Home Blog Page 633

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী, ঝাৰখণ্ড-মিজোৰামৰ ছোৱালীৰ জয়লাভ…

ঝাৰখণ্ড আৰু মিজোৰামৰ ছোৱালী দলে গুৱাহাটীত চলি থকা দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতাৰ শুক্ৰবাৰে তৃতীয় দিনৰ খেলত জয়লাভ কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰিছে৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ দিনটোৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ মহিলা দলে মনিপুৰৰ বিৰুদ্ধে প্ৰথমে এগলত পিছ পৰাৰ পাছতো শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে৷

ইফালে, ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত ছোৱালীৰ দ্বিতীয়খন মেচত মিজোৰামে ১৭-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে অসমক৷ উল্লেখ্য যে অসমৰ ছোৱালী দলটো ইয়াৰপূৰ্বে গ্ৰুপৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ বিৰুদ্ধে ১৭-০ গলত পৰাস্ত হৈছিল৷ অসমৰ ল’ৰাৰ দলটোৱে ইতিমধ্যে খেলা দুখন মেচত ব্যৰ্থতাৰ সন্মুখীন হৈছে৷ ওডিছাৰ বিৰুদ্ধে ১৯-১ গ’লৰ ব্যৱধানত পৰাস্ত হোৱা অসমে ইয়াৰপূৰ্বে প্ৰতিযোগিতাৰ উদ্বোধনী দিনা প্ৰথম মেচত ঝাৰখণ্ডৰ বিৰুদ্ধে অসম ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত হৈছিল৷

উল্লেখ্য যে আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰা আঠদিনীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ৩১ জুলাইত৷ ল’ৰা-ছোৱালী উভয় শাখাতে সাতটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমিফাইনেল খেলিব৷

কাছাৰৰ কালাইনত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ…

কাছাৰৰ কালাইনত চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ।

চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা স্বামীক। সজল সিনহা নামৰ লোকজনক হত্যা পত্নীৰ। স্বামী সজল সিনহাৰ ঘৰ কৰিমগঞ্জ জিলাত।

হত্যাকাৰী পত্নী সুৰ্বণা সিনহাক গ্ৰেপ্তাৰ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়! মেঘালয় পর্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন…

মেঘালয় পর্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন।

শুকুৰবাৰে মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল।

আজি মেঘালয়ৰ হোটেলসমূহত ৫০% বুকিং।

মেঘালয় পর্যটন উদ্যোগত ব্যাপক প্রভাৱ পৰিছে।

অসমৰ গাড়ী মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰাৰ অভিযোগ।

মঙলদৈত RSSৰ বৰ্গ কেম্পত বিদ্যুৎস্পৃষ্ট হৈ ১৭ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু…

মঙলদৈত RSSৰ বৰ্গ কেম্পত অঘটন। বিদ্যুত্স্পৃষ্ট হৈ ১৭ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু। নিহত কিশোৰজন বিকাশ দাস। মঙলদৈৰ ডাহা গাঁৱত ঘৰ বিকাশ দাসৰ। বৰঙাবাৰী হাইস্কুলত চলি আছিল RSSৰ বৰ্গ কেম্প।

দৰং জিলা সমিতিৰ উদ্যোগত চলি আছিল প্ৰশিক্ষণ। বিদ্যালয়খনৰ দমকলত ভৰি ধুবলৈ যাওঁতে ঘটিল অঘটন। দমকলটোৰ সৈতে সংলগ্ন হৈ আছিল পানীৰ মটৰ।

মটৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যুত্স্পৃষ্ট হয় বিকাশ। ঘটনাৰ তদন্তৰ দাবী বিকাশৰ পৰিয়ালৰ।

গুৱাহাটীত ‘জেভলিন ডে’ উদযাপনৰ প্ৰস্ততি, ৭আগষ্টত দিনযোৰা কাৰ্যসূচী-প্ৰতিযোগিতা…

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশ মর্মে আগন্তুক ৭ আগষ্ট ২০২৪ তাৰিখে টকিঅ’ অলিম্পিকত স্বর্ণ পদক প্রাপ্তিৰে ইতিহাস ৰচনা কৰা এথলিট নিৰজ চোপ্ৰাৰ বাবে উক্ত দিনটো সমগ্র দেশৰ লগতে অসমতো “জেভলিন ডে” হিচাপে উদযাপিত হ’ব। অসম এথলেটিকছ সন্থাই গুৱাহাটীৰ সৰুসজাই এথলেটিকছ ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে ১৬, ১৮, ২০ বছৰ অনুৰ্দ্ধৰ ল’ৰা-ছোৱালী আৰু পুৰুষ-মহিলা শাখাত ৰাজ্যিক ভিত্তিত এখনি জেভলিন প্রতিযোগিতাৰ আয়োজন কৰিছে।

