Home Blog Page 659

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বাংলাদেশৰ প্ৰতিনিধিক আদৰণি…

বাংলাদেশ উচ্চায়ুক্ত, গুৱাহাটীৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে অন্যান্য বিষয়ববীয়াৰ সৈতে ১৫ জুলাই, ২০২৪ তাৰিখে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উপস্হিত হয়। তেখেত সকলৰ এই পৰিদৰ্শনে ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ লগতে জি চি ইউ আৰু বাংলাদেশ বিশ্ববিদ্যালয়ৰ মাজতো সম্ভাৱ্য সহযোগিতা স্থাপন কৰিব বুলি আশা কৰিছে। এই উপলক্ষে আয়োজন কৰা এক অভ্যৰ্থনা অনুষ্ঠানত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ড০ কন্দৰ্প দাসে আদৰণি জনাই কয় যে বৌদ্ধিক বিনিময় আৰু সহযোগিতাৰ ক্ষেত্ৰখন এই ভ্ৰমণৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব।

বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক ড০ জয়ন্ত ডেকাই ভাষণ প্ৰসংগত কয় যে ই ৰাষ্ট্ৰৰ মাজত ব্যৱধান দূৰ কৰি শিক্ষণ আৰু সহযোগিতাৰ দিগন্ত প্ৰসাৰণ কৰাত বিশেষ গুৰুত্ব দিব । শ্ৰীমন্ত শংকৰ একাডেমী চ’চাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসে দেশসমূহৰ মাজত শিক্ষা আৰু সাংস্কৃতিক বুজাবুজিৰ লক্ষ্য বহল কৰাৰ বাবে ফলপ্ৰসূ শৈক্ষিক সন্মিলনৰ গুৰুত্বৰ বিষয়ে বক্তব্য ৰাখে। শ্ৰীযুত ৰুহুল আমিনে শৈক্ষিক আৰু সাংস্কৃতিক বিনিময়ৰ সৃষ্টিৰ বাবে উচ্চ শিক্ষাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে লগতে কয় যে এনে এক অনুষ্ঠানে অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান, গৱেষণা, শিক্ষণ আৰু বৃদ্ধিৰ নতুন পথ মুকলি কৰিব পাৰে। এই সভাত বিশ্ববিদ্যালয়ৰ ডীন, মুৰব্বী অধ্যাপক, বিভিন্ন বিভাগৰ অধ্যাপক, অধ্যাপিকাসকলৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৰু গৱেষণাৰ পণ্ডিতসকল উপস্থিত থাকি এক সৌহাৰ্দ্যপূৰ্ণ সহযোগিতা আৰু পৰিবেশ স্থাপন কৰে, যিয়ে ভাৰত আৰু বাংলাদেশৰ প্ৰতিষ্ঠানসমূহৰ মাজত জ্ঞান আৰু সম্পদৰ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’ব পাৰে l

সৰু বোৱাৰীক ৬৪০ কোটি টকীয়া ভিলা, ২১ কোটিৰ গহনা আৰু ১০৮ কোটি টকীয়া নেকেলেচ উপহাৰ আম্বানীৰ…

বিশ্বতে চৰ্চিত এখন বিবাহ! এই বিবাহ খনেই হৈছে অনন্ত-ৰাধিকাৰ। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত ভাৰত আৰু বিদেশৰ ব্যৱসায়ী, চেলিব্ৰিটি, ৰাজনৈতিক আৰু ক্ৰীড়া ব্যক্তিত্ব উপস্থিত থাকে।সকলোৱে মনত প্ৰশ্ন নীতা আম্বানী আৰু মুকেশ আম্বানীয়ে বোৱাৰীক কি উপহাৰ দিলে?

নীতা আম্বানীয়ে ডুবাইৰ সমীপৰ পাম জুমেইৰাত নিৰ্মিত এখন বিলাসী ভিলা বোৱাৰী আৰু পুত্ৰ অনন্তক বিয়াৰ উপহাৰ হিচাপে উপহাৰ দিছে। পাম জুমেইৰাত নিৰ্মিত এই ভিলাটোৰ মূল্য প্ৰায় ৬৪০ কোটি টকা বুলি প্ৰকাশ পাইছে। মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে পুত্ৰ অনন্তক বিয়াৰ উপহাৰ হিচাপে দিছে বেণ্টলী কন্টিনেণ্টেল জিটিচি স্পীড গাড়ী। এই গাড়ীখনৰ মূল্য ৫ কোটি ৪২ লাখ টকা বুলি কোৱা হৈছে। নতুন কইনাক ২১ কোটি ৭০ লাখ টকাৰ গহণা দিলে নীতা আৰু মুকেশ আম্বানীক। এই সকলোবোৰৰ উপৰিও নীতা আম্বানী আৰু মুকেশ আম্বানীয়ে আম্বানী পৰিয়ালৰ কনিষ্ঠ বোৱাৰী ৰাধিকাক এটা মুকুতা নেকেলেচো দিছে। যাৰ ভাৰতীয় মূল্য প্ৰায় ১০৮ কোটি টকা।

গৰমৰ দিনত ডিচেন্ট্ৰি আৰু ডায়েৰিয়া কিয় হয় জানক…

ৰোগীৰ পেট কামোৰে,পায়খানৰ লগত তেজ আৰু শাওঁ পৰে।ঘনাই পায়ুখানৰ ভাৱ হয় জোৰ দি পায়খানা কৰিব লগিয়া হয়,পেট চিকুট মাৰি ধৰিলে পায়খানা কৰিব লগা হয় পেট চিকুট মাৰি ধৰিলে পায়খানা কৰিব লগা হয় কিন্ত পায়খানা সামান্য পৰিমানে হয়।২৪ ঘন্টাত ১০/১২ বাৰৰ পৰা পৰা ৫০/৬০ বাৰলৈকে পায়খানা হয়।কেতিয়াবা পেটত সাংঘাটিক বিষ হব পাৰে কেতিয়াবা বিষ নথাকে।বহু সময়ত দেখা যায় গ্ৰহনী ৰোগ প্ৰকাশ পোৱাৰ লগে লগে ৰোগীৰ সামান্য পৰিমানে শৰীৰটো ঠাণ্ডা লাগি জ্বৰ হয়,মূৰৰ বিষ হয়,বমি আদি হয়।সাংঘাটিক ধৰনৰ গ্ৰহনী ৰোগত নাড়ীত ঘা লাগে আৰু সেই ঘা লিভাৰলৈকে বিয়পে।লিভাৰত ডাঙৰ ফোহাঁ উৎপন্ন কৰে।ক্ৰমাত ই পাকস্থলীলৈকে বিয়পি পৰি গেষ্ট্ৰিক আলচাৰত পৰিণত হয়।

গ্ৰহনী:গ্ৰহনী দুই প্ৰ্কাৰৰ। ১)বেচিলাৰী

2/এমিবিক

বেচিলাৰী ডিচেণ্ট্ৰী জটিল ধৰনৰ ৰোগ আৰু ইয়াক সহজ আৰোগ্য কৰা টান হৈ পৰে।ৰোগৰ উগ্ৰতা অধিক হলে নাড়িত ঘা হয়।ৰোগীৰ উগ্ৰতা অধিক হলে নাড়ীত ঘা হয়।ৰোগীৰ জ্বৰ থাকে ঘনাই পাতল পায়খানা হয়।পায়খানাৰ লগত তেজ আৰু শাওঁ থাকে।কেতিয়াবা পায়খানাত তেজৰ পৰিমান বেছি হব পাৰে বা কেৱল তেজৰ পায়খানাই হয়।লগত জ্বৰ থাকে।ৰোগীৰ পেটত বিষ থাকে।বেচিলাৰী ডিচেন্ট্ৰী সাধাৰনতে দুই প্ৰকাৰৰ বীজানুৰ পৰা হব পাৰে—

১)Flexner Bacillay’

2/Shiga Bacilus

জাপানৰ বিখ্যাত ডাক্তৰ Shinga ই সৰ্ব প্ৰথমে বেচিলাৰী ডিচেণ্ট্ৰীৰ অস্তিত্ব আৱিস্কাৰ কৰে।এই ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগী এজনৰ অন্ত্ৰত ডাক্তৰ shinga ই এক প্ৰকাৰৰ জীৱানু অবিস্কাৰ কৰে।এই ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগী এজনৰ অন্ত্ৰত ডাক্তৰ shinga ই এক প্ৰকাৰৰ জীৱানু অবিস্কাৰ কৰে আৰু আৰু তেওঁৰ নাম অনুসৰি এই জীবানুৰ নাম ৰখা হয় shinga Baciluss.অতিৰিক্ত জনস্ংখ্যা,পুষ্টিকৰ খাদ্যৰ অভাৱ আদিয়েই এই ৰোগৰ প্ৰধান কাৰন।খাদ্য আৰু পানীৰ দ্বাৰা এই বীজানুৱে বিস্তৃতি লাভ কৰে।

