Home Blog Page 65

Pratikshya Das: নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ প্ৰতীক্ষা দাসৰ

নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ প্ৰতীক্ষা দাসৰ
নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ প্ৰতীক্ষা দাসৰ

নতুন দিল্লীত অনুষ্ঠিত (Pratikshya Das) একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত প্ৰতীক্ষা দাসৰ ব্ৰঞ্জৰ পদক।

যোৱা ২৯,৩০ আৰু ৩১ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত নলবাৰীৰ প্ৰতীক্ষা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ বিবেক ২ৰ ছাত্ৰী ৮ বছৰীয়া প্ৰতীক্ষা দাসৰ সাফল্যত স্বাভাৱিকতে পৰিয়ালৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।

নলবাৰীৰ জীয়ৰী প্ৰতীক্ষা দাস মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ- অধীক্ষক ডাঃ ৰাতুল দাস আৰু পৰিনীতা কাশ্যপৰ একমাত্ৰ কন্যা।

জাগাৰাত শোকৰ ছাঁঃ বৰক্ষেত্ৰীৰ জাগাৰাৰ সমাজকৰ্মীৰ মৃত্যু

জাগাৰাত শোকৰ ছাঁঃ বৰক্ষেত্ৰীৰ জাগাৰাৰ সমাজকৰ্মীৰ মৃত্যু
জাগাৰাত শোকৰ ছাঁঃ বৰক্ষেত্ৰীৰ জাগাৰাৰ সমাজকৰ্মীৰ মৃত্যু

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰা বায়ন চুবুৰী নিবাসী সমাজকৰ্মী তথা বিজেপি দলৰ সক্ৰিয় কৰ্মী অৰবিন্দ বৈশ্য আৰু নাই। ৭৪বছৰ বয়সত ভৰি দিয়া জাগাৰা গাঁৱৰ সমাজকৰ্মীজন দীৰ্ঘদিন ধৰি স্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল।

দীৰ্ঘদিন ধৰি তেওঁ স্বাস- প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকজনক তিনিমাহ পূৰ্বে উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে চেন্নাইত চিকিৎসাধীন হৈ আছিল। কিছু সুস্থ হোৱাত পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহে যদিওঁ যোৱা নিশা হাৰ্ট ষ্ট্ৰোক হৈ ইহ সংসাৰৰ পৰা বিদায় লয়। উল্লেখ্য যে সংসাৰ বন্ধনত আৱদ্ধ নোহোৱা ব্যক্তিজন ৰাজহুৱা প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত হৈ আছিল। জাগাৰাৰ দুৰ্গাপূজা সমিতি, সভা-সমিতিকে ধৰি সদৌ অসম কবি সন্মিলনৰ বৰক্ষেত্ৰী শাখাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে সেৱা সমৰ্পণ বটা লাভ কৰা ব্যক্তিগৰাকী বৰক্ষেত্ৰী জাগাৰা মণ্ডল বিজেপিৰ উপ- সভাপতি হিচাপে সক্ৰিয়তাৰে কাম কৰি দল গঠন কৰাত সহায় কৰিছিল। তেওঁৰ মৃত্যুত জাগাৰা জাগাৰা সভা সমিতি, জাগাৰা দুৰ্গাপূজা সমিতি, বৰক্ষেত্ৰী জাগাৰা মণ্ডল বিজেপি, ‘সদৌ অসম কবি সন্মিলন’ৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী কবি সন্মিলনকে ধৰি জাগাৰাৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

Venezuela News: ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ড’নাল্ড ট্ৰাম্পৰ

ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ড'নাল্ড ট্ৰাম্পৰ
ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ড'নাল্ড ট্ৰাম্পৰ

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ বন্দিত্বৰ প্ৰথমখন ফটো মুকলি।(Venezuela News)

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলি কৰিলে ফটো।

ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ফটো মুকলি।

ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰু আৰু পত্নীক গ্ৰেপ্তাৰৰ পিছতেই ভয়াৱহ হৈ পৰিছে ভেনিজুৱেলাৰ পৰিস্থিতি ।

ভেনিজুৱেলাত থকা ভাৰতীয় লোকৰ সহায়ৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ ।

