দেশখনৰ একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিছে৷ উল্লেখ্য, সংকট প্ৰশমনৰ বাবে চৰকাৰে ইতিমধ্যে কৰ্মদিন হ্ৰাস কৰা, ঘৰৰ পৰা কাম কৰা, অস্থায়ীভাৱে বিদ্যালয় বন্ধ কৰা আদি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ অৱশ্যে দুদিনীয়া সাপ্তাহিক লকডাউনৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও হোৱা নাই৷ পাকিস্তানী সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক খচৰা অধিসূচনাৰ পৰা অনুমান কৰা হৈছে যে শনিবাৰে মাজনিশাৰ পৰা দেওবাৰে নিশালৈকে দুদিনীয়া ‘স্মাৰ্ট লকডাউন’ কাৰ্যকৰী হ’ব পাৰে৷

পাকিস্তান চৰকাৰে অৱশ্যে স্পষ্ট কৰি দিয়ে যে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই আৰু খচৰাখনক চৰকাৰী আদেশ হিচাপে উল্লেখ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিবোৰ ভুল৷ ফেডাৰেল চৰকাৰে প্ৰাদেশিক কতৃৰ্পক্ষলৈ প্ৰেৰণ কৰা বুলি প্ৰচাৰ হোৱা খচৰা অনুসৰি শনিবাৰে পুৱা ১২.০১ বজাৰ পৰা দেওবাৰে নিশা ১১.৫৯ বজালৈ দেশজুৰি স্মাৰ্ট লকডাউন বলৱৎ হ’ব পাৰে৷ জানিব পৰা মতে, ২০২৬ চনৰ চ্ছ্ৰ এপ্ৰিলৰ পৰা পাক চৰকাৰে লকডাউন কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰিছে৷

Rahul Arunoday Banerjee: টলীউদৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জীৰ মৃত্যু

জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জীৰ মৃত্যু
জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জীৰ মৃত্যু

পশ্চিম বংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জীৰ মৃত্যু৷(Rahul Arunoday Banerjee)

শ্বুটিঙৰ সময়তে অকাল মৃত্যুক আকোৱালি লয় অভিনেতাগৰাকীয়ে৷

শ্বুটিঙৰ সময়ত পানীত ডুব গৈছিল অভিনেতাগৰাকী।

সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু প্ৰাণ ৰক্ষা নপৰিল অভিনেতাগৰাকীক।

তালছাৰিত শ্বুটিং কৰি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে জুবিন গাৰ্গৰ জনপ্ৰিয় বাংলা গীত ‘প্ৰিয়া ৰে প্ৰিয়া ৰে’ গীতত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে৷

অভিনেতাগৰাকীৰ পানীত ডুবি মৃত্যু হোৱা বুলি চৰ্চা অব্যাহত থকাৰ মাজতে ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

শাসনলৈ আহিলেই ৰাজ্যবাসীক ২৫ লাখ টকাৰ কেচলেছ স্বাস্থ্য বীমাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

শাসনলৈ আহিলেই ৰাজ্যবাসীক ২৫ লাখ টকাৰ কেচলেছ স্বাস্থ্য বীমাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ
শাসনলৈ আহিলেই ৰাজ্যবাসীক ২৫ লাখ টকাৰ কেচলেছ স্বাস্থ্য বীমাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

