Home Blog Page 656

প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিনত স্বামী নিকৰ আৱেগিক পোষ্ট…

আজি জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিন। পত্নীৰ জন্মদিনত নিক জ’নাছৰ আৱেগিক পোষ্ট।আজি প্ৰিয়ংকা চোপ্ৰাৰ ৪২ সংখ্যক জন্মদিন। বিশেষ দিনটোত ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক শুভেচ্ছা জনায় নিকে।

প্ৰিয়ংকাক শুভেচ্ছা জনাই নিকে কেইখনমান ছবি ইনষ্টাগ্ৰামত পোষ্ট কৰে।ফটোখন পোষ্ট কৰি নিকে লিখিছে, ‘তোমাৰ দৰে এগৰাকী মহিলা পোৱাটো মোৰ ভাগ্য ভাল। Happy birthday। অনুৰাগীসকলেও নিক’ৰ পোষ্টৰ তলত প্ৰিয়ংকাক জন্মদিনৰ শুভেচ্ছা জনায়। একাংশৰ মতে নিক-প্ৰিয়ংকা হৈছে আদৰ্শ দম্পতীৰ প্ৰতিমূৰ্তি।

মহাভাগ্য যোগঃ এই যোগে আপোনাক আদানী-আম্বানীৰ দৰে ধনী কৰিব…

প্ৰতিজন ব্যক্তিয়ে ধনী হ’ব বিচাৰে আৰু জ্যোতিষতো তেওঁৰ সপোন কিমানখিনি পূৰণ হ’ব পাৰে সেই বিষয়ে জানিব পৰা যায়। প্ৰতিজন ব্যক্তিয়ে নিজৰ ৰাশিফলত ধন যোগৰ বিষয়ে জানিব বিচাৰে। যদি ৰাশিফলত দেৱী লক্ষ্মীৰ আশীৰ্বাদ থাকে তেন্তে এজন ব্যক্তি কোটিপতি হ’বলৈ বেছি সময় নালাগে আৰু জীৱনলৈ দৰিদ্ৰতা নাহে।

মহাভাগ্য যোগ যথেষ্টঃ ধনী হ’বলৈ কঠোৰ পৰিশ্ৰমৰ লগতে ভাগ্যই লগ দিয়াটোও অতি প্ৰয়োজনীয়। যদি ৰাশিফলত কোনো বৃহৎ সৌভাগ্য আছে, তেন্তে ভাগ্যৰ পৰা বহুত সমৰ্থন পোৱা যায় যাৰ বাবে ব্যক্তিজনে দিনত দুগুণ আৰু ৰাতি চাৰিগুণ অগ্ৰগতি লাভ কৰিবলৈ আৰম্ভ কৰে। মহাভাগ্য যোগ গঠন কৰি এজন ব্যক্তিয়ে বহু বেয়া পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো জীৱনত আগবাঢ়ি যোৱাৰ শক্তি লাভ কৰে। নামটোৰ পৰাই স্পষ্ট যে এই যোগে মানুহক ভাগ্যৱানতকৈও অধিক সৌভাগ্যৱান কৰি তুলিব।

পুনৰ উৎকোচ লৈ শিলচৰত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া নৰুল হক বৰভূঞা…

পুনৰ উৎকোচ লৈ শিলচৰত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া ৷ দুৰ্নীতি নিবাৰকৰ জালত পৰিল নৰুল হক বৰভূঞা ৷

বন্দোৱস্তি কাৰ্যালয়ৰ কৰ্মচাৰী নৰুল হক বৰভূঞা ৷ ভূমি সংক্ৰান্তীয় কামৰ বাবে কাৰ্যালয়তে লৈছিল উৎকোচ৷

আক্তাৰ হুছেইন নামৰ এজন লোকৰ পৰা লৈছিল ৫ হাজাৰ টকা৷

গৰমৰ দিনত প্ৰায়বোৰ লোকেই সন্মুখীন হোৱা এটি সমস্যা হৈছে ঘামচি ! ঘামচিৰ পৰা পৰিত্ৰাণৰ উপায়…

