Home Blog Page 66

Himanta Biswa Sarma: টিকটৰ নামত কোটি কোটি টকা লোৱাৰ অভিযোগ, কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰীৰ

টিকটৰ নামত কোটি কোটি টকা লোৱাৰ অভিযোগ
টিকটৰ নামত কোটি কোটি টকা লোৱাৰ অভিযোগ

মিঞা মুছলমান(Himanta Biswa Sarma)অধ্যুষিত বিধানসভা সমষ্টিত কংগ্ৰেছৰ টিকট পোৱাৰ নামত বৃহৎ অংকৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে। তেওঁৰ কয়, কংগ্ৰেছৰ টিকট প্ৰদান ব্যৱস্থা সম্পূৰ্ণৰূপে ধনকেন্দ্ৰিক। শুকুৰবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মিঞা মুছলমান অধ্যুষিত যিসমূহ সমষ্টি আছে, সেইসমূহত কংগ্ৰেছে প্ৰতিটো টিকটৰ বিনিময়ত তিনিৰ পৰা চাৰি কোটি টকা আদায় কৰে। যোৱাবাৰৰ নিৰ্বাচনতো এইদৰে ধন লোৱা হৈছিল। এইবাৰো প্ৰাৰ্থীসকলৰ পৰা ইতিমধ্যে পঞ্চাশ হাজাৰ টকাকৈ সংগ্ৰহ কৰা হৈছে।” তেওঁৰ অভিযোগ অনুসৰি, যোৱা নিৰ্বাচনত মিত্ৰদলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিসমূহতো এই ধন লোৱা হৈছিল যদিও পাছত সেই ধন ঘূৰাই দিয়া নহ’ল। “ইয়াৰ দ্বাৰা স্পষ্ট হয় যে কংগ্ৰেছৰ গোটেই ব্যৱস্থাটোৱেই টকা-পইচাৰ ওপৰত নিৰ্ভৰশীল,” বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।


বিজেপিৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, বিজেপিত টিকট বিচাৰিবলৈ কোনো ধৰণৰ মাচুল দিব নালাগে। “বিজেপিত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ মাচুলবিহীন। ইয়াৰ বিপৰীতে কংগ্ৰেছত টিকটৰ দৰ-দাম নিৰ্ধাৰণ কৰা হৈছে। কিছুমান প্ৰাৰ্থীয়ে আগতীয়াকৈ ধন আদায়ো কৰি থৈছে,” বুলি তেওঁ কটাক্ষ কৰে। কংগ্ৰেছে এশখন সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব বুলি কৰা ঘোষণাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈক উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “অখিল গগৈয়ে যদি কোনোপধ্যে ২৬ খন আসনো লাভ কৰে, সেয়াও তেওঁলোকৰ বাবে এক ডাঙৰ সাফল্য হ’ব।” তেওঁ লগতে কয় যে কংগ্ৰেছৰ কোনো সুদৃঢ় সাংগঠনিক গাঁথনি নাই আৰু প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰতেই দলটোৰ সীমাবদ্ধতা স্পষ্ট হৈ পৰিছে।


ইফালে, তেজপুৰৰ ঐতিহাসিক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জোনাকী’ ছবিগৃহ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ছবিগৃহটো অধিগ্ৰহণ কৰাৰ বিষয়ত চিন্তা-চৰ্চা কৰি আছে। অৱশ্যে বৰ্তমানলৈকে ছবিগৃহটো ব্যক্তিগত মালিকানাধীন হৈ থকাৰ বাবে কিছুমান আইনগত আৰু প্ৰশাসনিক দিশ বিবেচনা কৰিবলগীয়া আছে বুলিও তেওঁ উল্লেখ কৰে। ইপিনে, কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত পোৱা অস্ত্ৰ সন্দৰ্ভত চলি থকা বিতৰ্কৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “সেই অস্ত্ৰসমূহ আৰক্ষীৰ সম্পত্তি। এই বিষয়টোক লৈ ৰাজনীতি কৰা অনুচিত।” ইপিনে,
শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই অভয়াৰণ্যত বসবাস কৰা লোকসকলক উচ্ছেদ কৰা হ’ব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰে জনজাতীয় লোকসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি আহিছে। বন অধিকাৰ আইন, ২০০৫ অনুসৰি সোণাই-ৰূপাইত বসবাস কৰা বড়ো সম্প্ৰদায়ৰ লোকসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে। “তেওঁলোকক উচ্ছেদ কৰাৰ কোনো প্ৰশ্নই উঠে নোৱাৰে,” বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে মন্তব্য কৰে।

Pragyashree Phukan: বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে প্ৰজ্ঞাশ্ৰী ফুকনে

বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে প্ৰজ্ঞাশ্ৰী ফুকনে
বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে প্ৰজ্ঞাশ্ৰী ফুকনে

বনভোজ খাবলৈ যোৱা প্ৰজ্ঞাশ্ৰী ফুকনৰ সৈতে শোকাৱহ ঘটনা।(Pragyashree Phukan)

বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে প্ৰজ্ঞাশ্ৰী ফুকনে।

যোৰহাটৰ বাঘমৰা বনভোজস্থলীত অঘটন।

যোৰহাট জেবি কলেজৰ ছাত্ৰী আছিল প্ৰজ্ঞাশ্ৰী ফুকন

নদীৰ পানীত হাত ধুবলৈ যাওতেই প্ৰজ্ঞাশ্ৰীৰ সৈতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

ব্ৰহ্মপুত্ৰত পৰি মৃত্য়ু হয় প্ৰজ্ঞাশ্ৰীৰ।

যোৰহাট জেবি কলেজৰ মেধাৱী ছাত্ৰী আছিল প্ৰজ্ঞাশ্ৰী।

North Guwahati: উত্তৰ গুৱাহাটীত শোকৰ ছাঁঃ উত্তৰ গুৱাহাটী আউনীআটী শাখা সত্ৰৰ নামলগোৱা বৈষ্ণৱ চুৰেন বৰাৰ দেহাৱসান

উত্তৰ গুৱাহাটী আউনীআটী শাখা সত্ৰৰ নামলগোৱা বৈষ্ণৱ চুৰেন বৰাৰ দেহাৱসান
উত্তৰ গুৱাহাটী আউনীআটী শাখা সত্ৰৰ নামলগোৱা বৈষ্ণৱ চুৰেন বৰাৰ দেহাৱসান

শ্ৰী শ্ৰী আউনীআটী(North Guwahati) সত্ৰৰ অন্যতম শাখা সত্ৰ উত্তৰ গুৱাহাটী আউনীআটী সত্ৰৰ নামলগোৱা বৈষ্ণৱ চুৰেন বৰাৰ কালি দিনৰ ১ মান বজাত চিকিৎসালয়লৈ নিয়াৰ পথত দেহাৱসান ঘটে। হঠাৎ শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা অনুভৱ কৰা বৈষ্ণৱ গৰাকীক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।প্ৰয়াত বৰা ৭বছৰ বয়সতে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বৈষ্ণৱ হিচাপে নিগাজীকৈ সত্ৰতে আছিল। ৭২ বছৰ ধৰি সত্ৰৰ সেৱাত ব্ৰতী হৈ মৃত্যুৰ আগমূহূৰ্তলৈকে সত্ৰৰ নাম লগোৱা পদ অলংকৃত কৰি আছিল।অতি অমায়িক আৰু সৰবৰহী বৈষ্ণৱ গৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড°পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে চুৰেণ বৰা সত্ৰৰ ধৰণী স্বৰূপ আছিল।

তেওঁ ওৰেটো জীৱন সত্ৰৰ নামত নিজকে উৎসৰ্গিত কৰিছিল।দুৰ্লভ শৰ্মা বৰপূজাৰী ,ভৱেন শৰ্মা বৰপূজাৰীৰ লগতে গোপাল ওজাৰ মৃত্যুৰ পিছত সত্ৰৰ সেই অভাৱ পূৰণ কৰিছিল চুৰেন বৰাই।সুৰেন বৰাৰ সেই ঠাই কোনোও পূৰণ কৰিব নোৱাৰে বুলি সত্ৰাধিকাৰ ড০ গোস্বামীয়ে লগতে কয়। সত্ৰত ৰাতিপুৱা শুৱলা কণ্ঠৰে কৰা স্তুতি গীত আৰু নাম প্ৰসংগৰ অভাৱ সদায় অনুভৱ কৰিব বুলি সত্ৰাধিকাৰ গৰাকীয়ে লগতে কয়। লগতে তেওঁ উল্লেখ কৰে অতি অমায়িক সকলোৰে সমাদৃত সুৰেন বৰা যদিও নিৰক্ষৰ আছিল তেওঁৰ সকলো বিষয় নখ দৰ্পনত আছিল।বৰাদেও বুলিলে সকলোৱে তেওঁক জানিছিল। সত্ৰাধিকাৰ গৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰি ধৰণী স্বৰূপ সুৰেন বৰাৰ অভাৱ সত্ৰত কেতিয়াও কোনোৱে পুৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰে।

ইফালে বৈষ্ণৱ গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ ভক্ত সকল সত্ৰলৈ আহি তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৰিগাঁওৰ বৰ‌ঙাবাৰীত জন্ম গ্ৰহণ কৰা ৭৯ বছৰ গৰকা বৈষ্ণৱ গৰাকীৰ নশ্বৰ দেহ অগনন ভক্তৰ উপস্থিতিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত অন্তিম সৎকাৰ কৰা হয়। সত্ৰৰ বৈষ্ণৱ চুৰেন বৰাৰ মৃত্যুত সত্ৰৰ বৈষ্ণৱ সকলৰ লগতে বৃহত্তৰ উত্তৰ গুৱাহাটীত গভীৰ শোকৰ ছাঁ পৰে