ৰাজ্যত এতিয়া চলিছে নিৰ্বাচনী মহাৰণৰ প্ৰস্তুতি৷ ৯ এপ্ৰিলত ৰাজ্যত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ৷ শাসক-বিৰোধী সকলো দলৰেই নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ হৈ উঠাৰ সময়তে দেওবাৰে লখিমপুৰ জিলাৰ নাওবৈচাত অসম প্ৰদেশ কংগ্ৰেছে আনুষ্ঠানিকভাৱে মুকলি কৰে দলৰ নিৰ্বাচনী ইস্তাহাৰ৷ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাজুৰ্ন খাৰ্গেই ৰাজ্যবাসীৰ কল্যাণ, সামাজিক নিৰাপত্তা আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে পাঁচটা মূল প্ৰতিশ্ৰুতিসম্বলিত এই ইস্তাহাৰখন প্ৰকাশ কৰে৷ শাসকীয় দলক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে সাধাৰণ ৰাইজৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিতহে এই ইস্তাহাৰ প্ৰস্তুত কৰা হৈছে৷ কংগ্ৰেছৰ এই ইস্তাহাৰৰ কেন্দ্ৰবিন্দুত থকা পাঁচটা প্ৰধান প্ৰতিশ্ৰুতিৰ ভিতৰত মহিলা সবলীকৰণ আৰু স্বাস্থ্য খণ্ডই বিশেষ গুৰুত্ব লাভ কৰিছে৷ দলটোৱে ক্ষমতালৈ আহিলে মহিলাসকলক উদ্যোগী কৰি তুলিবৰ বাবে প্ৰতি মাহে ৫০ হাজাৰ টকাকৈ বিনাচৰ্তে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰতিটো পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ কে’চলেছ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে৷

ইয়াৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক নিৰাপত্তা সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰতি মাহে ১২৫০ টকাকৈ ভাত্তা প্ৰদান কৰাৰ কথা ইস্তাহাৰত সন্নিৱিষ্ট কৰা হৈছে৷ আনহাতে, খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে বাৰ্ষিক আবণ্টন ব্যৱস্থাৰ পৰিৱৰ্তে দহ লাখ খিলঞ্জীয়া লোকক স্থায়ী ভূমি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিছে বিৰোধী দলটোৱে৷ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘোষণাত দলটোৱে শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ উচিত তদন্ত কৰি চৰকাৰ গঠনৰ এশ দিনৰ ভিতৰত দোষীক শাস্তি প্ৰদান কৰাৰ জৰিয়তে ন্যায় নিশ্চিত কৰিব বুলি প্ৰকাশ কৰিছে৷ শাসকীয় দলৰ আঁচনিসমূহক সমালোচনা কৰি সভাপতি মল্লিকাজুৰ্ন খাৰ্গেয়ে কয় যে বিজেপিয়ে চৰ্তসাপেক্ষে সাহায্য প্ৰদান কৰে আৰু হিতাধিকাৰীসকল বিজেপিৰ হয় নে নহয় সেয়া প্ৰশ্ন কৰে৷

কিন্তু কংগ্ৰেছে এনে প্ৰশ্ন নকৰে বুলি উল্লেখ কৰি তেওঁ বিনাচৰ্তে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে সম্ভৱ হ’লে তাতোকৈ অধিক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ জুবিন গাৰ্গৰ প্ৰসংগত তেওঁ দৃঢ়তাৰে কয় যে অপৰাধীক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ’ব আৰু এশ দিনৰ ভিতৰত তেওঁক ন্যায় প্ৰদান কৰা হ’ব৷ ভূমি পট্টা প্ৰদানৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই পদক্ষেপৰ পিছত ৰাইজে প্ৰশাসনৰ ওচৰত তাঁত-বাটি কাঢ়িবলগীয়া নহ’ব আৰু ভূমিৰ অধিকাৰ স্থায়ীভাৱে সুৰক্ষিত হ’ব৷ ইস্তাহাৰ প্ৰকাশৰ সমান্তৰালভাৱে খাৰ্গেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে৷ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ মাজত ভয়ৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে যিসকল লোক মুখ্যমন্ত্ৰীৰ লগত নাই, তেওঁলোকক বিপদত পেলোৱা হৈছে৷ ৰাইজক এনে ৰাজনীতিলৈ ভয় নকৰিবলৈ আহ্বান জনায় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শাসকীয় দলৰ শাসন ব্যৰ্থ হোৱা বুলি দাবী কৰে৷ আগন্তুক নিৰ্বাচনত ৰাজ্যখনত পৰিৱৰ্তন আনিবলৈ আৰু জনকল্যাণৰ হকে কাম কৰা দল এটাক ভোট দিবলৈ তেওঁ ভোটাৰসকলক আহ৩ান জনায়৷

