Home Blog Page 64

নিৰ্বাচনী তৎপৰতাৰ মাজতে চাহ শ্ৰমিকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, এককালীন ৫ হাজাৰ টকা সাহায্য ।

নিৰ্বাচনী তৎপৰতাৰ মাজতে চাহ শ্ৰমিকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, এককালীন ৫ হাজাৰ টকা সাহায্য ।
নিৰ্বাচনী তৎপৰতাৰ মাজতে চাহ শ্ৰমিকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, এককালীন ৫ হাজাৰ টকা সাহায্য ।

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থাকোঁতেই ৰাজ্যত তীব্ৰ হৈছে নিৰ্বাচনী তৎপৰতা। এনে পৰিস্থিতিৰ মাজতে চাহ শ্ৰমিকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

অসম চাহ উদ্যোগৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰৰ উদ্যোগত ‘এটি কলি দুটি পাত’ শীৰ্ষক বিশেষ কাৰ্যসূচীৰ অধীনত চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকললৈ এককালীন ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্য সংৰক্ষণ আৰু চাহ জনগোষ্ঠীৰ অৱদানক স্বীকৃতি জনোৱাৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। সেই প্ৰচেষ্টাক আৰু এখোজ আগুৱাই নিবলৈ এইবাৰ চাহ বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীলৈ ৫ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।

মুখ্যমন্ত্ৰীয়ে লিখিছে,
“অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্ৰতি সন্মান যাচি আমাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সেই প্ৰয়াসৰ অংশ হিচাপে ‘এটি কলি দুটি পাত’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীলৈ ৫,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।”

এই ঘোষণাৰ ফলত সমগ্ৰ ৰাজ্যৰ হাজাৰ হাজাৰ চাহ বাগিচাৰ শ্ৰমিক উপকৃত হ’ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মতে, এই আঁচনিৰ জৰিয়তে ৬ লাখৰো অধিক চাহ শ্ৰমিক লাভান্বিত হ’ব। ইয়াৰ লগতে চাহ জনগোষ্ঠীৰ অৰ্থনৈতিক সকাহৰ লগতে অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়লৈ তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদানকো স্বীকৃতি দিয়া হ’ব।

শীঘ্ৰেই এই সন্দৰ্ভত চাহ জনগোষ্ঠীৰ ৰাইজক বিতং তথ্য জনোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

“খাকী’’ৰ প’ষ্টাৰ মুকলি

"খাকী’'ৰ প'ষ্টাৰ মুকলি
"খাকী’'ৰ প'ষ্টাৰ মুকলি

অতনু ভূঞাৰ পৰিচালনাৰ বহুচৰ্চিত ছবি ‘খাকী’ৰ প্ৰথমখন প’ষ্টাৰ আনুষ্ঠানিকভাৱে ৫ জানুৱাৰী সোমবাৰে জ্যোতি চিত্ৰবনৰ এটি প্ৰেক্ষাগৃহত মুকলি কৰা হয় । এখন ৰাজনৈতিক থ্ৰীলাৰ ৰূপে নিৰ্মিত এই ছবিখনৰ প’ষ্টাৰখন মুকলিৰ লগে লগেই চৰ্চা লাভ কৰিছে। এবিচিডিৰ বেনাৰত খাকীৰ প্ৰযোজনা কণিকা ভূঞা আৰু অৱয়ব ভূঞাৰ ৷
পষ্টাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক উৎপল মেনাই৷

ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলক সম্বোধন কৰি ছবিখনৰ প্ৰযোজনা সংস্থা এবিচিডিৰ তৰফৰ পৰা জনোৱা হয় যে ‘খাকী’ মুক্তি দিয়া হ’ব অহা ২৭ ফেব্ৰুৱাৰীত ।

বৰ্তমান মুম্বাইত ‘খাকী’ৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে । বৰ্তমান ছবিৰ DI অৰ্থাৎ ডিজিটেল ইণ্টাৰমিডিয়েটৰ কাম চলি আছে মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত। পৰিচালক অতনু ভূঞাই জনোৱা মতে প্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ কালাৰ কাৰেকচনত অতি উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । মুম্বাইৰ প্ৰসাদ লেবৰেটৰীত ডিআইৰ কাম কৰিছে বিখ্যাত পৰিচালক কিৰণ কোটাই । ‘ৱেডনেচ ডে’, ‘দ্য মাদ্ৰাছ কাফে’ আদি ছবিৰ ডিআইৰ সৈতে জড়িত আছিল কিৰণ কোটা । ইয়াৰ উপৰিও বলীডউৰ বহু ছবিৰ কাম কৰিছে ‘খাকী’ৰ সৈতে জড়িত কিৰণ কোটাই ।
ছবিৰ আৱহ সংগীত আৰু অন্যান্য আনুসংগিক কামো চলি আছে মুম্বাইত । ছবিৰ আৱহ সংগীতৰ দায়িত্বত আছে ফিল্মফেয়াৰ বঁটা প্ৰাপক বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালক ডেনিয়েল বি জৰ্জ । ডেনিয়েলে ইয়াৰ পূৰ্বে বলীউডৰ জনপ্ৰিয় ছবি ‘আন্ধা ধূন’, ‘মেৰী খ্ৰীষ্টমাছ’, ‘জনী গাড্ডাৰ’ আদি ছবিৰ আৱহ সংগীতৰ কাম কৰিছিল ।

বৰ্তমান মুম্বাইত ডেনিয়েলৰ তত্বাৱধানত পূৰ্ণগতিত চলি আছে ‘খাকী’ৰ আৱহ সংগীতৰ কাম । আৱহ সংগীতৰ উপৰি ছবিৰ সংগীত পৰিচালনা কৰিছে ডেনিয়েলে নিজে । ছবিখনৰ গীতত কণ্ঠদান কৰিছে অনুজা ভূঞা, ৰূপম ভূঞা আৰু জয় বৰুৱাই । পৰিচালক অতনু ভূঞাই জানিবলৈ দিয়া মতে মুম্বাইত দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ তত্বাৱধানত খাকীৰ শব্দৰ কাম চলি আছে। ছবিখনক লৈ ইতিমধ্যেই চৰ্চা আৰম্ভ হৈছে৷প’ষ্টাৰ মুকলি অনুষ্ঠানত ছবিখনৰ অভিনয় শিল্পী তথা কলা কুশলীসকলো উপস্থিত থাকে৷

Jewelry: মৃত ব্যক্তিৰ গহনা পিন্ধাটো শুভ নে অশুভ ?

মৃত ব্যক্তিৰ গহনা পিন্ধাটো শুভ নে অশুভ ?
মৃত ব্যক্তিৰ গহনা পিন্ধাটো শুভ নে অশুভ ?

প্ৰায়ে দেখা (Jewelry) যায় যে আপোনজনৰ মৃত্যুৰ পিছত মানুহে তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ বস্তুবোৰ ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে যে এই অনাকাংক্ষিত আৱেগিক ভুলটোৱে আপোনাৰ জীৱনত ডাঙৰ বাধাৰ সৃষ্টি কৰিব পাৰে? জ্যোতিষৰ মতে বহু সময়ত কঠোৰ পৰিশ্ৰম সত্ত্বেও কামত বিফলতা আৰু বাধাৰ কাৰণ “পিত্ৰ দোষ” বা মৃত ব্যক্তিৰ সামগ্ৰীৰ অপব্যৱহাৰ। মৃত ব্যক্তিৰ কিছুমান বস্তু ভুলকৈও ব্যৱহাৰ কৰিব নালাগে।

ভুলতেও এই ৪ টা বস্তু ব্যৱহাৰ নকৰিব-

জ্যোতিষ বিশেষজ্ঞসকলৰ মতে, মৃতকৰ শক্তি দীৰ্ঘদিন ধৰি তেওঁলোকৰ প্ৰিয় সম্পত্তিত থাকে। সেয়েহে মৃতকৰ কাপোৰত তেওঁলোকৰ শাৰীৰিক শক্তি আৰু মোহবোৰ ধৰি ৰাখে। এইবোৰ পৰিধান কৰিলে মানুহৰ মানসিক অৱস্থাত প্ৰভাৱ পৰিব পাৰে আৰু জীৱনত বাধাৰ সৃষ্টি কৰিব পাৰে।

ঘড়ী আৰু আনুষংগিক বস্তু

ঘড়ী মানুহৰ সময় আৰু জীৱনচক্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। মৃত ব্যক্তিৰ ঘড়ী পিন্ধিলে ব্যক্তিজনৰ ভাগ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে।

জোতা আৰু চেণ্ডেল

জোতা শনি আৰু ৰাহুৰ লগত জড়িত বুলি ধৰা হয়। মৃতকৰ জোতা ব্যৱহাৰ কৰিলে দৰিদ্ৰতা আৰু স্বাস্থ্যজনিত সমস্যাৰ আমন্ত্ৰণ হ’ব পাৰে।

বিচনা

এজন ব্যক্তিয়ে জীৱনৰ অন্তিম মুহূৰ্তবোৰ কটোৱা বিচনাখন এৰাই চলিব লাগে। ই ঋণাত্মক শক্তিৰ এটা প্ৰধান উৎস হ’ব পাৰে।

গহনা ব্যৱহাৰ-

সোণ বা অন্যান্য বহুমূলীয়া গহনা যিকোনো ব্যক্তিৰ বাবে মোহৰ এক প্ৰধান উৎস। শাস্ত্ৰ অনুযায়ী মৃত পুৰুষ বা মহিলাৰ গহনা পোনপটীয়াকৈ পিন্ধিব নালাগে। আত্মাৰ অলংকাৰ প্ৰতি মোহ সৰ্বাধিক। যদি কোনোবাই উপযুক্ত শুদ্ধিকৰণ নোহোৱাকৈ পিন্ধে তেন্তে মৃতকৰ প্ৰতি আত্মাৰ মোহ ব্যক্তিজনৰ প্ৰতি আকৰ্ষিত হয়, যাৰ ফলত ঘৰত অশান্তিৰ সৃষ্টি হয় আৰু কামত বাধাৰ সৃষ্টি হয়।

যদি গহনাবোৰ মূল্যৱান আৰু আপুনি ইয়াক ব্যৱহাৰ কৰিব বিচাৰে তেন্তে পুনৰ নতুন আকৃতি দিব লাগে। উদাহৰণস্বৰূপে, যদি পুৰণি আঙঠি হয়, তেন্তে নতুন লকেট বা ব্ৰেচলেট বনাব লাগে। ইয়াৰ ফলত বস্তুটোৰ লগত থকা পুৰণি মোহ আঁতৰি যায়।

নেতিবাচকতা এৰাই চলাৰ উপায়-

মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ব্যক্তিগত সামগ্ৰী ঘৰৰ পৰা আঁতৰাই পেলাব লাগে বুলি শাস্ত্ৰই পৰামৰ্শ দিয়ে। এই সামগ্ৰীবোৰ হয় আৰ্তজনক দান কৰি জ্বলাই দিব লাগে, নহয় কোনো পবিত্ৰ নদীত ডুবাই ৰাখিব লাগে।

Himanta Biswa Sarma: অখিল গগৈক হৰুৱাব পৰা বিজেপিৰ বহু কাৰ্যকৰ্তা আছে শিৱসাগৰতঃ মুখ্যমন্ত্ৰী

অখিল গগৈক হৰুৱাব পৰা বিজেপিৰ বহু কাৰ্যকৰ্তা আছে শিৱসাগৰতঃ মুখ্যমন্ত্ৰী
অখিল গগৈক হৰুৱাব পৰা বিজেপিৰ বহু কাৰ্যকৰ্তা আছে শিৱসাগৰতঃ মুখ্যমন্ত্ৰী

আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে ৱাল পেইণ্টিং অভিযান।(Himanta Biswa Sarma)

ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে এই অভিযান।

এই অভিযান আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয়-

‘অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা’।

‘বিকশিত অসম, জয় আই অসম’।

‘বিজেপিৰ পণ, বন্দে মাতৰম’।

বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ শ্ল’গান ঘোষণা।

আনহাতে অখিল গগৈৰ সন্দৰ্ভত কয় যে-

‘অখিল গগৈক হৰুৱাব পৰা বিজেপিৰ বহু কাৰ্যকৰ্তা আছে’।

‘শিৱসাগৰত অখিলক হৰুৱাব পৰা ৫-৬জন কাৰ্যকৰ্তা আছে BJPৰ’।

‘মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত গৈ নিৰ্বাচন খেলাৰ কথা নাহে’।

‘সমষ্টিত সময় নিদি ৰাইজক ঠগোৱাটো মহাপাপ’।

কংগ্ৰেছৰ সন্দৰ্ভত কয় যে-

‘২৩টাকৈ সমষ্টিত টিকটৰ বাবে কংগ্ৰেছত চলিছে দৰ-দাম’।

‘৩ৰ পৰা ৫কোটি টকালৈ উঠিছে টিকটৰ দৰ-দাম’

‘একাংশ নেতাই ইতিমধ্যে আৰম্ভ কৰিছে ধন সংগ্ৰহৰ কাম’।

‘মিঞা সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিয়ে, টিকটৰ বাবে টকাও দিয়ে’।

‘আৰু তেওঁলোকৰ বিপদৰ সময়ত কংগ্ৰেছৰ সহায়ো নাপায়’।

‘উচ্ছেদৰ সময়ত সংখ্যালঘু ৰাইজৰ পক্ষত থিয় দিবলৈ আগবাঢ়ি নাহে কোনো কংগ্ৰেছ নেতা’।

Earthquake: মৰিগাঁও জিলাত ৫.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত

Earthquake: মৰিগাঁও জিলাত ৫.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত
Earthquake: মৰিগাঁও জিলাত ৫.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত


সোমবাৰে পুৱা অসমত(earthquake)পুনৰ এক ভূমিকম্প অনুভূত হয়। পুৱা প্ৰায় ৪ বাজি ১৭ মিনিটত মৰিগাঁও জিলা-ক কেন্দ্ৰ কৰি ৫.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। হঠাৎ হোৱা কম্পনত বহু লোক নিদ্ৰাৰ পৰা সাৰ পাই উঠে। অৱশ্যে এই পৰ্যন্ত কোনো ধৰণৰ সম্পত্তিৰ ক্ষতিৰ বাতৰি পোৱা হোৱা নাই বুলি জানিবলৈ দিছে প্ৰশাসনে।


ন্যাশনেল চেণ্টাৰ ফৰ চিছমোলজি (এনচিএছ)-ৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ২৬.৩৭ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২.২৯ ডিগ্ৰী পূব দ্ৰাঘিমাংশত। ভূ-পৃষ্ঠৰ তলত প্ৰায় ৫০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছে।


এই ভূমিকম্পৰ কম্পন অসমৰ একাধিক অঞ্চলত স্পষ্টভাৱে অনুভূত হয়। লগতে কিছুমান জিলাতো ইয়াৰ প্ৰভাৱ পৰে বুলি স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়ে। উক্ত কম্পনত আতংকিত হৈ বহু লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে।
ভূতাত্ত্বিক বিশেষজ্ঞসকলৰ মতে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পৰ ক্ষেত্ৰত অতি সংবেদনশীল অঞ্চল। ভাৰতীয় প্লেটৰ সৈতে ইউৰেশীয় আৰু বাৰ্মিজ প্লেটৰ সংঘৰ্ষৰ ফলতেই এই অঞ্চলত সঘনাই ভূমিকম্প সংঘটিত হয়।

Assam Earthquake: ৰাজ্যত প্ৰবল ভূমিকম্পঃ ৪ঃ১৭ মিনিটত অনুভূত ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত প্ৰবল ভূমিকম্পঃ ৪ঃ১৭ মিনিটত অনুভূত ভূমিকম্পৰ জোকাৰণি
ৰাজ্যত প্ৰবল ভূমিকম্পঃ ৪ঃ১৭ মিনিটত অনুভূত ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত প্ৰবল ভূমিকম্প। (Assam Earthquake)

৪:১৭ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৬।

ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলা।

ভূপৃষ্ঠৰ পৰা প্ৰায় ৫০ কি:মি: গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই ক্ষয়ক্ষতিৰ কোনো তথ্য।

Sarbananda Sonowal: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনাত পতিত

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনা
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনা

চাবুৱাৰ হাতীআলিত (Sarbananda Sonowal) কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনাত পতিত।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনা পতিত।

ডিব্ৰুগড়ৰ পৰা নিজ জন্মগাঁও চাবুৱা বিন্ধাকটালৈ আহি থকা অৱস্থাত চাবুৱাৰ হাতীআলি বাইপাছত কনভয় দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী থকা কনভয় তিনিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।

অৱশ্য দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

Upcoming elections in assam 2026: নিৰ্বাচনী তৎপৰতাঃ টিকট প্ৰদানত কৰ্মদক্ষতাই অগ্ৰাধিকাৰ পাব, যুৱ-নাৰীক গুৰুত্ব দিয়াৰ ইংগিত

টিকট প্ৰদানত কৰ্মদক্ষতাই অগ্ৰাধিকাৰ পাব, যুৱ-নাৰীক গুৰুত্ব দিয়াৰ ইংগিত
টিকট প্ৰদানত কৰ্মদক্ষতাই অগ্ৰাধিকাৰ পাব, যুৱ-নাৰীক গুৰুত্ব দিয়াৰ ইংগিত

নিৰ্বাচনৰ দিন (Upcoming elections in assam 2026) চমু চাপি অহাৰ লগে লগে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক গতি তীব্ৰ হৈ উঠিছে। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন এতিয়া ৰাজনৈতিক কৌশল আলোচনা কেন্দ্ৰত পৰিণত হৈছে। অনুষ্ঠিত হৈ আছে গুৰুত্বপূৰ্ণ বৈঠক। ইয়াৰ মাজতে শুকুৰবাৰে নিশা বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দলৰ এখন কেন্দ্ৰীয় সাংগঠনিক বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা প্ৰমুখ অংশগ্ৰহণ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি দলীয় প্ৰস্তুতি, প্ৰচাৰৰ ৰূপৰেখা আৰু মিত্ৰদলসমূহৰ সৈতে সমন্বয়মূলক ৰণনীতি বৈঠকৰ মুখ্য আলোচ্য বিষয় আছিল বুলি জানিব পৰা গৈছে। আৰু এই বৈঠকৰ পিছত প্ৰাৰ্থী নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে, কোনো বিধায়কৰ ক্ষেত্ৰতেই টিকট নিশ্চিত নহয়। তেওঁ কয় যে বিজেপিত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাটো সম্পূৰ্ণৰূপে কৰ্মদক্ষতা, জনপ্ৰীয়তা আৰু সংগঠনিক মূল্যায়নৰ ওপৰত নিৰ্ভৰশীল। বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটীলৈকে চলা উক্ত প্ৰক্ৰিয়াৰ জৰিয়তে নাম নিৰ্বাচিত হয় আৰু সংসদীয় বৰ্ডে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ইংগিত দিয়ে যে, আগন্তুক নিৰ্বাচনত যুৱ আৰু মহিলা নেতৃত্বক বিশেষ গুৰুত্ব দিয়া হ’ব। নতুন মুখক আগবঢ়াবলৈ দল সম্পূৰ্ণৰূপে সাজু বুলিও তেওঁ প্ৰকাশ কৰে। আনহাতে, বিটিআৰ এলেকাত মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনায় যে সকলো পক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি আগবঢ়াৰ প্ৰচেষ্টা চলি আছে। সকলোৰে সহমতত এক সমাধানসূত্ৰ উলিয়াবলৈ আলোচনা অব্যাহত আছে বুলি তেওঁ কয়।


অগপৰ সৈতে আসন বুজাবুজিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, অগপ এটা স্বতন্ত্ৰ ৰাজনৈতিক দল আৰু তেওঁলোকৰ সিদ্ধান্তত বিজেপিয়ে হস্তক্ষেপ কৰিব নোৱাৰে। যদি দুয়োটা দলে একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয়, তেন্তে সভাপতি পৰ্যায়ত আলোচনা কৰি আসন বিতৰণৰ সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। ইপিনে, বৰ্তমানৰ বিজেপি বিধায়কৰ কাম-কাজ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে বিগত পাঁচ বছৰত ৰাজ্যৰ প্ৰায় সকলো সমষ্টিত উন্নয়নমূলক কাম হৈছে। অৰুণোদয়, মহিলা উদ্যমীতা আঁচনি, নামঘৰত অনুদান আদিৰ জৰিয়তে সাধাৰণ ৰাইজৰ সৈতে বিধায়কসকলৰ সংযোগ অটুট আছে বুলি তেওঁ মত প্ৰকাশ কৰে। নতুন প্ৰাৰ্থীৰ সংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত ২০ৰ অধিক সমষ্টিত নতুন মুখ আগবঢ়াবলৈ বিজেপিৰ হাতত সুযোগ আছে আৰু প্ৰয়োজন হ’লে এই সংখ্যা অধিকো হ’ব পাৰে। বৈঠকত আগন্তুক সময়ছোৱাত কেন্দ্ৰীয় নেতৃত্বৰ অসম ভ্ৰমণৰ সম্ভাৱ্য কাৰ্যসূচী সন্দৰ্ভতো আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ বিষয়টোক লৈ উত্থাপন হয়। লগতে ৫ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি দলীয় চিহ্ন অংকনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থিত্বৰ নামত ধন সংগ্ৰহ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, ই তেওঁলোকৰ আভ্যন্তৰীণ বিষয় আৰু বিজেপিয়ে এই বিষয়ে মন্তব্য কৰাৰ প্ৰয়োজন অনুভৱ নকৰে।

Zubeen Garg Death Case: জুবিন গাৰ্গ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট

জুবিন গাৰ্গ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট
জুবিন গাৰ্গ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট –

জুবিন গাৰ্গে ন্যায় পাবনে???

“State of Assam vs accused Shyamkanu Mahanta, Siddhartha Sharma, Sekhar Jyoti Goswami,Amrit Prabha Mahanta……”

এনেকৈয়ে জুবিন গাৰ্গৰ case টো কৰ্টত মহামান্য Judge ৰ আগত Public Prosecutor জনে আৰম্ভ কৰে (court ৰ নিয়ম অনুসৰি), “Zubeen Garg vs…” বুলি নকয়। কাৰণ জুবিন গাৰ্গ মানে অসম আৰু অসম মানে আমিবোৰ।

আজিৰ আদালতৰ তৃতীয়টো শুনানিৰ পিছত জানিব পাৰিলোঁ যে মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা,শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামীয়ে নিজৰ নিজৰ অধিবক্তা নিয়োগ কৰিছে। অমৃতপ্ৰভা মহন্তই ইতিমধ্যে শ্ৰীযুত আনন্দ ভূঞাৰ জৰিয়তে বেইল আবেদন কৰিছে ,সিদ্ধাৰ্থই চুপ্ৰিম ক’ৰ্টৰ পৰা অনিল মিশ্ৰ আৰু শ্যামকানু মহন্তই কলিকতাৰ পৰা ৰাজদ্বীপ নামৰ কোনোবা এজন অধিবক্তা আনিছে আৰু সিহঁতে আদালতৰ আইনী যুঁজখনৰ বাবে সাংঘাটিক ধৰণে নিজক যিমান পাৰি শক্তিশালী হৈ সাজু হৈছে ।

আমাৰ পক্ষ শক্তিশালী হ’বলৈ এতিয়াও বাকী!

যদি এইয়াই ন্যায়ৰ যুঁজ হয় তেতিয়াহলে এই ‘হত্যাকাৰী’কেইটা (SIT তদন্ত অনুসৰি আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও Assembly ত সজোৰে কৈছিল) মুক্ত আকাশৰ তলত চৰি ফুৰিবলৈ বেছি সময় নালাগিব। জুবিন গাৰ্গৰ নিচিনা ঈশ্বৰপুত্ৰক যি নেৰিলে, সিহঁতে বাৰে বাৰে আৰু হাজাৰটা সহজ সৰল অসমীয়াক লুটি পুতি খাই মাৰি পেলাবলৈ অকণো চিন্তা নকৰিব!

আৰু তেতিয়া অকল জুবিন গাৰ্গৰ পৰাজয় নহয় আদালতত… পৰাজয় হ’ব অসম ৰাজ্যৰ আৰু অসমীয়াৰ! কাৰণ এইয়াতো “State of Assam vs accused….” হয় ,”Zubeen Garg vs…” নহয়!

জুবিন গাৰ্গ মানে অসম, আৰু অসম মানে আমি!

Pratikshya Das: নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ প্ৰতীক্ষা দাসৰ

নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ প্ৰতীক্ষা দাসৰ
নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ প্ৰতীক্ষা দাসৰ

নতুন দিল্লীত অনুষ্ঠিত (Pratikshya Das) একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত প্ৰতীক্ষা দাসৰ ব্ৰঞ্জৰ পদক।

যোৱা ২৯,৩০ আৰু ৩১ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত নলবাৰীৰ প্ৰতীক্ষা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ বিবেক ২ৰ ছাত্ৰী ৮ বছৰীয়া প্ৰতীক্ষা দাসৰ সাফল্যত স্বাভাৱিকতে পৰিয়ালৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।

নলবাৰীৰ জীয়ৰী প্ৰতীক্ষা দাস মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ- অধীক্ষক ডাঃ ৰাতুল দাস আৰু পৰিনীতা কাশ্যপৰ একমাত্ৰ কন্যা।