Home Blog Page 631

আজি বিশ্ব হেপাটাইটিছ দিৱস ! হেপাটাইটিছ প্ৰতিৰোধৰ বিষয়ে জানক…

আজি বিশ্ব হেপাটাইটিছ দিৱস। হেপাটাইটিচ সম্পৰ্কে জনসজাগতাৰ সৃষ্টি কৰা আৰু ইয়াৰ প্ৰতিৰোধ, প্ৰতিকাৰ সম্পৰ্কে জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।

সমগ্ৰ বিশ্বতে প্ৰতিবছৰে বহু নিযুত লোক হেপাটাইটিছ  ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ বহুসংখ্যক লোকৰ এই ৰোগত মৃত্যু হয়।হেপাটাইটিছ ‘এ’ ,’বি’, ‘চি’, ‘ডি’, ‘ই’ আৰু ‘জি’ ভাইৰাছৰ স্ংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপুৰ্ণ অংগ যকৃতত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল ভাইৰেল হেপাটাইটিছ।সাধাৰণতে হেপাটাইটিছ ‘এ’ আৰু ‘এ’ ভাইৰাছে ‘একিউট হেপাটাইটিছ’ৰোগ সৃষ্টি কৰে।এই ভাইৰাছ মিহলি দুষিত খাদ্য আৰু পানী খালে এইবিধ  ভাইৰেল হেপাটাইটিছ ৰোগ হয়।ই কম দিনৰ বাবে থাকে আৰু তুলনামুলকভাৱে কম ভয়াৱহ।কিন্তু,হেপাটাইটিছ ‘বি’, ‘চি’ আৰু ‘ডি’ ভাইৰাছৰ স্ংক্ৰমণৰ বীবে হোৱা হেপাটাইটিছ যথেষ্ট জটিল আৰু ভয়াৱহ।আজিৰ তাৰিখত সমগ্ৰ বিশ্বত প্ৰায় ৫০০ নিযুত লোক হেপাটাইটিছ ‘বি’ আৰু’চি’ ভাইৰাছৰদ্বাৰা আক্ৰান্ত হয় প্ৰায় ১.৫ নিযুত হেপাটাইটিছ

ৰোগীৰ বছৰি মৃত্যু হয়।প্ৰতি ১২ জন লোকৰ ভিতৰত এজন লোকৰ হেপাটাইটিছ  ‘বি’ বা ‘চি’ ৰোগত আক্ৰান্ত হোৱাৰ আশ্ংকা থাকে। বিশ্ব স্বাস্থ্য স্ংস্থাৰ মতে,হেপাটাইটিছ ‘বি’ ভাইৰাছৰদ্বাৰা স্ংঘটিত হেপাটাইটিছ ‘বি’ ৰোগত বিশ্বত অতি কমেও  দুশ কোটি লোক আক্ৰান্ত হৈ আছে আৰু ইয়াৰ প্ৰায় ৩৬০ নিযুত লোকৰ অৱস্থা গুৰুতৰ।ভাৰতবৰ্ষত প্ৰায় ৩৭ নিযুত লোক হেপাটাইটিছ ‘বি’ ভাইৰাছৰদ্বাৰা আক্ৰান্ত। প্ৰতিবছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ ‘বি’  ৰোগত আক্ৰান্ত প্ৰায় ৬ লাখ লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হয়। হেপাটাইটিছ ‘চি’ ভাইৰাছৰদ্বাৰাই গোটেই বিশ্বতে প্ৰায় ১৮৫ নিযুত আৰু ভাৰতবৰ্ষত প্ৰায়  ১২ নিযুত লোক আক্ৰান্ত হৈ আছে।ভাৰতৰ ভিতৰত সৰ্বাধিক স্ংক্ৰমণ থকা ৰাজ্য দুখন হ’ল পঞ্জাব (৫.২ শতাংশ) আৰু অৰুণাচল প্ৰদেশ(৭.২৯ শতাংশ)।বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে ৯৬ হাজাৰ লোকৰ হেপাটাইটিছ ‘চি’ৰ সংক্ৰমণৰ ফলত মৃতুয় হয়।

