Home Blog Page 62

Upcoming Elections: চূড়ান্ত প্ৰায় ! ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত উদয় হ’ব ভাগ্য

১৫ ফেব্ৰুৱাৰীৰ ভিতৰত উদয় হ’ব ভাগ্য
১৫ ফেব্ৰুৱাৰীৰ ভিতৰত উদয় হ’ব ভাগ্য

অসমৰ মুখ্যমন্ত্ৰী (Upcoming Elections) হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে শাসকীয় এনডিএৰ ভিতৰত চলি থকা আসন-বণ্টন সম্পৰ্কীয় আলোচনা সুচাৰুৰূপে আগবাঢ়িছে আৰু এই প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহৰ মাজভাগত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে৷ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰে৷ উক্ত বৈঠকত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য হাগ্ৰামা মহিলাৰীয়েও অংশগ্ৰহণ কৰে৷ ইয়াৰ আগতে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱেও অমিত শ্বাহৰ সৈতে আলোচনা কৰিছিল৷ এই ঘটনাসমূহে মিত্ৰজোঁট পৰ্যায়ত আলোচনা অধিক তীব্ৰ হোৱাৰ ইংগিত দিছে৷ নতুন দিল্লীৰ পৰা উভতি আহি ধেমাজিত এক কল্যাণমূলক আঁচনিৰ অনুষ্ঠানত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে এনডিএ অংশীদাৰসকলৰ সৈতে হোৱা আলোচনা গঠনমূলক আৰু উৎসাহব্যঞ্জক হৈছে৷

মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগ পাইছিলোঁ৷ তাত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীও উপস্থিত আছিল৷ ইয়াৰ আগতে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱেও তেওঁক লগ ধৰিছিল৷ লগতে মই অগপৰ সভাপতি অতুল বৰাৰ সৈতে দীঘলীয়া আলোচনা কৰিছিলোঁ৷’ এতিয়ালৈকে হোৱা আলোচনাৰ ভিত্তিত এনডিএৰ ভিতৰত আসন-বণ্টনত কোনো ডাঙৰ সমস্যা নহ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই আত্মবিশ্বাস ব্যক্ত কৰি কয় যে ফেব্ৰুৱাৰী ১৫ তাৰিখৰ আশে-পাশে বা তাৰ পাছতে মিত্ৰজোঁটে আসন-বণ্টনৰ সূত্ৰ ৰাজহুৱা কৰিব পাৰিব৷ বিজেপি আৰু অগপকে ধৰি সকলো মিত্ৰদলৰ মাজত কোনো গুৰুতৰ মতবিৰোধ নাই বুলিও তেওঁ স্পষ্ট কৰে৷ তেওঁ লগতে মিত্ৰজোঁটৰ ভিতৰত হোৱা আলোচনা ইতিবাচক বুলি উল্লেখ কৰে৷ উল্লেখযোগ্য যে ২০২৫ চনৰ ২৯ ডিচেম্বৰত অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি মিত্ৰ দলসমূহে নিজৰ মাজতেই সমস্যা সমাধান কৰিব নোৱাৰে, তেন্তে মাত্ৰ তেতিয়াহে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হস্তক্ষেপৰ প্ৰয়োজন হ’ব৷

কিন্তু শেহতীয়া উচ্ছ পৰ্যায়ৰ বৈঠকসমূহে দেখুৱাইছে যে এনডিএৰ নেতৃত্বই যিকোনো সম্ভাৱ্য অসন্তোষ প্ৰকাশ কৰাৰ আগতেই সমাধানসূত্ৰ উলিয়াই শেষ মুহূৰ্তৰ সংঘাত এৰাবলৈ আগ্ৰহী বিজেপি৷ ইয়াৰ মাজতে এনডিএৰ মিত্ৰ দলসমূহে নিজৰ ৰাজনৈতিক আকাংক্ষাও ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে৷ অসম গণ পৰিষদে ৰাজ্যৰ প্ৰতিখন জিলাত অন্ততঃ এখনকৈ বিধানসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছাৰ কথা ঘোষণা কৰিছে৷ অগপ বিধায়ক পোনাকণ বৰুৱায়ো বিজেপিৰ দখলত থকা সমষ্টিসমূহত অগপ নেতা-কৰ্মীসকল উপেক্ষিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে এনডিএৰ আন এক গুৰুত্বপূৰ্ণ অংশীদাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে ২০২৬ চনৰ নিৰ্বাচনত নিজৰ সংগঠন শক্তিশালী কৰাৰ উদ্দেশ্যে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাৰ কথাও আগতেই কৈছিল৷ ২০২৫ চনৰ ডিচেম্বৰত এই অৱস্থান স্পষ্ট কৰিলেও দলটোৱে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মিত্ৰজোঁটৰে আলোচনা এৰি দিয়া নাই৷

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজৰ এই বৈঠক এনডিএৰ ভিতৰত থকা বিভিন্ন আকাংক্ষা আৰু দাবীসমূহ সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ অমিত শ্বাহে অহা ২৯ জানুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে৷ মাজতে এনডিএ নেতৃত্বই নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো মিত্ৰ দলে একতা প্ৰদৰ্শন কৰিবলৈ তৎপৰ হোৱা বুলি ধৰি লোৱা বুলি বিশ্লেষক মহলে মন্তব্য কৰিছে৷

Political News: ভোটাৰৰ নাম কৰ্তনৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ

ভোটাৰৰ নাম কৰ্তনৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ
ভোটাৰৰ নাম কৰ্তনৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ

২০২৬ৰ অসম বিধানসভাৰ (Political News)নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত ক্ৰমে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ৷ শেহতীয়াকৈ অখিল গগৈয়ে উত্থাপন কৰা ভোটাৰৰ নাম কৰ্তনৰ অভিযোগে বিজেপিৰ ভিতৰচ’ৰাত ব্যাপক আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ অখিল গগৈৰ অভিযোগকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই৷ বিজেপিৰ ৰাজ্যিক সভাপতি স্পষ্ট কৰি দিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা স্ক্ৰীণশ্বট’সমূহ ৪ জানুৱাৰীৰ ভিডিঅ’ কনফাৰেন্সৰ ফটো৷ এই ভিডিঅ’ কনফাৰেন্সৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিষয়ববীয়াসকলে৷ শইকীয়াই অখিল গগৈক কটাক্ষ কৰি কয় যে, অখিক গগৈয়ে দিয়া তথ্যৰ পাঁচ পইচাৰো দাম নাই৷ তেনে তথ্যৰ কোনো গুৰুত্ব নাই৷ অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ বিভিন্ন পৰিসংখ্যা দাঙি ধৰিছে৷ কিমান ভোটাৰ নাম কৰ্তন কৰিব লাগে তেওঁলোকক ঠিক কৰি ল’বলৈ আহ৩ান জনাইছে দিলীপ শইকীয়াই৷ ইফালে তেওঁ কয়, ‘এছআৰক লৈ আমি সন্তুষ্ট, কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিঞা প্ৰেম দেখি আমি অসন্তুষ্ট৷ আৰু এজন আছেই৷ তেওঁলোকে কেৱল মিঞাৰ নাম বাদ পৰাটো নিবিচাৰে লাগিলে খিলঞ্জীয়াৰ নাম বাদ পৰক৷ অখিল, লুৰীণৰ কাৰণে মিঞাৰ নাম কৰ্তন হ’ব নালাগে, প্ৰয়োজনত খিলঞ্জীয়াৰ নামেই কৰ্তন হওক৷ তোষামোদ আৰু মিঞা প্ৰেম বিজেপিৰ ৰ কাম নহয়৷’ তেওঁ কয় যে, ‘স্ক্ৰীণশ্বটতত দেখা হৰ্ষ নামৰ ডিমৌ সমষ্টিৰ বিএলএ ৰ বিনোদ কোঁৱৰ ওৰফে হৰ্ষ৷ অখিল গগৈৰ লগত তেওঁৰ সম্পৰ্ক ভাল হ’ব পাৰে৷ ৪ জানুৱাৰীত বিনোদ কোঁৱৰে ফেচবুকত দিয়া ফটোকে অখিল গগৈয়ে ৬ জানুৱাৰীত নিজৰ প্ৰফাইলত আপলোড কৰিছে৷ অখিল গগৈয়ে যিখন কাণেৰে শুনাৰ কথা কৈছে সেই একেটা কথা ভিচিত থকা ২০০ খন কাণেও শুনিছে৷ তেওঁলোকৰ পৰা মতামত লওক৷ বিৰোধী বৌদ্ধিক দীনতাত ভুগিছে৷ মীৰা বৰঠাকুৰে এইটো বিষয়ত চিবিআই তদন্ত বিচাৰি অপৰিপক্কতাৰ উদাহৰণ দিছে৷’ উল্লেখ্য যে, কালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিজেপিয়ে হস্তক্ষেপ কৰাৰ অভিযোগৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্সৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছিল বিধায়ক অখিল গগৈয়ে৷ ইয়াৰ লগতে সেই ভিডিঅ’ কনফাৰেন্সৰ সম্পূৰ্ণ ভিডিঅ’ ৰাজহুৱা কৰাৰ বাবে প্ৰত্যাহ৩ান জনাইছিল বিধায়ক গগৈয়ে৷ সামাজিক মাধ্যমত তেওঁ লিখিছিল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভয়ংকৰ ভিডিঅ’ কনফাৰেন্সখনৰ ফটোবোৰ চাওক৷ এই ভিডিঅ’ কনফাৰেন্সখনতে দিলীপ শইকীয়াই ভোটাৰ তালিকাৰ এছআৰৰ সময়ত ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া বৈধ ভোটাৰৰ নাম কৰ্তনৰ ভয়ংকৰ অভিসন্ধিৰ কথাকৈ মুকলিকৈ স্বীকাৰ কৰিছিল আৰু কৰ্তনৰ বাবে ১২ জানুৱাৰীৰ ভিতৰত বুথভিত্তিক নাম তালিকা জমা দিবলৈ বিধায়ক, বিজেপিৰ জিলা আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিছিল৷’

