Home Blog Page 623

পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবল, উদ্ধোধনী খেলত জয়ী ঘিলামৰা টাউন হাইস্কুল…

লক্ষীমপুৰৰ ঘিলামৰা টাউন হাইস্কুলে পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবলৰ উদ্ধোধনী খেলত কামৰূপ গ্ৰাম্য জিলাৰ ডামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰুদ্ধে ২-০ গ’লত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ মহানগৰীৰ পাশ্বৱৰ্তী টেপেচিয়াস্হিত এল.এন.আই.পি.ই.ৰ ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত খেলখনত আজি ঘিলামৰাৰ হৈ গলৰ পাতনি মেলে প্ৰতিশ্ৰুতিসম্পন্ন লেফট উইংগাৰ টেক বাহাদুৰ চেত্ৰীয়ে (১-০)৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰতিদ্বন্দিতাপূৰ্ণ আৰম্ভণি খেলখনত বিজয়ী ঘিলামৰাৰ হৈ ৫৬মিনিটত দ্বিতীয় গলটো দিয়ে (২-০) পৰিৱৰ্ত খেলুৱৈ প্ৰান্তিক শইকীয়াই৷

মুঠ ৩৫টা দলে অংশগ্ৰহণ কৰা ল’ৰা ১৫বছৰ অনুৰ্দ্ধ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে এল.এন.আই.পি.ই.ৰ ডীন ড° শংকৰজ্যোতি বসুমতাৰীয়ে৷ অনুষ্ঠানত সন্মানীয় ব্যক্তিৰূপে উপস্থিত থাকে এল.এন.আই.পি.ই.ৰ সহকাৰী পঞ্জীয়ক ড° ভাস্কৰজ্যোতি শৰ্মা, সহকাৰী অধ্যাপক ড° সুৰেন্দৰ সিং, জেষ্ঠ ক্ৰীড়া সাংবাদিক হিলদুল গগৈ, চিৰঞ্জীৱ শৰ্মা, অনিৰূদ্ধ যাদৱ, উদয়জিত বুঢ়াগোহাঁই, চন্দন দাস, ফটো সাংবাদিক গুনমনি শৰ্মা, সহকাৰী ক্ৰীড়া সঞ্চালক নৱ বসুমতাৰী, কামৰূপ মেট্ৰ’ জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ আদি৷

কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে পৰাস্ত বড়োলেণ্ড এফ চি…

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰিছে৷ কালি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত দলে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে ২-০ গলত জয়লাভ কৰে৷ খেলৰ প্ৰথমাৰ্ধ গলশূন্য হোৱাৰ পাছত ৫০ মিনিটত জিতিনে প্ৰথমটো গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ১-০ ৰ অগ্ৰগতি দিয়াৰ পাছত ইঞ্জুৰী টাইমত পৰিবৰ্তিত খেলুৱৈ অংকিতে দ্বিতীয়টো গল কৰে৷

উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ খেলা দলটোৱে স্থানীয় অনুৰাগীৰ একক সমৰ্থন লাভ কৰিছিল যদিও শক্তিশালী নৰ্থ ইষ্ট ইউনাইটেডৰ ৰণনীতিৰ সন্মুখত বড়োলেণ্ড এফ চিৰ ৰক্ষণবিভাগে কাৰ্যতঃ আত্মসমৰ্পন কৰে৷

প্ৰতিযোগিতাৰ আজি জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগা দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দুবাৰৰ চেম্পিয়ন দল চেন্নাইয়ান এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ এই মেচখন দিনৰ চাৰি বজাৰ পৰা আৰম্ভ হ’ব৷ ইফালে, নিশা সাত বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত আই এছ এল তথা ডুৰাণ্ড কাপৰ পূৰ্ব চেম্পিয়ন বেংগালুৰু এফ চিয়ে নৌ সেনাৰ ফুটবল দলৰ মুখামুখি হ’ব৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপঃ উল্লেখ্য যে ১৮৮জ্জ্ব চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

আজি পেৰিচ অলিম্পিকৰ ৰিঙত নামিব লাভলীনা বৰগোহাঁই, লাভলীনাক জনাওক শুভেচ্ছা…

আজি পেৰিচ অলিম্পিকৰ ৰিঙত নামিব লাভলীনা।

আজি বিয়লি ৩.৫০ মিনিটত পেৰিচ অলিম্পিকৰ ৰিঙত নামিব লাভলীনা বৰগোহাঁই।

লাভলীনাৰ খেলক লৈ উত্কণ্ঠিত দেশবাসী।

লাভলীনাৰ প্ৰথম প্ৰতিদ্বন্দী নৰৱে’ৰ ছুন্নিভা হভষ্টাড।

লাভলীনাক আপুনিও জনাওক শুভেচ্ছা।

কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে পৰাস্ত বড়োলেণ্ড এফ চি…

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰিছে৷ কালি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত দলে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে ২-০ গলত জয়লাভ কৰে৷ খেলৰ প্ৰথমাৰ্ধ গলশূন্য হোৱাৰ পাছত ৫০ মিনিটত জিতিনে প্ৰথমটো গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ১-০ ৰ অগ্ৰগতি দিয়াৰ পাছত ইঞ্জুৰী টাইমত পৰিবৰ্তিত খেলুৱৈ অংকিতে দ্বিতীয়টো গল কৰে৷উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ খেলা দলটোৱে স্থানীয় অনুৰাগীৰ একক সমৰ্থন লাভ কৰিছিল যদিও শক্তিশালী নৰ্থ ইষ্ট ইউনাইটেডৰ ৰণনীতিৰ সন্মুখত বড়োলেণ্ড এফ চিৰ ৰক্ষণবিভাগে কাৰ্যতঃ আত্মসমৰ্পন কৰে৷

প্ৰতিযোগিতাৰ আজি জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগা দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দুবাৰৰ চেম্পিয়ন দল চেন্নাইয়ান এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ এই মেচখন দিনৰ চাৰি বজাৰ পৰা আৰম্ভ হ’ব৷ ইফালে, নিশা সাত বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত আই এছ এল তথা ডুৰাণ্ড কাপৰ পূৰ্ব চেম্পিয়ন বেংগালুৰু এফ চিয়ে নৌ সেনাৰ ফুটবল দলৰ মুখামুখি হ’ব৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপঃ উল্লেখ্য যে ১৮৮জ্জ্ব চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

দেৰগাঁৱৰ কুহিমাৰিত পানীত পৰি সন্ধানহীন বিজয় বৰা নামৰ এজন ৫৫ বছৰীয়া ব্যক্তি…

দেৰগাঁৱৰ কুহিমাৰিত অঘটন।


পানীত পৰি সন্ধানহীন বিজয় বৰা নামৰ এজন ৫৫ বছৰীয়া ব্যক্তি।


কুহিমাৰি বিলত সংঘটিত হয় এই শোকাৱহ ঘটনা।


বিলখন সাঁতুৰি পাৰ হওঁতেই পানীত উটি যায় ব্যক্তিজন।

ঘটনাস্থলীত উপস্থিত দেৰগাঁও আৰক্ষী আৰু SDRF বাহিনী।

SDRF য়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

বৰ্তমানেও সন্ধান ওলোৱা নাই ব্যক্তি জনৰ মৃতদেহ।

ধুবুৰী ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন, ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এজন যুৱক…

ধুবুৰী ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন।


ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী নাবালক।


বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ সন্ধানহীন এ এম কো ৰোডৰ হাছেন আলি।


নিৰ্মীয়মান ধুবুৰী ফুলবাৰি দলংৰ সমীপত গা ধুবলৈ গৈছিল কিশোৰজন।


ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কিশোৰ গৰাকীৰ মোবাইল ফোন, চাৰ্জৰ, চেণ্ডেল, চোলা।


লগৰ বন্ধুৱে উদ্ধাৰ বাবে চেষ্টা চলায় যদিও ব্ৰহ্মপুত্ৰত ডুব যায় হাচেন আলী।


বৰ্তমান ঘটনাস্থলীত SDRF উপস্থিত হৈ আৰাম্ভ কৰিছে উদ্ধাৰ অভিযান।

বোকা পথত পিছলি পৰিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া…

চুকাফা পঞ্চায়তৰ শান্তিপুৰ অঞ্চলৰ ৰাইজৰ খবৰ লবলৈ যাওঁতে বোকা পথত পিছলি পৰিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।

চুকাফা পঞ্চায়তে অঞ্চলটোৰ পথ সমূহ নিৰ্মাণ নকৰাৰ অভিযোগ বহুদিনৰ পৰা উত্থাপন হৈ আহিছে- সেই সন্দৰ্ভত খবৰ ল’বলৈ যাওঁতেই পিছলি পৰিল দলপতি দেৱব্ৰত শইকীয়া।

BTR দখলৰ লক্ষ্যৰে বাজপেয়ী ভৱনত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী, ৪৪৩ গৰাকীয়ে কৰিলে যোগদান…

BTR দখলৰ লক্ষ্যৰে বাজপেয়ী ভৱনত মঙ্গলবাৰে অনুষ্ঠিত হয় বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। বিটিআৰৰ ৫ খন জিলাৰ ৪ শতাধিক লোকে যোগদান কৰে। ইয়াৰে অধিকাংশ বি পি এফ দলৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত এই যোগদান কাৰ্যসূচী হয়।‌ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা; মন্ত্ৰী পিয়ুজ হাজৰিকা,জয়ন্তমল্ল বৰুৱা; বিধায়ক মানৱ ডেকা , ৰূপক শৰ্মা প্ৰমুখ্যে বহু বিজেপি নেতা উপস্থিত থাকে। অনুষ্ঠানত ওডালগুৰি জিলাৰ ১২৭ গৰাকী, বাকসা জিলাৰ ১৬ গৰাকী, কোকৰাঝাৰ জিলাৰ ১৮৯ গৰাকী, চিৰাং জিলাৰ ৮৮ গৰাকী, তামুলপুৰ জিলাৰ ৩৩ গৰাকী মুঠ ৪৪৩ গৰাকীয়ে বি জে পি ত যোগদান কৰে।

অনুষ্ঠানৰ পিছত সাংবাদিকক সম্বোধন কৰি ভৱেশ কলিতাই কয় ২০২৫ৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব BTRৰ নিৰ্বাচন। আজিৰ যোগদানে বিটিআৰত বিজেপিক অধিক শক্তিশালী কৰিব। তেওঁ জনায় যে অহা ৪ আগষ্টত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ’ব।কলিতাই লগতে কয় যে বি জে পি এটা বিচাৰধাৰা দল। এই বিচাৰধাৰাৰ প্ৰতি আকৃষ্ট হৈ অনাগত দিনত বহুত লোক বি জে পি ত যোগদান কৰিবলৈ ৰৈ আছে। অসমত ২০২৬ চনত ১০০ খনৰো অধিক আসন লাভ কৰি পুনৰ বি জে পি চৰকাৰে প্ৰতিষ্ঠা হ’ব।

ৰাজনৈতিক ইংনিছ সামৰি বাজপেয়ী ভৱনত কি ক’লে নৱ নিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই…

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তিশগড় ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়া উপলক্ষে আজি বশিষ্ঠ চাৰিআলিস্থিত বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত সম্বৰ্দ্ধণা জনোৱা হয়। বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰমেন ডেকাক সম্বৰ্দ্ধণা জনায়। সাংবাদিকক সম্বোধন কৰি ডেকাই কয় – আজি মই সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ ইংনিছ সামৰিলো। মোক এক নতুন সাংবিধানিক দায়িত্ব দিয়া হৈছে। নিশ্চয় এই দায়িত্ব পালন কৰাৰ চেষ্টা কৰিম। তেওঁ কয়- ছত্তিশগড়ৰ দৰে ৰাজ্যৰ ৰাজ্যপাল হোৱাটো এক প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক ইতিবাচক কৰি তুলিব লাগিব। ছত্তিশগড়ৰ এখন সম্ভৱনাময় ৰাজ্য। ৰাজ্যখনৰ সম্ভৱনাক বিকশিত কৰাৰ কামত মনোনিবেশ কৰা‌ হ’ব।

