ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা৷
এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হাওৰা-মুম্বাই এক্সপ্ৰেছৰ৷

লাইনচ্যুত হ’ল হাওৰা-মুম্বাই এক্সপ্ৰেছৰ ১৮টাকৈ দবা৷
দুৰ্ঘটনাত ২জন নিহত, আহত প্ৰায় ১৫০জন৷
ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা৷
এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হাওৰা-মুম্বাই এক্সপ্ৰেছৰ৷

লাইনচ্যুত হ’ল হাওৰা-মুম্বাই এক্সপ্ৰেছৰ ১৮টাকৈ দবা৷
দুৰ্ঘটনাত ২জন নিহত, আহত প্ৰায় ১৫০জন৷
অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ।
ৰাজ্যৰ প্ৰতিটো পৰ্যটন স্থানত গঢ়ি তোলা হ’ব HOME STAY।

শীঘ্ৰেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আঁচনি।
অসমত HOME STAYৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে জনাই৷
মঙলদৈৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱত কৌতূহলৰ অন্ত।চিনাক্ত হ’ল মৃত দেহ। মঙলদৈৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱৰ গোবিন্দ ডেকাৰ একমাত্ৰ কন্যা কৃষ্ণামণি ডেকা, বয়স ১৯ বছৰ।সোমবাৰে মন্দিৰ দৰ্শন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।
মোবাইলো অফ আছিল কৃষ্ণামণি ডেকাৰ।

আজি ৰাতিপুৱাই স্থানীয় ৰাইজে এটি কাপোৰেৰে মেৰিয়াই বান্ধি থোৱা টোপোলা দেখা পাই। ততালিকে মঙলদৈ সদৰ আৰক্ষীক খবৰ কৰে। আৰক্ষী উপস্থিত হোৱাৰ পাছতেই চিনাক্ত হয়। কেনেকৈ এনে ঘটনা সংঘটিত হ’ল তদন্তৰ পাছতহে ওলাব।
খেল বুলি ক’লে এতিয়া গাঁও-ভূই সকলোতে আনন্দ-উলাহত মতলীয়া আবাল-বৃদ্ধ-বনিতা। এটা সময় আছিল মহিলাক খেল খেলাৰ পৰা বাৰণ কৰা হৈছিল। কিন্তু এতিয়া সময় সলনি হ’ল। মহিলা খেলুৱৈয়েও বিভিন্ন খেলত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আনকি আজিৰ মহিলা খেলুৱৈয়ে ৰাজ্য তথা দেশৰ সীমাৰ পৰিধি অতিক্ৰমী বিশ্বৰ ক্ৰীড়াংগণ উজলাবলৈ সক্ষম হৈছে। আমাৰ অসম মুলুকতে এতিয়া আমি গৌৰৱেৰে নাম ল’বলৈ সক্ষম হৈছো- হিমা দাস, লাভলীনা বৰগোহাঁই, জিণ্টিমণি কলিতা, উমা ছেত্ৰী, নয়নমণি হাজৰিকা, অপূৰ্ণা নাৰ্জাৰী, হৃদয় হাজৰিকা, অম্লান বৰগোহাঁই, বৰ্ণিল আকাশ চাংমাই, পপী হাজৰিকা, দিতিমণি সোণোৱাল, শিৱাংগী শৰ্মা, ভূমিকা সূত্ৰধাৰে খেলৰ বিভিন্ন ক্ষেত্ৰত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। আনহাতে, সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা তথা ভাৰতীয় জাতীয় কিক্ৰেট দলত স্থান লাভ কৰি অসমৰ নাম ভাৰতীয় খেল জগতত সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে। এওঁলোক নিঃসন্দেহে আমাৰ গৌৰৱ, অসমৰ গৌৰৱ।