Fifa world cup trophy: অসমলৈ আনিব ফিফা বিশ্বকাপৰ ট্ৰফী

অসমলৈ আনিব ফিফা বিশ্বকাপৰ ট্ৰফী
অসমলৈ আনিব ফিফা বিশ্বকাপৰ ট্ৰফী

অসমৰ ক্ৰীড়াপ্ৰেমীৰ(Fifa world cup trophy)বাবে এক ভাল খবৰ৷ প্ৰথমবাৰৰ বাবে অসমলৈ অনা হ’ব ফিফা বিশ্বকাপৰ ট্ৰফী৷ জনতাই অতি কাষৰ পৰা চাব পাৰিব এই বহু আকাংক্ষিত ট্ৰফী৷ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই ভোগেশ্বৰী ফুকাননী ইনড’ৰ ষ্টেডিয়ামৰ কনফাৰেন্স হলত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে৷ সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে যে ফিফা বিশ্বকাপ ট্ৰফী ১৩ জানুৱাৰীত অসমলৈ অনা হ’ব৷ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, ১৩ জানুৱাৰীত পুৱা ১০ বজাত ট্ৰফী আহি গুৱাহাটী পোৱাৰ কথা৷

বিয়লি ৩ বজাৰ পৰা বৰষাপাৰা ষ্টেডিয়ামত ৰাজহুৱা প্ৰদৰ্শনৰ বাবে ৰখা হ’ব৷ ইয়াৰ পিছত ফুটবল অনুৰাগীসকলক বিশ্বৰ আটাইতকৈ বিখ্যাত ফুটবল ট্ৰফীটো ওচৰৰ পৰা চাবলৈ এক বিৰল সুযোগ প্ৰদান কৰা হ’ব৷ সন্ধিয়া জ্জ্ব:৩০ বজাত এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তাৎপৰ্যপূৰ্ণভাৱে ট্ৰফীটো অসমলৈ অনাৰ লগে লগে ১২ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতলৈ উভতি অহাৰ এই অনুষ্ঠানটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ অনুষ্ঠানত প্ৰৱেশ বিনামূলীয়া হ’ব, যাৰ ফলত সৰ্বাধিক জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত হ’ব৷ বিয়লি ৩ বজাৰ পৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব, য’ত জনপ্ৰিয় গায়ক শংকুৰাজ আৰু ঋতু ৰিবাৰ লগতে অন্যান্য শিল্পীৰ অনুষ্ঠান থাকিব বুলি মন্ত্ৰী গাৰ্লোচাই ঘোষণা কৰে৷

Mangal Rahu: জানুৱাৰী মাহটো শুভ, কিন্তু ফেব্ৰুৱাৰী মাহটো অশুভঃ মংগল আৰু ৰাহুৰ বিস্ফোৰক সংমিশ্ৰণত ৩ ৰাশিৰ বাবে ভয়ংকৰ

