Home Blog Page 61

মুক্তি পালে জীতেন তাঁতিৰ টুচু গীত “টুচু মায়েৰ চৰনে”

মুক্তি পালে জীতেন তাঁতিৰ টুচু গীত " টুচু মায়েৰ চৰনে "
মুক্তি পালে জীতেন তাঁতিৰ টুচু গীত " টুচু মায়েৰ চৰনে "

আদিবাসী চাহ জনগোষ্ঠীৰ উদীয়মান গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী জীতেন তাঁতিৰ এটি মনমোহা দৃশ্য শ্ৰব্য টুচু গীত ” টুচু মায়েৰ চৰনে ” মুক্তি পালে । গীতটোৰ কথা আৰু সুৰ জীতেন তাঁতিৰ। গীতটোত নিজে কণ্ঠদান কৰাৰ লগতে প্ৰিয়ংকা মুণ্ডা আৰু সংগীতা মুণ্ডাই সহযোগী কণ্ঠ শিল্পী হিচাপে কণ্ঠদান কৰিছে।

সংগীত ব্যবস্থাপনা কৰিছে অনুপম মাঝিয়ে। ইতিমধ্যে গীতৰ চিত্ৰগ্ৰহণো কৰা হৈছে। চিত্ৰগ্ৰহণ কৰিছে কিৰণ ৰয় আৰু পৰিচালনা কৰিছে ৰাধা গোবিন্দ তাঁতিয়ে। সুন্দৰ চিত্ৰগ্ৰহণৰ গীতটো অসমবাসী ৰাইজে আদৰি লব বুলি কণ্ঠশিল্পী জীতেন তাঁতি আশাবাদী। গীতটো Jiten Janu Official ইউটিউব চেনেলত উপলব্ধ হ’ব বুলি কণ্ঠশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে।

Kakapather News: পিতৃ মাতৃক সাৱতি উচুপি উঠিছে এজাক ছাত্ৰ-ছাত্ৰী

পিতৃ মাতৃক সাৱতি উচুপি উঠিছে এজাক ছাত্ৰ-ছাত্ৰী
পিতৃ মাতৃক সাৱতি উচুপি উঠিছে এজাক ছাত্ৰ-ছাত্ৰী

পিতৃ মাতৃক সাৱতি উচুপি উঠিছে এজাক ছাত্ৰ-ছাত্ৰী ৷(Kakapather News)

চকুলো নিগৰিছে পিতৃ-মাতৃৰ ৷

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা পিছপৰা হাঁহখাটি অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী অনুষ্ঠান ৷

ছাত্ৰ-ছাত্ৰী সকলক মানসিকভাৱে শক্তিশালী কৰাৰ এক অনন্য প্ৰচেষ্টা ৷

সমাজ ব্যৱস্থাক নতুন প্ৰজন্মই ধৰি ৰাখিবলৈ বিদ্যালয় খনৰ পদক্ষেপ।

জ্যেষ্ঠ জনক সন্মান, গুৰু সেৱা পিতৃ মাতৃ সেৱাৰে বিশেষ অনুষ্ঠান ।

গুৰু সেৱা পিতৃ মাতৃ সেৱা কৰি কৰি উচুপি উঠিল ছাত্ৰছাত্ৰী সকল ।

এসময়ৰ সন্ত্ৰাস জৰ্জৰ এটা ভিতৰুৱা কাকপথাৰ হাঁহখাটি অঞ্চলত গঢ় লৈ উঠা জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ এই ব্যতিক্ৰমী পদক্ষেপ ।

বিদ্যালয় খনত মানসিক উৎকৰ্ষ সাধনৰ অনুষ্ঠানত দেখিবলৈ পোৱা গ’ল এই দৃশ্য ৷

Road Accident: ৰাজপথত বালি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্য

ৰাজপথত বালি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্য
ৰাজপথত বালি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্য

ৰাজপথত বালি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্য।(Road Accident)

তীব্ৰবেগী বালি কঢ়িওৱা ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত চাহ মজদুৰ সংঘৰ সভাপতি ৷

কাকপথাৰ-তালাপ সংযোগী বাইপাছত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

স্কুটিৰে গৈ থকা ললিত কৰ্মকাৰ (২৭) নামৰ ডাঙৰী চাহ বাগিছাৰ চাহ মজদুৰ সংঘৰ সভপতি গৰাকীক AS 23 BC 7185 নম্বৰৰ ট্ৰাক খনে মহতীয়াই নিয়াৰ ফলত থিতাতে নিহত হয় ৷

তালাপ আৰক্ষীয়ে জব্দ কৰিছে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৷

Population of Assamese: অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী
অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী

অসমীয়াৰ জনসংখ্যা বৃদ্ধি (Population of Assamese) কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আমাৰ অসমীয়া মানুহৰ পৰিয়ালে সন্তান জন্ম দিব নিবিচাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

অন্য পৰিয়ালে ৮-৯টা সন্তান জন্ম দিয়ে বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চাকৰি পোৱা সকলে এবছৰৰ ভিতৰত বিয়া পাতি বিয়াৰ চিঠি মোলৈ পঠাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

‘যিসকলে বিয়া পাতিছে সোনকালে সন্তান জন্ম দিয়ক’।

‘উজনিৰ ফালে ৰাস্তাত সৰু ল’ৰা-ছোৱালী নেদেখাই হ’লো ‘

‘ধুবুৰী,গোৱালপাৰাৰ ফালে গ’লে এখন ঘৰতে ৭-৮টা সন্তান’

‘অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ’

assam natya sanmilan: অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন
অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন

অহা ২১ জানুৱাৰী (assam natya sanmilan) পৰা ২৫ জানুৱাৰী তাৰিখলৈকে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত হ’ব অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুদক্ষ নেতৃত্বত ১৯৫৯ চনত গঠিত অসম নাট্য সন্মিলনে জন্মলগ্নৰে পৰা নাট্য চৰ্চাক গতিশীল কৰাৰ লগতে নাট্যকলা আৰু নাট্য সাহিত্যৰ বিকাশত নিৰলস ভাবে কাম কৰি আছে। সমসাময়িক ভাবে নটসূৰ্য ফণী শৰ্মাকে ধৰি বিশিষ্ট নাট্যশিল্পীসকল জড়িত হৈ পৰা অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে কলিয়াবৰৰ কুঁৱৰীটোলত। সেই উদ্দেশ্যে আজি কলিয়াবৰৰ ন-পুৰণি নাট্য শিল্পী আৰু নাট্যকৰ্মী সকলক লৈ এখন আলোচনা সভা কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা সভাখনত আগন্তুক নাট্য সন্মিলনৰ কাৰ্যসূচী সন্দৰ্ভত বিশদ আলোচনা কৰা হয়।

আজিৰ এই নাট্য কৰ্মীসকলৰ আলোচনা সভাতে অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণি সমিতিৰ সমন্বয়ক মনি মাধৱ মহন্তই অধিবেশনৰ প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত অৱগত কৰে। মূল সমিতিৰ উপৰিও ১৩ খন উপ-সমিতিয়ে অধিবেশনৰ কাম-কাজ পৰিচালনা কৰিছে বুলি মুখ্য সমন্বয়ক মণিমাধৱ মহন্তই সভাত অৱগত কৰে। নাট্যকাৰ প্ৰয়াত প্ৰশান্ত বৰাৰ নাটক সমূহ অধিবেশনত প্ৰকাশ কৰি উলিওৱাৰ পৰিকল্পনা আদৰণি সমিতিয়ে লোৱা হৈছে বুলি সভাত অৱগত কৰে মুখ্য সমন্বয়ক গৰাকীয়ে। কাৰ্যসূচী অনুসৰি ২১ জানুৱাৰী তাৰিখে বিয়লি প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ পিছতে সন্ধিয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।

২২ জানুৱাৰী তাৰিখে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে নৱ-নিৰ্বাচিত সভাপতিক সাংস্কৃতিক অভিবাদন আৰু বিয়লি অসম নাট্য সন্মিলনৰ অন্তৰ্গত শাখা সমূহৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত, একক অভিনয়, মোকাভিনয় আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। মুকলি মঞ্চ উদ্বোধনৰ পিছতে শিশু নাট ‘ভোকাতুৰ পৃথিৱীৰ চকুলো’ পৰিবেশন কৰিব লক্ষিমপুৰ জিলাৰ লালুক শাখাই। সন্ধিয়া আদৰণি সমিতিৰ ‘কেনা’ নাট প্ৰদৰ্শনৰ জৰিয়তে নাটকৰ প্ৰতিযোগিতা শুভাৰম্ভ কৰা হ’ব। অসম নাট্য সন্মিলনৰ অন্তৰ্গত চাৰিটা মণ্ডলত অনুষ্ঠিত হৈ যোৱা নাটক প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদল হিচাপে পুৰস্কৃত হোৱা ৯টাকৈ নাট্যদলে নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও অসম নাট্য সন্মিলন দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিটো দিনতে শিশু নাট মঞ্চস্থ কৰিব শিশু নাট্য দল সমূহে।

২৫ জানুৱাৰী তাৰিখে দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব লগা মুকলি সভাত বঁটা প্ৰদান অনুষ্ঠানৰ লগতে কেন্দ্ৰীয় সম্বৰ্ধনা অনুষ্ঠান, নাট্য সন্মিলনৰ ছমহীয়া পত্ৰিকা ‘ৰংগমঞ্চ’ উন্মোচনৰ লগতে ১৫০ বছৰীয়া নাট্য সংকলন চতুৰ্থ সংস্কৰণ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হ’ব। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাতে নৱ-নিৰ্বাচিত সভাপতি জীতেন শৰ্মাই আগন্তুক দুটা বৰ্ষৰ কাৰ্যকালৰ বাবে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব। আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক, ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আদৰণি ভাষণ প্ৰদান কৰিবলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ মুখ্য উৎসৱ নিয়ন্ত্ৰক সুমন বৈদ্যই আমন্ত্ৰিত অতিথি হিচাপে মুকলি সভাত অংশগ্ৰহণ কৰিব। অসম নাট্য সন্মিলনৰ তৰফৰ পৰা আগবঢ়োৱা বঁটা সমূহ ক্ৰমে জি. এল. আগৰৱালা সোঁৱৰণী বঁটা, নাজিম আহমেদ সোঁৱৰণী নাট্য সংগঠক বঁটা, সত্যপ্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা, মহেন্দ্ৰ বৰঠাকুৰ বঁটা আৰু অসম নাট্য সন্মিলনৰ সৰ্বোচ্চ সন্মান ‘অসম নাট্য সন্মিলন বঁটা।’

ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ তিনি অসম কন্যা

ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ তিনি অসম কন্যা
ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ তিনি অসম কন্যা

ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ তিনি অসম কন্যা।

লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো আৰু গীতিমণি গগৈয়ে দুর্দান্ত প্ৰদৰ্শনেৰে প্ৰৱেশ কৰিলে ছেমি ফাইনেলত।

ADRE: আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

ADRE: আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান
ADRE: আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।(ADRE)

২ লাখ নিযুক্তিৰ লক্ষ্য সম্পন্নৰ দিশে ৰাজ্য চৰকাৰ।

বিভিন্ন বিভাগৰ অধীনত চতুৰ্থবৰ্গৰ পদত নিযুক্তি।

গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

আজি প্ৰদান কৰিব ADREৰ ৪ৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ ৪,৩৭৪ৰো অধিক চাকৰি প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি পত্ৰ।

Census 2026: এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল

এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল
এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল

১ এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল।(Census 2026)

