Home Blog Page 605

আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৭ টা বস্তু…

প্ৰটিন শৰীৰৰ বাবে এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ই পেশী গঠন, শক্তি উৎপাদন আৰু আন বহুতো গুৰুত্বপূৰ্ণ কামত সহায় কৰে। যদি আপোনাৰ খাদ্যত প্ৰটিনৰ অভাৱ হয় তেন্তে আপুনি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কোনবোৰ খাদ্য-সামগ্ৰী প্ৰটিন সমৃদ্ধ সেই খাদ্য সামগ্ৰীৰ বিষয়ে জানো আহক-

১/ দাইল
দাইল প্ৰটিনৰ এক উৎকৃষ্ট উৎস। প্ৰটিনৰ লগতে আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান মগু দাইল, বুট দাইল, মছুৰ দাইল আদিতো প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়।

২ টা কণী
কণী হৈছে প্ৰটিনৰ সম্পূৰ্ণ পেকেজ। এটা কণীত প্ৰায় ৬ গ্ৰাম প্ৰটিন থাকে। কণী উতলাই, ভাজি বা অমলেট বনাই খাব পাৰে।

৩/ মাছ
প্ৰটিনৰ লগতে মাছতো ওমেগা-৩ ফেটি এচিড পোৱা যায় যি হৃদৰোগ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ছালমন, টুনা, মাগুৰ আদি মাছ খাব পাৰে।

৪/ পনিৰ
পনিৰত প্ৰটিন আৰু কেলচিয়াম দুয়োটা প্ৰচুৰ পৰিমাণে পোৱা যায়। পাচলিত দি, পৰঠাৰ সৈতে বা চালাডত দি পানীৰ খাব পাৰে।

৫/ কুকুৰা মাংস
কুকুৰা মাংসত প্ৰটিনৰ পৰিমাণ বেছি আৰু সহজে হজম হয়। চিকেন উতলাই, ভাজি বা গ্ৰীল কৰি খাব পাৰে।

প্ৰটিন সেৱনৰ উপকাৰিতা সমূহ হৈছেঃ

পেশী গঢ়ি তোলা
ওজন হ্ৰাস কৰাত সহায় কৰে
শক্তি প্ৰদান কৰে
হাড় শক্তিশালী কৰা
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ মাছৰাফে মৰ্তাজাৰ ঘৰত অগ্নিসংযোগ…

বাংলাদেশত এটা দিনত ১৩৫ জন লোকৰ প্ৰাণহানি। বাংলাদেশৰ যশোৰত আৱামি লীগ নেতাৰ মালিকানাধীন হোটেলত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। অগ্নিকাণ্ডত বৰ্তমান সময়লৈকে মৃত্যু ২৪জন লোকৰ।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ৷ দিল্লীৰ সংসদত ভৱনত সৰ্বদলীয় বৈঠক৷ বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ মাছৰাফে মৰ্তাজাৰ ঘৰত অগ্নিসংযোগ।

শেহতীয়াকৈ শ্বেখ হাচিনাৰ নেতৃত্বাধীন আৱামি লীগ পাৰ্টীৰ সাংসদ আছিল মাছৰাফে বিন মৰ্তাজা।

মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ, পদক আনিব নোৱাৰিলোঁঃ লাভলীনা বৰগোহাঁই…

সামাজিক মাধ্যম যোগে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰি বিশেষ পোষ্ট লাভলীনা বৰগোহাঁইৰ।

মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই এইবাৰ পদক আনিব নোৱাৰিলোঁ। বিশেষকৈ অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ; যিসকলে মোৰ বাবে সদায় প্ৰাৰ্থনা কৰে। মই আৰু অধিক কষ্ট কৰিম আৰু পূৰ্বৰ তুলনাত শক্তিশালী হৈ উভতি আহিম। আকৌ এবাৰ নতুনকৈ আৰম্ভণি কৰিম। এইদৰে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰে লাভলীনা বৰগোহাঁইয়ে।

বাংলাদেশৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক৷ এছ জয়শংকৰৰ প্ৰতিনিধিত্বত অনুষ্ঠিত এই বৈঠক…

বাংলাদেশৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক৷ এছ জয়শংকৰৰ প্ৰতিনিধিত্বত অনুষ্ঠিত হোৱা বৈঠকত বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা৷

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বাংলাদেশৰ পৰিস্থিতি আৰু ভাৰতৰ পৰিস্থিতিৰ তথ্য দিছে। বাংলাদেশৰ ৰাজনৈতিক সংকটৰ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে কয়, ‘বৈদেশ মন্ত্ৰীগৰাকীয়ে দলৰ সকলো নেতাক তথ্য দিয়াটো এটা ভাল পদক্ষেপ বুলি মই ভাবো। আমি এই পদক্ষেপক আদৰণি জনাইছো। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আমাৰ নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে চৰকাৰৰ লগত আছো।

আজি হিৰোছিমা দিৱস…

জাপানৰ হিৰোছিমা চহৰত পাৰমাণৱিক হিংস্ৰতাৰ ৭৫সংখ্যক বার্ষিকীত বৃহস্পতিবাৰে দেশবাসীয়ে বিভীষিকাত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰিছে। উল্লেখনীয় যে ১৯৪৫ চনৰ ৬ আগষ্টত মার্কিন বোমাৰুৱে পেলোৱা প্ৰথমটো পাৰমাণৱিক বোমাত হিৰোছিমা চহৰত তাৎক্ষণিকভাৱে ঢলি পৰিছিল ১.৪০ লাখ লোকৰ জীৱন। এই নৃশংসতাই পৃথিৱীবাসীক হতচকিত কৰাৰ তিনি দিন পাছত পুনৰ নাগাছাকি চহৰত আমেৰিকাই পেলাইছিল দ্বিতীয়টো আণরিক বোমা। এই আণৱিক আক্ৰমণৰ দুসপ্তাহ পাছতেই জাপানে আত্মসমর্পণ কৰিছিল আৰু অন্ত পৰিছিল দ্বিতীয়


বিশ্বযুদ্ধৰ। ৭৫ বছৰ ধৰি জাপানৰ লগতে বিশ্বৰ শান্তিকামী জনসাধাৰণে হিৰোছিমা-নাগাছাকিৰ
বিভীষিকাক স্মৰণ কৰি এক যুদ্ধমুক্ত পৃথিৱীৰ পোষকতা কৰি আহিছে। অৱশ্যে এইবাৰ ক’ভিড-১৯
মহামাৰীৰ বাবে হিৰোছিমা দিৱসত পূৰ্বৰ দৰে জাপানবাসীয়ে শান্তি সমাৱেশ অনুষ্ঠিত কৰিবলৈ সক্ষম
হোৱা নাই। কিন্তু হিৰোছিমাৰ গণবিধ্বংসী বোমাৰ আঘাতৰ পৰা ৰক্ষা পৰা লোকসকল আৰু প্ৰাণ
হেৰুওৱা অসংখ্যজনৰ নিকট আত্মীয়ক বৃহস্পতিবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবে আৰু


হিৰোছিমাৰ মেয়ৰে লগ কৰে শান্তি উদ্যানত। এই শান্তি উদ্যান বা পীচ পার্কত উপস্থিত থাকি
প্রধানমন্ত্রী আবে আৰু হিৰোছিমাৰ মেয়ৰ কাজুমি মাছুঁয়ে বিভীষিকাৰ স্মৃতি ৰোমন্থন কৰি কয় যে
হিৰোছিমাত কেতিয়াও পুনৰ জীৱন সম্ভৱ নহ’ব বুলি প্ৰচাৰ চলিছিল। কিন্তু যুদ্ধৰ বিষক্রিয়াত বিধ্বস্ত
হোৱা চহৰখনে পুনৰ প্ৰাণ পাই উঠিছে। যুদ্ধমুক্ত এখন পৃথিৱীৰ বাবে হিংস্রতাত ক্ষত-বিক্ষত
হিৰোছিমাই সদায় শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি অহা বুলিও আবে আৰু মেয়ৰগৰাকীয়ে উল্লেখ কৰে।