বিগত বৰ্ষত অসম চৰকাৰে অসমত খেল মহাৰণ অনুষ্ঠিত কৰি অসমৰ চুকে-কোণে থকা খেলুৱৈসকলক উলিয়াই আনি এখন ভাল মঞ্চ দিয়া যি ব্যৱস্থা কৰিছিল সেয়া বৰ সুখৰ বতৰা আছিল। এতিয়াও বহু প্ৰতিভাধৰ বিভিন্ন ক্ষেত্ৰৰ খেলুৱৈ আমাৰ গাঁৱে-ভূঞে আছে, যিসকলে আৰ্থিক অনাটনৰ বাবেই হওক বা অন্য কাৰণতেই হওক উপযুক্ত এখন মঞ্চ নাপাই কলিতে মৰহি যাব লগা হৈছে। সেয়ে চৰকাৰে বিভিন্ন উদ্যোগ লৈ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি উপযুক্ত প্ৰশিক্ষণ দি একো একোগৰাকী সফল খেলুৱৈ কৰি গঢ়ি তোলাৰ ব্যৱস্থা লওক। তেতিয়াহে অসমৰ খেলুৱৈক লৈ আমি গৌৰৱ কৰিব পাৰিম। বৰ্তমান যিসকল প্ৰতিভাৱান খেলুৱৈয়ে তেওঁলোকৰ নিজা পাৰদৰ্শিতাৰে অথবা কোনো চৰকাৰী প্ৰশিক্ষণ অবিহনেই জিলিকি উঠিবলৈ সক্ষম হৈছে। গতিকে এবাৰ দুবাৰ অকল চমক সৃষ্টি কৰিবলৈকে খেল মহাৰণ পাতি হৈ-চৈ কৰাতকৈ একোটা নিৰ্দিষ্ট প্ৰশিক্ষণ প্ৰতিষ্ঠান ঠায়ে ঠায়ে স্থাপন কৰি তাত উপযুক্ত প্ৰশিক্ষক নিযুক্তি দি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। এই কথাখিন উনুকিয়াব লগা হ”ল এই কাৰণেই যে আমি এগৰাকী খেলুৱৈয়ে কেৱল নিজৰ শক্তি-সামৰ্থ্য বলত ৰাজ্যৰ বাহিৰত গৈ সুনাম কঢ়িওৱাৰ পিছতহে তেওঁক চিনি পাওঁ। আমি ভাবো এতিয়াও গ্ৰামাঞ্চচলসমূহত এখন ভাল খেলপথাৰ নাই। ভাল ক্ৰীড়া প্ৰশিক্ষক নাই। গতিকে ক্ৰীড়াৰ অগ্ৰগতিও আজি পৰ্যন্ত উন্নত হোৱা নাই। অৱশ্যে এনে অভাৱ-অভিযোগৰ মাজতো অসম সন্তানে অলিম্পিকৰ দৰে খেলৰ শীৰ্ষ খেলত আজি অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে। এয়া আমাৰ বাবে গৌৰৱৰ কথা। অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত থাকক তাকেই কামনা কৰিছো। এইবাৰৰ অলিম্পিকতো অসম সন্তানে পেৰিছত জিলিকি উঠিব নিশ্চয়।
বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আৰম্ভ হ’ল খেল মহাযুদ্ধ ‘গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ ।সততে প্ৰেমৰ চহৰৰূপে খ্যাত পেৰিচৰ ছেইন নদীৰ বুকুত বৰ্ণিল-অবিস্মৰণীয় উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ’ল ৩৩সংখ্যক অলিম্পিক মহাৰণ। ঐতিহ্যশালী ছেইন নদীৰ পাৰত অনুুষ্ঠিত বৰ্ণিল তথা অলিম্পিক গেম্ছৰ ইতিহাসত কেতিয়াও ইমান বিশাল পৰিসৰত আয়োজন নোহোৱা অথচ এইবাৰ সম্ভৱ কৰি তোলা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানে সমগ্ৰ বিশ্ববাসীৰে অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল। ‘চিটী অৱ লাভ’ৰূপে পৰিচিত পেৰিচত এতিয়া প্ৰায় দহ হাজাৰতকৈয়ো অধিক খেলুৱৈৰ সমাৱেশ ঘটিছে। প্ৰত্যেকগৰাকী খেলুৱৈয়ে এতিয়া পদক অৰ্জন কৰি নিজ নিজ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে নিজৰ বিজয় অলিম্পিকৰ ইতিহাসত খোদিত কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ লগতে ব্যস্ত তেওঁলোক পেৰিচৰ সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰাত। আৰু প্ৰেমৰ চহৰ পেৰিছে আঁকোৱালি লৈছে আন্তৰিকতাৰে বিশ্বৰ প্ৰতিগৰাকী ক্ৰীড়া যোদ্ধাক। ১০০ বছৰ পিছত এইবাৰ যেন বিশ্ব অলিম্পিক পুনৰ ঘূৰি আহিছে ঘৰলৈ । ২০০৮ চনত বেইজিঙে প্ৰযুক্তিৰ চমক সৃষ্টি কৰি বিস্ময়াভিভূত কৰিছিল বিশ্বক। ইয়াৰ পিছত ২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিক খেলত আছিল ঐতিহ্য আৰু পৰম্পৰাৰ অপূৰ্ব সংমিশ্ৰণ। ২০১৬ চনত ৰিঅ’ত অনুষ্ঠিত অলিম্পিকত আছিল সংস্কৃতিৰ সমাহাৰ। আনহাতে, ২০২০ চনত টকিঅ’ত অনুষ্ঠিত অলিম্পিকত আছিল ঐতিহ্য, পৰম্পৰা আৰু প্ৰযুক্তিৰ চমৎকাৰ। পূৰ্বৰ অলিম্পিকত যি যি হোৱা নাছিল এইবাৰ কিন্তু সকলো সম্ভৱ কৰি তোলা হৈছে প্ৰেমৰ চহৰখনত। অলিম্পিকৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে বৃহৎ আকাৰত অনুষ্ঠিত হৈছে উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী। ভাৰতীয় সময় অনুসৰি ২৭ জুলাইৰ নিশা ১১ বজাত আৰম্ভ হৈ অনুষ্ঠানৰ সামৰণি পৰিছিল পুৱতি নিশা ৩ বজাত। এইবাৰ পেৰিচ অলিম্পিকৰ মূল আধাৰ হৈছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু প্ৰেম। অলিম্পিকৰ ইতিহাসত এইবাৰেই অনুষ্ঠিত হৈছে আটাইতকৈ দীঘলীয়া উদ্বোধনী অনুষ্ঠান। দীঘলীয়া অনুষ্ঠান হ’লেও প্ৰতিগৰাকী দৰ্শকৰ বাবে আছিল অতি মনোমুগ্ধকৰ অনুষ্ঠান। কাৰো মনত নাছিল কোনো আমনি লগা অনুভৱ। অলিম্পিক চাকি হাতত লৈ এগৰাকী ব্যক্তিৰ দৌৰেৰে আৰম্ভ হৈছিল উদ্বোধনী অনুষ্ঠান। ছেইন নদীৰ বুকুত আৰম্ভ হৈছিল মনোৰম নৌকা যাত্ৰা। প্ৰায় ৯৪খন নাৱতে প্ৰতিখন দেশৰ খেলুৱৈয়ে ভাগ লৈছিল নৌকাবিহাৰৰ মাৰ্ছপাষ্টত। আমাৰ দেশৰ খেলুৱৈও আছিল এই নৌকাবিহাৰত। ৰাষ্ট্ৰীয় পতাকা বহন কৰিছিল পি ভি সিদ্ধু আৰু শৰথ কমলে। ত্ৰিৰংগাৰ লহৰত উৎফুল্লিত হৈ পৰিছিল সমগ্ৰ ভাৰতবৰ্ষ। এইবাৰ ভাৰতীয় খেলুৱৈ দলত ১১৭গৰাকী খেলুৱৈয়ে পেৰিছ অলিম্পিকত তেওঁলোকৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিব। অৱশ্যে উদ্বোধনী অনুষ্ঠানত ৭৮গৰাকী প্ৰতিযোগীয়েহে অংশ লৈছে। আমাৰ বাবে সৌভাগ্যৰ কথা যে পেৰিছ অলিম্পিকত প্ৰথমটো পদক জিকিবলৈ সক্ষম হৈছে মনু ভাকৰেয়ে। ১২ বছৰৰ পিছত এইবাৰ শ্বুটিঙত পদক পাবলৈ সক্ষম হ’ল মনু ভাকেৰৰ জৰিয়তে ভাৰতে। এয়া এইবাৰৰ অলিম্পিকৰ জয়যাত্ৰা আৰম্ভ হ’ল আৰু এই যাত্ৰা অক্ষুণ্ণ ৰাখি ভাৰতীয় খেলুৱৈয়ে ভাৰতবৰ্ষলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই আনক তাকেই আশাৰে বাট চাই আছোঁ। অসমৰ পৰাও লাভলীনা বৰগোহাঁইকে ধৰি আন কেইবাগলাকীয়েও পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে। আশা ৰাখিছো তেওঁলোকেও অলিম্পিকত ভিল প্ৰদৰ্শন কৰি পদক জিকি দেশৰ লগতে অসমলৈও গৌৰৱ কঢ়িয়াই আনিব। আমি জানো খেলে শৰীৰৰ উৎকৰ্ষ সাধন কৰাৰ লগতে মানসিকভালৱেও শক্তিশালী কৰে। মনৰ পৰা হিংসা-কপটতা আদিও নাশ কৰে। এনে এক ধাৰণা লৈয়ে হয়তো আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে উদ্বোধনী অনুষ্ঠানৰ আগে আগে সমগ্ৰ বিশ্বক শান্তিৰ নীড়লৈ পৰিণত কৰাৰ বাবে আৱেদন জনাইছে এনেদৰে— ‘Give Peace a chance’।
আন্তৰ্জাতিক অলিম্পিক কমিটীৰ তত্ত্বাৱধানত প্ৰথম অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল এথেন্সত ১৮৯৬ চনত। এই খেল মহাৰণত বিশ্বৰ ১৪খন দেশৰ প্ৰায় ২৪১গৰাকী খেলুৱৈয়ে ভাগ লৈছিল। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অলিম্পিক খেলত ৪৩ বিধ খেল সংযোগ কৰা হৈছিল। এইবাৰৰ অলিম্পিকত বিশ্বৰ প্ৰায় ১০,৫০০গৰাকী খেলুৱৈয়ে অংশ লৈছে। ইয়াৰে ৫,২৫০গৰাকী পুৰুষ আৰু সমসংখ্যক মহিলা খেলুৱৈ। ভাৰতৰ এইসকল খেলুৱৈক লৈ সমগ্ৰ ভাৰতবাসী আজি উদ্গ্ৰীৱ, উৎকণ্ঠিত। তেওঁলোকৰ সফলতাই হ’ব আমাৰ গৌৰৱ।
ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পয়েন্টৰ ওচৰত স্থাপন হ’ব ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি। এই সম্পৰ্কে সোমবাৰে ধুবুৰী পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত ধুবুৰী পৌৰসভাৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে ,ধুবুৰী পৌৰসভাৰ পৌৰপতি ড: দেৱময় সান্যাল, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসনজিৎ দত্ত,উপ পৌৰপতি আই ভি লতা ৰায়,জিলা বিজেপিৰ উপ সভাপতি গোপাল প্ৰসাদ আৰু ধুবুৰী পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড কমিশনাৰ সহ বহু গন্যমান্য ব্যক্তিবর্গ। সভাৰ আৰম্ভণিতে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে ভূমি দান দিয়া প্ৰয়াত কেদাৰ প্ৰসাদ ৰাম জী আৰু ভাটি গোলা পৰিয়ালৰ সদস্য সদস্যাক ধুবুৰী পৌৰসভাৰ পৰা ফুলাম গামোচা, জাপি আৰু শৰাই প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই সম্পৰ্কে ভাষণ প্ৰসংগত পৌৰসভাৰ পৌৰপতি ড: দেৱময় সান্যালে কয়, বহু দিনৰ এটা স্বপ্ন আছিল ধুবুৰীবাসী ৰাইজৰ বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা ধুবুৰী চহৰৰ বুকুত। যদিও ইমান দিনে ভূমি বিচাৰি পোৱা নাছিল। এই ক্ষেত্ৰত আগবাঢ়ি আহিল ধুবুৰীৰ অতি পুৰণি ব্যৱসায়ী প্রতিষ্ঠান ভাটি গোলা।ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পয়েন্টৰ ওচৰত তেঁওলোকৰ এডোখৰ বহুত মূল্যৱান মাটি (দাগ নম্বৰ ১০৪ )। উক্ত মাটি ডোখৰ আনুষ্ঠানিক ভাৱে সোমবাৰে পৌৰসভাৰ হাতত হস্তান্তৰ কৰে।প্ৰয়াত কেদাৰ প্ৰসাদ ৰাম জী আৰু ভাটি গোলা পৰিয়ালৰ সদস্য সদস্যা সকলৰ এই মহানুভৱতাৰ ফলত ধুবুৰীৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।
চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খেল আজিৰে পৰা অসমৰ কোকৰাঝাৰতো অনুষ্ঠিত হ’ব৷ ভাৰতীয় সেনাই এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত কৰিছে৷ আজি ছাই ষ্টেডিয়ামত দিনৰ তিনি বজাৰ পৰা হ’বলগা গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত স্থানীয় দল বড়োলেণ্ড এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ এই গ্ৰুপৰ আন দুটা দল হ’ল ওড়িছা এফ চি আৰু বি এছ এফ ফুটবল দল৷ উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ দলৰ প্ৰদৰ্শন প্ৰত্যাশিত নহ’ল যদিও অভিজ্ঞতাই এইবাৰ দলটোক উন্নত প্ৰদৰ্শন কৰাত অনুপ্ৰানিত কৰিব৷আনহাতে, স্থানীয় অনুৰাগীৰ একক সমৰ্থনে দলক দিব অতিৰিক্ত শক্তি৷‘এয়া দলৰ লগতে আমাৰ সমৰ্থকৰ বাবেও এখন বৃহৎ মেচ৷নৰ্থ ইষ্ট ইউনাইটেড শক্তিশালী দল৷ কিন্তু আমি দৃঢ় আৰু আত্মবিশ্বাসী৷’আজি বড়োলেণ্ড এফ চিৰ প্ৰশিক্ষক খলিন পিৰখাট ছিয়েমলিয়ে কয়৷

ইফালে, আই এছ এলৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেডো স্থানীয় দল হোৱাত কাইলৈৰ মেচ ৰোমাঞ্চকৰ হ’ব৷ বিগত ডুৰাণ্ড কাপত নৰ্থ ইষ্ট ইউনাইটেডে ছেমিফাইনেল খেলিছিল৷ স্থানীয় তাৰকা পাৰ্থিৱ গগৈৰ চমক ইতিমধ্যে ভাৰতীয় ফুটবলত আশা ৰেঙনি আনিছে৷ দেশী-বিদেশী খেলুৱৈৰে গঠিত নৰ্থ ইষ্ট ইউনাইটেডে যোৱা আই এছ এল ছিজনত এক পইণ্টৰ বাবে নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলে৷ মুঠ ২২ মেচ খেলা ক্লাবটোৱে ছয়খনত জয়লাভ কৰাৰ বিপৰীতে আঠ খনত পৰাজয় তথা সমসংখ্যক মেচ ড্ৰ খেলি তালিকাৰ সপ্তম স্থানত আছিল৷ ‘আমি নতুন ছিজন সফলতাৰে আৰম্ভ কৰাৰ আশা কৰিছো৷ ডুৰাণ্ড কাপ দলক সাজু কৰাৰ এখন সুন্দৰ মঞ্চ৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক জুৱান পেড্ৰো বেনানিয়ে কয়৷আজি কোকৰাঝাৰত হ’বলগা উদ্বোধনী অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল ৰাম চন্দৰ তিৱাৰীৰ উপস্থিত থাকিব৷ উদ্বোধনী অনুষ্ঠানত একাদশ পেৰা বিশেষ বাহিনীৰ দ্বাৰা দৰ্শনীয় স্কাইডাইভিং প্ৰদৰ্শনৰ লগতে স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক ঐতিহ্যৰ নান্দনিক ছবিৰ প্ৰতিফলন কৰা হ’ব৷ আৰ্মী এভিয়েশন হেলিকপ্টাৰ, এল চি এইচ আৰু মাইক্ৰ’লাইট বিমানৰ ফ্লাইপাষ্টৰো প্ৰদৰ্শন কৰা হ’ব৷
