Home Blog Page 617

বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে মূখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰৰ কাৰ্যভাৰ গ্ৰহণ…

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ (বি আৰ অ ) পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) হিচাপে বৃহস্পতিবাৰে পূব মণ্ডলৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত মূখ্য কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে ব্ৰহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই। উল্লেখ্য যে পূৱ মণ্ডলৰ এ ডি জি প্ৰবীণ কুমাৰ হনুমন্ত সিঙে ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰাত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ব্ৰহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজয় কুমাৰ মিশ্ৰক জ্যেষ্ঠতা, দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত অজয় কুমাৰ মিশ্ৰক বি আৰ অৰ পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত এ ডি জি হিচাপে নিযুক্তি দিয়া হয়। উল্লেখ্য যে ১৯৯২ বেটছৰ সীমান্ত পথ অভিযান্ত্ৰিক সেৱাৰ বিষয়া অজয় কুমাৰ মিশ্ৰই বিগত প্ৰায় ৩২ বছৰত জম্মু – কাশ্মীৰ , অৰুণাচল প্ৰদেশকে ধৰি ভাৰত – তিব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চলত পথ, দলং, সুৰংগ আদিৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ যাতায়াত ব্যৱস্থাৰ উন্নয়ন সাধন কৰাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সঞ্চয় কৰিছে।

আনকি ভাৰত – তিব্বত সীমান্তৰ দাঁতিয়েদি বৰ্ত্তমান নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা অৰুণাচল প্ৰদেশৰ ফ্ৰন্টিয়াৰ হাইৱে নামৰ দুইলেনযুক্ত ঘাইপথ প্রকল্পৰ লগতো জড়িত হৈ আছে বি আৰ অত দক্ষ অভিযন্তা হিচাপে সুনাম অৰ্জন কৰা অজয় কুমাৰ মিশ্ৰ। আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই পূৱ মণ্ডল মূখ্য কাৰ্যালয়ৰ সভাগৃহত অভিযন্তা আৰু বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হৈ অজয় কুমাৰ মিশ্ৰই পূৱ মণ্ডলৰ অধীনত চলি থকা বিভিন্ন প্ৰকল্পৰ কাম – কাজ সমূহৰ পৰ্যালোচনা কৰাৰ লগতে সকলো নিৰ্মাণ কাৰ্য যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হাতে হাত ধৰি প্ৰেমৰ নগৰ পেৰিছত অনন্ত-ৰাধিকা…

মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু বোৱাৰীয়েক ৰাধিকা মাৰ্চেণ্ট আছে বৰ্তমান প্ৰেমৰ চহৰত। পেৰিছৰ ‘দ্য চিটি অৱ লাভ’ত পত্নী ৰাধিকা মাৰ্চেণ্টৰ হাতত ধৰি ঘূৰি ফুৰা দেখা গৈছিল। ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে নৱবিবাহীতাৰ হাতে হাত ধৰি খোজ কঢ়াৰ এটা ভিডিঅ’।


কেৱল সেয়াই নহয়, অনন্ত আৰু ৰাধিকাৰ সৈতে আম্বানী পৰিয়ালৰ আন সদস্যসকলো পেৰিছলৈ গৈছে। পেৰিছত চলি আছে অলিম্পিক। সকলোৱে অলিম্পিক চাবলৈ পেৰিছলৈ গৈছিল।

১২ জুলাইত অনন্ত ৰাধিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মুম্বাইত তিনিদিন ধৰি চলিছিল এই বিবাহ অনুষ্ঠান। পুত্ৰৰ বিয়া উপলক্ষে মুকেশে ৫০০০ কোটি টকা খৰচ কৰিছে। আম্বানী পুত্ৰৰ বিবাহ অনুষ্ঠানত দেশ-বিদেশৰ ৰাজনীতিবিদকে ধৰি ১৪ হাজাৰৰো অধিক অতিথিক আমন্ত্ৰণ জনোৱা হয়। লণ্ডনত অনন্ত আৰু ৰাধিকাৰ বিয়াৰ পিছৰ অনুষ্ঠান আম্বানীহঁতে আয়োজন কৰিবলৈ ওলাইছে বুলি উৰাবাতৰি চৰ্চা হৈছে।

ধুবুৰীত অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান…

ধুবুৰীত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক৷ অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান৷

ৰাকিবুল ইছলাম আহমেদ নামৰ জোৱানজনক আটক৷

জোৱানজনে বিজেপিৰ নেতা বুলি পৰিচয় দি সংগ্ৰহ কৰিছিল ধন৷

দিল্লীৰ পৰা কেৰালালৈকে ধাৰাসাৰ বৰষুণ! কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি, ৫ আগষ্টলৈ এই ৰাজ্যসমূহত হ’ব বৰষুণ…

সমগ্ৰ দেশতে বৰষুণৰ ফলত বিধ্বংসী সৃষ্টি হৈছে, কেৰালাৰ ৱায়ানাদৰ পৰা ইউ পিলৈকে বৰষুণৰ ফলত শ শ লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ ভাৰতৰ বহু ঠাইত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ২০ জনতকৈ অধিক লোকৰ মৃত্যু। বৰষুণ আৰু ভূমিস্খলনৰ বাবে বহু লোক নিৰুদ্দেশ হৈছে। কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হৈছে ২০০ৰো অধিক লোকৰ। উত্তৰাখণ্ডত নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ১২ জন লোকৰ মৃত্যু। বতৰ বিজ্ঞান বিভাগে জনাইছে যে আজি বহু অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিল্লী-ইউ পিৰ পৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে আই এম ডিয়ে।

হিমাচল প্ৰদেশতো ডাৱৰ বিস্ফোৰণৰ ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক নিৰুদ্দেশ। কৰ্ণাটকৰ উডুপি জিলাৰ নেল্লিকাৰু গাঁৱত প্ৰচণ্ডৰ পৰা অতি প্ৰবল বৰষুণৰ ফলত এটা ঘৰ আংশিকভাৱে ভাঙি মৃত্যু হয় এগৰাকী ৫৬ বছৰীয়া মহিলাৰ। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে ৰাজধানীত আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু অঞ্চলত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ একাংশ স্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকা বুলিও বিভাগটোৱে জানিবলৈ দিয়ে।

হাওঁফাওঁৰ কৰ্কট ৰোগত প্ৰতি বছৰে বহু লোকৰ মৃত্যু হয়, হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল কাৰণ কি জানি লওক…

হাওঁফাওঁৰ কৰ্কট ৰোগ এক মাৰাত্মক ৰোগ। এই ৰোগৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে। আপোনাৰ আৰু আপোনাৰ আপোনজনক সজাগ কৰিবলৈ প্ৰতি বছৰে ১ আগষ্টত বিশ্ব হাওঁফাওঁ কৰ্কট দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা বিয়পাই দিয়া আৰু এই ৰোগৰ বিষয়ে মানুহক জ্ঞান দিয়া। হাওঁফাওঁৰ কৰ্কট ৰোগ বিশ্বজুৰি কৰ্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ অন্যতম প্ৰধান কাৰণ।

ধঁপাত খোৱাটো (চিগাৰেট) হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰধান বিপদজনক কাৰক। ধূমপান নকৰা লোকৰো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। আন আন বিপদজনক কাৰকসমূহৰ ভিতৰত বায়ু প্ৰদূষণ, বংশগত কেন্সাৰ চিনড্ৰম আৰু দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ।

হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ হৈছেঃ

উশাহ লোৱাত কষ্ট পোৱা – যদি কেন্সাৰ কোষ বাঢ়ি বায়ুৰ পথ বন্ধ কৰি দিয়ে তেন্তে হাওঁফাওঁৰ কৰ্কট ৰোগৰ ফলত উশাহ-নিশাহৰ কষ্ট হ’ব পাৰে।

তেজ কাহ- হাওঁফাওঁৰ কৰ্কট ৰোগত বায়ুপথতো ৰক্তক্ষৰণ হয় আৰু ইয়াৰ ফলত তেজ কাহ ওলায়। কেতিয়াবা ৰক্তক্ষৰণ তীব্ৰ হ’ব পাৰে।

বিষ – হাওঁফাওঁৰ কৰ্কট ৰোগ বিয়পিলে তীব্ৰ বিষ হয়।

শৰীৰৰ আন অংশলৈ বিয়পে- হাওঁফাওঁৰ কৰ্কট ৰোগ সাধাৰণতে শৰীৰৰ আন অংশ যেনে মগজু আৰু হাড়লৈ বিয়পে। কেন্সাৰ বিয়পিলে বিষ, বমি, মূৰৰ বিষ আৰু বহুতো লক্ষণ দেখা দিব পাৰে।

হাওঁফাওঁৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ উপায়ঃ

  • ধূমপান বন্ধ কৰিব লাগে।
  • প্ৰতিদিনে উশাহ-নিশাহৰ ব্যায়ামৰ অভ্যাস কৰিব লাগে।
  • ঘৰৰ ​​ভিতৰৰ ঠাইবোৰ পৰিষ্কাৰ আৰু ধূলিমুক্ত কৰিব লাগে।
  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ আৰু ইয়াৰ দ্বাৰা হাওঁফাওঁ সুস্থ কৰি ৰখাত সহায়ক হ’ব।
  • ব্যায়ামে আপোনাৰ হাওঁফাওঁ সুস্থ কৰি ৰাখে আৰু সেয়েহে, আপুনি দৈনিক ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ।
  • মানুহে ধূমপান কৰা ঠাই যেনে বাৰ পৰিহাৰ কৰক।

আজিৰে পৰা ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলা৷ ৰোহিত শৰ্মাৰ নেতৃত্বত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই…

আজিৰে পৰা ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলা৷

ৰোহিত শৰ্মাৰ নেতৃত্বত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই৷

টীম ইণ্ডিয়াৰ এদিনীয়া দলটোত অসম সন্তান ৰিয়ান পৰাগো আছে ৷

পেৰিচ অলিম্পিক বক্সিং ৰিঙত পুৰুষৰ হাতত পৰাজয় মহিলা বক্সাৰ, মাত্ৰ ৪৬ চেকেণ্ডতেই ঢলি পৰিল ইটালীৰ মহিলা বক্সাৰ…

পেৰিচ অলিম্পিক বক্সিং ৰিঙত পুৰুষৰ হাতত পৰাজয় মহিলা বক্সাৰ, মাত্ৰ ৪৬ চেকেণ্ডতেই ঢলি পৰিল ইটালীৰ মহিলা বক্সাৰ। ইমান খালিফৰ হাতত ইটালীৰ মহিলা বক্সাৰ এঞ্জেলা কাৰিনীৰ পৰাজয়৷ পৰাজয়ৰ পাছতেই পেৰিছ অলিম্পিকত লিংগ বিতৰ্ক৷

২০২২ বৰ্ষত দিল্লীত অনুষ্ঠিত হোৱা মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ‘পুৰুষ’ হোৱাৰ অভিযোগত আলজেৰিয়াৰ ইমানক স্বৰ্ণ পদকৰ মেচৰ পূৰ্বে অন্তিম মুহূর্তত নিষিদ্ধ ঘোষণা কৰাৰ পাছত এইবাৰ পেৰিছ অলিম্পিকত কিয় খেলুৱৈগৰাকীক খেলিব দিয়া হ’ল তাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা৷

গ্ৰন্থ অধ্যয়ন,স্মাৰ্ট ফোন, বিবাহ উৎসৱ, বৰ্তমানৰ শিশু ইত্যাদি…

গ্ৰন্থ হ’ল এখন সমাজ আৰু এটা জাতিৰ ধ্বজাবাহক। এখন ঠাইৰ প্ৰচলিত নীতি নিয়ম সাজ – পোচাক,সভ্যতা- সংস্কৃতি আদিৰ পৰিচয় বহন কৰে কেৱল গ্ৰন্থই। দেশ -বিদেশৰ বিদগ্ধ ব্যক্তি সকলৰ বুদ্ধিমত্তা বা জ্ঞান -ধাৰণাৰ সৈতে শুভ সংযোগ মাত্ৰ এখন কিতাপেহে সম্ভৱ কৰি তুলিব পাৰে ! এখন ভাল কিতাপ এজন সৎ বন্ধু ৰুপে পৰিগণিত হ’ব পাৰে।

আজি বৰ্তমানৰ পৰিপ্ৰেক্ষিত্বত কিতাপৰ চাহিদা ও জনপ্ৰিয়তা কিছু পৰিমাণে হ্ৰাস পাই আহিছে।ইয়াৰ প্ৰকৃত কাৰণ বিছাৰি চাবলৈ গ’লে বৰ্তমানৰ আধুনিক কলা- কৌশল,আৰু উন্নত প্ৰযুক্তি বিদ্যাৰ সফল প্ৰয়োগ বুলি ক’ব পাৰি !কৰ্ম ব্যস্ততাই আজি সকলোকে ক্লান্ত কৰি তোলে! আগৰ সময়ছোৱাত মনোৰঞ্জনৰ বিশেষ মাধ্যম কিতাপেই আছিল মানুহে আজৰি সময় কটাইছিল কিতাপ পঢ়িয়েই….!আমাৰ সৰু কালছোৱাত দেখা পাইছিলো আমাৰ মাহী ,পেহী হঁতে একোখন কিতাপ লৈ নিজকে ব্যস্ত কৰি ৰাখিছিল এই অধ্যয়নৰ যোগাত্মক প্ৰভাৱ আমি কেতিয়াও ন্যুই কৰিব নোৱাৰোঁ অধ্যয়নে আমাক ধৈৰ্যশীল আৰু সহানুভূতিশীল হ’বলৈ শিকোৱাৰ লগতে অভিব্যক্তিক কলাত্মক আকাৰ দিয়াৰ লগতে নিয়মানুবৰ্তিতাও শিকায়। এককথাত গ্ৰন্থ অধ্যয়নে ব্যক্তিত্বৰ উন্মেষ ঘটায়!


এটা সময় আছিল জন্মদিন নতুবা বিবাহ উৎসৱত উপহাৰ দিবৰ বাবে একোখন কিতাপ নিৰ্বাচন কৰা হৈছিল । এনেবোৰ অনুষ্ঠানত কিতাপৰ দৰে মূল্যবান উপহাৰ আন একোৱেই হ’ব নোৱাৰে ।মোৰ বিয়াত উপহাৰ পোৱা কিতাপকেইখন মই আজিও মোৰ আলমাৰীত সজতনে সজাই ৰাখিছোঁ ! বিয়াৰ পিছদিনা উপহাৰ খোলাৰ সময়কণত কেইখন কিতাপ উঠিছে, কি কি কিতাপ উঠিছে সেইয়া লৈ কিযে উথপথপ !! কোনোবা এগৰাকীয়ে তাৰে দুখন নি মনে মনে গাৰু তলত সুমুৱাই থৈ অহা নাছিলগৈ নে বাৰু? আজি যদি কেনেবাকৈ এখন কিতাপ উঠে সেইখন অৱহেলিত হৈ এচুকত পৰি ৰয়!! অৱশ্যে সকলোতে এইটো বুলি ক’লে ভুল হ’ব কিতাপৰ আদৰ কৰা মানুহ আমাৰ মাজত নিশ্চয়কৈ আছেই!!এতিয়াৰ নৱ প্ৰজন্মক ভাল অসমীয়া লেখক দুজনৰ নাম ক’বলৈ ক’লে সিঁহতে তপৰাই কি উত্তৰ দিব সেইয়া নিশ্চয় এক চিন্তনীয় বিষয় হ’ব ! আজি কালি সৰু সৰু ল’ৰাছোৱালীক বিদ্যালয়ত ‘প্ৰজেক্ত’ৰ কামৰ বাবে নেটৰ একান্তই প্ৰয়োজন অৱশ্যে এইয়া যুগৰ পৰিবৰ্তন, দিনকদিনে প্ৰযুক্তি কলা -কৌশলৰ উন্নীতকৰণে ধাৱমান গতি লৈছে সেই অনুপাতে চাৰিত্ৰিক বা ব্যক্তিত্বৰ উন্মেষ সাধন অৱনমিত হৈ আহিছে !!