হেপাটাইটিছ ‘বি’,’চি’ আৰু ‘ডি’ ভাইৰাছ সংক্ৰমণ এক নীৰৱ ঘাতক।এনে ‘হেপাটাইটিছ’ ৰোগ ভয়াৱহ হোৱাৰ মুলতে হ’ল, এই ৰোগত আক্ৰান্ত লোকসকলৰ শৰীৰত প্ৰথম অৱস্থাত কোনো ধৰণৰ বিশেষ লক্ষণ প্ৰকাশ নাপায়।ফলত ৰোগীয়ে গম নোপোৱাকৈয়ে লিভাৰটো নষ্ট হ’বলৈ আৰম্ভ কৰে আৰু পিছলৈ লিভাৰ চিৰোছিছ, লিভাৰৰ কৰ্কট ৰোগ আৰু লিভাৰ ফেইলৰ আদি হৈ ৰোগীৰ জীৱনলৈ সংশয় নামি আহে।পিছলৈ লিভাৰ প্ৰতিষ্ঠাপন কৰাব লগাও হ’ব পাৰে।সাধাৰণতে অন্তিম পৰ্যায়তহে এই ৰোগ ধৰা পৰে আৰু তেতিয়ালৈকে চিকিৎসকৰ কৰিবলগীয়া একো নাথাকে।সেয়েহে বহু ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হয়।উল্লেখযোগ্য যে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ সমগ্ৰ বিশ্বৰ বাবে এইডছতকৈও বেছি ভয়াৱহ। এইচ আই ভি ৰোগতকৈ  হেপাটাইটিছ ‘বি’ ১০০০ গুণে অধিক স্ংক্ৰামক আৰু ই বিশ্বৰ অষ্টম হত্যাকাৰী ৰোগ।

ভাৰত-শ্ৰীলংকাৰ প্ৰথম T20ত ভাৰতৰ জয়, শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ ৫ ৰান দি ৩টা উইকেট দখল ৰিয়ান পৰাগৰ…

ভাৰত-শ্ৰীলংকাৰ প্ৰথম T20ত ভাৰতৰ জয়।

৪৩ ৰানত শৃংখলাৰ প্ৰথম মেচত জয়ী ভাৰত।

শৃংখলাৰ প্ৰথম মেচত ৰিয়ান পৰাগৰ দুৰ্দান্ত বলিং।

৮টা বলত মাত্ৰ ৫ ৰান দি ৩টা উইকেট দখল ৰিয়ানৰ।

সলনি হ’ল ৰাজ্যৰ ৰাজ্যপাল, লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপালৰূপে নিযুক্তি…

সলনি হ’ল দেশৰ ১০ খন ৰাজ্যৰ ৰাজ্যপাল।অসমৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।আনহাতে লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপালৰূপে নিযুক্তি। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে নিযুক্তি দিলে নতুন ৰাজ্যপালক।

পূৰ্বে ছিকিমৰ ৰাজ্যপালৰ দায়িত্বত আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য। মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে আচাৰ্যক।

খুকুমণি মুদৈ দাসৰ তিনিখন গ্ৰন্থ উন্মোচন…

নলবাৰীৰ এগৰাকী লেখিকা খুকুমণি মুদৈ দাসৰ তিনিখন গ্ৰন্থ শনিবাৰে পানবজাৰৰ ৰেখা প্ৰকাশনত উন্মোচন কৰা হয়। অনুষ্টুপীয়া অনুষ্ঠানটিত তেখেতৰ গল্প সংকলন ‘মোনা’, প্ৰৱন্ধ সংকলন’ আত্মশুদ্ধি’ আৰু কাব্য সংকলন ‘এজাক নীলা চৰাই’ শিশু সাহিত্য অকাডেমি বঁটাপ্ৰাপক সাহিত্যিক- সাংবাদিক যুগললোচন দাসৰ লগতে ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেবেন কলিতাই উন্মোচন কৰে।

পানবজাৰৰ কিতাপৰ পৰিৱেশৰ মাজত তিনিখন ভিন্ন বিষয়ৰ গ্ৰন্থ উন্মোচন কৰি দাসে কয় যে লেখিকাগৰাকীৰ এই সাহিত্য সাধনাই পঢ়ুৱৈক চিন্তাৰ খোৰাক দিবলৈ সক্ষম হ’ব। ইতিমধ্যে কেইবাখনো গ্ৰন্থ ৰচনা কৰা খুকুমণি মুদৈ দাসৰ গল্প আৰু কবিতা সংকলনদুটিৰ পাণ্ডুলিপিয়ে সাহিত্য প্ৰতিযোগিতাত বিশেষ পুৰস্কাৰ লাভ কৰিছিল।

পেৰিছ অলিম্পিকত শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ মহিলা ৰাইফলৰ ফাইনেলত ভাৰতৰ মানু ভাকাৰ…

পেৰিছ অলিম্পিকত শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ

মহিলা ৰাইফলৰ ফাইনেলত ভাৰতৰ মানু ভাকাৰ


QUALIFICATION ৰাউণ্ডত তৃতীয় স্থান অৰ্জন কৰি ফাইনেলত প্ৰৱেশ ভাকাৰক

বঙাইগাঁৱৰ শিঙিমাৰীত ৰৈ থকা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ ! দুৰ্ঘটনাত থিতাতে নিহত এজন যাত্ৰী…

