Home Blog Page 612

সুৰাপায়ীৰ বাবে অৱশেষত সুখবৰ ! ৰাজ্যত কমিল বিলাতী সুৰাৰ মূল্য…

সুৰাপায়ীৰ বাবে অৱশেষত সুখবৰ

হঠাৎ ৰাজ্যত কমিল বিলাতী সুৰাৰ মূল্য

কেইবাটাও ব্ৰেণ্ডত হ্ৰাস কৰা হৈছে আবকাৰী শুল্ক

বিয়েৰ, ৰাম, হুইচকীত ৩০% টকা পর্যন্ত ৰেহাই

কেৱল (ফুল)৭৫০ মিলি মিটাৰৰ বটলত কমিল দাম

সুৰাৰ কোৱাটাৰ-হাফ বটলত থাকিব পূৰ্বৰ মূল্য

বিয়েৰৰ বটলত ২২ৰ পৰা ৩৫ টকা পৰ্যন্ত দাম হ্ৰাস

লাকজাৰী ব্ৰেণ্ডৰ সুৰাৰ দাম কমিব ১৫০টকা পৰ্যন্ত

ব্ৰেন্দি, জিন, হুইচকী ব্ৰেণ্ডত দাম কমিব ৬৫% পর্যন্ত

ৰাজ্যৰ আবকাৰী বিভাগে জাৰি কৰিছে সুৰাৰ নতুন নিৰিখ

মাজুলীত লুইতৰ বুকুত আবদ্ধ ‘এছ বি চন্দন’ নামৰ ফেৰীখন ! ফেৰীখনত আছিল ৪০খন বাইক, এখন চাৰিচকীয়া বাহন…

মাজুলীত লুইতৰ বুকুত আবদ্ধ ‘এছ বি চন্দন’ নামৰ ফেৰীখন।

কমলাবাৰী ঘাটৰ পৰা নিমাতি অভিমুখে গৈ আছিল ফেৰীখন।

ফেৰীখনত আছিল ৪০খন বাইক, এখন চাৰিচকীয়া বাহন।

আজি বিশ্ব ফটোগ্ৰাফী দিৱস ! ১৮৩৭ চনত পোন প্ৰথমে ফ্ৰান্সত উদযাপন কৰা হৈছিল বিশ্ব ফটোগ্ৰাফী দিৱস…

আজি বিশ্ব ফটোগ্ৰাফী দিৱস।দৃশ্যমান কলা হিচাপে আলোকচিত্ৰ বা ফটোৰ যুগান্তকাৰী ভূমিকাৰ কথা সৰ্বজনবিদিত।ডিজিটেল যুগতো ফটোৰ প্ৰসাৰে পাইছে বিশেষ গুৰুত্ব।প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে উদযাপন কৰা হয়। ফ্ৰান্স আছিল ফটোগ্ৰাফীৰ অগ্ৰণী দেশ।

বিশ্বৰ প্ৰথম ফটোগ্ৰাফী প্ৰক্ৰিয়া ফ্ৰান্সতেই আৰম্ভ হৈছিল। ১৮৩৭ চনত যোচেফ নাইচফোৰ নিপচেৰ সহযোগত ফৰাচী ব্যক্তি লুইত ডাগোৱেৰে বিকশিত কৰিছিল এটি ফটোগ্ৰাফী প্ৰক্ৰিয়া। দুবছৰৰ অন্তত ফৰাচী বিজ্ঞান একাডেমীয়ে দুয়োৰে আৱিষ্কাৰক প্ৰশংসা কৰি ইয়াক বিশ্বৰ বাবে এক উপহাৰ বুলি অভিহিত কৰে।

১৮৩৯ চনত ১৯ আগষ্টত এই বিষয়ে ঘোষণা কৰা হৈছিল আৰু ফ্ৰান্স চৰকাৰে ফটোগ্ৰাফী পদ্ধতিৰ পেটেণ্ট ক্ৰয় কৰিছিল।তেতিয়াৰে পৰা প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰি অহা হৈছে।

আজি পবিত্ৰ ৰাখীবন্ধন ! ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন…

ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়। কিন্তু ৰাখী বন্ধনৰ এই উৎৱসটো কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে যদিও পুৰণি  আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ কৰিছিল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিলছিল। আৰু বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি

দিছিল। আৰু সিদিনাখন সংযোগ ক্ৰমে  শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু তাৰ পৰায়ে কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে। আৰু মহাভাৰতৰো আখ্যান মতে- কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। আৰু তেতিয়াৰ পৰাই কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হৈছিল। ৰাখী বন্ধন হৈছে ভাৰতৰ এটা উৎসৱ। আৰু এই উৎসৱটি অতীজৰে পৰা শাওণ মাহৰ পূণিমা তিথিত পালন কৰা হয়। হিন্দু, জৈন, শিখ আদিৰ ধৰ্মৰ লোকসকলে এই উৎসৱটি উদ্‌যাপন কৰে। ভাৰতবৰ্ষত ৰাখী বন্ধন উৎসৱটি  অতি পুৰণি যদিও আমাৰ অসমীয়া সমাজত কিছু বছৰৰ পৰাহে এই উৎসৱটি উদ্‌যাপন কৰা হৈছে।

ৰাখী বন্ধন এই উৎসৱটি ভাতৃ আৰু ভগ্নী বাবে এটা পবিত্ৰ দিন বুলি কোৱা। কিয়নো সেই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ আৰু ভগ্নীৰ মাজৰ মৰম-চেনেহ, আত্মীয়তা, একতা, শ্ৰদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা। সেইবাবে কোৱা হয় ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয় ৰাখীবন্ধন মানে হৈছে ভাতৃ আৰু ভগ্নী মাজৰ এক মৰমৰ বান্ধোন। সংস্কৃতি মূলীয় শব্দ ৰাখীৰ অৰ্থ হৈছে “সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন”। বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক  দিনে বৃদ্বি পাইছে। বিশেষকৈ বৰ্তমান সময়ত ৰাখী বন্ধনৰ প্ৰাসংগিকতা নিশ্চকৈ নুই কৰিৱ নোৱাৰি। কিয়নো তেজৰ সম্পৰ্কৰ ভাতৃ আৰু ভগ্মীৰ মাজতে এই উৎসৱটো সীমাদ্ধতা নাথাকি সম্পৰ্কীয় তথা দূৰ-সম্পৰ্কীয় মাজতো অতিশয় প্ৰচলিত এই উৎসৱটিয়ে  বৰ্তমান সমাজত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কিয়নো সদায় হত্যা, হিংসা, বিভেদেৰে পৰিপূৰ্ণ হৈ থকা বৰ্তমান সমাজখনলৈ যেন এনেবোৰ উৎসৱৰ আগমনে ভাৰতীয় লোকসকলৰ মাজত ভাতৃত্ব আৰু ভগ্নীসুলভ প্ৰীতিৰে সমাজখনলৈ এক ইতিবাচক পৰিবৰ্তন কঢ়িযাই আনক।

যোৰহাটত অবিনাশ দত্তৰ নামৰ যুৱকৰ ৰহস্যজনক মৃত্যু…

যোৰহাটত যুৱকৰ ৰহস্যজনক মৃত্যু। মৃত যুৱকজন যোৰহাট চেঙেলীআটিৰ অবিনাশ দত্ত। দেওবাৰে দুৰ্ঘটনাত পতিত হোৱা বুলি ভৰ্তি কৰোৱা হৈছিল JMCHত।

ৰহস্যজনকভাৱে যুৱকজনৰ বাইকখন উদ্ধাৰ কৰা হৈছিল JMCHৰ পাৰ্কিঙত। ক’ত দুৰ্ঘটনা হ’ল সেই সন্দৰ্ভত তথ্য নাই আৰক্ষী, পৰিয়ালৰ হাতত। মটৰ চাইকেলত নাই দুৰ্ঘটনা সংঘটিত হোৱাৰ কোনো চিন।

JMCHত ভৰ্তি কৰা লোকজনৰো কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ পৰিয়ালৰ লোকৰ। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যোৰহাট আৰক্ষীয়ে।

কংগ্ৰেছ, বিজেপি, চিপিএম ত্যাগ কৰি তিনি শতাধিকৰ আপত যোগদান ডিগবৈত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা

বিজেপি, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ প্ৰতি মোহ ভংগ হৈ দেওবাৰে ডিগবৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিত যোগদান কৰিলে তিনি শতাধিক লোকে।

আপৰ যুৱ শক্তি আৰু ডিগবৈ সমষ্টি সমিতিৰ উদ্যোগত আয়োজিত বৃহৎ যোগদান কাৰ্যসূচীত দলৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত আপত যোগদান কৰে বিজেপিৰ প্ৰেম বাহাদুৰ ছেত্ৰী, হৰেন দাস, পংকজ বৰা, কংগ্ৰেছৰ গুণ মাহাতো, ফৰিদা বেগম, চিপিএমৰ শ্ৰমিক নেতা দুৰ্গা ছেত্ৰী, ধৰ্ম কুমাৰ, শান্তনু দৈমাৰীৰ সৈতে গোলাই গাওঁ পঞ্চায়তৰ তিনি শতাধিক নেতা-কৰ্মীয়ে।

আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কৰ্মৰ ৰাজনীতি আৰু দলৰ নীতি- আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে দলটোত যোগদান কৰে। দলত যোগদান কৰা নৱাগত কৰ্মী সকলক আদৰণি জনাই ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই কয়, ” দিল্লী আৰু পঞ্জাৱত আম আদমী পাৰ্টিৰ চৰকাৰে বিভিন্ন জনমুখী আঁচনি গ্ৰহণ কৰিছে।

মহল্লা ক্লিনিক স্থাপন কৰি সকলোৰে বাবে স্বাস্থ্য সেৱা সুনিশ্চিত কৰিছে। শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে। বিনামূলীয়া বিদ্যুত যোগান কৰিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ সকলোতে ব্যৰ্থ হৈছে।

গতিকে অসমতো ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত কংগ্ৰেছ- বিজেপিৰ বিকল্প হিচাপে আম আদমী পাৰ্টিয়ে ৰাইজৰ মাজত শক্তিশালী ভেটি গঢ়ি তুলিব লাগিব। ” দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সহযোগী আহ্বায়ক মনোজ ধানোৱাৰেও নতুনকৈ আপত যোগদান কৰা সকলক শুভেচ্ছা জ্ঞাপন কৰে।

দলৰ কৰ্মী সকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ’বলৈ আহ্বান জনায় । কাৰ্যসূচীত আপৰ ৰাজ্যিক যুৱ শক্তিৰ আহ্বায়ক বাবুল বিকাশ চেতিয়াও উপস্থিত থাকে ।

গুৱাহাটীত আপৰ প্ৰতিবাদী সমদল কলকাতাৰ বলাৎকাৰ কাণ্ডৰ অপৰাধীৰ মৃত্যুদণ্ডৰ দাবী আপৰ

গুৱাহাটীত আপৰ প্ৰতিবাদী সমদল

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত বলাৎকাৰ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ ৰাজপথ।

গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখৰ পৰা আপৰ নেতা- কৰ্মী সকলে হাতে হাতে মমবাতি আৰু প্লেকাৰ্ড লৈ সমদলত অংশগ্ৰহণ কৰে।

‘ সমদলকাৰী সকলে ‘বলাৎকাৰীক ফাঁচি দিয়ক’, ‘কৰ্মক্ষেত্ৰত মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰক’, ‘ধৰ্ষণৰ অপৰাধত জড়িতৰ কঠোৰ শাস্তি লাগে ‘ আদি শ্লোগান দিয়ে। আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাৰ নেতৃত্বত বহুসংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ বলাৎকাৰীক শীঘ্ৰেই চৰম শাস্তিৰ দাবী জনায় আপৰ নেত্ৰী গৰাকীয়ে । প্ৰতিবাদী কাৰ্যসূচীত আপৰ জ্যেষ্ঠ নেতা ভিক্টৰ গগৈ, ৰুদ্ৰাংকুৰ হাজৰিকা, দিতুল বৰুৱা, আশ্ৰাফুল আৰিফ শিকদাৰ, প্ৰবীন শৰ্মায়ো অংশগ্ৰহণ কৰে।

আজি ভাদ মাহৰ প্ৰথমটো দিন।পুৱাৰে পৰা মুখৰ হল ৰাজ্যৰ সত্ৰ-নামঘৰ

আজি ভাদ মাহৰ প্ৰথমটো দিন।পুৱাৰে পৰা মুখৰ হল ৰাজ্যৰ সত্ৰ-নামঘৰ।

ভকত-বৈষ্ণৱৰ ভক্তি বন্দনাৰে দেওবাৰৰ পুৱাৰে পৰা মুখৰ হল ৰাজ্যৰ সত্ৰ-নামঘৰ। ধূপ-দীপ জ্বলাই, নৈবেদ্য আগবঢ়াই নাম-প্ৰসংগৰে নেদেখাজনৰ আশীৰ্বাদ কামনা ভক্তৰ।

আধ্যাত্মিকতা অমলিন আনন্দৰ নিজৰা বোৱাই অসমীয়াক ভক্তিৰসেৰে উজ্জীৱিত কৰিবলৈ এয়া ভাদ মাহৰ প্ৰথমটো দিন।

নিশা কোকৰাঝাৰত অনুষ্ঠিত হ’ব ইউ পি পি এলৰ ক’ৰ কমিটিৰ বৈঠক

নিশা কোকৰাঝাৰত অনুষ্ঠিত হ’ব ইউ পি পি এলৰ ক’ৰ কমিটিৰ বৈঠক।

ইউ পি পি এল ৰ সভাপতি প্ৰমোদ বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক। বৈঠকত উপস্থিত থাকিব ইউ পি পি এল ৰ মন্ত্ৰী-বিধায়ক, কাৰ্যবাহী পাৰিষদসকলো।

এই বৈঠকতে নিৰূপণ হ’ব ইউ পি পি এলৰ ভৱিষ্যৎ কৰ্মপন্থা, উপ নিৰ্বাচনৰ ৰণকৌশল।
ইউ পি পি এল

বংগ চৰকাৰ, চিবিআইলৈ লিখিলে পত্ৰ, কলকাতাৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ হৰভজনৰ

বংগ চৰকাৰ, চিবিআইলৈ লিখিলে পত্ৰ, কলকাতাৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ হৰভজনৰ

কলকাতাৰ আৰ জি কাৰ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ধৰ্ষণ তথা হত্যাকাণ্ডৰ ঘটনাৰ নৃশংসতা এতিয়াও পাহৰিব পৰা দেশে।

এনে জঘন্য অপৰাধ কাণ্ডই স্তম্ভিত কৰি তুলিছে দেশৰ প্ৰতিজন নাগৰিকক। এই অমানৱীয় কাণ্ডত জড়িত দোষীৰ শাস্তিৰ দাবীত সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিছে সচেতন নাগৰিকসকল। ইফালে দোষীৰ শাস্তিৰ লগতে চিকিৎসা কৰ্মীৰ সুৰক্ষা আইন প্ৰণয়নৰ দাবীৰে সমগ্ৰ দেশৰ চিকিৎসকসকলো ৰাজপথলৈ ওলাই আহিছ।

দেশজুৰি এই ঘটনাৰ বিৰুদ্ধে সৃষ্টি হোৱা ক্ষোভৰ মাজতে বলীউড তথা ক্ৰীড়া জগতৰ চেলিব্ৰিটিসকলেও এই ঘটনাক নিন্দা জনাই ভুক্তভোগী চিকিৎসক যুৱতীগৰাকীৰ ন্যায়ৰ দাবী তুলিছে।

শেহতীয়াকৈ বহু ক্ৰিকেটাৰে সামাজিক মাধ্যম যোগে দোষীৰ শাস্তি দাবী কৰি নিহত চিকিৎসকগৰাকীৰ ন্যায়ৰ বাবে মাত মাতিছে।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে পশ্চিম বংগ চৰকাৰ আৰু চিবিআইলৈ এক পত্ৰ যোগে এই ঘটনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হৰভজন সিঙে বংগৰ মমতা বেনাৰ্জী চৰকাৰ আৰু চিবিআইলৈ প্ৰেৰণ কৰা এখন পত্ৰত ধৰ্ষণক এক সামাজিক সমস্যা হিচাপে অভিহিত কৰিছে।