জানুৱাৰী মাহটো শুভ, কিন্তু ফেব্ৰুৱাৰী মাহটো অশুভঃ মংগল আৰু ৰাহুৰ বিস্ফোৰক সংমিশ্ৰণত ৩ ৰাশিৰ বাবে ভয়ংকৰ
জানুৱাৰী মাহটো শুভ, কিন্তু ফেব্ৰুৱাৰী মাহটো অশুভঃ মংগল আৰু ৰাহুৰ বিস্ফোৰক সংমিশ্ৰণত ৩ ৰাশিৰ বাবে ভয়ংকৰ

২০২৬ চনৰ (Mangal Rahu) প্ৰথম দুমাহ অত্যন্ত বিপদজনক হ’ব। এই সময়ত ৰাহুয়ে শনিৰ ৰাশিত মংগল গ্ৰহৰ সৈতে সংযুক্ত হ’ব। মংগল আৰু ৰাহুৰ সংযোগে এক বিস্ফোৰক যোগৰ সৃষ্টি কৰিব আৰু তিনিটা ৰাশিৰ লোকৰ বাবে তীব্ৰ কষ্ট হ’ব।

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহs উল্লেখযোগ্য ট্ৰেনজিট কৰিবলৈ ওলাইছে। ট্ৰেন্সিটিং কৰাৰ পিছত মংগল গ্ৰহ শনি ৰাশি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। তাতোকৈ আতংকজনক কথাটো হ’ল যে ইতিমধ্যে কুম্ভ ৰাশিত উপস্থিত থকা ৰাহুৰ সৈতে ইয়াৰ সংমিশ্ৰণ ঘটিব।


২০২৬ চনৰ ২৩ ফেব্ৰুৱাৰীত মংগল গ্ৰহ কুম্ভ ৰাশিত ট্ৰেন্সজিট হ’ব আৰু ২০২৬ চনৰ ২ এপ্ৰিললৈকে তাত থাকিব।ইফালে ৰাহু কুম্ভ ৰাশিত ট্ৰেন্সজিট হৈ আছে আৰু ২০২৬ চনৰ ৫ ডিচেম্বৰলৈকে তাতেই থাকিব। ইয়াৰ ফলত ২০২৬ চনৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা ২ এপ্ৰিললৈ কুম্ভ ৰাশিত মংগল-ৰাহু সংযোগৰ সৃষ্টি হ’ব, যাৰ ফলত এক বিস্ফোৰক সংমিশ্ৰণৰ সৃষ্টি হ’ব। ৰাহু-মংগল সংযোজনৰ ফলত সৃষ্টি হোৱা এই বিস্ফোৰক সংমিশ্ৰণে বহু ক্ষেত্ৰত তিনিটা ৰাশিৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই সময়ত কোনবোৰ ৰাশিৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ সাৱধান হোৱা প্ৰয়োজন জানি লওক।


মংগল গ্ৰহ মেষ ৰাশিৰ শাসক গ্ৰহ, ৰাহুৰ সৈতে ইয়াৰ সংযোগে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ বাবে অসংখ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিয়োগ কৰাসকলে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। মানসিক চাপ বাঢ়িব। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।


ধনু ৰাশিৰ বাবে মংগল আৰু ৰাহুৰ বিস্ফোৰক সংযোগে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। যদি আপুনি অসুস্থ হয় তেন্তে তৎক্ষণাত চিকিৎসা লওক। আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। বৰ্তমানৰ ৰোগ থকাসকলে নিজৰ অতিৰিক্ত যত্ন লোৱা উচিত।


এই সংমিশ্ৰণ মকৰ ৰাশিৰ বাবেও ভাল নহয়। তেওঁলোকে আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে। বিনিয়োগ এৰক। ৰিস্ক লোৱাটো বুদ্ধিমানৰ কাম নহয়। চিকিৎসালয়লৈ যোৱা সম্ভৱ, আৰু চিকিৎসাৰ খৰচো ব্যয়বহুল হ’ব।


দৈনিক হনুমান চলিছা আবৃত্তি কৰক। ৰাহুৰ কু-প্ৰভাৱ দূৰ কৰিবলৈ কুকুৰক খুৱাব।

উত্তৰ গুৱাহাটীত এজাক কিশোৰীৰ “অপ্সৰা নৃত্য”

উত্তৰ গুৱাহাটীত এজাক কিশোৰীৰ "অপ্সৰা নৃত্য"
উত্তৰ গুৱাহাটীত এজাক কিশোৰীৰ "অপ্সৰা নৃত্য"

উত্তৰ গুৱাহাটীত এজাক কিশোৰীৰ “অপ্সৰা নৃত্য”।

যেন মৰ্তলোক নহয়, ত্ৰী সন্ধা পৰৰ দেৱলোকত পৰিণত হৈছে উত্তৰ গুৱাহাটী।

প্ৰচণ্ড শীতৰ মাজতে আউনীআটী সত্ৰীয়া ঐতিহ্য ভৱনৰ বাকৰি জীপাল হ’ল সত্ৰীয়া নৃত্যৰে ।

আউনীআটী সত্ৰৰ একক আৰু অনন্য অপ্সৰা নৃত্যৰ লগতে শিক্ষাৰ্থী সকলে পৰিবেশন কৰে কৃষ্ণ নৃত্য,গোপী নৃত্য,ঝুমুৰা নৃত্য,নাদুভঙ্গী নৃত্য , চালি নৃত্য আৰু অভিনয় নৃত্য ।

সত্ৰীয়া আধ্যাত্মিক কলা নিকেতনৰ গুৰু লক্ষ্মী কাকতিৰ উদ্যোগত পৰিবেশন কৰা হয় এটাৰ পিছত আনটো আকৰ্ষণীয় নৃত্যানুষ্ঠান ।

গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে উত্তৰ গুৱাহাটীৰ কেইবাখনো সত্ৰীয়া বিদ্যালয়ৰ দুই শতাধিক প্ৰতিভাৱান শিক্ষাৰ্থীয়ে ।

আউনীআটী সত্ৰৰ প্ৰত্যক্ষ উদ্যোগত আয়োজন কৰা হয় অনুষ্ঠান ।

নতুন প্ৰজন্মক আধ্যাত্মিক চিন্তা-চেতনাৰে সঠিক মাৰ্গ দৰ্শন দেখুওৱাৰ প্ৰয়াস কৰা হৈছে ঐতিহ্যমণ্ডিত সত্ৰখনিয়ে ।

প্ৰধান মন্ত্ৰীৰ “পৰিক্ষা পৰে চৰ্চা” কাৰ্যসূচীত অংশগ্ৰহণ কৰা অৰ্পিতা দাসৰ বৈষ্ণৱ সাংস্কৃতিক প্ৰতিভা দেখি অভিভূত উপস্থিত ৰাইজ।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি মানস ৰবীনৰ

Zubeen Garg Death Case: জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি মানস ৰবীনৰ
Zubeen Garg Death Case: জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি মানস ৰবীনৰ

জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াক(Zubeen Garg Death Case) লৈ মুখ্যমন্ত্ৰীলৈ চিঠি শিল্পী মানস ৰবীনৰ। চিঠিখনত মানস ৰবীনে উল্লেখ কৰিছে-

প্ৰতি

মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম।

বিষয় : জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া আৰু ১০৮ ৰ কৰ্মচাৰী সকলৰ আন্দোলন।

মহোদয় সন্মানপূৰ্বক নিবেদন এয়ে যে আপুনি অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী আৰু জুবিন গাৰ্গ অসমীয়াৰ প্ৰাণ। ইতিমধ্যে অভিযুক্ত পক্ষই উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ অধুবক্তাৰ বেঞ্চক তেওঁলোকৰ হৈ নিয়োগ কৰিছে বুলি আপুনি নিশ্চয় অৱগত।

এতিয়া আমি বিচাৰিছোঁ চৰকাৰৰ ফালৰ পৰা অসমৰ নাম জ্বলা অধিবক্তাসকলক লৈ এখন শক্তিশালী বেঞ্চ জুবিন গাৰ্গৰ হৈ ন্যায়ালয়ত যুঁজিবলৈ ঠিক কৰি দিয়ক।

দ্বিতীয়তে, সমগ্ৰ অসমবাসী জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত ৰৈ আছে গতিকে, ন্যায় প্ৰক্ৰিয়াক খৰতকীয়া কৰি তুলিবলৈ প্ৰতিদিনেই শুনানী হোৱাকৈ এখন বিশেষ আদালত গঠন কৰি দিয়ক।

আমি আশা কৰিছোঁ, অসমীয়াৰ প্ৰাণৰ শিল্পীজনৰ বাবে আপুনি এই কাম দুটা অতি সোনকালে কৰি দিব।

১০৮ ৰ আমাৰ থলুৱা কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবী লৈ দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে। আপুনি স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ দিনতেই এই ল’ৰাবোৰে বৰ বিশ্বাসেৰে ১০৮ ৰ লগত সংযুক্ত হৈছিল। আৰম্ভণিতে বহুত ডাঙৰ সপোন দেখুওৱা গ’ল তেওঁলোকক। আজি ১৭ টা বছৰৰ পাছত সেই সপোনবোৰে বিন্ধিছে ইহঁতক। আপুনি অলপ সদয় হওঁক ইহঁতৰ প্ৰতি।ল’ৰাবোৰৰ লগত মই কথা পাতিছিলো। নূন্যতম সৰু সুৰা কেইটামান দাবী মানি ল’লেই তেওঁলোকে আন্দোলনখন স্থগিত ৰাখিবলৈও সাজু। অনুগ্ৰহ কৰি আপুনি ল’ৰাখিনিৰ প্ৰতি অলপ সহৃদয়তা দেখুৱাওক।

বিনয়েৰে

মানস ৰবীন

গুৱাহাটী

Kabindra Purkayastha: অসমে হেৰুৱালে দল আৰু দেশৰ হকে আত্মনিয়োগ কৰা এগৰাকী সমর্পিত কাৰ্যকৰ্তা: দিলীপ শইকীয়া

অসমে হেৰুৱালে দল আৰু দেশৰ হকে আত্মনিয়োগ কৰা এগৰাকী সমর্পিত কাৰ্যকৰ্তা: দিলীপ শইকীয়া
অসমে হেৰুৱালে দল আৰু দেশৰ হকে আত্মনিয়োগ কৰা এগৰাকী সমর্পিত কাৰ্যকৰ্তা: দিলীপ শইকীয়া

ভাৰতীয় জনতা পার্টিৰ প্ৰতিষ্ঠাপক(Kabindra Purkayastha) সদস্য তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থদেৱৰ মৃত্যুত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰিছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত শ্রী শইকীয়াই কয় যে কবীন্দ্ৰ পুৰকায়স্থদেৱৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল। তেখেত আছিল এজন প্রকৃত জনসেৱক। পুৰকায়স্থদেৱক দেশ আৰু ভাৰতীয় জনতা পাৰ্টিৰ হকে আত্মনিয়োগ কৰা এজন সমর্পিত কার্যকর্তা বুলি অভিহিত কৰি শ্ৰী শইকীয়াই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ প্রতিষ্ঠা কালৰে পৰা ৰাজ্যখনত দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা আমাৰ সকলোৰে মাৰ্গদর্শক পৰম শ্রদ্ধেয় কবীন্দ্ৰ পুৰকায়স্থদেৱৰ দেহাৱসানৰ বাতৰিয়ে বিজেপি পৰিয়ালৰ সকলোকে শোকবিহ্বল কৰি তুলিছে। কিছুদিন পূর্বে পুৰকায়স্থদেৱৰ বাসগৃহলৈ গৈ স্বাস্থ্যৰ খবৰ লোৱা সভাপতি শইকীয়াই কয় যে তেখেত দলৰ প্ৰতি থকা দায়বদ্ধতাৰ এক উজ্জল উদাহৰণ আছিল। এজন স্থিতপ্রজ্ঞ ৰাজনীতিবিদ আৰু জনতাৰ সেৱক হিচাপে পুৰকায়স্থদেৱ ডাঙৰীয়াই অসমৰ ৰাজনীতিত সুচিতাৰে ৰাজনীতি কৰা সকলৰ ভিতৰত সন্মান অর্জন কৰিছিল। ৰাষ্ট্ৰবাদী চেতনা যাৰ জীৱনৰ মন্ত্ৰ আছিল আৰু জনতাৰ সেৱাই যিজনৰ সংকল্প আছিল, তেনেকুৱা আমাৰ অভিভাৱক স্বৰূপ পুৰকায়স্থদের সম্প্রতি অৱৰ্তমান। তেখেতৰ মৃত্যু আমাৰ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি।

শইকীয়াই পুনৰ কয় যে, পুৰকায়স্থদেৱে কেন্দ্রীয় মন্ত্রী হিচাপে দল আৰু দেশৰ প্ৰতি এক সমর্পিত মনোভাৱেৰে কাম কৰি গ’ল। তেখেত কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতে উত্তৰ পূৱত দূৰসংযোগ ব্যৱস্থাই এক মাত্রা লাভকৰিছিল। দক্ষিণ অসমৰ বৰাক উপত্যকাত দলটোৰ ভেটি মজবুত কৰাত তেখেতৰ ভূমিকা চিৰস্মৰণীয় হৈ ৰ’ব। ১৯৯১ চনত বৰাক উপত্যকাত বিজেপি দলৰ সফলতাৰ আৰৰ অন্যতম ব্যক্তিজন আছিল পুৰকায়স্থদের। যোৱা কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত সক্ৰিয় ৰাজনীতিৰ পৰা আতৰি থকা স্বত্বেও আমি যেতিয়াই তেখেতৰ পৰামৰ্শ বিচাৰিছিলোঁ তেতিয়াই তেখেতৰ পৰা ৰাজ্যখনৰ পৰিস্থিতি সন্দর্ভত আমি মার্গদর্শন পাইছিলোঁ। এই পৰামৰ্শই আমাক অনুপ্রাণিত কৰিছিল। নিয়তিৰ পৰিহাস যে আজি তেখেত আমাৰ মাজৰ পৰা কায়িক ভাৱে বিদায় ললে। তেখেতৰ পূন্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধলৈ সমবেদনা জনালোঁ।

Textile Ministers Conference: গুৱাহাটীত কাইলৈ পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন

গুৱাহাটীত কাইলৈ পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন
গুৱাহাটীত কাইলৈ পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন

অসম চৰকাৰৰ সহযোগিতাত বস্ত্ৰ মন্ত্ৰালয়ে(Textile Ministers Conference) আয়োজন কৰা ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন ২০২৬ ৮ জানুৱাৰীৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব। দুদিনীয়া সন্মিলনখন ‘ভাৰতৰ বস্ত্ৰঃ বয়ন বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন’ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত দেশৰ ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বস্ত্ৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল একত্ৰিত হ’ব। দুদিনীয়া এই সন্মিলনখনৰ লক্ষ্য হৈছে বস্ত্ৰ খণ্ডত নীতি, বিনিয়োগ, বহনক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনি উন্নয়নআৰু প্ৰযুক্তিগত উন্নতিৰ ওপৰত আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰা। ‘বিকাশ ভী, বিৰাসত ভী’ৰ নীতিৰ সৈতে সংগতি ৰাখি ৰপ্তানি বৃদ্ধি, নিযুক্তি সৃষ্টি আৰু সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০৩০চনৰ ভিতৰত ভাৰতক বিশ্বৰ বস্ত্ৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে স্থাপন কৰিবলৈ চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই সন্মিলনখনৰ আয়োজন কৰা হৈছে।


২০২৬চনৰ ৮জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্র মাৰ্ঘেৰিটাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। উদ্বোধনী অধিৱেশনত ভাৰতৰ বস্ত্ৰৰ শক্তি, উদ্ভাৱন আৰু সমৃদ্ধ ঐতিহ্য চিহ্নিত কৰা এখন প্ৰদৰ্শনীও উদ্বোধন কৰা হ’ব।এই সন্মিলনত আন্তঃগাঁথনি আৰু বিনিয়োগ, ভাৰতৰ বস্ত্ৰ ৰপ্তানিৰ সম্প্ৰসাৰণ, কেঁচা সামগ্ৰী আৰু আঁহ, কাৰিকৰী বস্ত্ৰ আৰু নতুন যুগৰ আঁহ, হস্ততাঁত তথা হস্তশিল্পৰ সংৰক্ষণ আৰু প্ৰচাৰৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহক সামৰি লোৱা কেইবাখনো সত্ৰ অনুষ্ঠিত হ’ব। পিএম মেগা ইন্টিগ্রেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) পাৰ্ক, বহনক্ষমতা আৰু পৰিবেশৰ অনুপালন, কাৰিকৰী বস্ত্ৰ, উদ্ভাৱনআৰু সংহত মূল্য-শৃংখল উন্নয়নৰ দৰে মুখ্য পদক্ষেপৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মন্ত্ৰী তথা বিষয়াসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনখনে জিলাসমূহত বস্ত্ৰৰ মূল্য শৃংখল শক্তিশালী কৰাৰ লক্ষ্যৰে সৰ্বশ্ৰেষ্ঠ অনুশীলন, প্ৰত্যাহ্বান আৰু নীতিগত পৰামৰ্শসমূহ ভাগ-বাটোৱাৰা কৰিব বুলি আশা কৰা হৈছে।