কণ কণ শিশুহঁতক আমি অভিভাৱক সকলে কিতাপ পঢ়াৰ আনন্দ দিব পাৰিব লাগে। আমি সৰু হৈ থাকোতে ক’ৰবাক “বুক ফেয়াৰ” চাবলৈ গ’লে সাধু কথাৰ কিতাপ জ্ঞান- বিজ্ঞানৰ কথা এইবোৰ কিতাপ বিচাৰি কিনিছিলো কিন্তু আজিৰ শিশু অধিক পৰিমাণে আমোদ – প্ৰমোদ বা মনোৰঞ্জন প্ৰিয় হৈ উঠাৰ বাবে সিঁহতে কাৰ্টুন ছবি ,ডৰেমন এনেবোৰ বিষয় বিচৰাত হে আগ্ৰহী হয়! তেনেবোৰ বিষয়ৰ অনুৰাগী হৈ পৰাৰ বাবে সিঁহতৰ জন্মগত সুপ্ত প্ৰতিভাসমূহৰ বিকাশৰ পৰিবৰ্তে তেনে প্ৰতিভাৰ বিলুপ্তিহে ঘটে।আনহাতে নিজৰ পাঠ্যপুথিতে একঘেয়ামীকৈ লাগি থকা শিশু সকলৰ মগজুত সৃষ্টিশীলতাৰ অভাৱ দেখা যায় ।আজৰি সময়ত শিশুহঁতক গল্প বা কিশোৰ সম্বন্ধীয় লেখাই সিঁহতৰ ভাৱপ্ৰৱণতাৰ উদ্ৰেক ঘটায় চিন্তা- ভাৱনা বোৰ লাহে লাহে সৃষ্টি শীল হ’বলৈ ধৰে !

আজিৰ শিশুসকলক অন্যমনস্ক কৰি তোলাৰ অন্য এটা আহিলা হ’ল মবাইল বা স্মাৰ্ট ফোন ।আমি সচৰাচৰ দেখা পাও মাতৃগৰাকীয়ে নিজৰ মবাইল ফোনটো সৰু সন্তানটিৰ হাতত দি নিজে আনমনা হৈ পৰে ।এইয়া অতি চিন্তনীয় বিষয় হৈ পৰিছে !এনেবোৰ কাণ্ড দেখি মই প্ৰায়ে প্ৰতিবাদ কৰি অপ্ৰিয়ভাজন হওঁ। কণ কণ শিশু হঁতো video আপল’ড ডউনল’ড কৰাত সিদ্ধ হস্ত কিন্তু হ’ম ৱৰ্কৰ বাবেহে বহুবাৰ সকিয়াব লাগে।

যোৰহাটত মোৰ এজন বৰদেউতা আছিল। তেখেত মোৰ দেউতাৰ বন্ধু প্ৰয়াত প্ৰসন্ন বৰুৱা সেই মানুহজনে এদিন মোক এটা বৰ গুৰুত্ব পূৰ্ণ কথা কৈছিল। “মাতৃগৰাকীয়ে সদায় নিজৰ সন্তানটিৰ সৈতে ৰাতি শোৱাৰ সময়ত টোপনি যোৱাৰ আগত কিছুমান আধ্যাত্মিক কথা পাতিব লাগে য’ত কিছু নৈতিকতাৰ প্ৰভাৱ থাকে তেনে কৰিলে সন্তানটিয়ে সাৰ পাই সেই টোপনিৰ আগমুহূৰ্ত শুনা কথা কেইটা মনত পেলায় ! বৰ দেউতাৰ কথা কেইটাত কিছু মনস্তত্ব ও আছে মই তেখেতৰ কথাকেইটা সাৰোগত কৰি চলিছিলোঁ আৰু বহু মাতৃক কৈছিলো। যেতিয়া কোনোবাই মোৰ আগত কয় ,””ই জানেনে একদম কথা নুশুনে পঢ়িবলৈ ক’লে ম’বাইলটো বিচাৰে ইত্যাদি ইত্যাদি.. .. ..,!!

লেখকঃ ৰেখা বৰকটকী

তেজপুৰত পাচ দিনীয়া বৰ্ণাধ্য কায্যসূচীৰে নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস উদযাপন…

নটসূৰ্য্য ফণী শৰ্মাৰ ৪ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বুধবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাণ থিয়েটাৰৰ উদ্যোগত আৰু মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত মূল অনূষ্ঠানত কালি সন্ধিয়া ৬ বজাত নটসূৰ্য্য গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নটসূৰ্যৰ পুত্ৰ অজিত শৰ্মাই। বাণ থিয়েটাৰৰ আধুনকী কৰণৰ বাবে নিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত মাজগাঁৱৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট তথা উপস্থিত সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সভাপতি তোলন চন্দ্ৰ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় স্মৃতিচাৰণ আৰু বাণ থিয়েটাৰ বঁটা প্ৰদান অনুষ্ঠান। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ -পৰিচালক -অভিনেতা তথা প্ৰসিদ্ধ গীতিকাৰ হেমন্ত দত্তক “বাণ থিয়েটাৰ বঁটা -২০২৪ “প্ৰদান কৰা হয়। উল্লেখ্য যে হেমন্ত দত্তৰ অনুপস্থিতিত আজি বাণ থিয়েটাৰৰ এই সন্মানীয় বঁটাটি শিল্পী গৰাকীৰ সমষ্টি তথা মঙ্গলদৈৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে পুত্ৰ অনিৰ্বাণ দত্ত আৰু বোৱাৰী মনচুন দেৱী দত্তৰ সৈতে গ্ৰহণ কৰে।

বঁটাটিত নগদ ২০ হাজাৰ টকা সহ ,স্মাৰক ,অংগ বস্ত্ৰ ,প্ৰশস্তি ,জাপি আৰু বাণ থিয়েটাৰৰ প্ৰকাশিত গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হয়। বঁটা গ্ৰহণ কৰি বিধায়ক বসন্ত দাসে অকল মঙলদৈৰে নহয় ৰাজ্যখনৰ সু সন্তান তথা আধুনিক নাট্য আন্দোলনৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পুৰোধা গৰাকীক বাণ থিয়েটাৰৰ দৰে এটি ঐতিহ্যমণ্ডিত অনুষ্ঠানে এই বঁটা প্ৰদান কৰাত বিধায়ক হিচাবে বাণ থিয়েটাৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা আৰু অন্নদা কুমাৰ পদ্মপতি দাতা পৰিয়ালৰ সদস্য শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে চমু ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰে ছয়দুৱাৰ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ওজাই নটসূৰ্য্য গৰাকীৰ বৰ্ণিল জীৱন আলোকপাত কৰে। আনহাতে শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সম্পাদক হেমেন্দ্ৰ ভৰালীয়ে শলাগ জ্ঞাপন কৰা এই বিশেষ অনুষ্ঠানত বলিষ্ঠ অভিনয়ৰ বাবে বাণ থিয়েটাৰৰ জ্যেষ্ঠ অভিনেতা ভূপেন শৰ্মাক “অন্নদা কুমাৰ পদ্মপতি সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, দৰ্শনা বাইলুং মহন্তক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰাৰ উপৰি মৌনিতম শইকীয়াক “কাৰ্তিক হাজৰিকা সোঁৱৰণী শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতাৰ এটি গীতৰ সঁফুৰা আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।

হিমাচলৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি নিক্ষেপ প্ৰধানমন্ত্ৰী মোদীৰ! সাহায্য প্ৰদানৰ নিৰ্দেশনা…

ধাৰাসাৰ বৰষুণৰ পাছত দিল্লী, ৰাজস্থানৰ পৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত কেইবাটাও ডাৱৰ বিস্ফোৰণৰ ঘটনা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে আৰু শীৰ্ষ বিষয়াসকলক ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিযে।

মৌচুমী প্ৰভাৱত হোৱা বৰষুণে দেশৰ বহু ঠাইত ধ্বংসলীলা অব্যাহত ৰাখিছে। কেৰালাৰ ৱায়ানাডত ভূমিস্খলনৰ পাছত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এতিয়ালৈকে তাত ২৫৬জন লোকৰ মৃত্যু হৈছে। একে সময়তে হিমাচল প্ৰদেশৰ পৰা উত্তৰাখণ্ডলৈ মুষলধাৰ বৰষুণৰ ফলত বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে শীৰ্ষ বিষয়াসকলক ক্ষতিগ্ৰস্ত অঞ্চলসমূহক যথাসম্ভৱ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে এই প্ৰাকৃতিক দুৰ্যোগ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে-“চিমলাৰ ৰামপুৰ তহচিল, মাণ্ডি জিলাৰ পাধৰ তহচিল আৰু কুল্লুৰ জোঁ আৰু নিৰ্মান্দ গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ৫০জনৰো অধিক লোক সন্ধানহীন হৈ আছে। তেওঁ এইটোও লিখিছিল যে -‘মই কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছোঁ। সাহায্য আৰু উদ্ধাৰৰ কাম নিৰীক্ষণ কৰি আছোঁ’।