Flexner Bacllus বীজানুৰ পৰা হোৱা গ্ৰহনীত ৰোগীৰ জ্বৰ কম থাকে।পায়খানাৰ লগত তেজ আৰু শাও মিহলি হো থাকে।

ডিচেন্ট্ৰি ৰোগৰ পায়খানাত এমিবা থাকে।ৰোগীৰ পায়খানাৰ পৰা এই বীজানুৱে বীস্তাৰ লাভ কৰে।ডাক্তৰ Lambba শিশুৰ পায়খানাত এমিবা আৱিস্কাৰ কৰিছিল।এই এমিবা বোৰক Entamoeba Histoltica বুলি কোৱা হয়।এইবিলাক আদ্য প্ৰানী জাতীয় বীআনু।ৰোগীৰ পায়খানাৰ পৰা এই ৰোগ বিস্তাৰিত হয়।

কোনো কাৰনে যদি এই ৰোগৰ যিকোনো এবিধ জীৱানু খাদ্য বস্তৰ লগত মিহলি হৈ পেটলৈ যায় তেন্তে সেই মানুহজনৰো এই ৰোগ হব পাৰে।এই প্ৰকাৰৰ ডিচেণ্ট্ৰি লাহে লাহে প্ৰকাশ পায়।ৰোগীৰ পেট চিকুটমাৰি ধৰে আৰু পায়খানাৰ ভাৱ হয়।হলেও সামান্য পৰিমানে পায়খানা হয়।

কি বীজানুৰ পৰা ডিচেণ্ট্ৰী হয় বা কেনদৰে প্ৰকাশ পায় তাক থুলমূলকৈ আলোচনা কৰা হল।কেৱল লক্ষনৰ ওপৰত ভিত্তি কৰিহে হোমিওপেথিক ঔষধ ব্যৱহাৰ কৰা হয়।ৰোগ নিৰ্নয় কৰি ৰোগ আৰু ঔষধৰ লক্ষন মিলাই চিকিৎসা কৰিলে প্ৰায় ৰোগ আৰোগ্য হয়। হোমিওফেথিক চিকিৎসাত পূৰনা ডিচেণ্ট্ৰি(Chronic Dysentery)ৰোগ আৰোগ্য হয়।

ৰহাত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ! জাপানিজ এনকেফেলাটিজত আক্ৰান্ত হৈ মৃত্যু মাধুৰ্য কোঁৱৰৰ…

ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিজৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ।

জাপানিজ এনকেফেলাটিজত আক্ৰান্ত হৈ মৃত্যু আমচৈ নকুছিৰ ১৩ বছৰীয়া মাধুৰ্য কোঁৱৰৰ ।

নকুছিৰ পুণেশ্বৰ কোঁৱৰৰ পুত্ৰ মাধুৰ্য। আঠ দিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছিল মাধুৰ্য।

মঙ্গলবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মাধুৰ্যৰ।

মৰমলগা কিশোৰটিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে, বৃহত্তৰ অঞ্চলটোত ।

ছুপাৰফুডৰ তালিকাত চিয়া গুটি! কিন্তু চিয়া গুটিয়ে উপকাৰৰ তুলনাত বেছি ক্ষতি কৰে…

যোৱা কেইবছৰমানৰ পৰা ছুপাৰফুড হিচাপে অতি জনপ্ৰিয় হৈ পৰিছে চিয়া গুটি। চিয়া গুটি স্বাস্থ্যকৰ, কিন্তু চিয়া গুটি বেছি পৰিমাণে খালে আপোনাৰ শৰীৰ ক্ষতি হ’ব পাৰে। এই সৰু সৰু বীজবোৰত প্ৰচুৰ পৰিমাণে পুষ্টি থাকে, বিশেষকৈ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে চিয়া গুটি বহু পৰিমাণে খাই। কিন্তু চিয়া গুটি বেছি খালে কিছুমান মানুহৰ ক্ষতি হ’ব পাৰে। জানি লওক এই বিষয়ে…