২০২৬চনৰ ৮জানুৱাৰীত ‘ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ বস্ত্ৰ খণ্ডৰসৱলীকৰণ আৰু শক্তিশালীকৰণ’ শীৰ্ষক এক সন্মিলন অনুষ্ঠিত হ’ব, য’ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বস্ত্ৰ মন্ত্ৰী, সাংসদ, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব। এই সন্মিলনে উত্তৰ-পূবৰ ৰেচম, হস্ততাঁত, হস্তশিল্প আৰু বাঁহভিত্তিক বস্ত্ৰৰ সম্ভাৱনা মুকলি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, য’ত এৰী, মুগা আৰু মালবেৰী ৰেচম, মহিলা নেতৃত্বাধীন উদ্যোগ, ব্ৰেণ্ডিং আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীসকলৰ সন্মিলনখনে কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতা শক্তিশালী কৰিব আৰু এক প্ৰতিযোগিতামূলক, বহনক্ষম আৰু সামগ্ৰিক বস্ত্ৰ খণ্ডৰ বাবে এক স্পষ্ট নীতি প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে।

Zubeen Garg Death Case: ৰাজ্য চৰকাৰে ৫ গৰাকী লোক অধিবক্তা নিয়োগ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত

৫ গৰাকী লোক অধিবক্তা নিয়োগ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত
৫ গৰাকী লোক অধিবক্তা নিয়োগ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত

ৰাজ্য চৰকাৰে ৫ (Zubeen Garg Death Case)গৰাকী লোক অধিবক্তা নিয়োগ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত।

তালিকাত অন্তৰ্ভুক্ত হৈছে অধিবক্তা জিয়াউল কামাৰ, পল্লৱ কটকীৰ নাম।

৫ অভিজ্ঞ, জ্যেষ্ঠ ক্রিমিনেল অধিবক্তা নিয়োগৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

৯ জানুৱাৰীত কেবিনেটত তালিকাখনৰ পৰা নিৰ্বাচন হ’ব ৫ গৰাকী অধিবক্তা।

গৰিমা গাৰ্গেও মুখ্যমন্ত্ৰীক অতিৰিক্ত অধিবক্তা নিয়োগৰ বাবে জনাইছিল আবেদন।

Tulsi leaves: শীতকালত প্ৰতিদিনে কিয় খাব লাগে এগিলাচ তুলসী পানী ?

শীতকালত প্ৰতিদিনে কিয় খাব লাগে এগিলাচ তুলসী পানী ?
শীতকালত প্ৰতিদিনে কিয় খাব লাগে এগিলাচ তুলসী পানী ?

শীতকালত শৰীৰক আগুৰি ধৰে বহুতো ৰোগে। (Tulsi leaves) নিজকে সুস্থ কৰি ৰাখিবলৈ সদায় স্বাস্থ্যকৰ বস্তু খাব লাগে। বাহিৰৰ খাদ্য খাই ভাল পোৱাসকলৰ শৰীৰটো লাহে লাহে দুৰ্বল হ’বলৈ আৰম্ভ কৰে। তুলসীৰ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ঔষধি গুণৰ বাবে তুলসী সুপৰিচিত। যিকোনো প্ৰকাৰে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰি। শীতকালত যদি আপুনি প্ৰতিদিনে ১ গিলাচ তুলসীৰ পাত উতলাই ইয়াৰ পানী পান কৰে তেন্তে আপুনি আচৰিত ধৰণৰ উপকাৰ লাভ কৰিব পাৰে।

তুলসীৰ পাতৰ পানী খালে কি কি উপকাৰ হয়?

১/ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

শীতকালত দৈনিক তুলসীৰ পাতৰ পানী খালে প্ৰচণ্ড উপকাৰ পোৱা যায়। ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু বহু ৰোগ দূৰ কৰে।

২) চৰ্দি আৰু কাহৰ পৰা পৰিত্ৰাণ পাব

শীতকালত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে চৰ্দি আৰু কাহত আক্ৰান্ত হয়। তুলসী পাতৰ পানী প্ৰতিদিনে পুৱা খালী পেটত খালে চৰ্দি নিয়ন্ত্ৰণত সহায়ক হয়।

৩/ ডিঙিৰ বিষ

শীতকালত ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াৰ পানী উতলাই দৈনিক খাব পাৰে।

৪/ হজম শক্তি

যদি আপুনি দৈনিক তুলসীৰ পাতৰ পানী খায় তেন্তে আপোনাৰ বিপাকীয় ক্ৰিয়া উন্নত কৰি হজম শক্তি ভাল কৰি ৰাখিব পাৰে।