বৰক্ষেত্ৰীৰ জাগাৰাত বিজেপি মিত্ৰজোঁটৰ দলীয় কাৰ্যালয় মুকলি নাৰায়ণ ডেকাৰ

বৰক্ষেত্ৰীৰ জাগাৰাত বিজেপি মিত্ৰজোঁটৰ দলীয় কাৰ্যালয় মুকলি নাৰায়ণ ডেকাৰ
বৰক্ষেত্ৰীৰ জাগাৰাত বিজেপি মিত্ৰজোঁটৰ দলীয় কাৰ্যালয় মুকলি নাৰায়ণ ডেকাৰ

৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫৪ নং জাগাৰা নপ্তিপাৰা গাওঁ পঞ্চায়তৰ অন্তভুক্ত বৰক্ষেত্ৰীৰ জাগাৰাত আজি বিজেপি মিত্ৰজোঁটৰ এটি দলীয় নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। বৰক্ষেত্ৰী বিজেপি,অগপ আৰু বি পি এফ দলৰ মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাই মুকলি কৰে দলীয় কাৰ্যালয়টো। আনহাতে অঞ্চলটোৰ বয়োজেষ্ঠ লোকসকলক সসম্বৰ্ধনা জনায়।

বৰক্ষেত্ৰী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি মহেশ বৰ্মণ, ৫৪ নং জাগাৰা নপ্তিপাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী উষাৰাণী ডেকা, ৫৪ নং জাগাৰা নাপ্তিপাৰা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য দীনেশ বৈশ্য, বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী গীতা ডেকা, জাগাৰা নপ্তিপাৰা গাওঁ পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয়ৰ সভাপতি সুবোধ ডেকা, অসম গণ পৰিষদৰ নলবাৰী জিলাৰ উপ সভাপতি দিলীপ তালুকদাৰ, প্ৰমুখ্যে ভালেমান দলীয় বিষয়ববীয়াৰ উপস্থিতি থাকে।

Gaurav Gogoi: গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয়ঃ পাকিস্তানৰ মিডিয়াই দিলে ক্লীনশ্বীট

Gaurav Gogoi: গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয়ঃ পাকিস্তানৰ মিডিয়াই দিলে ক্লীনশ্বীট
Gaurav Gogoi: গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয়ঃ পাকিস্তানৰ মিডিয়াই দিলে ক্লীনশ্বীট

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয় – পাকিস্তানৰ মিডিয়াই দিলে এইবাৰ ক্লীনশ্বীট।(Gaurav Gogoi)

সন্দেহজনক বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুছলমান বিৰোধী সজাই পাকিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম আফকৰ ডিজিটেলত গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সম্পৰ্কক লৈ এটা বিশেষ খণ্ড প্ৰচাৰ হয়।

এই খণ্ডটোত মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰি নিউজ এংকৰ গৰাকীয়ে উল্লেখ কৰে যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয়। কেৱল নিজৰ NGOৰ কামত তেওঁলোক পাকিস্তানলৈ আহিছিল আৰু পাকিস্তানৰ প্ৰয়োজন নাই যে তেওঁলোকৰ এজেণ্ট ভাৰতত ৰাখিব।

উল্লেখযোগ্য যে শেহতীয়াকৈ অসমত হৈ থকা উচ্ছেদ অভিযানৰ বাবে পাকিস্তানী মিডিয়াত প্ৰপাগেণ্ডা হেশ্বটেগ চলিছিল – Save Assam Muslim শীৰ্ষক।

বাতৰিটোত আন এটা গুৰুত্বপূৰ্ণ দিশ আছিল, যে এংকৰ গৰাকীয়ে অসমত হ’বলগীয়া নিৰ্বাচনৰ বিষয়ে বাৰে বাৰে উল্লেখ কৰি গৌৰৱ আৰু পত্নীৰ পাকিস্তানৰ লগত সম্পৰ্ক নাই বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে।

