Home Blog Page 634

দক্ষ মানুহৰ কেতিয়াও মৰণ নাই, দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়ঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…

দক্ষ মানুহৰ কেতিয়াও মৰণ নাই। দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়। কেৱল আমি আমাৰ দক্ষতাটো কেনেকৈ সুন্দৰভাৱে এটা ব্যৱস্থাৰ মাজেৰে প্ৰশিক্ষণৰ মাজেৰে আগবঢ়াই নিওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। – এই মন্তব্য অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। মহানগৰীৰ গড়চুকস্থিত উত্তৰ-পূব দক্ষতা চেণ্টাৰ(NESC)ত আজি শিক্ষা প্ৰতিষ্ঠানটিৰ শিক্ষাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। শিক্ষাৰ্থীসকল উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এটা ডাঙৰ সপোন লৈ, সম্ভাৱনা আগত লৈ আমি NESCৰ কাম আৰম্ভ কৰিছিলো। আমি যিধৰণে চিন্তা কৰি NESC আৰম্ভ কৰিছিলো, সেই কামবিলাক যেন সফলতাৰ দিশেৰে গৈছে আজি আমি অনুভৱ কৰিছো। তেওঁ কয় যে প্ৰথম যেতিয়া আমি এই NESC আৰম্ভ কৰিছিলো, ৪ ট্ৰেডত ইয়াৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। ৪০০ ছাত্ৰ-ছাত্ৰীৰ চীট কেপাচিটীৰে পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। প্ৰথম এটা দুটা বছৰত ৪০ জন, ৫০ জন বা ৬০ জন ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল। ইয়াত যিসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল সকলোৱে সুন্দৰভাৱে প্লেচমেণ্ট লাভ কৰিবলৈ সক্ষম হৈছিল যদিও আমি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা ১০০ শতাংশলৈ লৈ যাব পৰা নাছিলো।

যোৱা বছৰ ১৯৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল, প্ৰায় ৫০ শতাংশলৈকে আমি গৈছিলো আৰু এইবাৰ আমি ১০০ শতাংশই বিশ্বাসী যে এইবাৰ আমাৰ ৪০০ ছাত্ৰ-ছাত্ৰী হ’ব তথা ১০০ শতাংশ চীট আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ম। আজি ১৯৬ ৰ ৬০ জন শিক্ষাৰ্থীয়ে বিভিন্ন ভাল সংস্থাত নিযুক্তি লাভ কৰিছে। কোনোবাই বেংগলুৰু, কোনোবাই উদয়পুৰ, হায়দৰাবাদ, চণ্ডীগড় আদিত সংস্থাপন লাভ কৰিছে। আনহাতে, পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ওলোৱা ১৯৬ৰ বাকীসকল শিক্ষাৰ্থীয়েও খুব কম সময়ৰ ভিতৰতে সংস্থাপন লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। দেশৰ বিভিন্ন প্ৰতিষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ল’ৰা-ছোৱালীসকলে এনেদৰে সংস্থাপন লাভ কৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সন্তোষ প্ৰকাশ কৰাৰ লগতে সংস্থাপন লাভ কৰা শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত লোকক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে ৰাজ্যত দক্ষতা বিকাশৰ বাবে আৰু আমাৰ দক্ষ শিক্ষাৰ্থীৰ নিয়োগ সুনিশ্চিত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈ অহিছে। ইয়াৰ লগতে মন্ত্ৰী বৰুৱাই প্ৰকাশ কৰে যে ৰাজ্য চৰকাৰৰ অন্যতম লক্ষ্য হৈছে ৰাজ্যখনৰ প্ৰতিটো প্ৰশাসনিক খণ্ডতে বৃত্তিমুখী শিক্ষাৰ প্ৰসাৰ নিশ্চিত কৰি ৰাজ্যখনৰ যুৱ প্ৰজন্মক এক দক্ষ কৰ্মশক্তিলৈ ৰূপান্তৰ কৰা আৰু ইয়াৰ বাবে ৰাজ্যত দক্ষতা শিক্ষাৰ বাবে এক উপযুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰ সংকল্পবদ্ধ।
তদুপৰি, উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে এই বছৰ ১৯৬ গৰাকী শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু এই কেন্দ্ৰত পাঠ্যক্ৰম গ্ৰহণ কৰা ১০০% শিক্ষাৰ্থীয়ে বিভিন্ন নামজ্বলা প্ৰতিষ্ঠানত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে।


