Home Blog Page 629

অৱসৰপ্ৰাপ্ত অধ্যাপক দীপ্তিৰেখা পাঠক মজুমদাৰৰ গ্ৰন্থ উন্মোচন…

গুৱাহাটীৰ লংকেশ্বৰ নিবাসী, কামৰূপ জিলাৰ নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীপ্তিৰেখা পাঠক মজুমদাৰৰ “মই গুণগুণৰ মাকে কৈছোঁ” শীৰ্ষক সামাজিক উপন্যাসখন ২৬ জুলাইত তেওঁৰ নিজা বাসগৃহত উন্মোচন কৰা হয়। এই উপলক্ষে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হৰকুমাৰ নাথে সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডঃ দীপক কুমাৰ শৰ্মাই। উন্মোচনি ভাষণত ডঃ শৰ্মাই উপন্যাসখনৰ বিষয়বস্তুৰ উপৰিও উপন্যাস সাহিত্যৰ গতিধাৰাৰ ওপৰত এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।

লেখিকা দীপ্তিৰেখা পাঠক মজুমদাৰে গ্ৰন্থখন ৰচনাৰ আঁ‌ৰৰ কথা চমুকৈ ব্যাখ্যা কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সোণেশ্বৰ শৰ্মা, ডঃ মোহন চন্দ্ৰ কলিতা, অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ দীপামণি বৰুৱা দাস, গণেশ মজুমদাৰ আৰু প্ৰকাশক ৰতন দাসে চমু ভাষণ প্ৰদান কৰে। আনহাতে লেখিকা মণিৰূপা মিশ্ৰই আঁ‌ত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে ডঃ সন্ধ্যা পাঠকে। অনুষ্ঠানত গীতিকা দাসে কবিতা আবৃত্তি কৰে।

আধাঘন্টা সময় হাঁহি-মাতি কথা পাতিলোঃ পবিত্ৰ মাৰ্ঘেৰিটা! জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা…

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰ হাস্পতালত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। বিনৰ স্বাস্থ্য সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰি কয় যে সম্পূৰ্ণ সুস্থ জুবিন, আধাঘন্টা সময় হাঁহি-মাতি কথা পাতিলো।

তেওঁ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে এনে হৈছে। লগতে ৰমেন বৰুৱা নিৰুদ্দেশৰ পিছৰে পৰা জুবিনৰ মনটো বেয়া।

লাহে লাহে সুস্থ হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গ, ঔষধ খাবলৈ এৰি দিয়াৰ বাবে হঠাৎ অসুস্থ হৈছিল জুবিন। সম্প্ৰতি নেমকেয়াৰ হাস্পতালৰ MICUত চিকিৎসাধীন শিল্পীগৰাকী।

পুনৰ বৃদ্ধি পালে আলুৰ দাম ! প্ৰতিকেজি আলুৰ দাম ৫-১০ টকা পৰ্যন্ত বৃদ্ধি…

জনতাৰ মূৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে আলুৰ দাম। প্ৰতিকেজি আলুৰ দাম ৫-১০ টকা পৰ্যন্ত বৃদ্ধি।

ছিণ্ডিকেটৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা বুলি মন্তব্য বিক্ৰেতাৰ।

পশ্চিমবংগত প্ৰতিখন ট্ৰাক পাৰ হোৱাৰ নামত দিব লাগে ২০-২৫ হাজাৰ টকা ।

পি টি অল্ড এজ হোমত শ্ৰোতশ্বিনী মহিলা সংঘৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন…

শ্ৰোতশ্বিনী মহিলা সংঘৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ২৭ জুলাইত গুৱাহাটীৰ বেলতলা চাৰ্ভেৰ অজন্তা পথত থকা পি টি অল্ড এজ হোম (বৃদ্ধাশ্ৰম)ত পালন কৰা হয়।পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংঘৰ সভানেত্ৰী ৰোজী দাসে। বন্তি প্ৰজ্বলন কৰে বৃদ্ধাশ্ৰমৰ বয়োবৃদ্ধা ডালিমী আইতাই। ইয়াৰ পিছতে ৰাণু কলিতাৰ পৰিচালনাত শ্ৰোতশ্বিনী মহিলা সংঘৰ সদস্যা সকলে দিহা নাম পৰিবেশন কৰে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃদ্ধাশ্ৰমৰ আইতা সকলৰ মাজত বিয়া নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