আজি বর্ষাপাৰাত IPLৰ হাইভল্টেজ মেচঃ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ

আজি বর্ষাপাৰাত IPLৰ হাইভল্টেজ মেচঃ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ
আজি বর্ষাপাৰাত IPLৰ হাইভল্টেজ মেচঃ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ

আজি বর্ষাপাৰাত IPLৰ হাইভল্টেজ মেচ।

ঘৰুৱা খেলপথাৰত ধোনী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ।

বৰ্ষণমুখৰ পৰিৱেশত বৰ্ষাপাৰাত খেল খলিবলৈ সাজু ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ।

IPLৰ এই হাই-ভল্টেজ মেচখনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ।

মহেন্দ্ৰ সিং ধোনীৰ অনুপস্থিতিক লৈ হতাশ অনুৰাগী।

গোগামুখত কংগ্ৰেছ দলত ব্যাপক খহনীয়াঃ অৰ্ধশতাধিকৰ গণশক্তিত যোগদান, উদং হ’ল নাহৰবাৰী যুৱ কংগ্ৰেছ 

গোগামুখত কংগ্ৰেছ দলত ব্যাপক খহনীয়াঃ অৰ্ধশতাধিকৰ গণশক্তিত যোগদান
গোগামুখত কংগ্ৰেছ দলত ব্যাপক খহনীয়াঃ অৰ্ধশতাধিকৰ গণশক্তিত যোগদান

বিজেপিৰ মিত্ৰ দল গণশক্তিয়ে ধেমাজি বিধানসভা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ ধেমাজি জিলাৰ গোগামুখৰ আবতানি লত্তাত আজি গণশক্তি দলৰ বৰদলনি খণ্ড শক্তিৰ উদ্যোগত বুথ কমিটি আৰু পৃষ্ঠা সেৱাৰ এখন কৰ্মশালাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷

গণশক্তিৰ ধেমাজি জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত আজি ৭০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে গণশক্তি দলত যোগদান কৰে ৷ যোগদান কাৰ্যসূচীত ধেমাজি জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দলৰ নেতা-কৰ্মীৰ লগতে বৰদলনি উন্নয়ন খণ্ডৰ নাহৰবাৰী পঞ্চায়তৰ ১২ গৰাকী যুৱ কংগ্ৰেছৰ কৰ্মী-সদস্যই আছিল প্ৰদান ৷

১২ গৰাকী যুৱ কংগ্ৰেছ কৰ্মীয়ে গণশক্তিত যোগদান কৰাৰ লগে লগে নাহৰবাৰীত কাৰ্যত যুৱ কংগ্ৰেছ উদং হৈ পৰিল ৷ কিয়নো যিসকল যুৱ কংগ্ৰেছ কৰ্মীয়ে গণশক্তিত যোগদান কৰিলে আটাইবোৰে ব্লক আৰু মণ্ডল পৰ্যায়ৰ সম্পাদকৰ দায়িত্বত থকা সক্ৰিয় কৰ্মী ৷ গণশক্তি দলত যোগদান কৰা আটাইবোৰ কংগ্ৰেছ কৰ্মীক গণশক্তি দলৰ মুখ্য উপদেষ্টা সুনীল কুমাৰ পেগু, সভাপতি পৰমানন্দ চায়েঙীয়া, উপসভাপতি হিৰণ্য দত্ত আদিয়ে দললৈ আদৰি আনে ৷

যোগদান কাৰ্যসূচীত উপস্থিত থাকে এম এ চিৰ সাধাৰণ সদস্য ৰাজু পেগু, গোগামুখ গাঁও পঞ্চায়তৰ সভাপতি পদ্মধৰ কামান, বৰদলনি খণ্ড শক্তিৰ সভাপতি ধনেশ্বৰ নাৰ্জাৰী, সম্পাদক হিৰেণ পেগু, গোগামুখৰ মণ্ডলৰ সভাপতি পদ্ম দলে, সম্পাদক জিতু ডেকা উপস্থিত থাকে ৷ উল্লেখনীয় যে, ধেমাজি জিলা কংগ্ৰেছত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ৷