ভেনিজুৱেলাত থকা ভাৰতীয় লোকক অপ্ৰয়োজনীয় ভ্ৰমণৰপৰা বিৰত থকাৰ নিৰ্দেশ।

ভেনেজুৱেলাৰ ৰাজধানী কাৰাকাছসহ বিভিন্ন স্থানত আমেৰিকাৰ ভয়ংকৰ সামৰিক আক্ৰমণ।

মাৰ্কিন বাহিনীয়ে ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ আৰু তেওঁৰ পত্নী চিলিয়া ফ্লোৰেচক বন্দী কৰি লৈ যায়।

আমেৰিকাৰ সামৰিক বাহিনীৰ বোমা বৰ্ষণত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ভেনেজুৱালাৰ সামৰিক আন্তঃগাঁঠনি।

আনহাতে ভেনিজুৱেলাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নাম ঘোষণা।

ডেলচি ৰড্ৰিগেজ হ’ব ভেনিজুৱেলাৰ অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি।

নিকোলাছ মাদুৰোক আমেৰিকান সেনাই গ্ৰেপ্তাৰৰ পিছতে ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত।

চামতাত চিইচিৰ নতুন শাখা মুকলি । CEC

চামতাত চিইচিৰ নতুন শাখা মুকলি । CEC
চামতাত চিইচিৰ নতুন শাখা মুকলি । CEC

CEC । অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কম্পিউটাৰ আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গৌৰৱোজ্জ্বল ৩১তম বৰ্ষ সম্পূৰ্ণ কৰা অসমৰ এক অগ্ৰণী শিক্ষানুষ্ঠান চিইচিৰ এটি শাখা আজি নলবাৰী জিলাৰ চামতাত উদ্বোধন কৰা হয়৷ নলবাৰীৰ মাননীয় জিলা আয়ুক্ত শ্ৰীযুত নিবেদন দাস পাটোৱাৰীদেৱে আনুষ্ঠানিকভাৱে এই কেন্দ্ৰটো উদ্বোধন কৰে৷ এই উদ্বোধনী অনুষ্ঠানটিত চি ই চি প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত দীপাংকৰ দত্তদেৱৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে চিইচিৰ ইতিমধ্যে অসম তথা উত্তৰ পুৰ্বাঞ্চলত চিইচিৰ ১৭৫টাতকৈয়ো অধিক শাখা আছে আৰু বৰ্তমানলৈ ছয় লাখতকৈও অধিক ছাত্ৰছাত্ৰীয়ে চিইচিত নিজৰ পাঠ্যক্ৰম সমাপ্ত কৰিছে৷ বহুকেইটা অত্যাধুনিক কম্পিউটাৰেৰে স্থাপন হোৱা চিইচিৰ এই শাখাটোৱে কাৰিকৰী শিক্ষাৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰ-ছাত্ৰীসকলক চিইচিৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰা অনুমোদিত কম্পিউটাৰ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (এআই), ৰবটিক্স, ভ্লগিং, ব্লগিং, থ্ৰীডি গ্রাফিক্স, স্পকেন ইংলিছ আদিকে ধৰি বিভিন্ন বৃত্তিমুলক পাঠ্যক্ৰম আগবঢ়াব। এই পাঠ্যক্ৰমসমূহে ছাত্ৰ-ছাত্ৰীসকলক আজিৰ দ্ৰুতগতিত বিকশিত হোৱা প্ৰযুক্তিগত পৰিৱেশত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সমৃদ্ধ কৰিব পাৰিব বুলি আশা কৰা হৈছে৷

এই অনুষ্ঠানত চি ই চি প্ৰতিষ্ঠানৰ প্ৰতিস্থাপক সভাপতি শ্ৰীযুত দীপাংকৰ দত্তই কয় “আমাৰ লক্ষ্য হৈছে যে অসম তথা উত্তৰপুৱৰ সকলো অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও যাতে উন্নতমানৰ প্ৰযুক্তিৰ বিষয়ে ব্যৱহাৰিক জ্ঞান লাভ কৰিব পাৰে৷ ইতিমধ্যে অসম তথা উত্তৰপূৱৰ জনসাধাৰণে চিইচি কেন্দ্ৰসমূহক সৃষ্টিশীলতা আৰু জ্ঞানৰ স্থান হিচাপে আকোৱালি লৈছে৷ চিইচিৰ কেন্দ্ৰসমূহৰ জৰিয়তে উন্নতমানৰ পাঠ্যক্ৰম প্ৰদান কৰি অসম তথা উত্তৰপুৱৰ দূৰৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰযুক্তিগত ব্যৱধান দূৰ কৰাৰ লক্ষ্যেৰে আমি যোৱা একত্ৰিশ বছৰে কাম কৰি আছো৷”

অসমৰ এক থলুৱা প্ৰতিষ্ঠান চিইচিয়ে ইতিমধ্যে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত দেশৰ বহুকেইটা বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে তথা উন্নত মানৰ কম্পিউটাৰ আৰু বৃত্তিমুখী শিক্ষাপ্ৰদানৰ ক্ষেত্ৰত আগৰণুৱা বুলি বিবেচিত হৈছে৷ চি ই চিয়ে অসমৰ কাৰিকৰী শিক্ষাৰ ইতিহাসত যথেষ্ঠ গুৰুত্বপুৰ্ণ অৱদান তথা নিৱনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰতো যথেষ্ঠ গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে৷

Xorotor Podulit: নতুন অসমীয়া গীত ‘শৰতৰ পদূলিত’ ইউটিউবত মুক্তি পালে

নতুন অসমীয়া গীত ‘শৰতৰ পদূলিত’ ইউটিউবত মুক্তি পালে
নতুন অসমীয়া গীত ‘শৰতৰ পদূলিত’ ইউটিউবত মুক্তি পালে

নতুন বছৰৰ(Xorotor Podulit)আৰম্ভণিতে সংগীতপ্ৰেমী সকলৰ বাবে এটি বিশেষ উপহাৰ হিচাপে আজি (৩।১।২০২৬) ইউটিউব চেনেল ‘Srishti Sonic’ ত মুক্তি লাভ কৰিলে ‘শৰতৰ পদূলিত (Xorotor Podulit)’ শীৰ্ষক এটি নতুন গীত । গীতটিত কন্ঠদান কৰিছে সৃষ্টি(জুলিকা) বৰফুকনে । এসময়ৰ যোৰহাট জে বি মহাবিদ্যালয়ৰ মহিলা শাখাৰ শ্ৰেষ্ঠ তথা আন্তঃমহাবিদ্যালয় পয্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হোৱা সৃষ্টি এগৰাকী আইনৰ স্নাতক ।

মনময়ুৰী,সপোনৰ মৰমী, সোণাৰু’৯৯ বিহুগীত আৰু যাদু,কিয় অঞ্জালী আদি শ্ৰব্য কেছেটৰ জৰিয়তে ইতিমধ্যে শ্ৰোতাৰ মাজত নিজ স্থান দৃঢ় কৰিছে । সংগীতৰ বিশাৰদ সৃষ্টিয়ে বৰগীতৰ চৰ্চাও অব্যাহত ৰাখিছে । যোৰহাট এফ এম ৰেডিঅ’ৰ যোগেদি বহুকেইটা গীত সম্প্ৰচাৰ হোৱাৰ উপৰিও বিভিন্ন চেটেলাইট চেনেলত অনুস্থান সম্প্ৰচাৰ হৈছে । পূবৰ্তে জুবিন গাৰ্গৰ সৈতে কন্ঠদান কৰা ‘তুমি কোন দূৰনিৰ’ গীতটিৰ জৰিয়তে সমাদৰ লাভ কৰা সৃষ্টি বৰফুকনৰ এইবাৰ একক কণ্ঠত মুক্তি লাভ কৰিছে ‘শৰতৰ পদূলিত’ । এই গীতটিৰ কথা, সুৰ আৰু ভিডিঅ’ কনচেপ্ট অনুপ বৰুৱাৰ আৰু গীতটি সংগীতেৰে সজাই তুলিছে পল্লব তালুকদাৰে । গীতটিৰ বাদ্যযন্ত্ৰীসকল হৈছে ৰাজা বৰুৱা,জীৱন্ত অপূৰ্ব আৰু সুভংকৰ হাজৰিকা । গীতটিৰ মিক্সিঙৰ কাম কৰিছে কৰ্নেলে।