উক্ত প্রতিযোগিতা প্ৰতিখন জিলাৰ খেলুৱৈসকলক অংশগ্রহণ কৰিবলৈ অসম এথলেটিকছ অনুৰোধ কৰা জনাইছে। খেলুৱৈ আৰু প্ৰতিনিধিসকলৰ নামৰ লগতে ভ্রাম্যভাষ নম্বৰ ৪আগষ্ট ২০২৪ তাৰিখৰ ভিতৰত অসম এথলেটিকছ সন্থাৰ মেইলত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কোনাৰচৰৰ জেলদুপাৰাত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী আলট্ৰা বাছ…

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কোনাৰচৰৰ জেলদুপাৰাত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী আলট্ৰা বাছ। একেদিশত গৈ থকা বলেৰ’ পিকআপ ভানত প্ৰচণ্ড খুন্দা বাছখনৰ।

পথৰ সমীপৰ দ পুখুৰীত বাগৰি পৰে বলেৰ’ পিকআপ ভানখন। বাহনখনক খুন্দিয়াই মানুহ এঘৰৰ দেৱালত খুন্দা বাছখনৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী বাছ যাত্ৰী।

আহত দুয়োগৰাকী যাত্ৰীক চিকিত্সালয়ত ভৰ্তি স্থানীয় ৰাইজৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰে বাছত থকা যাত্ৰীসকলৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছ চালকজনৰ ঘটনাস্থলীৰ পৰা পলায়ন। হাটশিঙিমাৰীৰ পৰা গোৱালপাৰা অভিমুখী আছিল যাত্ৰীবাহী বাছখন।

গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰী বৰদল পথত বন্যহস্তীৰ বিচৰণ…

গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ বিচৰণ। আমবাৰী-বৰদল পথত অৱস্থান বন্যহস্তীৰ জাকটোৰ।

বহু পৰলৈকে বন্ধ হৈ পৰে পথটোৰে যান-বাহনৰ চলাচল। পাছলৈ বৰদল বনাঞ্চলত আশ্ৰয় লয় হাতীৰ জাকটোৱে।

বন্যহস্তীৰ ভয়ত উজাগৰী নিশা কটাইছে অঞ্চলটোৰ ৰাইজে।

বিতৰ্কিত NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা, পূৰ্বৰ ৬১ গৰাকীৰ পৰিৱৰ্তে ১৭ গৰাকী প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ…

বিতৰ্কিত NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা। পূৰ্বৰ ৬১ গৰাকীৰ পৰিৱৰ্তে ১৭ গৰাকী প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। পৰিৱৰ্তন হ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান। ৰাজস্থানৰ ৪, মহাৰাষ্ট্ৰৰ ৩, দিল্লী-উত্তৰ প্ৰদেশৰ দুজনকৈ প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। শীৰ্ষস্থান লাভ কেৰালা, চণ্ডীগড়, তামিলনাডু, পঞ্জাৱ, বিহাৰ, পশ্চিমবংগৰ প্ৰাৰ্থীৰ।

উল্লেখ্য যে, ৫ মে’ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ৪ জুনত। তাৰ পাছতে উঠিছিল বিসংগতিৰ অভিযোগ। প্ৰশ্নকাকত ফাদিলৰ অভিযোগত জনোৱা হৈছিল পুনৰ পৰীক্ষাৰ দাবী৷ কিন্তু সেয়া মানি লোৱা নাছিল উচ্চতম ন্যায়ালয়ে। ফলত প্ৰকাশ কৰা হ’ল সংশোধিত ফলাফল৷

চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাত অগপৰ আনন্দ প্ৰকাশ…

ঐতিহাসিক চৰাইদেউ মৈদামক ইউনিস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাত আদৰণি জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰিছে অসম গণ পৰিষদ দলে।এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো অসমবাসীৰ বাবে গৌৰৱৰ বতৰা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু উদ্যোগৰ বাবেই চৰাইদেউ মৈদামে বিশ্বজনীন স্বীকৃতি লাভ কৰিলে। এই স্বীকৃতি লাভৰ জৰিয়তে ঐতিহাসিক চৰাইদেউ মৈদামৰ ব্যাপক প্ৰচাৰ, প্ৰসাৰ বৃদ্ধি হোৱাৰ লগতে মৈদামৰ গুন গৰিমাৰ চৰ্চা হ’ব বুলি মন্তব্য কৰে। আহোম স্বৰ্গদেউ সকলৰ স্মৃতি বিজড়িত এই মৈদামে যু্গে যুগে ইতিহাসৰ সাক্ষী বহন কৰি আহিছে। এই গৌৰৱময় স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণলৈ সভাপতি বৰাই অভিনন্দন জ্ঞাপন কৰিছে।

আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, কলকাতাৰ উদ্বোধনী মেচত মোহন বাগান-ডাউন টাউন হিৰোজ…

১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হ’ব৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত আজি কলকাতাৰ মোহন বাগান ছুপাৰ জায়েণ্ট দলে শ্ৰীনগৰৰ ক্লাব ডাউন টাউন হিৰোজ এফ চিৰ বিৰুদ্ধে খেলিব৷ গ্ৰুপ ‘এ’ৰ মেচখন কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত নিশা ছয় বজাৰ পৰা আৰম্ভ হ’ব৷

উল্লেখ্য যে প্ৰতিযোগিতাৰ বিগত বৰ্ষৰ চেম্পিয়ন আছিল মোহন বাগান৷ ডুৰাণ্ড কাপত খেলিয়ে ছিজনৰ আৰম্ভণি কৰা জ’ছ ফ্ৰেন্সিছকো মলিনাৰ দলে আই এছ এলৰ শ্বিল্ড জয় কৰি ছিজনৰ সফল সামৰণি কৰিছিল৷ এইবাৰো দলৰ লক্ষ্য ডুৰাণ্ডত খেলি ঘৰতে নতুন ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰা৷ যোৱা বছৰ দলে ১৭ বাৰৰ বাবে এই প্ৰতিযোগিতাত জয়লাভ কৰি সৰ্বাধিক খিতাপ হস্তগতৰ অভিলেখ গঢ়িছিল৷ জামি মেকলাৰেইন, গ্ৰেগ ষ্টেৱাৰ্ট, এলবাৰ্টো ৰড্ৰীগুৱেজৰে গঠিত মোহন বাগান আজিৰ মেচৰ ফেভাৰিট৷

কিন্তু জন্মৰ চাৰি বছৰ হ’লে ডাউন টাউন হিৰোজ নতুন প্ৰতিভাৰে গঠিত এটা শক্তিশালী দল৷ বিগত বৰ্ষতো দলে ডুৰাণ্ড কাপত খেলিছিল৷ আই লীগত খেলা দলটো অধিনায়ক বাছিত আহমেদে কালি সংবাদ মেলত কয়, ‘ডুৰাণ্ড কাপত খেলাটো আমাৰ বাবে গৌৰৱৰ কথা৷ এয়া কাশ্মীৰৰ জনতাৰ বাবে এক সন্মান৷ সেয়ে আমি সন্মান ৰক্ষাৰ পন লৈয়ে শ্ৰেষ্ঠ খেল খেলিবলৈ দৃঢ়তাৰে সাজু হৈছো৷ এইবাৰ প্ৰতিযোগিতাখনৰ খেল কলকাতাৰ লগতে অসমৰ কোকৰাঝাৰ, মেঘালয়ৰ শ্বিলং আৰু ঝাৰখণ্ডৰ জামছেদপুৰত অনুষ্ঠিত হ’ব৷ জামছেদপুৰ আৰু শ্বিলঙে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে৷ আনহাতে, কোকৰাঝাৰত ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে তথা অসমত তৃতীয়বাৰলৈ অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷

প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ কলকাতাত তিনিটা গ্ৰুপৰ খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰে এটাকৈ গ্ৰুপ মেচ আয়োজন কৰিব৷ এইবাৰ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হ’ব৷

ডুৰাণ্ড কাপঃ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