প্ৰথমবাৰৰ বাবে দেশত হ’ব জাতিপিয়লো।

সমগ্ৰ দেশৰ লগতে অসমতো হ’ব লোকপিয়ল-জাতিপিয়ল।

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে অধিসূচনা।

দুটা পৰ্যায়ত সম্পন্ন হ’ব ২০২৭ বৰ্ষৰ লোকপিয়ল।

১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ কাম।

৩০ ছেপ্টেম্বৰ পৰ্যন্ত চলিব প্ৰথম পৰ্যায়ৰ লোকপিয়ল।

২০০০ বিঘা সৰিয়হৰ খেতিত দ্ৰোণৰ জৰিয়তে নেনো ইউৰিয়া সাৰ প্ৰয়োগৰ প্ৰদৰ্শন

পোতনী কমাৰ গাঁৱত কৃষক প্ৰশিক্ষণ শিবিৰ
পোতনী কমাৰ গাঁৱত কৃষক প্ৰশিক্ষণ শিবিৰ

নগাঁও জিলা কৃষি বিভাগৰ সৌজন্যত মধুবন দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সহযোগত নগাঁও জিলাৰ পোতনি কমাৰ গাঁৱত এটি কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।ৰাষ্ট্ৰীয় ভোজ্য তেল আৰু তৈল বীজ অভিযানৰ অধীনত ননৈ কৃষি চক্ৰ এলেকাৰ কমাৰ গাঁও, ঘোগৰ জলাহ, বিহৰী গাঁও, তেলীয়া গাঁৱৰ তিনি শতাধিক কৃষক উপস্থিত থকা এই প্ৰশিক্ষণ শিবিৰত সৰিয়হৰ লগতে মচুৰ মাহৰ আদি দিশত প্ৰশিক্ষণ প্ৰদান কৰে চিলঙনী মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ বিনোদ কলিতা, ডঃ নৱজ্যোতি ভূঞা আৰু ডঃ হিৰণ্য দেৱনাথে।

উক্ত প্ৰশিক্ষণ শিবিৰৰ অন্তত এই আঁচনিৰ অধীনত বৃহত্তৰ অঞ্চলটোত ৰূপায়ণ কৰি থকা প্ৰায় ২০০০ বিঘা সৰিয়হৰ প্ৰদৰ্শনমূলক খেতিত দ্ৰোণৰ জৰিয়তে নেনো ইউৰিয়া সাৰ প্ৰয়োগৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

উক্ত প্ৰশিক্ষণ শিবিৰত নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱা,নগাঁও মহকুমা কৃষি বিষয়া ক্ৰমে অসীম পাঠক,মফিদুৰ ৰহমান(মৰাপাট),জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া কল্যাণ গোস্বামী আদি উপস্থিত থাকে।

Upcoming Elections: চূড়ান্ত প্ৰায় ! ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত উদয় হ’ব ভাগ্য

১৫ ফেব্ৰুৱাৰীৰ ভিতৰত উদয় হ’ব ভাগ্য
১৫ ফেব্ৰুৱাৰীৰ ভিতৰত উদয় হ’ব ভাগ্য

অসমৰ মুখ্যমন্ত্ৰী (Upcoming Elections) হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে শাসকীয় এনডিএৰ ভিতৰত চলি থকা আসন-বণ্টন সম্পৰ্কীয় আলোচনা সুচাৰুৰূপে আগবাঢ়িছে আৰু এই প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহৰ মাজভাগত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে৷ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰে৷ উক্ত বৈঠকত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য হাগ্ৰামা মহিলাৰীয়েও অংশগ্ৰহণ কৰে৷ ইয়াৰ আগতে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱেও অমিত শ্বাহৰ সৈতে আলোচনা কৰিছিল৷ এই ঘটনাসমূহে মিত্ৰজোঁট পৰ্যায়ত আলোচনা অধিক তীব্ৰ হোৱাৰ ইংগিত দিছে৷ নতুন দিল্লীৰ পৰা উভতি আহি ধেমাজিত এক কল্যাণমূলক আঁচনিৰ অনুষ্ঠানত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে এনডিএ অংশীদাৰসকলৰ সৈতে হোৱা আলোচনা গঠনমূলক আৰু উৎসাহব্যঞ্জক হৈছে৷

মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগ পাইছিলোঁ৷ তাত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীও উপস্থিত আছিল৷ ইয়াৰ আগতে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱেও তেওঁক লগ ধৰিছিল৷ লগতে মই অগপৰ সভাপতি অতুল বৰাৰ সৈতে দীঘলীয়া আলোচনা কৰিছিলোঁ৷’ এতিয়ালৈকে হোৱা আলোচনাৰ ভিত্তিত এনডিএৰ ভিতৰত আসন-বণ্টনত কোনো ডাঙৰ সমস্যা নহ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই আত্মবিশ্বাস ব্যক্ত কৰি কয় যে ফেব্ৰুৱাৰী ১৫ তাৰিখৰ আশে-পাশে বা তাৰ পাছতে মিত্ৰজোঁটে আসন-বণ্টনৰ সূত্ৰ ৰাজহুৱা কৰিব পাৰিব৷ বিজেপি আৰু অগপকে ধৰি সকলো মিত্ৰদলৰ মাজত কোনো গুৰুতৰ মতবিৰোধ নাই বুলিও তেওঁ স্পষ্ট কৰে৷ তেওঁ লগতে মিত্ৰজোঁটৰ ভিতৰত হোৱা আলোচনা ইতিবাচক বুলি উল্লেখ কৰে৷ উল্লেখযোগ্য যে ২০২৫ চনৰ ২৯ ডিচেম্বৰত অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি মিত্ৰ দলসমূহে নিজৰ মাজতেই সমস্যা সমাধান কৰিব নোৱাৰে, তেন্তে মাত্ৰ তেতিয়াহে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হস্তক্ষেপৰ প্ৰয়োজন হ’ব৷

কিন্তু শেহতীয়া উচ্ছ পৰ্যায়ৰ বৈঠকসমূহে দেখুৱাইছে যে এনডিএৰ নেতৃত্বই যিকোনো সম্ভাৱ্য অসন্তোষ প্ৰকাশ কৰাৰ আগতেই সমাধানসূত্ৰ উলিয়াই শেষ মুহূৰ্তৰ সংঘাত এৰাবলৈ আগ্ৰহী বিজেপি৷ ইয়াৰ মাজতে এনডিএৰ মিত্ৰ দলসমূহে নিজৰ ৰাজনৈতিক আকাংক্ষাও ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে৷ অসম গণ পৰিষদে ৰাজ্যৰ প্ৰতিখন জিলাত অন্ততঃ এখনকৈ বিধানসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছাৰ কথা ঘোষণা কৰিছে৷ অগপ বিধায়ক পোনাকণ বৰুৱায়ো বিজেপিৰ দখলত থকা সমষ্টিসমূহত অগপ নেতা-কৰ্মীসকল উপেক্ষিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে এনডিএৰ আন এক গুৰুত্বপূৰ্ণ অংশীদাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে ২০২৬ চনৰ নিৰ্বাচনত নিজৰ সংগঠন শক্তিশালী কৰাৰ উদ্দেশ্যে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাৰ কথাও আগতেই কৈছিল৷ ২০২৫ চনৰ ডিচেম্বৰত এই অৱস্থান স্পষ্ট কৰিলেও দলটোৱে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মিত্ৰজোঁটৰে আলোচনা এৰি দিয়া নাই৷

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজৰ এই বৈঠক এনডিএৰ ভিতৰত থকা বিভিন্ন আকাংক্ষা আৰু দাবীসমূহ সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ অমিত শ্বাহে অহা ২৯ জানুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে৷ মাজতে এনডিএ নেতৃত্বই নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো মিত্ৰ দলে একতা প্ৰদৰ্শন কৰিবলৈ তৎপৰ হোৱা বুলি ধৰি লোৱা বুলি বিশ্লেষক মহলে মন্তব্য কৰিছে৷