Home Blog Page 611

তেল চুৰি চক্ৰৰ পৰা G.Payৰ জৰিয়তে ধন লোৱাৰ অভিযোগ কংগ্ৰেছী বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে…

তেল চুৰি চক্ৰৰ সৈতে সম্পৰ্ক বিধায়ক পুত্ৰৰ! কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা ওৰফে ৰকিবুলক বিচাৰি আৰক্ষীৰ অভিযান।

তেল চুৰি চক্ৰৰ পৰা G.Payৰ জৰিয়তে ধন লোৱাৰ অভিযোগ বিধায়ক পুত্ৰৰ বিৰুদ্ধে। তেল চুৰিত গ্ৰেপ্তাৰ হোৱা ইব্ৰাহিম নামৰ অভিযুক্তই আৰক্ষীক দিছে ভাষ্য।

ইব্ৰাহিমৰ পৰা G.Payৰ জৰিয়তে ধন লৈছিল ৰেজাউলে। আৰক্ষীয়ে লাভ কৰিছে ধনৰ লেন-দেনৰ বিতং তথ্য।

আজি বন্ধুত্বৰ দিৱসঃ প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে পালন কৰা হয় বন্ধুত্ব দিৱস…

প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে পালন কৰা হয় বন্ধুত্ব দিৱস। প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে উদযাপন কৰা বন্ধু-বান্ধৱীৰ সৈতে মৰম আৰু মৰম ভাগ-বতৰা কৰাৰ এই দিনটোৱে মানুহৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। বন্ধুত্বৰ দিৱস কেনেকৈ আৰম্ভ হ’ল জানেনে?

১৯৫৮ চনত পেৰাগুৱেত আৰম্ভ হৈছিল বন্ধুত্ব দিৱস। দাৰ্শনিক তথা অধ্যাপক ড° ৰেমন আৰ্টেমিঅ’ ব্ৰাচোৱে বন্ধু-বান্ধৱীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত বন্ধুত্বৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি বন্ধুত্ব উদযাপন কৰা দিন এটাৰ কল্পনা কৰিছিল। এনেকৈয়ে আৰম্ভ হৈছিল বন্ধুত্ব দিৱস। কিন্তু পিছত এই দিনটোৰ তাৰিখ সলনি হৈ আগষ্ট মাহৰ প্ৰথম দেওবাৰে এই দিনটো উদযাপন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ আঁৰতো এটা আমোদজনক কাহিনী আছে।


বন্ধুত্ব দিৱসৰ মূল উদ্দেশ্য মানুহৰ মাজত বন্ধুত্ব, সহযোগিতা আৰু একতা বৃদ্ধি কৰা। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে আমাৰ জীৱনত বন্ধুসকল কিমান গুৰুত্বপূৰ্ণ। আজিৰ সময়ত ছ’চিয়েল মিডিয়াই বন্ধুত্ব দিৱসক আৰু অধিক বিশেষ কৰি তুলিছে। ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত মানুহে ইজনে সিজনক শুভেচ্ছা জনাবলৈ পোষ্ট, কাহিনী আৰু মেছেজ শ্বেয়াৰ কৰে। বন্ধুত্ব দিৱসৰ ইতিহাসে এই দিনটো কিমান গুৰুত্বপূৰ্ণ আৰু বন্ধু-বান্ধৱীক আমি কিমান গুৰুত্ব দিব লাগে সেই কথা সোঁৱৰাই দিয়ে।

ভৰিকে ধৰি শৰীৰৰ ৩টা অংশত তীব্ৰ বিষ হ’লে কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ…

বৰ্তমান সময়ত বেছিভাগ মানুহৰে কলেষ্টেৰল বৃদ্ধি হোৱাটো সাধাৰণ হৈ পৰিছে। প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে আমি পূৰ্বতকৈ অধিক এলেহুৱা হৈ পৰিছো, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু তেলীয়া খাদ্যৰ বাবে আমাৰ শৰীৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পিছলৈ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাৰ্ট এটেক আদি ৰোগ ইত্যাদি। কলেষ্টেৰল এটা আঠাযুক্ত পদাৰ্থ যি ভাল আৰু বেয়া দুয়োটা হ’ব পাৰে। ভাল কলেষ্টেৰলৰ জৰিয়তে শৰীৰত সুস্থ কোষ গঠন হয়, আনহাতে বেয়া কলেষ্টেৰলে হৃদৰোগ আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।

যদি তেজত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ে তেন্তে পেৰিফেৰেল আৰ্টেৰী ডিজিজতো আক্ৰান্ত হ’ব পাৰে। ইয়াৰ ফলত ধমনীবোৰৰ ক্ষতি হয়। ব্যায়াম বা গধুৰ ৱৰ্কআউট কৰিলে, ভৰিৰ তীব্ৰ বিষ হয়। গতিকে এনে বিষক আওকাণ নকৰি লগে লগে আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰাব।

৮৪ বছৰ বয়সত প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তিৰ দেহাৱসান…

প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তিৰ দেহাৱসান। ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যু সংগীত নাটক একাডেমী ফেলো, পদ্মবিভূষণ বঁটা প্ৰাপক, এগৰাকী আগশাৰীৰ ভাৰতনাট্যম প্ৰবক্তা য়ামিনী কৃষ্ণমূৰ্তিৰ।

৭ মাহে দিল্লীৰ এপল’ হাস্পতালৰ আই চি ইউত ভৰ্তি আছিল নৃত্য শিল্পীগৰাকী।

পেৰিছ অলিম্পিকত আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ মুখামুখি হ’ব লাভলীনা…

পেৰিছত আজি পদক নিশ্চিতিৰ যুঁজত নামিব লাভলীনা।

৭৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ প্ৰতিদ্বন্দ্বী প্ৰতিদ্বন্দ্বী চীনৰ লি কিয়ান।

বিয়লি ৩:০২ বজাত অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল।

ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, কোকৰাঝাৰৰ খেলত বি এছ এফৰ বিৰুদ্ধে বৃহৎ জয় ওড়িছা এফ চিৰ…

আই এছ এলৰ দল ওড়িছা এফ চিয়ে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ এখন খেলত বি এছ এফ ফুটবল দলৰ বিৰুদ্ধে ৫-০ গলত জয়লাভ কৰি চমকপ্ৰদ আৰম্ভনি কৰিছে৷ প্ৰতিযোগিতাত উভয় দলে শনিবাৰে প্ৰথম মেচত অৱতীৰ্ণ হয়৷ খেলৰ প্ৰথমাৰ্ধত গ’ল হোৱা নাছিল যদিও দ্বিতীয়াৰ্ধত ওড়িছাই আঠ মিনিটৰ ভিতৰেত তিনিটা গল কৰি মেচ নিজৰ আয়ত্বলৈ আনে৷ ৫০ মিনিটত ৰাহুলে, ৫৬ মিনিটত আপহোবা আৰু ৫৮ মিনিটত গিবছনে গল কৰি ওড়িছাৰ বিজয় নিশ্চিত কৰাৰ পাছতে গিবছনে ৭৯ মিনিটত দ্বিতীয়টো তথা এক মিনিট পূৰ্বে ৰ’ছনে [৭৮ মিনিট] দলৰ হৈ পঞ্চমটো গল কৰে৷

প্ৰতিযোগিতাৰ কাইলৈ অনুষ্ঠিত হ’বলগা দিনটোৰ প্ৰথম মেচখনত কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে পঞ্জাৱ এফ চিৰ বিৰুদ্ধে খেলিব৷ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত দিনৰ চাৰি বজাত গ্ৰুপ ‘চি’ৰ এই মেচখন অনুষ্ঠিত হ’ব৷ কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে প্ৰথম মেচত ৮-০ গলত পৰাস্ত কৰিছিল মুম্বাই চিটী এফ চিক৷ ইফালে, কাইলৈ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত জামছেদপুৰ এফ চি আৰু চেন্নাইয়ান এফ চি মুখামুখি হ’ব৷ গ্ৰুপ ‘ডি’ৰ মেচখন নিশা সাত বজাত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপঃ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

প্ৰকাশ পালে মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সেউজীয়া দিনৰ নৈসৰ্গিক খোজ’

প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদান সমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা হয় তেতিয়াই প্রকৃতিলৈ ভাবুকি নামি আহি পৰে। প্রকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা।


বৰ্তমান সময়ত সবাতোকৈ গুৰুত্ব দিবলগীয়া যদিও যিটো গুৰুত্ব নিদিয়া বিষয়টোৱে হ’ল পৰিৱেশ। অতিসম্প্ৰতি যি এমুঠিমান মানুহে হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে তাৰ ভিতৰতে এজন উদ্যমী যুৱক, শিক্ষক লেখক, পৰিৱেশকৰ্মী হ’ল মানস প্ৰতিম দত্ত। বিজ্ঞান আৰু পৰিৱেশ লেখক,অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক,শিক্ষক মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক দিৱসসমূহৰ ঐতিহ্য বিষয়ক নৱতম গ্ৰন্থ ‘সেউজীয়া দিনৰ নৈসৰ্গিক খোজ’ প্ৰকাশ পালে। গ্ৰন্থখনৰ সম্পৰ্কে লেখক দত্তই কয় যে, প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰিৱেশ বিষয়ক বিভিন্ন দিৱস সমূহ আৰু ইয়াৰ ঐতিহ্য বিষয়ক এখন হাতপুথিৰ অভাৱ অনুভৱ কৰি আছিলোঁ। ভাবিলোঁ – এই অভাৱটো দেখোন ময়েই দূৰ কৰিব পাৰোঁ। তাৰেই ফল ‘সেউজীয়া দিনৰ নৈসৰ্গিক খোজ’।

আগ্রহী প্রার্থীসকলে এখন হাতপুথি হিচাপে নিজৰ লগত ৰাখিব পাৰে সেই কথাত গুৰুত্ব দিয়া হৈছে। গ্রন্থখনত কেৱল পৰিৱেশ বিষয়ক দিৱসসমূহৰ ঐতিহ্যৰ বিষয়েই অৱলোকন কৰা নাই বৰঞ্চ এই ক্ষেত্ৰত মানুহৰ দায়িত্ব আৰু সংৰক্ষণ চেতনাৰ বীজ গঢ়ি তুলিবলৈয়ো যত্ন কৰা হৈছে। পৰিৱেশ বিষয়ক বিভিন্ন দিৱস সমূহ, অসমৰ পৰিৱেশ সংগঠনসমূহৰ লগতে অসমৰ অৰণ্য সংৰক্ষণৰ গৱেষণামূলক ঐতিহ্য বিষয়ে তথ্যসম্বলিত আলোচনাৰে সমৃদ্ধ এখন হাতপুথি হিচাপে প্রতিজন পাঠকে গ্রন্থখন নিজৰ লগত ৰাখিব পাৰে।’
প্ৰয়াত ভ্ৰাতৃ অচ্যুত দত্তৰ স্মৃতিত প্ৰকাশিত গ্ৰন্থখন পাঞ্চজন্য বুকছে প্ৰকাশ কৰিছে।

প্ৰয়াত আয়ুৰ্বেদিক চিকিৎসক ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ বাসগৃহত মূখ্যমন্ত্ৰী

জালুকবাৰী ,৩ আগষ্ট, উত্তৰ-পূব ভাৰতৰ আয়ুর্বেদ শিক্ষা আৰু চিকিৎসা সেৱা প্ৰচাৰৰ
অন্যতম বাটকটীয়া ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ বাৰ্ধক্যজনিত কাৰণত ২৬ জুলাইত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল ।

নিশা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ গুৱাহাটীৰ জালুকবাৰীৰ লংকেশ্বৰস্থিত বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰি গভীৰ সমবেদনা প্রকাশ কৰে । অসমৰ চিকিৎসা ক্ষেত্রলৈ অসামান্য অৱদান আগবঢ়াই যোৱা অসমৰ প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসা আৰু শিক্ষাৰ প্ৰতিষ্ঠান চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট আয়ুর্বেদ চিকিৎসক গৰাকীৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অর্পণ কৰে আৰু বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। মূখ্যমন্ত্ৰী ডঃ শৰ্মাই উপস্থিত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত কয় – সুচিকিৎসক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ।

তেওঁ মৃত্যু পৰ্যন্ত আয়ুৰ্বেদিক চিকিৎসা সেৱাৰ ক্ষেত্ৰখনৰ গবেষণা আৰু নতুন নতুন চিকিৎসা পদ্ধতিৰ উন্নয়ন সাধনৰে ৰোগী সকলৰ আৰোগ্য লাভ কৰা বিষয়টোত নিজকে সমৰ্পিত কৰিছিল। উল্লেখ্য যে সাক্ষাৎ কালত প্ৰয়াত ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ দুই পুত্ৰ ক্ৰমে – সঞ্জীৱ ভট্টাচাৰ্য আৰু দেবব্ৰত ভট্টাচাৰ্যৰ সৈতেও বাৰ্তালাপ কৰি মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত সহায় – সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে। আনহাতে সাক্ষাৎ কালত বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন দাস, মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, লঙ্কেশ্বৰ অঞ্চলৰ যুৱ সমাজকৰ্মী প্ৰশান্ত তালুকদাৰকে ( মুন) ধৰি অঞ্চলটোৰ কেবাজনো নেতৃস্থানীয় লোক উপস্থিত আছিল।

ৰাজ্যৰ জিডিপিত ১২ শতাংশ অৱদান আগবঢ়োৱা ৰিয়েল ইষ্টেটকলৈ ‘ৰেৰ‍া’ৰ সন্মিলন

গুৱাহাটী,৩ আগষ্ট : ৰাজ্যৰ জিডিপি বৃদ্ধিৰ ক্ষেত্রত ৰিয়েল ইষ্টেট খণ্ডৰ ভূমিকা উল্লেখযোগ্য। এই ৰিয়েল ইষ্টেট খণ্ডৰ বিভিন্ন সমস্যাৰ সমাধান আৰু ইয়াৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰিয়েল ইষ্টেট নিয়ামক কৰ্তৃপক্ষৰ (ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি, ৰেৰা) এখন গুৰুত্বপূৰ্ণ সন্মিলন গুৱাহাটীত অনুষ্ঠিত হয়।

আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ৰ উদ্যোগত আয়োজন কৰা এই সন্মিলনত ৰিয়েল ইষ্টেটৰ বিকাশ সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এখন শ্বেতপত্ৰ উপস্থাপন কৰা হয়। দুই শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা সন্মিলনখনত ‘ৰেৰা’ অধ্যক্ষ পৱন কুমাৰ বৰঠাকুৰে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। সন্মিলনত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই প্ৰম’টাৰসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ ৰেৰাৰ পঞ্জীয়নৰ বাবে বৃহৎ সংখ্যক আৱেদন ৩০ দিনৰ আইনী সময়সীমাৰ বাহিৰত বাকী থকাৰ বিষয়টো উত্থাপন কৰে। লগতে এইবোৰ জৰুৰীভাৱে নিষ্পত্তি কৰাৰ ওপৰত জোৰ দিয়ে। তেওঁ বৰ্তমান জিডিপিত ১২ শতাংশ অৱদান আৰু ৩০০ টা সহযোগী উদ্যোগক সমৰ্থন কৰাৰ উপৰি বৃহৎ নিযুক্তিৰ সৈতে ৰাজ্যখনৰ অৰ্থনীতিত ৰিয়েল ইষ্টেটৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।


সন্মিলনত ‘ৰেৰা’ৰ অধ্যক্ষ পৱন কুমাৰ বৰঠাকুৰে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰে আৰু পলম নকৰাকৈ সকলো অমীমাংসিত আবেদন মীমাংসা কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ সকলো বাহ্যিক সংস্থাক একেলগে একত্ৰিত কৰি এটা খিৰিকীত সকলো অনুমোদনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আশ্বাস প্ৰদান কৰি কয় যে ৰেৰাৰ প্ৰ’মটাৰ সকলৰ লগতে আৱণ্টনকাৰীসকলৰ প্ৰকৃত অসুবিধাৰ প্ৰতি সংবেদনশীল আৰু প্ৰণালীবোৰ সুশৃংখল কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে। সন্মিলনত পবিত্ৰ ৰাম খাউণ্ড (আই এ এছ), ৰেৰাৰ সদস্য বিনোদ কুমাৰ চেত্ৰী, ৰেৰাৰ সচিব মুক্তি নাথ নাৰায়ণ, দীপক বেজবৰুৱা, ড০ জয়ন্ত পাঠক প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

সন্মিলনত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ, পৰিৱেশ আৰু বন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড অসম, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মেট্ৰ’পলিটান উন্নয়ন প্ৰাধিকৰণ, ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কৰ্তৃপক্ষ, নগৰ আৰু দেশ পৰিকল্পনা সঞ্চালকালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ প্ৰতিনিধি উপস্থিত আছিল।

কৰ্তব্যৰত আৰক্ষীৰ দলক আক্ৰমণ কৰা আঠগৰাকী লোকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ ঢেকীয়াজুলি আৰক্ষীৰ…

ঢেকীয়াজুলি আৰক্ষীথানাৰ অন্তৰ্গত ফঁটা শিমলু গাঁৱত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত আঠগৰাকী লোকক গ্ৰেপ্তাৰ কৰি শনিবাৰে দিনৰ ২ বজাত জে’ল হাজোতলৈ প্ৰেৰণ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে৷প্ৰাপ্ত তথ্য অনুসৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষীথানাৰ অধীনস্থ বৰছলা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বৰগোহাঁইৰ নেতৃত্বত আৰক্ষীৰ দলে ২ আগষ্ট ২০২৪ তাৰিখে পুৱতি নিশা ১ বাজি ৩০ মিনিটত বৰছলা আৰক্ষীচকী এলেকাৰে ফঁটা শিমলু গাঁৱত গ্ৰেপ্তাৰী পৰোৱানাৰ আচামী বিছাৰি গৈছিল ৷ আৰক্ষীৰ দলটোৱে ফঁটা শিমলু গাঁৱৰ গ্ৰেপ্তাৰী পৰোৱানাৰ আচামী ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ সময়তে গাওঁখনৰ মহিলা পুৰুষ মিলাই প্ৰায় ৩৫ জনীয়া এটা দলে বৰছলা আৰক্ষীচকীৰ কৰ্তব্যৰত আৰক্ষীৰ দলটোক

কৰ্তব্যত বাধা দিয়ে৷আনকি অতি উগ্ৰ মেজাজী লোক সকলে ইমানতে ক্ষান্ত নাথাকি আৰক্ষীৰ দলটোক পিছফালৰ পৰা আক্ৰমণ চলোৱাৰ লগতে আৰক্ষী জোৱানৰ হাতত থকা অস্ত্ৰ কাঢ়ি নিয়ে বুলি আৰক্ষী সুত্ৰে প্ৰকাশ৷যদিওঁ পিছত কোনোমতে কাঢ়ি নিয়া অস্ত্ৰ উদ্ধাৰ কৰি নিজৰ প্ৰাণ ৰক্ষা পেলায় বৰছলা আৰক্ষীৰ দলে,যদিওঁ এজাই সজীৱ গুলি বৰ্তমানলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে বুলি জনায় উক্ত গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া ৰাজকুমাৰ টায়ে৷ইয়াৰ পিছতে ঢেকীয়াজুলি আৰক্ষীৰ সহযোগত বৰছলা আৰক্ষীয়ে ফঁটা শিমলু গাঁৱত তীব্ৰ অভিযান চলাই আৰক্ষীক আক্ৰমণ কৰা আঠগৰাকী লোকক আটক কৰে যদিওঁ বাকী থকা সকলে পলায়ন কৰে৷এই সন্দৰ্ভত ঢেকীয়াজুলি আৰক্ষীয়ে ১৩৫/২০২৪ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত U/S-

190/190(2)/190(3)/118(2)/109/132/304/76 of BNS ত ছহিদুল ইছলাম(৫০) আকবৰ আলী (৪০) হাবিদা খাতুন(৪৫)ৰমিছা খাতুন(৬৭) ৰামজুমা খাতুন (২৭)ফুলচেন খাতুন(২০)ছালিমা খাতুন (২০) ৰ লগতে ফাতেমা খাতুন (৪৫)ক গ্ৰেপ্তাৰ কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ইপিনে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত একাংশই অমানবীয় ভাবে আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে সনাতনী বীৰ হিন্দু সেনাৰ নেতা মণিকণ দাসে৷মণিকণ দাসে কয় যি আৰক্ষীয়ে আমাৰ বাবে দিনে নিশাই কষ্ট কৰে সেই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাটো বৰ চিন্তনীয় বিষয় হৈ পৰিছে৷সেয়েহে এই ক্ষেত্ৰত আৰক্ষী অধিক কঠোৰ হব লাগিব৷