গীতটিৰ ভিডিঅ’টিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধি আৰু দিপাংকৰ গায়নে। নৃত্যৰ কৰিঅ’গ্ৰাফী কৰিছে মেঘৰঞ্জনী মেধি আৰু বৰ্ণালী কলিতাই। ভিডিঅ’ পৰিচালনা কৰিছে সমীন দাসে আৰু ভিডিঅ’ সম্পাদনা কৰিছে মানস কাশ্যপে । পোষ্টাৰ ডিজাইন ৰিতুপৰ্ণ বৰাৰ, ক্যালিগ্ৰাফী অনুপ দত্তৰ, মেকআপ হীৰক দাসৰ। নতুন বছৰৰ আৰম্ভণিতে মুক্তি লাভ কৰা ‘শৰতৰ পদূলিত’ গীতটি সংগীতপ্ৰেমীসকলে আদৰি ল’ব বুলি সংশ্লিষ্ট সকলোৱে আশা প্ৰকাশ কৰিছে ।

Zubeen Garg Death Case: দানৱকেইটাই শাস্তি পাব লাগিবঃ আদালতৰ পৰা ওলাই আহি গৰিমা গাৰ্গৰ মন্তব্য

আদালতৰ পৰা ওলাই আহি গৰিমা গাৰ্গৰ মন্তব্য
আদালতৰ পৰা ওলাই আহি গৰিমা গাৰ্গৰ মন্তব্য

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো শুনানি আছিল।(Zubeen Garg Death Case)

সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয় জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, খুড়াক মনোজ বৰঠাকুৰ, অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ অধিবক্তাকে ধৰি SITৰ বিষয়া।

আদালতৰ পৰা ওলাই আহি গৰিমা গাৰ্গে সংবাদমাধ্যমৰ আগত ক’লে, ‘অসুৰ বধ হ’বই লাগিব’ ‘জুবিনৰ হত্যাকাৰী এই দানৱকেইটাই গুৰুতৰ শাস্তি পাবই লাগিব’।

‘অভিযুক্ত কেইজনৰ মুখত মই অলপো অনুসূচনা নেদেখিলো’।

‘কাৰো অনুশোচনা নাই, দোষী সদায় দোষীয়ে। এইকেইটা অসুৰ, মানুহ বুলি নকওঁ। দানৱকেইটাই শাস্তি পাব লাগিব’।

‘জুবিন মোৰ স্বামীয়ে নহয়, আপোনাৰলোকৰো প্ৰাণৰ আছিল’।

জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ তৃতীয়টো শুনানিত উপস্থিত হৈ এই মন্তব্য পত্নী গৰিমা শইকীয়া গাৰ্গৰ।

Ashish Vidyarthi: গুৱাহাটীত দুর্ঘটনাত পতিত বলিউদৰ অভিনেতা আশীষ বিদ্যার্থী

গুৱাহাটীত দুর্ঘটনাত পতিত বলিউদৰ অভিনেতা আশীষ বিদ্যার্থী
গুৱাহাটীত দুর্ঘটনাত পতিত বলিউদৰ অভিনেতা আশীষ বিদ্যার্থী

গুৱাহাটীত দুর্ঘটনাত পতিত বলিউদৰ অভিনেতা।(Ashish Vidyarthi)

জু-ৰোডত দুর্ঘটনাত পতিত অভিনেতা আশীষ বিদ্যার্থী।

তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত অভিনেতাগৰাকী।

আহত হয় অভিনেতাগৰাকীৰ পত্নী ৰূপালী বৰুৱা।

এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন দুয়োগৰাকী।

খোজেৰে গৈ থাকোঁতে এই ঘটনা সংঘটিত হয়।

শুকুৰবাৰে মাজনিশা মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত ‘The Guwahati Address’ নামৰ হোটেলখনৰ সন্মুখত সংঘটিত হয় এই ঘটনা।

Mustafizur Rahman: KKRলৈ বিশেষ নিৰ্দেশনা BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ

KKRলৈ বিশেষ নিৰ্দেশনা BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ
KKRলৈ বিশেষ নিৰ্দেশনা BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ

IPLৰ পৰা বাদ পৰিল বাংলাদেশী ক্ৰিকেটাৰ।(Mustafizur Rahman)

