Home Blog Page 614

ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ…

অৱশেষত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল বাইডেন।

ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ।

অৱশেষত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল বাইডেন।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰ-পত্ৰত স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰে কমলা হেৰিছে।

হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত গছপুলি বিৰতণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী…

বৰপেটা জিলাৰ হাউলীৰ নিকটৱৰ্তী ইটাৰভিঠাস্থিত কাৰ্যালয়ৰে পৰিচালিত ৰাজ্যখনৰ অন্যতম বেচৰকাৰী সংস্থা হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত আৰু আস্থা আশ্ৰমৰ সহযোগত শুক্ৰবাৰে ৰাইজৰ মাজত গছপুলি বিতৰণ আৰু ফাউণ্ডেশ্বনৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী সফলতাৰে সমাপ্ত হয়। হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বন আৰু আস্থা আশ্ৰমৰ সঞ্চালক আনোৱাৰুল ইছলাম আকন্দে উক্ত গছপুলি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। গছপুলি বিতৰণ কাৰ্যসূচীত সচেতন নাগৰিক তথা শিক্ষক মাহমুদুৰ ৰহমান খান¸ সমাজকৰ্মী জাবেদুৰ ৰহমান খান¸ বৰপেটা জিলা সাহিত্য সন্মিলনীৰ সভাপতি সেখ ৰহমত উল্লাহ¸ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদকে আদি কৰি ভালে সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে¸ হিউমেন ডেভেলপমেন্ট ফাউণ্ডেশ্বনৰ উদ্যোগত প্ৰায়ে সমাজকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰে উদ্যোক্তাসকলে। ঈদ আৰু পূঁজা পাৰ্বণত বস্ত্ৰ বিতৰণ আৰু খাদ্য সামগ্ৰী বিতৰণ¸ আস্থা আয়ুৰ্বেদিক ফাৰ্ম এণ্ড ওৱেলফেয়াৰ ছেন্টাৰৰ উদ্যোগত হেল্থ চেকআপ কেম্প কৰা¸ চিলাই মেচিন আৰু দমকল বিতৰণ কৰা¸ ট্ৰেইলৰিং প্ৰশিক্ষণ দিয়াকে আদি কৰি বিভিন্ন সমাজ উন্নয়ণমূলক কাম কৰি আহিছে। লগতে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা আৰু নিচা মুক্তিৰ সজাগতা সভাৰ আয়োজন কৰি আহিছে। শুক্ৰবাৰে গছপুলি বিতৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীত স্থানীয় ৰাইজৰ লগতে সচেতন ৰাইজে সহায়-সহযোগ কৰাৰ বাবে সঞ্চালক আনোৱাৰুল ইছলাম আকন্দে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা বাছ দুৰ্ঘটনাগ্ৰস্তঃ এই কথা জনালে শিক্ষামন্ত্ৰীয়ে…

আৰোহণ আঁচনিৰ অধীনত চাৰিদিনীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন বাছ ডিব্ৰুগড়ত দুৰ্ঘটনাগ্ৰস্ত হয়।

সম্প্ৰতি সকলো নিৰাপদ আৰু এ এম চি এইচত চিকিৎসা গ্ৰহণ কৰি আছে। সামাজিক মাধ্যমযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

দুৰ্ঘটনাৰ পিছত সোনকালে সুস্থ হৈ উঠিবলৈ এবিধ বিশেষ খাদ্য খাইছিল ঋষভ পন্তে, আপুনিও খাব পাৰে এই ছুপাৰফুডবিধ…

২০২২ চনৰ ডিচেম্বৰ মাহত দিল্লী-ডেৰাডুন ঘাইপথত ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা ঋষভ পন্তৰ ক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাৰ পিছত সমগ্ৰ বিশ্বই ঋষভ পন্তৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল। এই দুৰ্ঘটনা সন্দৰ্ভত ঋষভ পন্তই নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ এই পৃথিৱীত থকা সময়খিনি শেষ হৈ গৈছে। দুৰ্ঘটনাটোত ঋষভৰ সোঁ আঁঠুত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। কিন্তু ঋষভ পন্তই হাৰ নামানি জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে। এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ঋষভ পণ্টৰ পুষ্টিবিদে কয় যে ঋষভ পণ্টৰ আৰোগ্য লাভৰ ক্ষেত্ৰত খিচিৰিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


খিচিৰি ভাৰতীয় খাদ্য, যি কেৱল সুস্বাদুৱে নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। খিচিৰি সহজে হজম হোৱাৰ লগতে পেটৰ বাবেও উপকাৰী।

খিচিৰি উপকাৰিতাঃ
পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে

ওজন নিয়ন্ত্ৰণত সহায়ক

শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী

গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্য

খিচিৰি বনোৱাটো অতি সহজ। ইয়াত আপোনাৰ পছন্দ অনুসৰি শাক-পাচলিও দিব পাৰে। কেৰাহীত ঘিউ বা তেল গৰম কৰি জিৰা, জলকীয়া দিব। তাৰ পিছত ধুই লোৱা চাউল আৰু দাইল দি ভাজিব। ইয়াৰ পিছত পানী দি উতলাই লওক। ৰুচি অনুসৰি নিমখ, হালধি আৰু অন্যান্য মছলা ব্যৱহাৰ কৰক। ইয়াত আপোনাৰ পছন্দৰ শাক-পাচলি যেনে বিলাহী, পটল আদি দিব পাৰে।

নিউ গুৱাহাটীত তিনিদিনীয়া শিক্ষক কৰ্মশালাৰ সামৰণি…

নিউ গুৱাহাটী ৰেলৱে কলনীস্থিত ‘জ্ঞানদীপ একাডেমী’ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ২৮ জুলাইৰ পৰা ৩০ জুলাইলৈ তিনিদিনীয়া এক “শিক্ষক প্ৰশিক্ষণ কৰ্মশালা” অনুষ্ঠিত হয়। শিক্ষা ব্যৱস্থাৰ এক নতুন ধাৰা সৃষ্টিৰ বাবে ভাৰত চৰকাৰে প্ৰস্তত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক আধাৰ হিচাপে লৈ এই শিক্ষক প্ৰশিক্ষণ তথা কৰ্মশালা আয়োজন কৰা হয়। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক সৰোগত কৰি কিদৰে বিদ্যালয়ে এখনে শিক্ষা প্ৰদান কৰিব লাগিব বা তীব্ৰ ভাৱে পৰিৱৰ্তীত সময়ৰ সৈতে খোজত খোজ মিলাই ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নিব লাগিব বা চিনাকি কৰি দিব সেই দৃষ্টিভংগী সমুখত ৰাখি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নীতি সমূহ শিক্ষাদান প্ৰক্ৰিয়াত যাতে সুচাৰুৰূপে প্ৰতিফলিত হয় সেই উদ্দেশ্যে সন্মুখত ৰাখি কৰ্মশালাত তিনিটা বিষয় বস্তুক অন্তৰ্ভুক্ত কৰা হয়। কৰ্মশালাত প্ৰথম দিনৰ কাৰ্যসূচীত বিষয়বস্তু আছিল ” নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ আৰু বৃত্তি মুখি শিক্ষাৰ বিকাশত শিক্ষকৰ শৈক্ষিক শৈলী”। এই কাৰ্যসূচীত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ছিলঙৰ লালদিনমাৱিঅ হানিয়ালুম চমূকৈ যোছেফ।

বামুণীমৈদাম শাখাৰ চি আৰ চি চি অৰুণ বৈশ্যই এনে পদক্ষেপ গ্ৰহণ কৰা বাবে বিদ্যালয়খনৰ অধ্যক্ষ হেমন্ত কুমাৰ গোস্বামীৰ শলাগ লয়। দ্বিতীয় দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাবে উপস্থিত আছিল গুৱাহাটী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ জিন্ত শৰ্মা আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডঃ পিঙ্কি বৰুৱা । দ্বিতীয় দিনৰ প্ৰশিক্ষণ বিষয়বস্তু আছিল ” প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান শিক্ষনত ছাত্ৰ-ছাত্ৰীৰ দক্ষতা আৰু বাস্তৱিক কাৰ্য্যকলাপৰ উৎকৃষ্ট সাধনত শিক্ষকৰ ভূমিকা”। হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা পৰিচালনা সমিতিৰ সদস্য নিধন বৰ্মনে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক সকলো কাম অতি আন্তৰিকতাৰে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তৃতীয় দিনাৰ বিষয়বস্তু “প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ইংৰাজী ভাষা আৰু ইয়াৰ বিকাশ আৰু শিক্ষাত শিক্ষকৰ ভূমিকা”ৰ বাবে । সমল ব্যক্তি হিচাবে উপস্থিত আছিল নতুন ফতাশিল হাইস্কুলৰ ইংৰাজী বিষয়ৰ শিক্ষক মৰমী শৰ্মা। তৃতীয়দিনাৰ কাৰ্যসূচীত এই অঞ্চলৰ এগৰাকী সমাজহিতৈষী আৰু কৰ্মী দণ্ডী কাকতিয়ে ভাগ লৈ অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে।

পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তৰ জিমিৰগাঁওত কৃষকৰ মাজত তৈল পাম খেতি বিষয়ক প্ৰশিক্ষণ

২ আগষ্ট : এন এম ই অ – অ পি আঁচনিৰ অধীনত তৈল পাম খেতি বিষয়ক কৃষক সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ অসম – মেঘালয় সীমান্তৰ জিমিৰগাওঁত ৩১ জুলাই আৰু পহিলা আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ।

অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ সহযোগত আৰু লুইত এডুকেচনেল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কৃষক তৈল পাম খেতিৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত ভাগ লোৱা সমল ব্যক্তি সকলে ভাষণ প্ৰসংগত তৈল পাম খেতিৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা কেইটামান সুবিধা ক্ৰমে – এন,এম ,ই,অ,পি,ৰ, অধীনত কৃষকসকলক প্ৰদান কৰা ৰাজ সাহায্য , তৈল পাম পুলিৰ বিতৰণ , জল সঞ্চয়ৰ গাঁথনি (পুখুৰী , নলী নাদ আৰু কুৱা) ,ভাৰ্মিকম্পষ্ট ইউনিটৰ বাবদ চাৰি হাজাৰ টকা ,শস্য চপোৱা সজুলিৰ বাবদ দহ হাজাৰ টকা, ট্ৰেক্টৰৰ লগত টুলী প্ৰতি ইউনিটে দুই লাখ টকালৈকে এই খেতিৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি আদিৰ বাখ্যা দাঙি ধৰে ।

প্ৰশিক্ষণ কাৰ্যসূচীত আৰ্থিক সাহায্যৰ লগতে কৃষক সকলক কাৰিকৰী শিক্ষাও প্ৰদান কৰা । প্ৰশিক্ষণ কাৰ্যসূচীত কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক হমেশ্বৰ কলিতা, ৰাণী খণ্ড কৃষি বিষয়া কৃষি সম্প্ৰসাৰণ সহাযক ব অচ্যুত বৰ্মন , জিমিৰগাঁওৰ জেষ্ঠb কৃষক মহেশ্বৰ ৰাভা , গান্ধীৰাম ৰাভাকে ধৰি তিনিখন গাঁওৰ বহুসংখ্যক কৃষক উপস্থিত থাকে।

গোগামুখত স্বাধীনতা দিৱস কাপ ফুটবলত মইনাপৰা-মৰ্ণিং এফ চি পৰবৰ্ত্তী ৰাওণ্ডত

দৈনন্দিন বাৰ্তাৰ ক্ৰীড়া প্ৰতিবেদক,  ধেমাজি, ২ আগষ্টঃ ধেমাজিি জিলাৰ গোগামুখৰ অন্যতম ক্ৰীড়া সংগঠন ন-গাঁও যুৱক সংঘৰ উদ্যোগত গোগামুখ নগৰ হাইস্কুল খেলপথাৰত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পূৰ্ণ গতিত চলি থকা প্ৰয়াত কনকেশ্বৰ গগৈ আৰু ধনবৰ দত্ত সোঁঁৱৰণি প্ৰাইজমানি আৰু ট্ৰফী ফুটবল টুৰ্নামেণ্টত  কালি বিয়লি অনুষ্ঠিত হোৱা এখন খেলত  মইনাপৰা এফ চিয়ে চিয়াজুলি এফ চিক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷

উত্তেজনাহীন একপক্ষীয় খেলখনত মইনাপৰা এফ চিয়ে চিয়ে উভয় অৰ্ধতে গ’ল কৰিবলৈ সক্ষম হয় ৷ কালিৰ খেলখন পৰিচালনা কৰে মণিৰাম পেগু,  শিৱাজী পাতিৰ,  ভূবন পেগুৱে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে মহানন্দ মিলি আৰু   মেচ কমিছনাৰ হিচাপে থাকে  বিমল স্বৰ্গীয়াৰীয়ে ৷ আজি অনুষ্ঠিত হোৱা আন এখন খেলত গোগামুখ মৰ্ণিং এফ চিয়ে চিলাপথাৰ ব্ৰাডাৰ্ছ এফ চিক টাইব্ৰেকাৰৰ জৰিয়তে ৬-৪ গ’লৰ ব্যৱধান পৰাস্ত কৰি দ্বিতীয় ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷ নিৰ্ধাৰিত সময়ত দুয়োটা দলে  ২-২ গ’ল দি ড্ৰ কৰাত খেলৰ পৰিচালকে টাইব্ৰেকাৰৰ আশ্ৰয় লয় ৷ টাইব্ৰেকাৰত গোগামুখ মৰ্ণিং এফ চিয়ে ৫-৪ গ’লৰ ব্যৱধানত জয়ী হয় ৷

চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত অনুশীলন অভিবিন্যাস অনুষ্ঠান সম্পন্ন

জালুকবাৰী ,২ আগষ্ট : গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষ (IQAC)ৰ উদ্যোগত আজি নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ – ছাত্ৰীসকলৰ উদ্দেশ্যে এটা অভিবিন্যাস অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বন্দনা সন্দিকৈয়ে ।

মহাবিদ্যালয়ৰ IQAC ৰ সমন্বয়ক ডঃ নীলাক্ষি দেৱীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰে । ডঃ নবনীতা গোস্বামীয়ে মহাবিদ্যালয়ৰ বিভিন্ন কমিটিৰ বিষয়ে অৱগত কৰে। আনহাতে সভাত ডঃ অৰুন্ধতী গোস্বামীয়ে প্ৰজেক্টৰৰ সহায়ত নতুন পাঠ্যক্ৰম আৰু FYUGP ছিলেবাচৰ বিষয়ে অবগত কৰে আৰু ডঃ হৃদয়ানন্দ তামুলী ফুকনে যোগ বিভাগৰ বিষয়ে ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰে ।

এটা বকুল গছৰ পুলি ৰোপণেৰে জাগীৰোডত ‘অমৃত বৃক্ষ ২.O’ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ ! প্ৰত্যককে নিজৰ মাৰ নামত এজোপাকৈ গছপুলি ৰোপণৰ আহ্বান মন্ত্ৰীগৰাকীৰ…

এটা বকুল গছৰ পুলি ৰোপণেৰে জাগীৰোডত ‘অমৃত বৃক্ষ ২.O’ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ
প্ৰত্যককে নিজৰ মাৰ নামত এজোপাকৈ গছপুলি ৰোপণৰ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

মন্ত্ৰী পীযুষ হাজৰীকাই আজি এটা বকুল গছৰ পুলি ৰোপণেৰে জাগীৰোডত ‘অমৃত বৃক্ষ ২.O’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ‘মাৰ নামত এজোপা গছ’ এই শ্লোগানেৰে চৰকাৰে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন ২.০। ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ চলিব ৩ কোটি গছপুলি ৰোপণৰ এই অভিযান। এই অভিযানৰ অংশ হিচাপে আজি মন্ত্ৰীগৰাকীয়ে জাগীৰোডস্থিত পৰিদৰ্শন বঙলাত এজোপা বকুল গছৰ পুলি ৰোপণ কৰি জাগীৰোডত অমৃত বৃক্ষ ২.Oৰ শুভাৰম্ভ কৰে।

গছপুলি ৰোপণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰি মাতৃৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ভাৰতবৰ্ষত ‘এক পেৰ মা কে নাম’ শীৰ্ষক এটা কাৰ্যসূচী আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰত্যেকেই যাতে নিজৰ মাৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। কালি অসম চৰকাৰে এই কাৰ্যসূচী আৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এই কাৰ্যসূচী শুভাৰম্ভ কৰে।

আজি মই জাগীৰোডত আৰম্ভ কৰিলো। মই সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। আনহাতে, কাইলৈৰ দিনটো জাগীৰোডৰ লগতে সমগ্ৰ অসমৰ বাবে এটা ঐতিহাসিক দিন বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। উল্লেখ্য যে কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰিব টাটাৰ প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ। প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই প্ৰকল্পত সংস্থাপন লাভ কৰিব প্ৰায় ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে।

মণিপুৰৰ কাংপকপি জিলাৰ লুংহৌৰ এলেকাত পুনৰ উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰশস্ত্ৰ…

মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে।‌ বিষ্ণুপুৰ উয়ুমাখং আৰু কাংপকপি জিলাৰ লুংহৌৰ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰিছে।

কাংপকপি জিলাৰ লুংহৌৰ এলেকাত চলোৱা অভিযানত দুটা ১২-ব’ৰৰ ৰাইফলৰ, এটা পইন্ট টু টু এছাল্ট ৰাইফল, মেগাজিনৰ সৈতে এটা ৭.৬২ এমএম এছাল্ট ৰাইফল, নটা সজীৱ গুলী

, এটা বোমা, ২৬টা খালী কাৰ্টিজ সহ অন্যান্য বিষ্ফোৰক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।