Home Blog Page 615

মণিপুৰৰ কাংপকপি জিলাৰ লুংহৌৰ এলেকাত পুনৰ উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰশস্ত্ৰ…

মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে।‌ বিষ্ণুপুৰ উয়ুমাখং আৰু কাংপকপি জিলাৰ লুংহৌৰ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰিছে।

কাংপকপি জিলাৰ লুংহৌৰ এলেকাত চলোৱা অভিযানত দুটা ১২-ব’ৰৰ ৰাইফলৰ, এটা পইন্ট টু টু এছাল্ট ৰাইফল, মেগাজিনৰ সৈতে এটা ৭.৬২ এমএম এছাল্ট ৰাইফল, নটা সজীৱ গুলী

, এটা বোমা, ২৬টা খালী কাৰ্টিজ সহ অন্যান্য বিষ্ফোৰক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

অসম মালা আঁচনিৰ পথ নিৰ্মাণৰ বাবে কৃষক ৰাইজৰ অধিগ্ৰহণ কৰা ভূমিৰ উপযুক্ত মূল্য বিচাৰি ৰাইজৰ প্ৰতিবাদ…

অসম মালা আচঁনিৰ পথ নিৰ্মাণৰ বাবে কৃষক ৰাইজৰ অধিগ্ৰহণ কৰা ভূমিৰ উপযুক্ত মুল্য বিছাৰি শুক্ৰবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ভূমিৰ গৰাকী সকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ গড়জুলি,ঘগৰা,চেনিমাৰী,গড়মৰা

পথাৰ,গড়মৰা বঙালী,মেধিপাম গাঁৱৰ মাজেৰে নিৰ্মাণ হবলগীয়া অসম মালা পথৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ উপযুক্ত মুল্য বিছাৰি আজি ভূমিৰ গৰাকী কৃষক ৰাইজে ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷আজি প্ৰতিবাদকাৰী সকলে আমাৰ মাটিৰ উচিত মুল্য দিয়ক,আমাৰ খাটিখোৱা কৃষক

ৰাইজক প্ৰতাৰণা নচলিব,মাটিৰ উপযুক্ত মুল্য নাপালে আমাৰ মাটি আমি এৰি নিদিওঁ,আদি বিভিন্ন শ্ল’গান দি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰিবেশ উত্তাল কৰে৷পিছলৈ গড়মৰা,পানবাৰী,চেনিমাৰী ভূমি সুৰক্ষা সমিতিৰ সভাপতি বিকাশ চুৰিন আৰু সম্পাদক চাবিয় চৰেনৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়া নয়ন পাঠকক প্ৰদান কৰে৷

জলসম্পদ বিভাগৰ নিৰন্তৰ প্ৰচেষ্টাত প্ৰাণ পোৱা ঐতিহাসিক কালমণি নৈত একাংশ লোকে পেলাই আহিছে দূষিত গেলা – পচা পদাৰ্থ; একাংশ লোকৰ ভূলৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিব পাৰে বৃহত্তৰ আজাৰা অঞ্চল…

