Home Blog Page 627

ৰমেন ডেকাক ৰাজ্যপাল নিযুক্তিয়ে হ্ৰাস কৰিলে দলীয় সংঘাতঃ মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপ, হৰিশ দ্বিবেদীক প্ৰভাৰী নিযুক্তিয়ে মূল সূঁতিলৈ আনিব ক্ষোভিত নেতাক!

ৰাজ্যিক বিজেপিত ন-পুৰণি সংঘাত আৰু ক্ষোভ অসন্তুষ্টিৰ ঢৌ মাৰ গৈছে! মূলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী ৰাজনৈতিক সিদ্ধান্ত আৰু দূৰদৰ্শী চিন্তাৰ পৰিণতিতেই এই ন-পুৰণি সংঘাত আৰু ক্ষোভ অসন্তুষ্টিৰ ঢৌ মাৰ যাবলৈ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ অসমত বিজেপিৰ প্ৰতিষ্ঠাতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ দীৰ্ঘদিনীয়া ক্ষোভ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মুকলি বিদ্ৰোহ আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰে প্ৰত্যক্ষ সংঘাত আদিয়ে এক প্ৰকাৰৰ দুচিন্তাত পেলোৱা ৰাজ্যিক বিজেপিক ৰমেন ডেকাৰ নিযুক্তিয়ে সকাহ দিলে৷ উল্লেখ্য, ডেকাক ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে ছত্তিশগড়ৰ ৰাজ্যপাল নিযুক্তি দিয়াৰ লগে লগে ৰাজ্যিক বিজেপিত ন-পুৰণি সংঘাতক নীৰৱে সাৰ পানী যোগোৱা বুলি চৰ্চা চলি অহা চক্ৰটোৰ শক্তি একপ্ৰকাৰ অন্ত পৰিল৷


খবৰ অনুসৰি ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে উত্তৰ প্ৰদেশৰ এগৰাকী প্ৰাক্তন সাংসদ হৰিশ দ্বিবেদীক নিযুক্তি দিয়াৰ ঠিক পিছতেই উত্তৰ প্ৰদেশৰ আন এগৰাকী বৰ্ষীয়ান বিজেপি নেতা লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল নিযুক্তি দিয়া হৈছে৷ উত্তৰ প্ৰদেশৰ দুই বিজেপি নেতাৰ অসমত নিযুক্তি লাভৰ বিষয়টো আপাতদৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ যেন নালাগিলেও ৰাজনৈতিক দৃষ্টিকোণেৰে সি এক অতি গুৰুত্বপূৰ্ণ বিষয়৷প্ৰভাৰী গৰাকীয়ে দলৰ সাংগঠনিক কাম কাজ চোৱা চিটা কৰিব। আনহাতে ৰাজ্যপাল পদটো হ’ল এক সাংবিধানিক পদ৷যিটো পদত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বহু পুৰণি কাৰ্যকৰ্তা লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিজেপিৰ সাংগঠনিক কাম কাজ অথবা দলীয় কাৰ্যসূচীত জৰিত হ’ব নোৱাৰিব৷ কিন্তু এইয়া দলটোৰ নেতা সকলৰ বাবে হ’ব এক মানসিক সকাহ৷ হৰিশ দ্বিবেদীৰ দৰে প্ৰায় পঞ্চাশ বছৰীয়া এজন নেতাই মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে ৰাজ্যিক বিজেপিৰ বিদ্ৰোহ সংঘাত নিৰাময় কৰিবলৈ নিশ্চিতভাৱে সক্ষম হ’ব৷ বিজেপিৰ শিবিৰত আৰম্ভ হোৱা চৰ্চা মতে হৰিশ দ্বিবেদীৰ নিযুক্তিৰ পিছতেই দুই বিদ্ৰোহী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ সৈতেও কথা বতৰা সঠিক দিশত আৰম্ভ হৈছে।

দুয়োজনকেই পুনৰ সাংগঠনিক কাম কাজত লগাব পৰাৰ পৰিৱেশ এটা সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি দ্বিবেদীয়ে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ লগত কথা আৰম্ভ কৰিছে৷এই প্ৰক্ৰিয়া অতি দ্ৰুতগতিত আৰম্ভ হৈছে কিয়নো দলৰ দুগৰাকী নেতা ভবেন্দ্ৰনাথ মহন আৰু যুধিষ্ঠিৰ গগৈয়ে ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিছে৷ অশোক শৰ্মাইও বিজেপি এৰাৰ কথা কৈছে৷সকলো বিদ্ৰোহী অসন্তুষ্ট নেতাই যাতে একত্ৰিতভাৱে কাম কৰি দলক দুৰ্বল কৰিব নোৱাৰে তাৰ বাবে ৰমেন ডেকাক ৰাজ্যপাল নিযুক্তি দিয়া হৈছে৷ ইফালে ৰাজ্যসভাৰ দুখন আসনৰ বাবে পুৰণি জ্যেষ্ঠ নেতাক অগ্ৰাধিকাৰ দিয়াৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে৷

ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড! বিশেষ আদালতে শাস্তি ঘোষণা কৰিলে ৰাকেশ পালৰ…

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি।

বিশেষ আদালতে শাস্তি ঘোষণা কৰিলে ৰাকেশ পালৰ।

ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড।

ছামেদুৰ ৰহমান, বসন্ত দ’লেক ৭ৰ পৰা ১০ বছৰৰ জে’ল।

বক্ৰপথেৰে চাকৰি লোৱা ২৯ জনক ৪ বছৰৰ কাৰাদণ্ড।

২২ জুলাইত দোষী সাব্যস্ত হৈছিল আটাইকেইজন।

লগতে ২ লাখ টকাৰ জৰিমনা বিহিলে আদালতে ৰাকেশ পাল।

আন ২৯ অভিযুক্তক ৪ বছৰৰ কাৰাদণ্ড বিহে বিশেষ ন্যায়ধীশ আদালতে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই। আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ।

ৰাজভৱনত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ ঘনপতি ডেকাৰ।

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ । ৰাজ্যপালে শপত গ্ৰহণ কৰোৱালে তিনিওগৰাকী নৱনিযুক্ত উপাচাৰ্যক। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ…

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বল বমলৈ যোৱা বাহন। কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ।

সৰভোগৰ বেঁকী নদীৰ পৰা ঘৰলৈ আহি আছিল ভক্তসকল।

বৰ্তমান আহত ভক্তসকলক সৰ্থেবাৰী চিকিৎসালয়ত ভৰ্তি। ঘটনাস্থলীত উপস্থিত সৰ্থেবাৰীৰ আৰক্ষী ।

আজি শাওণৰ দ্বিতীয়টো সোমবাৰঃ ভগৱান শিৱৰ পূজাত কিয় আগবঢ়োৱা নহয় তুলসী…

শাওণ মাহত ভগৱান শিৱক পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে ভগৱান শিৱৰ কোনো পূজাত কেতিয়াও তুলসী পাত আগবঢ়োৱা নহয়। ইয়াৰ কাৰণ কি জানেনে?


বিশ্বাসৰ কথা ক’লে ভগৱান শিৱক পানী, কেশৰ, চেনি, সুগন্ধি, গাখীৰ, দৈ, ঘিউ, চন্দন আৰু মৌৰে অভিষেক কৰা হয়। কিন্তু, ভগৱান শিৱ বেল পাত্ৰ আৰু ধতুৰাৰ প্ৰতি অতি আকৰ্ষিত। সেইবাবেই প্ৰতিখন শিৱৰাত্ৰিত ভগৱান শিৱৰ ওচৰত নিশ্চয়কৈ আগবঢ়োৱা হয়। কিন্তু আপুনি জানেনে যে তুলসী পাত কেতিয়াও ভগৱান শিৱক অৰ্পণ কৰিব নালাগে।ধৰ্মীয় কাহিনীৰ মতে, এসময়ত জলন্ধৰ নামৰ এজন অসুৰ আছিল, যি অতি নিষ্ঠুৰ আছিল। পত্নীৰ নাম আছিল বৃন্দা। তেওঁ পত্নীকো অত্যাচাৰ কৰিছিল। এই কথাত অশান্তি হৈ ভগৱান শিৱই শ্ৰী হৰিক অসুৰক পাঠ দিবলৈ ক’লে। জলন্ধৰৰ পত্নী বৃন্দা আছিল এগৰাকী অতি নিষ্ঠাবান নাৰী।

ভগৱান শিৱৰ নিৰ্দেশ অনুসৰি ভগৱান বিষ্ণুৱে জলন্ধৰৰ ৰূপ লৈ বৃন্দৰ ধৰ্ম ধ্বংস কৰিলে। কাহিনীবোৰ মতে তুলসীৰ পূৰ্বৰ জন্মত নাম আছিল বৃন্দা। জলন্ধৰ শিৱৰ অংগ আছিল যদিও তেওঁৰ কু-কৰ্মৰ বাবে তেওঁৰ জন্ম হৈছিল এটা অসুৰ বংশত। অসুৰৰাজে নিজৰ বীৰত্বক লৈ গৌৰৱ কৰিছিল। কেৱল পত্নীৰ স্বামীৰ প্ৰতি থকা ভক্তিৰ বাবেই তেওঁ জীয়াই আছিল।

ভগৱান বিষ্ণুৱে তেওঁৰ সতীত্বৰ ধৰ্ম ভংগ কৰা এই কৌশলৰ বিষয়ে যেতিয়া অসুৰৰ পত্নী বৃন্দাই গম পালে, তেতিয়া তেওঁ ভগৱান বিষ্ণুক অভিশাপ দিলে। বৃন্দাৰ অভিশাপৰ পিছত ভগৱান বিষ্ণুৱে তেওঁক ক’লে যে তেওঁ অসুৰ স্বামীৰ পৰা ৰক্ষা কৰি আছে। তেতিয়া ঈশ্বৰে তেওঁক গালি পাৰিলে।ঈশ্বৰৰ এই অভিশাপৰ বাবে আজিলৈকে তুলসী অভিশপ্ত, সেয়েহে আজিলৈকে ইয়াক ভগৱান শিৱৰ পূজাত ব্যৱহাৰ কৰা হোৱা নাই। তুলসী দলৰ বাহিৰেও কেতকি ফুল, নাৰিকল পানী, ক’লা তিল, হালধি ভগৱান শিৱক অৰ্পণ কৰা উচিত নহয়।

স্পন্দন…শব্দৰ পৰা হৃদয়লৈৰ উদ্যোগত হস্তকলাৰ কৰ্মশালা…

ভাষা-সাহিত্য-সংস্কৃতি আৰু সামাজিক সেৱাত উৎসৰ্গিত বেচৰকাৰী পঞ্জীয়নভুক্ত অনুষ্ঠান “স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত শিশুৰ উৎকৰ্ষ সাধনৰ বাবে ঘোঁৰামাৰাৰ আলোক সন্ধানী অকণিৰ মেলৰ অকণিহঁতৰ মাজত ২৭ আৰু ২৮ তাৰিখে দুদিনীয়াকৈ হস্তকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰথমদিনা পুৰণি বাতৰি কাগজেৰে সামগ্ৰী বনাবলৈ শিকোৱা হয় আৰু দ্বিতীয় দিনা এম্ব্ৰডায়েৰীৰ প্ৰাৰম্ভিক পাঠ শিকোৱা হয়।

পৰ্যায়ক্ৰমে পিছৰ দেওবাৰবোৰত এম্ব্ৰডায়েৰীৰ শ্ৰেণী নিয়মিতভাৱে অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে। এম্ব্ৰডায়েৰী কৰ্মশালাত কেইগৰাকীমান মাতৃকো সামৰা হৈছে যাতে তেওঁলোকে ভৱিষ্যতে ইয়াৰ দ্বাৰা উপাৰ্জনৰ বাট বিচাৰি ল’ব পাৰে। উল্লেখযোগ্য যে আলোক সন্ধানী অকণিৰ মেলৰ অধিকাংশ অকণিৰ অভিভাৱক নিম্ন আয়ৰ। এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নিজৰ হস্তকলাৰে ইতিমধ্যে সমাদৃত স্পন্দনৰ পুৰণি আৰু সক্ৰিয় সদস্য মণিমালা শইকীয়া। লগতে সভাপতি ময়ূৰী দত্ত, সম্পাদক দেৱব বৰা, কাৰ্যবাহী সদস্য অৰুণা শইকীয়া প্ৰমুখ্যে সদস্যসকল উপস্থিত থাকে। কৰ্মশালাৰ দুয়োদিন প্ৰশিক্ষাৰ্থীসকলৰ মাজত লঘূ আহাৰ বিতৰণ কৰা হয়।

গদাধৰ নৈত নাও ডুবি নিৰুদ্দিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ…

গদাধৰ নৈত নাও ডুবি নিৰুদ্দিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ। উল্লাহ বস্ক নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ SDRFৰ।

নিশা গদাধৰ নৈ পাৰ হওঁতেই নাও ডুবি নিৰুদ্দেশ হৈছিল লোকজন।

মাঝিপাৰা পাৰঘাটৰ পৰা সাজোৱাৰকুটিলৈ গৈ থকা সময়তে হৈছিল এই ঘটনা।

দিল্লীত ১৩টাকৈ অবৈধ কোচিং চেণ্টাৰ চীল প্ৰশাসনৰ…

দিল্লীত ১৩টাকৈ অবৈধ কোচিং চেণ্টাৰ চীল কৰিছে প্ৰশাসনে।

দেওবাৰে ৰাজিন্দৰ নগৰৰ IAS কোচিং চেণ্টাৰত বানত ৩ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে এই পদক্ষেপ প্ৰশাসনৰ।

কোচিং চেণ্টাৰৰ একেবাৰে তলৰ মহলাত পানী সোমোৱাৰ ফলত তানিয়া চোনি, শ্ৰেয়া যাদৱ আৰু নবীন ডেলভিন নামৰ ৩গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।

মাহেকীয়াৰ পূৰ্বে মুখৰ আলচাৰ কিয় হয়? মুখৰ আলচাৰৰ কাৰণ আৰু ইয়াৰ ঘৰুৱা উপায়ৰ বিষয়ে জানি লওক…

পিৰিয়ডৰ লক্ষণ শৰীৰত বহু ধৰণে দেখা যায়। মাহেকীয়াৰ পূৰ্বে হোৱা মুখৰ ঘাও অন্তৰ্ভুক্ত। ইয়াৰ কাৰণ আৰু ইয়াৰ নিৰাময়ৰ ঘৰুৱা উপায় প্ৰতিগৰাকী মহিলাই জানিব লাগে। কিছুমান লোকৰ বাবে মাহেকীয়া অতি বেদনাদায়ক হয়, আনহাতে কিছুমান লোকৰ এই সময়ছোৱাত ৰক্তক্ষৰণৰ বাহিৰে কোনো ধৰণৰ বিষ বা অস্বস্তি অনুভৱ নকৰে।এনে পৰিস্থিতিত যদি পিৰিয়ডৰ সময়ত মুখৰ আলচাৰৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় বহুতে, জানি লওক ইয়াৰ আঁৰৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ ঘৰুৱা উপায়ৰ বিষয়েঃ

পিৰিয়ডৰ সময়ত হৰম’নৰ মাত্ৰা উঠা-নমা হয়, যাৰ ফলত শৰীৰত বহু পৰিৱৰ্তন ঘটে। ই মুখৰ ভিতৰৰ অংশত প্ৰভাৱ পেলাব পাৰে আৰু আলচাৰৰ সৃষ্টি কৰিব পাৰে। পিৰিয়ডৰ সময়ত তেজৰ অভাৱৰ বাবে শৰীৰত কিছুমান প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে, যাৰ ফলত মুখৰ আলচাৰ হ’ব পাৰে। পিৰিয়ডৰ সময়ত মানসিক চাপেও মুখৰ আলচাৰৰ সৃষ্টি কৰিব পাৰে।

মুখৰ আলচাৰৰ ঘৰুৱা উপায় হৈছেঃ

নিমখ পানী- গৰম পানীত অলপ নিমখ মিহলাই তাৰ লগত গাৰ্গল কৰিলে আলচাৰৰ পৰা উপশম পোৱা যায়।