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমান IPLৰ পৰা বাদ পৰিল।

KKRলৈ বিশেষ নিৰ্দেশনা BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ।

KKR দলে মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰাৰ পাছত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ।

মুস্তাফিজুৰক বিমানবন্দৰৰ পৰাই খেদি পঠিওৱাৰ ভাবুকি দিছিল শিৱসেনাই।

ইয়াৰ পাছতেই বিশেষ নিৰ্দেশনা জাৰি BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ।

Sadou Asom Lekhika Samaroh Samiti: কলিয়াবৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহ আৰু দ্বি বাৰ্ষিক অধিৱেশন আৰম্ভ

কলিয়াবৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ
কলিয়াবৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ

কলিয়াবৰৰ কুঁৱৰীটোলৰ (Sadou Asom Lekhika Samaroh Samiti)গান্ধী খেলপথাৰত আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহ আৰু ত্ৰিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন। কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত পদ্মশ্ৰী ড° শীলা বৰঠাকুৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত লেখিকা সমাৰোহ সমিতিৰ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক লেখিকা প্ৰতিনিধিৰ লগতে কেইবাগৰাকীও বিশিষ্ট লেখক-লেখিকাই। প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত ৫০ জোপা নাহৰ পুলি ৰোপনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰবীণ সদস্যা তথা প্ৰতিষ্ঠাপক উপ সভানেত্রী অমলপ্ৰভা দেৱী লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মনোমতী কুৰ্মী, বিজয়া সন্দিকৈ, প্ৰদীপ বৰা, সাবিত্ৰী গায়ন, গোলাপ বৰা, সাংবাদিক গৌতম কুমাৰ বৰা, তপন শইকীয়াই, ৰাণু মণ্ডল, চিন্ময় ৰাজখোৱা, অন্নমাই বড়ো, আৰু দিপালী বৰাই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

মূল তোৰণ উদ্বোধন কৰে ৰাজহ চক্ৰ বিষয়া ৰাজনিচান শৰ্মাই। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সমাজ সেৱক বিমল বৰুৱাই। বিয়লি প্ৰতিনিধি শিবিৰ মুকলি কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই। সন্ধ্যা প্ৰতিনিধি সভা, অন্তৰঙ্গ আলাপ আৰু সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় সমিতি, জিলা, শাখা সমিতিৰ প্ৰতিনিধি আৰু আদৰণি সমিতিৰ সদস্যা সকলে অংশগ্ৰহণ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সভানেত্রী সুৱৰ্ণ শইকীয়া বৰদলৈৰ সভানেত্রীত্বত অনুষ্ঠিত সভা খন সঞ্চলনা কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্রী দৰ্পনা বৰা নেওগে । আদৰণি ভাষণ আগ বঢ়ায় কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্রী চাৰুমণি হাজৰিকাই। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ গীতা দাসে।

ইফালে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আজি পুৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সভানেত্রী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে। সোণালী জয়ন্তী উপলক্ষে ৫০ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰিব প্ৰাক্তন সভানেত্ৰী নিৰুপমা মিশ্রই। পুৱা ১১ বজাত গ্ৰন্থ মেলাৰ দুৱাৰ মুকলি কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমোধৰ হাজৰিকাই। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব টংকেশ্বৰ বৰাই। ইয়াৰ পিছতে সাবিত্ৰী বৰগোঁহাইৰ সোঁৱৰণত অনুষ্ঠিত হ’বলগা বুৰঞ্জী সম্মিলন উদ্বোধন কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই। সঞ্চালনা কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বৰঠাকুৰে। চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সমাৰোহ ৫ জানুৱাৰীত অন্ত পৰিব।

Batadraba: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।(Batadraba)

বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।

হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতী।

শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰত হিন্দী গীতৰ তালে তালে যুৱতীৰ উদ্দাম নৃত্য ।

বিশ্বৰ সৰ্বোচ্চ গুৰু আসন আৰু দেৱবাদ্য, খোলৰ সন্মুখত কৰা উদ্যম নৃত্যক।

ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ।

সামাজিক মাধ্যমত দৃশ্য ভাইৰেলৰ পাছতেই যুৱতীগৰাকীয়ে বিচাৰিলে ক্ষমা।