ৰাজধানী গুৱাহাটী পৰা কিছু নিলগত থকা অসম-মেঘালয় সীমান্তৰ ৰাণীৰ পৰা দীপৰ বিললৈ বৈ অহা ঐতিহাসিক কালমণি নৈখন বিগত ২০২১-২২ বৰ্ষত অসম চৰকাৰৰ জলসম্পদ বিভাগে পুনৰুজ্জীৱিত কৰি তোলা বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদকে ধৰি বৃহত্তৰ আজাৰা অঞ্চল কৃত্ৰিম বানপানীৰ কবলৰ পৰা বিগত প্ৰায় দুই বছৰ ধৰি ৰক্ষা পৰি আহিছিল। কিন্তু অঞ্চলটোৰ একাংশ অসাধু লোকৰ দায়িত্বহীন মনোভাৱৰ বাবেই ঐতিহাসিক নৈখন পুনৰ নিশ্চিহ্ন হোৱাৰ দিশে উপক্ৰম হৈছে। উল্লেখযোগ্য যে আজাৰা ৰাজহ চক্ৰ এলেকাৰ অন্তৰ্গত আজাৰা অঞ্চলৰ মাজেৰে বৈ যোৱা তথা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ঐতিহাসিক কালমণি নৈখনত আৱৰ্জনা নেপেলাবলৈ জলসম্পদ বিভাগে ৰাইজক আহ্বান জনাইছিল। আনকি কালমণি নৈ পুনৰজ্জীৱিত কৰাৰ পিছতেই বৃহত্তৰ আজাৰা অঞ্চলৰ ৰাইজৰ অভিভাৱক সংগঠন স্বৰূপ আজাৰা অঞ্চলৰ ৰাজহুৱা অনুষ্ঠান “আজাৰা তালুক”ৰ তৰফৰ পৰা আজাৰা বিভিন্ন স্থানত সতৰ্কতামূলক জাননীও আঁৰি দিছিল। এলেকাটোৰ বিভিন্ন ঠাইত আঁৰি দিয়া এনে বেনাৰ সমূহৰ জৰিয়তে কালমণি নৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ- উপপথৰ দাঁতিত জাবৰ -জোঁথৰ পেলোৱা নিষিদ্ধ কৰা হৈছিল। কিন্তু সময় বাগৰি যোৱাৰ লগে-লগে সম্প্রতি এচাম অসাধু লোকে জলসম্পদ বিভাগে জীৱন দান দিয়া কালমণি নৈৰ বিভিন্ন ঠাইত আৱৰ্জনা পেলাই নৈখন পুনৰ পুতি পেলোৱাৰ অভিসন্ধি কৰিছে।

যাৰ ফলত নৈখনৰ কিছু ঠাইত আৱৰ্জনা দ’ম হৈ পানী বৈ যোৱাৰ পথ বন্ধ হৈ পৰিছে। যদিহে আৱৰ্জনা পেলোৱা কাৰ্য বন্ধ নহয় তেতিয়াহলে এটা সময়ত কালমণি নৈখন ভৌগোলিক মানচিত্ৰৰ পৰা নিচিহ্ন হৈ পৰিব । উল্লেখ্য যে, মেঘালয় সীমান্তৰ ৰাণী অঞ্চলৰ পৰা বৈ অহা পানীভাগ পাটগাঁও আৰু আজাৰা অঞ্চলৰ অতিৰিক্ত পানীভাগ কালমণি নৈৰে বৈ গৈ দীপৰ বিলত পৰে । কিন্তু দুৰ্ভাগ্যজনক কথা এই যে বহু বছৰ ধৰি ৰাণীগেটৰ পৰা অৰ্জুনগুৰিৰ দলঙলৈকে নৈখন দীপৰ বিলত পৰা অংশখিনিলৈ এচাম লোকে কালমণি নৈখনত আৱৰ্জনা পেলাই অহাৰ ফলত বিগত প্ৰায় এটা দশক ধৰি নৈখনৰ অপমৃত্যু হৈছিল। ফলত বি এছ এফৰ পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদ, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদৰ একাংশ , ভি আই পিৰ মিলন নগৰকে ধৰি বৃহত্তৰ আজাৰাৰ এক বিস্তীৰ্ণ অঞ্চল বাৰিষাৰ সময়ছোৱাত এজাক বৰষুণ দিলেই কৃত্ৰিম বানপানীৰ কবলত পৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছিল । অৱশেষত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ তৎপৰতাত জলসম্পদ বিভাগৰ মিৰ্জাস্থিত পলাশবাৰী-গুমি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে বিগত ২০২১ – ২২ বৰ্ষত কালমণি নৈখনক পুনৰ জীৱন দান দিয়াৰ উদ্দেশ্যেৰে ৰাণীগেটৰ পৰা অৰ্জুনগুৰিৰ দলঙলৈকে খনন কাৰ্য আৰম্ভ কৰি সম্পূৰ্ণ কৰিছিল। আনকি খনন কার্য চলোৱাৰ সময়ত নৈখনৰ ওপৰত চৰকাৰী-বেচৰকাৰীভাবে নিৰ্মাণ কৰা সকলো অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হৈছিল। আজাৰা তালুক কমিটিকে ধৰি আজাৰা অঞ্চলৰ সচেতন ৰাইজেও এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছিল । শেহতীয়াকৈ কিছুদিন পূৰ্বে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ কামৰূপ মহানগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ ফালৰ পৰা বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি জেচিবিৰে কালমণি নৈখনত একাংশ লোকে পেলাই বাম কৰি পেলোৱা জাবৰ – যোথৰ , আৱৰ্জনা সমুহ উঠাই নৈখনৰ পানীৰ স্বাভাৱিক প্রবহন ৰখাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আনকি জলসম্পদ বিভাগৰ ফালৰ পৰা নৈখনৰ দাঁতিত থকা লোকসকলক নৈত কোনো ধৰণৰ সামগ্ৰী নেপেলাবলৈ আহ্বান জনোৱা হৈছে। কিন্তু একাংশ লোকে সেই আহ্বানক নেওচিও পুনৰ আৱৰ্জনা পেলোৱা পৰিলক্ষিত হৈছে।

