Home Blog Page 658

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে সৰৱ আপ

গুৱাহাটী, ১৭ জুলাই – “অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহৰ পৰা ৬৪ গৰাকী চিকিৎসকৰ পদত্যাগে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ব্যৱস্থাপনাহীনতা উদঙাই দিছে। ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰাজ্যখনৰ বিভিন্ন মেডিকেল কলেজৰ ৬৪ গৰাকী চিকিৎসকৰ পদত্যাগ স্বাস্থ্যখণ্ডৰ বাবে এক অশনি সংকেত স্বৰূপ ।

” গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে এইদৰে স্বাস্থ্য বিভাগৰ ব্যৱস্থাপনাহীনতাৰ বিৰুদ্ধে সৰৱ হয়। তেওঁ কয়,” স্বাস্থ্য বিভাগৰ প্ৰকাশিত তথ্য অনুসৰিয়েই পাঁচ বছৰত মুঠ ১৭৪ গৰাকী চিকিৎসকে চাকৰি এৰিছে।

বৰ্তমান খালী হৈ আছে ৭ শতাধিক চিকিৎসকৰ পদ। বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বে স্বাস্থ্য মন্ত্ৰী হিচাপেও দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু ৰাজ্যখনৰ চৰকাৰী হাস্পতাল অথবা মেডিকেল কলেজৰ চিকিৎসক সকলৰ কোনো সমস্যা তেওঁ সমাধান কৰিব পৰা নাই। এয়া তাৰেই প্ৰতিফলন। ” আম আদমী পাৰ্টিয়ে স্বাস্থ্যখণ্ডৰ পৰিবৰ্তনৰ স্বাৰ্থত চিকিৎসক সকলৰ সমস্যা সমাধানৰ লগতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয় তথা মেডিকেল কলেজ হাস্পতালৰ প্ৰয়োজনীয় নিযুক্তিৰ ব্যৱস্থা অবিলম্বে সম্পন্ন কৰিবলৈ চৰকাৰক দাবী জনায়। চৰকাৰী হাস্পতালত খালী পদত নিযুক্তিৰ লগতে আন্তঃগাঁথনি উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।


সংবাদমেলত আপৰ আন এগৰাকী নেতা ৰমেন বৰঠাকুৰে ৰাজ্যৰ সুলভ মূল্যৰ দোকানী সকলৰ প্ৰাপ্য আদায়ৰ দাবীত কৰা আন্দোলনৰ বিষয়টো উত্থাপন কৰে। দীৰ্ঘদিনৰ পৰা অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ সুলভ মূল্যৰ দোকানী সকলে তেওঁলোকৰ পাবলগীয়া কমিছনৰ পৰা বঞ্চিত হৈ আছে। চৰকাৰে তেওঁলোকৰ প্ৰাপ্য শীঘ্ৰে আদায় দিবলৈ বৰঠাকুৰে আহ্বান জনায়।

ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ গেমছত অসমৰ দেৱৰাজ দাসৰ ৰূপৰ পদক লাভ

বেংগালুৰু, ১৭ জুলাই ঃ অসমৰ দেৱৰাজ দাসে ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ প্ৰতিযোগিতাত ৰূপৰ লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ আৰু জুনিয়ৰ পেৰা এথলেটিকছত অংশ লোৱা দেৱৰাজে ল’ৰাৰ ১৭ বছৰ অনূধ্বৰ্ শাখাৰ শ্বটপুটত ৰূপ অৰ্জন কৰিবলৈ সক্ষম হয় বুলি অৱগত কৰিছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে৷ দেৱৰাজে ৫.৮৩ মিটাৰ দলিয়াই দ্বিতীয় স্থানত থাকে৷ ৯.৭০মিটাৰ দলিয়াই সোণ লাভ কৰে ৰাজস্থানৰ লোকেছ গজৰাজে৷ আনহাতে, ব্ৰঞ্জৰ পদক দখল কৰে চণ্ডিগড়ৰ বলজিত সিঙে (৫.০৮ মিটাৰ) ৷

উল্লেখ্য যে তিনিদিনীয়া প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে৷ দেশৰ অন্য ৰাজ্যৰ লগতে প্ৰতিযোগিতাত অসমৰো এটা সাতজনীয়া দলে অংশ লৈছিল৷ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা পেৰা এথলীটসকল হ’ল ঃ ছোৱালীৰ ১৭ বছৰ অনূধ্বৰ্ শাখাত লিশা দাস আৰু মছুমা বেগম৷ ল’ৰাৰ ১৭ বছৰ অনূধ্বৰ্ শাখাত দেবৰাজ দাস, লালৰামছুক হমৰ আৰু অমৰজ্যোতি লাহন৷ তদুপৰি ল’ৰাৰ ১৯ বছৰ অনূধ্বৰ্ শাখাত গীতাৰ্থ শৰ্মা আৰু কৃষানু কৌস্তভ কাশ্যপ ৷

গুৱাহাটীৰ বিৰুবাৰীত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ দুটা পৰিয়ালৰ ৪জন আহত…


গুৱাহাটীৰ বিৰুবাৰীত ভয়ংকৰ ঘটনা
ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ দুটা পৰিয়ালৰ ৪জন আহত


আহত কেইজনক সংকটজনক অৱস্থাত GMCHত ভর্তি


বিস্ফোৰণত অগ্নিদগ্ধ পিতৃ-মাতৃসহ এটি সন্তান

USTM& ERDF প্ৰতিষ্ঠানলৈ ৩ দিনীয়া ভ্ৰমণ বিশ্বৰ আটাইতকৈ কম বয়সীয়া অধ্যাপকৰ…

আমেৰিকাৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া অধ্যাপক হিচাপে বিখ্যাত অধ্যাপক চুবৰ্ণো আইজাক বাৰী। অধ্যাপক বাৰীৰ USTM& ERDF প্ৰতিষ্ঠানলৈ ৩ দিনীয়া ভ্ৰমণ। ২০২৪ চনৰ ১৪ আৰু ১৫ আগষ্টত ইউ এছ টি এমত শৈক্ষিক সমাজৰ সৈতে মিলিত হ’ব অধ্যাপক বাৰী। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৩ আগষ্টত ই আৰ ডি ফাউণ্ডেশ্যন গুৱাহাটীৰ অধীনস্থ বিদ্যালয় দুখন—কেন্দ্ৰীয় পাব্লিক স্কুল বদৰপুৰ আৰু অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত কেন্দ্ৰীয় পাব্লিক স্কুল পাথাৰকাণ্ড পৰিদৰ্শন কৰি “শিশু আৰু বিজ্ঞান” বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিব।


এই ভ্ৰমণৰ সময়ত অধ্যাপক বাৰীয়ে ধাৰাবাহিক বৈজ্ঞানিক বক্তৃতা প্ৰদান কৰাৰ পিছত ইন্টাৰেক্টিভ অধিবেশন আৰু আলোচনা অনুষ্ঠিত কৰিব। ২০১২ চনৰ ৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা অধ্যাপক বাৰীক প্ৰায়ে “আমাৰ সময়ৰ আইনষ্টাইন” বুলি কোৱা হয়। তেওঁৰ অসাধাৰণ বুদ্ধি আৰু বিজ্ঞান আৰু শিক্ষাৰ বিভিন্ন ক্ষেত্ৰলৈ যুগান্তকাৰী অৱদানেৰে তেওঁ বিশ্বক মোহিত কৰিছে।


ইউ এছ টি এমৰ চ্যান্সেলৰ মাহবুবুল হকে কয় যে, “আমি অধ্যাপক চুবৰ্ণো আইজাক বাৰীক আমাৰ কেম্পাছলৈ আদৰণি জনাই আনন্দিত হৈছো।“তেওঁৰ এই ভ্ৰমণে বিশ্বব্যাপী শৈক্ষিক সহযোগিতাৰ পোষকতা আৰু আমাৰ সমাজক বিশ্বমানৰ বুদ্ধিমত্তা আৰু উদ্ভাৱনৰ সুবিধা প্ৰদানৰ প্ৰতি বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাক সূচায়।তেওঁৰ এই ভ্ৰমণে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ মনবোৰক তেওঁলোকৰ শৈক্ষিক আৰু গৱেষণামূলক সাধনাত আৰু অধিক কঠোৰ আৰু অধিক উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব ”।

ভাৰত-ইণ্ডোনেছিয়া-অষ্ট্ৰেলিয়াৰ ত্ৰিপাক্ষিক বৈঠক সম্পন্ন, আঞ্চলিক সামুদ্ৰিক নিৰাপত্তা বৃদ্ধিৰ বাবে সহযোগিতামূলক প্ৰচেষ্টা…

মঙলবাৰে ভাৰত-ইণ্ডোনেছিয়া-অষ্ট্ৰেলিয়া ত্ৰিপাক্ষিক ফ’কাচ পইণ্টৰ বৈঠক অনুষ্ঠিত হয়৷ ভাৰত-ইণ্ডোনেছিয়া-অষ্ট্ৰেলিয়া ত্ৰিপাক্ষিক ফ’কেল পইণ্টৰ বৈঠকত তিনিও পক্ষই ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ (আই পি অ’ আই) আৰু ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েটি (আই অ’ আৰ এ)ৰ পৰিকাঠামোৰ অধীনত সহযোগিতাৰ সুযোগ বিচাৰি আলোচনাত মিলিত হয় ।ভাৰতীয় পক্ষৰ নেতৃত্বত যুটীয়া সচিব (অ’চেনিয়া আৰু ইণ্ডো-পেচিফিক) পাৰমিতা ত্ৰিপাঠী, ইণ্ডোনেছিয়াৰ পক্ষৰ নেতৃত্বত আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰশান্ত মহাসাগৰীয় আৰু মহাসাগৰীয় পৰিক্ৰমা সঞ্চালক আদি জুলফুৱাট আৰু অষ্ট্ৰেলিয়াৰ পক্ষৰ নেতৃত্বত আছিল প্ৰথম সহায়িকা চাৰা ষ্ট’ৰী, যি বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য বিভাগৰ দক্ষিণ আৰু মধ্য এছিয়া বিভাগৰ সচিব।

বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিযোগে কয়, ‘‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ (আই পি অ’ আই) আৰু ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনৰ (আই অ’ আৰ এ) ব্যৱস্থাৰ কাঠামোৰ অধীনত সামুদ্ৰিক ডমেইন সজাগতা, সাগৰীয় প্ৰদূষণ আৰু নীলা অৰ্থনীতিৰ সহযোগিতাকে ধৰি সহযোগিতাৰ সুযোগ অন্বেষণৰ বাবে তিনিও পক্ষই আলোচনা কৰে।’’ভাৰত, ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়াই নিজৰ ভাগ-বতৰাৰ মূল্যবোধক আগুৱাই নিয়াৰ লগতে মুক্ত, মুকলি, সৰ্বাংগীন, শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দিশত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। ইয়াৰ পূৰ্বে মে’ মাহত কোচিৰ আই এন এছ দ্ৰোণাচাৰ্যত ১৫ মে’ৰ পৰা ১৭ মে’লৈ ভাৰত-অষ্ট্ৰেলিয়া-ইণ্ডোনেছিয়া ত্ৰিপাক্ষিক সামুদ্ৰিক সুৰক্ষা কৰ্মশালাৰ (টি এম এছ ডব্লিউ) দ্বিতীয় খণ্ড অনুষ্ঠিত হৈছিল।কৰ্মশালাখনৰ বিষয়বস্তু আছিল ‘ভাৰত মহাসাগৰীয় অঞ্চল’৷ এয়া আঞ্চলিক সামুদ্ৰিক নিৰাপত্তা বৃদ্ধিৰ বাবে সহযোগিতামূলক প্ৰচেষ্টা৷ তিনিখন সামুদ্ৰিক প্ৰতিবেশী দেশৰ মাজত চলি থকা সামুদ্ৰিক সুৰক্ষা প্ৰত্যাহ্বান আৰু সহযোগিতাৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰিবলৈ এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল ।দক্ষিণ নৌসেনা কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত এই কৰ্মশালাতঅংশগ্ৰহণকাৰী তিনিখন দেশৰ নৌসেনাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা দেখা যায়।

‘ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিবলৈ এতিয়াও বাকী : লুৰীণজ্যোতি গগৈ…

‘ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিবলৈ এতিয়াও বাকী। অপেক্ষা কৰক, কিছুদিন পাছতে আহি আছে ভয়াৱহ ছুনামি।

কথাবোৰ এতিয়াই ৰাজহুৱাকৈ কোৱাৰ সময় নহয়’।

GUWAHATI, JAN 30 (UNI):- Lurinjyoti Gogoi, president of Assam Jatiya Parishad (A Regional) Political Party) addressing a press conference, in Guwahati on Tuesday. UNI PHOTO-13U

AJPত একাংশ ব্যক্তিৰ যোগদান সন্দৰ্ভত এই মন্তব্য লুৰীণজ্যোতি গগৈৰ।

আপোনাৰ ৰোগ আপোনাৰ ৰাশিৰ সৈতে জড়িত! ৰাশি অনুযায়ী পালন কৰক এই সমূহ নিয়ম…

জ্যোতিষ শাস্ত্ৰৰ মতে এজন ব্যক্তিয়ে ভুগি থকা ৰোগবোৰ ৰাশিৰ লগত জড়িত। কাৰণ প্ৰতিটো ৰাশিয়ে বিভিন্ন অংগ আৰু ইয়াৰ ফলত হোৱা ৰোগবোৰৰ ইংগিত দিয়ে। জ্যোতিষত ১২টা ৰাশিৰ চক্ৰ থাকে। শিশুৰ জন্ম হ’লে সেই সময়ত গ্ৰহ, নক্ষত্ৰ আৰু যোগৰ অৱস্থানৰ ভিত্তিত তেওঁৰ ৰাশিৰ হিচাপ কৰা হয়। ৰাশি অনুযায়ী নিজৰ শৰীৰৰ যত্ন ল’লে আপুনি নিজকে ৰোগৰ পৰা বহু পৰিমাণে আঁতৰাই ৰখাত সফল হ’ব পাৰে।


মেষ ৰাশি- এই ৰাশিৰ লোকসকলে মূৰৰ বিষ, চকুৰ ৰোগ, মুখৰ ৰোগ, মাইগ্ৰেইন, হতাশা সমস্যাত ভুগি থাকে। গতিকে গভীৰ নিশালৈকে কাম কৰা পৰিহাৰ কৰিব লাগে।

বৃষ ৰাশি- হাঁপানী, চকুৰ দৃষ্টিশক্তি, নাক আৰু ডিঙিৰ ৰোগৰ লগতে বৃষ ৰাশিৰ লোকসকল সহজেই ভাইৰাছজনিত ৰোগৰ বলি হয়, সেয়েহে আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত অধিক মনোনিৱেশ কৰিব লাগে।

মিথুন ৰাশি- এই ৰাশিৰ লোকৰ তেজৰ অভাৱ, সংক্ৰমণ, উদ্বেগ, নিউমোনিয়াৰ আশংকা বেছি।

কৰ্কট- কৰ্কট ৰাশিৰ লোক সৰু সৰু কথাবোৰক গুৰুতৰ বিষয় কৰি লৈ বিষণ্ণতাৰ বলি হয়। ধ্যান কৰাটো আপোনালোকৰ বাবে উপকাৰী হ’ব।

সিংহ- এই ৰাশিয়ে পেটক প্ৰতিনিধিত্ব কৰে, সেয়েহে সিংহ ৰাশিৰ লোকসকলে পেটৰ লগত জড়িত সমস্যা, কোষ্ঠকাঠিন্য, বদহজম ৰোগৰ প্ৰতি অধিক সচেতন হোৱা উচিত। নিয়মিত যোগাসন কৰি ফিট হৈ থাকিব পাৰিব।

কন্যা ৰাশি- কন্যা ৰাশিৰ লোকসকল পেটৰ লগত জড়িত ৰোগ যেনে এপেণ্ডিক্স, পেটৰ বিকাৰ, বদহজম, যকৃত আৰু কঁকালৰ বিষৰ প্ৰৱণতা থাকে।

তুলা- এই ৰাশিৰ লোকসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুষম খাদ্যৰ যত্ন লোৱা উচিত।

বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ লোকসকল সহজেই পাইল, যৌন ৰোগ, ড্ৰাগছ আসক্তি আদি ৰোগৰ চিকাৰ হয়।

ধনু- এই ৰাশিৰ লোকসকলে যকৃত আৰু বৃক্কৰ লগত জড়িত ৰোগৰ প্ৰতি সতৰ্ক হ’ব লাগে আৰু মদ একেবাৰে সেৱন কৰিব নালাগে।

মকৰ ৰাশি- মকৰ ৰাশিৰ লোক মানসিক চাপমুক্ত হৈ থাকি অধিক তৰল পদাৰ্থ সেৱন কৰাটো উপকাৰী।

কুম্ভ ৰাশি- এই ৰাশিৰ লোক মানসিক ৰোগ, শৰীৰৰ ক্ৰেম্প, হাড়ৰ বিষ আদি ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।

মীন ৰাশি – মীন ৰাশি জাতক জাতিকা সকলৰ এলাৰ্জী, বাতবিষ, ছালৰ ৰোগ বেছি।

মেকআপ কৰিবলৈ অস্বীকাৰ! কোটি কোটি টকাৰ ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ, বিনা মেকআপত ছবিজগতৰ হিট অভিনেত্ৰী…

চলচ্চিত্ৰ জগতত মেকআপ লুক অন্যতম। মেকআপ লুকৰ উন্মাদনাৰ মাজত মেকআপ নোহোৱাকৈয়ে থকা অভিনেত্ৰী অতি কম। কিন্তু আজি আমি এনে এগৰাকী তাৰকাৰ কথা ক’ম, যিগৰাকী মেকআপ নোহোৱাকৈ ছবিজগতত বিখ্যাত। মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ থকা এইগৰাকী অভিনেত্ৰী নিজৰ প্ৰাকৃতিক ছালখন প্ৰদৰ্শনৰ বাবে বিখ্যাত। এইগৰাকী অভিনেত্ৰী ছবিতো মেকআপ নকৰে, এসময়ত তেওঁ কোটি কোটি টকাৰ ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনৰ প্ৰস্তাৱো নাকচ কৰিছিল। প্ৰতিভা আৰু অভিনয়ৰ জৰিয়তে নিজৰ নাম উজলাই তোলা এইগৰাকী অভিনেত্ৰী আজি এই উদ্যোগৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম।

এই অভিনেত্ৰীগৰাকী হৈছে সাই পল্লৱী, সাই পল্লৱীয়ে এটা পুৰণি সাক্ষাৎকাৰত ছবিত মেকআপ নকৰাৰ কথা কৈছিল। পল্লৱীয়ে কৈছিল যে তেওঁ প্ৰথম ছবিখনত মেকআপ কৰা নাছিল আৰু ভৱিষ্যতেও নকৰে। আনহাতে কিছুমান পৰিচালকে তাইক লাইট মেক-আপ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ ক’লে যে মোৰ অভিনয় মোৰ স্বাভাৱিক চেহেৰাত অধিক স্পষ্টকৈ দেখা যায়। যেতিয়া খং বা লাজ লাগে তেতিয়া মোৰ গাল দুখন ৰঙা হৈ পৰে। পৰিচালকসকলে ভাল পাইছিল মোৰ এই চেহেৰা। গতিকে মই মোৰ ছবিবোৰত বেছিভাগেই আইলাইনাৰ ব্যৱহাৰ কৰো। মই এই কামটো কৰো কাৰণ ইয়াৰ ফলত মোৰ চকু দুটা ডাঙৰ দেখা যায়। পোহৰৰ মাজত মোৰ চকু দুটা সৰু হৈ পৰে।এইদৰে মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।

৪৭ সংখ্যক কে ডি মালভিয়া অসম ৰাজ্যিক ব্ৰীজ চেম্পিয়নশ্বিপৰ ফলাফল ঘােষণা…

শিৱসাগৰ জিলা ব্ৰীজ এছ’চিয়েচনে যোৱা ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ অ’ এন জি চি অফিচাৰ ক্লাব, শিৱসাগৰত অসম ব্ৰীজ এছ’চিয়েচনৰ পৃষ্ঠপোষকতাত আৰু অ’ এন জি চিৰ সহযোগত ৪৭ সংখ্যক কে ডি মালভিয়া অসম ৰাজ্যিক ব্ৰীজ চেম্পিয়নশ্বিপ, ২০২৪ৰ আয়োজন কৰে। এইবাৰ এই প্ৰতিযোগিতাখন ভাৰতৰ প্ৰথম পেট্ৰলিয়াম মন্ত্ৰী প্ৰয়াত কে ডি মালভিয়াৰ নামত উৎসৰ্গা কৰা হৈছিল। এই অনুষ্ঠানত মাজুলী আৰু শিৱসাগৰ জিলাৰ দলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত সৰ্বমুঠ ১৫ টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন উদ্বোধন কৰে অ’ এন জি চিৰ অসম এচেটৰ ই ডি তথা এচেট মেনেজাৰ শ্ৰী ৰাজেশ তিৱাৰীয়ে ।

চেম্পিয়নশ্বিপৰ ফলাফল:

T/4 ডুপ্লিকেট

১ম গ্লেডিয়েটৰ (শ্ৰী – আশীষ দাস / হেমন্ত শৰ্মা /মৃদুল দাস / গৌতম দাস)-

২য় – পিএমডিবিএ (শ্ৰী – জে ৰয়চৌধুৰী/ডি ঘোষ/জি ৰয়/পি পল/এম আচাৰ্যী/আৰ বিশ্বাস)-

৩য় – ডি আই জি ডি বি এ (শ্ৰী – ডি দে/এল ৰহমান/ডি কে শৰ্মা/ডি জে ভট্টাচাৰ্য)-

চতুৰ্থ-কে ডি আৰ চি (শ্ৰী- বি দাস/বি বি নাথ/এম দেব/এ কে মঃ চাহিবুদ্দিন/এছ চক্ৰৱৰ্তী/এ ভট্টাচাৰ্জী)

মাষ্টাৰ পেয়াৰঃ

১ম শ্ৰী-এ ভট্টাচাৰ্জী/এছ চক্ৰৱৰ্তী

২য়-শ্ৰী- ডি ঘোষ/জি ৰয়

৩য়-শ্ৰী- এইচ কে শৰ্মা/এম দাস

চতুৰ্থ-শ্ৰী জে এম দে/এ বৰুৱা

ষ্ট্ৰতা পেয়াৰঃ

১ম-শ্ৰী-এন কে চক্ৰৱৰ্তী/এছ ভট্টাচাৰ্যী

২য় শ্ৰী-এ কলিতা/বি গোস্বামী

৩য় শ্ৰী জি মণ্ডল/আৰ কলিতা

৪ৰ্থ-শ্ৰী এ বৰুৱা/এছ ভাগৱতী

প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ২৮ আগষ্টৰ পৰা ৩১ আগষ্ট ২০২৪ ত গোৱাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আন্তঃৰাজ্যিক ৰাষ্ট্ৰীয় ব্ৰীজ টুৰ্ণামেণ্টত গ্লেডিয়েটৰ (In T/4) আৰু ৩টা মাষ্টাৰ প্লেয়াৰে অসমক প্ৰতিনিধিত্ব কৰিব।

প্ৰতিযোগিতাখনৰ সময়ত অসম ব্ৰীজ এছ’চিয়েচনে এখন স্মৃতিগ্ৰন্থও মুকলি কৰে।

নেটিজনৰ সমালোচনাত বিধ্বস্ত বিগ বী-অনিল কাপুৰ…

মঙলবাৰে কমল আৰ খানৰ এটি গান ‘মেৰে চাথিয়া’ মুক্তি লাভ কৰিলে। এই গীতটোৰ প্ৰম’শ্যনৰ বাবে বলীউদৰ চুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু অনিল কাপুৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। আৰু ইয়াৰ পিছতে আৰম্ভ হ’ল সামাজিক মাধ্যমত বিতৰ্কৰ। কেৱল অমিতাভ বচ্চন আৰু অনিল কাপুৰেই শ্বেয়াৰ কৰা নাছিল, টাইগাৰ শ্ৰ’ফ, ৰাম গোপাল বাৰ্মা, গুৰু ৰ’ন্ধাবা আৰু মধুৰ ভাণ্ডাৰকাৰকে ধৰি বহু চেলিব্ৰিটিয়ে শ্বেয়াৰ কৰিছিল গীতটো।


কিন্তু, অমিতাভ বচ্চন আৰু অনিল কাপুৰে এইধৰণৰ প্ৰম’শ্যন কৰাৰ বাবে সামাজিক মাধ্যমত ব্যাপক ট্ৰ’লৰ সন্মুখীন হ’ল দুয়োগৰাকী। এই সম্পৰ্কত বিভিন্নজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে অমিতাভ বচ্চন আৰু অনিল কাপুৰক লৈ ভিন্ন কটু মন্তব্য কৰা পৰিলক্ষিত হ’ল।

কোনো অমিতাভ বচ্চনক উদ্দেশ্য কৰি এয়া অমিতাভ বচ্চনৰ প্ৰকৃত একাউণ্ট হয় নে নহয় পৰীক্ষা কৰা বুলি উল্লেখ কৰাৰ সমানে অনিল কাপুৰক উদ্দেশ্য কৰি এনে কি প্ৰয়োজনীয়তা আহিল বুলি লিখা পৰিলক্ষিত হ’ল। কেৱল ইমানেই নহয়, সামাজিক মাধ্যমৰ একাংশ ব্যৱহাৰকাৰীয়ে অমিতাব বচ্চনৰ একাউণ্টটো হেক কৰিছে নেকি বুলিও সন্দেহ প্ৰকাশ কৰা দেখা যায়। মুঠৰ ওপৰত বলীউদৰ সম্ৰাটস্বৰূপ দুয়োগৰাকী প্ৰবীণ অভিনেতাই কৰা এটা সামান্য প্ৰম’শ্যনৰ বাবেই নাতিজেনৰ পৰা বাৰুকৈ গালি খোৱাহে দেখা গ’ল।