বৰঘৰত এতিয়া মূল্যবৃদ্ধিৰ জুইঃ প্ৰতিকাৰ কৰোতা কোনো নাই…

অসমত এতিয়া খবৰ কাগজ অথবা সাধাৰণ জনতাৰ মুখে মুখে এটাই খবৰ, এটাই আলোচনা। সেয়া হ’ল নিত্য-ব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধি। অথচ আমাৰ বাহাদুৰ চৰকাৰৰ গা লৰাই নাই। হয়তো এই মূল্যবৃদ্ধিৰ কথা তেওঁলোকৰ ভাবিবলৈকে সময় নাই অথবা প্ৰয়োজনবোধো কৰা নাই। কাৰণ মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত বা একেবাৰে নিম্ন শ্ৰেণীৰো কোনো কাণসাৰেই নাই যে বজাৰত হোৱা মূল্যবৃদ্ধিৰ জুইকুৰাই তেওঁলোকৰ বৰঘৰো এতিয়া পুৰি চাৰখাৰ কৰিব। আচলতে কৰিব নহয় কৰিছেই। এইখিনিতে এটা কাহিনী কওঁ- ‘এখন দেশৰ এজন ৰজাই ঘোষণা কৰিলে যে দেশত যিমানবিলাক ধোদ আছে তেওঁলোকক ৰজাঘৰৰ পৰাই পোহপাল দিয়া হ’ব। তাকে শুনি দেশত যিমানবিলাক অকৰ্মণ্য লোক আছে তেওঁলোক সকলোৱে নিজে ধোদ বুলি ৰজাৰ পৰা সাহায্য ল’বলৈ ধৰিলে। কথা বিষম দেখি ৰজাই এটা বুদ্ধি কৰিলে। এদিন ধোদবিলাক শুই থাকোতে ধোদৰ ঘৰত জুই লগাই দিলে। কথা বিষম দেখি ধোদৰ ভাও ধৰাসকল নিজ নিজ ঘৰৰ পৰা ওলাই পলাই পত্ৰং দিলে। কিন্তু তিনিজন ধোদ তেতিয়াওঁ শুয়ে থাকিল। ঘৰত জুই বেছিকৈ লগাত সিঁহতৰে এজনে অকণমান গাটো লৰাই ক’লে- কিয়া হুম হুম। আন এজনে ক’লে কিয়া গুম গুম। তেতিয়া তৃতীয়জনে গাত কাপোৰখন ভালকৈ টানি লৈ ক’লে- কিয়া চকু মেলি চাৱৰে ভায়া। জুই দপদপাই জ্বলাৰ পিছতো যেতিয়া সেই তিনিজন ধোদ ঘৰটোৰ পৰা ওলাই নাহিল ৰ’জাই ক’লে- ইহঁতহে প্ৰকৃত ধোদ। তেওঁলোককহে ৰাজসাহায্য দিয়া হওক।’ আজি আমাৰ অৱস্থাও সেই ধোদ তিনিজনৰ লেখীয়া হৈছে। বজাৰত ইমানকৈ বস্তুৰ দাম বাঢ়ি গৈছে তথাপি আমাৰ কোনো প্ৰতিক্ৰিয়াই নাই। কিয়া হুম হুম, কিয়া গুম গুম, কিয়া চকু মেলি চোৱাৰে ভায়াৰ দৰেই আমিও এই পৰ্যন্ত চকু মুদি শুই আছো। অথচ বজাৰলৈ গৈ ঊৰ্ধবমুখী দামৰ বাবে বস্তু কিনিব নোৱাৰি খালী বেগখন লৈয়ে ঘূৰি আহিবলগীয়া হৈছে। আমাৰ মানুহে হয়তো ভাবিছে যে আমাক দেখোন চৰকাৰে ঘৰতে বিনামূলীয়াকৈ সকলো দিছে।

গতিকে বজাৰলৈনো কিয় বস্তু কিনিবলৈ যাব লাগে। ঘৰতে আৰামত শুই-বহি খাই থাকিলেই হ’ল। বিনামূলীয়া চাউল, বিনা কষ্টই বেংকত পইচা সোমায়ে আছে, ঘৰৰ শৌচাগাৰটোও আনকি চৰকাৰে বিনামূলীয়াকৈ দিছে। মুঠতে এতিয়া সকলোকে লাগে কেৱল চৰকাৰী সা-সুবিধা। গাঁৱৰ একাংশ মহিলা ব্যস্ত লাখপতি হোৱাৰ সপোন দেখাত। আঁচনিৰ বন্যাত উটি-ভাহি গৈ কাৰো এতিয়া ভাবিবলৈকে সময় নোহোৱা হৈছে মূল্যবৃদ্ধিৰ কথা। কি আচৰিত, সাধাৰণ মানুহে বজাৰত বয়-বস্তু কিনিব নোৱৰা হৈছে অত্যধিক মূল্যবৃদ্ধিৰ বাবে। সাধাৰণ বস্তু এটা কিনিবলৈ হ’লেও মানুহে আজি দহবাৰ ভাবিবলগীয়া হয়। মূল্যবৃদ্ধিৰ সমস্যাৰ বাবেই অধিকসংখ্যক সাধাৰণ দুখীয়া-দৰিদ্ৰ লোকৰ ঘৰতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বহুতৰ ঘৰৰ ল’ৰা-ছোৱালী বিদ্যালয়লৈ যোৱাটোৱেই বন্ধ হৈ পৰিছে। চিকিৎসাৰ অভাৱত বহুতে বিনা চিকিৎসাই জীৱন নাট সামৰিবলগীয়া হৈছে। বহুতে আকৌ অহৰ্নিশে মৃত্যুৰ সৈতে সংগ্ৰাম কৰি আছে। মুঠতে সকলো অথন্তৰৰ মূলেই হৈছে মূল্যবৃদ্ধি। আঁচৰিত কথাটো হ’ল- মূল্যবৃদ্ধি দ্ৰুতহাৰত বাঢ়ি গৈ থকাৰ পিছতো আমি ইয়াৰ বিৰুদ্ধে মাত মাতিব পৰা নাই। মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব পৰা নাই। মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক বাধ্য কৰাব পৰা নাই। অথচ মূল্যবৃদ্ধিৰ জুইত আমি জ্বলি জ্বলি শেষ হৈ গৈ আছো। আমি বাৰু ইয়াৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিব পৰা নাই। কিহৰ ভয়। আঁচনি হেৰোৱাৰ ভয় নহয়তো। আমি সঁচা কথাতহে মাতিব লাগে। তেনে কিয় নোৱাৰো আমি এইখিনি কৰিবলৈ ? আমাক মূল্যবৃদ্ধিয়ে নিঃশেষ কৰি পেলালেও আমি মাতিব নোৱাৰিম। আমাৰ সেই শক্তি আজি আৰু নাই। কাৰণ আমি যে হিতাধিকাৰী। আঁচনিৰ ভৰত আমি মূল্যবৃদ্ধিৰ ভৰৰ কথা উমানেই কৰিব পৰা নাই। নাই নহয় আচলতে নোৱাৰো। গতিকে ‘কিয়া চকু মেলি চাৱৰে ভায়া’…। ধিক্ অসমীয়া। বৰ্তমান সময়ত কোনো শাক-পাচলিৰে দাম ৫০ টকাৰ তলত নাই। চাউল, দালি, মিঠাতেল, আলু-পিঁয়াজ, গাখীৰৰ দাম বৃদ্ধি হৈহে গৈ আছে। আনহাতে, পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ তথা বিদ্যুৎ মাচুল বৃদ্ধিয়ে ত্ৰাহি মধুসূধন দেখুৱাইছে সাধাৰণ জনতাক। ইফালে চৰকাৰে মূল্যবৃদ্ধি সংক্ৰান্তত আজিলৈ এষাৰ মাত মতা নাই। আমাৰ জনপ্ৰিয় নেতাসকলো নীৰৱ। আনহাতে, অসমৰ জাতীয় সংগঠনবোৰো বৰ দুখ লগাকৈ নীৰৱ। কিন্তু কিয় ? আৰু কিমানলৈ বস্তুৰ মূল্যবৃদ্ধি হ’লে তেওঁলোক সাৰ পাব। সাধাৰণ জনতা ক্ষোভত জ্বলিছে। তথাপি সাৰেই পোৱা নাই আমাৰ ত্ৰাণকৰ্তা জনতাৰ নেতাসকল। কিন্তু সময়ে সময়ে হ’লে মূল্যবৃদ্ধিক লৈ তুলুঙা মন্তব্য কৰিবলৈ পাহৰা নাই তেওঁলোকে। নিৰ্বাচন আহিলেই ৰজাঘৰীয়া তৎপৰ হৈ পৰে আঁচনিৰ নামত। কিমান যে কি আঁচনি। সেইবোৰ মনত ৰখাই টান। কিন্তু নিৰ্বাচনী সভাবোৰত কোনেওঁ নকয় মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কথা। আঁচনিৰ ভৰত সাধাৰণ জনতায়ো পাহৰি যায় কালান্তক ৰূপ ধৰা মূল্যবৃদ্ধিৰ কথা। সেয়ে লঘোণীয়া পেটেৰেই নিৰ্বাচনী সভাবোৰত নেতাৰ আঙুলিৰ ঠাঁৰত নাচি নাচি ভোক পাহৰে তেওঁলোকে। সকলো মৌন হৈ পৰে। যেন মূল্যবৃদ্ধিৰ কোনো প্ৰভাৱেই পৰা নাই সাধাৰণ জনতাৰ ওপৰত। ইয়াৰে সুন্দৰ সুযোগ লয় ৰাজনৈতিক নেতাসকলে। আকৌ পঞ্চায়ত নিৰ্বাচন আহিছে। তাৰ পিছতে হ’ব অসম বিধানসভাৰ নিৰ্বাচন। গতিকে আৰম্ভ হ’বৰ হ’ল আমাৰ নেতাসকলৰ আকৌ সেই কাণ তাল মৰা ভাষণ, অংগী-ভংগী, নাচ-গান। আৰু এই নাচ-গানৰ লহৰৰ জৰিয়তে সাধাৰণ জনতাক পাহৰাই ৰখাৰ চেষ্টা চলিব ঊৰ্ধবগামী মূল্যবৃদ্ধিৰ প্ৰসংগ। গতিকে পৰিত্ৰাণ নাই। মূল্যবৃদ্ধিৰ জুইত ছগাৰ দৰে পুৰি যে মৰিব লাগিব ই ধুৰুপ।


ভূতৰ ওপৰত দাহ পৰা দি এইবাৰ আকৌ সাধাৰণ জনতাৰ মূৰত মাধমাৰ পৰিছে চিকিৎসালয়ৰ চিকিৎসা মাচুল বৃদ্ধিৰ যোগেদি। চৰকাৰী চিকিৎসালয়সমূহত সাধাৰণতে আমাৰ খাটিখোৱা নিম্ন শ্ৰেণীৰ লোক অথবা নিম্ন মধ্যবিত্ত, মধ্যবিত্ত লোকসকলকহে যোৱা দেখা যায়। উচ্চ শ্ৰেণীৰ লোকসকলেতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় অথবা অসমৰ বাহিৰলৈহে চিকিৎসাৰ বাবে যায়। হয়তো তেওঁলোকৰ আমাৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসাৰ প্ৰতি বিশ্বাস নাই অথবা আস্থা নাই। কিন্তু সাধাৰণতে যিসকলে বহু আশা কৰি চৰকাৰী চিকিৎসালয়লৈ চিকিৎসাৰ বাবে যায় তেওঁলোকলৈ নামি আহিছে আকৌ এটা দুঃখবৰ। এতিয়াৰ পৰা চিকিৎসালয়ৰ পঞ্জীয়ন মাচুল এশ শতাংশই বৃদ্ধি কৰা হ’ল। পূৰ্বে চিকিৎসালয়ত নাম পঞ্জীয়ন কৰোতে ভৰিব লগা হৈছিল ১০ টকা। কিন্তু এতিয়াৰ পৰা ভৰিব লাগিব ২০ টকা। ইয়াৰ উপৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বৰ্তমান ১০৭টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হ’ল। থাইৰডৰ পৰীক্ষা মাচুল ৬০০ টকাৰ পৰা বৃদ্ধি পাই ৮০০ টকা হ’লগে। ‘ডি’ ভিটামিন পৰীক্ষাৰ মাচুল পূৰ্বৰ ১,২০০ টকাৰ পৰা বৃদ্ধি কৰা হ’ল ১,৫০০ টকালৈ আৰু পেয়িং কেবিনৰ মাচুল ১০০০ টকাৰ পৰা ১,২০০ টকালৈ বৃদ্ধি কৰা হ’ল। এয়া মাত্ৰ কেইটামান উদাহৰণহে। অচিৰেই অন্যান্য চৰকাৰী হাস্পতাল, মেডিকেল কলেজ হাস্পতালসমূহলৈয়ো সম্প্ৰসাৰণ ঘটিব। এয়া দুখীয়া মানুহখিনিৰ বাবে মাধমাৰ নহয়নো কি ? চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া ঔষধ নাপায়। এতিয়া বাহিৰত ঔষধ কিনিবলৈ গ’লে দুগুণ-তিনিগুণ ধন ভৰিব লগা হয়। কাৰণ প্ৰায় প্ৰতিটো ঔষধৰ মূল্যই অভাৱনীয় হাৰত বৃদ্ধি পাইছে। মুঠতে মৰণ এতিয়া কেৱল সাধাৰণ প্ৰজাৰহে। কাৰণ আমাৰ ৰজা-মন্ত্ৰীসকলেতো সময়ে সময়ে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিয়েই আছে। আনহাতে, আন আনুষংগিক সকলো সুবিধাও তেওঁলোকে পায়। গতিকে সেইসকলে চৰকাৰী চিকিৎসালয়ত থকা ৰোগীজনৰ বা সেই পৰিয়ালটোৰ মৰ্মবেদনা কেনেকৈ উপলব্ধি কৰিব পাৰিব। নহ’লেনো ঔষধৰ দৰে সামগ্ৰী বিধৰ লগতে চিকিৎসালয়ৰ পঞ্জীয়ন মাচুল বৃদ্ধিৰ দৰে হঠকাৰী চিন্তা কৰিব পাৰেনে ? এনেদৰে ‘সব কা বিকাশ’ সুদূৰ পৰাহত।

লেখকঃ ভূপেন মহন্ত

৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই…

৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমত ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।

অসমৰ উপৰি মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামতো আহিব পাৰে প্ৰচণ্ড বৰষুণ। সোমবাৰে বিয়লি অহা মুষলধাৰ বৰষুণত মহানগৰী কৃত্ৰিম বানত ডুবিল ।মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা নৰ্দমা নিষ্কাষণৰ বাবে অত্যাধুনিক যন্ত্ৰ চৰকাৰে ব্যৱহাৰ কৰিছে যদিও মহানগৰীৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ হৈছে ।

ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছিল ।এনেক্ষেত্ৰত উল্লেখিত ৰাজ্যকেইখনৰ বাসিন্দাসকলক অপ্ৰয়োজনত বাহিৰলৈ অহা তথা পৰ্যটন আদিৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে।

দেৰগাঁৱৰ জিসান জংগম বৰালৈ অসম চৰকাৰৰ “লোকসেৱা বঁটা” ২০২৪…

দেৰগাঁৱৰ জিসান জংগম বৰালৈ অসম চৰকাৰৰ “লোকসেৱা বঁটা” ২০২৪। গোলাঘাট জিলা পৰ্যায়ত পাবলৈ সক্ষম হ’ল এই বঁটা। সোমবাৰে গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনে প্ৰদান কৰে এই বঁটা।
বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ দেৰগাঁৱৰ কনিষ্ঠবৰ্গ সহায়ক হিচাপে বৰ্তমান কৰ্মৰত জিসান জংগম বৰা। ছাত্ৰ অৱস্থাৰ পৰাই জিসান জংগম বৰা বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত।


দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিৰ যুটীয়া সাধাৰণ সম্পাদকৰ লগতে দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ স্থায়ী সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল জিসান জংগম বৰা। অসম চৰকাৰে জিসান জংগম বৰাৰ দৰে যোগ্য জনক এই বঁটা দিয়া বাবে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেৰগাঁৱবাসী।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ…

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ৷

বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে জাৰি কৰিলে নিৰ্দেশনা৷

শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰাৰ পাছতে এই নিৰ্দেশনা৷

মহম্মদ ইউনুছ হ’ব বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা…

মহম্মদ ইউনুছ হ’ব বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা৷ ন’বেল বঁটা বিজয়ী ইউনুছৰ সৈতে আন্দোলনৰ সমন্বয়ক নাহিদ ইছলামৰ বাৰ্তালাপ৷

দেশৰ শেহতীয়া পৰিস্থিতি অনুধাৱন কৰি দায়িত্ব ল’বলৈ সন্মতি প্ৰদান ইউনুছৰ৷ বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে ভংগ কৰিলে সংসদ৷

দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কৰিলে এই ঘোষণা৷