ইফালে জলসম্পদ বিভাগৰ অভিযন্তাই সদৰি কৰা অনুসৰি বিভাগে সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা নৈখনত কাৰিকৰী আৰু আৰ্থিক কাৰণতে সদায় জেচিবি লগাই চাফ – চিকুণ কৰি থাকিব নোৱাৰে। যদি নৈখনত একাংশ লোকে পূৰ্বৰ দৰে নিয়মীয়াকৈ আবৰ্জনা – জাবৰ আদি পেলাই থাকে ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে নৈখনৰ মৃত্যু মাতি আনিব। গতিকে বৃহত্তৰ আজাৰা অঞ্চলৰ ৰাইজৰ সহযোগিতাতহে কালমণি নৈৰ অস্তিত্ব নিৰ্ভৰ কৰিব বুলি জলসম্পদ বিভাগৰ অভিযন্তাই সদৰি কৰিছে। জানিব পৰা মতে সমষ্টি পুনৰ গঠনৰ পাছত আজাৰা অঞ্চলটো মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছৰে পৰা আন আন বিভাগৰ দৰে জলসম্পদ বিভাগৰ ফালৰ পৰা তেওঁলোকৰ অধীনত পৰা সকলো নলা – নৰ্দমাৰে পানী প্ৰবহন ব্যৱস্থাটো যাতে বাধাহীন ভাবে চলি থাকে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়।

আলমণ্ড খাই বেয়া পোৱা সকলে খাব পাৰে দৈ! লাভ কৰিব আলমণ্ডতকৈ বেছি প্ৰ’টিন…

আমি প্ৰায়ে কোৱা শুনো যে আলমণ্ড খাওক, আলমণ্ডে প্ৰ’টিন প্ৰদান কৰে। কিন্তু আলমণ্ড খাই ভাল নোপোৱা বহু লোক আছে। গতিকে তেওঁলোকে আলমণ্ডৰ সলনি দৈ খাব পাৰে। আলমণ্ডতকৈ দৈত অধিক প্ৰটিন থাকে। ই এক ভাল প্ৰটিন আৰু প্ৰ’বায়’টিক উৎস। দৈত কেৱল প্ৰটিনেই নহয়, কেলচিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থও থাকে, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