গৰমৰ দিনত প্ৰায়বোৰ লোকেই সন্মুখীন হোৱা এটি সমস্যা হৈছে ঘামচি বা prickly heat। বিভিন্ন কাৰণত ঘৰ্ম গ্রন্থি বন্ধ হৈ ঘাম ভালকৈ ওলাব নোৱাৰা হয় আৰু তেতিয়াই ঘামচিৰ সমস্যাই দিয়ে। ভুক্তভোগীৰ বাবে ই বিৰক্তিদায়ক হৈ পৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাবাথুৰি খায়।আজি ইয়াৰে কেইটিমান সৰু সুৰা দিহা আগবঢ়াইছো। আশাকৰো আপোনালোক উপকৃত হ’ব।

১)চিন্থেতিক (synthetic clothes) কাপোৰ পৰিধান নকৰি কটন বা কপাহী কাপোৰ পৰিধান কৰক।

২)নিতৌ পৰিষ্কাৰ পানীৰে স্নান কৰক। গা ধোৱা পানীত কেইটোপালমান নেমুৰ ৰস দিব পাৰে। নাইবা নিমপাত সিজোৱা পানীৰে গা ধুব পাৰে। নেমু,নিম আদিৰ বীজাণু নাশক গুণ আছে বাবে ছালৰ বিভিন্ন সমস্যাত উপকাৰ দিয়ে। গৰম বেছি হোৱাৰ সময়ত বা বাহিৰৰ পৰা আহি তৎক্ষণাত স্নান নকৰাই ভাল। অন্যথা সমস্যা বাঢ়িহে যোৱাৰ সম্ভাৱনা বেছি হয়। স্নানৰ পিছত শুকান পাউদাৰ সানিব পাৰে।

৩)গৰমৰ দিনত তেলযুক্ত প্ৰসাধন সামগ্ৰী বা oil based cosmetics ব্যবহাৰ নকৰিব। এইবোৰে ঘৰ্মগ্ৰন্থি বন্ধ কৰি ঘাম ওলোৱাত বাধা প্ৰদান কৰে।

৪)প্ৰাকৃতিক উপদানেৰে তৈয়াৰী বিভিন্ন প্ৰকাৰৰ থলুৱা চৰবত যেনে নেমু, থেকেৰা, লেতেকু, বেল, জামু আদি বতৰৰ ফলৰ চৰবত, ডাৱৰ পানী, কুঁহিয়াৰ ৰস আদি সেৱন কৰক।

৫)তেলযুক্ত বা চৰ্বিযুক্ত খাদ্য, ভজা, জ্বলা, মচলা দিয়া খাদ্য কমাই খাওক। ইয়াৰ সলনি চালাড, বতৰৰ ফলমূল, শাক পাচলি, পানী বেছিকৈ খাওক।

৬)গোলাপ জল কপাহেৰে আক্ৰান্ত অংশত লগাওঁক। ই ছালৰ PH ভাৰসাম্যতা ৰক্ষা কৰে, শৰীৰৰ অত্যাধিক তেল শোষণ কৰে।

USA, Oregon, Portland

৭)চন্দনৰ গুৰি গোলাপ জল বা গাখীৰৰ লগত মিহলাই পেক হিচাবে 15 মিনিট সময় লগাই ধুই পেলাওক। চন্দনে শৰীৰৰ ঠাণ্ডা প্ৰভাৱ পেলায়।

৮)মূলতানি মাটি গোলাপ জল বা গাখীৰ দি পেক হিচাবে আক্ৰান্ত অংশত লগাওঁক। এই পেকৰ লগত পদিনা, তুলসী, নিম পাত দিবও পাৰে ।

৯)আক্ৰান্ত অংশত দৈ ব্যৱহাৰ কৰিলেও সুফল পাব। 15 মিনিট সানি ঠাণ্ডা পানীৰে ধুই পেলাওক।

১০)ছালকুঁৱৰী বা ঘৃতকুমাৰী বা এলভেৰা জেল ব্যবহাৰ কৰিলেও সুফল পোৱা যায়।

১১)বেচনৰ লগত গাখীৰ মিহলাই পেক হিচাবে ব্যবহাৰ কৰক।

১২)কেঁচা আলু পাতল পাতল কৈ কাটি আক্ৰান্ত অংশত লগালেও সুফল পোৱা যায়। ঠিক তেনেকৈ তিয়ঁহ ব্যবহাৰ কৰিব পাৰে।

ডাঃ ৰেইনী দেৱী

শিশুক বেছিকৈ খাবলৈ নিদিব গাখীৰ! অত্যাধিক গাখীৰ খোৱাৰ ফলত কি কি সমস্যা হ’ব পাৰে জানি লওক…

গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম, প্ৰটিন আৰু ভিটামিন আদি পুষ্টিকৰ উপাদান থাকে। কিন্তু গাখীৰ অত্যাধিক খালে শিশুসকলক অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ পৰা বঞ্চিত কৰিব পাৰে। শিশুৱে বেছিকৈ গাখীৰ খালে ভোক কমি যায় আৰু আন খাদ্য ত্যাগ কৰে। ইয়াৰ বাবে তেওঁলোকৰ শৰীৰে প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ নাপায়। গাখীৰত লেক্ট’জ থাকে, যিটো এক প্ৰকাৰৰ চেনি। বেছিকৈ গাখীৰ খোৱাৰ ফলত শিশুৰ গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে।


গাখীৰৰ সমান্তৰালকৈ আন পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্যও দিব লাগে। শিশুৰ বাবে দাইল, শাক-পাচলি, ফল-মূল, শস্য আদি অতি প্ৰয়োজনীয়। শিশুৰ বিকাশৰ বাবে সুষম খাদ্যৰ প্ৰয়োজন।যদি আপোনাৰ সন্তানে গাখীৰ বহুত ভাল পায় তেন্তে আপুনি তেওঁক দিনটোত ১-২ গিলাচ গাখীৰ দিব পাৰে।

অসমীয়া ভাষাৰ বিকাশ আৰু অসম চৰকাৰৰ কৰণীয় : পুলেন গোস্বামী…

আমি অসমীয়া। অসমীয়া আমাৰ মাতৃভাষা।যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ মুখৰ ভাষাটো বিশ্বৰ অন্যান্য শ্ৰেষ্ঠ ভাষাৰ স্থলাভিষিক্ত কৰাৰ বাবে বদ্ধ পৰিকৰ হ’বই লাগিব। অসমীয়া ভাষাৰ বিকাশৰ ইতিহাস বহু পুৰণি। এই কথা অনস্বীকাৰ্য যে বহু অতীজৰ পৰাই অসমীয়া ভাষাৰ ওপৰত অত্যাচাৰ চলি আহিছে। খৃষ্ট ধৰ্মৰ প্ৰচাৰৰ বাবে অহা পাদুৰী চাহাব সকলে,যদিও প্ৰত্যক্ষভাৱে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখিছিল, তথাপি পৰোক্ষভাৱে হ’লেও  অসমত অসমীয়া ভাষাৰ মোল বুজিয়েই অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। এসময়ত অসমীয়া ভাষাৰ শিপা উভালি অসমীয়া ভাষাক বঙালী ভাষাৰ অপভ্ৰংশ বুলি দাবী কৰি অসমত বঙলা ভাষাক নিগাজিকৈ স্থান দিয়াৰ বাবে এচামে যি প্ৰচেষ্টা আৰু ষড়যন্ত্ৰ চলাইছিল, পৰৱৰ্তী সময়ত এই সকলোবোৰ ষড়যন্ত্ৰক ওফৰাই অসমীয়া ভাষাই নিজৰ স্থানতে থকাৰ যি ইতিহাস ৰচিলে, সেই ইতিহাসে অসমীয়া লোকসকলক নিজৰ ভাষাৰ স্থায়ীত্ব দিয়াৰ ক্ষেত্ৰত সাহস প্ৰদান কৰি আহিছে। তথাপি কিন্তু অতি দুখ আৰু পৰিতাপেৰে এই কথা ক’বই লাগিব যে আজিও অসমীয়া ভাষাৰ ওপৰত,ভাষাটোৰ বিৰুদ্ধে অহৰহ ষড়যন্ত্ৰ চলিয়ে আছে।

এই ষড়যন্ত্ৰৰ প্ৰকাৰ বা ভেদ কেবা ধৰণৰ দেখা যায়। এটা সময় আছিল, যি সময়ত ‘অসম সাহিত্য সভা’ৰ দৰে অনুষ্ঠানৰ লগত জড়িত থকা বিশেষ বিশেষ ব্যক্তিৰ উদ্যোগত অসমীয়া ভাষাই ঠন ধৰি উঠিছিল। অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ‘অসম সাহিত্য সভা’ই এটা নতুন বাট মুকলি কৰিছিল। নতুন নতুন অসমীয়া আলোচনী, বাতৰিকাকত আদিৰ সৃষ্টিয়ে অসমীয়া ভাষাৰ বিকাশৰ বাটত এক জাগৰণৰ সৃষ্টি কৰা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। অসম এখন এনেকুৱা ৰাজ্য য’ত কেৱল অসমীয়া ভাষী লোকেই যে আছে, এনেকুৱা নহয়। এটা সময় আছিল অসমত বাস কৰা সকলো ধৰণৰ লোকেই — জাতি, জনজাতিৰ সকলো লোকেই নিজকেই অসমীয়া বুলি পৰিচয় দি গৌৰৱ বোধ কৰিছিল। নিজৰ নিজৰ জনজাতীয় ভাষাৰ মাধ্যমেৰে নিজ সম্প্ৰদায়ৰ লোকৰ মাজত যোগাযোগৰ মাধ্যম থাকিলেও অন্য লোকৰ সৈতে কথা-বতৰাৰ মাধ্যমৰূপে অসমীয়া ভাষা প্ৰয়োগ কৰিছিল। প্ৰতিগৰাকী জনজাতীয় লোকে অসমীয়া ভাষা জানিছিল আৰু অসমীয়া ভাষাৰে কথাবতৰাও পাতিছিল। কিন্তু সময়ৰ গতিত বহুকেইটা জনজাতীয় সম্প্ৰদায়ে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ টান পোৱা হ’ল।তেওঁলোকে নিজৰ নিজৰ জনজাতীয় ভাষাৰ বিকাশ আৰু প্ৰচাৰৰ বাবে উঠিপৰি লাগিল। অৱশ্যে ইবোৰৰ অন্তৰালত বহুবোৰ নেতাৰ ৰাজনৈতিক অভীপ্সা পূৰণৰ সপোনো যে আছিল, সেয়া স্পষ্টকৈ বুজিব পৰা গৈছিল। সিবোৰ যিয়েই নহওক, এই কথা স্পষ্ট যে অসমীয়া এটা বিকশিত ভাষা, ভাৰতীয় বহুবোৰ ভাষাৰ দৰে অসমীয়া ভাষাও এক শ্ৰুতিমধুৰ ভাষা। ইতিমধ্যেই বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ত এই ভাষাই এক সন্মানজনক স্থান পাবলৈ সক্ষমো হৈছে। অসমত নতুন নতুনকৈ প্ৰকাশিত বহুবোৰ অসমীয়া আলোচনী আৰু বাতৰি কাকতে অসমীয়া ভাষাৰ  বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা ল’বলৈও সক্ষম হৈছিল। কিন্তু অতি দূৰ্ভাগ্যজনকভাৱে অসমত অসমীয়া ভাষাৰ বিকাশৰ বাটটোত যেন এচামে ভেটা দিবলৈ অপচেষ্টা চলালে। অসমত ইতিমধ্যে প্ৰতিষ্ঠিত বহুবোৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা তথৈবচ হৈ আহিল। ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰ যেন চতুৰ্দিশে কাঠফুলাৰ দৰে গজি উঠিল। অসমৰ অভিভাৱকবোৰেও এই ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ নিজৰ ল’ৰা-ছোৱালীবোৰক পঠিয়াই যেন তথাকথিত ইংৰাজ ভদ্ৰলোক হোৱাৰ জালখনতহে ভৰি দিলে। নিজৰ ল’ৰা-ছোৱালীবোৰক অসমীয়া মাধ্যমত পঢ়ুৱালে যেন লোকদৃষ্টিত সৰু হৈ যাব,এনেকুৱা এক মানসিকতাই গা কৰি উঠিল। তদুপৰি আটাইতকৈ দূৰ্ভাগ্যৰ কথাটো হ’ল অসমত খিলঞ্জীয়া অসমীয়াৰ দ্বাৰা গঠন হোৱা চৰকাৰখনেও যেন অসমীয়া ভাষাক এলাগী কৰিবলৈ আৰু এখোজ আগবাঢ়ি আহিল। ‘অসম লোকসেৱা আয়োগ’ৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া প্ৰশ্নকাকতখন উঠাই দি চৰকাৰখনৰ অসমীয়া ভাষা বিদ্বেষী মনোভাৱ আৰু বেছি স্পষ্ট কৰি তুলিলে। ইতিমধ্যে ‘অসম লোকসেৱা আয়োগ’ৰ দ্বাৰা কেবাগৰাকী অসমীয়া ভাষাৰ ‘অ’টোও নজনা  বিষয়া পৰ্যায়ৰ লোকক নিযুক্তি দি প্ৰমাণ কৰিলে যে অসমত অসমীয়া ভাষাৰ আৱশ্যকতা ইমান গুৰুত্বপূৰ্ণ নহয়।শেহতীয়াকৈ চৰকাৰী নিযুক্তি লাভৰ লেখিয়া নাইবা কাৰিকৰী উচ্চশিক্ষা গ্ৰহণ কাৰ্যতো স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ( পি.আৰ.চি.) ৰ আৱশ্যকতা নাই বুলি যি চৰকাৰী