বঙাইগাঁৱৰ শিঙিমাৰীত ৰৈ থকা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ। দুৰ্ঘটনাত থিতাতে নিহত এজন যাত্ৰী।

আহত হৈছে বাছখনৰ আন ১৫জন যাত্ৰী। গুৰুতৰভাৱে আহত দুজনক চিকিৎসালয়ত ভৰ্তি।

বঙাইগাঁৱৰ পৰা গোৱালপাৰা অভিমুখী আছিল বাছখন।

কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট সন্দৰ্ভত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া…

কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট সন্দৰ্ভত সিন্ধিয়া:

বিগত দহ বছৰে দেশে মোডীৰ নেতৃত্বত বিকাশ আৰু উন্নয়নৰ দিশে আগুৱাইছে..

২০১৪ চনত ভাৰত অৰ্থনৈতিক উন্নয়নৰ দিশত ১১ নম্বৰত আছিল কিন্ত মোডীৰ দহবছৰীয়া নেতৃত্বত ভাৰত পাঁচ নম্বৰত।

বিগত ৫০ বছৰ ইতিহাসত তৃতীয়বাৰ চৰকাৰ গঠন কৰিবলৈ কোনো দলে সক্ষম হোৱা নাছিল যিটো মোডীৰ নেতৃত্বত হৈছে।

২০২৭ চনলৈ জামান আৰু পিছপেলাই ভাৰত আগুৱাই যাব মোডীৰ নেতৃত্বত ।

স্বচ ভাৰত অভিযান আঁচনিৰ অধীনত ১২ কোটি ঘৰ টয়লেট আৰু ঘৰ ঘৰ জল ব্যৱস্থা কৰিছে ।

১১ কোটি ৭০ লাখ লোকৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰিছে।

মহিলা উজ্বলা আঁচনিৰ অধীনত প্ৰায় ১০ কোটি ৫০ লাখ মহিলাক ৰন্ধন গেছ যোগান ধৰিব।

DBT প্ৰক্ৰিয়াৰে হিতাধিকাৰীক আঁচনিৰ ধন প্ৰদান ।

৩৬ লাখ কোটি টকা হিতাধিকাৰী বেংক একাউণ্ট প্ৰদান মোডী চৰকাৰৰ।

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকছুম অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা ! দুৰ্ঘটনাত ৫টা শিশুসহ ৮ জন লোকৰ মৃত্যু…

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকছুম অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত পৰিল যাত্ৰীবাহী বাহন।

বৰ্তমান সময়লৈকে দুৰ্ঘটনাত ৫টা শিশুসহ ৮ জন লোকৰ মৃত্যু। নিহতসকলৰ লগতে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।

১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণী…

১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ত ১ জুলাইৰ পৰা ২৬ জুলাইলৈ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ অনুষ্ঠিত হয়।পুৱা ৮ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা, গীত, নৃত্য আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।পুৱা ১০ বজাৰ পৰা শিক্ষক সম্বৰ্ধনা আৰু অভিভাৱক সভাখন ১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত ৰেগনৰ সভাপতিত্বত অনুষ্ঠিত হয়।‌অসম সাহিত্য সভাৰ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই উদ্বোধন কৰা সভাখনৰ আদৰণী ভাষণ প্ৰদান কৰি আঁত ধৰে সম্পাদক মনোজ্যোতি ৰেগনে।অভিজ্ঞ শিক্ষক আৰু গাঁৱৰ উচ্চ শিক্ষিত যুৱকসকলৰ দ্বাৰা বিনামূলীয়া পাঠদান আগবঢ়োৱাৰ উপৰিও সহ: বিদ্যায়তনিক দিশত পাৰ্গত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

এমাহজোৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আগবঢ়োৱা শিক্ষক পৱন গাম, বাবুল দাস, দিপাংকৰ দত্ত, ২০২৪ বৰ্ষৰ অসম সংযুক্ত প্ৰৱেশ পৰীক্ষাত(CEE) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্ত্তিৰ সুযোগ পোৱা মেধাবী ছাত্ৰী পল্লবী পায়েং আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সৰুজ্যোতি ৰেগনক গামোচা, লেখন সামগ্ৰী আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ইয়াৰ সমান্তৰালকৈ শিক্ষক মনোজ্যোতি ৰেগন , প্ৰশান্ত কুমাৰ ৰেগন আৰু ভাস্কৰজ্যোতি ৰেগনকো ছাত্ৰ-ছাত্ৰীসকলে সম্বৰ্ধনা জনায়বিশিষ্ট অতিথি হিচাবে ক্ৰমে অসম সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ ধনভঁৰালী প্ৰণৱজিত মিশ্ৰ আৰু ৰাজু ৰেগনে উপস্থিত থাকি বক্তব্য আগবঢ়ায় । গাঁৱৰ সৰবৰহী ব্যক্তি বিপুল পায়েং আৰু প্ৰণয়ন ৰেগনো উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা কবিতা ,গীত , নৃত্য আৰু কুইজ প্ৰতিযোগিতাৰ ফলাফল ক্ৰমে -নিম্ন শাখাৰ কবিতা প্ৰতিযোগিতাৰ ধৰিত্ৰী ৰেগনে প্ৰথম স্থান, পিংকি ৰেগনে দ্বিতীয় স্থান আৰু ৰিম্পী ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।নৃত্য প্ৰতিযোগিতাৰ জুপিতৰা ৰেগনে প্ৰথম স্থান, ৰিম্পী ৰেগনে দ্বিতীয় স্থান আৰু পিংকি ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।জ্যোতি সংগীত প্ৰতিযোগিতাৰ চিন্তামনি ৰেগনে প্ৰথম স্থান, তৃষ্ণা ৰেগনে দ্বিতীয় স্থান আৰু হিৰণ্য ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।