প্ৰটিনৰ উপৰিও দৈত প্ৰ’বায়’টিকো থাকে, যিবোৰ পাচনতন্ত্ৰৰ বাবে উপকাৰী। এই প্ৰ’বায়’টিকবোৰে অন্ত্ৰত ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস পায় আৰু হজম শক্তিও উন্নত হয়। হৰম’ন উৎপাদনত প্ৰ’টিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিয়মিত দৈ খালে হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব পাৰে। ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবেও প্ৰটিন গুৰুত্বপূৰ্ণ। দৈত থকা প্ৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদানে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলে আৰু চুলিক শক্তি প্ৰদান কৰে।

EDৰ বাবে চাহ-বিস্কুট সাজু কৰিছে ৰাহুল গান্ধীয়ে…

EDৰ বাবে চাহ-বিস্কুট সাজু কৰিছে ৰাহুল গান্ধীয়ে।

লোকসভাত বিজেপিক সমলোচনা কৰাৰ পাছতেই আন এক প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ৷

EDৰ তদন্তৰ আওতালৈ আহিব পাৰে বুলি মন্তব্য ৰাহুল গান্ধীৰ৷

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আধুনিক সময়ৰ ‘চক্ৰব্যূহ’ত আৱদ্ধ ভাৰত বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে৷

ইয়াৰ পাছতেই EDক কটাক্ষ কৰি পুনৰ আন এক মন্তব্য কৰে ৰাহুল গান্ধীয়ে৷

পেৰিচ অলিম্পিক বক্সিং ৰিঙত পুৰুষৰ হাতত পৰাজয় মহিলা বক্সাৰ, ক্ষোভ প্ৰকাশ কংগনা ৰানাউটৰ…

পেৰিছ অলিম্পিক ২০২৪ ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰি নিজৰ দেশৰ বাবে পদক লাভ কৰিছে। এনে পৰিস্থিতিত ২০২৪ চনৰ পেৰিছ অলিম্পিকতো ভাৰতীয় খেলুৱৈসকলে নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। অৱশ্যে ইয়াৰ মাজতে এনে বহু পোষ্ট ভাইৰেল হৈ আছে, যিয়ে দৰ্শকৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছে।

য’ত এগৰাকী পুৰুষ বক্সাৰৰ হাতত এগৰাকী মহিলা খেলুৱৈ পৰাজয় হ’ল, যাৰ বাবে সকলোৱে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইফালে বলীউডৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাৱটেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্পষ্টভাৱে অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰিছে। কংগনাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কিছুমান পোষ্ট কৰিছিল যিবোৰ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ইয়াৰ উপৰিও বহু ব্যৱহাৰকাৰীৰ পৰাও তেওঁলোকে সমৰ্থন লাভ কৰিছে।

কংগনাই কৈছিল যে মহিলা খেলুৱৈগৰাকীয়ে এজন পুৰুষৰ মুখামুখি হৈছে। কংগনাই লিখিছে, ‘এই মহিলাগৰাকীয়ে ৭ ফুট ওখ মানুহৰ লগত খেলিছিল, যিজন পুৰুষ হিচাপে জন্ম হৈছিল। তেওঁৰ শৰীৰৰ সকলো অংগ পুৰুষৰ আছিল। তেওঁৰ আচৰণ আৰু চেহেৰা দুয়োজন পুৰুষৰ। বক্সিং মেচত তেওঁ এগৰাকী মহিলাক মাৰপিট কৰি আছিল যেনেকৈ ঘৰত পুৰুষে এগৰাকী মহিলাক পৰাস্ত কৰে। অৱশ্যে নিজকে নাৰী বুলি কয়। গতিকে আপুনি নিজেই অনুমান কৰক এই বক্সিং মেচখনত কোনে জয়ী হৈছে?

বৰপথাৰত বাৰ্মিজ চুফাৰি ভৰ্তি ১২ চকীয়া ট্ৰাক জব্দ…

বৰপথাৰত বাৰ্মিজ চুফাৰি ভৰ্তি ১২ চকীয়া ট্ৰাক জব্দ।

গোপন খবৰৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া দ্বীপেন পাটৰে কৰায়ত্ত কৰে গাড়ীখন৷

নাগালেণ্ডৰ পৰা দয়ালপুৰ, চাংখাটি, গেলাবিল হৈ সৰবৰাহ কৰিবলৈ লওতেই বৰপথাৰত আৰক্ষীৰ জালত পৰে চুফাৰিভৰ্তি ট্ৰাকখন।

PB 12 Y 7367 নম্বৰৰ পঞ্জাৱ বডী ট্ৰাকত সৰবৰাহ কৰিছিল চুফাৰিখিনি।

গাড়ীখনৰ চালক চৰণ সিঙক আটক কৰিছে আৰক্ষীয়ে ৷

ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

অসুস্থ সংগীতশিল্পী অৰিজিৎ সিং, পিছুৱাই দিলে ব্ৰিটেইন ভ্ৰমণ; বাতিল কৰিলে সকলো অনুষ্ঠান…

অসুস্থ সংগীতশিল্পী অৰিজিৎ সিং। পিছুৱাই দিলে ব্ৰিটেইন ভ্ৰমণ। বাতিল কৰিলে সকলো অনুষ্ঠান। অৰিজিত সিঙে স্বাস্থ্যজনিত সমস্যাৰ বাবে ব্ৰিটেইন ভ্ৰমণ স্থগিত ৰাখিছে। ইয়াৰ বাবে ছ’চিয়েল মিডিয়াতো অনুৰাগীৰ ওচৰত ক্ষমা খুজিছে কণ্ঠশিল্পীগৰাকীয়ে।

ব্ৰিটেইন ভ্ৰমণ পিছুৱাই দিয়াৰ কাৰণ হ’ল অৰিজিত সিঙৰ স্বাস্থ্যজনিত সমস্যা। অৱশ্যে ছচিয়েল মিডিয়াৰ জৰিয়তে ইয়াৰ বাবে সকলো অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছে গায়কজনে। লগতে তেওঁৰ ব্ৰিটেইনৰ কনচাৰ্টৰ নতুন তাৰিখো ঘোষণা কৰিছে। অনুৰাগীৰ ওচৰতো ক্ষমা খুজিছে। অৱশ্যে তেওঁৰ কি হৈছে সেই কথা কোৱা নাই কণ্ঠশিল্পীগৰাকীয়ে।

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ! বৰ্তমানলৈ JEত আক্ৰান্ত ২২জন লোকৰ GMCHত মৃত্যু…

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগৰ ভয়াৱহ সংক্ৰমণ ৷ জিলা বিশেষে এনে ৰোগত আক্রান্ত ৰোগীৰ মৃত্যুও ঘটিছে ।ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলাতো জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগৰ প্ৰাৰ্দুভাৱ ঘটিছে ।

জিলাখনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা 31 জুলাইলৈ জিলাখনৰ জ্বৰ আদি ৰোগত ভোগা 63 হাজাৰ 918 জন লোকৰ ৰক্তৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্রান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰি 64 জন লোকৰ ৰক্ত পৰীক্ষা কৰা হয় । এই পৰীক্ষাত 17 জন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত বুলি ধৰা পৰে ।

আনহাতে, জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজন লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে । ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷ বৰ্তমানলৈ JEত আক্ৰান্ত ২২জন লোকৰ GMCHত মৃত্যু ৷ এই সন্দৰ্ভত GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।

মাৰ নামত এজোপা গছঃ এজোপা বকুল গছৰ পুলি ৰোপণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

মাৰ নামত এজোপা গছ, অমৃত বৃক্ষ আন্দোলন ২.০ৰ অংশৰূপে আজি জাগীৰোডস্থিত পৰিদৰ্শন বঙলাত এজোপা বকুল গছৰ পুলি ৰোপণ কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে এই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰি এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।