Home Blog Page 62

Roi Roi Binale Movie: ‘ৰৈ ৰৈ বিনালে’ত জুবিন গাৰ্গৰ Original Voice ব্যৱহাৰ কৰা হ’ব…

'ৰৈ ৰৈ বিনালে'ত জুবিন গাৰ্গৰ Original Voice ব্যৱহাৰ কৰা হ'ব
'ৰৈ ৰৈ বিনালে'ত জুবিন গাৰ্গৰ Original Voice ব্যৱহাৰ কৰা হ'ব

‘ৰৈ ৰৈ বিনালে’ত জুবিন গাৰ্গৰ Original Voice ব্যৱহাৰ কৰা হ’ব।(Roi Roi Binale Movie)


আন ব্যক্তিৰ কণ্ঠ ব্যৱহাৰ কৰা নহ’ব জুবিন গাৰ্গৰ অভিনয়ত।

যিখিনি VOICEত অসুবিধা আছে, সেইখিনি AIৰ জৰিয়তে সংযোজন কৰা হ’ব।

এই কথা জনাই পৰিচালক ৰাজেশ ভূঞাই।

Shyamkanu Mahanta: শ্যামকানু মহন্তৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰিৰ তথ্য পোহৰলৈ…

শ্যামকানু মহন্তৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰিৰ তথ্য পোহৰলৈ
শ্যামকানু মহন্তৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰিৰ তথ্য পোহৰলৈ

শ্যামকানু মহন্তৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰিৰ তথ্য পোহৰলৈ।(Shyamkanu Mahanta)

২০০১ চনত নেডফিত সংঘটিত কৰিছিল বিত্তীয় কেলেংকাৰি।

অচিৰেই এই গোচৰটোৰ তদন্ত আৰম্ভ কৰিব CID-এ।

শ্যামকানু মহন্তৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰিৰ তথ্য পোহৰলৈ।

২০০১ চনত নেডফিত সংঘটিত কৰিছিল বিত্তীয় কেলেংকাৰি!

১৪ কোটি টকাৰ এক প্রকল্পত কেলেংকাৰি সংঘটিত।

কৰিছিল শ্যামকানুৱে শ্যামকানু মহন্ত আছিল এই প্রকল্পটোৰ মেনেজাৰ।

DSS E-CONNECT নামৰ এটা কোম্পানীৰ সৈতে মিলি ধন আত্মসাৎ।

আনহাতে কৃষি বিভাগৰ পৰা টকা বিচাৰিছিল শ্যামকানুয়ে।

‘পূর্বে ৮,১০ লাখ টকা বিভাগৰ পৰা দিছিলোঁ’

‘এই বর্ষত শ্যামকানুক দিয়া নাই কোনো ধন’

এই কথা মন্তব্য মন্ত্ৰী অতুল বৰাৰ।

হয়তো বহুতো ক’লা অধ্যায় ফাদিল হ’ব শ্যামকানু মহন্তৰ।

খবৰ অনুসৰি ইনকাম টেক্স আৰু EDৰ অভিযান অব্যাহত।

বৰ্তমানলৈকে GSTৰ হাতোৰা পৰা নাই শ্যামকানুৰ প্ৰতিষ্ঠানত।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ জুবিনৰ GMCHৰ মৰণোত্তৰ প্ৰতিবেদন

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ জুবিনৰ GMCHৰ মৰণোত্তৰ প্ৰতিবেদন
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ জুবিনৰ GMCHৰ মৰণোত্তৰ প্ৰতিবেদন

জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসভৱনত SITৰ তদন্তকাৰী বিষয়া মৰমী দাস। (Zubeen Garg Death Case)

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত প্ৰেৰণ কৰিলে জুবিনৰ ২য়টো মৰণোত্তৰ প্ৰতিবেদন।

তদন্তকাৰী বিষয়া মৰমী দাসে অর্পণ কৰিলে প্ৰতিবেদন।

কি আছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ?

জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা GMCHত কৰা হৈছিল।

ৰাইজৰ দাবীত চৰকাৰে গৰিমা শইকীয়া গাৰ্গৰ অনুমতিত GMCHত সম্পন্ন কৰিছিল জুবিনৰ মৰণোত্তৰ পৰীক্ষা।

এইজুবিন গাৰ্গৰ এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা সন্দৰ্ভত সিদ্ধান্ত ল’ব গৰিমা শইকীয়া গাৰ্গে।

Assam Nagaland border: অসম নগালেণ্ড সীমান্তৰ চুঙাজানৰ টেঙাতল গাঁৱত নগা দুবৃৰ্ত্তৰ গুলি বৰ্ষণ, ৯৩ ঘৰত অগ্নি সংযোগ…

অসম নগালেণ্ড সীমান্তৰ চুঙাজানৰ টেঙাতল গাঁৱত নগা দুবৃৰ্ত্তৰ গুলি বৰ্ষণ, ৯৩ ঘৰত অগ্নি সংযোগ
অসম নগালেণ্ড সীমান্তৰ চুঙাজানৰ টেঙাতল গাঁৱত নগা দুবৃৰ্ত্তৰ গুলি বৰ্ষণ, ৯৩ ঘৰত অগ্নি সংযোগ

অসম নগালেণ্ড সীমান্তৰ চুঙাজান (Assam Nagaland border) থানাৰ অন্তগত এম ভি (মিকিৰ ভিলেইজ) ‘ বি’ চেক্টৰৰ ঔগুৰি টেঙাতলত বৃহস্পতিবাৰে নিশা কাষৰীয়া অচিনাক্ত দূৰ্বিত্তই অসমৰ মাটিত বসবাস কৰি থকা ৯৩ টা গৃহত অংগ্নি সংযোগ কৰা ফলত নিমিষতে জ্বলি ভষ্মিভূত হৈ যায় প্ৰতিটো বাসগৃহ ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নিশা প্ৰায় ১১-৩০ মান বজাত কেইবা শ অচিনাক্ত দুবৃৰ্ত্তই বন্দুক, পেট্ৰ’ল বোমা লৈ টেঙাতল গাঁৱত প্ৰৱেশ কৰি প্ৰথমে গুলি বৰ্ষণ কৰে ৷ গুলিৰ শব্দ শুনি শুই থকা লোকসকলকে ঘৰৰ সকলো সামগ্ৰী এৰি বাহিৰলৈ পলাই প্ৰাণ কৰিবলৈ সক্ষম হয় ৷ অন্যহাতে দুবৃৰ্ত্তৰ দলটোৱৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰি গাঁও খনত থকা ১০৬ ঘৰ লোকৰ ভিতৰত ৯৩ ঘৰত অগ্নি সংযোগ কৰে ৷