সংঘৰ উপদেষ্টা, নাট পৰিচালক, প্ৰয়াত ৰবীন কুমাৰৰ সোঁৱৰণত অনুষ্ঠিত বিয়া নাম প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ক্ৰমে-জয়া প্ৰভা বড়ো আইত, মনালিছা আইতা আৰু পুতলি বড়ো আইতাই। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে আছিল সংঘৰ উপ সভানেত্ৰী নলিনী কলিতা। সভাত ৰবীন কুমাৰৰ বিষয়ে স্মৃতিচাৰণ কৰাৰ পিছত সম্পাদিকা অৰুন্ধতী দাসে ‘পিঠা’ নামৰ কবিতা এটি পাঠ কৰে। ইয়াৰ পিছত তুলসী দাসে লোকগীত, জয়ন্তী দাসে আৰু অৰ্চনা শৰ্মাই বিয়া গীত, ৰুবী মেধি আৰু নীলিমা দাসে কবিতা আবৃত্তি, মিনু কলিতাই ৰাভা সংগীত, ৰুবী ভূঞাই আধুনিক গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

ছামিউল তুমি য’তে নাথাকা কিয়, তুমি ঘৰলৈ উভতি আহাঃ পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ…

কোন দিশে আজিৰ নৱ প্ৰজন্ম! পিতৃয়ে শাসন কৰাৰ বাবে ঘৰৰ পৰা ওলাই গ’ল পুত্ৰ। এতিয়া পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ। তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা পুত্ৰক বিচাৰি নাপাই অৱশেষত আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোকে। যোৱা শুক্ৰবাৰৰ পৰা চাপৰৰ শিঙাৰপাকৰ বাসিন্দা ছানোৱাৰ হুছেইনৰ পুত্ৰ ছামিউল হুছেইন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ হৈ আছে।

বিগত তিনিদিন ধৰি চাৰিওফালে পুত্ৰক বিচাৰি হাবাথুৰি খাইছে যদিও কোনো সুংসূত্ৰ পোৱা নাই পিতৃ-মাতৃয়ে। উপায়হীন হৈ অৱশেষত পিতৃয়ে চাপৰ আৰক্ষী থানাত এখন নিৰুদ্দেশ হোৱাৰ জাননী দিয়াৰ লগতে সংবাদমাধ্যমৰ কাষ চাপে। সংবাদমাধ্যমৰ জৰিয়তে পুত্ৰক ঘৰলৈ উভতি আহিবলৈ কোৱাৰ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰ গৰাকীক প্ৰত্যক্ষ কৰে তেন্তে 6001349059 নম্বৰ নাইবা চাপৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

অত্যাধিক কামৰ হেঁচাৰ বাবে খঙাল হৈ পৰে অধিকাংশ ভাৰতীয় কৰ্মচাৰী ! প্ৰায় ৬২ শতাংশ ভাৰতীয় কৰ্মচাৰী খঙাল স্বভাৱৰ…

অত্যধিক কামৰ হেঁচাৰ বাবে খঙাল হৈ পৰে অধিকাংশ ভাৰতীয় কৰ্মচাৰী। প্ৰায় ৬২ শতাংশ ভাৰতীয় কৰ্মচাৰী হৈ পৰে অত্যধিক খঙাল স্বভাৱৰ। এই পৰিসংখ্যা বিশ্বৰ গড় হিচাপতকৈ ৩ গুণ অধিক । চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে খং নামৰ অনুভূতিটোৰ উৎপত্তিৰ স্থান হৈছে মগজুৰ এমিগডালা নামৰ ঠাইডোখৰ। এক ছেকেণ্ডৰ ভগ্নাংশৰ ভিতৰতে খং উঠিলে ইয়াৰ পৰা নিঃসৰিত হোৱা ৰাসায়নিক দ্ৰব্যবোৰ হৈছে আৰ্জাই নিন-ভেছ’প্ৰেছিন, ড’পামিন, ক’ৰ্টিকো-ট্ৰ’পিন নিঃসৰণকাৰী দ্ৰব্যসমূহ, ন’ৰএডৰেনেলিন আৰু লগতে ছেৰ’টনিনৰ মাত্ৰা বাঢ়ে। এনেবোৰ ৰাসায়নিক দ্ৰব্যৰ মাত্ৰা বৃদ্ধিৰ হেতুকে শৰীৰে এক যুদ্ধং দেহি কিম্বা পলায়নৰ মানসিকতা গ্ৰহণ কৰে। কলিজাৰ কম্পনৰ নিৰিখ খৰ হয়, চকুৰ মণি বেছি ডাঙৰ হয়, ৰক্তচাপ বাঢ়ি যায় আৰু বেছিকৈ ঘাম ওলাবলৈ ধৰে। তাৎক্ষণিকভাৱে মগজুৰ সন্মুখৰ অংশটিলৈ তেজৰ সৰবৰাহ বাঢ়ি যায়। ছেৰ’টনিনৰ দৰে অন্যান্য ৰাসায়নিক দ্ৰব্যৰ নিঃসৰণতো ইয়াৰ এক ভূমিকা আছে। এইবোৰৰ মাত্ৰাধিক্যৰ বাবে যুক্তিযুক্ততাৰ ওভটনি যাত্ৰা ঘটে আৰু এনেদৰে লাহে লাহে ক্ৰোধৰ অৱসান ঘটে। অত্যধিক ক্ৰোধে সমগ্ৰ শৰীৰ সত্ত্বা আগুৰি ধৰিলে সেই স্থান আৰু পৰিৱেশ ত্যাগ কৰাই বাঞ্ছনীয় আৰু বিকল্প উপায়ৰূপে মৌখিক অথবা শাৰীৰিকভাৱে দ্বন্দ্বযুদ্ধত অৱতীৰ্ণ হ’ব লাগিব। দেহাত ছেৰ’টনিনৰ মাত্ৰা তাকৰীয়া হ’লে যুক্তিবিহীনভাৱে খং উঠে আৰু আগ্ৰাসনমূলক আচৰণ ব্যক্তিগৰাকীয়ে প্ৰদৰ্শন কৰিব পাৰে।

খঙৰ অপকাৰিতা-

শৰীৰ আৰু মনত ক্ৰোধৰ দাবানল জ্বলি উঠাৰ সময়ত ব্যক্তিগৰাকীয়ে ইয়াৰ অগনি অনুভৱ কৰিব পাৰে। এই অনুভূতিটোৰ বহিঃপ্ৰকাশ তেওঁ ঘটাব পাৰে বা অৱদমিত কৰিব পাৰে আৰু নিজকে শান্ত কৰিব পাৰে। বয়োজ্যেষ্ঠ বা ক্ষমতাত অধিষ্ঠিত কোনো ব্যক্তিৰ প্ৰতি খঙৰ ভাব প্ৰদৰ্শনে ব্যক্তিগৰাকীৰ ভৱিষ্যৎ জীৱনত বিৰূপ প্ৰভাৱ পেলায়। আনহাতে দীঘলীয়া সময়ৰ বাবে অৱদমিত কৰি ৰখা খঙেও ব্যক্তিগৰাকীৰ দেহত ঋণাত্মক প্ৰভাৱ পেলায়, ৰক্তচাপ বাঢ়ে। তদুপৰি এই অনুভূতিৰ হেতুকে ষ্ট্ৰোক হৈ হাত-ভৰি অসাৰ হ’ব পাৰে আৰু অত্যধিক বুকুৰ বিষ হৈ হাৰ্ট এটেক হ’ব পাৰে। খং প্ৰশমিত কৰিবলৈ বহুতে বেছিকৈ খোৱা-বোৱা কৰে আৰু ইয়াৰ ফলত মেদবহুলতাত আক্ৰান্ত হোৱাৰ উপৰি হতাশাতো ভুগিব পাৰে।

খং কমাবৰ বাবে উপায়

যুক্তিৰ সহায়ত কেতিয়াবা খঙক পৰাভূত কৰিব পাৰি। ঘটনাৰ ক্ৰমবোৰ যুক্তিপূৰ্ণভাৱে বিশ্লেষণ কৰিলে মানসিক বোজা ভালেখিনি পাতল হয়। খঙাল প্ৰকৃতিৰ মাত্ৰা কমাবলৈ খং উঠি থকা মানুহজনে যাৰ ওপৰত খং উঠিছে তেওঁৰ বক্তব্য শুনাৰ অভ্যাস কৰাৰ উপৰি নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাস কৰিব লাগিব।

একোজন ব্যক্তিৰ দৈহিক আৰু মানসিক গাঁথনিৰ ওপৰত এনেবোৰ ব্যায়াম নিয়মীয়াভাৱে ৪০ মিনিটকৈ কৰিলে যোগাত্মক প্ৰভাৱ পৰে- চাইকেল চালনা, খোজকঢ়া, দৌৰা, সাঁতোৰা আৰু জগিং কৰা। এনেধৰণৰ ব্যায়াম কৰা হেতুকে মাংসপেশীৰ পৰা নিঃসৰিত দ্ৰব্যই ছেৰ’টনিনৰ মাত্ৰা বঢ়ায়। অৱশ্যে এষাৰ কথা অনস্বীকাৰ্য যে নিতৌ ব্যায়াম কৰা মানুহবোৰৰো খং নুঠাকৈ নাথাকে। পিছে দেহৰ পৰা নিঃসৰিত হোৱা দ্ৰব্যবোৰ হিংস্ৰ আচৰণত লিপ্ত হোৱাত বাধা দিয়ে।

নিজেই কণমানি শিশুবোৰে কেতিয়াবা অস্বাভাৱিক আচৰণ কৰে। আনকি ইহঁতে কামুৰিবও পাৰে। সিহঁতক বুজি পাবলৈ প্ৰাপ্তবয়স্কসকলে দেখুওৱা অসামৰ্থতাৰ বাবেই এনে হয়। বয়সৰ অগ্ৰগতিৰ লগে লগে মগজুটি পৈণত হোৱাৰ সময়ত ফ্ৰণ্টেল ল’বটিৰ কাম-কাজ সক্ৰিয় হয় আৰু ফলত অবাঞ্ছনীয় কাম-কাজবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে যদিহে এই মগজুৰ ফ্ৰণ্টেল আৰু টেম্প’ৰেল ল’ব নামৰ অংশকেইটাৰ কিবা শৰীৰতাত্ত্বিক বিজুতি ঘটিলে প্ৰাপ্তবয়স্ক অৱস্থাটো মানুহ এজনে অস্বাভাৱিক ধৰণৰ হিংস্ৰ আচৰণ কৰিব পাৰে। ই-ই জি বা এম আৰ আই স্কেন কৰি এনেধৰণৰ অস্বাভাৱিকতা ধৰা পেলাব পাৰি।

জনসংযোগ বিভাগৰ উদ্যোগত গুৱাহাটীত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত ‘দেশভক্তি দিৱস’ৰ অনুষ্ঠানত মন্ত্ৰী পীয়ূষ হাজৰীকা…

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ জনতা ভৱনৰ সভাকক্ষত ৰাজ্যিক ভিত্তিত চতুৰ্থবাৰৰ বাবে আয়োজিত ‘দেশভক্তি দিৱস’ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে দেশভক্ত তৰুণৰাম ফুকন দেৱৰ পৰিয়ালৰ প্ৰতিনিধিসকল আৰু জনসংযোগ বিভাগৰ আয়ুক্ত-সচিব আৰু সঞ্চালকৰ লগত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশভক্তি দিৱসৰ মূল অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই  ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব প্ৰদান কৰা দেশভক্ত তৰুণৰাম ফুকনৰ সংগ্ৰাম, দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত আলোকপাত কৰে। জনসংযোগ মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে আহোম সেনানায়ক লাচিত বৰফুকনে যেনেদৰে আগ্ৰাসী মোগলৰ আগ্ৰাসন ৰোধ কৰি অসমৰ স্বাভীমান আৰু ঐতিহ্য ৰক্ষা কৰিছিল তেনেদৰে দূৰদৃষ্টিসম্পন্ন ৰাজনৈতিক চিন্তাধাৰা তথা প্ৰচুৰ বিচক্ষণতাৰে দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ নেতৃত্বত অসম পূৰ্ব বংগৰ অধীন হোৱাৰ পৰা ৰক্ষা পৰিছিল।

মন্ত্ৰী হাজৰীকাই আৰু কয় যে ৩০ ৰ দশকত অসমৰ এচোৱা অতি সংবেদনশীল সময়ত তৰুণ ৰাম ফুকনে ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে দূৰদৰ্শী সিদ্ধান্তৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৩৭ চনত অসমত বিধানসভা গঠন কৰাৰ পাছত চৈয়দ ছাদুল্লাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত অসমক মুছলমান প্ৰধান ৰাজ্যত পৰিণত কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চৈয়দ ছাদুল্লাই কৰা অভিসন্ধিৰ কথা তৰুণ ৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই দূৰদৰ্শী চিন্তাৰে প্ৰথমৰে পৰাই বুজিছিল আৰু সজোৰে ইয়াৰ বিৰোধ কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতা অসমত নথকাহ’লে চৈয়দ ছাদুল্লাৰ অভিসন্ধি অনুসৰি অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে আজি সমগ্ৰ দক্ষিণ পূৱ এচিয়াৰ মানচিত্ৰই হয়তো সলনি হৈ পৰিলেহেঁতেন বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। আনহাতে বিগত বৰ্ষত জনসংযোগ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি এইবাৰ দেশভক্তি দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যিক ভিত্তিত কেইবাটাও পৰ্যায়ত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। আজিৰ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰষ্কৃত কৰে।ভাষণত প্ৰসংগক্ৰমে শিক্ষাৰ্থী হিচাপে দেশভক্ত তৰুণ ৰাম ফুকন দেৱ অত্যন্ত মেধাৱী আছিল বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে লণ্ডনৰ পৰা বেৰিষ্টাৰ হৈ আহি আত্মকেন্দ্ৰিক হোৱা হ’লে তেওঁ আজি হয়তো সফল বেৰিষ্টাৰ হ’লহেতেঁন কিন্তু ‘দেশভক্ত’ক আমি নাপালোহেঁতে। আজি ৰচনা প্ৰতিযোগিতাৰ পুৰষ্কাৰপ্ৰাপ্ত শিক্ষাৰ্থীসকলক মন্ত্ৰীগৰাকীয়ে জাতি আৰু দেশৰ প্ৰতি সমৰ্পিত মনোভাৱ আৰু দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২০২১ বৰ্ষত চৰকাৰ গঠন হোৱাৰ পাচতে কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে দেশভক্ত তৰুণ ৰাম ফুকন দেৱৰ মৃত্যু তিথি, ২৮ জুলাইক দেশভক্তি দিৱস হিচাপে ঘোষণা কৰিছিল আৰু তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত সমগ্ৰ অসমতে এই দিৱস উদযাপন কৰি অহা হৈছে। তথ্য আৰু জনসংযোগ অসমৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই বক্তব্য প্ৰদান কৰা আজিৰ দেশভক্তি দিৱসৰ অনুষ্ঠানত দেশভক্ত তৰুণ ৰাম ফুকন দেৱৰ পৰিয়ালৰ প্ৰতিনিধিসকল ক্ৰমে ৰূপম খাউণ্ড, গৌৰৱ গোস্বামী, কৌশিক ৰাম ফুকন, কুনাল ৰাম ফুকন, স্মৃতাক্ষী গোস্বামী আৰু শোভাংগী ভট্টাচাৰ্যক জনসংযোগ বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দেশভক্ত তৰুণ ৰাম ফুকনৰ পৰিয়ালৰ সদস্য স্মৃতাক্ষী গোস্বামীয়ে দেশভক্তগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই তেওঁৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কত অৱেলাকন কৰে। সভাখনত ভাষণ প্ৰদান কৰি‌ বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজ’ৰিয়াই দেশভক্তগৰাকীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ সকেলো ছাত্ৰ-ছাত্ৰীকে নিজ নিজ ক্ষেত্ৰত পৰিপক্ক হ’বৰ বাবে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায় আৰু নিজৰ লগতে দেশৰ উন্নয়নৰ বাবে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়।

সভাত দেশভক্তি দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাত স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিৰ্দ্ধাৰিত ‘গ’ শাখাত  প্ৰথম পুৰস্কাৰ লাভ কৰা শ্যামন্তিকা মহন্তই এই প্ৰতিযোগিতাৰ মাধ্যমেৰে নতুন প্ৰজন্মই দেশভক্তগৰাকীৰ বিষয়ে জনাৰ সুযোগ লাভ কৰে বুলি উল্লেখ কৰি সংশ্লিষ্ট সকলােকে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে আজি পুৱা তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত-সচিব অৰুণা ৰাজ’ৰিয়াই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া আৰু আন বিভাগীয় বিষয়াৰ উপস্থিতিত ভৰলুমুখৰ দেশভক্ত তৰুণ ৰাম ফুকন উদ্যানত দেশভক্তগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি দেশভক্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।আজিৰ অনুষ্ঠানত অন্যান্য অতিথিসকলৰ লগতে শিক্ষাবিদ, সাহিত্যিক ড° দয়ানন্দ পাঠক, অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তী, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব অৰুন্ধতী চক্ৰৱৰ্তী আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীসকলো উপস্থিত আছিল।

অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বুনিয়াদী প্ৰশিক্ষণৰ সামৰণি…

অসম চৰকাৰৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত গুৱাহাটীৰ কাষৰীয়া বোন্দা আঞ্চলিক হাইস্কুল চৌহদত ৩ জুলাইৰ পৰা তিনি সপ্তাহজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত বুনিয়াদী প্ৰশিক্ষণ কাৰ্য্যসূচীৰ ২৫ জুলাইত সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্য্যসূচীত মানুহে মানুহক বিপদৰ সময়ত কি দৰে সহায় কৰিব পাৰি তাৰ এটি বুনিয়াদী প্রশিক্ষণ দিয়া হৈছিল। আনহাতে ২৫ জুলাইত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয়।

সভাত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ কামৰূপ মহানগৰ জিলাৰ মূখ্য প্রতিপালক নিমাই চন্দ্র দাস, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্রক জলেশ্বৰ ডেকা, পোষ্ট ৱাৰ্দেন গোপাল ভট্টচার্য, জিলা দুৰ্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়া অংকুমণি গগৈৰ উপৰিও প্ৰশিক্ষক ক্ৰমে দীপক মেধি, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া নুৰ জাহান বেগম আৰু পৰিমীতা মহন্তই ভাগ লৈ প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষর্থী সকলৰ প্ৰতি অনুপ্ৰেৰণামূলক ভাষণ আগবঢ়ায়।অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰ সমূহ বিতৰণ কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে প্ৰশিক্ষর্থী বিপাশা শ‍ইকীয়াই।

বিজেপিৰ অসম প্ৰদেশৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন সাংসদ তথা দলৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাবে নিযুক্তি…

ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন সাংসদ তথা দলৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাবে নিযুক্তি প্ৰদান কৰাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আনন্দ প্ৰকাশ কৰি কয় যে এইয়া অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ। এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে দেশৰ মহামহিম ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সভাপতি গৰাকীয়ে দৃঢ় বিশ্বাসেৰে কয় যে অনাগত দিনত ৰমেন ডেকাৰ দূৰদৰ্শী নেতৃত্বত ছত্তিশগড়বাসী জনতাই উন্নয়নৰ দিশত নতুন গতি লাভ কৰিব।

উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ এগৰাকী অগ্ৰণী নেতা তথা অসমৰ সু-সন্তান, ৰমেন ডেকাক আন্তৰিক অভিনন্দন যাচি কলিতাই তেখেতৰ আগন্তুক কাৰ্যকালৰ সফলতা কামনা কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্যত সমৰ্পিত এক সপ্ৰতিভ যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰে। লগতে, কলিতাই অসমৰ মহামহিম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰালক্ষ্মণ প্ৰসাদ আচাৰ্যলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেখেতৰ বলিষ্ঠ নেতৃত্বৰে অসমক আগুৱাই নিবলৈ আদৰণি জনাই।

গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰতাৰ বাবে নানা ধৰণৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা অনাকাংক্ষিতভাৱে বৃদ্ধি…

অসম তথা ভাৰতৰ প্ৰায় আটাইবোৰ ৰাজ্যতে গৰমৰ দিনকেইটাত পৰিৱেশজনিত উষ্ণতা ক্ৰমাগতভাৱে বাঢ়ি গৈছ। ক্ৰমাগতভাৱে এনেদৰে বৃদ্ধি পোৱা উষ্ণতাৰ হেতুকে এক অবৰ্ণনীয় তথা ভয়ংকৰ পৰিস্থিতিৰ আৱৰ্তত সোমাইছে আমাৰ দেশৰ জনসাধাৰণ। গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰতা বঢ়া হেতুকে নানা ধৰণৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা অনাকাংক্ষিতভাৱে বাঢ়িছে। মাত্ৰাধিক গৰম পৰিলে বা গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন দীঘলীয়া সময়ৰ বাবে হ’বলগীয়া হ’লে নানা ধৰণৰ ৰোগৰ সৃষ্টি হ’ব পাৰে।

সেইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে হিট ষ্ট্ৰোক আৰু হিট ছিনকোপ। এনে ধৰণৰ ৰোগ বা ৰুগ্নাৱস্থাত প্ৰতি বছৰে এতিয়ালৈকে মুষ্টিমেয়সংখ্যক ব্যক্তিহে আক্ৰান্ত হয় যদিও প্ৰতি বছৰে ক্ৰমবৰ্ধমান পৰিৱেশজনিত উষ্ণতাৰ পৰিপ্ৰেক্ষিতত এই সংখ্যা লাহে লাহে বঢ়াৰ শংকা দেখা দিছে। এই শংকাগ্ৰস্ততা ব্যক্ত কৰিছে এদল আমেৰিকান গৱেষকে।

আমেৰিকাৰ সুবিখ্যাত মেছাচুছেট ইনষ্টিটিউট অব্ টেকন’লজীৰ বিজ্ঞানীসকলে সংশ্লিষ্ট তথ্য পৰ্যবেক্ষণ কৰি প্ৰতিপন্ন কৰিছে যে বিগত প্ৰতিটো দশকতে উত্তৰ আৰু মধ্য ভাৰতত হোৱা বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ ১.৩৪ মিঃ মিঃ হিচাপত বাঢ়িছে।

তদুপৰি ইয়াৰ পূৰ্বৰ অৰ্ধশতিকাত (অৰ্থাৎ ১৯৫০ চনৰ পৰা ২০০২ চনলৈ) মৌচুমী বায়ুৰ প্ৰভাৱত ঘটা বৃষ্টিপাতৰ পৰিমাণ প্ৰতিটো দশকতে গড় হিচাপে ০.১৮ মিঃ মিঃ হিচাপত টুটা বুলি (ভাৰতৰ সেই একেকেইটা অঞ্চলতে) বিজ্ঞানীসকলে এক হিচাপ কৰিছে। ইনষ্টিটিউটটোৰ চেণ্টাৰ ফৰ গ্ল’বেল ক্লাইমেট চেঞ্জৰ গৱেষক চিয়েং ৱাঙে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে গোলকীয় ভূমিভাগৰ উষ্ণতা বৃদ্ধি ঘটি সৃষ্টি হোৱা গ্ৰীষ্ম প্ৰৱাহৰ হেতুকেই বতৰৰ এনে পৰিৱৰ্তন দেখা গৈছে আৰু এনে পৰিঘটনাই বতৰ বিজ্ঞানীসকলক অধিক গৱেষণালব্ধ তথ্য আহৰণৰ সুবিধা প্ৰদান কৰিছে।