ইফালে, আজি কলকতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত হ’বলগা প্ৰতিযোগিতাৰ গ্ৰুপ ‘চি’ৰ প্ৰথম মেচত আই এছ এল ক্লাব পঞ্জাৱ এফ চিয়ে অভিযান আৰম্ভ কৰিব চি আই এছ এফ ফুটবল দলৰ বিৰুদ্ধে৷ যোৱানিশা এই ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘বি’ৰ উদ্বোধনী মেচত স্থানীয় দল মহমেদান স্পৰ্টিং ক্লাবে উত্তৰ প্ৰদেশৰ ইণ্টাৰ কাশী এফ চিৰ বিৰুদ্ধে ১-১ ত ড্ৰ খেলি পইণ্ট ভগাই লয়৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷
ডুৰাণ্ড কাপঃ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷
আজি ভাৰত-শ্ৰীলংকাৰ তৃতীয়খন T-20 মেচ৷
সূৰ্যকুমাৰৰ নেতৃত্বত যুঁজত নামিব টীম ইণ্ডিয়া৷

ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰিছে ভাৰতে৷
শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন৷
সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব খেলখন।
গুৱাহাটীত উপস্থিত অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।

আজি অসমৰ নতুন ৰাজ্যপাল ৰূপে শপত ল’ব লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

কলাক্ষেত্ৰত নতুন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ল’ব শপত৷

পথ-দুৰ্ঘটনাই সম্প্ৰতি অসম, ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপধাৰণ কৰিছে৷ প্ৰতিদিনে সংঘটিত পথ-দুৰ্ঘটনাত দেশৰ অনেক অমূল্য মানৱ সম্পদে নিমিষতে অকাল মৃত্যুক সাৱতি ল’বলগীয়া হৈছে৷ ফলত লাখ লাখ পৰিয়াল, সংসাৰ আৰু সমাজ ব্যৱস্থাত বেয়াকৈ ক্ষতিসাধন কৰিছে৷ সেয়ে এই ভয়ংকৰ ব্যাধিৰ পৰা মানৱ সম্পদ ৰক্ষাৰ্থে পথ-দুৰ্ঘটনা ৰোধ, যানবাহন চালনাৰ নীতি-নিৰ্দেশনা আদি বিষয়বোৰক নাটক,গল্প, উপন্যাস আদিত গুৰুত্বসহকাৰে উপস্থাপন কৰি সাহিত্যিক সকলে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক সজাগতা সৃষ্টি কৰিব পাৰে। মহানগৰীৰ শ্ৰীনগৰ সাহিত্য সভাৰ ২৮জুলাইত অনুষ্ঠিত বাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰি এই গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী বক্তব্য আগবঢ়াই অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে।

কাৰ্যসূচী অনুসৰি দেওবাৰে সন্ধিয়া সাহিত্য সভাৰ অধিবেশনত উপস্থিত হোৱাৰ লগেলগে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীক শ্ৰীনগৰ সাহিত্য সভাৰ সভাপতি নৱ কুমাৰ মজুমদাৰ, চিত্তৰঞ্জন শৰ্মা, সম্পাদক ববিতা বৈশ্য লহকৰ আদি লোকসকলে গায়ন-বায়নেৰে আদৰি নি সাহিত্য সভাৰ মঞ্চত ৰাজহুৱাকৈ সম্বৰ্ধনা জনায়। একেতা অনুষ্ঠানতে বিষয়াগৰাকীৰ জ্যেষ্ঠ ভগ্নী লক্ষীপ্ৰভা সেনাপতি আৰু পত্নী পংকজা দাসকো সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰি আগবঢ়োৱা ভাষণৰ আৰম্ভণিতে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে মহানগৰীৰ শ্ৰীনগৰ, তৰুণ নগৰ অঞ্চলত শৈশৱ-কৈশোৰ কটাই সেই অঞ্চলতে জীৱনৰ ভেটি নিৰ্মান কৰি আজিৰ অৱস্থা পোৱাৰ আঁৰৰ বিভিন্ন কথা ৰোমন্থন কৰি স্মৃতিকাতৰ হৈ পৰে। ইফালে আমাৰ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনলৈ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, নিৰ্মলপ্ৰভা বৰদলৈ, ড° ভূপেন হাজৰিকা, হীৰেণ ভট্টাচাৰ্য আদি বৰেণ্য সাহিত্যিক সকলৰ অসমীয়া ভাষা সংস্কৃতিলৈ অতুলনীয় অবদানৰ কথা উল্লেখ কৰি নতুন প্ৰজন্মক তেওঁলোকৰ সাহিত্য গভীৰভাৱে অধ্যয়ন কৰি সাহিত্যক সমাজ সংস্কৃাৰৰ এক বলিষ্ঠ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত সাহিত্য সাংস্কৃতিক দিশৰ বক্তব্য আগবঢ়োৱাৰ লগতে পৰিবহণৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে আমাৰ আই-মাতৃসকলে তেওঁলোকৰ সতি-সন্তান আৰু ঘৰৰ মূৰব্বীৰ জড়িয়তে পথ-সুৰক্ষা সজাগতা সৃষ্টিত ল’বপৰা বলিষ্ঠ ভুমিকাৰ কথা উল্লেখ কৰি সকলো সময়তে ৰাজপথত নিজৰ পৰিয়ালৰ সদস্যসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়। একেতা অনুষ্ঠানতে মিনাংক ডেকাৰ পৰিচলালনাত পথ-সুৰক্ষা সজাগতাৰ নীতি নিৰ্দেশনাৰ আধাৰত বিশেষভাবে প্ৰস্তুত কৰা মুকাভিনয় পৰিবেশন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশিষ্ট অভিনেতা-শিল্পী দীনেশ দাসে কেইবাটাও উল্লেখযোগ্য গীত, সুপ্ৰিয়া গগৈয়ে বাঁহীত সুৰ আৰু শিশু শিল্পী জীয়ানা হাজৰিকাই কৃষ্ণ নৃত্য পৰিবেশন কৰি সাহিত্যানুৰাগী ৰাইজৰ সমাদৰ লাভ কৰে।
ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন ২৮ জুলাইত সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয়। চুড়ান্ত খেলখনত কামৰূপ (ম )জিলাৰ হৈ বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও জিলাৰ হৈ ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰতিনিধিত্ব কৰে।

উত্তেজনাপূৰ্ণ খেলখনত কামৰূপ মহানগৰ জিলাই ৪-১ গলৰ ব্যৱধানত মৰিগাঁও জিলাক পৰাস্ত কৰে আৰু কামৰূপ (ম) জিলাৰ ৭ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে। চূড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং, সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী,আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ যমুনা বড়ো, এনি লামা,আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দুৰ্গা বড়ো, এল এন আই পি ইৰ জ্যেষ্ঠ অধ্যাপক ড॰ সুৰেন্দ্ৰৰ সিং, সোণাপুৰ মিনি ষ্টেডিয়ামৰ সভাপতি আফতাব হুছেইন, জ্যেষ্ঠ সাংবাদিক মৌচম বৈশ্য আৰু কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ।