Home Blog Page 65

Durga Puja 2025: বিৰহ, বেদনা, শোকৰ মাজতে আৰম্ভ শাৰদীয় দুৰ্গা পূজা…

বিৰহ, বেদনা, শোকৰ মাজতে আৰম্ভ শাৰদীয় দুৰ্গা পূজা
বিৰহ, বেদনা, শোকৰ মাজতে আৰম্ভ শাৰদীয় দুৰ্গা পূজা

আজিৰ পৰা আৰম্ভ হৈছে (Durga Puja 2025) শাৰদীয় দুৰ্গা পূজা৷ পূৰ্বৰ দৰে এইবাৰ ৰাইজৰ মাজত উছাহ কম৷ অসমৰ জনকণ্ঠ জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি ৰাখিছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ আজি দহ দিন হোৱাৰ পিছতো অসমবাসীয়ে পাহৰিব পৰা নাই জুবিন গাৰ্গক হেৰুওৱাৰ বেদনা৷ এতিয়া কেৱল চৌদিশে ধবনিত হৈছে– ‘জুবিন হত্যাৰ ন্যায় লাগে৷’ এনে বিৰহ-বেদনা, শোকাকুল পৰিৱেশৰ মাজেৰে আজিৰ পৰা অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা পূজা৷ কিন্তু শাৰদীয় উৎসৱৰ সেই আনন্দ এইবাৰ নাই৷ তাৰ মাজতে সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো মহিষমৰ্দিনী দুৰ্গা পূজা অনুষ্ঠিত হৈছে ৷ এইবাৰ নগাঁও জিলাত চাৰিশতাধিক পূজা মণ্ডপত পূজা উদ্‌যাপিত হৈছে৷ তদুপৰি জিলাখনৰ ২৫খনৰো অধিক চাহ বাগিচাত উদ্‌যাপিত হৈছে দুৰ্গা পূজা৷ অকল নগাঁও চহৰত শতাধিক মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে৷ নগাঁও চহৰখনৰ সকলোবোৰ পূজা মণ্ডপ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে৷ নগাঁও চহৰৰ দুখন পূজা সমিতিয়ে ইতিমধ্যে ১৫০ বছৰৰ অধিক কাল অতিক্ৰম কৰিছে৷ এই দুই পূজা হ’ল চহৰখনৰ খ্ৰীষ্টানপট্টীৰ বেলতলাৰ জানকী নাথ সেন পৰিয়ালৰ ১৭৬ সংখ্যক দুৰ্গা পূজা আৰু উত্তৰ হয়বৰগাঁৱৰ বীণাপাণি পূজা সমিতিৰ ১৫৬সংখ্যক দুৰ্গা পূজা৷ চহৰখনৰ বাংগালী সন্মিলনীৰ উদ্যোগত ১৩২সংখ্যক দুৰ্গা পূজা, আমোলাপট্টী পূজা উৎসৱ সমিতিৰ উদ্যোগত ১৩০সংখ্যক দুৰ্গা পূজা, ফৌজদাৰীপট্টী সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৮সংখ্যক দুৰ্গা পূজা, পানীগাঁও কালীবাৰী দুৰ্গা পূজা সমিতিৰ ১০৪সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হৈছে৷

জিলাখনৰ শিলঘাট সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ১২৫সংখ্যক, দক্ষিণপাটৰ দক্ষিণপাট আঞ্চলিক সাৰ্বজনীন বীণাপাণি দুৰ্গা পূজাই শতবৰ্ষ পূজা অনুষ্ঠিত কৰিছে৷ আনহাতে, নগাঁও চহৰৰ হিন্দুস্তানপট্টী সাৰ্বজনীন ঠাকুৰবাৰী দুৰ্গা পূজা সমিতিৰ ৯৬সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৯৩সংখ্যক, নগাঁও পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা সমিতিৰ ৯৩সংখ্যক, এন এফ ৰে’লৱে পূজা সমিতিৰ ৮৫সংখ্যক, ছামাদ্দাৰপট্টী সাৰ্বজনীন পূজা সমিতিৰ ৭৮সংখ্যক, হয়বৰগাঁও ৰে’লৱে সাৰ্বজনীন কালী মন্দিৰত ৭৭সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৭৩সংখ্যক, বিবেকানন্দ পল্লী শাৰদোৎসৱ সমিতিৰ ৭১সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে৷ ঠিক একেদৰে চহৰখনৰ শান্তিপুৰ যুৱক সমিতিৰ ৬৬সংখ্যক, দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৬৬সংখ্যক, ইটানগৰ পূজা সমিতিৰ ৬৪সংখ্যক, চকীটুপ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৪সংখ্যক, চীনাপট্টী ছোটহয়বৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৪সংখ্যক, শ্ৰীকৃষ্ণাশ্ৰম দুৰ্গা পূজা সমিতিৰ ৬০সংখ্যক, পানীগাঁও দুৰ্গা মন্দিৰ পূজা সমিতিৰ ৬০সংখ্যক, শাস্ত্ৰী নগৰ পূজা সমিতিৰ ৫৯সংখ্যক, ডিমৰুগুৰি সাৰ্বজনীন দুৰ্গা পূজাৰ ৫৯সংখ্যক, জ্যোতি ফ্লাৱাৰ মিলৰ ৫৮সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৮সংখ্যক দুৰ্গা পূজাৰো ব্যাপক প্ৰস্তুতি চলিছে৷ শ্ৰীমন্ত শংকৰ মিছন পথ সাৰ্বজনীন দুৰ্গা পূজাই এইবাৰ সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে ৷ নগাঁও চহৰৰ নতুন বজাৰ দুৰ্গা পূজা সমিতি, নাজিৰাজান, শনি মন্দিৰ পথ, খ্ৰীষ্টানপট্টী, লক্ষ্মীনগৰ, মৰিকলং, পানীগাঁও ছয়আলি, লাওখোৱা ৰোড তেলীয়াগাঁও আদিতো দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷ ৩ লাখ টকাৰ পৰা ১৬ লাখ টকাপৰ্যন্ত পূজা সমিতিৰ বাজেট৷ কেইবাখনো দুৰ্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰিবৰ বাবে অত্যাধুনিক কাৰুকাৰ্য, চমৎকাৰিতা, আলোকসজ্জা আদিৰ ব্যৱস্থা কৰিছে৷ চহৰখনৰ অন্যতম পুৰণি বীণাপাণি দুৰ্গা পূজা সমিতিয়ে নতুন আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ নগাঁও বাংগালী পূজা সমিতিয়ে সিন্ধুৰ পৰা লুইতলৈ ‘কেঁচা মাটিৰ গোন্ধ’ দৃশ্যাংশৰ লগতে বিভিন্ন দৃশ্যমান বিষয়েৰে পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে ছামাদ্দাৰপট্টী পূজা সমিতিয়ে প্ৰকৃতি বিষয়ক, ৰাজস্থানী পূজা সমিতিয়ে নতুন দিল্লীৰ ইণ্ডিয়া গে’ট আৰু লালকিল্লা আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷

শনি মন্দিৰ পথ দুৰ্গা পূজা সমিতিয়ে ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ আই টি আইৰ সমীপৰ শ্ৰীমন্ত শংকৰ মিছন সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰূপ ৰূপান্তৰৰ প্ৰতিফলিত কৰি পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে৷ ৫২ বছৰত পদাৰ্পণ কৰা তেলিয়াপট্টীৰ মা কালী সংঘ পূজা সমিতিয়ে আদিবাসী সম্প্ৰদায়ৰ অতীজৰ পূজা প্ৰণালীৰ কাল্পনিক ৰূপক প্ৰতিফলিত কৰি ‘আদিবাসী সম্প্ৰদায় ব্যতিক্ৰম’ নামকৰণেৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে৷ মধুপুৰ সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা সমিতিয়ে চলিত বৰ্ষত ভৰি দিছে৷ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে তামিলনাডুৰ বিখ্যাত আদি যোগী শিৱৰ মূৰ্তি আৰু মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ৷ নগাঁও জিলাৰ ৰণথলীত ডুগডুগী দশম বাৰ্ষিক পূজাখন অনুষ্ঠিত কৰা হৈছে৷ ব’য়িং ষ্টেলিনাৰ, সুনীতা উইলিয়ামছৰ মহাকাশ যাত্ৰা [২০২৪-২৫], মহাকাশ টেকন’লজী, অসমীয়া গহণাৰ জি আই আদিৰ আৰ্হিত ডুগডুগী পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য যে অসমীয়াৰ হিয়াৰ আমঠুস্বৰূপ জুবিন গাৰ্গৰ মহাপ্ৰয়াণত ৰাইজ শোকবিহবল হৈ থকাৰ বাবেই দুৰ্গা পূজাৰ আনন্দ-উল্লাস বহুখিনি ম্লান পৰিছে৷ অধিকাংশ পূজা সমিতিয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিহাৰ কৰাৰ লগতে কেৱল পৰম্পৰাগত আধ্যাত্মিকতাৰ মাজেৰে অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গা পূজা৷ বহুকেইখন পূজা সমিতিয়ে জুবিন গাৰ্গৰ শ্ৰদ্ধা?লি অনুষ্ঠানৰ আয়োজন কৰিছে৷ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা?লি জনোৱাৰ উদ্দেশ্যে জিলাখনৰ প্ৰায়বোৰ পূজা মণ্ডপত জুবিন গাৰ্গৰ ফটো আঁৰি ৰাখিছে৷

Zubeen Garg: এক অপূৰণীয় ক্ষতি, অমূল্য ৰত্ন; হীৰা হেৰুৱালে অসমেঃ ৰাজ্যপাল

এক অপূৰণীয় ক্ষতি, অমূল্য ৰত্ন; হীৰা হেৰুৱালে অসমেঃ ৰাজ্যপাল
এক অপূৰণীয় ক্ষতি, অমূল্য ৰত্ন; হীৰা হেৰুৱালে অসমেঃ ৰাজ্যপাল

‘এক অপূৰণীয় ক্ষতি, অমূল্য ৰত্ন; হীৰা হেৰুৱালে অসমে।’ কলিয়াবৰত উপস্থিত হৈ জুবিন গাৰ্গৰ সন্দৰ্ভত মন্তব্য অসমৰ ৰাজ্যপালৰ।(Zubeen Garg)

জুবিন গাৰ্গৰ মৃত্যু অসম তথা ভাৰতবৰ্ষৰ বাবে অপূৰণীয় ক্ষতি। তেওঁৰ মৃত্যুৱে লাখ লাখ মানুহক কন্দুৱাইছে। এইদৰে মন্তব্য কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদে।

‘অসম গৌৰৱ’ সন্মানৰে সন্মানিত কলিয়াবৰৰ চৌৰাণ এহেমত উপস্থিত হৈ পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে।

কলিয়াবৰৰ চৌৰাণ এহেম পৰ্যটন ক্ষেত্ৰক অধিক গুৰুত্ব প্ৰদানৰ লক্ষেৰে ৰাজ্য চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।ৰাজ্যপালগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰে।

পত্নী, জী-জোঁৱাই, সদস্যৰ সৈতে কলিয়াবৰৰ চৌৰাণ এহেমত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে।

Garima Saikia Garg: জুবিনৰ ন্যায় বিচাৰি প্ৰথমবাৰলৈ মুখ খুলিলে গৰিমা শইকীয়া গাৰ্গে…

Garima Saikia Garg: জুবিনৰ ন্যায় বিচাৰি প্ৰথমবাৰলৈ মুখ খুলিলে গৰিমা শইকীয়া গাৰ্গে…
Garima Saikia Garg: জুবিনৰ ন্যায় বিচাৰি প্ৰথমবাৰলৈ মুখ খুলিলে গৰিমা শইকীয়া গাৰ্গে…


জুবিনৰ ন্যায় বিচাৰি প্ৰথমবাৰলৈ মুখ খুলিলে গৰিমা শইকীয়া গাৰ্গে।(Garima Saikia Garg)

‘ভাগৰুৱা জুবিন গাৰ্গক সাগৰত নামিবলৈ দিব নালাগিছিল’।

‘সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীয়ে বাধা দিব লাগিছিল’।

‘য়টত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী’।

 ‘জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনা গৰিমা গাৰ্গৰ বিস্ফোৰণ’।

‘য়ট পাৰ্টীৰ কোনো পূৰ্ব পৰিকল্পনা নাছিল’।


‘আগ নিশা য়ট পাৰ্টীৰ কথা কোৱা নাছিল জুবিনে’।


জুবিনৰ মৃত্যুৰ উচিত তদন্ত লাগিব বুলি গৰিমা গাৰ্গৰ দাবী।

জুবিনৰ আদ্যশ্রাদ্ধৰ দিনা গৰিমা গাৰ্গৰ বিস্ফোৰণ।


‘ৰৈ ৰৈ বিনালে’ আমি ৩১ অক্টোবৰত মুক্তি দিবলৈ চেষ্টা কৰিম’।


‘জুবিনৰ লগত ছিংগাপুৰত কি হৈছিল আমাক লাগে’।


‘জুবিন গাৰ্গৰ মোবাইলটো এতিয়া মোৰ হাতত নাই’।

Asia Cup Trophy: চিৰবৈৰী পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপ জয়

পাকিস্তানী মন্ত্রীৰ পৰা ট্ৰফী নল'লে Team Indiaই
পাকিস্তানী মন্ত্রীৰ পৰা ট্ৰফী নল'লে Team Indiaই

পাকিস্তানী মন্ত্রীৰ পৰা ট্ৰফী নল’লে Team Indiaই।(Asia Cup Trophy)

চিৰ বৈৰী পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপ জয়।

এছিয়া কাপৰ ট্ৰফী গ্ৰহণ নকৰিলে ভাৰতে।

ট্ৰফী অবিহনেই বিজয় উদযাপন ভাৰতীয় দলৰ।

এছিয়া কাপৰ ট্ৰফী গ্ৰহণ নকৰিলে ভাৰতে।

ট্রফী অবিহনেই বিজয় উদযাপন ভাৰতীয় দলৰ।

এছিয়া ক্রিকেট কাউন্সিলৰ অধ্যক্ষ মহছিন নকভীৰ পৰা ট্ৰফী গ্ৰহণ নকৰাৰ সিদ্ধান্ত।

মহছিন নকভী পাকিস্তান চৰকাৰৰ মন্ত্ৰী হোৱা বাবে এই প্রতিবাদ ভাৰতৰ।

পাকিস্তানী মন্ত্রী মহছিন নকভীৰ পৰা এছিয়া কাপৰ ট্ৰফী নল’লে ভাৰতে।

ACCৰো সভাপতি মহছিন নকভী ভাৰতে পূৰ্বেই জনাই দিছিল।

নকভীৰ পৰা বঁটা গ্ৰহণ নকৰে বুলি।

ট্ৰফী আৰু ভাৰতীয় খেলুৱৈৰ মেডেল লৈ অন্তর্ধান নকভী।

Zubeen Garg: আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ…

আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ
আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি ১১ দিন। (Zubeen Garg)

কাহিলিপাৰাৰ বাসগৃহত শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ।

শ্ৰাদ্ধৰ নীতি-নিয়মৰ মাজত কান্দোনত ভাগি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ।

ধৰ্মীয় ৰীতি-নীতিৰে কাহিলীপাৰাৰ বাসগৃহত আদ্যশ্ৰাদ্ধ আয়োজন কৰা হৈছে।

অগণন গুণমুগ্ধ উপস্থিত থাকি জনালে শ্ৰদ্ধাঞ্জলি

বড়োলেণ্ডত নিৰ্মাণ কৰা হ’ব সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি :হাগ্ৰামা মহিলাৰী

অসমে কান্দিছে, দেশে কান্দেছে। কাৰণ অকালতে গুচি গল সকলোৰে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ। ছিংগাপুৰত অনাকংক্ষিতভাবে জুবিন গাৰ্গে চিৰদিনৰ বাবে চকু মুদিলে। শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যবাসী। বিটিআৰৰ সৈতেও আছিল জুবিন গাৰ্গৰ এক আত্মিক সম্পৰ্ক। সেয়ে বি টি আৰত নিৰ্মাণ কৰা হ’ব শিল্পী জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি । এই কথা সদৰী কৰিছে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।

বিটিচি নিৰ্বাচনৰ অভূতপূৰ্ব জয়ৰ পাছত দেওবাৰে কাহিলিপাৰাস্থিত জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ।
উল্লেখ্য, একক সংখ্যাগৰিষ্ঠতা লাভ পুনৰ বিটিচিত শাসন কৰাৰ যোগ্যতা অৰ্জন কৰা বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি দলৰ বিজয়ী প্ৰাৰ্থীসকলক লগত লৈ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় । তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি পৰিয়ালৰৰ লোকক সাক্ষাৎ কৰে আৰু গভীৰ সমবেদনা জ্ঞাপন কৰে ।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত হাগ্ৰামা মহিলাৰীয়ে কয়, “জুবিন গাৰ্গ সকলোৰে অন্তৰত চিৰস্থায়ী হৈ থাকিব । জুবিন দাক অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযায় । জুবিন দাই কৰি যোৱা কাম আমি কেতিয়াও পাহৰি নাযাওঁ । কোকৰাঝাৰত মই জুবিন দাৰ প্ৰতিমূৰ্তিৰ লগতে এখন মেম’ৰিয়েল পাৰ্ক নিৰ্মাণ কৰিম । ইয়াৰ বাবে ইতিমধ্যে আমাৰ দলত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অসমৰ বাবে জুবিন দাই কৰা ত্যাগ কৈ শেষ কৰিব নোৱাৰি । জুবিন দা আমাৰ অন্তৰত সদায়ে চিৰস্থায়ী হৈ থাকিব ।”

উল্লেখ্য যে, বিটিচি নিৰ্বাচনৰ ফলাফলত বি পি এফ দলে সকলোকে উফৰাই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে । বিটিচিৰ ৪০ খন আসনৰ ভিতৰত বি পি এফে ২৮ খন আসন লাভ কৰি সৃষ্ট কৰিলে অভিলেখ ।ইফালে বিজেপিয়ে ৫ খন ইউ পি পি এল দলে ৭ খন আসন লাভ কৰে। ৩ অক্টোবৰত হাগ্ৰা মহিলাৰীয়ে বিটিআৰৰ মুৰব্বী হিচাবে শপতগ্ৰহণ কৰাৰ কথা।

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এতিয়া দলৰ সদস্য নহয়, নাই কোনো দায়িত্বতোঃ দিলীপ শইকীয়া

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সৈতে ঘনিষ্ঠভাবে জড়িত বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ।জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সদস্য বুলি চৰ্চা হৈ থকাৰ সময়তে সামাজিক মাধ্যমত বিভিন্নজনে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে ।

ইফালে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ নাম বিজেপিৰ সৈতে সাঙোৰ খোৱাৰ পিছত অস্বস্তিত পৰিছে বিজেপিও । জুবিন গার্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সিদ্ধার্থ শর্মা বিজেপিৰ সদস্য বুলি ওলোৱা দাবী সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । এই সন্দৰ্ভত দিলীপ শইকীয়াই কয়, ‘‘এই কথাটো ময়ো সামাজিক মাধ্যম বা সংবাদ মাধ্যমৰ জৰিয়তে শুনিছো । এই সন্দৰ্ভত মই পূৰ্বৰ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সৈতে কথা পাতিছিলো । সেই সময়ত হয়তো বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক কোষত তেওঁৰ নামটো আছিলে । কিন্তু কিছুদিনৰ বাবেহে । বিগত ৩০ বছৰ মই সক্ৰিয়ভাৱে বিজেপিৰ লগত আছো । কিন্তু তেওঁৰ মই কোনোদিন মুখামুখি হোৱা নাই।”

লগতে দিলীপ শইকীয়াই কয়, ‘‘এতিয়া তেওঁ কোনো দায়িত্বত নাই, সদস্যও নহয় ৷ তেওঁৰ বিৰুদ্ধে অভিযোগ আছে, তদন্তও চলি আছে । জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাব ৷ দোষী কেতিয়াও সাৰি যাব নোৱাৰে ৷ কঠোৰতকৈ কঠোৰ শাস্তি পাব দোষীয়ে ৷শ্যামকানু মহন্তৰ সৈতে দিলীপ শইকীয়াৰ ফটো ওলোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, “মোৰেই এখন ফটো শ্যামকানু মহন্তৰ লগত থকা কালি কোনোবাই দিছে । যুৱ মৰ্চাৰ উদ্যোগত স্বামী বিবেকানন্দৰ স্মৃতিত যুৱ পুৰস্কাৰ দিছিলো । হয়তো সেই অনুষ্ঠানত মহন্তও আছিল । ৰাজনৈতিক ব্যক্তি হিচাপে মই বিভিন্ন সময়ত বিভিন্ন জনক লগ পাওঁ । বহুতেই ফটো উঠে ।” ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এনে বক্তব্যই এই বিষয়ত চৰ্চিত বিষয়সমূহক স্পষ্ট কৰিব পাৰিব বুলি বহুতে আশা প্ৰকাশ কৰিছে।

বি চি চি আইৰ নতুন অধ্যক্ষ হিচাবে নিৰ্বাচিত মিঠুন মানহাছ, সচিব পদত অসমৰ দেৱজিৎ শইকীয়াই থাকিল বাহাল

BCCI new comitee

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। বি চি চি আইৰ নতুন অধ্যক্ষ হিচাবে নিৰ্বাচিত হৈছে মিঠুন মানহাছ। প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ বাৰ্ষিক সাধাৰণ সভাত নিৰ্বাচিত হয় বি চি চি আইৰ নতুন অধ্যক্ষ । বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভাত দেশৰ ক্ৰিকেট বোৰ্ডৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় দিল্লী দলৰ প্ৰাক্তন অধিনায়ক মিঠুন মানহাছ ।

আনহাতে, এ জি এমত গ্ৰহণ কৰা হয় আন কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি বি চি চি আইৰ সচিব পদত দেৱজিৎ শইকীয়া

আৰু আই পি এল গৱৰ্নিং কাউন্সিলৰ অধ্যক্ষ পদত অৰুণ ধুমল পৰৱৰ্তী কাৰ্যকালৰ বাবে বাহাল থাকিব ।

ইয়াৰ উপৰি কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ মুৰব্বী তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰঘুৰাম ভাটে কোষাধ্যক্ষ নিৰ্বাচিত হয় ।

৪৫ বছৰীয়া মানহাছে বোৰ্ডৰ ৩৭ সংখ্যক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব । যোৱা মাহত ৭০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত পদত্যাগ কৰা বি চি চি আইৰ অধ্যক্ষ ৰজাৰ বিনিৰ উত্তৰসুৰী হিচাপে তেওঁক নিৰ্বাচিত কৰা হয় । ১৯৯৭-৯৮ চনৰ পৰা ২০১৬-১৭ চনৰ ভিতৰত ১৫৭ খন প্ৰথম শ্ৰেণী, ১৩০ খন লিষ্ট এ আৰু ৫৫ খন আই পি এল মেচত অংশগ্ৰহণ কৰা প্ৰাক্তন অল ৰাউণ্ডাৰগৰাকীয়ে চলিত মাহৰ আৰম্ভণিতে নতুন দিল্লীত বোৰ্ডৰ শক্তি নিৰ্ধাৰক সমিতিৰ এক অনানুষ্ঠানিক বৈঠকত তেওঁ সৰ্বসন্মত প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছিল ।মানহাছে লিষ্ট এৰ মেচত ৪,১২৬ ৰাণ সংগ্ৰহ কৰাৰ উপৰি ২৭ টা শতকেৰে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৯,৭১৪ ৰাণৰ এক আকৰ্ষণীয় ৰেকৰ্ড গঢ়ি তুলিছে ।আন এক উল্লেখযোগ্য পৰিৱৰ্তনত বি চি চি আয়ে প্ৰভতেজ ভাটিয়াক কোষাধ্যক্ষৰ পৰা ৰোহণ গাউন্স দেশাইৰ স্থানত যুটীয়া সচিবলৈ উন্নীত কৰিছে । আনহাতে, দিলীপ ভেংছৰকাৰৰ স্থানত সৌৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ সভাপতি জয়দেৱ শ্বাহক দেশৰ শীৰ্ষ ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাটোৰ সদস্য হিচাপে মনোনীত কৰে ।ইফালে নীতু ডেভিদৰ স্থানত মহিলা বাছনি পেনেলৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় অমিতা শৰ্মাক । ১১৬ খন এদিনীয়া খেলত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰাক্তন বেগী বলাৰগৰাকীৰ সৈতে থাকিব শ্যামা দে’, জয়া শৰ্মা আৰু শ্রৱন্তী নাইডু । ভাৰত আৰু শ্ৰীলংকাত ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপৰ পিছতে তেওঁলোকৰ কাৰ্যকাল আৰম্ভ হ’ব ।

দুৰ্গাপূজাৰ ষষ্ঠীৰ দিনটোতেই মুক্তি পাইছিল জুবিনৰ প্ৰথম এলবাম “অনামিকা”

১৯৯২ চনৰ ১ অক্টোবৰ। দুৰ্গা পূজাৰ মহাষষ্ঠীৰ দিন আছিল সেইটো। ষষ্ঠীৰ শুভক্ষণতেই অসমবাসীৰ মাজলৈ আহিছিল এখন নতুন অসমীয়া কেছেট। নাম ‘অনামিকা’। সুৰ আৰু সংগীতেৰে সজাইছিল সেইসময়ৰ নৱাগত কণ্ঠশিল্পী জুবিন গাৰ্গে।

‘অনামিকা’ মুক্তি পোৱাৰ পাছতেই অসমজুৰি সৃষ্টি হৈছিল সাংগীতিক চাঞ্চল্য। অসমীয়া সংগীতলৈ নামি আহিছিল নতুন সুবাস। জুবিন হৈ পৰে হাৰ্টথ্ৰ’ৱ জুবিনদা, জাতিৰ প্ৰাণস্পন্দন ।

আজি দুৰ্গা পূজাৰ ষষ্ঠী। ১৯৯২ চনৰ ষষ্ঠীৰ দিনটোতেই অসমীয়া মনবোৰক উজ্জীৱিত কৰিছিল এটা নতুন কণ্ঠই। ‘হাঁহিলে তুমি মুকুতামণি সৰে’, ‘প্ৰীতিৰ সুবাসে’, ‘মনৰ নিজানত’, ‘গানে কি আনে’, ‘পথে পথে জোনাকে’, ‘শুনা শুনা’, ‘হিয়া দহে বুকু ভাগে’, ‘কিয় জানো আজি মন’ সেই আঠটা গীতে ঘৰ সাজিছিল অসমীয়াৰ বুকুত।

Siddarth Sharma: ‘ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কোনো সম্পৰ্ক নাই’

'ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কোনো সম্পৰ্ক নাই'
'ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কোনো সম্পৰ্ক নাই'

ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কোনো সম্পৰ্ক নাই বুলি মন্তব্য ৰাকেশ দাসৰ।(Siddarth Sharma)

‘সিদ্ধার্থ শর্মাক বিজেপিৰ পৰা বহিষ্কাৰ কৰাৰ কথা আহি নপৰে’।

‘দায়িত্বত থাকোতেই যুৱ মৰ্চাৰ কোনো কাৰ্যসূচীত অংশ লোৱা নাছিল সিদ্ধার্থই’।

বৰ্তমান বিজেপিৰ প্ৰাথমিক সদস্য বা কোনো কার্যকর্তাত সিদ্ধার্থ জড়িত নহয় বুলি মন্তব্য ৰাকেশ দাসৰ।