Home Blog Page 657

ৰঙিয়া মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ ধৃতিস্মিতা কলিতাৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল…

ৰঙিয়া মূৰাৰা গাঁওৰ নিবাসী শ্ৰী গোপাল কলিতাৰ জ্যেষ্ঠ কন্যা তথা ৰঙিয়া মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ এগৰাকী মেধাৱী ছাত্ৰী শ্ৰী ধৃতিস্মিতা কলিতাই সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সংস্কৃত

বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি সমগ্ৰ ৰঙিয়াৰ লগতে মহাবিদ্যালয় খনলৈ গৌৰৱ তথা সুনাম কঢ়িয়াই অনাৰ শুভ ক্ষণত ধৃতিস্মিতালৈ আন্তৰিক শুভেচ্ছা

আৰু অভিনন্দন জ্ঞাপন কৰিলে ৰাজ্য়িক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতাই ।

ছত্তিশগড়ৰ ৰাজ্যপাল ৰূপে শপত ললে অসম সন্তান ৰমেন ডেকাই…

ছত্তিশগড়ৰ ৰাজ্যপালৰ দায়িত্বত অসম সন্তান। ছত্তিশগড়ৰ ৰাজ্যপাল ৰূপে শপত ললে ৰমেন ডেকাই।

প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ছত্তিশগড়ৰৰ মুখ্যমন্ত্ৰী লগতে বিধায়ক সকলো।

কেৰালাৰ ৱায়নাডত মহাপ্ৰলয় ! বান- ভূমিস্খলনত এতিয়ালৈকে শিশুসহ ১২৩ জনৰ মৃত্যু, আঘাতপ্ৰাপ্ত ১৩০ জন…

কেৰালাৰ ৱায়নাডত মহাপ্ৰলয় ! বান- ভূমিস্খলনত এতিয়ালৈকে শিশুসহ ১২৩ জনৰ মৃত্যু, আঘাতপ্ৰাপ্ত ১৩০ জন।

এতিয়ালৈকে সেনা জোৱানে উদ্ধাৰ কৰিছে ১০০০ৰো অধিক লোকক। কেৰালাৰ ৱায়নাডত মহাপ্ৰলয়! বান- ভূমিস্খলনত এতিয়ালৈকে শিশুসহ ১২৩ জনৰ মৃত্যু, আঘাতপ্ৰাপ্ত ১৩০ জন।

এতিয়ালৈকে সেনা জোৱানে উদ্ধাৰ কৰিছে ১০০০ৰো অধিক লোকক।

ইফালে, ঘটনাস্থলীলৈ গৈ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জৰ বাহনখনে মালাপ্পুৰম জিলাৰ মাঞ্জেৰীৰ ওচৰত এক সৰু দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে । স্বাস্থ্যমন্ত্ৰীগৰাকী বৰ্তমান মাঞ্জেৰী মেডিকেল কলেজত চিকিৎসাধীন ৷ আন কোনো লোকৰ বৃহৎ আঘাত হোৱা নাই বুলি জানিব পৰা গৈছে ।

মন্ত্ৰী জৰ্জে ভুক্তভোগীসকলক প্ৰয়োজন হ’লে অস্থায়ী চিকিৎসালয় স্থাপনৰ কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে । স্বাস্থ্যকৰ্মী আৰু জনসাধাৰণ উভয়কে সহায় কৰিবলৈ স্থাপন কৰা 24×7 নিয়ন্ত্ৰণ কক্ষ, কেৰেলাৰ স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কাম-কাজৰ বিষয়েও পৰ্যালোচনা কৰে ।

সৰুপথাৰত #GO FOR GOLD LOVLINA শীৰ্ষক অনুষ্ঠান…

টকীয় অলিম্পীকত বস্কিংত ব্ৰঞ্জৰ পদক জয়েৰে ভাৰতবৰ্ষলৈ গৌৰৱ কঢিয়াবলৈ সক্ষম হোৱা লাভলীনা বৰগোঁহাইয়ে পুনৰ এইবাৰ পেৰিচ অলিম্পিকত অংশগ্রহণ কৰিব। লাভলীনাক উৎসাহিত কৰিবৰ কাৰণে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিশেষ তৎপৰতাত ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱনত লাভলীনাক উৎসাহিত কৰিবৰ বাবে #GO_FOR_GOLD_LOVLINA শীৰ্ষক অনুষ্ঠান আয়োজন কৰা হয়৷


লাভলীনাক উৎসাহিত কৰা উদেশ্যে আয়োজন কৰা অনুষ্ঠানত আৰক্ষী মহাপৰিদৰ্শক দেবজ্যোতি মুখার্জী, নুমলীগড় শোধনাগাৰ কাৰিকৰী সঞ্চালক গিৰিশ কুমাৰ বৰা, নুমলীগড় শোধনাগাৰৰ মহাপ্ৰবন্ধক মিন্টু সন্দিকৈ, গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, ধনশিৰি মহকুমাধিপতি শ্ৰেয়া সিংহালকে ধৰি সকলো দল-সংগঠন আৰু বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিতি থাকে।

অৱশেষত উদ্ধাৰ দেৰগাঁৱৰ বালিদোৱাৰ বিজয় বৰাৰ নিথৰ দেহ…

অৱশেষত উদ্ধাৰ দেৰগাঁৱৰ বালিদোৱাৰ বিজয় বৰাৰ মৃতদেহ।


আজি পুৱাৰ ভাগত চলোৱা SDRFৰ অভিযানত উদ্ধাৰ হৈছে বিজয় বৰাৰ মৃতদেহ।


মঙ্গলবাৰে বিয়লি পানীত পৰি সন্ধানহীন হৈছিল লোকজন।


ঘৰৰ কাষতে থকা এখন বিল সাঁতুৰি পাৰ হওঁতেই হঠাৎ পানীত ডুব যায় লোকজন।


মৃতদেহ উদ্ধাৰ পাছতেই বাস গৃহত সৃষ্টি হৈছে কান্দোনৰ ৰোল।


পৰিয়ালৰ এক মাত্ৰ উপাৰ্জন কাৰি আছিল বিজয় বৰা ।


ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চঞ্চল্য।

কেৰালাৰ ৱায়নাডত বান-ভূমিস্খলনত মৃতকৰ সংখ্যা ১৫৬লৈ বৃদ্ধি…

কেৰালাৰ ৱায়নাডত বান-ভূমিস্খলনত মৃতকৰ সংখ্যা ১৫৬লৈ বৃদ্ধি।

যুদ্ধৰ গতিৰে সেনাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

এতিয়ালৈকে সেনা জোৱানে উদ্ধাৰ কৰিছে ১০০০ৰো অধিক লোকক।

শোকাৱহ ঘটনাৰ পাছতে টুইটযোগে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

মাজুলীত হাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলা…

মাজুলীত হাত নাও দুর্ঘটনা
হাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলা
সন্ধানহীন মহিলাগৰাকী জেতুকী পেগু
মাছ মাৰিবলৈ যাওঁতে নাৱৰ পৰা পৰি সন্ধানহীন মহিলাগৰাকী


উজনি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত এই দুর্ঘটনা
পানী সোমোৱাৰ ফলতে দুর্ঘটনাত পতিত নাওখন
উজনি মাজুলীৰ জাবৰচুক কাঠনিত এই শোকাৱহ ঘটনা


সন্ধিয়া মাছ ধৰিবলৈ গৈছিল ৪ গৰাকী মহিলা
ইয়াৰে এগৰাকী মহিলা পৰি যায় ব্ৰহ্মপুত্ৰত
ঘটনাস্থলীত SDRF উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান

বৰষুণৰ বতৰত পকৰালৈ মনত পৰেনে? পকৰা সোৱাদে বাৰিষাত আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে…

বাৰিষাৰ সময়ত পকৰা খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। সাধাৰণতে ঘৰত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে পকৰা বনোৱাৰ প্ৰস্তুতিও আৰম্ভ হয়। কিন্তু জানেনে, এই সুস্বাদু পকৰা আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

