Home Blog Page 6

Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions!

Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions!
Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions!

Assam down town University successfully organized the second edition of EduElevate – Northeast Educators Conclave on 6 December 2025 at Radisson Blu, Guwahati, bringing together distinguished education leaders, academicians, industry experts and policymakers to deliberate on emerging trends in student development and the future of higher education.

The conclave commenced with a formal inaugural ceremony and lamp lighting by esteemed dignitaries.

Following the inauguration, keynote speaker Dr. Dimpy Mahanta, Head of the Department & Associate Professor of the Department of Psychology at Cotton University, delivered an address underscoring the essential role of institutions in strengthening student well-being. Afterwards, the first panel discussion, moderated by Dr. Manjusha Deka Saikia, Associate Professor, Programme of Psychology, Faculty of Humanities & Social Sciences, Assam down town University, which focused on institutional practices that support student mental health. The panel consisted of prominent experts including Prof. Saswati Choudhury, Professor and Acting Director, Omeo Kumar Das Institute of Social Change and Development, Dr. Mythili Hazarika, Clinical Psychologist, Associate Professor from Guwahati Medical College, Arup Kumar Baishya, Social Entrepreneur, Acumen Fellow-India Spring 2025 Cohort, Sandeep Gulia, Zonal Academic Excellence Director, North and East, LEAD Group. The conversation emphasized the need for awareness-driven policies, clinician-led interventions, compassionate educational environments and collaborative community models that equip institutions to address the holistic well-being of students.

The second panel, moderated by Dr. Sunandan Baruah, Director, Innovation, Startup and Acceleration, Assam down town University, examined the theme Future-Proofing India’s Workforce: Aligning HEIs with AI-Driven Job Markets and Atmanirbhar Bharat. Panelists included Rohit Gupta, Co-Founder of College Vidya; Ankit Shyamsukha, CEO of ICA EduSkills; Rajiv Agarwal, CEO of EduVerse; Manish Kumar, AVP – Customer Success at Meritto; and Prasenjit Chanda, Deputy General Manager and Project Head at L&T. The discussion centered on the integration of technology-enabled learning models, the adoption of AI-focused curricula, and the evolving skill landscape required to build an employable, industry-ready workforce. The panelists stressed the need for higher education institutions to rapidly adapt to new-age technologies, strengthen industry collaborations and build competencies that support the vision of an Atmanirbhar Bharat.

The conclave concluded with the presentation of the AdtU Excellence Awards to distinguished educators and contributors, followed by an expression of appreciation and a vote of thanks. The event ended with a networking lunch that enabled participants to exchange ideas and explore collaborative opportunities.
We are delighted to announce the winners across all three award categories:

1️⃣ EduElevate School of the Year Award with prize money of Rs 100000/-
PM SHRI Nilbagan Model HS School, Hojai

2️⃣ EduElevate Teacher of the Year Award prize money of Rs 50,000/-
Prasenjit Sarma, Barpeta

3️⃣ EduElevate Emerging School Award
Vidya: The Living School, Dhemaji

Congratulations to all the awardees for their exceptional contributions to education!

EduElevate 2.0 reaffirmed Assam down town University’s dedication to promoting transformative learning, student-centric development, and industry-aligned education in the Northeastern region, aiming to advance a progressive academic ecosystem that prepares students for both personal well-being and future professional success.

অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair

অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair
অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair

Book Fair । শতবর্ষ মহোৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীলৈ কৃতজ্ঞতা প্ৰকাশ অসম সাহিত্য সভাৰ । ২ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ উপলক্ষ্যে প্রকাশিত ‘জোনাকী’, ‘ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়া’, অসম সাহিত্য সভাৰ দস্তাবেজ ‘চন্দ্রকান্ত সন্দিকৈ ভৱন: ঐতিহ্য আৰু ৰূপান্তৰৰ এষণা’ আৰু শেহতীয়াকৈ প্রকাশিত ‘কেঞ্চাৰৰ বিৰুদ্ধে মোৰ সংগ্রাম: আক্রান্তৰ পৰা নিবৃত্তিলৈকে’ গ্রন্থ‌ কেইখন দুদিনীয়া কাৰ্যসূচীৰ মাজতে ক্ষুদ্র গ্রন্থ বিপণীৰ পৰা বিক্রী হোৱাত সভাই লাভ কৰিছে পৰম আনন্দ। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি ২ ডিচেম্বৰৰ দিনা উন্মোচন হোৱা গ্রন্থকেইখন ক্ৰয়ৰ প্রতি উপস্থিত ৰাইজৰ উছাহ দেখি অসম সাহিত্য সভাৰ বিষয়ববীয়াকে ধৰি শুভাকাংক্ষীসকল অভিভূত হৈছে। উল্লেখযোগ্য যে মহোৎসৱৰ সময়ছোৱাত আঠ ঘণ্টাত ১,০৯,০০০.০০ (এক লাখ ন হাজাৰ) টকাৰ গ্রন্থ বিক্রী কৰি সভাই অভূতপূর্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে ৩ ডিচেম্বৰৰ দিনা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাহিত্য অকাদেমিৰ অৱসৰপ্ৰাপ্ত সচিব ড’ কে. শ্রীনিবাস ৰাৱে “অসম সাহিত্য সভাৰ দৰে বৃহৎ অনুষ্ঠান লাভ কৰি অসমবাসী ধন্য হৈছে” বুলি আগবঢ়োৱা বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।সাংস্কৃতিক সমাবেশ উদ্বোধন কৰি ভাৰতকণ্ঠ, জনপ্রিয় কণ্ঠশিল্পী দেৱজিৎ সাহাই ভাষণ প্রসংগত কোৱা “বৰাক-ব্রহ্মপুত্র নদীমাতৃক অসম। মই অসমৰে সন্তান কাৰণেই সভাৰ দাবীক সম্মান জনাই এই মহোৎসৱত যোগ দি ধন্য হ’লোঁ।” শীৰ্ষক মনোগ্ৰাহী আৰু সমন্বয়ৰ সাৱলীল ভাষণেও বৰাক ব্রহ্মপুত্র উপত্যকাৰ সমন্বয়ৰ শৈলবান্ধ অধিক দৃঢ় কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ পদক্ষেপক ভূয়সী প্রশংসা কৰাই সভাৰ পৰিৱেশ অধিক আলোকময় হৈছে বুলি সৰ্বত্ৰ বিয়পি পৰিছে।


