Home Blog Page 621

ভৱিষ্যতক সবলীকৰণঃ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে বিটিচিৰ মুৰব্বী

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বডোলেণ্ড যুৱ সবলীকৰণ কাৰ্যসূচীৰ অধীনত ন’ডেল শিক্ষকৰ সৈতে এক অভিমুখী-সহ-পৰামৰ্শ সভা অনুষ্ঠিত হয়।

বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে সমগ্ৰ বিটিআৰত শৈক্ষিক নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে বিটিচি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়। তেওঁ ভৱিষ্যত প্ৰজন্মক উন্নীত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নক আগুৱাই নিয়াৰ মাধ্যম হিচাপে শৈক্ষিক জ্ঞান প্ৰচাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত উইকেণ্ড কোচিং ক্লাছ আৰম্ভ কৰাৰ বাবে বিস্তৃত নিৰ্দেশনা আৰু কৌশল প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই শ্ৰেণীসমূহৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰা, যাৰ ফলত প্ৰতিযোগিতামূলক ক্ষেত্ৰত তেওঁলোকৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি পায়। এই সহযোগিতামূলক প্ৰচেষ্টাই শৈক্ষিক ফলাফল বৃদ্ধি কৰিব বিচাৰে আৰু বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিকভাৱে উৎকৃষ্ট হ’বলৈ প্ৰয়োজনীয় সমৰ্থন লাভ কৰাটো নিশ্চিত কৰে।

এই সমাৱেশত বিটিআৰৰ পাঁচোখন জিলাৰ ২৫খন ডিগ্ৰী কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন’ডেল শিক্ষকে অংশগ্ৰহণ কৰে। বিটিচিৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল, আলোচনা আৰু পৰিকল্পনা প্ৰচেষ্টাত অৰিহণা যোগাইছিল।

ভৱিষ্যতক সবলীকৰণ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে বিটিচিৰ মুৰব্বীৰ

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বডোলেণ্ড যুৱ সবলীকৰণ কাৰ্যসূচীৰ অধীনত ন’ডেল শিক্ষকৰ সৈতে এক অভিমুখী-সহ-পৰামৰ্শ সভা অনুষ্ঠিত হয়।

বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে সমগ্ৰ বিটিআৰত শৈক্ষিক নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে বিটিচি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়। তেওঁ ভৱিষ্যত প্ৰজন্মক উন্নীত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নক আগুৱাই নিয়াৰ মাধ্যম হিচাপে শৈক্ষিক জ্ঞান প্ৰচাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত উইকেণ্ড কোচিং ক্লাছ আৰম্ভ কৰাৰ বাবে বিস্তৃত নিৰ্দেশনা আৰু কৌশল প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই শ্ৰেণীসমূহৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰা, যাৰ ফলত প্ৰতিযোগিতামূলক ক্ষেত্ৰত তেওঁলোকৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি পায়।

এই সহযোগিতামূলক প্ৰচেষ্টাই শৈক্ষিক ফলাফল বৃদ্ধি কৰিব বিচাৰে আৰু বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিকভাৱে উৎকৃষ্ট হ’বলৈ প্ৰয়োজনীয় সমৰ্থন লাভ কৰাটো নিশ্চিত কৰে।

এই সমাৱেশত বিটিআৰৰ পাঁচোখন জিলাৰ ২৫খন ডিগ্ৰী কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন’ডেল শিক্ষকে অংশগ্ৰহণ কৰে। বিটিচিৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল, আলোচনা আৰু পৰিকল্পনা প্ৰচেষ্টাত অৰিহণা যোগাইছিল।

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীৰ সামৰণি…

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীৰ সামৰণি

ল’ৰাত ওড়িছা-ছোৱালীত ঝাৰখণ্ড চেম্পিয়ন

ওড়িছাৰ ল’ৰাৰ দল তথা ঝাৰখণ্ডৰ ছোৱালী দলে গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতাৰ সোণৰ পদক লাভ কৰিছে৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা ল’ৰা আৰু ছোৱালীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দূয়োখন ফাইনেল তথা ব্ৰঞ্জ পদকৰ উভয় শাখাৰ মেচ আজি অনুষ্ঠিত হয়৷

ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ল’ৰাৰ ফাইনেলত ওড়িছাই শ্বুটআউটত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে ঝাৰখণ্ডক৷ নিৰ্ধাৰিত সময়ত খেলখন গলশূন্য হৈছিল৷ ঝাৰখণ্ডে ৰূপ লাভ কৰাৰ বিপৰীতে মনিপুৰৰ ল’ৰাৰ দলে বিহাৰক ১৩-১ গলত পৰাস্ত কৰি ব্ৰঞ্জ অৰ্জন কৰে৷

ইফালে, ছোৱালীৰ শাখাৰ ফাইনেল মেচখনো শ্বুটআউটৰ জড়িয়তে ফলাফল নিৰ্ণয় কৰা হয়৷ ঝাৰখণ্ডে ৩-০ ত ওড়িছাক পৰাস্ত কৰি সোণ লাভ কৰে৷ ওড়িছাই ৰূপ তথা মনিপুৰে বিহাৰক ২-০ গলত পৰাস্ত কৰি ব্ৰঞ্জ অৰ্জন কৰে৷

উল্লেখ্য যে আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰা আঠদিনীয়া প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটা প্ৰদান কৰে শীৰ্ষ আৰক্ষী বিষয়া প্ৰতীক টুবে, সুধাকৰ সিং, অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাস আৰু ৰাকেশ দাসে৷

বিশ্বত হ্ৰাস পাইছে চেম্পেইনৰ বিক্ৰী ! নোহোৱা হৈছে চাহিদা…

হ্ৰাস পাইছে চেম্পেইনৰ বিক্ৰী, নোহোৱা হৈছে চাহিদা । বিশ্বত হ্ৰাস পাইছে ৰং, ফুৰ্টি, আনন্দ-উল্লাস উদযাপন। উদযাপনৰ অভাৱত বিক্ৰী নোহোৱা হৈছে চেম্পেইন।

বিলাসী সামগ্ৰী কোম্পানী LVMHৰ ২০২৪ চনত হ্ৰাস পাইছে চেম্পেইন বিক্ৰীৰ ৰাজহ।

LVMHৰ মুখ্য বিত্তীয় বিষয়াৰ মতে, বৰ্তমান বিশ্বত বিশেষ আনন্দ নাই বাবে হ্ৰাস পাইছে চেম্পেইনৰ ব্যৱহাৰ ।

মিনি ৰাষ্ট্ৰীয় আৰু পূব মণ্ডল ৰোলবল চেম্পিয়নশ্বিপ বাবে সম্ভাৱ্য খেলুৱৈ বাচনি…

অনাগত ১৪ সংখ্যক মিনি ৰাষ্ট্ৰীয় আৰু পূব মণ্ডল ৰোলবল (১৬ বছৰ অনূৰ্ধ্ব) চেম্পিয়নশ্বিপৰ বাবে অসম ৰোল বল সন্থাই সম্ভাৱ্য খেলুৱৈ বাচনি কৰিছে। সন্থাৰ ৰাজ্যিক সম্পাদক ভূমিধৰ বৰ্মনে জনোৱা অনুসৰি নিৰ্বাচিত খেলুৱৈসকল হ’ল –

ছোৱালীঃ ৰিদিশা শৰ্মা (কামৰূপ মেট্ৰ’), কৃষ্টিনা কাশ্যপ (কামৰূপ মেট্ৰ’), নিষ্ঠা চলিহা (কামৰূপ মেট্ৰ’), দিশা ৰাজকুমাৰী (ডিব্ৰুগড়), জাছিংফা ফুকন (ডিব্ৰুগড়), ছিফিয়া হাছিন (গুৱাহাটী), অনুসূয়া বৰঠাকুৰ (গুৱাহাটী), শ্বাহৰিন হুছেইন (গুৱাহাটী), গৌৰীশিখা কলিতা (গুৱাহাটী), অদিতি লহকৰ (কামৰূপ মেট্ৰ’), ছেলিনা বসুমতাৰী (কামৰূপ মেট্ৰ’), অস্মিতা বৰা (তিনিচুকীয়া), ধ্ৰুৱী
মহন্ত (কামৰূপ মেট্ৰ’), হৰ্ষিকা ৰায় (দক্ষিণ কামৰূপ), জেচিকা ৰয় (দক্ষিণ কামৰূপ) আৰু জানভি গাৰ্গ (দক্ষিণ কামৰূপ)।

ল’ৰাঃ মৌৰ্য দাস (গুৱাহাটী) পাৰ্থ জৈন (গুৱাহাটী), জয়দান হুছেইন (গুৱাহাটী), যুৱল শ্বাহ (গুৱাহাটী), কৃষাং বৰদলৈ
(গুৱাহাটী), মিলন বৰদলৈ (গুৱাহাটী), কিয়ান সিং (নলবাৰী), দিব্যাংশু পাটোৱাৰী (নলবাৰী), শ্বাহৰিয়াৰ সামনুৰ (নলবাৰী),
শ্ৰেয়াংশ ওজা (নলবাৰী), হীৰক জ্যোতি গগৈ (তিনিচুকীয়া), কনজ্যোতি বৰদলৈ (দক্ষিণ কামৰূপ), প্ৰিয়ংক অধিকাৰী (দক্ষিণ কামৰূপ), ফিজান আহমেদ (দক্ষিণ কামৰূপ), গীতাংশু বৰা (কামৰূপ মেট্ৰ’), ব্যোম চক্ৰৱৰ্তী (কামৰূপ মেট্ৰ’), মিভান বৰুৱা (কামৰূপ মেট্ৰ’),
হৰ্ষিত ঢেকিয়াল (ডিব্ৰুগড়), কৃষ্ণাজ্ঞ গগৈ (ডিব্ৰুগড়), দীপাংশ আগৰৱাল (কামৰূপ), যশপ্ৰীত সিং (কামৰূপ), ৰুদ্ৰ শৰ্মা (কামৰূপ), মনৱিক আগৰৱাল (কামৰূপ), তেজোশময় শইকীয়া (ডিব্ৰুগড়), নিয়ৰ হাজৰিকা (কামৰূপ মেট্ৰ’) আৰু অদিক্ষিত গগৈ (তিনিচুকীয়া)।

দলৰ প্ৰশিক্ষকদ্বয়ঃ ৰামু বৰদলৈ আৰু স্বপন পল ।তালিকাভুক্ত সকলো খেলুৱৈক ১৫ আগষ্টৰ সন্ধিয়া ৫ বজাত এদিনীয়া বাচনিৰ বাবে দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল খেলপথাৰত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে । ইয়াৰ পৰাই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ লগতে তৃতীয় পূব মণ্ডল ৰোল বল চেম্পিয়নশ্বিপৰ বাবে দল বাচনি কৰা হ’ব ।

এক নম্বৰ ৱাৰ্ডত চাৰিটা পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ…

অসম চৰকাৰে ৰাজ্যৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা আচঁনিৰ লগত সংগতি ৰাখি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিগত সময়চোৱাত সমষ্টিটোৰ নগৰাঞ্চল আৰু গ্ৰামাঞ্চল উভয়তে নতুনকৈ পথ, উপ পথ নিৰ্মাণ কৰা কাৰ্যত অগ্ৰাধিকাৰ দি আহিছে। ইয়াৰ অংশহিচাপে ৩০ জুলাইত গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ লংকেশ্বৰ আৰু গাড়ীগাঁৱত “মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনি”ৰ অধীনত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া মুঠ চাৰিটা পথৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী চেণ্ট্ৰেল সংমণ্ডলৰ অধীনত প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া পথ , উপ পথ কেইটা হল ক্ৰমে – বিদ্যানগৰত দুটা উপ পথ, নোৱাপৰা পথ, জেউতিপাৰা – কছাৰী পথ আৰু সেউজী পথ। আনহাতে মাংগলিক কাৰ্যৰ মাজেৰে পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

এই উপলক্ষে এক নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বকচীয়ে আঁত ধৰা অনুষ্ঠান সমূহত ভাগ লৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়-মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ মিত্ৰজোটৰ চৰকাৰখনে ৰাজনীতিৰ উৰ্দ্ধত উন্নয়নমূলক আঁচনি ৰূপায়ণ আৰু যাতায়াত ব্যৱস্থা উন্নয়নত গুৰুত্ব আৰোপ কৰি আহিছে।পথৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত আঁচনি অনুসৰি নিৰ্মাণ ঠিকমতে হৈছে নে নাই তাক ৰাইজে চকু দিব লাগিব। যাতে ৰাজহুৱা ধনৰ সদ্ব্ব্যৱহাৰ হয়। আনহাতে আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে আটাইকেইটা পথৰ নিৰ্মাণ কাৰ্য সমাপ্ত হয় তাৰ বাবে দায়িত্ববাহী অভিযন্তা আৰু ঠিকাদাৰক বিধায়ক কলিতাই আহ্বান জনায়।

অনুষ্ঠানত অগপ দলৰ সম্পাদক সুভাষ শৰ্মা, যুৱ সমাজকৰ্মী ৰঞ্জন পাটোৱাৰীকে ধৰি কেবাজনো বিশিষ্ট লোক, লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী চেণ্ট্ৰেল সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শান্তনু দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা চন্দন কাকতি, কনিষ্ঠ অভিযন্তা গোবিন্দ দাস, অঞ্চলটোৰ বিভিন্ন ক্লাৱ, সামাজিক সংগঠনৰ কৰ্মকৰ্তা আৰু পুৰুষ-মহিলা নিৰ্বিশেষে বহুসংখ্যক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে পথ, উপ পথ কেইটা নিৰ্মাণ হৈ উঠিলে গাড়ীগাঁও অঞ্চলৰ যাতায়াত ব্যৱস্থাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব বুলি অঞ্চলটোৰ সচেতন লোক সকলে মত ব্যক্ত কৰি নিৰ্মাণ কাৰ্যত আগভাগ লোৱা বাবে বিধায়কক ধন্যবাদ জ্ঞাপন কৰিছে।

পেৰিছ অলিম্পিকৰ ৭৫ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাঁই…

পেৰিছত প্ৰথমখন মেচত দুৰ্দান্ত বিজয় অসম কন্যাৰ।

পেৰিছ অলিম্পিকৰ ৭৫ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাঁই।

নৰৱে’ৰ প্ৰতিদ্বন্দ্বী চুনীভা হফষ্টাডক পৰাস্ত লাভলীনাৰ।

৯ আগষ্টত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব লাভলীনা।

পেৰিছ অলিম্পিকত বেডমিণ্টনৰ গ্ৰুপ পৰ্যায়ত পি ভি সিন্ধুৰ জয়…

পেৰিছ অলিম্পিকৰ পৰা আহিছে আন এক সুখবৰ।

পেৰিছ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পিভি সিন্ধু।

গ্ৰুপৰ দুয়োখন মেচতে তেওঁ জয়লাভ কৰে।

ভাৰতীয় শ্বাটলাৰসকলে নক আউট পৰ্যায়ত উপনীত হয়।

এষ্ট’নিয়াৰ ক্ৰিষ্টিন কুবাক পৰাস্ত কৰি জয়ী পি ভি সিন্ধু।

বৃহস্পতিবাৰে তেওঁ প্ৰি-কোৱাৰ্টাৰত খেলিব।

মালিকৰ প্ৰতি কুকুৰৰ অপ্রীতিম ভালপােৱা ! ২৫০ কিলোমিটাৰ ভ্ৰমি গৰাকীৰ ওচৰলৈ ঘূৰি আহিল হেৰুওৱা কুকুৰ…

২৫০ কিলোমিটাৰ ভ্ৰমি গৰাকীৰ ওচৰলৈ ঘূৰি আহিল হেৰুওৱা কুকুৰ। তীৰ্থযাত্ৰাৰ সময়ত হেৰাইছিল কুকুৰটো।