উচ্চ শাখাৰ জ্যোতি সংগীত প্ৰতিযোগিতাৰ সত্যজিত ৰেগনে প্ৰথম স্থান, বিশ্ব মিলিয়ে দ্বিতীয় স্থান আৰু নিখিল ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।নৃত্য প্ৰতিযোগিতাৰ মনালিছা ৰেগনে প্ৰথম স্থান, জুপিতৰা ৰেগনে দ্বিতীয় স্থান আৰু জিনা ৰেগনে তৃতীয় স্থান অধিকাৰ কৰে।কুইজ প্ৰতিযোগিতাৰ সত্যজিত ৰেগন, ধৰিত্ৰী ৰেগন, ৰিম্পী ৰেগনৰ দলটোৱে প্ৰথম স্থান, বিশ্ব মিলি ,আদিত্য মিলি, ৰাজকুমাৰ ৰেগনৰ দলটো দ্বিতীয় স্থান আৰু মানবজ্যোতি পায়েং, নিখিল ৰেগন, বিপুল পায়েঙৰ দলটোৱে তৃতীয় স্থান অধিকাৰ কৰে। শেষত জাতীয় সংগীতেৰে সভা ভংগ হয়।

বহলপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণৰ নামত চাপৰৰ ছাগলখুটি গাঁৱত চলিছে দালালৰাজ

বহলপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণৰ নামত চাপৰৰ ছাগলখুটি গাঁৱত চলিছে দালালৰাজ

টকা দিলে চাপৰৰ ছাগলখুটি বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিব পাৰিব আপুনি

২০ হাজাৰ টকাৰ বিনিময়ত ছমেদ আলী নামৰ ব্যক্তি জনে গৃহ নিৰ্মাণ কৰিবলৈ দিয়ে আৰু টকা নিদিলে গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ

এই কথা নিজ মুখে স্বীকাৰ কৰে বনাঞ্চলৰ ভূমিত ধন দি গৃহ নিৰ্মাণ কৰা বৃদ্ধা মহিলা গৰাকীয়ে

এইজনেই হৈছে দালাল ৰূপী ছমেদ আলী যিজনৰ বিৰুদ্ধে ছাগলখুটিৰ বহু পৰিয়ালৰ পৰা ধন লৈ বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিবলৈ দিয়াৰ অভিযোগ

উল্লেখ্য যে বৃদ্ধা মহিলা গৰাকীৰ ভূমি নদীত জাহ যোৱাত বৃদ্ধা গৰাকী আৰু তেখেতৰ পৰিয়ালে পূৰ্বতে ছাগলখুটি বনাঞ্চলত কিনি থোৱা ভূমিত সা সামগ্ৰী লৈ আশ্ৰয় লবলৈ আহিছিল

কিন্তু আশ্ৰয় লবলৈ আহি গৃহ নিৰ্মাণ কৰিবলৈ লোৱাত ছমেদ আলী নামৰ ব্যক্তি জনে বাধা দিয়ে আৰু টকা নিদিলে গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰে বৃদ্ধা মহিলা গৰাকীয়ে

অৱশেষত বৃদ্ধা মহিলা গৰাকীয়ে ছমেদ আলী নামৰ ব্যক্তি জনক ২০ হাজাৰ টকা দিয়াৰ পিছত হে তেখেতসকলে গৃহ নিৰ্মাণ কৰিব পাৰিছিল বুলি জানিব দিয়ে

এতিয়া প্ৰশ্ন হয় কাৰ সাহসত এইজন ছমেদ আলী নামৰ ব্যক্তি জনে ধন লৈ বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে?

আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বহলপুৰ আঞ্চলিক বন বিষয়াই ছমেদ আলীৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয়