Home Blog Page 635

যদি কোনোবা নদীলৈ যায়, ঘূৰি নাহে; তেন্তে নিয়তিৰ পৰিহাস মানি লোৱা উচিতঃ ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ সন্দৰ্ভত কৰিলে মন্তব্য। আজি পাঁচ দিনে সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ।

ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি ক’লে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে,অহাৰ প্ৰমাণ নাই।যদি কোনোবা নদীলৈ যায়, ঘূৰি নাহে; তেন্তে সকলোয়ে নিয়তিৰ পৰিহাস মানি লোৱা উচিত> উচ্চ ন্যায়লয়ৰ অধিবক্তাৰ লগত কথা পাতিছোঁ, তেওঁ নদীলৈ গৈছে। কিন্ত ঘূৰি অহা দেখা নাই।

খোজ কাঢ়িলে টোপনিৰ মান উন্নত হয়! কোন সময়ত খোজ কাঢ়িব জানি লওক…

খোজ কঢ়াটো কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, ই আমাৰ টোপনিৰ মান উন্নত কৰিব পাৰে। এক নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে নিয়মীয়াকৈ খোজ কঢ়াৰ ফলত টোপনিৰ মান উন্নত হয় আৰু টোপনিৰ অভাৱৰ সমস্যা নাইকিয়া হয়। খোজ কঢ়াই মানসিক চাপ কমায়, যাৰ ফলত টোপনিৰ মান উন্নত হয়।


খোজ কাঢ়িলে টোপনি কেনেকৈ ভাল হয় জানক-

  • খোজ কাঢ়িলে শৰীৰ ভাগৰুৱা হয় আৰু ৰাতি ভাল টোপনি যায়।
  • খোজ কঢ়াৰ ফলত মন শান্ত হয় আৰু চিন্তা কমি যায়। ইয়াৰ ফলত ৰাতি ভাল টোপনি যায়।
  • নিয়মীয়াকৈ খোজ কঢ়াই আপোনাৰ দৈনন্দিন কাম-কাজ উন্নত কৰে আৰু আপোনাৰ শৰীৰে নিৰ্দিষ্ট সময়ত শুই উঠা আৰু সাৰ পোৱাৰ অভ্যাসত পৰিণত হয়।

আজি কাৰ্গিল বিজয় দিৱস, লাডাখত বিজয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

আজি কাৰ্গিল বিজয় দিৱস৷ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে ভাৰতীয় সেনাৰ বিশাল আয়োজন৷ লাডাখত বিজয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷

আজিৰ দিনটোতে আমাৰ ভাৰতীয় যোদ্ধাসকলে চুবুৰীয়া দেশ পাকিস্তানৰ সেনাবাহিনীক পৰাস্ত কৰিছিল। বীৰত্ব আৰু বীৰত্বৰ কাহিনী লৈ আজি কাৰ্গিলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক জনাই শ্ৰদ্ধাঞ্জলি।

এতিয়াৰে পৰা আয়ুস্মান কাৰ্ডেৰে কেৱল জটিল ৰোগত আক্ৰান্ত ৰোগীয়েহে পাব ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ সুবিধা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

আয়ুষ্মান ভাৰত সন্দৰ্ভত চৰকাৰৰ নতুন সিদ্ধান্ত
এতিয়াৰে পৰা সকলোৱে লাভ নকৰিব ব্যক্তিগত চিকিৎসালয়ৰ সুবিধা


সাধাৰণ ৰোগত আক্রান্ত ৰোগীয়ে ব্যক্তিগত চিকিৎসালয়ত নাপাব সুবিধা
কেৱল জটিল ৰোগত আক্ৰান্ত ৰোগীয়েহে পাব ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ সুবিধা

ফেচবুকযোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

ঐতিহাসিক ক্ষণ, চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি…

আজি অসমৰ বাবে এক স্মৰণীয় দিন৷ বহু প্ৰত্যাশাৰ অন্ত ঘটাই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে চৰাইদেউ মৈদামে৷ ইতিহাসৰ পাতত আজিৰ দিনটো এক উল্লেখযোগ্য দিন হিচাপে বিবেচিত হৈ ৰ’ব৷ চৰাইদেউৰ মৈদাম হৈছে অসমৰ তাই-আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য-ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন৷

আজিৰ এই প্ৰাপ্তিৰ লগে লগে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাছত অসমৰ প্ৰেক্ষাপটত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হ’ল৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হ’ল চৰাইদেউ মৈদাম৷ভাৰতৰ ৪৩সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ’ল আমাৰ চৰাইদেউ মৈদাম৷