এলোভেৰা জেল- এলোভেৰাৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে আলচাৰৰ ফুলা কমায়।

দৈ- দৈত লেক্টিক এচিড থাকে যিয়ে আলচাৰ ভাল হোৱাত সহায় কৰে।

ভিটামিন চি সমৃদ্ধ খাদ্য- ভিটামিন চি সমৃদ্ধ ফল যেনে কমলা, নেমু, কিউই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু আলচাৰ ভাল হোৱাত সহায় কৰে।

যদি মুখৰ আলচাৰ অতি বিষ হয় তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো গুৰুত্বপূৰ্ণ।

ম’বাইলে কেৱল তথ্য দিব পাৰে কিন্তু জ্ঞান প্ৰদান নকৰেঃ নগেন শইকীয়া, ড॰ নগেন শইকীয়াক গ্ৰন্থৰত্ন উপাধি প্ৰদান সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ…

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা তথা সাহিত্য একাদেমিৰ ফেল’ ড॰ নগেন শইকীয়াক ২৭ জুলাইত ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ‘গ্ৰন্থৰত্ন উপাধি’৷ সংগঠনটোৱে ফুলাম গামোচা, চেলেং, স্মাৰক, গ্ৰন্থৰ টোপোলা, শৰাই, ফুলাম জাপি আৰু প্ৰশংসা পত্ৰৰে সাহিত্যিক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে চাৰিকুৰি ছয় বৰ্ষত ভৰি দিয়া সাহিত্যিক গৰাকীয়ে আজিপৰ্যন্ত ৭১ খন মৌলিক গ্ৰন্থ, ৬৬ খন সম্পাদিত গ্ৰন্থ, দুখন অনুবাদ গ্ৰন্থকে ধৰি বিভিন্ন কাকত-আলোচনীত আঢ়ৈ হেজাৰৰো অধিক নিবন্ধ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷

এইগৰাকী সাহিত্যিকক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ উক্তদিনা দুপৰীয়া সাহিত্যিক গৰাকীৰ বাসগৃহ ‘আশ্ৰয়’ত উপস্থিত হয়হি সংগঠনটোৰ নগাঁওস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা সভাপতি প্ৰতাপ হাজৰিকা, প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাৰ নেতৃত্বত এঘাৰজনীয়া এক সঁজাতি দল৷ এই উপলক্ষে ‘আশ্ৰয়’ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা ১,১০০ টা গ্ৰাম্য পুথিভঁৰালৰে সমৃদ্ধ সংগঠনটোৰ কাম-কাজ আৰু লক্ষ্য-উদ্দেশ্যৰ সম্পৰ্কত চমুকৈ আলোকপাত কৰি সভাপতি প্ৰতাপ হাজৰিকাই কয় যে অসম সম্প্ৰতি বৌদ্ধিক সংকটৰ দিশে গতি কৰিছে৷ এইক্ষেত্ৰত কেৱল ড॰ নগেন শইকীয়া, হীৰেন গোহাঁয়ে লেখাৰ জৰিয়তে ৰাইজক বহুখিনি আশ্বস্ত কৰি আহিছে৷ বিশেষকৈ নগেন শইকীয়াৰ লেখনিত ৰাইজৰ প্ৰায়বোৰ সমস্যা প্ৰতিভাত হৈছে৷ এক কথাত তেখেতৰ কথাই এক ‘বাণী’ত পৰিণত হৈছে৷ আনহাতে ভাৰতবৰ্ষৰ ২২খন ৰাজ্যত পুথিভঁৰাল আইন আছে যদিও আজিপৰ্যন্ত অসমত এই আইন নোহোৱাটো অত্যন্ত উদ্বেগজনক বিষয় বুলি উল্লেখ কৰি সংগঠনটোৰ সভাপতি গৰাকীয়ে ৰাজ্য চৰকাৰক সময়ে সময়ে এইকথা অৱগত কৰি আহিছে যদিও আজিপৰ্যন্ত কাৰ্যকৰী হোৱা নাই আক্ষেপ প্ৰকাশ কৰে৷ এই আইন প্ৰণয়ন হ’লেই অসমত গ্ৰন্থৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত এক সামাজিক বিপ্লৱৰ সূচনা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ সংগঠনটোৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকি অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাসৰ সদস্য তথা বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়াই নগেন শইকীয়াৰ ‘মিতভাষ’ক হিন্দী ভাষালৈ অনূদিত কৰি লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি শুভেচ্চামূলক বক্তব্যত কয় যে এনে ধৰণৰ ধাৰা ভাৰতবৰ্ষৰ কোনো সাহিত্যত নাই৷ ভাষণ প্ৰসংগত তেখেতৰ সৃষ্টিৰাজি দেশৰ অন্যপ্ৰান্তৰ অধিক লোকে জ্ঞাত হ’ব পৰাকৈ হিন্দীলৈ অনুবাদ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে৷ সংগঠনটোৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত সাৰস্বত ন্যাসৰ প্ৰচাৰ সচিব ৰতন হাজৰিকাই সাৰস্বত ন্যাসৰ কাম-কাজৰ ওপৰত চমুকৈ আলোকপাত কৰি বক্তব্য আগবঢ়োৱাৰ লগতে গ্ৰাম্য পুথিভঁৰাল সন্থাক শলাগ জ্ঞাপন কৰি ন্যাসৰ হৈ সাহিত্যক গৰাকীৰ চাৰিটা খণ্ডৰ ৰচনাৱলী উপহাৰস্বৰূপে আগবঢ়ায়৷ আনহাতে উক্ত অনুষ্ঠানতেই সংগঠনটোৱে সাৰস্বত ন্যাসৰ পুঁজিলৈ লৈ পাঁচ হেজাৰ টকাৰ সাহায্যৰ চে’ক আগবঢ়ায়৷

আনহাতেদি সম্বৰ্ধনাৰ অনুভৱ প্ৰকাশ কৰি ড॰ নগেন শইকীয়াই গ্ৰাম্য পুথিভঁৰালে সমাজ জীৱনৰ লগতে নিজৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল সেয়া উল্লেখ কৰি কয় যে আজিৰ নতুন প্ৰজন্মই ম’বাইলক লৈয়েই ব্যস্ত যদিও ম’বাইলে কেৱল তথ্যহে দিব পাৰে কিন্তু জ্ঞান প্ৰদান নকৰে৷ জ্ঞান কেৱল গ্ৰন্থইহে দিব পাৰে৷ সাম্প্ৰতিক সময়ত গ্ৰন্থৰ প্ৰতি নতুন প্ৰজন্মৰ অনিহাৰ ভাৱ অহাৰ বিপৰীতে গ্ৰাম্য পুথিভঁৰাল সন্থাই গ্ৰন্থ অধ্যয়নৰ হকে কৰি অহা কামৰ প্ৰশংসা কৰি প্ৰযুক্তিয়ে গ্ৰন্থ পঢ়াৰ পদ্ধতি হথাৎ সলনি কৰাৰ বাবে এই পৰিৱেশ আহিছে যদিও পুনৰ আগৰ পৰিৱেশ ঘুৰি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ নতুন প্ৰজন্মই মানৱীয় কাম-কাজবোৰ কৰিবলৈ আৰু জ্ঞান আহৰণ কৰাৰ স্বাৰ্থত চৰকাৰৰ প্ৰতি সন্থাৰ যি দাবী সেয়া অব্যাহত ৰাখিবলৈ সংগঠনটোৰ নেতৃবৃন্দক সাহিত্যক গৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত সাহিত্যিক গৰাকীৰ সহধৰ্মিনী লাৱণ্য শইকীয়া, ন্যাসৰ সদস্য দিলীপ তামুলী, সংগঠনটোৰ সহকাৰী সম্পাদক ক্ষেত্ৰধৰ বৰুৱা, ৰাজ্যিক সদস্য বীণা বৰুৱা, টংকেশ্বৰ সোনোৱাল, প্ৰাক্তন উপসভাপতি হিমাদ্ৰীজ্যোতি দত্ত, প্ৰাক্তন সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি বৰঠাকুৰ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সুৰেন সোনোৱাল, জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰা আদি উপস্থিত থাকে৷