Home Blog Page 636

আজিৰে পৰা পেৰিছত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ, অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে পেৰিছলৈ লাভলীনা বৰগোঁহাই…

আজিৰে পৰা পেৰিছত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ, অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে পেৰিছলৈ লাভলীনা বৰগোঁহাই। ৩১ জুলাইত বক্সিং ৰিঙত নামিব লাভলীনা। পেৰিছ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছে ১১৭ গৰাকী প্ৰতিযোগীয়ে।

স্থানীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব অলিম্পিক। ১৯ দিন ধৰি পেৰিছত চলিব বিশ্বৰ সৰ্ববৃহৎ ক্রীড়া মহোৎসৱ। বিশ্বৰ ২০৬খন দেশৰ ১০,৫০০ খেলুৱৈয়ে অংশ ল’ব। পেৰিছৰ সুদৃশ্য ৩৫টা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল। অসমৰ লাভলীনাক লৈ আশাবাদী দেশবাসী।

অসমবাসীৰ বাবে সুখবৰ, চৰাইদেউ মৈদামে লাভ কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি…

অসমবাসীৰ বাবে সুখবৰ৷ চৰাইদেউ মৈদামে লাভ কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি৷ আজি পুৱা ১০ বজাত ঘোষণা কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমিতিয়ে৷ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

বৃহস্পতিবাৰে ৰাতি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অসমৰ ৰাইজৰ বাবে স্বকীয় ঐতিহ্যৰ ধ্বজাবাহী চৰাইদেউ মৈদামে ইউনেস্ক’ৰ স্বীকৃতি লাভ কৰাটো এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব৷ আমি পুৱা ১০ বজাৰ ঘোষণাৰ বাবে পৰম আগ্ৰহেৰে বাট চাই আছোঁ৷ এয়া ঐক্যবদ্ধভাৱে আমাৰ সমৃদ্ধ ঐতিহ্য আৰু গৌৰৱক উদযাপনৰ সময়৷ এই স্মৰণীয় মুহূৰ্তৰ সাক্ষী হ’বলৈ সাজু হওঁ আহক৷

বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত কাৰ্গিল বিজয়ী দিৱস পালন…

বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্দ্যোগত কাৰ্গিল বিজয়ী দিৱস পালন। উল্লেখ্য যে অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্দেশত বিজেপিৰ যুৱ মৰ্চাই আজি বিলাসীপাৰাত শ্বহীদ বেদীৰ সন্মুখত কাৰ্গিল বিজয়ী দিৱস পালন কৰা পৰিলক্ষিত হৈছে।

কাৰ্গিল বিজয়ী দিৱস খনত উপস্থিত থাকে ধুবুৰী জিলাৰ প্ৰভাৰী মৃনাল ৰাজবংশী, বিলাসীপাৰা জিলা সমিতিৰ উপ সভাপতি পৰেন্দেৰ নাথ,বিলাসীপাৰা পৌৰসভাৰ উপ পৌৰপতি চন্দন দাস, ভাৰতীয় জনতা পাৰ্টীৰ জিলা যুৱ মৰ্চাৰ সাধাৰণ সন্পাদক ৰুপম সাহা, অমৰজ্যোতি নাথ, বিলাসীপাৰা টাউন মণ্ডলৰ সাধাৰণ সম্পাদক নাৰায়ণ চূৰ্নকাৰ, সাপটগ্ৰাম মণ্ডলৰ বলৰাম সাহা আদিকে ধৰি বিভিন্ন মণ্ডলৰ কৰ্মকৰ্তা উপস্থিত থকা দেখিবলৈ পোৱা যায়।

দিছপুৰত লেখিকা সংস্থা, অসমৰ মনোজ্ঞ অনুষ্ঠান; বিশিষ্ট কাৰ্টুনিষ্ট মুবিন ৰাভাক নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান…

বিশিষ্ট কার্টুনিষ্ট, চিত্ৰশিল্পী তথা লেখক মুবীন ৰাভাক আজি লেখিকা সংস্থা, অসমে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট চিত্ৰশিল্পী গৰাকীক বঁটাটি প্রদান কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক ড° দয়ানন্দ পাঠকে। এই বঁটাত আছে প্ৰশস্তি পত্ৰ, স্মাৰক, অংগ বস্ত্ৰ, কিতাপৰ টোপোলা আৰু নগদ দহ হাজাৰ টকা। বিশিষ্ট সমাজকৰ্মী ভবেন বৰ্মণে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটিত বৰগীত পৰিৱেশন কৰে ডা° কৰৱী গোস্বামীয়ে।আদৰণি ভাষণ দিয়ে লেখিকা সংস্থা, অসমৰ সম্পাদক বিজয়া দেৱদাসে।

আৰম্ভণি গীত পৰিৱেশন কৰে বৃহত্তৰ নৰকাসুৰ লেখিকা সংস্থাৰ শিল্পী সকলে। লেখিকা সংস্থা, অসমৰ সভাপতি মৃদুলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা প্ৰাপক তথা লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভাপতি হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে। অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আযুক্ত থানেশ্বৰ মালাকাৰ। বিশিষ্ট অতিথি ৰূপে অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি মৃণালিনী দেৱী, প্ৰয়াত নিশান্ত কাশ্যপৰ শিক্ষাগুৰু, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী স্বপ্নাৰাণী দাস তালুকদাৰ আৰু সমাজকৰ্মী ড° সংগীতা ৰাজখোৱা। সভাত গীতৰ অনুষ্ঠান পৰিবেশন কৰে বিনীতা ডেকা আৰু শিশু শিল্পী মেধাজ্যোতি নাথে। অনুষ্ঠানত বঁটাৰ দাঁতা তথা প্ৰয়াত নিশান্ত কাশ্যপৰ পিতৃ অৱসৰপ্ৰাপ্ত বেংক বিষয়া প্ৰতুল ডেকা আৰু মাতৃ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিন্দু ডেকা চৌধুৰী, ৰহস্যৰ প্ৰতিষ্ঠাপক সম্পাদক দামোদৰ শৰ্মা, লেখক-সাংবাদিক আজিজুৰ ৰহমান শইকীয়া, লেখিকা সংস্থা,অসমৰ বিভিন্ন শাখাৰ প্ৰতিনিধি সমন্বিতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। শেষত পৰিয়াল তথা লেখিকা সংস্থা, অসমৰ হৈ শলাগৰ শৰাই আগবঢ়াই বিন্দু ডেকা চৌধুৰীয়ে।


চিত্ৰকৰ তথা এনিমেছন ভিজুৱেল এফেক্টৰ স্নাতক তথা দুখনকৈ চুটি ছবিৰ নিৰ্মাতা, অকালতে মৃত্যুবৰণ কৰা নিশান্ত কাশ্যপৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এগৰাকী মেধা সম্পন্ন যুৱ প্ৰজন্মৰ ব্যক্তিক উৎসাহিত কৰিবলৈ লেখিকা সংস্থা, অসমে নতুনকৈ এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয় আৰু ২৫ জুলাইৰ জন্মদিনৰ সৈতে সংগতি ৰাখি লেখিকা সংস্থা,অসমে এই বঁটা প্ৰদান অনুষ্ঠানটিৰ আয়োজন কৰে।

গোগামুখত ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন-সম্বৰ্ধনা অনুষ্ঠানঃ ৩৩ গৰাকী শিক্ষক-১৫৬ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত আজি গোগামুখত বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়৷ ধেমাজি জিলাৰ গোগামুখস্থিত গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংচন পোৱা ১৫৬ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ৩৩ গৰাকী কৃতি শিক্ষকক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়৷ বিশেষ অনুষ্ঠানটো  সঞ্চালনা কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ঋতুপৰ্ণ কোঁছে৷ অনুষ্ঠানটো উদ্বোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই৷অনুষ্ঠানটোত নিদিৰ্ষ্ট বক্তাৰ ভাষণ দিয়ে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্টই৷

অনুষ্ঠানত উপস্থিত থাকে  ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, অসম উন্নতি সভাৰ সম্পাদক জিতু বৰা, এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত দলে, সদৌ অসম ছাত্ৰ সন্থাৰ  প্ৰাক্তন কাৰ্যনিৰ্বাহক শিক্ষক  দীপক বৰগোহাঁই সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দেবেনডেকা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক কমল ৰাভা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কল্পজিৎ সোনোৱাল, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক অৰ্নিবান শইকীয়াৰ লগতে গোগামুখৰ  কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে উক্ত অনুষ্ঠানতে শিক্ষক কুমাৰ উপাধ্যায়ে প্ৰতি বছৰতেই প্ৰদান কৰা নৰেন্দ্ৰ উপাধ্যায় সোঁৱৰণি বঁটা বৃহত্তৰ গোগামুখ অঞ্চলৰ পৰা ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা হৰিচিৎ উপাধ্যয়ক  প্ৰদান কৰা হয়।

মণিপুৰত মেইটেই জনগোষ্ঠীৰ বাসভৱনত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ…

পুনৰ অশান্ত হৈছে মণিপুৰৰ জিৰিবাম
মেইটেই জনগোষ্ঠীৰ বাসভৱনত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ


জিৰিবামৰ বৰবেক্রাত সংঘটিত ঘটনা

আৰক্ষী থানাৰ চাৰিশ মিটাৰ নিলগত থকা বাসগৃহত অগ্নিসংযোগ


ঘটনাৰ সময়ত ঘৰকেইটাত নাছিল কোনো লোক
গোষ্ঠীসংঘৰ্ষৰ দিনৰে পৰা আশ্রয় শিবিৰত আছে ঘৰৰ আৱাসীসকল

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত দেশী জনগোষ্ঠীৰ বাবে ২৫ ভাগ আসন সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন…

যোৱা ২১/৭/২০২৪ তাৰিখে বঙাইগাওঁ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন সম্পৰ্কে এখন সভা অনুষ্ঠিত হয়। সভাখনত স্বায়ত্বশাসিত পৰিষদখনত ধুবুৰী, গোৱালপাৰা, দঃশালমাৰা-মানকাচৰ আৰু বঙাইগাওঁ জিলাৰ পৰা অন্তৰ্ভূক্ত হ’বলগীয়া গাওঁসমূহৰ তালিকাৰ ওপৰত আলোচনা হয়। এই বিষয়ত চাৰিওখন জিলাৰ হৈ ন’ডেল বিষয়াৰূপে কাৰ্য্যনিৰ্বাহ কৰি থকা বঙাইগাওঁ জিলা আয়ুক্তৰ লগতে স্বায়ত্বশাসিত পৰিষদখনৰ কৰ্তৃপক্ষ আৰু ২৪ টাৰো অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি মত বিনিময় কৰে।

নোডেল বিষয়া গৰাকীৰ বক্তৱ্যৰ পৰা এইটো বুজা যায় যে জিলা পৰ্যায়ত এইটো শেষ আলোচনা আৰু পৰৱৰ্তী আলোচনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হব। উল্লেখ্য যে, জিলাকেইখনত সৰ্বাধিক খিলন্জীয়া জনগোষ্ঠীৰ দেশী লোকসকল বসবাস কৰে । সেয়ে দেশী আৰু গৰিয়া জনগোষ্ঠীদুটাক প্ৰতিনিধিত্ব কৰা দেশী জনগোষ্ঠীয় মঞ্চ, অসম, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, সদৌ অসম গ ম দে জনগোষ্ঠীয় পৰিষদ, সদৌ গ ম দে পৰিষদ (কামতাপুৰ) আৰু সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ হৈ সমন্বয়ৰক্ষী সমিতিয়ে

পৰিষদখনৰ শতকৰা ২৫ ভাগ আসন দেশী জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰা, ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা আদিকে ধৰি এখন সাত দফীয়া দাবীৰ স্মাৰকপত্ৰ আয়ুক্তগৰাকীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, স্মাৰকপত্ৰখন অৰ্পণ কৰাৰ আগতে দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সভাপতি ইছলামূল হক মণ্ডলে স্মাৰকপত্ৰখন সকলোকে পঢ়ি শুনায়। লগতে সমন্বয়ৰক্ষী সমিতিৰ পৰা ছফিয়ৰ ৰহমান, শ্বেখ হেদায়েতুল্লাহ আৰু হাচিফুল ইছলামেও আলোচনাত সহযোগ কৰে। ২১ তাৰিখে আবেলিৰ ভাগত গাও সমূহৰ তালিকা হোৱাটছেপ যোগে নোডেল বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰচাৰ কৰা হয় আৰু এই তালিকাই সাধাৰণ মানুহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পেৰিছ অলিম্পিকৰ মহিলা দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ-ফাইনেলত প্ৰৱেশ ভাৰতৰ…

পেৰিছ অলিম্পিকৰ মহিলা দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ-ফাইনেলত প্ৰৱেশ ভাৰতৰ।

কোৱালিফায়িং ৰাউণ্ডত চতুর্থ স্থানত থাকি কোৱাৰ্টাৰ-ফাইনেললৈ যোগ্যতা অর্জন ভাৰতৰ।

১৯৮৩ পইন্টৰ সহায়ত চতুৰ্থ স্থানত আছে ভাৰত।

আনহাতে প্রথম স্থানত আছে দক্ষিণ কোৰিয়া, দ্বিতীয় স্থানত চীন আৰু তৃতীয় স্থানত আছে মেক্সিকো।

অলিম্পিকৰ পদক কিয় খেলুৱৈয়ে দাঁতেৰে কামোৰে…

অলিম্পিকত পদক লাভ কৰাৰ পিছত খেলুৱৈয়েও দাঁতেৰে কামুৰি থকা দেখা যায়। কিন্তু অতি কম সংখ্যক লোকেহে জানে কাৰণ। এই নিয়ম বহুদিনৰ পৰা চলি আহিছে। অলিম্পিকৰ পদক কিয় খেলুৱৈয়ে দাঁতেৰে কামোৰে? প্ৰাচীন কালত ব্যৱসায়ীসকলে সোণৰ মুদ্ৰা কাটি পৰীক্ষা কৰিছিল। বহুতে বিশ্বাস কৰে যে খেলুৱৈসকলেও এইটো চাবলৈ এনে কৰে, কিন্তু এইটো একেবাৰে ভুল। অলিম্পিকত দিয়া পদকবোৰ সম্পূৰ্ণ সোণৰ নহয়, সোণৰ সলনি তাত অধিক ৰূপৰ ব্যৱহাৰ কৰা হয়। কিন্তু ১৯১২ চনৰ আগতে বিশুদ্ধ সোণৰ পদক দিয়া হৈছিল।

পদক কামোৰাৰ আঁৰৰ এটা কাৰণ হ’ল এই কাম কৰি খেলুৱৈয়ে নিজৰ কষ্ট, প্ৰতিযোগিতা আৰু নিজৰ প্ৰতিযোগিতাত উৎসাহ দেখুৱায়। আন এক কাৰন হ’ল খেলুৱৈসকলক ফটোগ্ৰাফাৰে তেনে কৰিবলৈ কয়, যাতে ফটোখনত খেলুৱৈ জনৰ উৎসাহ পৰিস্ফূত হয়।অলিম্পিকৰ ৱেবছাইটৰ মতে, খেলুৱৈসকলে কেৱল ফটো উঠিবলৈহে পদকবোৰ দাঁতেৰে কামোৰে। পদক কামোৰাৰ প্ৰথা দীৰ্ঘদিন ধৰি চলি আহিছে। প্ৰতিজন খেলুৱৈয়ে পদক লাভ কৰাৰ পিছত কামোৰে। ২০১০ চনৰ অলিম্পিকত জাৰ্মান লুগাৰ ডেভিদ ম’লাৰে পদক কামোৰাৰ সময়তে দাঁত ভাঙিছিল। এই কথা তেওঁ নিজেই এবাৰ প্ৰকাশ কৰিছিল।

মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযানত জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন…

মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযান।

হাতীগাঁৱৰ নটবমাৰ পৰা জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন ।

অলি দেৱী নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জব্দ ১৩ পেকেট হেৰ’ইন ।