তেতেলিয়াৰ পৰা দুই সপ্তাহে সন্ধানহীন শিক্ষয়িত্রী…

গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তেতেলিয়াৰ পৰা এগৰাকী শিক্ষয়িত্রী দুই সপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।সন্ধানহীন হোৱা শিক্ষয়িত্ৰী গৰাকী হল কনকলতা দাস(বুলি )। জানিব পৰা মতে যোৱা ১২ জুলাইত তেওঁ তেতেলিয়াৰ ঘৰৰ পৰা কিছু নিলগত থকা তেতেলীয়া বড়ি এল পি স্কুললৈ আহি থকাৰ সময়তে সন্ধানহীন হয়।

সেইদিনা নিশা পর্যন্ত শিক্ষয়িত্ৰীগৰাকী ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ সদস্যসকলে সম্ভাব্য সকলো স্থানত বিচাৰ-খোঁচাৰ কৰি কোনো সম্ভেদ উলিয়াব নোৱাৰি পাছত ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।ইফালে কোনো লোকে মহিলাগৰাকীক প্রত্যক্ষ কৰিলে তেঁওৰ পুত্ৰ ময়ুসৰাজ দত্তৰ সৈতে ৮৭২৩৮-৫৮৫৪৬ বা ৭০০২১-৯৫২৩৫ মবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

অলিম্পিক আৰম্ভ হোৱাৰ লগে লগে ক’ভিডত আক্ৰান্ত ৫গৰাকী খেলুৱৈ…

অলিম্পিক খেলুৱৈ আক্ৰান্ত হৈছে ক’ভিডত । আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থাৰ খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ মহিলা ৱাটাৰ প’ল’ দলৰ ৫গৰাকীকৈ খেলুৱৈ সম্প্ৰতি কোৰোনাত আক্ৰান্ত হৈছে।

পোহৰলৈ অহা তথ্য অনুসৰি ক’ভিডত সংক্ৰমিত হৈয়ে অষ্ট্ৰেলিয়া দলৰ দুজন খেলুৱৈ পেৰিছলৈ আহিছিল। পুৰুষৰ ৱাটাৰ প’ল’ দলৰ দুই সদস্যই জ্বৰ লৈ পেৰিছৰ বিমানত উঠিছিল।

ইতিমধ্যে দুয়োগৰাকী খেলুৱৈক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে বিভাগীয় কৰ্তৃপক্ষই। ইয়াৰ পাছতে মহিলা দলৰ ৫গৰাকী খেলুৱৈ কোৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ক’ভিডৰ বাবে ২০২০ত অলিম্পিক আয়োজন কৰিব পৰা নাছিল জাপানে। ২০২১ চনত অনুষ্ঠিত হৈছিল টকিঅ’ অলিম্পিক। বৰ্তমান পেৰিছ অলিম্পিক ক’ভিডত আক্ৰান্ত ৫ খেলুৱৈ ।

আই পি এলত মুম্বাই ইণ্ডিয়ানছত ৰোহিত-হাৰ্ডিকৰ অধিনায়কত্বৰ ‘বিতৰ্ক’ সন্দৰ্ভত বুমৰাহে ভুলবশতঃ প্ৰকাশ কৰিলে গোপন কাহিনী…

আই পি এল ২০২৪ৰ সময়ত মুম্বাই ইণ্ডিয়ানছত বহুখিনি সলনি দেখা গৈছিল। মুম্বাইয়ে ৫ বাৰ খিতাপ দখল কৰা অধিনায়ক ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক স্থান দিছিল। মুম্বাইয়ে নগদ ধনৰ চুক্তিত গুজৰাট টাইটানছৰ ব্যৱসায়ৰ জৰিয়তে হাৰ্দিকক দলত যোগ দিছিল। হাৰ্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ লগে লগে অনুৰাগীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। সমগ্ৰ ছিজনটোত হাৰ্দিকক অনুৰাগীৰ তীব্ৰ সমালোচনা কৰা হৈছিল। এতিয়া এই বিতৰ্ক সন্দৰ্ভত যশপ্ৰীত বুমৰহে প্ৰকৃত সত্য ক’লে।

বুমৰাহে কয় যে দলৰ সকলোৱে ইজনে সিজনক সমৰ্থন কৰি আছে। হাৰ্দিক পাণ্ডিয়াইও দলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰি আছিল। দলত উপস্থিত সকলোৱে নতুন অধিনায়কৰ লগত সুন্দৰকৈ কথা পাতি আছিল। বুমৰাহে লগতে কৈছিল যে কিছুমান কথা আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত।

‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সৈতে হোৱা কথা-বতৰাত বুমৰাহে কয়, “আমি এটা দল হিচাপে কোনো ব্যক্তিক এৰি যাব নোৱাৰো। আমি ইজনে সিজনৰ বাবে আছে। আমি ইজনে সিজনক সহায় কৰিবলৈ চেষ্টা কৰিছো। মই হাৰ্দিকৰ সৈতে আমি বহুত ক্ৰিকেট খেলিছো কিন্তু আমি খেলিছো।

বুমৰাহে আৰু কয়, “কিন্তু তেতিয়া আপোনাৰ ভিতৰৰ বৃত্তই সহায় কৰে। আমি এটা দল হিচাপে ইয়াক প্ৰচাৰ নকৰো। আমি তেওঁৰ লগত এটা দল হিচাপে আছিলো। আমি তেওঁৰ সৈতে কথা পাতি আছিলো। তেওঁৰ পৰিয়াল সদায় থাকিব। “কিছুমান কথা নিয়ন্ত্ৰণৰ বাহিৰত, আমি যেতিয়া বিশ্বকাপ জয় কৰিছিলো তেতিয়া কাহিনী সলনি হৈছিল।”

টি-২০ বিশ্বকাপৰ পিছত ডাঙৰ পৰিৱৰ্তন আহিল

জুন মাহত বাৰ্বাডোছৰ মাটিত খেলা ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল ভাৰতীয় দলটোৱে। তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ভাৰতে খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, তাৰ পিছত হাৰ্দিকক লৈ অনুৰাগীৰ চিন্তাধাৰা সলনি হৈছিল। টি-২০ বিশ্বকাপৰ পিছত হাৰ্দিকক নায়ক হিচাপে দেখাবলৈ আৰম্ভ কৰে।

ভ্ৰমণকাৰীৰ বাবে ভাল খবৰ! ভাৰতীয় পাছপৰ্টেৰে ভিছা নোহোৱাকৈ আপুনি যাত্ৰা কৰিব পাৰিব ৫৮খনকৈ দেশলৈ, যাব পাৰিব থাইলেণ্ডলৈ…

বিদেশ ভ্ৰমণকাৰী ভাৰতীয়ৰ বাবে ভাল খবৰ। ভাৰতীয় পাছপৰ্টেৰে ভিছা নোহোৱাকৈ আপুনি যাত্ৰা কৰিব পাৰিব ৫৮খনকৈ দেশলৈ। প্ৰকাশ পালে ২০২৪ৰ পাছপ’ৰ্টৰ তালিকা।ভাৰতীয় নাগৰিকে ৫৮খন দেশলৈ ভিছা বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা লাভ কৰিব। ভাৰতৰ পাছপ’ৰ্টক ৮২ নম্বৰ স্থানত স্থান দিয়া হৈছে। এজন ভাৰতীয় পাছপ’ৰ্টধাৰীয়ে ইণ্ডোনেছিয়া, মালদ্বীপ, থাইলেণ্ডৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীলৈ ভিছাবিহীনভাৱে যাত্ৰা কৰিব পাৰে।

ছিংগাপুৰে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট হিচাপে শীৰ্ষস্থান দখল কৰে কাৰণ এই চহৰ-ৰাজ্যৰ নাগৰিকে আকৰ্ষণীয় ১৯৫খন দেশত ভিছাবিহীন সুবিধা লাভ কৰে। ফ্ৰান্স, ইটালী, জাৰ্মানী, স্পেইন আৰু জাপানৰ দ্বিতীয় শক্তিশালী পাছপ’ৰ্ট আছে, প্ৰত্যেকেই ১৯২টা গন্তব্যস্থানলৈ ভিছামুক্ত প্ৰৱেশৰ সুবিধা প্ৰদান কৰে।অষ্ট্ৰিয়া, ফিনলেণ্ড, আয়াৰলেণ্ড, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া আৰু ছুইডেনে তৃতীয় স্থান লাভ কৰিছে, ১৯১খন দেশত ভিছামুক্ত প্ৰৱেশ। নিউজিলেণ্ড, নৰৱে, বেলজিয়াম, ডেনমাৰ্ক, চুইজাৰলেণ্ডৰ সমান্তৰালভাৱে যুক্তৰাজ্যই চতুৰ্থ স্থানত আছে, য’ত ১৯০খন দেশত ভিছা বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা আছে। অষ্ট্ৰেলিয়া আৰু পৰ্তুগালে যৌথভাৱে ১৮৯টা গন্তব্যস্থানলৈ ভিছাবিহীন ভ্ৰমণৰ জৰিয়তে পঞ্চম স্থান দখল কৰিছে। ইফালে, আমেৰিকা অষ্টম স্থানলৈ, এতিয়া ইয়াৰ নাগৰিকসকলক ১৮৬খন দেশত ভিছা বিনামূলীয়াকৈ প্ৰৱেশৰ অনুমতি দিয়া হৈছে।মুঠ ৩৪খন দেশ শীৰ্ষ ১০ খন শক্তিশালী পাছপ’ৰ্টৰ ভিতৰত আছে।

আনহাতে ভাৰতীয় নাগৰিকে ভিছা বিনামূলীয়াকৈ যাত্ৰা কৰিব পৰা ৫৮খন দেশলৈ, সেই দেশকেইখন হৈছে-
এংগোলা
বাৰ্বাডোছ
ভূটান
বলিভিয়া
ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ
বুৰুণ্ডি
কম্বোডিয়া
কেপ ভাৰ্ডে দ্বীপপুঞ্জ
কোমোৰো দ্বীপপুঞ্জ
কুক দ্বীপপুঞ্জ
জিবুতি
ডমিনিকা
ইথিওপিয়া
ফিজি
গ্ৰেনাডা
গিনি-বিচাউ
হাইটি
ইণ্ডোনেছিয়া
ইৰাণ
জামাইকা
জৰ্ডান
কাজাখাস্তান
কেনিয়া
কিৰিবাটি
লাওছ
মাকাও (SAR চীন)
মাদাগাস্কাৰ
মালয়েছিয়া
মালদ্বীপ
মাৰ্শ্বেল দ্বীপপুঞ্জ
মৰিটানিয়া
মৰিচাছ
মাইক্ৰ’নেছিয়া
মন্টচেৰাট
মোজাম্বিক
ম্যানমাৰ
নেপাল
নিউৱে
পালাউ দ্বীপপুঞ্জ
কাটাৰ
ৰুৱাণ্ডা
চামোয়া
চেনেগাল
ছিচেলছ
ছিয়েৰা লিয়ন
ছোমালিয়া
শ্ৰীলংকা
চেণ্ট কিটছ আৰু নেভিছ
চেন্ট লুচিয়া
চেণ্ট ভিনচেণ্ট আৰু গ্ৰেনেডিন
তাঞ্জানিয়া
থাইলেণ্ড
টিমৰ-লেষ্টে
ট্ৰিনিদাদ আৰু ট’বাগো
টিউনিছিয়া
টুভালু
ভানুআটু
জিম্বাবুৱে

অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দল কোৱাৰ্টাৰ ফাইনেলত…

বৃহস্পতিবাৰে দিনৰ শেষত চমক দিলে ভাৰতীয় পুৰুষ আৰ্চাৰী দলে।  ৩ নম্বৰত শেষ কৰি পোনে পোনে অন্তিম আঠৰ টিকট নিশ্চিত কৰে ভাৰতীয় পুৰুষ দলে।

প্ৰথম ৰাউণ্ডৰ খেলত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ মুঠ স্ক’ৰ ২০১৩। ৬৭৬ পইণ্ট স্ক’ৰ কৰে তৰুণদীপ ৰায়ে, প্ৰবীণ যাদৱে সংগ্ৰহ কৰে ৬৫৮ পইণ্ট।২০২৫ পইণ্ট স্ক’ৰ কৰি দ্বিতীয় স্থানত আছে ফ্ৰান্স।

 অংকিতাই স্ক’ৰ কৰিছিল ৬৬৬ পইণ্ট। পুৰুষ আৰু মহিলা দলৰ সৰ্বোচ্চ স্ক’ৰাৰ যোগ সংখ্যাৰে নিৰ্ধাৰিত হয় মিক্সড টীম স্ক’ৰ।দলগত ইভেণ্টত তৃতীয় হ’লেও মিক্সড টীম ইভেণ্টত পঞ্চম স্থানত শেষ কৰিছে ভাৰতে।