আজিৰ এই অনুষ্ঠানত প্ৰথম পৰ্যায়ত নিযুক্তি পত্ৰ লাভ কৰা এই ৬০ গৰাকী শিক্ষাৰ্থীক উদ্দেশ্যি মন্ত্ৰী বৰুৱাই তেওঁলোক সকলোকে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে, এয়া মাত্ৰ তেওঁলোকৰ কৰ্ম জীৱনৰ আৰম্ভণি আৰু পৰবৰ্তী সময়ত তেওঁলোকৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোক নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভাষণত কয় যে যি আশা লৈ ল’ৰা-ছোৱালীখিনি NESCলৈ আহিছিল তেওঁলোকৰ সেই আশা সুন্দৰভাৱে সফল হওক আৰু দোপতদোপে উন্নতি কৰি যাওক। তেওঁলোকৰ কৰ্ম অভিজ্ঞতা, বিভিন্ন সেৱাৰ মানদণ্ডই তেওঁলোকক বহুত আগবঢ়াই লৈ যাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰেৰণামূলক ভাষণ দাঙি ধৰে। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ পুনৰ কয় যে ছাৰ্ভিচ চেক্টৰ বা এই ধৰণৰ চেক্টৰত ইমানেই বেছি সুবিধা আছে যে আপোনালোকে আপোনালোকৰ জীৱনটোক সুন্দৰভাৱে সংস্থাপনেই নহয়, আনন্দময় পৰিৱেশৰ মাজেৰে নিয়াৰো সুবিধা আছে। এই কথাবিলাকে নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব আৰু তেওঁলোকো এনেধৰণৰ শিক্ষাগ্ৰহণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব।


মন্ত্ৰীগৰাকীয়ে ভাষণত আৰু কয় যে গোটেই বিশ্বত দক্ষ মানুহৰ কেতিয়াও মৰণ নাই। দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়। কেৱল আমি আমাৰ দক্ষতাটো কেনেকৈ সুন্দৰভাৱে এটা ব্যৱস্থাৰ মাজেৰে প্ৰশিক্ষণৰ মাজেৰে আগবঢ়াই নিওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। পৃথিৱীত এনে কোনো বৃত্তি নাই, যি বৃত্তিত দক্ষ মানুহে নিজৰ সংস্থাপনৰ কাৰণে চিন্তা কৰিব লাগে। গতিকে দক্ষতা থাকিলে কোনো কাৰণতে মানুহৰ অসুবিধা নহয়। আজি আমি প্ৰত্যেকজন মানুহেই দক্ষ মানুহৰ সন্ধানত থাকো। প্ৰতিটো কামতে আমি কেনেকৈ এজন ভাল মানুহ পাওঁ, ভাল কাম কৰা মানুহ পাওঁ প্ৰত্যেকজন মানুহেই দক্ষ মানুহৰ সন্ধানত থাকে। তেওঁ নিবনুৱা মানুহখিনিক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ পোষকতা কৰি কয় যে যদি আমি পঞ্জীয়নকৃত নিবনুৱা মানুহখিনিক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰো, তেতিয়া আমাৰ নিবনুৱা সমস্যাটো নোহোৱা হ’ব। মন্ত্ৰীগৰাকীয়ে ভাষণত স্কীল চেনছাছৰ বিষয়ে উল্লেখ কৰি কয় যে আমি অসমত নতুনকৈ স্কীল ছেনছাছ কৰিবলৈ ওলাইছো। ইয়াৰ জৰিয়তে মানুহে কি স্কীল ল’ব বিচাৰে আৰু কি স্কীলৰ মানুহ অসমত আছে তাৰ এটা তথ্য ওলাই পৰিব আৰু আমি তেওঁলোকক দক্ষতা অনুসাৰে যাতে সংস্থাপন দিব পাৰো। অসমত যিসকলে নিজকে নিবনুৱা বুলি পঞ্জীয়ন কৰি থৈছে, তেওঁলোকৰ ওপৰত কৰা হ’ব এই স্কীল ছেনছাছ। আনহাতে, মন্ত্ৰীগৰাকীয়ে অহা বছৰৰ পৰা অসমত চৰকাৰী আৰু প্ৰাইভেট আই টি আইত নামভৰ্তি বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ২০২৫ চনত মঙলদৈত ১০০০ কোটি টকা বিনিয়োগেৰে আছাম স্কীল ইউনিভাৰচিটী আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। এই অসম দক্ষতা বিশ্ববিদ্যালয়খন হৈ উঠিলে প্ৰতি বছৰে ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক দক্ষতাৰ শিক্ষা দিব বুলি তেওঁ উল্লেখ কৰে।


উল্লেখ্য যে উত্তৰ-পূব দক্ষতা চেণ্টাৰৰ পৰা ২০২৩-২৪ বৰ্ষত সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ ভাৰততে জনপ্ৰিয় হোটেল ব্ৰেণ্ড যেনে অবেৰয়, গ্ৰেণ্ড হায়াত, ৰেডিচন, ট্ৰাইডেণ্ট, গ্ৰীণ পাৰ্ক হোটেল এণ্ড ৰিজৰ্ট, আৰু বেয়াৰফুট ৰিজৰ্ট আদিত সংস্থাপন লাভ কৰা শিক্ষাৰ্থীক মন্ত্ৰীগৰাকীয়ে আজি নিযুক্তি পত্ৰ প্ৰদান কৰে। আজি নিযুক্তি লাভ কৰা ৬০ গৰাকী সফল প্ৰাৰ্থীক মন্ত্ৰীগৰাকীয়ে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ জীৱনৰ এই নতুন অধ্যায়টোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

চৰাইদেউ মৈদাম ক্ষেত্ৰক ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা ইউনেস্কৰ, চৰাইদেউত উৎসৱমুখৰ পৰিৱেশ…

ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণোৱালী স্বাক্ষৰ বহনকাৰী আহোম স্বৰ্গদেউসকলৰ সমাধিস্থল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক অৱশেষত আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি ঘোষণা কৰিলে ইউনেস্কই । নতুন দিল্লীত আজি পুৱা ১০ বজাত ইউনেস্ক প্ৰতিনিধিবৰ্গই আনুষ্ঠানিকভাৱে এই স্বীকৃতি ঘোষণা কৰাৰ পিছতে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ’য়। ইউনেস্ক প্ৰতিনিধিবৰ্গই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰি আজি আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য তালিকাত স্থান দিয়াত সমগ্ৰ ভাৰত তথা অসমৰ বাবেও এক গৌৰৱৰ ক্ষণ হিচাপে বিবেচিত হ’ল।

পোন প্ৰথমবাৰৰ বাবে যোৱা ২১ জুলাইৰ পৰা ১০ দিনীয়াকৈ ভাৰতত অনুষ্ঠিত ইউনেস্ক’ৰ  বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বিশেষ সন্মিলনৰ বৈঠকত গুৰুত্বপূৰ্ণ ২৭ বিষয়ৰ লগতে অন্তৰ্ভূক্ত হৈছিল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম । চুড়ান্ত বিবেচনাৰ বাবে গ্ৰহণ কৰা সমিতিয়ে ১৮ টা সাংস্কৃতিক সম্পদৰ ভিতৰত প্ৰস্তাৱত গ্ৰহণ কৰা ভাৰতৰ ভিতৰত একমাত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু আজি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু উত্তৰ-পূৰ্ৱাঞ্চলৰ ভিতৰত প্ৰথমটো সাংস্কৃতিক সম্পদৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। আজি নতুন দিল্লীত আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পিছতে মৈদামস্থলীত এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয়। অসম চৰকাৰ দুই কেবিনেট মন্ত্ৰী যোগেন মহন, বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিতিত সৰ্বপ্ৰথমে নৃপেন মহনৰ পৰিচালনাত আহোম জনগোষ্ঠীৰ বানফি পূঁজা অনুষ্ঠিত হয়। ইয়াৰ পিছতে কেইবা সহস্ৰাধিক জনসাধাৰণে ঢোলে-ঢগৰে এক উৎসৱমুখৰ পৰিৱেশ কৰি তোলে। দুই কেবিনেট মন্ত্ৰীৰ লগতে পৰ্যটন বিভাগৰ অধ্যক্ষই প্ৰচণ্ড গৰমৰ মাজতো নাচি-বাগি উপস্থিত জনসাধাৰণক অধিক উৎসাহিত কৰি তোলে। আনহাতে নতুন দিল্লীত বাহৰ পাতি থকা স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও সমগ্ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসম চৰকাৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক সামাজিক মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰে । চৰাইদেউ মৈদামস্থলীত উপস্থিত থকা কেবিনেট মন্ত্ৰী যোগেন মহনে মিঠাই টোপোলা বিতৰণ কৰাৰ লগতে এক বৃহৎ প্ৰীতি ভোজৰ আয়োজন কৰে। আনহাতে কেবিনেট মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ অধিক উৎফুল্লিত হৈ উল্লেখ কৰে যে, ‘আমাৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত আজি আমি সফল হ’লো।

চৰাইদেউ মৈদামস্থলীত থকা ৪২ টা আমাৰ উপৰি-পুৰুষৰ সমাধিস্থলী আজি বিশ্ব বুকুত চিহ্নিত হ’ল। আজি অতিশয় আনন্দৰ দিন। আমাৰ এই ঐতিহাসিক সম্পদক বিশ্বৰ বুকুত পৰিচয় কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ। দুয়োগৰাকীৰ মহান নেতাৰ এই ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ ভূমিকাৰ বাবেই আজি বিশ্বৰ বুকুত চিহ্নিত হ’ল আমাৰ এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ। ইয়াৰ লগতে পুৰাতত্ব বিভাগ আৰু প্ৰত্নতাত্বিক বিভাগে যথেষ্ট এইক্ষেত্ৰত বিগত সময়ত যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল। তেখেতসকলোকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো’। আনহাতে মৈদামস্থলীত সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম সেনাকে ধৰি বহুকেইটা আহোম জনগোষ্ঠীয় সংগঠনে শাসনাধিষ্ঠ চৰকাৰখনক এই ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা কাৰ্যক আদৰণি জনাইছে। সন্ধিয়ালৈ মৈদামস্থলীত এহেজাৰ বন্তি প্ৰজ্বলনেৰে বিজয় উৎসৱ পালন কৰাৰ উপৰিও ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে। নীৰৱে-নিতালে দীৰ্ঘকাল শুই থকা মৈদামসমূহ যেন আজি পুনৰ প্ৰাণ পাই উঠিছে।

অসমৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ! অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ…

অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ। অসমৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি।

মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলী অভিমুখী অসমৰ বাহনসমূহক পূৱ খাছী পাহাৰ জিলাৰ উমটিংগাৰত বাধা প্ৰদান সংগঠনটোৰ। আৰক্ষী আৰু সংগঠনটোৰ মাজত উত্তপ্ত পৰিস্থিতি।

আৰক্ষীয়ে আটক কৰিলে সংগঠনটোৰ কেইবাজনো সদস্যক। উল্লেখ্য যে মাত্ৰ এটা সপ্তাহ পূৰ্বে মেঘালয়ৰ পৰ্যটন মন্ত্ৰী প’ল লিংডোৱে ঘোষণা কৰিছিল ৰাজ্যখনৰ পৰ্যটনস্থলী সমূহলৈ অসমৰ টেক্সি সমূহৰ যাতায়তত কোনো বাধা নথকাৰ কথা।

গোগামুখৰ মহৰিকেম্পত স্বাধীনতা দিৱসৰ আয়োজনঃ ক্ৰীড়া-সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত হ’ব ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প…

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস বিগত বৰ্ষবোৰৰ দৰে এইবছৰো গোগমুখ মহৰিকেম্পত অনুষ্ঠিত হ’ব৷ মহৰিকেম্প স্পৰ্টছ এছ’চিয়েছনৰ উদ্যোগত আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমিতিৰ যৌথ উদ্যোগত ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগা উক্ত স্বাধীনতা দিৱস সফল উদ্‌যাপনৰ বাবে এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে৷ মণিকান্ত মিলি (দুনীয়া)ক সভাপতি, তানি মিলিক সম্পাদক হিচাপে লৈ মূল উদ্‌যাপন সমিতি গঠন কৰাৰ লগতে কেবাটাও উপসমিতি গঠন কৰা হৈছে৷ উদযাপন সমিতিয়ে জনোৱা মতে ফুটবল, ভলীবল, কাবাডী, বেডমিন্টন আদি ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব৷

ফুটবল প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমাণি ২ লাখ টকা৷ ভলীবল ল’ৰা শাখাৰ মুঠ পুৰস্কাৰ ৪০ হাজাৰ আৰু ছোৱালী শাখাৰ মুঠ পুৰস্কাৰ ৩ হাজাৰ টকা৷ কাবাডী খেলৰ ছোৱালী শাখাৰ মুঠ পুৰস্কাৰ ২৫ হাজাৰ টকা৷ একেদৰে বেডমিণ্টন অনুৰ্ধ্ব ১৬ বছৰ বয়সৰ মুঠ পুৰস্কাৰ ৯ হাজাৰ, মুকলি শাখাৰ মুঠ পুৰস্কাৰ ১৮ হাজাৰ আৰু ৪০ বছৰ ওপৰৰ মুঠ পুৰস্কাৰ ৯ হাজাৰ টকা৷ প্ৰতিযোগিতাসমূহত অংশ ল’বলগা খেলুৱৈ তথা দলসমূহক ক্ৰীড়া সম্পাদক জে কে কাৰ্ডঙৰ লগত ৮৬৩৮৭৮২১৫৮ নম্বৰত আগতীয়াকৈ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ মহৰিকেম্প স্পৰ্ট এছ’চিয়েছনৰ সভাপতি ৰমেশ পেগু, কাৰ্যকৰী সভাপতি দেবানন্দ বড়া আৰু সম্পাদক কমল পেগুৱে স্বাধীনতা দিৱসত সকলো ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে ক্ৰীড়া প্ৰতিযোগিতাসমূহ ১ আগষ্টৰ পৰা আৰম্ভ হ’ব বুলিও জানিবলৈ দিছে৷

ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা ফেচবুক একাউণ্টেৰে প্ৰৱঞ্চনাৰ জাল দুৰ্বৃত্তৰ…

ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা ফেচবুক একাউণ্টেৰে প্ৰৱঞ্চনাৰ জাল দুৰ্বৃত্তৰ৷

কৰ্কট ৰোগত আক্ৰান্ত এগৰাকীৰ মহিলাৰ চিকিৎসাৰ বাবে সহায়ৰ নামত লুণ্ঠন৷ মানসী বৰুৱা নামৰ ৩৪ বছৰীয়া এগৰাকী মহিলাৰ চিকিৎসাৰ নামত লুণ্ঠন৷

মহিলাগৰাকী আৰু দুই কণমানিৰ ফটো ব্যৱহাৰ কৰি সংগ্ৰহ কৰিছে ধন৷

বলীউডৰ পৰা টলিউডলৈকে বহু নায়ক আৰু নায়িকায়ে ভেগান ডায়েট অনুসৰণ কৰিছে! এই ভেগান ডায়েট কি…