বাৰিষাত আৰ্দ্ৰতা আৰু গৰমৰ বাবে বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰ দ্ৰুতগতিত বৃদ্ধি পায়। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ বা দূষিত পানীৰ বাবে এই বেক্টেৰিয়া পকৰাত প্ৰৱেশ কৰি খাদ্য বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

পকৰাত অধিক পৰিমাণৰ তেল থাকে আৰু ইয়াত পুষ্টিকৰ উপাদানৰ অভাৱ। নিয়মিতভাৱে পকৰা খালে মেদবহুলতা, উচ্চ কলেষ্টেৰল, হৃদৰোগ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

স্বাস্থ্যকৰ পকৰা খাব বিচাৰিলে পকৰা ভাজিবলৈ ঘিউ ব্যৱহাৰ কৰিব লাগে। ঘিউ ব্যৱহাৰ কৰিলে ইয়াৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ আশংকা বহু পৰিমাণে কমি যায়। মনত ৰাখিব যে বাৰিষাৰ সময়ত বাহিৰৰ কোনো ধৰণৰ ভজা খাদ্য নাখাব।দেশী ঘিউ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়।

হামাছৰ শীৰ্ষ নেতা তেহৰাণ ভ্ৰমণৰ সময়তে হানিয়েকক হত্যা…

হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়েকক হত্যা। তেহৰাণ ভ্ৰমণৰ সময়তে হানিয়েকক হত্যা।

ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত হত্যা ইছমাইলক। ইৰাণ সেনাই প্ৰকাশ কৰিছে এই তথ্য। ইছমাইল হানিয়েকৰ নিৰাপত্তাৰক্ষীকো হত্যা।

কোনে হত্যা কৰিলে এতিয়ালৈকে সেয়া প্ৰকাশ কৰা নাই ইৰাণ সেনাই।

পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবল, উদ্ধোধনী খেলত জয়ী ঘিলামৰা টাউন হাইস্কুল…

লক্ষীমপুৰৰ ঘিলামৰা টাউন হাইস্কুলে পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবলৰ উদ্ধোধনী খেলত কামৰূপ গ্ৰাম্য জিলাৰ ডামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰুদ্ধে ২-০ গ’লত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ মহানগৰীৰ পাশ্বৱৰ্তী টেপেচিয়াস্হিত এল.এন.আই.পি.ই.ৰ ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত খেলখনত আজি ঘিলামৰাৰ হৈ গলৰ পাতনি মেলে প্ৰতিশ্ৰুতিসম্পন্ন লেফট উইংগাৰ টেক বাহাদুৰ চেত্ৰীয়ে (১-০)৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰতিদ্বন্দিতাপূৰ্ণ আৰম্ভণি খেলখনত বিজয়ী ঘিলামৰাৰ হৈ ৫৬মিনিটত দ্বিতীয় গলটো দিয়ে (২-০) পৰিৱৰ্ত খেলুৱৈ প্ৰান্তিক শইকীয়াই৷

মুঠ ৩৫টা দলে অংশগ্ৰহণ কৰা ল’ৰা ১৫বছৰ অনুৰ্দ্ধ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে এল.এন.আই.পি.ই.ৰ ডীন ড° শংকৰজ্যোতি বসুমতাৰীয়ে৷ অনুষ্ঠানত সন্মানীয় ব্যক্তিৰূপে উপস্থিত থাকে এল.এন.আই.পি.ই.ৰ সহকাৰী পঞ্জীয়ক ড° ভাস্কৰজ্যোতি শৰ্মা, সহকাৰী অধ্যাপক ড° সুৰেন্দৰ সিং, জেষ্ঠ ক্ৰীড়া সাংবাদিক হিলদুল গগৈ, চিৰঞ্জীৱ শৰ্মা, অনিৰূদ্ধ যাদৱ, উদয়জিত বুঢ়াগোহাঁই, চন্দন দাস, ফটো সাংবাদিক গুনমনি শৰ্মা, সহকাৰী ক্ৰীড়া সঞ্চালক নৱ বসুমতাৰী, কামৰূপ মেট্ৰ’ জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ আদি৷