Home Blog Page 652

ডায়েবেটিছ ৰোগীয়ে খাব পাৰে আলু! ৰন্ধা-বঢ়া কৰাৰ পূৰ্বে শিকি লওক কেইটামান নিয়ম…

আলুত কাৰ্বহাইড্ৰেট আৰু গ্লাইচেমিক ইনডেক্স বেছি থাকে। গতিকে ডায়েবেটিছ ধৰা পৰিলে আলু বেছিকৈ খোৱাৰ পৰা বিৰত থাকে বহু মানুহ! পুষ্টিবিদসকলৰ মতে, যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে আপুনি আলুৰ পৰিমাণৰ ওপৰত চকু ৰাখিব লাগিব। আলু অতিমাত্ৰা সিজোৱা উচিত নহয়। ইয়াৰ বাহিৰেও আলু সিজাই ফ্ৰীজত ৰাখিব পাৰি। সিজোৱা আলু ফ্ৰীজত ৰাখিলে ইয়াৰ গ্লাইচেমিক ইনডেক্স কম হয়। আলুত থকা ষ্টাৰচ প্ৰায়ে আঁহলৈ ৰূপান্তৰিত হয়। বহুতে আলু ভিনেগাৰৰ দ্ৰৱতো তিয়াই লয়। এই কৌশলে আলুৰ গ্লাইচেমিক ইনডেক্সো হ্ৰাস কৰে। এক অধ্যয়ন অনুসৰি ভিনেগাৰত থকা এচিটিক এচিডে কাৰ্বহাইড্ৰেট শোষণ ক্ষমতা হ্ৰাস কৰিব পাৰে। ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


আলু খোৱাৰ আগতে বহু পৰিমাণে শাক-পাচলি খাব পাৰে। আলু খোৱাৰ আগতে প্ৰচুৰ পৰিমাণে আঁহ খালে কাৰ্বহাইড্ৰেটৰ হজম লেহেমীয়া হয়। ফলত হঠাতে তেজৰ চেনিৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা নাথাকে।

ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান মহিলা ক্ৰিকেট দল, ৭ উইকেটত জয়লাভ ভাৰতৰ…

ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান মহিলা ক্ৰিকেট দল।

পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ ভাৰতৰ।

ভাৰতক ১০৯ ৰানৰ লক্ষ্য বান্ধি দিছিল পাকিস্তানে।

প্ৰত্যুত্তৰত ১৪.১ অভাৰত ৩ উইকেটত লক্ষ্যত উপনীত ভাৰত।

অপেনাৰ শেফালি বাৰ্মাৰ ৪০, স্মৃতি মান্ধানাৰ ৪৫ ৰান সংগ্ৰহ।

৪ অভাৰত ২০ ৰান দি দীপ্তি শৰ্মাই লাভ কৰে ৩টা উইকেট।

ৰেণুকা সিং, পূজা ৱস্ত্ৰকাৰ, শ্ৰেয়াংকা পাটিলৰ দুটাকৈ উইকেট লাভ।

ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ছিংগাপুৰলৈ ৰাওনা…

ছিংগাপুৰৰ লায়ন চিটি ক্লাবত ২১-২৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো শুক্ৰবাৰে ছিংগাপুৰ অভিমুখে ৰাওনা হয়।

দলটোৰ খেলুৱৈসকল হ’ল- নয়নমণি শইকীয়া, বংগিতা হাজৰিকা, পুতুল সোণোৱাল, দীপাংকৰ শৰ্মা, স্কিয়ন শিৱ মহন্ত, ছানজিঅ পাণ্ডে, কৰীণা পাটোৱাৰী আৰু শ্বেইষ্টা শৰ্মা। দলটোৰ মেনেজাৰৰ দায়িত্বত আছে অংশুমান দত্ত।

গোগামুখৰ মিংমাং জলপ্ৰপাতত গা ধুবলৈ গৈ দুগৰাকী যুৱক নিৰুদ্দেশঃ দুয়োগৰাকী যুৱকৰে নিশ্চিত মৃত্যুৰ আশংকা