চিয়া বীজত অধিক পৰিমাণৰ আঁহ থাকে, চিয়া গুটি হজমৰ বাবে অতি প্ৰয়োজনীয় যদিও ইয়াৰ অতিৰিক্ত পৰিমাণে পেট ফুলা, গেছ গঠন আৰু কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বিশেষকৈ যিসকলৰ ইতিমধ্যে পাচনতন্ত্ৰৰ সমস্যা আছে, তেওঁলোকে সীমিত পৰিমাণত চিয়া গুটি খাব লাগে।

চিয়া বীজে কিছুমান ঔষধৰ লগত ক্ৰিয়া কৰিব পাৰে, যেনে তেজ পাতল কৰা বা ৰক্তচাপৰ ঔষধ। গতিকে যদি আপুনি কোনো ঔষধ সেৱন কৰি আছে তেন্তে চিয়া বীজ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

চিয়া গুটিয়ে তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। কিন্তু, যদি আপুনি ইতিমধ্যে তেজৰ চেনি কমোৱাৰ ঔষধ খাই আছে, তেন্তে চিয়া গুটি খোৱাৰ ফলত আপোনাৰ তেজৰ চেনিৰ পৰিমাণ অত্যধিক হ্ৰাস পাব পাৰে।

সদায় সীমিত পৰিমাণত চিয়া গুটি খাব লাগে। চিয়া গুটি পানী বা গাখীৰত মিহলাই কিছু সময়ৰ বাবে কাষত ৰাখিব লাগে, যাতে ফুলি উঠিব পাৰে। যদি আপোনাৰ পাচনতন্ত্ৰৰ কোনো সমস্যা বা আন স্বাস্থ্যজনিত অৱস্থা আছে তেন্তে চিয়া বীজ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব।

মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিকসকল বন্যাতৰ কাষত উপস্থিত হৈ আগবঢ়ালে সাহাৰ্য…


মৰিয়নিৰ সংবাদ সেৱাৰ লগত জড়িত সাংবাদিক সকলৰ ঐক্য মঞ্চ মৰিয়নি প্ৰেছ ক্লাব বন্যাতৰ কাষত উপস্থিত হৈ সাহাৰ্য্য আগবঢাই।পূৰ্বৰ টীয়ক সমষ্টি তথা নতুনকৈ মৰিয়নি সমষ্টিত অন্তৰ্ভূক্ত হোৱা মোকালনি, ঘোঁৰা চৰা পথাৰ আৰু ঔগুৰিত মৰিয়নিৰ সাংবাদিকৰ দলটোৱে বন্যাতৰ মাজত বিভিন্ন সাহাৰ্য সামগ্ৰী বিতৰন কৰে।

এশটাৰো অধিক বানপীড়িত পৰিয়ালক সাংবাদিকৰ দলটোৱে খাদ্য সামগ্ৰীৰ টোপোলাৰ উপৰি বিশুদ্ধ খোৱা পানীৰ বটল, ফেনাইল,ব্লিচিংপাউদাৰ, ঔষধ আৰু কাপোৰ প্ৰদান কৰে।মৰিয়নিৰ জেষ্ঠ সাংবাদিক দিপক দত্তৰ নেতৃত্বত যোৱা সাংবাদিকৰ দলটোত সাংবাদিক জ্যোতি প্ৰসাদ গগৈ, জুনটু তাঁতী, গৌৰৱ চুতীয়া,কৃষ্ণ প্ৰশাদ শৰ্মা,

এচাও পানতাঁতী আৰু উত্তম দাসৰ লগতে মৰিয়নি সমাজকৰ্মী বিদ্যুৎ হাজৰিকা উপস্থিত থাকি বানপীড়ত সকলক সাহাৰ্য আগবঢ়ায়।আনহাতে ঔগুৰি অঞ্চলৰ সাংবাদিক তথা সমাজকৰ্মী দ্বীপজ্যোতি শইকীয়া লগতে স্থানীয় গাঁওপ্ৰধান, ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে মৰিয়নি প্ৰেছ ক্লাবৰ সদস্য সকলক সহযোগিতা আগবঢ়াই। মৰিয়নিৰ পৰা কৃষ্ণ প্ৰশাদ শৰ্মাৰ ৰিপৰ্ট

ছাগলীয়া আৰক্ষীৰ অভিযানত ৪৬ টা চোৰাং গৰু সহ চাৰি সৰবৰাহকাৰী আটক…

অসম বংগ সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়াত চোৰাং গৰু ভৰ্তি বাহন জব্দ। ছাগলীয়া আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪৬ টাকৈ চোৰাং গৰু। ধুবুৰীত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। কালি নিশা বিহাৰৰ পৰা বৰপেটা অভিমুখে যোৱাৰ সময়ত ছাগলীয়া আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত এখন আল্ট্ৰা বাহনত তালাচী চলায়।

