Home Blog Page 643

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে…

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে ৬বাৰকৈ বাজেট দাখিল কৰিছিল।

সংসদ ভৱনত উপস্থিত হৈ বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলৰ সৈতে ফটো প’জ দিলে নিৰ্মলা সীতাৰমণে।

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন…

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন৷ সোমবাৰে পুৱা ১০.৩০ বজাৰ পৰা সন্ধান নাই ৰমেন বৰুৱাৰ৷ লতাশিলৰ পৰা গণেশ মন্দিৰলৈ ওলাই গৈছিল বৰুৱা৷ ২৪ ঘণ্টাৰ পিছতো সন্ধান লাভ কৰা নাই সংগীত পৰিচালক ৰমেন বৰুৱাৰ।

বিশিষ্ট শিল্পীগৰাকীৰ সন্ধান পালে 84040-38135, 93949-38620 নম্বৰত যোগাযোগৰ আহ্বান। আনহাতে ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা গৈছে অন্তিম ম’বাইল লোকেচন। আজি পুৱাৰে পৰা SDRFৰ দলেও ৰমেন বৰুৱাক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। বৰ্তমানৰ লৈকে ৰমেন বৰুৱাৰ কোনো সন্ধান লাভ কৰা নাই।

ৰঙিয়াৰ হিৰাগাটাত ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ…

ৰঙিয়াৰ হিৰাগাটাত চাঞ্চল্যকৰ ঘটনা
ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত মহিলাৰ
মৃতদেহ উদ্ধাৰ

উদ্ধাৰ হোৱা মৃতদেহটো আছিমা বেগমৰ
বর্তমানেও সন্ধান নাই আছিমা বেগমৰ স্বামী
ফাৰুক আলীৰ

১০ বছৰ পূৰ্বে বিয়া হোৱা আছিমা বেগমৰ আছে দুটা সন্তান
দীর্ঘদিনে দুই স্বামী-স্ত্ৰীৰ মাজত হৈ আহিছিল কাজিয়া
এয়া পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ পৰিয়ালৰ

সাৱধান! মাছকে ধৰি এই ৪টা বস্তুৰ লগত ভুলতো নাখাব নেমু…

নেমুৰ বহু উপকাৰিতা আছে যদিও নেমু সঠিক সময়ত আৰু সঠিক বস্তুৰ সৈতেহে খাব লাগে। আজি আমি আপোনালোকক কিছুমান খাদ্যৰ বিষয়ে কম যিবোৰৰ সৈতে নেমু খাব নালাগে। কোনবোৰ খাদ্যৰ সৈতে নেমু খাব নালাগে জানো আহক-

নেমুৰ অম্লীয় প্ৰকৃতিয়ে গাখীৰত থকা প্ৰটিনবোৰ দৈৰ দৰে জমা কৰি পেলায়। ই হজম শক্তি লেহেমীয়া কৰি গেছ, ডায়েৰিয়া আদিৰ সৃষ্টি কৰিব পাৰে। সেয়ে গাখীৰৰ ভিতৰত বা পিছত নেমু দিব নালাগে। নেমুৰ ৰসে মাছত থকা প্ৰটিনবোৰো কঠিন কৰি তুলিব পাৰে, যাৰ ফলত হজম কৰাত অসুবিধা হয়। ইয়াৰ উপৰিও মাছৰ প্ৰাকৃতিক সোৱাদতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।কণীত প্ৰটিন থাকে, সেইবাবে কণীৰ সৈতে নেমু খাব নালাগে। দৈৰ সৈতে নেমু খালে পেটৰ ক্ষতি হ’ব পাৰে। লেমন এচিডে দৈত থকা ভাল বেক্টেৰিয়া ধ্বংস কৰে, যাৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হয় আৰু এচিডিটি বৃদ্ধি কৰিব পাৰে।

আজি তৃতীয়খন মোদী চৰকাৰৰ প্ৰথমখন সাধাৰণ বাজেট, দিনৰ ১১ বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে…

আজি তৃতীয়খন মোদী চৰকাৰৰ প্ৰথমখন সাধাৰণ বাজেট৷ দিনৰ ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট৷

একেৰাহে সপ্তমবাৰলৈ বাজেট দাখিল কৰি অভিলেখ গঢ়িব সীতাৰমণে৷ পূৰ্বে মোৰাৰজী দেশাইয়ে একেৰাহে ৬ বাৰ দাখিল কৰিছিল বাজেট৷

সাত ৰাজ্যৰ অংশগ্ৰহণৰে গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী। মহানগৰীত উপস্থিত ঝাৰখণ্ড, মিজোৰাম, বিহাৰৰ ল’ৰা-ছোৱালীৰ দল…

অহা ২৪ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতা৷হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিব৷ ইতিমধ্যে ঝাৰখণ্ড, মিজোৰাম আৰু বিহাৰৰ দল আহি গুৱাহাটীত উপস্থিত হৈছে৷ অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ সকলো খেল ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

ইফালে, অসম হকী সন্থাই প্ৰতিযোগিতাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ সন্থাৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাত অংশ ল’বলগা অসমৰ ল’ৰা-ছোৱালী দলৰ অনুশীলন শিবিৰটো সম্প্ৰতি ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত চলি আছে৷ঘৰত খেলাৰ সুযোগ লাভ কৰি অসমৰ উভয় দলে প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসম হকী সন্থাৰ সম্পাদকজন৷মণিপুৰ, বংগ আৰু ওড়িছা দল কাইলৈ গুৱাহাটীত উপস্থিত হ’ব বুলি সদৰি কৰে সম্পাদক দাসে৷উল্লেখ্য যে আঠদিনীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ৩১ জুলাইত৷ ল’ৰা-ছোৱালী উভয় শাখাতে সাতটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমিফাইনেল খেলিব৷

পবিত্ৰ শাওণ মাহত হাজাৰ হাজাৰ ভক্তৰে মুখৰিত ভীমাশংকৰ জ্যোতিৰ্লিংগ…

ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত হিন্দু ধৰ্মাৱলম্বী লোকৰ বহুতেই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতি সোমবাৰে পুৱা বা বহুতেই দেওবাৰে মাজনিশাৰ পৰা ওচৰৰ নদীৰ পৰা পদব্ৰজে গৈ পানী আনি সেই পানী কোনোবা শিৱ মন্দিৰ বা শিৱলিংগত পবিত্ৰ মনেৰে ঢালি দিয়ে। পৰম্পৰা অনুসৰি অসমৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীৰ গড়চুকৰ সমীপৰ পামহীস্থিত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা ভীমাশংকৰত শাওণ মাহ আৰম্ভ হোৱা উপলক্ষে কালি মাজনিশাৰে পৰা পুৰুষ মহিলা নিৰ্বিশেষে হাজাৰ হাজাৰ লোকৰ সমাগম হয়। এই সন্দৰ্ভত ভীমাশংকৰ মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ডাকিনী পাহাৰ পঞ্চধাৰা শিৱ ধাম ন্যাস কমিটিৰ সভাপতি সনেশ টেৰ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে বোলবোম উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম হব বুলি কমিটি এইবেলি আগতীয়াকৈ সাজু হৈ আছিল।

ইতিমধ্যে অধিক ভক্তৰ সমাগম হব বুলি ধাৰণা কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা , কোনো ভক্ত হঠাতে অসুস্থ হলে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাকে ধৰি এম্বুলেন্সৰ ব্যৱস্থা কৰা হয়। তেনেদৰে কমিটিৰ ফালৰ পৰা শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে সন্দেহজনক ভক্তৰ গতিবিধি নিৰীক্ষণৰ বাবে কেবাটাও উচ্চক্ষমতা সম্পন্ন চি চি টি ভি স্থাপন কৰা হৈছে। আনকি ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে ভীমাশংকৰত থকা শিৱলিংগত গৈ শৃংখলাবদ্ধভাবে শাৰী পতাৰ বাবে বিগত ২০২২ বৰ্ষত নতুনকৈ প্ৰবেশ পথ নিৰ্মাণ কৰা হৈছিল। কালি মাজনিশাৰে পৰা আজি সন্ধিয়া পৰ্যন্ত প্ৰায় ৩৫ হাজাৰৰো অধিক ভক্তই নতুন প্ৰৱেশ পথৰে প্ৰায় এক কিঃমিঃ পৰ্যন্ত শাৰীত থিয় দি কেবাঘণ্টা জোৰা অপেক্ষাৰ অন্তত গৈ শিৱলিংগত পানী ঢালি যাবতীয় পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। ইফালে কেবাটাও সংগঠনে ভীমাশংকৰলৈ অহা ভক্তই দৰ্শন কৰাৰ পাছত যাতে এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে তাৰ বাবে ভোগ বিতৰণৰ ব্যৱস্থা কৰিছে। আনকি সমগ্ৰ অঞ্চলটো যাতে নিশা আলোকিত হৈ থাকে তাৰ বাবে অস্থায়ী ভাবে জেনেৰেটৰ স্থাপন কৰি অৰ্দ্ধ শতাধিক উচ্চ পোহৰযুক্ত লাইট সংযোজন কৰা হৈছে বুলি কমিটিৰ কৰ্মকৰ্তা সকলে সদৰি কৰিছে। ইফালে বাহন লৈ অহা ভক্তৰ বাহন ৰখাৰ বাবে মন্দিৰৰ প্ৰৱেশ পথৰ সন্মুখত গড়চুক-ৰাণীগেট সংযোগী পথৰ দাঁতিত থকা খেলপথাৰত পাৰ্কিং স্থাপন কৰি আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে। আনকি কমিটীয়ে সকলোৱে যাতে শৃংখলাবদ্ধভাৱে দৰ্শন কৰিব পাৰে তাৰ বাবে পুৰুষ-মহিলা নিৰ্বিশেষে ১৫০ ৰো অধিক সেশ্বাসেবক নিয়োগ কৰা হৈছে।

ৰাকেশ পাল আৰু আন ৩২জন ব্যক্তিয়ে ১০ বছৰৰ কাৰাদণ্ড ভোগ কৰিব লাগিব কিয় !

এ পি এছ চি (অসম লোকসেৱা আয়োগ)ৰ কৃষি উন্নয়ন বিষয়া (এ ডি অ’)ৰ কুখ্যাত নিযুক্তি কেলেংকাৰিত সোমবাৰে প্ৰধান অভিযুক্ত ৰাকেশ পাল আৰু আন ৩২ জনক দোষী সাব্যস্ত কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
এই কেলেংকাৰীত ২০১৩ চনত বিজ্ঞাপন দিয়া এডিঅ’ পদৰ বাছনি প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হৈছিল।

The Gauhati Special Court Monday 22-07-27, convicted prime accused Rakesh Paul and 33 others in the APSC (Assam Public Service Commission) cash for job scam. Rakesh Paul, the than APSC chairman, played a significant role in the scam with the Agricultural Development Officer (ADO) recruitment, during his tenure. The scandal first came to light in 2015-16, uncovering the deep rooted issue of corruption within the system. The case revolves around irregularities uncovered during the selection process for ADO positions advertised in 2013. This scandal of APSC cash-for-job controversy was uncovered in where candidates allegedly paid bribes to secure positions in the combined competitive exam 2013 and 2014. The court’s verdict came after a long investigation and legal proceedings where 34 accused were found guilty, while other 10 were acquitted.Pix by UB Photos

তেতিয়াৰ এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পাল এই কেলেংকাৰীৰ মূল অভিযুক্ত হোৱাৰ লগতে তেওঁৰ প্ৰৰোচনাতে নিযুক্তিৰ অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছিল।

The Gauhati Special Court Monday 22-07-27, convicted prime accused Rakesh Paul and 33 others in the APSC (Assam Public Service Commission) cash for job scam. Rakesh Paul, the than APSC chairman, played a significant role in the scam with the Agricultural Development Officer (ADO) recruitment, during his tenure. The scandal first came to light in 2015-16, uncovering the deep rooted issue of corruption within the system. The case revolves around irregularities uncovered during the selection process for ADO positions advertised in 2013. This scandal of APSC cash-for-job controversy was uncovered in where candidates allegedly paid bribes to secure positions in the combined competitive exam 2013 and 2014. The court’s verdict came after a long investigation and legal proceedings where 34 accused were found guilty, while other 10 were acquitted.Pix by UB Photos

২০১৫-১৬ চনত উন্মোচিত হোৱা এ পি এছ চি কেলেংকাৰীত প্ৰাৰ্থীয়ে নকল পৰীক্ষাৰ জৰিয়তে চৰকাৰী পদ নিশ্চিত কৰিবলৈ বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। দোষী সাব্যস্ত হোৱা সকল হ’ল- ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং।

The Gauhati Special Court Monday 22-07-27, convicted prime accused Rakesh Paul and 33 others in the APSC (Assam Public Service Commission) cash for job scam. Rakesh Paul, the than APSC chairman, played a significant role in the scam with the Agricultural Development Officer (ADO) recruitment, during his tenure. The scandal first came to light in 2015-16, uncovering the deep rooted issue of corruption within the system. The case revolves around irregularities uncovered during the selection process for ADO positions advertised in 2013. This scandal of APSC cash-for-job controversy was uncovered in where candidates allegedly paid bribes to secure positions in the combined competitive exam 2013 and 2014. The court’s verdict came after a long investigation and legal proceedings where 34 accused were found guilty, while other 10 were acquitted.Pix by UB Photos
The Gauhati Special Court Monday 22-07-27, convicted prime accused Rakesh Paul and 33 others in the APSC (Assam Public Service Commission) cash for job scam. Rakesh Paul, the than APSC chairman, played a significant role in the scam with the Agricultural Development Officer (ADO) recruitment, during his tenure. The scandal first came to light in 2015-16, uncovering the deep rooted issue of corruption within the system. The case revolves around irregularities uncovered during the selection process for ADO positions advertised in 2013. This scandal of APSC cash-for-job controversy was uncovered in where candidates allegedly paid bribes to secure positions in the combined competitive exam 2013 and 2014. The court’s verdict came after a long investigation and legal proceedings where 34 accused were found guilty, while other 10 were acquitted.Pix by UB Photos

বাতৰি অনুসৰি, দোষী সাৱ্যস্ত হোৱা ৩২জন ব্যক্তিয়ে ১০ বছৰৰ কাৰাদণ্ড ভোগ কৰিব লাগিব।

গছপুলি ৰোপণ অভিযান আৰু শৰীৰ চৰ্চা প্ৰতিযোগিতা

আজাৰা ,২২ জুলাই: পশ্চিম গুৱাহাটীৰ বৃহত্তৰ আজাৰা অঞ্চলৰ অন্যতম শৰীৰ চৰ্চা বিষয়ক সংগঠন ‘ আজাৰা ব্যায়াম সমিতিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ২০ আৰু ২১ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ২০ জুলাইত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমিতিৰ সভাপতি অনুপ দাসে।

আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সিদিনা গছপুলি ৰোপণ আৰু এক চাফাই অভিযান চলোৱা হয়। চাফাই অভিযানত সমিতিৰ সদস্য সকলে আজাৰা ৰাজহুৱা শ্বাশান চৌহদৰ লগতে সংযোগী পথটো হাতে হাতে ঝাৰু, কোৰ , কদাল লৈ চাফ – চিকুণ কৰে। আনহাতে ২১ জুলাইত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেবাটাও ওজনৰ শাখাত শৰীৰ চৰ্চা বিষয়ক প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

প্ৰতিযোগিতাৰ ১০৫ কেজি ওজনৰ শাখাত ৰাজীৱ পতঙ্গীয়া , ৯৩ কেজি ওজনৰ শাখাত ৰাজ বাছফৰ, ৮৩ কেজি ওজনৰ শাখাত ৰাজু হীৰা, ৭৪ কেজি ওজনৰ শাখাত চিন্ময় কলিতা আৰু ৬৬ কেজি ওজনৰ শাখাত জিন্তু মালীয়ে প্ৰথম স্থান লাভ কৰে। তেনেদৰে প্ৰতিযোগিতাত ষ্ট্ৰং মেনৰ সন্মান লাভ কৰে চিন্ময় কলিতাই। প্ৰতিযোগিতা পৰিচালনা কৰে সমিতিৰ সম্পাদকক্ৰয় ক্ৰমে – পাৰ্থ প্রতিম মেধি, মনোজ কুমাৰ দাস আৰু ৰূপম দাসে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী খেলুৱৈ সকলক বঁটা আৰু নগদ ধন বিতৰণ কৰা হয়।

১ আগষ্টৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ নীতি-নিৰ্দেশনা (এচ অ পি) কাৰ্যকৰী হ’বঃ মন্ত্ৰী হাজৰিকা

দিশপুৰ, ২২ জুলাইঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰে |

ৰাজ্যিক ড্ৰাগবিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষাৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯২ টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত থকা আজিৰ বৈঠকত ইতিমধ্যে প্ৰস্তুত কৰা নীতি-নিৰ্দেশনাৰ খচৰাৰ চুড়ান্ত ৰূপ দিয়া হয় | নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ অনুৰোধ মৰ্মে নীতি-নিৰ্দেশনাৰ কিছু দফাত শিথিলতা অনা হৈছে যদিও নিচামুক্তি কেন্দ্ৰৰ আৱাসীসকলৰ স্বাস্থ্য, কেন্দ্ৰৰ চাফ-চিকুণতা, আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা কঠোৰ ভাৱে মানি চলিব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে | সকলোকে উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে আজিৰ পৰা দুটা বছৰৰ আগতে তেওঁ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ কেতবোৰ নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিছিল |

বিশেষকৈ বহুকেইটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰকীৰ কঠোৰ স্থিতিত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰিৱেশ উন্নত হৈছিল | পৰৱৰ্তী সময়ত নিচামুক্তি কেন্দ্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা প্ৰস্তুতৰ বাবে বিভাগীয় বিষয়া আৰু কেন্দ্ৰৰ স্বত্বাধীকাৰীসকলৰ প্ৰতিনিধিক দায়িত্ব প্ৰদান কৰা হৈছিল | বহুখিনি অধ্যয়ন আৰু কেইবাটাও বিভাগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নীতি-নিৰ্দেশনাৰ খচৰা প্ৰস্তুত কৰা হৈছিল আৰু এই খচৰাৰ সংশোধিত ৰূপ আজি বৈঠকত গ্ৰহণ কৰা হয় |

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ড্ৰাগচৰ কবলত পৰা ব্যক্তিসকলো সমাজৰে অভিন্ন অংশ আৰু এওলোকৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হৈ তেওঁলোকক পুনৰ মূল সুঁতিলৈ উভতাই অনাত সহায় কৰিব লাগিব | নিচামুক্তি কেন্দ্ৰ এটা কাৰাগাৰ নহয় বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে আৱাসীসকলক সুস্থ কৰি তুলিবলৈ স্বাস্থ্যসন্মত পৰিৱেশ, চিকিৎসাৰ ব্যৱস্থা আৰু ন্যুনতম প্ৰয়োজনখিনি কেন্দ্ৰ এটাই দিবই লাগিব |

আজি গ্ৰহণ কৰা নীতি-নিৰ্দেশনাসমূহ অহা ১ আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সকলো নিচামুক্তি কেন্দ্ৰই এই নীতি-নিৰ্দেশনাসমূহ সম্পূৰ্ণ মানি চলিব লাগিব | কেন্দ্ৰসমূহত স্বাস্থ্য, পৰিৱেশ, খাদ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনোমতে আপোচ কৰা ন’হব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |

আনহাতে এটা কেন্দ্ৰত এগৰাকী ড্ৰাগচ আসক্ত ব্যক্তিক ভৰ্ত্তি কৰোৱা হ’ব নে নহয় আৰু সুস্থ হোৱাৰ পাছত কেতিয়া ব্যক্তিগৰাকীক যাবলৈ দিয়া হ’ব সেয়া সম্পূৰ্ণৰূপে চিকিৎসকৰ প্ৰতিবেদন অনুসৰি কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে | এতিয়াৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহৰ সবিশেষ সংশ্লিষ্ট আৰক্ষী থানাত জনাই থোৱা হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে সকলো কেন্দ্ৰ পঞ্জীয়ন হোৱাৰ লগে লগে চৰকাৰৰ ওচৰত কেন্দ্ৰসমূহৰ বিষয়ে সবিশেষ তথ্য মজুত থাকিব | প্ৰয়োজনীয় আন্তঃগাথনি আৰু চিকিৎসকৰ ব্যৱস্থা নথকা কেন্দ্ৰসমূহে একমাত্ৰ ব্যৱসায়ৰ স্বাৰ্থত নিচামুক্তি কেন্দ্ৰ খোলাৰ পৰা দূৰৈত থকাই উচিত বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই আৰু কয় যে নিচামুক্তি কেন্দ্ৰৰ পৰা ড্ৰাগচ আসক্ত ব্যক্তি এজনক সম্পূৰ্ণ সুস্থ হৈ উলাই যোৱাত আমি সকলোৱে সহায় কৰিব লাগে |