Home Blog Page 602

২৮ টা পানী যোগান প্ৰকল্প দ্বাৰ উদঘাটন মন্ত্ৰী ডা: ৰণোজ পেগুৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ৭  আগষ্ট:  অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ আন্তৰ্গত ধেমাজি জিলাৰ গোগামুখত আজি ২৮  টা জল জীৱন মিছন আঁচনিৰ প্ৰকল্প দ্বাৰ উদ্‌ঘাটন  কৰি শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে । ধেমাজি জিলাৰ গোগামুখৰ ২ নং দিৰপাইত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ডাঃ পেগুৱে একলগে  আটাইকেইখন  পানী যোগান যোগান প্ৰকল্পৰ আঁচনিসমূহৰ  কৰি দ্বাৰ উদ্‌ঘাটন কৰে। 

ইয়াৰ সমান্তৰালভাৱে সোৱণশিৰি নদীক সংযোগ কৰি নিৰ্মাণ কৰা  ২১ কোটি টকাা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা  সোণালী সোৱণশিৰি পানী যোগান প্ৰকল্পও আজি মুকলি কৰে।  মুঠ ২৮ টা প্ৰকল্পত প্ৰায় ৩৮ কোটি টকা ব্যয় কৰা হৈছে আৰু ইয়াৰ পৰা শ শ লোকৰ বাবে  পানী সহজলভ্য হৈ পৰিব ৷  প্ৰকল্প সমূহ উদ্‌ঘাটন‌ কৰি  শিক্ষামন্ত্ৰী তথা ভৈয়াম জনজাতি উন্নয়ন‌ দপ্তৰৰ মন্ত্ৰী ডা: ৰণোজ পেগুৱে কয়- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম সপোনৰ প্ৰকল্প হৈছে ‘জল জীৱন মিছন’ আঁচনি । পাইপ যোগে প্ৰত্যেক ঘৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ধৰিব বিশুদ্ধ আৰু জনসাধাৰণে বিশুদ্ধ খোৱাপানী লাভ কৰিব ৷  বৰ্তমান‌ সমগ্ৰ ৰাজ্যখনৰ লগতে ধেমাজি জিলাটো  সম্পূৰ্ণ হৈ উঠিছে  পানী যোগান‌ প্ৰকল্প সমূহ । এই প্ৰকল্পৰ যোগেদি প্ৰতিটো পৰিয়ালে  বিশুদ্ধ খোৱাপানী লাভ কৰিব । কিন্তু ইয়াক তদাৰকৰ দায়িত্ব প্ৰত্যেকজন মানুহ তথা পৰিয়ালৰ বুলি তেওঁ মন্তব্য দিয়ে  । আজি শুভাৰম্ভ কৰা ২৮ টা প্ৰকল্পৰ পৰা  প্ৰায় ৪৯০০ টা পৰিয়ালে পাব পাইপৰ জৰিয়তে পানী ৷ পানী লাভ কৰিবৰ বাবে একোখনকৈ কমিটি গঠন কৰি দিয়া হৈছে ৷

এই কমিটিবোৰে চৰকাৰে নিৰ্বাচন কৰি দিয়া জলমিত্ৰৰ লগত আলোচনা কৰি পানী যোগান প্ৰকল্পসমূহ পৰিচালনা কৰিব লাগিব বুলিও শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় ৷  একেদৰে দিৰপাস্থিত সোণালী সোৱণশিৰি প্ৰকল্প মুকলি কৰি ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা গমুগ পেগুৱে কয়- বৰ্তমান গোগামুখত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আটাইতকৈ পানী যোগান প্ৰকল্প  সুক্ষ্মভাৱে পৰিচালিত হ’বলৈ আৰম্ভ হৈছে ৷ সোণালী সোৱণশিৰি পানীযোগান প্ৰকল্পৰ জনসাধাৰণ আটাইতকৈ বেছি লাভান্বিত হৈছে ৷  সোৱণশিৰি নৈৰ লগত সংযোগ কৰি সোণালী সোৱণশিৰিি পানী য়োগান প্ৰকল্প নিৰ্মাণ কৰা হৈছে আৰু সোৱণশিৰি নদীৰ বোৱতী পানীক বিশুদ্ধ কৰণ কৰি বিজ্ঞান সন্মতভাৱে  জনসাধাৰণক পানী যোগান ধৰা হৈছে আৰু সোৱণশিৰি নদীৰ পানীক বিশুদ্ধকৰণ কৰি জনসাধাৰণক যোগান দিব পৰাটো অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক বৃহৎ সফলতা বুলিও গমুগ পেগুৱে দোহাৰে । 

এই প্ৰকল্পটোৰ পৰ বৰ্তমান তিনিটা খণ্ড ক্ৰমে, কৈলাশপুৰত  দুই লাখ লিটাৰ, বেতবাৰীত ডেৰ লাখ লিটাৰ আৰু গড়পৰালৈ ডেৰ লাখ লিটাৰ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ আৰম্ভ কৰা বুলি সদৰি কৰে কাৰ্যবাহী অভিযন্তা পেগুৱে কয় যে, প্ৰকল্পসমূহৰ সমস্যা থাকিলে পোনপটীয়াকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । আজি মুকলি কৰা অন্যান্য ২৬ টা প্ৰকল্প  হৈছে‌ ক্ৰমে, মিংমাং লুটুকীজীন, নলবাৰী ৰাভা চুবুৰী, নলাতল, মাহতলী, দেওডুবি কৈৱৰ্ত, লাগাছু কাংকান নগৰ, ওখমাটি বিজয়পুৰ, চেঙেলীসুঁতি, পাৰ্বতীপুৰ, চেলাজান কছাৰী, চগুম, ২ নং কদমগুৰি, কৌপাতনী, কচুতলি সোণাপুৰ, ওপৰ খূড়াচোক, গৰৈমাৰী অসমীয়া, লক্ষীপথাৰ, নিউ বালিজান,চুতীয়াকাৰী, গৰুবন্ধা, লক্ষীপথাৰ, ২ নং শালমাৰী, বেতনিহুলা ৰতুৱা, বৰভূঞা, দীপা পাৰঘাট, ২ নং শালমাৰী এম ভি, লতাক গাঁও, ৰংপুৰীয়া  আদি ৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ সহকাৰী অভিযন্তা পাৰ্থপ্ৰতীম দেউৰী, কনিষ্ঠ অভিয়ন্তা অংশুমান বৰুৱা,  টেক্‌নিকেল বিভাগৰ তপস চৌধুৰী, প্ৰিয়ংকা দলে, পলীতা দেউৰী আৰু আহমেদ ফাৰুক হুছেইনৰ লগতে বিজেপি নেতা-কৰ্মীসকলে ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

পদাধিকাৰ, আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক উষ্ম সম্বৰ্দ্ধনা

নগাঁও, ৭ আগষ্ট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক আজি সংঘ আৰু বিশ্ববিদ্যালয় পৰিয়ালে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ ভাৰতবৰ্ষৰ ম’ষ্ট ইন্সপায়াৰিং এডুকেচনেল লিডাৰ ২০২৪ সন্মান লাভ কৰি গৌৰৱান্বিত কৰাৰ উপলক্ষতেই ভবেন্দ্ৰনাথ ডেকাক আজি এইদৰে বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, দ্য একাডেমিক ইনচাইট মেগাজিনে শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ভৱেন্দ্ৰনাথ ডেকালৈ এই সন্মান আগবঢ়াইছে ৷ ভাৰতবৰ্ষৰ ২৫ খন বিশ্ববিদ্যালয়ৰ আচাৰ্যলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ আজি বিশ্ববিদ্যালয়ৰ সভাকক্ষত ১২ বজাৰ পৰা আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ সমন্বয়ক কুশল ঠাকুৰীয়াই ৷ ইয়াৰ পিছতে ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই ।

অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, নৱ নিযুক্ত পঞ্জীয়ক ড° শৰৎ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোনোৱাল, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, দৈনিক অসম কাকতৰ মুখ্য সম্পাদক ড° হিতেশ ডেকা, ট্ৰাষ্ট সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদকদ্বয়, শিশু আই মাতৃ কল্যাণ সমিতিৰ বিষয় ববীয়াৰ লগতে নগাঁও, মৰিগাঁও, চৰাইদেউ, হাজো, গোলাঘাট, নাজিৰা, ধেমাজী জিলাৰ লগতে বিভিন্নখন আঞ্চলিক, প্ৰাথমিক শাখাৰ সংগীবৃন্দ তথা বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্নজন বিদ্বান ব্যক্তি উপস্থিত থাকে ৷

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ! মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট…

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন
ৰাজ্যসভাত খালী হৈ আছে ১২খনকৈ আসন
অসমত খালী হৈ আছে ৰাজ্যসভাৰ দুখনকৈ আসন

মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট
২২ আগষ্টত হ’ব মনোনয়ন-পত্ৰ পৰীক্ষা
মনোনয়ন-পত্র প্রত্যাহাৰৰ তাৰিখ ২৬ আগষ্ট
৩ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্রহণ


উক্ত দিনটোৰে বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা
সৰ্বানন্দ সোণোৱাল, কামাখ্যা তাছাৰ পদত্যাগৰ বাবে খালী হৈছিল ২খন আসন
দেশৰ মুঠ ৯খন ৰাজ্যৰ ১২খন আসনত হ’ব নির্বাচন

এদিনীয়া ক্ৰিকেটত ৰিয়ানৰ উইকেট ! ৰিয়ানৰ বলত ৯৬ ৰানত পেভিলিয়নমুখী আভিষ্কা ফাৰ্ণাণ্ডো…

অভিষেক মেচত ৰিয়ান পৰাগৰ সফলতা। এদিনীয়া ক্ৰিকেটত ৰিয়ানৰ প্ৰথমটো উইকেট।

ৰিয়ানৰ বলত ৯৬ ৰানত পেভিলিয়নমুখী আভিষ্কা ফাৰ্ণাণ্ডো।

প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত ৰিয়ান পৰাগ । শ্ৰীলংকাৰ বিৰুদ্ধে জীৱনৰ প্ৰথমখন ODI খেলিছে ৰিয়ান পৰাগে ।

ই টি চিৰ উদ্যোগত কাঁহিকুছিত প্ৰাকৃতিক সৌন্দৰ্যৰ উপযুক্ত ব্যৱহাৰৰে উদ্যোগী মহিলাক টেণ্ট হাউছৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণৰ সামৰণি…

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (এছ আই পি আৰ ডি) চৌহদৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰই (ই টি চি) বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ উদ্যোগী মহিলা সকলৰ দক্ষতা বৃদ্ধিৰ বাবে সময়ে সময়ে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এইবেলি প্ৰথমবাৰৰ বাবে গ্ৰামাঞ্চলৰ উদ্যোগী মহিলাই অসমত উপলব্ধ নান্দনিক প্ৰাকৃতিক সৌন্দৰ্যৰ ব্যৱহাৰ কৰি যাতে টেণ্ট হাউছৰ ব্যৱসায়ত নিজকে নিয়োজিত কৰিব পাৰে তাৰ বাবে ৮ জুলাইৰ পৰা গ্ৰহণ কৰা এক বিশেষ দক্ষতা বৃদ্ধিৰ প্ৰায় এমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ ৬ আগষ্টত সফল সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ গছ, পাত, ফুল, পৰম্পৰাগত কলা সমূহ টেণ্ট হাউছৰ ডেকোৰেচনত ব্যৱহাৰ কৰি মহিলা সকলে কিদৰে টেণ্ট হাউছৰ ব্যৱসায়ক জনপ্ৰিয় কৰি ইয়াক জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ।

আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি ই টি চি চৌহদত ৬ আগষ্টত সামৰণি পৰা দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , কাৰ্বি আংলং, নগাওঁ, গোৱালপাৰা, বৰপেটা, নলবাৰী, লখিমপুৰ জিলাৰ ২০০ গৰাকীতকৈ অধিক নিৰ্বাচিত উদ্যোগী মহিলাই ভাগ লয় । আনহাতে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ আৰ্থিক সাহায্যত অনুষ্ঠিত আৰু ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলাইৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা উদ্যোগী মহিলা সকলক প্লাষ্টিক ব্যৱহাৰ নকৰাকৈয়ে ইয়াৰ বিকল্প হিচাপে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক কিদৰে উপযুক্ত ব্যৱহাৰ কৰি টেণ্ট হাউছত ব্যৱহৃত সামগ্ৰীক এক নান্দনিক মাত্ৰা প্ৰদান কৰিব পাৰি তাক উপস্থাপন কৰা হৈছিল। প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে ভাগ লৈছিল ক্ৰমে – মুনীন্দ্ৰ দাস, ৰাজেন নাথ,

মৌচুমী শইকীয়া কলিতা আৰু প্ৰবীণ মহন্তই। আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ তদাৰক আৰু সহযোগিতা আগবঢ়াইছিল ক্ৰমে – অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক মঞ্জু ৰাণী গগৈ তালুকদাৰ, এছ আই পি আৰ ডিৰ যুটীয়া সঞ্চালক পৱিত্ৰ কলিতা, উপ সঞ্চালক অনুপম দত্ত , ই টি চিৰ ফেকাল্টি ডঃ ৰিদিপ বৰা, গীতাশ্ৰী দাস, কবিতা ডেকা, গাণনিক হেমেন বৈশ্য , গোৱালপাৰা আৰু মৰিগাঁও জিলাৰ ডি পি আৰ চিৰ বিষয়া মনোৰঞ্জন চৌধুৰী, শিৱ প্ৰসাদ বৰা আদিয়ে । আনহাতে ৬ আগষ্টত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষণত ভাগ লোৱা মহিলা সকলক মানপত্ৰ সমূহ বিতৰণ কৰা হয়। ই টি চিৰ গাণনিক হেমেন বৈশ্যই আঁত ধৰা অনুষ্ঠানটোত মানপত্ৰ সমূহ বিতৰণ কৰে অধ্যক্ষ লালৰেম চিয়ামি গামলাই আৰু ফেকাল্টি ডঃ ৰিদিপ বৰাই। উল্লেখ্য যে প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা সকলোৰে খোৱা বোৱা, থকা মেলাৰ ব্যৱস্থা সকলোখিনী ই টি চি চৌহদত বিনামূলীয়াকৈ কৰা হৈছিল । তেনেদৰে প্ৰশিক্ষণত ভাগ লোৱা মহিলা সকলক দুটা বেটছত ভাগ কৰি ১৫ দিনকৈ প্ৰশিক্ষণ দিয়া হৈছিল।

ঋষভ পণ্টৰ X-একাউণ্ট হেক ! ঋষভ পণ্টৰ X হেণ্ডেলত শ্বেয়াৰ কৰা প’ষ্টোত কমেন্ট কৰা এগৰাকী অনুৰাগীক ১০০০৮৯ টকা দিয়াৰ কথা ঘোষণা ঋষভ পণ্টৰ…

ঋষভ পণ্টৰ X-একাউণ্ট হেক! নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিলে অনুৰাগীক ১০০০৮৯ টকা আৰু বিমানৰ টিকট উপহাৰ দিয়াৰ ঘোষণা ঋষভ পণ্টৰ।

ঋষভ পণ্টৰ X হেণ্ডেলত শ্বেয়াৰ কৰা প’ষ্টোত কমেন্ট কৰা এগৰাকী অনুৰাগীক ১০০০৮৯ টকা দিয়াৰ কথা ঘোষণা ঋষভ পণ্টৰ।

যিগৰাকী অনুৰাগীৰ কমেন্ট অধিক লোকে পচন্দ কৰিব তেওঁক ১০০০৮৯ টকা প্ৰদান কৰাৰ ঘোষণা ঋষভ পণ্টৰ। আনহাতে শীৰ্ষ ১০ গৰাকী অনুৰাগীক বিমানৰ টিকট উপহাৰ দিয়াৰ ঘোষণা ক্ৰিকেটাৰগৰাকীয়ে X হেণ্ডেলত শ্বেয়াৰ কৰা প’ষ্টত।

অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে সংজ্ঞাহীন হৈ পৰে ভিনেশ ফোগাট…

অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে অসুস্থ ভিনেশ ফোগাট।

পেৰিছৰ হাস্পতালত ভৰ্তি ভাৰতীয় মল্লযোদ্ধাগৰাকীক। অযোগ্য ঘোষণাৰ পাছতে সংজ্ঞাহীন হৈ পৰে ভিনেশ ফোগাট।

ডিহাইড্ৰেশ্যনৰ বাবে সংজ্ঞাহীন হৈ পৰে ফোগাট।

অলিম্পিকৰ ফাইনেলত ভিনেশ ফোগাটক অযোগ্য ঘোষণাক লৈ প্ৰতিবাদৰ পোষকতা প্ৰধানমন্ত্ৰীৰ…

অলিম্পিকৰ ফাইনেলত ভিনেশ ফোগাটক অযোগ্য ঘোষণাক লৈ প্ৰতিবাদৰ পোষকতা প্ৰধানমন্ত্ৰীৰ । এই সন্দৰ্ভত IOAৰ সভাপতি পি টি উষাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

ভিনেশ ফোগাটক সহায় হোৱাকৈ যিকোনো বিকল্প উপায় গ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ ।

যিহেতু ১০০ গ্ৰাম ওজন অধিক হোৱাৰ বাবে অলিম্পিকৰ ৫০ কেজি ফাইনেলৰ পৰা বাহিৰ কৰিলে ফোগাটক ।

অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন অভিযুক্ত ৰাজেন লোহিয়া ! CIDৰ IGP সংযুক্তা পৰাশৰৰ নিৰ্দেশত তলব লোহিয়াক…

অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন অভিযুক্ত ৰাজেন লোহিয়া। জেৰাৰ বাবে ডিব্ৰুগড় সদৰ থানালৈ তলব ৰাজেন লোহিয়াক। CIDৰ IGP সংযুক্তা পৰাশৰৰ নিৰ্দেশত তলব লোহিয়াক।

পূৰ্বে আন দুই অভিযুক্ত ব্যৱসায়ীক জেৰা চলাইছিল আৰক্ষীয়ে। ৫ আগষ্টত ডেৰ ঘণ্টাজোৰা জেৰাৰ সন্মুখীন হৈছিল সঞ্জীৱ ছুৰ। ৬ আগষ্টত অভিযুক্ত শচীন কাছৰীয়াক চলোৱা হৈছিল জেৰা।

১৭ আগষ্টত জিম খানা ক্লাবত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ভীম ৰজকৰ মৃতদেহ। তাৰ পাছতে ৩ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ তৰিছিল পৰিয়ালে।

পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা বিনেশ ফ’গাটক…

স্বপ্ন ভংগ! পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা পৰা বাহিৰ হ’ল বিনেশ ফ’গাট।

অতিৰিক্ত ওজনৰ বাবে ৫০ কেজি শাখাৰ পৰা বাহিৰ হ’ল বিনেশ ফ’গাট।

১০০ গ্ৰাম ওজন বৃদ্ধিৰ বাবে অযোগ্য ঘোষণা বিনেশ ফ’গাটক।