বিজ্ঞাপন দিলে, সিবোৰেও এই চৰকাৰখনৰ যে অসমীয়া ভাষাৰ প্ৰতি কোনো দায়বদ্ধতা নাই তাকেই প্ৰতীয়মান কৰিলে। অতি আশ্চৰ্যজনকভাৱে  ইমানদিনে অসমীয়া ভাষাৰে সুন্দৰকৈ চলি অহা বিদ্যালয়তো গণিত আৰু বিজ্ঞান বিষয় দুটাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাৰ প্ৰৱৰ্তনৰ দ্বাৰা অসমীয়া ভাষাৰে গণিত আৰু বিজ্ঞান বিষয়ত আগবাঢ়ি যোৱাৰ ৰাস্তা বন্ধ কৰিবলৈ যত্ন কৰা হ’ল। অসমত প্ৰচলিত অসমীয়া ভাষাৰ বাতৰিকাকত (অসমীয়া প্ৰতিদিনৰ বাহিৰে) সমুহৰো চাৰ্কুলেচন দ্ৰুত গতিত কমি অহালৈ চাই এইখন অসমতেই যেন ক্ৰমাৎ অসমীয়া ভাষাৰ চৰ্চাৰ বাট ৰুদ্ধ হ’বলৈ গৈ আছে, তেনেকুৱা অনুভৱেই হয়। অসমত অসমীয়া ভাষাৰ পৰিবৰ্ধনৰ বাবে অসমৰ অসমীয়া ভাষাপ্ৰেমী প্ৰতিজন লোকৰ লগতে অসম চৰকাৰৰো যথেষ্ট কৰণীয় আছে। যিবোৰ অসমীয়া বাতৰি কাকতে আৰ্থিক অনাটনত জুৰুলা হৈও অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দি প্ৰকাশ কৰি আহিছে, তেনেবোৰ বাতৰিকাকতলৈ চৰকাৰে অধিক মনোযোগ দিয়াটো অতি জৰুৰী বুলি ভাবোঁ; ঠিক তেনেকৈ অসমীয়া বাতৰিকাকতত দেখিবলৈ পোৱা দুই/চাৰিটা সৰুসুৰা বানান বিভ্ৰাটক লৈ যিসকল অসমীয়াই হৈ-চৈ লগাই,তেওঁলোকে প্ৰকাৰান্তৰে অসমীয়া ভাষাৰ বিকাশৰ অন্তৰায় ৰূপেহে ঠিয় দিয়া যেন লাগে। মোৰ দৃষ্টিত দুই এক বৈয়াকৰণিক অশুদ্ধতা থাকিলেও তেনেকুৱা বাতৰিকাকত প্ৰকাশত উৎসাহ যোগোৱাৰ সলনি তেওঁলোকে নিৰুৎসাহিত কৰা কাৰ্যৰ পৰা বিৰত থাকিব লাগে। অসমত অসমীয়া ভাষাৰ অৱস্থা ভৱিষ্যত অধিক টনকিয়াল কৰিবলৈ হ’লে ইংৰাজী মাধ্যমৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ওপৰত চৰকাৰী বা বেচৰকাৰী প্ৰচেষ্টা অধিক হ’ব লাগিব। চৰকাৰেও এই কথাত অধিক মনোযোগ দিব লাগিব যে অসমৰ এখনো অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হ’ব নোৱাৰিব। তদুপৰি যিবোৰ সংস্থা বা অনুস্থান বা আলোচনী বা বাতৰিকাকতে অসমীয়া ভাষাৰ বিকাশৰ বাবে অহৰ্নিশে লাগি আছে, তেনেবোৰ অনুস্থানক বা বাতৰিকাকতক অধিক আৰ্থিক অনুদান দি হ’লেও অৱস্থাৰ উন্নতি কৰণত চৰকাৰ দায়িবদ্ধ হ’ব লাগিব। ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলা কাৰ্যত চৰকাৰে উদ্গনি দিয়াৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত যথোচিত গুৰুত্ব প্ৰদান কৰক।

✍️পুলেন গোস্বামী
      বৰমা
     ফোন নং: ৭৬২৭৯১২১৮৪

ভাৰতৰ প্ৰথম স্বদেশীভাৱে বিকশিত পেটেণ্টযুক্ত মহ প্ৰতিৰোধক…

মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বিৰুদ্ধে যুঁজখনত ভাৰতে এক যুগান্তকাৰী বৈজ্ঞানিক মাইলৰ খুঁটি অৰ্জন কৰিছে। গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ বিজ্ঞানীসকলে নিজৰ অংশীদাৰসকলৰ সহযোগত মুকলি কৰিলে ‘ৰেন’ফ্লুথ্ৰিন’ – ভাৰতৰ প্ৰথমটো থলুৱাভাৱে বিকশিত আৰু পেটেণ্টযুক্ত সামগ্ৰী, যিয়ে মহ নিয়ন্ত্ৰণৰ বাবে আটাইতকৈ ফলপ্ৰসূ লিকুইড ভেপ ৰাইজাৰ প্ৰস্তুত কৰিছে। ভাৰতত বৰ্তমান উপলব্ধ লিকুইড ভেপ’ৰাইজাৰ ফৰ্মেটৰ আন যিকোনো পঞ্জীয়নভুক্ত প্ৰস্তুতিৰ তুলনাত ৰেন’ফ্লুথ্ৰিনৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰী সমূহ মহ প্ৰতিৰোধৰ ক্ষেত্ৰত দুগুণ অধিক ফলপ্ৰসূ। চিআইবি এণ্ড আৰচিৰ কঠোৰ পৰীক্ষণ আৰু অনুমোদনে ইয়াৰ কাৰ্যকাৰিতা আৰু সুৰক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। জিচিপিএল আৰু অংশীদাৰসকলে ‘ৰেনোফ্লুথ্ৰিন’ আৰু ইয়াৰ ফৰ্মুলেচনসমূহ বিকশিত কৰিবলৈ ১০ বছৰতকৈও অধিক সময় ধৰি গৱেষণা আৰু উন্নয়নত ব্যাপক বিনিয়োগ কৰিছিল।

ভাৰতত বৰ্তমান উপলব্ধ লিকুইড ভেপ’ৰাইজাৰ ফৰ্মেটৰ আন যিকোনো পঞ্জীয়নভুক্ত ফৰ্মুলেচনসমূহৰ তুলনাত ৰেন’ফ্লুথ্ৰিনৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহ মহৰ বিৰুদ্ধে দুগুণ অধিক ফলপ্ৰসূ। চেণ্ট্ৰেল ইনচেক্টিচাইড বৰ্ড এণ্ড ৰেজিষ্ট্ৰেচন কমিটী (চিআইবি এণ্ড আৰচি)ৰ কঠোৰ পৰীক্ষণ আৰু অনুমোদনে ইয়াৰ কাৰ্যকাৰিতা আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জিচিপিএলৰ এমডি এণ্ড চিইঅ’ সুধীৰ সীতাপতিয়ে এই বিষয়ে কয় যে, এই উদ্ভাৱনে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিছে কাৰণ এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা সামগ্ৰী আমদানি কৰিব নালাগে। এনোফিলিছ, ইডিছ আৰু কিউলেক্সৰ লগতে অন্যান্য সচৰাচৰ মহৰ প্ৰজাতিৰ বিৰুদ্ধে ফলপ্ৰসূ সোপান হৈছে ৰেন’ফ্লুথ্ৰিন।

অনন্ত-ৰাধিকাৰ বিবাহত পুৰোহিত কোন আছিল? কিমান পইচা ল’লে পুৰোহিতে…

শুকুৰবাৰে বিবাহপাশত আবদ্ধ হয় মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টে। তিনিদিন ধৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে আম্বানীৰ বিবাহ অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’। বিভিন্ন ধৰণৰ তথ্যও পোহৰলৈ আহিছে।আনহাতে অনন্ত আৰু ৰাধিকাৰ লগতে চৰ্চালৈ আহিছে পুৰোহিতো। নেটিজেনসকল কৌতুহলী। বিয়াৰ বাবে তেওঁ আম্বানীসকলৰ পৰা কিমান পাৰিশ্ৰমিক লৈছে সেই বিষয়ে জানিবলৈ।


তথ্য অনুসৰি অনন্ত আৰু ৰাধিকাৰ বিবাহৰ পুৰোহিত আছিল পণ্ডিত চন্দ্ৰশেখৰ শৰ্মা। পুৰোহিতৰ পদৰ উপৰিও তেওঁ জ্যোতিষৰো চৰ্চা কৰিছিল। ইয়াৰ উপৰিও তেওঁ আধ্যাত্মিক গুৰু হিচাপেও পৰিচিত।অনন্ত আৰু ৰাধিকাৰ বিবাহ অনুষ্ঠানৰ বাবে মাত্ৰ ২৫ হাজাৰ টকাৰ মাচুল লৈছিল।

বানৰ পাছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত ১৮৭জন লোক আক্ৰান্ত…

বানৰ পাছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক। ২৪জিলাৰ ১৮৭জন লোক আক্ৰান্ত জাপানীজ এনকেফেলাইটিছত। ১এপ্ৰিলৰ পৰা GMCHত ভৰ্তি ২২গৰাকী লোক, মৃত্যু ৫গৰাকীৰ।

৩৫ খন জিলাৰ ভিতৰত যোৰহাট জিলাত JE ত আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক

দ্বিতীয় সৰ্বাধিক – ধেমাজি , ডিব্ৰুগড়

তৃতীয় সৰ্বাধিক – শিৱসাগৰ

যোৰহাট জিলাত JEত আক্ৰান্ত- ৪০ , মৃত্যু ১
বৰপেটা জিলাত – ১৩
ধেমাজি – ১৬ , মৃত্যু ২
ডিব্ৰুগড় – ১৬
গোলাঘাট – ১৩
শিৱসাগৰ – ১৫ , মৃত্যু ৩
লখিমপুৰ – ৯ ,
কামৰূপ R – ৭ , মৃত্যু ১


কামৰূপ মহানগৰ – ৫
শোণিতপুৰ – ৬ , মৃত্যু ১
নগাঁও – ৬
মৰিগাঁও – ৭
বিশ্বনাথ – ৩
চৰাইদেউ – ৬
দৰং – ৫
তিনিচুকীয়া – ৬
নলবাৰী – ৪
গোৱালপাৰা – ২
বঙাইগাঁও – ২
কাৰ্বি আংলং পূৱ – ২
কাৰ্বি আংলং পশ্চিম – ১
কোকৰাঝাৰ – ১
বাক্সা – ১
মাজুলী – ১

মঙলদৈত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা…

মঙলদৈত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা৷ হেডগেৱাৰ সেৱা সমিতিৰ দ্বাৰা সনাতনী হিন্দু সকলৰ পৱিত্ৰ ধৰ্মপুথি শ্ৰীমদ্ভাগৱত গীতাৰ আধাৰত ব্যৱহাৰিক জীৱনত গীতাৰ প্ৰাসংগিকতা বিষয়ক এখনি বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে বশিষ্ঠ বুজৰবৰুৱা৷

মঙলদৈ জিলা পুথি ভড়ালত অনুষ্ঠিত সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ মাজত গীতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নৱ প্ৰজন্মক গীতাৰ প্ৰতি আকৃষ্ট কৰাৰ মহান উদ্যেশ্য আগত ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটিত উপস্থিত থাকে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী৷