ইফালে শতবর্ষ মহোৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সভাৰ কার্যনির্বাহক সদস্য, প্রত্যেকখন উপসমিতিৰ বিষয়ববীয়া, আমন্ত্রিত অতিথি, মুখ্য অতিথি, সন্মানীয় অতিথি, সাংস্কৃতিক দল সদৌটিকে আন্তৰিক ধন্যবাদ-কৃতজ্ঞতা জ্ঞাপনৰ লগতে শতবর্ষ মহোৎসৱ অনুষ্ঠান উপলক্ষে গঠিত উদযাপন সমিতিৰ কাম-কাজ, যোৰহাটবাসীৰ আতিথ্য তথা আন্তৰিক সহযোগিতাত অনুষ্ঠানটো সফলভাৱে সম্পন্ন হোৱাত সহায় কৰিলে বুলি উল্লেখ কৰি অসম সাহিত্য সভা সদায় কৃতজ্ঞ হৈ থাকিব বিজ্ঞপ্তিটোত প্ৰকাশ পাইছে।।

Medicines: বাস্তুৰ মতে ঔষধ মূৰৰ ওচৰত ৰখাটো শুভ নে অশুভ, ঘৰৰ কোন দিশত ৰাখিব লাগে ঔষধ ?

ঘৰৰ কোন দিশত ৰাখিব লাগে ঔষধ ?
ঘৰৰ কোন দিশত ৰাখিব লাগে ঔষধ ?

বহু লোকে ঔষধ(Medicines) খাই বিচনাৰ মূৰত থৈ শুই যায়। কিন্তু বিচনাৰ মূৰত ঔষধ ৰখাটো শুভ নে অশুভ, আপুনি জানেনে? মানুহে বিচনাৰ মূৰত ঔষধ ৰাখে যাতে প্ৰয়োজনৰ সময়ত লগে লগে খাব পাৰে। কিন্তু বাস্তুৰ মতে বিচনাৰ মূৰত ঔষধ ৰখাৰ ভুল কেতিয়াও কৰা উচিত নহয়। ইয়াৰ আঁৰৰ কাৰণ জানো আহক।

যদি আপুনি শোৱা কোঠাত ঔষধ ৰাখে, তেন্তে এতিয়াৰে পৰা বিচনাৰ মূৰত শোৱা কোঠাৰ ওচৰত ৰখাৰ পৰা বিৰত থাকিব। কোঠাটোৰ দক্ষিণ-পূব কোণত ৰাখিব মেডিচিন।

মানুহৰ স্বাস্থ্য, মানসিক শান্তি আৰু চন্দ্ৰৰ লগত জড়িত। মূৰৰ শয্যাৰ ওচৰত ঔষধ ৰাখিলে মন দুৰ্বল কৰি চন্দ্ৰক দুৰ্বল কৰি তুলিব পাৰে। ৰোগ ভাল হোৱাটো কঠিন হ’ব পাৰে আৰু ইয়াৰ বাবে বহুত টকা খৰচ হ’ব পাৰে। হেডবৰ্ডৰ ওচৰত ঔষধ ৰাখিলে চন্দ্ৰ দুৰ্বল হৈ পৰে, যাৰ ফলত মন অস্থিৰ হৈ পৰে আৰু অনিদ্ৰা আৰু দুঃস্বপ্ন দেখা দিব পাৰে।

ঔষধ ৰাহুৰ লগত জড়িত আৰু বিচনাৰ কাষত ৰাখিলে ব্যক্তিজন সমস্যা, বিভ্ৰান্তি, জটিলতাই আগুৰি ধৰিবলৈ আৰম্ভ কৰে। ৰাহুৰ নেতিবাচক প্ৰভাৱে টোপনি বিঘ্নিত কৰি স্থায়ী অস্থিৰতাৰ সৃষ্টি কৰে। ৰোগৰ নিৰাময় প্ৰায়ে অসম্ভৱ হৈ পৰে।

বাস্তু শাস্ত্ৰৰ মতে দক্ষিণ-পূব দিশত ঔষধ সংৰক্ষণৰ পৰা বিৰত থাকক; ইয়াৰ ফলত অসুস্থতা আৰু বেয়া হ’ব পাৰে আৰু আৰ্থিক লোকচান হ’ব পাৰে। ঔষধ জমা কৰাৰ বাবেও পশ্চিম সৰ্বোত্তম দিশ নহয়। ইয়াৰ ফলত ৰোগীজনৰ সমস্যা আৰু বেছি বেয়া হ’ব পাৰে।