অংগ্নি সংযোগ কৰা ফলত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও গোহালিত বান্ধি থোৱা বহুকেইটা গৰু, এখন বলেৰ গাড়ী, প্ৰায় শতাধিক চাইকেল, মটৰ চাইকেল জুইত জাহ যায় ৷ টেঙাতল গাঁৱত নিশা দুবৃৰ্ত্তৰ দলটোৱে অগ্নিসংযোগ কৰা খৱৰ নিৰপেক্ষ বাহীনি চি আৰ পি এফ বাহিনীক খৱৰ দিয়ে যদিও চি আৰ পি এফ বাহীনিক টেঙাতল জালাল বস্তি গাৱলৈ প্ৰৱেশ কৰা মূল পথটো বহু সংখ্যক নগা পুৰুষ মহিলাই বাধা প্ৰদান কৰে যাৰ ফলত অধিক সংখ্যক লোকৰ ঘৰত অগ্নিসংযোগক কৰিব পাৰিলে বুলি স্হানীয় লোকে চি আৰ পি এফ বাহিনীৰ বিৰুদ্ধে অভিযোগ কৰিছে ৷ অন্যহাতে টেঙাতল গাঁৱত দুবৃৰ্ত্তই অগ্নিসংযো কৰা খবৰ পাই ততাতৈয়াকৈ চি আৰ পি এফ এটা দল গাঁৱলৈ আহিছিলি কিন্তু গাঁৱৰ মূল পথছোৱা নগা লোকে বন্ধ কৰি দিয়াৰ ফলত আহিব পৰা নাছিল ৷ কিন্তু পিচলৈ চি আৰ পি এফৰ বৃহৎ বাহিনী উপস্থিত হোৱাত বাধা দিয়া লোক সকলৰ লাঠিচাৰ্জ কৰিবলৈ বাধ্য হ’ব বুলি কোৱাত পথ আৱদ্ধ কৰা লোক সকলে পথ এৰি দিয়ে বুলি চি আৰ পি এফে জানিবলৈ দিয়ে ৷ নিশা টেঙাতল গাঁৱত ৯৩ ঘৰ জুইত জাহ যোৱা খবৰ পাই পুৱা গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত , গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং , সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , সীমান্ত দণ্ডাদীশ প্ৰীয়ম জ্যোতি ফুকন , নগালেণ্ডনিউলেণ্ড জিলাৰ আৰক্ষী- প্ৰশাসনৰ উচ্চপদস্হ বিষয়াসকল টেঙাতল গাৱত উপস্হিত এক আলোচনাত মিলিত হয় ৷

আলোচনাত অসম আৰু নগালেণ্ড প্ৰশাসনে সুকীয়া সুকীয়া কৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ৷ অন্যহাতে অসম প্ৰশাসনে গোলাঘাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকক , সৰুপথাৰ সমজিলা প্ৰশাসনক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে ৷ টেঙাতল গাঁৱত অগ্নি সংযোগ ঘটনাত সৰুপথাৰত দল সংগঠন প্ৰতিক্ৰিয়া –
কিছুদিন পূৰ্বে ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান চলি থকাৰ সময়তে উৰিয়ামঘাটলৈ আহিছিল নাগালেণ্ডৰ উপ-মুখ্যমন্ত্রী বাই পেটনে। উচ্ছেদৰ সম্পৰ্কত আলোচনাত বহিছিল অসমৰ বনমন্ত্ৰীগৰাকীৰ সৈতে । আলোচনাৰ শেষত নগালেণ্ডলৈ ৰাওনা হৈয়ে সীমান্তৰ দাঁতি-কাষৰীয়া টেঙাতল গাঁওৱৰ নিচেই কাষতে থকা আঘুনাগা অঞ্চলত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰিছিল উপ-মুখ্যমন্ত্রী বাই পেটনে। নগালেণ্ডৰ বিভিন্ন বিভাগৰ চেয়াৰমেন, কেইবাজনো বিধায়ক, উচ্চপৰ্যায়ৰ আৰক্ষী বিষয়া, জিলা আয়ুক্ত, গাঁওবুঢ়া, বিভিন্ন দল-সংগঠনৰ নেতাৰ সৈতে আলোচনাত বহিছিল মন্ত্রীজন। আঘোনাগাত অনুষ্ঠিত সভাত মন্ত্রীজনে উপস্থিত সকলোৰে আগত কিছু উচটনিমূলক মন্তব্য আগবঢ়োৱা দেখা গৈছিল এটা ভাইৰেল হোৱা এটা ভিডিঅ’ত। নগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীৰ বক্তব্যৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ কিছু দিন পিছতেই এতিয়া অশান্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্ত অঞ্চল ।সীমান্ত অঞ্চল অশান্ত হোৱাৰ মূল জগৰীয়া নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী গৰাকী বুলি বিভিন্ন দল সংগঠনে দাবী কৰিছে ।

উক্ত আমানৱীয় ঘটনা সংঘটিত হোৱাৰ পাছতে সৰুপথাৰ বিভিন্ন দল সংগঠনে অসম নাগালেণ্ড পুৰণি সীমা সমস্যা শীঘ্ৰে সমাধান কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে । সীমা সমস্যা সমাধান, আৰু উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

zubeen garg death case: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ…

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ। (zubeen garg death case)

জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তই!