কৰ্ণাটকৰ নিপানীৰ সমীপৰ নিজৰ গৃহ গাঁও যমগৰ্ণীলৈ উভতি আহিল কুকুৰটো।

কুকুৰটো ঘূৰাই পাই মালা পিন্ধাই আদৰিলে গৰাকীয়ে।

সমাজকৰ্মী তথা উদ্যোগী মহিলা ৰিণিকি ভূঞা শৰ্মাৰ আজি জন্মদিন ! ৰিণিকি ভূঞা শৰ্মাৰ কৰ্ম জীৱনৰ বিষয়ে জানো আহক…

ৰিণিকি ভূঞা শৰ্মা এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা। তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক। এই সংগঠনৰ অধীনত নিউজ লাইভ, ৰং, ৰামধেনু, নৰ্থ ইষ্ট লাইভ, ইন্দ্ৰধনু আদি টেলিভিছন চেনেল আছে। তদুপৰি তেওঁ ৰাধাকৃষ্ণ চাহ বাগিচা এলএলপি আৰু একা ইষ্টেটছ এলএলপিৰ লগতো জড়িত। ইয়াৰ উপৰিও তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ।

প্ৰাৰম্ভিক জীৱন
অসমৰ গুৱাহাটীত ৰিণিকি ভূঞাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন প্ৰখ্যাত উদ্যোগপতি স্বৰ্গীয় যাদৱ চন্দ্ৰ ভূঞা। তেওঁ গুৱাহাটীতে ডাঙৰ দীঘল হৈছিল।তেওঁ গুৱাহাটীত অৱস্থিত ছেইণ্ট মেৰী হাইস্কুলৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ কটন কলেজত নামভৰ্তি কৰে আৰু ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[1] ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।

তেওঁ ১৭ বছৰ বয়সত কটন কলেজত হিমন্ত বিশ্ব শৰ্মাক লগ পাইছিল আৰু প্ৰেমত পৰিছিল। ২০০১ চনৰ ৭ জুন তাৰিখে তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।দম্পতীহালৰ দুগৰাকী সন্তান আছে। তেওঁলোকৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু কন্যা সুকন্যা শৰ্মা

কৰ্মজীৱন
ৰিণিকি ভূঞা শৰ্মা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মিডিয়া হাউচ আৰু হোল্ডিং কোম্পানী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ। এই কোম্পানী কেইবাটাও দূৰদৰ্শন চেনেলৰ মূল স্বত্বাধিকাৰী কোম্পানী। ইয়াৰ অধীনত দুটা বাতৰি চেনেল নিউজ লাইভ (অসমীয়া) আৰু নৰ্ট ইষ্ট লাইভ (বহুভাষিক), এটা মনোৰঞ্জন চেনেলৰ ৰং, এটা গীতৰ চেনেল ৰামধেনু, এটা চলচ্চিত্ৰৰ চেনেল ইন্দ্ৰধনু, এটা অসম সংবাদ কাকত নিয়মীয়া বাৰ্তা আৰু এটা আলোচনী ‘আইনা’ আছে। তদুপৰি তেওঁ ৰাধাকৃষ্ণ চাহ বাগিচা এলএলপি আৰু একা ইষ্টেটছ এলএলপিৰ লগতো জড়িত।

উদ্যোগৰ উপৰিও তেওঁ এগৰাকী সমাজসেৱী হিচাপেও বিখ্যাত। তেওঁ বৰ্তমান তিনিটা বেচৰকাৰী সংস্থাৰ পৰিচালনা কৰি আছে। সেইকেইটা হৈছে ‘স্নেহ বন্ধন’, ‘উদয়াঞ্চল’ আৰু ‘গোল্ডেন থ্ৰেডছ অফ আছাম’

ৰিণিকি পেছাত এগৰাকী অধিবক্তা। তেওঁ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈও আছিল। তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল।

বঁটা আৰু সন্মান
২০২০ চনৰ মাৰ্চ মাহত ৰিণিকি ভূঞা শৰ্মায়ে প্ৰাগ প্ৰেৰণা বঁটা লাভ কৰিছিল।[17] ২০২১ চনত তেওঁ মহীয়সী আৰু গৰীয়সী বঁটা লাভ কৰিছিল।