বাস্তু শাস্ত্ৰৰ মতে ঔষধ সংৰক্ষণৰ সঠিক ঠাই নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। ঔষধ মজুত ৰখাৰ বাবে উত্তৰ-পূব দিশ দিশ সৰ্বোত্তম। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য সোনকালে উন্নত হ’ব আৰু আৰ্থিক খৰচো কম হ’ব।

Babri Masjid : বাবৰি মছজিদৰ পুনৰ নিৰ্মাণৰ বাবে ওলাই আহিছে লাখ লাখ মুছলমান

বাবৰি মছজিদৰ পুনৰ নিৰ্মাণৰ বাবে ওলাই আহিছে লাখ লাখ মুছলমান
বাবৰি মছজিদৰ পুনৰ নিৰ্মাণৰ বাবে ওলাই আহিছে লাখ লাখ মুছলমান

হাতে(Babri Masjid)হাতে ইটা লৈ ওলাই আহিছে লাখ লাখ মুছলমান। প্ৰত্যকৰে হাতত আছে এচপৰাকৈ ইটা। বাবৰি মছজিদৰ ভেটি স্থাপনৰ বাবে মুছলমানে গোটাইছে ইটা। হাতত ইটা লৈ ওলাই আহিছে লাখ লাখ মুছলমান। বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে ওলাই আহিছে লাখ লাখ মুছলমান। হুমায়ুন কবীৰৰ আহ্বানত বাবৰি মছজিদ নিৰ্মাণৰ বাবে সমৱেত অগণন মুছলমান।

অযোধ্যাৰ বাবৰি মছজিদ আজিৰ দিনটোতেই ধ্বংস কৰা হৈছিল, হুমায়ুন কবীৰৰ আহ্বান মৰ্মে বাবৰি মছজিদ নিৰ্মাণৰ বাবে সমৱেত অগণন মুছলমান।মুৰ্ছিদাবাদৰ TMCৰ বিধায়ক হুমায়ুন কবীৰৰ উদ্যোগত পশ্চিমবংগত নিৰ্মাণ হ’ব বাবৰি মছজিদ।

‘নিলম্বিত’ টিএমচিৰ বিধায়ক হুমায়ুন কবীৰৰ উদ্যোগত পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ বেলডাংগা চহৰত ‘বাবৰি মছজিদ’ৰ আধাৰশিলা স্থাপনৰ বাবে অগণন লোক সমবেত।

Dipak Kumar Das: সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাসৰ অগপত যোগদান

Dipak Kumar Das: সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাসৰ অগপত যোগদান
Dipak Kumar Das: সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাসৰ অগপত যোগদান

বৰপেটাত অসম(Dipak Kumar Das) গণ পৰিষদৰ বিশাল যোগদান সভা কাৰ্য্যসূচী আৰম্ভ হয়। অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত সহস্ৰাধিক লোকক লৈ অগপত যোগদান কৰে সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে।

প্ৰাক্তন ছাত্ৰ নেতা তথা বিশিষ্ট অধিবক্তা দীপক কুমাৰ দাসৰ অগপমুখী যাত্ৰাক লৈ উখল মাখল হৈ পৰে বৰপেটা চহৰ।পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই যোগদান সভাত সহস্ৰাধিক লোকে অগপত যোগদান কৰে।

অনুসুচিত জাতিৰ বাবে সংৰক্ষিত ২৪ নং বৰপেটা বিধান সভা সমষ্টিৰ প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ হিচাপে চৰ্চিত হৈছে দীপক কুমাৰ দাসৰ নাম।ইপিনে বৰপেটা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই যোগদান সভাত ভাষণ প্ৰদান কৰি সাংসদ ফণীভূষণ চৌধুৰীয়ে কয় যে দীপক কুমাৰ দাসৰ আগমনে অসম গণ পৰিষদ দলক নতুনকৈ প্ৰাণ দিছে।আনহাতে বৰপেটা বজালী ভবানীপুৰ সৰভোগ সমষ্টিত অগপৰ প্ৰাৰ্থীক কাৰো বোকোচাত নুঠাকৈ জয়ী কৰিবলৈ হল অগপৰ কৰ্মী সকলে সংকল্প গ্ৰহণ কৰিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে।আনহাতে মন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশব মহন্তই বৰপেটাত অগপৰ ভেটি পূৰ্বতকৈ অধিক শক্তিশালী হোৱা বুলি ভাষণত মন্তব্য কৰে ।

মন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰাৰ যোগদানে অকল বৰপেটাতে নহয় সমগ্ৰ অসমতে প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে।

জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত এইখন চৰকাৰে বহুত কাম কৰা বুলি মন্তব্য প্ৰকাশ কৰি অগপ দলে এই চৰকাৰৰ লগত থাকি জাতিটোক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা চলাই থকা বুলি মন্তব্য কৰে। কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে যোগাযোগত থকা বুলিও মন্তব্য অতুল বৰাৰ।