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৯ জুলাইঃ

ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ সীমান্তবৰ্ত্তী তথা গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাং ৰূপহী জলপ্ৰপাতত পুনৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ জলপ্ৰপাতটোত গা ধুবলৈ গৈ দুগৰাকী যুৱক নিৰুদ্দেশ হৈছে আৰু দুয়োগৰাকীৰে মৃত্যুৰ আশংকা কৰা হৈছে ৷ ঘটনাৰ বিৱৰণি মতে আজি পুৱা ৯ বজাত ছয়-সাতজনীয়া দল এটা মিংমাং ৰূপহী জলপ্ৰপাতত গা ধুবলৈ ৰাওনা হৈছিল ৷

১০ বজাত যুৱকৰ দলটোৱে জলপ্ৰপাতত উপস্থিত হৈ গা ধুবলৈ আৰম্ভ কৰাই নহয় সুউচ্চ পাহাৰৰ পৰা নামি অহা জলপ্ৰপাত ওখ গৰাৰ  পৰা জলপ্ৰপাতটোৰ তলৰ নদী সদৃশ নিম্নাংশলৈ জপিয়াই গা ধুবলৈ আৰম্ভ কৰিছিল ৷ এনেদৰে জপিয়াই থাকোঁতে লংলেট চাউলা নামৰ যুৱক জনো  জাঁপ মাৰে ৷ বহু সময়লৈ জলপ্ৰপাতৰ নিম্লাংশৰ পৰা জলপ্ৰপাতটোৰ থিয় গৰাটোলৈ উভতি নহাত সন্দেহ উপজি আন এগৰাকী যুৱক গোলাপ পেগুৱে সংগীজনক উদ্ধাৰ কৰিবলৈ জপিয়াই দিয়ে ৷ কিন্তু পাছত জপিওৱা গোলাপ পেগুৱ নামৰ যুৱকজনো ঘুৰি নহাত বাকী লগৰীয়াসকল আতংকিত হৈ পৰে আৰু পৰিয়ালৰ লোকক খবৰ দিয়ে ৷

পৰিযালৰ লোকে স্থানীী দল-সংগঠনৰ লগত মিলি যুৱক দুজনক উদ্ধাৰৰ প্ৰচেষ্টা চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে এছ আৰ এফ দল লৈ ঘটনাস্থলীত উপস্থিত হৈছে যদিও যুৱক দুজনক এই বাতৰি যুগুত কৰালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ সন্ধানহীন যুৱক দুজনৰ এগৰাকী হৈছে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লংলেট লাউচা আৰু আনগৰাকী হৈছে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত গোগামুখ তাজিক গাঁৱৰ ৷ স্থানী প্ৰত্যক্ষদৰ্শীয়ে দুয়োগৰাকী যুৱকে নিশ্চিত মৃত্যুক আকোঁৱালী লোৱা বুলি জানিবলৈ দিছে ৷ ইয়াৰ পূৰ্বেও উক্ত জলপ্ৰপাতটোত কেবাগৰাকী যুৱক মৃত্যুক আকোঁৱালী লৈছে ৷

নগৰবেৰাৰ টুপামাৰীত ভূমি কেন্দ্ৰিক বিবাদত মাৰপিটত আহত দুজনকৈ লোক…

নগৰবেৰাৰ টুপামাৰীত ভূমি কেন্দ্ৰিক বিবাদ। মাৰপিটত আহত দুজনকৈ লোক । প্ৰাপ্ত তথ্য অনুসৰি ৰাস্তা বেয়া হোৱাৰ বাবে টেক্টৰ চলাচল বন্ধ কৰিবলৈ গাওঁ খনৰ আলী উদ্দিনৰ লগত কেইটামান ৰাস্তাত খুটি পুতিবলৈ লয় ।

সময়ত ৰশিদ আলী আৰু তেওঁৰ পৰিয়ালে ৰাস্তা খন সিহঁতৰ নিজ মাটিত বুলি কৈ খুটা পুতিবলৈ বাধা দিয়ে ।ভূমি লৈ দীৰ্ঘদিনৰে পৰা দুই ফৈদৰ মাজত বিবাদ বুলি উল্লেখ কৰে ৰশিদ আলীৰ পৰিয়ালে । পিছত দুই ফৈদৰ মাজত বাক বিতণ্ডা আৰু তাৰ পাছত সংঘটিত হয় মাৰপিট ।

এই মাৰপিটত ৰশিদ আলী পক্ষৰ দুজনকৈ লোক আহত হয়, আহত দুজনক প্ৰথমে টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

পুনৰ লাভ জেহাদৰ বলি এগৰাকী নাবালিকা ! ঘটনা সংঘটিত কৰা চাজেল আলীক আটক…

মঙলদৈত পুনৰ লাভ জেহাদৰ বলি এগৰাকী নাবালিকা।ঘটনা সংঘটিত কৰা চাজেল আলী (২১) ক আটক।

বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলৰ সহযোগত আটক চাজেলক। আটকাধিন চাজেল আলীৰ ঘৰ মঙলদৈ নিকতৱৰ্তী নন কে গা-ধোৱা চাপৰিত। মঙলদৈ ৰামহৰিৰ পৰা এগৰাকী নাবালিকাক ফুচুলাই নি চাজেলে নিজৰ বায়েকৰ ঘৰত এৰাতি ৰখাৰ পিছত অত্যাধিক পেটৰ বিষ হোৱাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই।


চিকিৎসালয়লৈ অহাৰ পিছতে বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলে জানিব পাৰি মঙলদৈ আৰক্ষী ৰ সহায়ত নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ লগতে চাজেল আলীক আটক কৰে। ইফালে মঙলদৈ আৰক্ষীয়ে হোটেল লজ’ৰ বাহিৰে ভিতৰে বোৱাৰী বিচাৰি চলাধ কৰিছে।


গোৱালপাৰাৰ পৰা এগৰাকী মুছলিম যুৱকে এটি বাৰ বছৰীয়া সন্তানৰ মাতৃক পলুৱাই লৈ মঙলদৈ লৈ অহাৰ খবৰ পায় মঙলদৈ আৰক্ষীৰ সৈতে মিলি বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলে এনেদৰে চহৰ খনৰ প্ৰায় সকলো হোটেল লজ’ত বিচাৰি ফুৰিছে। অৱশ্যে এতিয়ালৈকে কোনো শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে।

ছবি গৃহত বহিৰাগত যুৱকক নিযুক্তি দিয়াৰ বাবে নাজিৰা ছবিগৃহ ঘেৰাও বীৰ লাচিত সেনাৰ…

অসম তথা স্থানীয় ভাৱে নিবনুৱাক এশ শতাংশ কৰ্মসংস্থাপন দিয়াটো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ দায়িত্ব। কিন্তু নাজিৰা বোলছবি সমবায় সমিতিয়ে থলুৱা যুৱক-যুৱতীক কৰ্মস্থলীৰ পৰা আঁতৰাই টংলা, ওদালগুৰি, গুৱাহাটী আদি বিভিন্ন স্থানৰ পৰা আনি মকৰল কৰা পৰিলক্ষিত হৈছে।

নাজিৰা বোলছবি সমবায় সমিতিৰ এনে থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত আজি বীৰ লাচিত সেনা, অসম আৰু অসমীয়া যুৱ মঞ্চৰ নাজিৰা আঞ্চলিক সমিতিয়ে যৌথভাৱে বোলছবি গৃহ ঘেৰাও কৰি ধৰ্ণা-প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে দহ দিনৰ চৰম সীমা বান্ধি দি বাহিৰৰ সকলক আতৰাই স্থানীয় যুৱক-যুৱতীক মকৰল নকৰিলে অনিৰ্দিষ্ট কাললৈ বোলছবি গৃহ তলাবন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

ৰাজ্যত এইবাৰ বিশ্ববিদ্যালয় পৰ্যায়ত হ’ব একত্ৰীকৰণ প্ৰক্ৰিয়া : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু…

ৰাজ্যত এইবাৰ বিশ্ববিদ্যালয় পৰ্যায়ত হ’ব একত্ৰীকৰণ প্ৰক্ৰিয়া। একত্ৰীকৰণ হ’ব অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰে শীঘ্ৰে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত।

এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

পশ্চিম গুৱাহাটীৰ ৰাণী আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ, ৰোৱনীৰ মাজত উচাহৰ ধল…

শাওনৰ মাহ মানে অসমৰ কৃষকৰ আশাৰ মাহ, হেঁপাহৰ মাহ। আঘোণ মাহত সোণগুটি চপাবলৈ হলে এই শাওন মাহতে তাৰ পৰিকল্পনা ৰচিব লাগিব। যাৰ বাবে শাওন মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষক ৰাইজে আঘোণত সোণগুটি চপাবলৈ পৰিকল্পনা আৰম্ভ কৰে। ইফালে ৰাজ্যৰ আন আন অঞ্চলৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰা কাষৰীয়া কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণীৰ আন্ধেৰীজুলি খেতিপথাৰত আজি চকুৰে মণিব পৰালৈকে ৰোৱনী আৰু কৃষকে প্ৰখৰ ৰ’দকো নেওচি শালি ধানৰ কঠীয়া তুলি ভূঁই ৰোৱা দেখা গৈছে । শাওণৰ পথাৰত ৰোৱনী আৰু কৃষকসকল নমাৰ লগে লগে যেন মেঘেও মাদল বজাইছে নীলিম আকাশত। জাক জাক ৰাংঢালী ৰোৱনীৰ এমোকৰা হাঁহিয়ে জিলিকাই তুলিছে বোকাময় পথাৰ।

এয়াই যেন ৰোৱনী আৰু কৃষকসকলৰ জীৱনৰ অন্য এক মাদকতা। একাঠু পানী আৰু বোকাৰ মাজত সোমাই ভূঁই ৰুইছে ৰোৱনীজাকে। লগতে আনন্দ আৰু উল্লাসেৰে গান গাই ৰুই গৈছে তেওঁলোকে ভূঁই। সম্প্রতি সেউজীয়া হৈ পৰিছে আন্ধেৰীজুলি পথাৰ। আশাৰ বতৰা লৈ মাটিৰ গোন্ধ থকা খেতিপথাৰত ভূঁই ৰুই ধাননি পথাৰ চিৰসেউজ কৰি তুলিবলৈ সংকল্প লৈছে। কিয়নো প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক, ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল এতিয়াও পানীৰ অভাৱৰ বাবে কৃষকসকল পথাৰত কৃষি কাৰ্য কৰাৰ বাবে সাজু হ’ব পৰা নাই। ইফালে খৰাং আৰু বানৰ পৰা তুলনামূলকভাৱে মুক্ত অঞ্চল সমূহত শাওনৰ মাহ পৰাৰ লগে লগে কৃষকসকল শালিধানৰ খেতি কৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিগত বৃহত্তৰ ৰাণী অঞ্চলত শাওনৰ প্ৰথম দিনটোৰ পৰাই কৃষক সকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ নামি পৰা পৰিলক্ষিত হৈছে। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰ সমূহ ৰোৱনী-দাৱনীৰে ভৰি পৰা পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউচোতালৰ বলেশ্বৰ ৰংপি, ৰোৱনী হিচাপে অভিজ্ঞ মহিলা তথা আজাৰা গাঁও পঞ্চয়াতৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপিকে ধৰি কৃষি কৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ, ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে। যিটো অতি শুভ লক্ষণ। সমান্তৰালভাৱে শাওন মাহৰ ১৫ দিনৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰুৱ পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে শাওন মাহৰ তৃতীয় দিনটো অৰ্থাৎ ১৯ জুলাইত ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপীৰ উদ্যোগত ভূঁই ৰোৱা উৎসৱ পালন কৰা হয়। এগছি ভূঁই ৰুই ২০ জনী ৰোৱনীৰ সৈতে খেতি পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰে আজাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। তেনেদৰে ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে প্ৰাক্তন কৃষক নেতা বলেশ্বৰ ৰংপীয়ে।

অগণন বিলাসী গাড়ী আম্বানীৰ! মুকেশে আম্বানীয়ে প্ৰতিমাহে চালকক কিমান টকা দিয়ে…

আম্বানীৰ গাড়ী চালকে প্ৰতিমাহে কিমান টকা পায় জানেনে।বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি অনন্তৰ বিয়াত প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয় কৰিছিল মুকেশে।বিয়াত ব্যয় কৰা ধন আম্বানীৰ বাৰ্ষিক আয়ৰ মাত্ৰ ০.৫ শতাংশ।

মুকেশ আম্বানীৰ ঘৰত ৬০০ কৰ্মচাৰী আছে। মুকেশে নিজৰ ব্যক্তিগত গাড়ী চালকক মাহে দুই লাখ টকাৰ দৰমহা দিয়ে। হিচাপ কৰিলে বছৰি ২৪ লাখ টকা হয়। কিন্তু এইটো কেইবছৰমান আগৰ প্ৰতিবেদন। কিন্তু শেহতীয়াকৈ এই দৰমহা বৃদ্ধি হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।