ৰিমাণ্ড কপিত বহু বিস্ফোৰক তথ্য শেখৰজ্যোতি গোস্বামীৰ।

উদ্দেশ্যপ্রণোদিতভাৱে জুবিন গাৰ্গক বিদেশলৈ লৈ গৈছিল সিদ্ধার্থ, শ্যামকানুৱে।

সাগৰত অচেতন হৈ পৰা জুবিন গাৰ্গৰ নাক-মুখেৰে ওলাইছিল ফেন।

মুখেৰে ফেন ওলোৱাৰ পিছতো দিয়া নাছিল গুৰুত্ব।

আনহাতে য়টৰ ভিডিঅ’ প্ৰচাৰ নকৰিবলৈ দিছিল ভাবুকি।

CIDৰ জেৰাত শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি।

ছিংগাপুৰৰ PAN PACIFIC নামৰ হোটেল খনত আছিল জুবিন গাৰ্গ।

হোটেলখনৰ ৩০১০ ৰূমতেই ৰচা হৈছিল নেকি জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্র?

Pijush Hazarika: মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষীঃ পীয়ূষ হাজৰিকা

মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষীঃ পীয়ূষ হাজৰিকা
মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষীঃ পীয়ূষ হাজৰিকা

শ্যামকানু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো প্ৰসংগত মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। (Pijush Hazarika)

আজি অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়-


‘মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষী’।

‘মুখ্যমন্ত্ৰীয়ে দিনটোত হাজাৰ মানুহৰ লগত ফটো উঠে’।

‘কিছু লোকে সেই ফটো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে’।

‘ফটো উঠিব আহিলে গঁতিয়াই কাকো দিব নোৱাৰি’।

Bodoland oath swearing ceremony: বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত

বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত
বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত

কোকৰাঝাৰত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ (Bodoland oath swearing ceremony) ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠান উপলক্ষে প্ৰস্তুতি পূৰ্ণ্যোদ্যমে চলি আছে। বড়োলেণ্ডৰ উন্নয়ন আৰু সমৃদ্ধিৰ এক নতুন প্ৰভাতক চিহ্নিত কৰি মাননীয় হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে ৫ম কাৰ্যনিৰ্বাহকৰ সদস্যসকলৰ সৈতে অহা ৫ অক্টোবৰত শপতগ্ৰহণ কৰিব।

এই শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। গৌৰৱোজ্জ্বল এই অনুষ্ঠানটো কোকৰাঝাৰৰ বড়োফা নগৰস্থিত বিটিচি সচিবালয় খেলপথাৰত অনুষ্ঠিত হ’ব আৰু বিটিআৰৰ অন্যান্য জিলাসমূহতো লাইভষ্ট্ৰীম কৰা হ’ব। অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই কাৰ্যভাৰগ্ৰহণ, শপত আৰু গোপনীয়তাৰ পাঠেৰে অনুষ্ঠানটি পৰিচালনা কৰিব।

লগতে বিটিচিৰ প্ৰধান সচিব আকাশ দীপে ত্ৰিদীপ দৈমাৰীক বিটিচি বিধানসভাৰ প্ৰ’টেম স্পীকাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰাব। আনহাতে বিটিচিৰ প্ৰধান সচিব আকাশ দীপৰ জাতীয় পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব। তাৰ পিছত দোতমাৰ থুলুংগাপুৰীত থকা বডোফা ইউ এন ব্ৰহ্মৰ সমাধিস্থল, দেৱৰগাঁৱত থকা বডোলেণ্ড ছহিদ সমাধিস্থল আৰু বিটিচি বিধানসভা ভৱনৰ সন্মুখত থকা বডোফা ইউ এন ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। উল্লেখ্য যে নতুনকৈ নিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ সদস্যসকলে বিটিআৰৰ গণতান্ত্ৰিক যাত্ৰাৰ এই শুভ মুহূৰ্তত নিজৰ দায়িত্ব গ্ৰহণ কৰি সমগ্ৰ বিটিআৰক উন্নয়ন, শান্তি আৰু গ্ৰগতিৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হ’ব।

Advocate Rajkamal: শ্যামকানু মহন্তৰ হৈ ওকালতি ৰাজ কমলৰ !