Dhekiajuli News: ঢেকিয়াজুলীত লেখক-সাংবাদিক হৰেণ ভূমিজৰ প্ৰবন্ধ সংকলন ‘সমাজ ধৰ্ম আৰু ঐতিহ্যৰ অনুসন্ধান’ শীৰ্ষক গ্ৰন্থখন উন্মোচন

ঢেকিয়াজুলীত লেখক-সাংবাদিক হৰেণ ভূমিজৰ প্ৰবন্ধ সংকলন 'সমাজ ধৰ্ম আৰু ঐতিহ্যৰ অনুসন্ধান' শীৰ্ষক গ্ৰন্থখন উন্মোচন
ঢেকিয়াজুলীত লেখক-সাংবাদিক হৰেণ ভূমিজৰ প্ৰবন্ধ সংকলন 'সমাজ ধৰ্ম আৰু ঐতিহ্যৰ অনুসন্ধান' শীৰ্ষক গ্ৰন্থখন উন্মোচন

অসমীয়া জাতিয়ে(Dhekiajuli News) জুবিন গাৰ্গক ভগৱান হিচাপে নিৰ্মাণ কৰিছে। অৰুণ চাচনিৰ উপাধিটো সলনি কৰি অৰুণ গাৰ্গ কৰি দিয়াটোৱেই চাহ জনগোষ্ঠীক জুবিন গাৰ্গে প্ৰদান কৰা অন্যতম উপহাৰ। বৃহস্পতিবাৰে সন্ধিয়া শোণিতপুৰৰ ঢেকিয়াজুলীত লেখক-সাংবাদিক হৰেণ ভূমিজৰ প্ৰবন্ধ সংকলন ‘সমাজ ধৰ্ম আৰু ঐতিহ্যৰ অনুসন্ধান’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়।

ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে অৰুণ গাৰ্গে জুবিন গাৰ্গৰ মৃতদেহ কান্ধত লৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে; এয়াই জুবিন গাৰ্গৰ প্ৰাপ্তি, ব্যাপ্তি আৰু মহানতা। আজি লেখক সাংবাদিক তথা চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হৰেণ ভূমিজৰ গ্ৰন্থ উন্মোচন কৰি আমি সম্প্ৰীতিৰ শোভা উপভোগ কৰিছোঁ; আশা কৰোঁ গ্ৰন্থখনে পঢ়ুৱৈৰ অন্তৰ স্পৰ্শ কৰিব। অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা অন্যতম উদ্যোগতা দুলাল নাথে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত বৰছলাৰ সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি শুকদেৱ অধিকাৰী, বিশিষ্ট সমাজকৰ্মী ভোলাৰাম ৰাউতীয়া, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়ো, ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰুণা পাণ্ডা, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, স্বজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ আহ্বায়ক ৰমেন ভৰালী, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূৱন ছেত্ৰী, আটছাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মোহন তাঁতি, মিছামাৰী জিলা পৰিষদৰ সদস্য দুলুমণি বৰা, ঠেলামৰা জিলা পৰষদৰ সদস্য শিৱ চৰণ চাহু, যুৱনেতা বাটাছ ওৰাং, আদিবাসী কাউন্সিলৰ সদস্য দ্বীপেন নায়ক, ঢেকিয়াজুলী প্ৰেছ ক্লাৱৰ সভাপতি ভগৱান বৈশ্য, শ্বহীদ দ্বিজেন ভূঞা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোলোক বৰা, শিক্ষক আব্দুল জলেল, আব্বাছ আলি, বিষ্ণুসিং ভূমিজ, কবি জ্যোৰ্তিময় বৰা, চিত্ৰশিল্পী ফাৰহান জাভেদ, ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি পংকজ কুমাৰ নাথ, সম্পাদক ছাহিন আহমেদ, সাংবাদিক বগা তপ্ন, পবিত্ৰ দাস, বাৰ্তাজীৱি সংঘ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নাৰায়ণ ফয়েল প্ৰমুখ্যে বহু সংখ্যক গণ্য মান্য ব্যক্তিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে।

সভাত লেখক হৰেণ ভূমিজৰ অনুভৱৰ গুঞ্জন আৰু কবি শংকুসিদ্ধ নাথৰ ‘ভূপেন হাজৰিকা’ শীৰ্ষক স্বৰচিত কবিতা পাঠে অনন্য মাদকতা প্ৰদান কৰে।।

ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত ।

ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত ।
ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত ।

  • প’লাৰ ৱাটাৰ প্ৰশিক্ষণ, মেক ইন ইণ্ডিয়া জাহাজ নিৰ্মাণ আৰু চেন্নাই-ভ্লাদিভোষ্টক জলপথক ভাৰত-ৰাছিয়াৰ বুজাবুজি চুক্তিয়ে এক নতুন গতি দিব
  • “প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সামুদ্ৰিক দৃষ্টিভংগীয়ে ভাৰতক ভাৰত মহাসাগৰ আৰু আৰ্কটিক পথৰ মাজত মুখ্য সংযোগকাৰী হিচাপে পৰিগণিত কৰিছে”: সৰ্বানন্দ সোণোৱাল

ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰিলে। দুয়োখন দেশৰ মাজত সংযোগ, জাহাজ নিৰ্মাণ ক্ষমতা আৰু সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে দুখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামুদ্ৰিক সংযোগৰ কৌশলগত গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি কয় যে, দুয়োখন দেশে আন্তৰ্জাতিক উত্তৰ–দক্ষিণ পৰিবহণ কৰিড’ৰ (INSTC), উত্তৰ সামুদ্ৰিক পথ (Northern Sea Route) আৰু চেন্নাই–ভ্লাদিভোষ্টক পূব সাগৰীয় কৰিড’ৰ (EMC)ৰ ক্ষেত্ৰত নতুন উৎসাহেৰে আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, প’লাৰ জলভাগত সামুদ্ৰিক যাত্ৰী প্ৰশিক্ষণৰ সহযোগিতাই আৰ্কটিক সহযোগিতাত এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন নিয়োগৰ পথ মুকলি কৰিব।

“দুয়োখন দেশৰ মাজত সংযোগ বৃদ্ধি কৰাটোৱেই আমাৰ প্ৰাধান্য। আমি আই এন এছ টি চি, উত্তৰ সাগৰীয় পথ আৰু চেন্নাই–ভ্লাদিভোষ্টক কৰিড’ৰত নতুন উৎসাহেৰে আগবাঢ়ি যাম। মই সুখী যে এতিয়াৰ পৰা ভাৰতীয় সামুদ্ৰিক যাত্ৰীসকলক প’লাৰ জলভাগৰ বাবে প্ৰশিক্ষণ দিয়াত আমি সহযোগিতা আৰম্ভ কৰিম। ই কেৱল আৰ্কটিকত আমাৰ সহযোগিতা শক্তিশালী কৰাই নহয়, ভাৰতৰ যুৱসমাজৰ বাবেও নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব,” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়।

“একেদৰে জাহাজ নিৰ্মাণত আমাৰ গভীৰ সহযোগিতাই মেক ইন ইণ্ডিয়াক শক্তিশালী কৰাৰ সম্ভাৱনা আছে। এয়া আমাৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ আন এক উৎকৃষ্ট উদাহৰণ, যিয়ে নিয়োগ, দক্ষতা আৰু অঞ্চলভিত্তিক সংযোগ বৃদ্ধি কৰিব,” প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰথম বুজাবুজিৰ চুক্তিখনে ভাৰতীয় সামুদ্ৰিক যাত্ৰীসকলক প’লাৰ জলভাগত কাৰ্যকৰী প্ৰশিক্ষণৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰিছে। এছ টি চি ডব্লিউ (STCW) কনভেনচন আৰু প’লাৰ কৰিড’ৰৰ সৈতে সংগতি ৰাখি এই সহযোগিতাই বিশেষ প্ৰশিক্ষণ মডিউলৰ যুটীয়া নক্সা, উত্তম অভিজ্ঞতাৰ আদান–প্ৰদান, বতৰ আৰু বৰফে আবৃত অৱস্থাত নৌচালনা আৰু কাৰ্যকৰী ক্ষমতা বিকাশত সহায় কৰিব।

দ্বিতীয় বুজাবুজিৰ চুক্তি ৰাছিয়ান ফেডাৰেচনৰ সামুদ্ৰিক ব’ৰ্ড আৰু ভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ মাজত স্বাক্ষৰিত হৈছে। ইয়াৰ জৰিয়তে সাগৰীয় নীতি সম্পৰ্কে নিয়মীয়া পৰামৰ্শৰ এক গুণগত ব্যৱস্থা ত্বৰান্বিত কৰা হ’ব। আন্তৰ্জাতিক আইনৰ সৈতে সংগতি ৰাখি সাগৰীয় সুৰক্ষা, নিৰাপত্তা আৰু সাগৰ–মহাসাগৰৰ শান্তিপূৰ্ণ ব্যৱহাৰত দুয়োখন দেশে সমন্বয় সাধন কৰিব।

ভাৰত–ৰাছিয়াৰ সাগৰীয় সংযোগ সহযোগিতা তিনিটা কৌশলগত বাণিজ্য কৰিড’ৰত আগবাঢ়িছে:

  • আই এন এছ টি চি-ৰ জৰিয়তে ইৰাণৰ মাজেৰে কণ্টেইনাৰ পৰিবহণ বছৰি ১,৫০,০০০ৰ পৰা প্ৰায় ৫০ লাখ টি ই ইউলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে আৰু ভাৰতে ৰাছিয়া আৰু মধ্য এছিয়ালৈ প্ৰৱেশাধিকাৰ শক্তিশালী কৰিব।
  • উত্তৰ সাগৰীয় পথক এছিয়া আৰু ইউৰোপৰ মাজত এক কৌশলগত আৰ্কটিক চেনেল হিচাপে স্বীকৃতি দিয়া হৈছে, যিয়ে জাহাজ চলাচলৰ দূৰত্ব কমাই আনে। দুয়োখন দেশে মালবাহী পৰিবহণ আৰু জাহাজ নিৰ্মাণৰ উপ–গোটৰ সন্দৰ্ভত একমত হৈছে।
  • পূব সাগৰীয় কৰিড’ৰ (চেন্নাই–ভ্লাদিভোষ্টক) পথ পৰম্পৰাগত মুম্বাই–চেণ্ট পিটাৰ্ছবাৰ্গ পথতকৈ প্ৰায় ৪০ শতাংশ চুটি। ২০২৪–২৫ বিত্তীয় বৰ্ষত মালবাহী পৰিমাণ বৃদ্ধি পোৱাত বন্দৰৰ পৰিকাঠামো, ৰে’ল সংযোগ আৰু ৰাছিয়াৰ দূৰ প্ৰাচ্যত সাৰ, এল এন জি আদিৰ ঔদ্যোগিক উন্নয়নৰ পথ মুকলি হৈছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে- এই সহযোগিতাই ভাৰতৰ সাগৰীয় উচ্চাকাংক্ষাক শক্তিশালী কৰিব আৰু সামাজিক–অৰ্থনৈতিক সুবিধা প্ৰদান কৰিব।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে ভাৰত–ৰাছিয়া সাগৰীয় সহযোগিতাৰ এক নতুন অধ্যায় ৰচনাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। মেক ইন ইণ্ডিয়াৰ অধীনত জাহাজ নিৰ্মাণ শক্তিশালী কৰি, ভাৰত মহাসাগৰৰ পৰা আৰ্কটিকলৈ কৌশলগত কৰিড’ৰৰ জৰিয়তে সংযোগ বৃদ্ধি কৰি আৰু আমাৰ সামুদ্ৰিক যাত্ৰীসকলক প’লাৰ কাৰ্যকৰীৰ বাবে অত্যাধুনিক দক্ষতাৰে সজ্জিত কৰি আমি দ্ৰুত আৰু স্থিতিস্থাপক বাণিজ্য পথ সৃষ্টি কৰিছোঁ, ভৱিষ্যতৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিছোঁ আৰু বিশ্বৰ বাবে নতুন সুযোগ-সম্ভাৱনা মুকলি কৰিছোঁ। এই চুক্তিসমূহ সুৰক্ষিত, আধুনিক আৰু পাৰস্পৰিকভাৱে লাভজনক সাগৰীয় সহযোগিতাৰ প্ৰতি আমাৰ যৌথ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন।”

সৰ্বানন্দ সোণোৱালে ঐতিহাসিক ভাৰত–ৰাছিয়া সাগৰীয় সহযোগিতাৰ বুজাবুজিৰ চুক্তিৰ সাক্ষী হৈ লগতে কয়, “মেক ইন ইণ্ডিয়াক শক্তিশালী কৰা, চাকৰিৰ সৃষ্টি কৰা, সমুদ্ৰযাত্ৰীসকলৰ সুবিধাৰ্থে প’লাৰ জলভাগ প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰা আৰু আঞ্চলিক সংযোগ মজবুত কৰি এক যৌথ সাগৰীয় ভৱিষ্যতৰ নতুন দিগন্ত মুকলি কৰাৰ দিশত ভাৰত-ৰাছিয়াৰ ঐতিহাসিক পাৰস্পৰিক সহযোগিতা মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।”

এই সহযোগিতাই ভাৰত মহাসাগৰ আৰু আৰ্কটিকৰ মাজত সাগৰীয় সংযোগক নতুন ৰূপ দিব আৰু ভাৰত–ৰাছিয়াৰ সম্পৰ্কক যৌথ উন্নয়ন, বিশ্বজনীন সহযোগিতা আৰু স্থিতিস্থাপক যোগান শৃংখলাৰ নেটৱৰ্কত সুপ্ৰতিষ্ঠিত এক ভৱিষ্যৎমুখী শক্তি হিচাপে স্থান দিব।

নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA

নগাঁও - বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA
নগাঁও - বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA

Rupak Sarmah , MLA । নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ ৰাজনীতি কৰিছে। এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব:ৰূপক শৰ্মা

মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি আৰু পথ নবীকৰণ আঁচনিৰ অধীনত নগাঁও-বটদ্ৰৱা সমষ্টিত আজিৰে পৰা ৮ ডিচেম্বৰ পৰ্যন্ত সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত ৫৩ টাকৈ নতুনকৈ নিৰ্মাণ হ’বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰা হ’ব।পৰবৰ্তী সময়ত দ্বিতীয় পৰ্যায়ত নগাঁও পৌৰসভাৰ বিভিন্ন মহলাত নিৰ্মাণ হ’বলগীয়া পথ সমূহৰ আধাৰশিলা স্থাপন কৰা হ’ব। উক্ত আঁচনিৰ অধীনত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শর্মাই সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত আজি ১২ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে ।
বিধায়ক শৰ্মাই আধাৰশিলা স্থাপন কৰা পথ সমূহ হৈছে ক্ৰমে:কাছমাৰী দলংৰ পৰা টোকোৰাবাহী গাঁও পথ,ফুলনীআটি পৰা টোকোৰাবাহী গাঁও সংযোগী পথ, ডিমৌ ৰাইদঙীয়া পথৰ পৰা ক্ষেত্রী গাঁও পথ,মাজ জাজৰি- দৰঙ্গীয়াল পঞ্চায়তৰ অন্তৰ্গত
জাজৰি জাতীয় বিশ্ববিদ্যালয়ৰ পৰা হীৰা গাঁও পথ, মাজ জাজৰি পৰা মাজগাঁও সংযোগী পথ,
মাজগাঁৱৰ পৰা মায়াবজাৰ সংযোগী পথ,মায়াবজাৰৰ পৰা মাজগাঁও শ্মশান সংযোগী পথ,
ডিমৌ ৰাইদঙীয়া পথৰ পৰা বৰডুবীয়া সংযোগী পথ,
শ্যামকলিয়া পথৰ পৰা ১ নং আদৰ্শ গাঁও পথ,শ্যামকলিয়া পথৰ পৰা ২নং আদর্শ গাঁও পথ,মাজগাঁও শান্তিপুৰৰ পৰা ন- সত্ৰ পথ আৰু ৰাইদঙীয়া – বটদ্ৰৱা পঞ্চায়তৰ
ৰমজান আলী গৃহৰ পৰা দ্বীপেন বৰদলৈ গৃহ পথ। আনহাতে আজি পথ সমূহৰ আধাৰশিলা স্থাপন কৰি সমষ্টিটোৰ বিধায়ক ৰূপক শর্মাই কয় যে নিৰ্বাচন সমাগত হোৱাৰ বাবে পথৰ আধাৰশিলা স্থাপন কৰা বুলি বহুতে হয়তো ভাবিব পাৰে। কিন্তু তেনেদৰে ভবাটো ভুল, প্ৰকৃততে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ ৰাজনীতি কৰিছে। এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব ৷ এই অঞ্চলৰ ৰাইজে আমালৈ আবেদন নকৰাকৈয়ে এই পথ সমূহৰ বাবে আমি আচঁনি তৈয়াৰ কৰি উন্নয়ন কৰিছো ৷ বিধায়ক শৰ্মাই লগতে কয় যে এই অঞ্চল সমূহ পূৰ্বতে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত আছিল যদিও বৰ্তমান সমষ্টি পুনৰ গঠনৰ পাচত নগাঁও- বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হোৱাত ৰাইজৰ উপকাৰ সাধন হৈছে ৷লগতে বিধায়ক শৰ্মাই আধাৰশিলা স্থাপন কৰা পথ সমূহৰ এমাহৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব বুলিও উল্লেখ কৰে।
আধাৰশিলা স্থাপন কাৰ্যসূচীত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা,খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সদস্য ৰাণা বৰা,লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃণাল বৰা,সংমণ্ডল বিষয়া নিউটন দেউৰী,এছ অ সঞ্জয়
বিশ্বাস,কাছমাৰী জিলা পৰিষদ সদস্য প্ৰাঞ্জল দাস, বটদ্ৰৱা মণ্ডল সভাপতি ৰাজেশ কোঁৱৰ,মণ্ডল সম্পাদক দুলাল বৰা, মণ্ডল সম্পাদক শিৱ দাস,বটদ্ৰৱা মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী অৰ্চনা বৰা,উপ সভানেত্ৰী অঞ্জুমনি নাথ,
পঞ্চায়ত সভাপতি বুবুলি বৰদলৈ,ভৱজ্যোতি নাথ প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷
আনহাতে কাইলৈ নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইডঙ্গীয়া -বটদ্ৰৱা গাঁও পঞ্চায়ত, আইভেটি গাঁও পঞ্চায়ত,শেনছোৱা গাঁও পঞ্চায়ত,মৰঙ্গীয়াল গাঁও পঞ্চায়ততৰ বিভিন্ন স্থানত ১৫টাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হ’ব। লগতে ৭ ডিচেম্বৰত পলাশনি গাঁও পঞ্চায়ত,উৰিয়া গাঁও পঞ্চায়তত ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হ’ব আৰু ৮ ডিচেম্বৰত ভোটাইপাথৰি গাঁও পঞ্চায়ত, শিঙিয়া পোটনী গাঁও পঞ্চায়তত আন ১৩ টা নতুনকৈ নিৰ্মাণ হ’বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰা হ’ব।

Kidney: কেৱল প্ৰস্ৰাৱে নহয়, শৰীৰৰ বহু পৰিৱৰ্তনে বৃক্কৰ ক্ষতিৰ ইংগিত দিয়ে !

কেৱল প্ৰস্ৰাৱে নহয়, শৰীৰৰ বহু পৰিৱৰ্তনে বৃক্কৰ ক্ষতিৰ ইংগিত দিয়ে !
কেৱল প্ৰস্ৰাৱে নহয়, শৰীৰৰ বহু পৰিৱৰ্তনে বৃক্কৰ ক্ষতিৰ ইংগিত দিয়ে !

বৃক্কৰ (Kidney) যিকোনো সমস্যাই আপোনাৰ প্ৰস্ৰাৱত লক্ষণ দেখা দিব পাৰে। আপুনি জানেনে যে আপোনাৰ প্ৰস্ৰাৱৰ আন পৰিৱৰ্তনেও বৃক্কৰ ক্ষতিৰ ইংগিত দিব পাৰে?

বৃক্কৰ সমস্যাৰ ফলত প্ৰস্ৰাৱৰ পৰিৱৰ্তন হ’ব পাৰে, যেনে সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱৰ ৰং সলনি হোৱা, প্ৰস্ৰাৱৰ সময়ত বিষ হোৱা আদি। প্ৰস্ৰাৱৰ উপৰিও বৃক্কৰ ক্ষতিৰ লক্ষণ শৰীৰৰ অন্যান্য অংশতো দেখা যায়। এই লক্ষণসমূহ চিনি পালে বৃক্কৰ সমস্যা ৰোধ কৰাত সহায়ক হ’ব পাৰে।

ছাল শুকান আৰু খজুৱতি-
বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰৰ খনিজ ভাৰসাম্য ৰক্ষাৰ কাম কৰে। কিন্তু বৃক্কত যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’লে তেজত বিষাক্ত পদাৰ্থ জমা হ’বলৈ ধৰে, যাৰ ফলত ছাল শুকান আৰু খজুৱতি হ’ব পাৰে।

চকু আৰু ভৰি ফুলা-
বৃক্কৰ সমস্যাৰ ফলত শৰীৰত ছডিয়াম আৰু পানী জমা হ’ব পাৰে, যিটো অৱস্থাক ইডিমা বুলি কোৱা হয়। বিশেষকৈ ৰাতিপুৱা চকুৰ চাৰিওফালে ফুলিলে বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ভৰিৰ গোৰোহা আৰু ভৰিৰ আঙুলি ফুলাটোও বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে।

ক্লান্তি আৰু টোপনিৰ অভাৱ-
কিডনী বিকল হ’লেও হৰম’ন উৎপাদনত প্ৰভাৱ পৰে, যাৰ ফলত ৰক্তহীনতা হ’ব পাৰে। ৰক্তহীনতাৰ ফলত ক্লান্তি আৰু দুৰ্বলতা হ’ব পাৰে। তেজত বিষাক্ত পদাৰ্থ জমা হ’লেও অনিদ্ৰা হ’ব পাৰে।

Vladimir Putin in india: ভাৰতত পুটিন, চিন্তিত আমেৰিকা…

ভাৰতত পুটিন, চিন্তিত আমেৰিকা
ভাৰতত পুটিন, চিন্তিত আমেৰিকা

ভাৰতত উপস্থিত হ’ল(Vladimir Putin in india) ৰাছিয়াৰ ৰাষ্ট্ৰপতি৷ বৃহস্পতিবাৰে সন্ধিয়া দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ পুটিন৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত স্থানত উপস্থিত হৈ তেওঁক আদৰণি জনায়৷ তাৰ পিছতে দুয়োৱে ইজনে সিজনক আলিংগণ কৰে৷ পৰৱৰ্তী সময়ত একেখন বাহনতে বহি দুই বন্ধু- পুটিন আৰু মোদীয়ে নিৰ্দিষ্ট স্থান অভিমুখে ৰাওনা হয়৷ ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰতলৈ আহিছে পুটিন৷ তেওঁৰ সৈতে আজি তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰে৷ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত পুটিনৰ এই ভাৰত ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ এই ভ্ৰমণে ভাৰত-ৰুছ সহযোগিতাক অধিক বিকশিত কৰি তুলিব বুলি আশা কৰা হৈছে৷

স্বাভাৱিকতেই ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ এই ভ্ৰমণ বিশ্ব ৰাজনীতিতে এতিয়া এক চৰ্চিত বিষয়৷ইয়াৰ সমান্তৰালকৈ এতিয়া চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইখনমান বিশেষ ফটো৷ এই ফটোকেইখন এতিয়াৰ নহয়, সুদীৰ্ঘ ২৪ বছৰ পুৰণি, অৰ্থাৎ ২০০১ চনৰ৷ পিছে পুটিনৰ আজিৰ ভাৰত ভ্ৰমণৰ সৈতে কি সম্পৰ্ক প্ৰধানমন্ত্ৰী মোদীৰ ২০০১ চনৰ এই ফটোকেইখনৰ/সেয়া আছিল ২০০১ চনৰ নৱেম্বৰ মাহৰ কথা৷ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত তেতিয়া অটল বিহাৰী বাজপেয়ী৷ ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ মস্কো ভ্ৰমণ কৰিছিল৷ বৈঠকত মিলিত হৈছিল ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে৷ তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সৈতে এই মস্কো ভ্ৰমণৰ দলটোত আছিল নৰেন্দ্ৰ মোদী৷ সেই সময়ত নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷

প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ সময়তো উপস্থিত আছিল নৰেন্দ্ৰ মোদী৷ সেয়াই আছিলভvাডিমিৰ পুটিনৰ সৈতে নৰেন্দ্ৰ মোদীৰ প্ৰথম সাক্ষাৎ৷২০১৯ চনত ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ২০০১ চনৰ উক্ত ৰুছ ভ্ৰমণ সোঁৱৰণ কৰিছিল৷ সেই সময়ত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি পুটিনে কৰা অমায়িক ব্যৱহাৰৰ কথা তেওঁ নিজ চ’ছিয়েল মিডিয়া পোষ্টত উল্লেখ কৰিছিল৷ ইয়াৰ ফলত বন্ধুত্বৰ দুৱাৰ মুকলি হৈছিল বুলিও উল্লেখ কৰিছিল মোদীয়ে৷এই পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে ২০০১ চনৰ ৰাছিয়া ভ্ৰমণৰ কেইখনমান ফটোও সংলগ্ন কৰিছিল৷ এতিয়া পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত এই ফটোকেইখন পুনৰ চৰ্চালৈ আহিছে৷ এসময়ত প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি দলৰ সদস্য হিচাপে ৰুছ ভ্ৰমণৰ সময়ত ৰুছ ৰাষ্ট্ৰপতি পুটিনক প্ৰথমবাৰৰ সাক্ষাৎ পোৱা মোদীয়ে এতিয়া প্ৰধানমন্ত্ৰী হিচাপে আদৰণি জনাব ৰুছ ৰাষ্ট্ৰপতিগৰাকীক৷