বৰ্তমান নিৰামিষ খাদ্য ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। এই খাদ্য স্বাস্থ্য আৰু পৰিৱেশ উভয়ৰে বাবে উপকাৰী বুলি বিভিন্ন মহলে দাবী কৰিছে। এই খাদ্যত সকলো পশুজাতীয় সামগ্ৰী পৰিহাৰ কৰা হয়। এই খাদ্যত কোনো মাংস, কণী বা দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত নহয়। পুষ্টিবিদসকলৰ মতে এই খাদ্যাভ্যাস পালন কৰাটো সহজ নহয়। যদি এই খাদ্য সঠিকভাৱে পালন নকৰিলে শৰীৰত ভিটামিন ডি, ভিটামিন বি ১২, জিংক, কেলচিয়াম, আইৰণ আৰু ওমেগা ৩ ফেটি এচিডৰ দৰে পুষ্টিকৰ উপাদানৰ গুৰুতৰ অভাৱ হয়। কিন্তু এবাৰ এই খাদ্যাভ্যাসত অভ্যস্ত হ’লে শৰীৰৰ বাবে ই অতি উপকাৰী।

নিৰামিষ খাদ্যৰ উপকাৰিতাৰ কি কি জানি লওকঃ

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ: শাক-পাচলিত থকা বিভিন্ন ফাইটোকেমিকেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই খাদ্যত এন্টিঅক্সিডেন্টো অধিক পৰিমাণে থাকে। সেইবাবেই আমেৰিকা, ইউৰোপৰ মানুহৰ মাজত ভেগান ডায়েট ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছে।

ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে: পুষ্টিবিদসকলৰ মতে এই খাদ্যাভ্যাস যদি দীৰ্ঘদিন ধৰি পালন কৰা হয় তেন্তে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়। এই জীৱনশৈলীয়ে তেজত ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। নিৰামিষ খাদ্যই ওজন হ্ৰাস কৰাত সহায় কৰে। মেদবহুলতাৰ লগত ডায়েবেটিছৰো সম্পৰ্ক আছে।

নিৰামিষ খাদ্যই কোনো ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে জানি লওকঃ

কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: এই খাদ্যই কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: নিৰামিষ খাদ্যত সতেজ শাক-পাচলি, দালি আৰু আঁহযুক্ত খাদ্য অধিক পৰিমাণে থাকে। এই সকলোবোৰ খাদ্য হৃদযন্ত্ৰৰ বাবে উপকাৰী।

বিলাসীপাৰা শোকাৱহ ঘটনা ! ৰে’ল বিভাগৰ অভাৰ ব্ৰিজৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৰ্শ ফলত থিতাতে নিহত এজন শ্ৰমিক…

বিলাসীপাৰা শোকাৱহ ঘটনা । বিলাসীপাৰা হাকামা সংঘটিত হয় এই শোকাৱহ ঘটনা।

ৰে’ল বিভাগৰ অভাৰ ব্ৰিজ (over bridge) ৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৰ্শ ফলত থিতাতে নিহত এজন শ্ৰমিক।


শ্ৰমিক জন মায়াৰ চৰ দ্বিতীয় খণ্ড গাঁৱৰ ছলেমান বুলি জানিব পৰা গৈছে।

পিছত ঘটনা স্থলীত আৰক্ষী দল উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ ভাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ড° ভৱেন মহনৰ ৰাইজৰ দলত যোগদান…

গুৱাহাটীৰ মাছখোৱাস্থিত আইটিএ প্ৰেক্ষাগৃহত আজি ৰাইজৰ দলৰ এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত।শিৱসাগৰ জিলা বিজেপিৰ প্রাক্তন সভাপতি ভৱেন মহন, শদিয়া জিলা বিজেপিৰ প্রাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোপাল কাকতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই, প্ৰবীণ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা সাংবাদিক সাহিত্যিক নেপাল চৰকাৰৰ খেল ৰত্ন বঁটা লাভ কৰা মাধৱজ্যোতি দেউৰী, বিজেপি বকতা মৌজা মহিলা মৰ্চাৰ সম্পাদিকা ৰেখা বুঢ়াগোহাঁই, বিশিষ্ট সমাজকর্মী ৰানা বুঢ়াগোহাঁইৰ লগতে আৰু পাঁচ শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে।

ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলত যোগদান কৰা প্ৰতিজন নেতা-কর্মীক দললৈ স্বাগতম জনাই অখিল গগৈয়ে।

ৰাজ্য চৰকাৰে ৫ বছৰত ১.৫০ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে : মুখ্যমন্ত্ৰী…

মুখ্যমন্ত্ৰীৰ ভাষণ:

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে আমি ১ লাখ নিযুক্তি দিশে আগুৱাই গৈ আছোঁ

নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ ভাৱে কৰিব পাৰোঁ তাৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছে

স্বচ্ছ আৰু নিকা নিযুক্তিৰ সময়ত ৰাজনৈতিক কাৰণ নিহিত থাকে

ৰাজ্যৰ অধিক সংখ্যক লোক ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ থকা বাবেই আমি নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ কৰিবলৈ বাধ্য

স্বচ্ছ নিযুক্তিৰ বাবে ৰাজনৈতিক আৰু ব্যক্তিগত কিছু সমস্যাৰ সন্মুখীন হব লগীয়া হয়

যিকোনো পৰিস্থিতি নহওঁক কিয় আমি অসমত এটা স্বচ্ছ নিযুক্তিৰ বাতাবৰণ সৃষ্টি কৰিম
২০২২ ত ৪০৪৬৭ টা নিযুক্তি
২০২৩ ত ৫৫৫০০ টা নিযুক্তি
২০২৪ ত ২০০৩ টা নিযুক্তি

আজিলৈকে আমি ৯৭৯৭০ নিযুক্তি স্বচ্ছতাৰে দিবলৈ সক্ষম হলো

ৰাজ্য চৰকাৰে ৫ বছৰত ১.৫০ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে

চৰকাৰী কৰ্মচাৰী নিহত হলে কৰ্মচাৰী গৰাকীৰ ঘৰত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰোঁ

এইবছৰ পৰা সৰ্বশিক্ষাত ঠিকাভিত্তিক নিযুক্তি নোহোৱা হব ।

চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰ খনক বেয়া পাইছে

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীয়ে বেছিকৈ কাম কৰিব লগীয়া হোৱা বাবেই চৰকাৰ খনক বেয়া পাইছে ।

ৰাইজে ভোট দিব, নিদিব, চৰকাৰ আহিব, যাব, ক্ষমতা থাকিব, নাথাকিব এই বিষয়ত গুৰুত্ব নাই , কিন্তু অসমৰ সৰ্বাংগীন উন্নয়ন হবই লাগিব তাতেই আমি গুৰুত্ব দিম ।

এই খন চৰকাৰৰ বিৰুদ্ধে আজিলৈকে কোনেও এটা দুৰ্নীতিৰ বিৰুদ্ধে গোচৰ তৰিব পৰা নাই

বক্সিং ৰিঙত খলকনি তুলিবলৈ সাজু অসম কন্যা লাভলীনা, নিজ গৃহৰ পৰা সুদূৰ পেৰিছত থকা কন্যাক শুভেচ্ছা জনালে পিতৃ-মাতৃয়ে…

পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত খলকনি তুলিবলৈ সাজু অসম কন্যা লাভলীনা বৰগোহাঁই। গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়াৰ নিজ গৃহৰ পৰা সুদূৰ পেৰিছত থকা কন্যা লাভলীনাক শুভেচ্ছা জনালে পিতৃ টিকেন বৰগোহাঁইয়ে। দ্বিতীয় বাৰৰ বাবে অলিম্পিকত ভাগ ল’ব লাভলীনাই। ৩১ জুলাই বুধবাৰে পেৰিছ অলিম্পিকত ৭৫ কেজি শাখাত নৰৱে’ৰ চুন্নিভা হভষ্টাডৰ বিৰুদ্ধে প্ৰথম খন মেচ খেলিব লাভলীনাই।

বৰপথাৰতো উৎকণ্ঠাৰ অন্ত নাই। যিমানেই সময় ওচৰ চাপি আহিছে সিমানেই বুজাব নোৱাৰা শিহৰণে আলোড়িত কৰিছে সকলোকে। হেপাহেৰ বাট চাই আছে প্ৰিয় খেলুৱৈ গৰাকীৰ খেল চাবলৈ।পিতৃ-মাতৃৰ লগতে অজস্ৰ জনে লাভলীনালৈ জনাইছে শুভেচ্ছা।সকলোৱে আশাবাদী লাভলীনাক লৈ।