Home Blog Page 610

ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ ! চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে…

ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ৷ চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে৷ এজনৰ পৰা উদ্ধাৰ কৰা হৈছে আধাৰকাৰ্ড৷ ইয়াৰে এজনে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছিল ভাৰতত ৷ অসম আৰক্ষীয়ে ধুবুৰীত আটক কৰা ঢাকা ডিভিজনৰ লিপি আখতাৰক বাংলাদেশী কৰ্তৃপক্ষক ঘূৰাই দিয়া হয়।

অনুসন্ধানত প্ৰকাশ পাইছে যে লিপি আখতাৰে ২৪ ঘণ্টাতকৈ অধিক কাল বাছ আৰু নাও যাত্ৰাৰ পাছত ১৮ আগষ্টৰ পুৱতি নিশা দক্ষিণ শালমাৰাৰ সুখচৰত খোজকাঢ়ি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। সুখচৰৰ এটা ঘৰত আশ্ৰয় লোৱাৰ অন্তত নাৱেৰে ধুবুৰীলৈ গৈছিল, য’ত অসম আৰক্ষীৰ হাতত ধৰা পৰে৷

আকৌ যোৱা নিশা অসম আৰক্ষীয়ে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে। লোককেইজন হৈছে ৰাজশ্বাহী জিলাৰ আখিলা গাঁৱৰ আব্দুল আদুদৰ পুত্ৰ আবু ছাইদ, ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ প্ৰয়াত আতাবুৰ ৰহমানৰ পুত্ৰ আছাদুল ইছলাম আৰু ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ সতাবুৰ ৰহমানৰ পুত্ৰ মহম্মদ সৰৱাৰ। তেওঁলোকে চেন্নাইলৈ যোৱাৰ উদ্দেশ্য লৈছিল। অসম আৰক্ষীৰ প্ৰচেষ্টাত তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়।

তৰুণ নগৰত পথ সংকুচিত কৰি নলাৰ ওপৰতে দেৱাল-দোকান নিৰ্মাণকলৈ তীব্ৰ প্ৰতিবাদ ! এজাক সামান্য বৰষুণতে কৃত্ৰিম বানত ডুব যোৱা তৰুণ নগৰ মূল পথত অচলাৱস্থাত ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী…

তৰুণ নগৰত পথ সংকুচিত কৰি নলাৰ ওপৰতে দেৱাল-দোকান নিৰ্মাণকলৈ তীব্ৰ প্ৰতিবাদ

জি এম চি, জি এম ডি এক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তৰুণ নগৰ উন্নয়ন সমিতিৰ

এখন অবৈধ দেৱালকলৈ ৰাজহুৱা অভিযোগ তুলি এটা পৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈছে তৰুণ নগৰ উন্নয়ন সমিতি। অবৈধ দেৱাল নিৰ্মাণৰ বাবে কৃত্ৰিম বানৰ সন্মুখীন হৈ অহা ৰাইজে ক্ষোভ প্ৰকাশ কৰি ইতিমধ্যে নাথ উপাধিৰ এজন লোকৰ বিৰুদ্ধে গুৱাহাটী পৌৰনিগম (জিএমচি) আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী (জিএমডিএ)ক অভিযোগ দাখিল কৰি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনালে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি পৰিয়ালটোৱে

তৰুণ নগৰ মুখ্য পথৰ দুইফুট পৰ্যন্ত দখল কৰাৰ লগতে আশ্চৰ্যজনকভাৱে পথৰ নলাৰ ওপৰতে এখন দেৱাল নিৰ্মাণ কৰি সদাব্যস্ত অঞ্চলটোৰ যাতায়াতত চৰম ব্যাঘাত জন্মাইছে । এজাক সামান্য বৰষুণতে কৃত্ৰিম বানত ডুব যোৱা তৰুণ নগৰ মূল পথত অচলাৱস্থাত ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৷ তদুপৰি তৰুণ নগৰ, শ্ৰীনগৰৰ সংযোগ স্থানত অবৈধভাৱে এখন ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিছে মহাপ্ৰতাপী পৰিয়ালটোৱে। ফলত উক্ত স্থানত

পথচোৱা সংকুচিত হৈ দুৰ্ঘটনাপ্ৰৱন এলেকা হৈ পৰিছে। সেয়েহে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে অবৈধ দেৱাল ভাঙি দিয়াৰ লগতে দোকান উচ্ছেদ কৰি অনতিপলমে অঞ্চলটোক দুৰ্ঘটনামুক্ত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক তৰুণ নগৰ উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন দাস আৰু সম্পাদক সুৰজ চৌধুৰীয়ে দাবী জনাইছে।

তুলিৰামক কিয় এৰাই চলিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ! অন্য এক ক’লা অধ্যায় কাচে কনষ্ট্ৰাকচন ( অ’পিচি) প্ৰাঃ লিমিটেড’ৰ কাহিনী…

কৈ থাকিলেও অন্ত নপৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ কেলেংকাৰীৰ কাহিনী। আমি কালিয়েই কৈছিলো যে তুলিৰামৰ সকলো অকথিত কাহিনী আমি ফাদিল কৰিম। কাৰ্বিভূমিৰ জনতাক ধনবল আৰু ৰাজনৈতিক প্ৰভাৱেৰে বশ কৰিবলৈ চেষ্টা কৰি অহা তুলিৰামৰ কলংকিত অধ্যায় জনাৰ পিছত কাৰ্বিভূমিৰ জনতাই তেওঁৰ প্ৰতি কেনে মনোভাব গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। তুলিৰাম ৰংহাঙে ক্ষমতাৰ অপব্যৱহাৰ কৰি কিদৰে চৰকাৰী আঁচনিৰ ধন আত্মসাত কৰিছে সেই সকলো তথ্য এতিয়া আমাৰ হাতত আহি পৰিছে কাৰ্বিভূমিৰ উন্নয়নৰ বাবে অহা ধন গোটে গোটে গিলি থোৱা তুলিৰামে এতিয়া বিশ্বৰ ভিতৰতে অভিলেখ গঢ়িবলৈ ওলাইছে। পত্নীৰ কোম্পানীৰ নামত আবণ্টিত এটা পথ মাত্ৰ সাত দিনতে সম্পূৰ্ণ কৰা দেখুৱাই তুলিৰামে সমগ্ৰ ধন আত্মসাত কৰাৰ কৰাৰ কথা এতিয়া দিনৰ পোহৰৰ দৰেই স্ফষ্ট হৈ পৰিছে। ৩০ কোটিটকীয়া সেই পথটোৰ নিৰ্মাণৰ দায়িত্বত আছিল কাছে কনষ্টাৰকছন প্ৰাইভেট লিমিটেড নামৰ নামৰ কোম্পানীটো। সেই কোম্পানীৰ গৰকাকী হৈছে তুলিৰামৰেই

পত্নী। আচৰিত কথাটো হ’ল সেই ৩০ কোটিটকীয়া কৈমটো আৱণ্টন দিয়া হৈছিল ২২-১২-২০২০ত আৰু তুলিৰামৰ প্তীৰ কোম্পানীয়ে মাত্ৰ ৭ দিনৰ ভিতৰতে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰো দেখুৱাই ২৯-১২-২০২০ত কাম সম্পূৰ্ণ কৰাৰ প্ৰমাণপত্ৰ। এনেদৰে ৩০ কোটিকৈ টকা সকলোৰে জ্ঞাতভাবে তুলিৰামে আত্মসাত কৰিছে। মুখ্যমন্ত্ৰীৰ নাম কৈ ইমান দিনে তুলিৰাম ৰংহাঙৰ দৰে নেতাই ৰাজ কৰি আছিল । কিন্তু ইমান বিয়োগম দুৰ্নীতি সংঘটিত কৰাৰ কথা জনাৰ পিছত মুখ্যমন্ত্ৰীয়ে এতিয়া তুলিৰামক কোনো প্ৰকাৰে গুৰুত্ব নিদিয়া হৈছে। নিজৰ ঘৰৰ মাজতে কাৰ্বি জনতাৰ উন্নয়নৰ বাবে অহা ধন গোগ্ৰাসে গিলা তুলিৰামৰ আৰু বহু দুৰ্নীতিৰ তথ্য আমি উদঙাম। এতিয়া মাত্ৰ মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক কাছে কনষ্টাৰকছন প্ৰাইভেট লিমিটেডে মাত্ৰ ৭ দিনৰ ভিতৰতে ডিফু-দিল্লাইৰ মাজত ৩০ কোটি টকীয়া পথ নিৰ্মাণ কৰাটো সঁচানে? ইমান কম দিনৰ ভিতৰত ইমান দীঘল পথ এটা নিৰ্মাণ কৰা সম্ভৱ নে?

কাৰ্বিভূমিৰ জনতাই ইমান দিনে তুলিৰামৰ দুৰ্নীতিৰ কথা শুনি বা অনুমাণ কৰিহে আছিল। দৈনন্দিন বাৰ্তাই সেই সকলো সন্দেহ তথ্যসহকাৰে প্ৰমাণ কৰিছে। এয়া আৰম্ভনিহে। কেলেংকাৰীৰে সহজ-সৰল কাৰ্বি জনতাক প্ৰতাৰণা কৰা তুলিৰামৰ আন এক ক’লা অধ্যায় আমি লৈ আহিম পৰৱৰ্তী প্ৰতিবেদনত। অসমৰ মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলিৰামৰ এনে দুৰ্নীতিৰ কথা নজনাকৈ হয়তো নাছিল , কিন্তু ৰাজনৈতিক বাধ্যবাধকতাৰ কাৰণতেই হয়তো তেওঁ এই বিষয়ত মাত মতা নাছিল বুলি বহুতে মন্তব্য কৰিছে। কিন্তু শেহতীয়াকৈ মুখ্যমমন্ত্ৰী শৰ্মাৰ বোধদয় ঘটিছে, তেওঁ আৰু তুলিৰামৰ দুৰ্নীতিৰ কংলক গা পাতি ল’ব বিচৰা নাই। সেই বাবেই মুখ্যমন্ত্ৰীয়ে এৰাই চলিছে তুলিৰাম। কিন্তু কাৰ্বিভূমিৰ ৰাইজৰ প্রশ্ন- মুখ্যমন্ত্ৰীয়ে এৰাই চলিলেই কলংকমুক্ত হ’ব নেকি তুলিৰাম? দুখীয়া কাৰ্বি জনতাক প্ৰতাৰণা কৰা তুলিৰামৰ শাস্তি কি হ’ব সেয়া মুখ্যমন্ত্ৰী, আদালত আৰু জনতাই নিৰ্ণয় কৰিব বুলি বহুতে মন্তব্য কৰিছে। শীঘ্ৰে তৃতীয় প্ৰতিবেদন লৈ আমি আহি আছো।

কলিকতা কাণ্ডৰ ন্যায় বিচাৰি চাপৰ চৈবাৰী বাগিছাৰ বিভিন্ন দল সংগঠনৰ লগতে আদিবাসী লোকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন…

কলিকতা কাণ্ডৰ ন্যায় বিচাৰি চাপৰ চৈবাৰী বাগিছাৰ বিভিন্ন দল সংগঠনৰ লগতে আদিবাসী লোক সকলৰ সহযোগত হাতে হাতে মমবাতিলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।


উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় ৫ শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।হত্যাকাৰীৰ ফাঁচীৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি তীব্ৰ ক্ষোভ উজাৰে।

দোষীক সোনকালে কৰায়ত্ত কৰি ফাঁচীৰ দাবী জনায়

তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য ! প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট জব্দ…

তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য । প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট জব্দ

তিতাবৰৰ ফুলবাৰী বজাৰৰ সমীপত প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট জব্দ তিতাবৰ আৰক্ষীৰ ।

DSP কৌশিক কলিতাৰ নেতৃত্ব চলিছিল এই অভিযান ।

৮টাকৈ চাবোনৰ বাচকত ড্ৰাগছ আৰু এটা পলিথিনত 599 টা Sampex নামৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে আৰক্ষীয়ে ।

নাগালেণ্ডৰ নিউচুৰি বস্তিৰ চুম্বেম’ আৰু আকাহ’টো বস্তিৰ খেট’বি নামৰ দুজন নগা লোকৰ পৰা আৰক্ষীয়ে হাতে লুটে জব্দ কৰিছে ড্ৰাগছসমূহ।

পুনৰ কৃত্ৰিম বান গুৱাহাটী মহানগৰীত…

নিশাৰে পৰা গুৱাহাটীত নেৰানেপেৰা বৰষুণ৷

গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত কৃত্ৰিম বান ৷

ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা৷

শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ ধমকি আলফা (স্বাঃ)ৰ

শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ ধমকি আলফা (স্বাঃ)ৰ

দিছপুৰ আৰক্ষী থানাত শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ দিছিল এজন লোকে গৌৰৱ সমানি নামৰ লোকজনে