আৰক্ষীৰ তালাচীত ৪৬ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে চাৰি জনকৈ সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰী ৪ জন বৰপেটা ৰোড’ৰ সাহিদুল ইছলাম আৰু আকতাৰ হুছেইন,

বৰপেটাৰ ছামাদ আলী আৰু নলবাৰীৰ মোজাম্মিল হুছেইন। আনহাতে ছাগলীয়া আৰক্ষীয়ে AS 28 AC 0508 নম্বৰৰ চোৰাং গৰু ভৰ্তি আল্ট্ৰা ট্ৰাক জব্দ কৰে ।

নিউ বঙাইগাঁৱৰ ৰে’লৱে ষ্টেচনৰ পৰা জব্দ ১১খন সোণৰ বিস্কুট ! উত্তৰ প্ৰদেশৰ দুই ব্যক্তিয়ে সৰবৰাহ কৰিছিল সোণখিনি…

নিউ বঙাইগাঁৱৰ ৰে’লৱে ষ্টেচনৰ পৰা জব্দ ১১খন সোণৰ বিস্কুট।

কুণ্ডন কুমাৰ জয়চোৱাল আৰু চান্নি নামৰ দুজন ব্যক্তিকো আটক। উত্তৰ প্ৰদেশৰ দুই ব্যক্তিয়ে সৰবৰাহ কৰিছিল সোণখিনি।

ব্যক্তিকেইজনৰ পৰা GRPয়ে উদ্ধাৰ কৰিছে বিদেশী মুদ্ৰাও।

আজি পহিলা শাওণ! শাওণ মাহত নাখাব গাখীৰ, দৈ, বেঙেনা…

প্ৰতি মাহৰ বাবে পূজাৰ কিছু নিয়ম আছে। শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। এই মাহত নিয়মীয়াকৈ পূজা কৰিলে এজন ব্যক্তিয়ে আকাংক্ষিত ফল লাভ কৰে। এই মাহত কোনবোৰ বস্তু খাব নালাগে জানেনে। শাওণ মাহক হিন্দু শাস্ত্ৰত অতি পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। এই মাহত কোনবোৰ বস্তু খাব নালাগে জানি লওক…

ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ পাবলৈ শাওণ মাহক অতি বিশেষ বুলি গণ্য কৰা হয়। এই মাহত পিয়াজ, নহৰু, মদ, মাদক দ্ৰব্য, মাংস আদি ভুলতেও খাব নালাগে। বিশ্বাস কৰা হয় যে এইবোৰ খালে মানুহৰ শৰীৰত তাপৰ সৃষ্টি হয়, যাৰ বাবে ব্যক্তিজনৰ মন পূজা-পাতলত মনোনিৱেশ কৰিব নোৱাৰে। জ্যোতিষৰ মতে শাওণত বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। কোৱা হয় যে বাৰিষাৰ সময়ত বেঙেনাত পোক-পৰুৱাৰ আক্রমণ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে এই মাহত এজন ব্যক্তিয়ে এনেধৰণৰ বস্তু যিমান পাৰে পৰিহাৰ কৰিব লাগে।

আচলতে এজন ব্যক্তিক সুস্থ হৈ থাকিবলৈ সেউজীয়া পাতৰ শাক-পাচলি খাবলৈ কোৱা হয়। কিন্তু শাওণৰ সময়ত এজন ব্যক্তিয়ে এই শাক-পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে এই বতৰত পাতল পাচলিত বেক্টেৰিয়া আৰু ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পায়। শাওণ মাহত ঘাঁহত অধিক বেক্টেৰিয়া, ভাইৰাছ আৰু পোক-পৰুৱা বাঢ়ি যায়, যিবোৰ গৰু-ম’হে খায়। ইয়াৰ বাবে গৰু আৰু ম’হৰ গাখীৰ দূষিত হয়। এনে অৱস্থাত আপুনি শাওণত কেঁচা গাখীৰ নাখাব। দৈ কেৱল গাখীৰৰ পৰা তৈয়াৰ কৰা হয়, সেয়েহে এই সময়ছোৱাত দৈ খোৱাটোও নিষিদ্ধ। কোৱা হয় যে দৈ সোনকালে নষ্ট হয়, যাৰ বাবে ভাইৰাছে সোনকালে জন্ম লয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে ! জাপানীজ এনকেফেলাইটিছৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব জানক…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । এনকেফেলাইটিছৰ ক্ষেত্ৰত কিউলেক্স প্ৰজাতিৰ মহৰ কামোৰত প্ৰথমে জ্বৰ হয় । তাৰ পিচত লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটে । সেয়ে এই ভয়াৱহ ৰোগবিধৰ লক্ষণ তথা সাৱধানতাসমূহ জানি লওক ৷