ইপিনে অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে আৱেগিক হৈ পৰা দেখা যায় ৰমেন ডেকা। ডেকাই ভাষণত সংঘত যোগদান কৰোৱা নেতা-কৰ্মীসকলক স্মৰণ কৰে। আজি মোৰ কাৰণে বৰ বেদনাদায়ক। ১৯৭৬ চনৰ জুলাই মাহত যোগদান কৰিছিলো। সমাজত আমাৰ বিশেষ একো পৰিচয় নাই। বিজেপিৰ নামটো লাগি আছে বাবে ৰমেন ডেকা হৈ আছো।’ তেওঁ দলৰ বাবে নিষ্ঠাসহকাৰে কাম কৰা নেতা-কৰ্মীসকলৰ উদ্ধৃতি দি কয়- ‘আমি ত্যাগ কৰিবলৈ শিকিব লাগিব। পইচাৰ প্ৰয়োজন আছে; কিন্তু সকলো সময়ত পইচাই সৰ্বস্ব নহয়।’ তেওঁ কয়- ‘ভাৰতীয় জনতা পাৰ্টি এদিনতে হোৱা দল নহয়।’ ‘২০০৯ চনত অগপৰ সৈতে কৰা মিত্ৰতা বিজেপিৰ বাবে বুনিয়াদ আছিল। বিজেপি নিজৰ আদৰ্শ-বিচাৰধাৰাৰ বাবেই চলি আছে। আমি বিচাৰধাৰাৰ পৰা বিচ্যুত হ’ব নালাগে।’ তেওঁ কয়- ‘কেৱল নিজে নেতা হ’লে নহ’ব, আমি কৰ্মীক নেতা বনাবলৈও শিকাব লাগিব। ‘জিলা এখনত জিলা সভাপতি যদি দলে বিচাৰি নাপাই তেন্তে সেয়া দলৰ দুৰ্বলতাহে।’

বিজেপিৰ কাৰ্যালয়ত পূৰ্বতে কাম কৰা নিষ্ঠাবান কৰ্মীসকলক অনুষ্ঠান পাতি সম্বৰ্ধনা জনাবলৈ আহ্বান জনায় ৰমেন ডেকাই কয় – Unsung Hero সকলে নীৰৱে কাম কৰি আছে বাবেহে পাৰ্টি জীয়াই আছে। সংঘ আছে কাৰণেহে দল আছে। সেয়া সকলোৱে মনত ৰখাটো দৰকাৰ।’

ঝাড়ুত কিয় ভৰি লগাব নাপাই! ঘৰত ঝাড়ু কেনেকৈ ৰাখিব, ঝাড়ু ৰখা নিয়ম জানেনে…

বাস্তু শাস্ত্ৰত কোৱা হৈছে যে ঝাড়ুক অসন্মান কৰিলে এজন ব্যক্তিৰ জীৱনত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ঝাড়ুক অসন্মান কৰিলে এজন ব্যক্তিৰ জীৱনত বহু অসুবিধাৰ সৃষ্টি হ’ব পাৰে।আচলতে ঝাড়ুক লক্ষ্মী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয়। গতিকে কেতিয়াও ভৰি ঝাড়ুত লগাব নালাগে আৰু লগালেও লগে লগে হাতেৰে ঝাড়ুটো চুই ক্ষমা খুজিব লাগে।

ভুলতেও ঝাড়ু কেতিয়াও থিয় কৰি ৰাখিব নালাগে। এজন ব্যক্তিয়ে যেনেকৈ লক্ষ্মী দেৱীক শ্ৰদ্ধা দিয়ে, ঠিক তেনেদৰে ঝাড়ুক তেওৰ ৰূপ বুলি গণ্য কৰি সদায় পেলাই ৰাখিব। ঝাড়ু থিয় কৰি ৰাখি দেৱী লক্ষ্মীয়ে বেছি দিন বাস নকৰে।

ঝাড়ু কেতিয়াও ঘৰৰ আগত ৰাখিব নালাগে। সদায় ঘৰত লুকুৱাই ৰাখিব লাগে। আচলতে সন্মুখত ঝাড়ু থাকিলে লক্ষ্মী বাস নকৰে। সেয়ে ঝাড়ুটো সদায় এনে ঠাইত ৰাখক য’ত ইয়াৰ কাৰো চকুত নপৰে।