দিছপুৰত শৃংখলৰ বিৰুদ্ধে দিছিল গোচৰ অনতিপলমে এই গোচৰ উঠাই ল’বলৈ গৌৰৱ সমানিক সকীয়নি আলফাৰ

উক্ত গোচৰৰ ভিত্তিত শৃংখল চলিহাক গ্রেপ্তাৰ কৰিলে বিষম পৰিস্থিতি হ’ব শৃংখল গ্ৰেপ্তাৰ হ’লে বহিৰাগতই পৰিণাম ভুগিব লাগিব বুলি সকীয়নি আলফা (স্বাঃ)ৰ

মন্ত্ৰী অশোক সিংহল, যোগেন মহনৰ লগতে কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত অসম নগৰ আৰু গাঁও পৰিকল্পনা উপদেষ্টা পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত আজি জনতা ভৱনত অসম নগৰ আৰু গাঁও পৰিকল্পনা উপদেষ্টা পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷

এই বৈঠকত ৰাজ্যৰ ১১ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন জনোৱা হয়৷ এই চহৰসমূহ হৈছে ডবকা, লংকা, লামডিং, হোজাই, ৰামকৃষ্ণ নগৰ, কৰিমগঞ্জ, সোণাই, লালা, হাইলাকান্দি, মৰাণ আৰু বিলাসীপাৰা৷ বৈঠকত বিধায়কসকল ক্ৰমে ৰামকৃষ্ণ ঘোষ, আব্দুল এছ আলি সৰকাৰ, কমলাক্ষ পুৰকায়স্থ আৰু শিবু মিশ্ৰৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি বিষয়াসকল উপস্থিত থাকে৷

বৈঠকত সৰ্বসন্মতিক্ৰমে হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী সিংহলে মাষ্টাৰপ্লেন প্ৰস্তুতিৰ দায়িত্বত থকা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়ববীয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷ সেই অনুসৰি মাষ্টাৰপ্লেনৰ আওতাত পৰা চহৰসমূহত পৰ্যাপ্ত পৰিমাণে মুকলি স্থান, উদ্যান আৰু নিৰ্মাণকাৰ্য বহিৰ্ভূত এলেকা ধাৰ্য কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে মাষ্টাৰপ্লেন এলেকাৰ জলাশয়সমূহৰ জিঅ’ টেগিং কৰা, আৱৰ্জনা নিষ্কাশন প্ৰকল্পসমূহ জলাশয় বা পাৰিৱেশিকভাৱে স্পৰ্শকাতৰ এলেকাৰ সমীপৰ পৰা আঁতৰত স্থাপন কৰা, নিৰ্মাণ বৰ্হিভূত এলেকাৰ সংজ্ঞাৰ সংশোধন কৰি দ অঞ্চলত মাটি পেলোৱা কাৰ্যও নিষিদ্ধ কৰা আদি গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে।

আনহাতে নগৰ অঞ্চলত যিকোনো নতুন আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত পানীৰ স্বাভাৱিক গতি বাধাগ্ৰস্ত নোহোৱাটো নিশ্চিত কৰিবৰ বাবে যাৱতীয় অনুমতি লোৱাৰ বাবে জিলা আয়ুক্তৰ নেতৃত্বত আজিৰ বৈঠকে এক জিলাস্তৰীয় সমিতি গঠন কৰি দিয়ে। এই সমিতিত লোক নিৰ্মাণ (পথ), লোক নিৰ্মাণ (ভৱন), জলসম্পদ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলাৰ শীৰ্ষ বিষয়াসকল তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্যা হিচাপে থাকিব।

সংশ্লিষ্ট জিলাৰ নগৰ আৰু গাঁও পৰিকল্পনাৰ উপ-সঞ্চালকগৰাকী সদস্য-সচিব হিচাপে থাকিবলগীয়া এই সমিতিয়ে যিকোনো বৃহ আন্তঃগাঁথনিৰ বাবে অনুমতি প্ৰদানৰ সময়ত স্থানীয় বিধায়ককো বিশেষ সদস্য হিচাপে আমন্ত্ৰণ জনাব লাগিব। আনহাতে চহৰাঞ্চলত যিকোনোধৰণৰ উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ ক্ষেত্ৰত সকলো চৰকাৰী বিভাগেই সংশ্লিষ্ট চহৰৰ অনুমোদিত মাষ্টাৰ প্লেন বাধ্যতামূলকভাৱে অনুসৰণ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ বিভাগসমূহক লৈ কৰ্মশালা বা আলোচনা চক্ৰৰ আয়োজন কৰিবলৈও আজিৰ বৈঠকত মন্ত্ৰী সিংহলে নিৰ্দেশ প্ৰদান কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাখী বন্ধনৰ পৰ্বত অংশগ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাখী বন্ধন উপলক্ষে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মহিলা বিষয়া, কৰ্মচাৰীসকলৰ সৈতে ৰাখী বন্ধনৰ পৰ্বত অংশগ্ৰহণ কৰে।

এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মহিলা কৰ্মচাৰীসকলে ৰাখী পৰিধান কৰায়। সৰ্বানন্দ সোণোৱালে আটাইকে ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

মন্ত্ৰালয়ৰ বিষয়াসকলৰ উপৰিও সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউএআই)ৰ আন মহিলা কৰ্মচাৰীসকল তথা যুৱ পেছাদাৰীসকলেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাখী উপহাৰ দিয়ে। এই যোগাত্মক পৰিৱেশে মন্ত্ৰালয়ৰ মাজত একতাৰ বাৰ্তা আৰু নাৰীশক্তিৰ সক্ৰিয় অংশগ্ৰহণ অধিক শক্তিশালী কৰিব বুলি সোণোৱালে উল্লেখ কৰে।

সোণোৱালে কয়, “ৰাখী বন্ধন ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ৰাখী বন্ধনে ভাতৃ-ভগ্নীৰ অটুট মৰম-স্নেহ, সুৰক্ষাৰ দায়বদ্ধতা আৰু একতাৰ পৰিভাষাক প্ৰতিফলিত কৰি আহিছে। নাৰী সমাজৰ সুৰক্ষা, মৰ্যাদা আৰু সন্মান সুনিশ্চিত কৰাৰো প্ৰতীক ৰাখী বন্ধন। এই উৎসৱে ভাতৃ-ভগ্নীৰ মাজৰ নিবিড় সম্পৰ্ক আৰু চেনেহৰ এনাজৰী সুদৃঢ় কৰি আটাইৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-সমৃদ্ধিৰ বতৰা।”

সমগ্ৰ দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি ক’ৰ  চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ন্য়ায়ৰ দাবীত আই চি এ আৰৰ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভত উত্তাল…

সমগ্ৰ দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি ক’ৰ  চিকিৎসা মহাবিদ্যালয়ৰ কাণ্ডই  ধেমাজি জিলাৰ গোগামুখ অঞ্চলকো কঁপাই গৈছে ৷ ধেমাজি জিলাৰ গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান(অসম) চমুকৈ আই চি এ আৰ’ৰ  অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে  ধেমাজি জিলাৰ গোগামুখ নগৰত  কলকাতাৰ আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক মৌমিতা দেৱনাথৰ বালাৎকাৰী তথা হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত দেওবাৰে সন্ধিয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ গোগামুখ নগৰ উত্তাল কৰি তোলে ৷ 

আৰ চি এ আৰ’ৰ ছাত্ৰ-ছাত্ৰীসকলে  কনিষ্ঠ চিকিৎসক মৌমিতাৰ আত্মাৰ সদ্‌গতি কামনাৰে প্ৰথমে গোগামুখ ট্ৰেফিক পইন্টত ম’ম জ্বলাই প্ৰাৰ্থনা কৰে । ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে বিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰে ৷ বিক্ষোভত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে মৌমিতাৰ বালাৎকাৰী তথা হত্যাকাৰীক ফাঁচি দিয়ক, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হুঁচিয়াৰ, বেটি পঢ়াও বেটি বচাওঁ, আমাক ন্যায় লাগিবই, বেটি, Without justice without peace and safety-Illusion. উই ৱান্ট জাষ্টিচ আদি শ্ল’গান  দিয়ে ৷

সন্ধিয়া ৬ বজাৰ পৰা ৬-৩০ বজালৈ  বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত হোৱা ছাত্ৰ-ছাত্ৰীসকলে দিৰপাইস্থিত অসম কৃষি গৱেষণা প্ৰতিষ্ঠানৰ মূল প্ৰৱেশদ্বাৰটো বন্তি প্ৰজ্বলন কৰে সমগ্ৰ পৃথিৱীৰ শান্তি কামনা কৰাৰ লগতে দেশৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু নাৰী সমাজক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰক আহ্বান জনায় ৷