-এই ভাইৰাছৰ প্ৰাথমিক সংক্ৰমণ চক্ৰ কেনে ধৰণৰ?

এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ঘৰচীয়া গাহৰি আৰু চৰাইক কামোৰাৰ ফলত মহৰ গালৈ এই ভাইৰাছ সংক্ৰমিত হয়। এনে মহে যেতিয়া মানুহ বা আন প্ৰাণীক কামোৰে তেতিয়াই ইয়াৰ দ্বাৰা কামোৰা প্ৰাণী সংক্ৰমিত হয়। ঘৰচীয়া গাহৰি আৰু বনৰীয়া চৰাইৰ দেহৰ তেজৰ মাজত এই ভাইৰাছৰ বৃদ্ধি হয়।

আক্ৰান্ত ব্যক্তিৰ গাৰ পৰা এই ৰোগ ওচৰত থকা এজনলৈ বিয়পিব পাৰেনে?

নোৱাৰে, জাপানীজ এনকেফেলাইটিছ মানুহৰ স্পৰ্শৰ যোগে সোঁচৰা বেমাৰ নহয়। উদাহৰণস্বৰূপে, আক্ৰান্ত ব্যক্তিক বা ব্যক্তিয়ে স্পৰ্শ কৰিলে চুমা খালে, অথবা এনে ৰোগীক চিকিৎসা কৰি থকা স্বাস্থ্যকৰ্মীৰ জৰিয়তে এই ৰোগ বিয়পিব নোৱাৰে।

জাপানীজ এনকেফেলাইটিছৰ লক্ষণ

চিডিচিৰ মতে জাপানীজ এনকেফেলাইটিছ (JE) ভাইৰাছে প্ৰায়ে কোনো লক্ষণ দেখা নিদিয়ে । কিন্তু, এই লক্ষণসমূহৰ বেছিভাগেই প্ৰাৰম্ভিক স্তৰত দেখা যায় ।

  • জ্বৰ
  • মূৰৰ বিষ
  • বমি
  • মানসিক অৱস্থাৰ পৰিৱৰ্তন
  • স্নায়ুজনিত লক্ষণ
  • দুৰ্বলতা
  • গতিবিধি
  • এটেক (শিশুৰ ক্ষেত্ৰত)

ভাৰতত এই ৰোগৰ কিবা ঔষধ পোৱা যায়নে?

পোৱা যায়। ইনএক্টিভেটেড মাউছ ষ্টেইন- ভেৰিভেট জাপানীজ এনকেফেলাইটিছ ভেকছিন নামৰ এই ঔষধ হিমাচল প্ৰদেশৰ কৌশলীত থকা কেন্দ্ৰীয় গৱেষণা প্ৰতিস্থানত প্ৰস্তুত কৰা হয়।

জাপানীজ এনকেফেলাইটিছৰ কোনো বিশেষ চিকিৎসা উপলব্ধ নহয় । ইয়াৰ লক্ষণৰ ভিত্তিত চিকিৎসকে চিকিৎসা কৰে । জিৰণি, তৰল পদাৰ্থ, আৰু বিষনাশক ঔষধে কিছুমান লক্ষণৰ পৰা উপশম পাব পাৰে । সাধাৰণতে যত্ন আৰু পৰ্যবেক্ষণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হয় ।

জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ আটাইতকৈ উত্তম উপায় হ’ল মহৰ পৰা নিজকে ৰক্ষা কৰা । ইয়াৰ বাবে লং স্লীভ চাৰ্ট আৰু পেণ্ট পৰিধান কৰক । লগতে জাপানীজ এনকেফেলাইটিছৰ পৰা পৰিত্ৰাণ পাবলৈ তলত উল্লেখিত এই টিপছসমূহ মানি চলিব পাৰে ৷