শ্যামকানু মহন্তৰ হৈ ওকালতি ৰাজ কমলৰ !
শ্যামকানু মহন্তৰ হৈ ওকালতি ৰাজ কমলৰ !

শ্যামকানু মহন্তৰ হৈ ওকালতি ৰাজ কমলৰ !(Advocate Rajkamal)

শ্যামকানুৰ হৈ ওকালতি কৰা ৰাজ কমল কোন জানেনে?

ৰাজ কমলে SUPREME COURTত শ্যামকানুৰ হৈ লেখ আবেদন কৰিছিল।

পঞ্জাবত কংগ্ৰেছৰ শাসনকালৰ ডেপুটী এডভোকেট জেনেৰেল আছিল ৰাজকমল।

২০১৭ৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত DAG হিচাপে কৰ্মৰত আছিল ৰাজকমল।

কংগ্ৰেছৰ ঘনিষ্ঠ হিচাপে জনাজাত ৰাজ কমল।

ৰাজকমল ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা।

নয়দাৰ চিম্বায়োছিছ আইন বিদ্যালয়ৰো অতিথি অধ্যাপক আছিল ৰাজকমল।

KTS TULSIৰ JUNIOR ৰাজ কমলে কংগ্ৰেছৰ হৈ বহু গোচৰত অৱতীৰ্ণ হৈছে।

Guwahati Crime News: জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰাণ কাঢ়িলে এজন যুৱকৰ!

জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰাণ কাঢ়িলে এজন যুৱকৰ!
জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰাণ কাঢ়িলে এজন যুৱকৰ!

জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰহাৰ যুৱকক।(Guwahati Crime News)


গুৱাহাটীৰ বামুণিমৈদাম ৰে’লৱে কলনীত যুৱকক হত্যা।


পূজাৰ আনন্দৰ মাজতে অবিনাশ নামৰ এজন যুৱকে জুবিন গাৰ্গৰ গান বজাবলৈ কৈছিল।

অবিনাশৰ দাবীত অগ্নিশৰ্মা হৈ সুৰজিত সৰকাৰ আৰু ৰাতুল বৰাৰ নেতৃত্বত ২০-২৫জনীয়া এটা দলে আক্ৰমণ কৰে অবিনাশক।


গুৰুতৰভাৱে আহত অৱস্থাত এখন চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল অবিনাশক।


চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অবিনাশ ৰজকৰ।


আৰক্ষীয়ে ঘটনা সন্দর্ভত চলাইছে তদন্ত।

Shyamkanu Mahanta Wife: শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানুৰ পত্নী

শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানু পত্নী
শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানু পত্নী

শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানুৰ পত্নী। (Shyamkanu Mahanta Wife)

CID কাৰ্যালয়ত সংবাদ মাধ্যমৰ প্ৰতি বিষোদগাৰ অনিতা ডেকা মহন্তৰ।

দুটা দিন ধৰি CID কাৰ্যালয়ত তাঁতবাটি কাঢ়িছে শ্যামকানু মহন্ত পত্নীয়ে।

সংবাদ মাধ্যমক উদ্দেশ্যি ক’লে ‘মোক আমাক ৰেহাই দিয়ক’।

‘আপোনালোকে মানুহজনক বহুত কৰিছে এতিয়া আমাক ৰেহাই দিয়ক প্লীজ’।

‘মোৰ প্ৰাইভেচীটোক সন্মান কৰক আপোনালোকে। মোৰ ক’লগীয়া একো নাই।’