Karbi Lamet Amei: ভকচঙত কাৰ্বি লামেট আমেইৰ লাইখুঁটা প্ৰতিষ্ঠাঃ ন-পুৰণি লেখকৰ এশখন গ্ৰন্থ প্ৰকাশ কৰা হ’ব

ভকচঙত কাৰ্বি লামেট আমেইৰ লাইখুঁটা প্ৰতিষ্ঠাঃ ন-পুৰণি লেখকৰ এশখন গ্ৰন্থ প্ৰকাশ কৰা হ’ব
ভকচঙত কাৰ্বি লামেট আমেইৰ লাইখুঁটা প্ৰতিষ্ঠাঃ ন-পুৰণি লেখকৰ এশখন গ্ৰন্থ প্ৰকাশ কৰা হ’ব

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি(Karbi Lamet Amei) আংলঙৰ ভকচঙস্থিত হৰ্ণবিল ক্ৰীড়াক্ষেত্ৰত ৩৪ সংখ্যক কাৰ্বি লামেট আমেইৰ অধিৱেশনখনিৰ লাইখুঁটা প্ৰতিষ্ঠা কৰা হয় ৷ আগন্তুক ২০ ৰ পৰা ২৩ জানুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া কাৰ্বি জনগোষ্ঠীৰ ভাষা-সাহিত্যৰ ধ্বজাবাহক কাৰ্বি লামেট আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ এই ৩৪ সংখ্যক অধিৱেশনখনিৰ বাবে পুৱাভাগত কাৰ্বি জনগোষ্ঠীয় মাঙ্গলিক পৰম্পৰাৰে লাইখুটা প্ৰতিষ্ঠা কৰে কাৰ্বি লামেট আমেইৰ মেইফু অৰ্থাৎ সভাপতি কামছিং হাঞ্চে আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’ৱে ৷ কাৰ্বি জনগোষ্ঠীৰ ভাষা-সাহিত্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে সেৱা আগবঢ়াই যোৱা কেইবাগৰাকীও জ্যেষ্ঠ আৰু উদীয়মান কবি-সাহিত্যিক এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে ৷

অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ তাৰ’ৱে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে কাৰ্বি ভাষাৰ ইতিহাসত এই ৩৪ সংখ্যক কাৰ্বি লামেট আমেইৰ অধিৱেশনে প্ৰথমবাৰৰ বাবে এশখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াব ৷ কাৰ্বি ভাষাৰ ক্ষেত্ৰত এইধৰণৰ গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা আগতে কোনোদিনে হোৱা নাছিল, সেইবাবে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ ৷ অতিকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে এইবাৰৰ অধিৱেশনত নবীন-প্ৰবীণ সাহিত্যিকৰ প্ৰকাশ পাবলগীয়া এই শতাধিক গ্ৰন্থৰ জৰিয়তে কাৰ্বি জনগোষ্ঠীৰ ইতিহাস আৰু অতীত-বৰ্তমান-ভৱিষ্যতৰ বিষয়ে সকলোৱে জানিবলৈ সক্ষম হ’ব ৷ তাৰোপৰি, আমাৰ কাৰ্বি জাতিৰ হাতপুথিৰ অভাৱৰ কাৰণে জাতিটো কিছু কিছু ক্ষেত্ৰত এখোজ হলেও পিছপৰি ৰোৱা যেন অনুভৱ হয়, যাৰবাবে বিগত ৩৪ বছৰ পূৰ্বে প্ৰয়াত লংকাম টেৰন ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি লামেট আমেই নামৰ এই সাহিত্য অনুষ্ঠানটোৰ জন্ম হৈছিল ৷

এই লামেট আমেইৰ যোগেদি কাৰ্বি জনগোষ্ঠীয়ে নিজৰ ভাষা-সাহিত্য-সংস্কৃতিক আগবঢ়াই লৈ যাবলৈ আজিৰ তাৰিখত যথেষ্ট সুবিধা পাইছে বুলি সাংবাদিকৰ আগত সদৰী কৰে প্ৰভাত চন্দ্ৰ তাৰ’ৱে ৷ উল্লেখযোগ্য যে কাৰ্বি ভাষাক আগবঢ়াই নিবলৈ তিনিখন বা তাতোধিক গ্ৰন্থ প্ৰকাশ কৰি ওলিওৱা লেখক-লেখিকালৈ একলাখকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব বুলি কাৰ্বি লামেট আমেইৰ সভাপতি কামছিং হাঞ্চেই সদৰী কৰে ৷

সৰুসজাইত ১৭ জানুৱাৰীত বাগৰুম্বা নৃত্য, প্ৰস্তুতিৰ বুজ ল’লে সাংস্কৃতিক মন্ত্রী বিমল বড়াই

সৰুসজাইত ১৭ জানুৱাৰীত বাগৰুম্বা নৃত্য, প্ৰস্তুতিৰ বুজ ল’লে সাংস্কৃতিক মন্ত্রী বিমল বড়াই
সৰুসজাইত ১৭ জানুৱাৰীত বাগৰুম্বা নৃত্য, প্ৰস্তুতিৰ বুজ ল’লে সাংস্কৃতিক মন্ত্রী বিমল বড়াই

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি অৰ্থাৎ অহা ১৭ জানুৱাৰীত শিল্পী দিৱস উপলক্ষে সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বৃহৎ পৰিসৰত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। এই ঐতিহাসিক অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াক লগত লৈ সৰুসজাই ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰে। লগতে তেওঁ বিষয়াসকলৰ সৈতে বৈঠকত অংশ লৈ সকলো ব্যৱস্থা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে বিহু বিনন্দিয়া আৰু ঝুমইৰ বিনন্দিনীৰ দৰে এই অনুষ্ঠানটোও সময়মতে আৰু সাফল্যৰ সৈতে সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

পিছত সংবাদ মাধ্যমৰ আগত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই জনায় যে, বাগৰুম্বা নৃত্যৰ চূড়ান্ত প্ৰদৰ্শনৰ পূৰ্বে অহা ৪, ৫ আৰু ৬ জানুৱাৰীত ওজা-প্ৰশিক্ষকসকলক বিশেষ প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ পিছত এই প্ৰশিক্ষকসকলে ভিডিঅ’ ট্ৰেকৰ সহায়ত ৰাজ্যৰ ২৩ খন জিলাত গৈ ৮, ৯ আৰু ১০ জানুৱাৰীত মূল অনুষ্ঠানত অংশ ল’বলগীয়া শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব।

প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত ১১ জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকলক সৰুসজাইলৈ অনা হ’ব। ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলন অনুষ্ঠিত হ’ব আৰু ১৬ জানুৱাৰীত যিকোনো ত্ৰুটি-বিচ্যুতি সংশোধন কৰা হ’ব।

খাম, চিফুং, চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ তালে তালে বড়ো গাভৰুসকলে ১৭ জানুৱাৰীৰ সন্ধিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ঐতিহাসিক সমূহীয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি এক নতুন অধ্যায় ৰচনা কৰিব।

আজিৰ পৰ্যালোচনা বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসসহ বিভাগীয় বহু সংখ্যক বিষয়া উপস্থিত আছিল।

সত্ৰৰ উদাসীন ভকতৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ শুভাৰম্ভ

সত্ৰৰ উদাসীন ভকতৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ শুভাৰম্ভ
সত্ৰৰ উদাসীন ভকতৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ শুভাৰম্ভ

সত্ৰীয় পৰম্পৰা আৰু ভকত সমাজৰ কল্যাণৰ দিশত ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ উদাসীন ভকতসকলৰ বাবে প্ৰতি মাহে ১৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সত্ৰসমূহ কেৱল ধৰ্মীয় প্ৰতিষ্ঠানেই নহয়, বৰং অসমৰ সংস্কৃতি, ভাষা আৰু সামাজিক মূল্যবোধৰ প্ৰাণকেন্দ্ৰ। সত্ৰসমূহৰ সৈতে জড়িত উদাসীন ভকতসকলৰ জীৱন-জীৱিকা সুৰক্ষিত কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। সেই উদ্দেশ্যেই এই আঁচনি গ্ৰহণ কৰা হৈছে।

অনুষ্ঠানত উপস্থিত হৈ এজন ৮৩ বছৰীয়া উদাসীন ভকতে আৱেগিক কণ্ঠে কয়—
“মোৰ জীৱনত কেতিয়াও ভাবা নাছিলোঁ যে এই দুৰ্গত আৰু নিষ্পেষিত উদাসীন ভকতসকলৰ কথা এইদৰে চৰকাৰে চিন্তা কৰিব। মুখ্যমন্ত্ৰীয়ে সত্ৰৰ হাজাৰ হাজাৰ বিঘা ভূমিৰ পৰা অচিনাকী দখলদাৰক উচ্ছেদ কৰি সত্ৰসমূহক নতুন জীৱন দিলে। আজি এই দিনটো দেখা পাই মই গভীৰভাৱে কৃতজ্ঞ।”

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে সত্ৰ আৰু সত্ৰীয় ভকতসকল অসমৰ আত্মা। তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাটো চৰকাৰৰ প্ৰধান কৰ্তব্য। এই আঁচনিয়ে উদাসীন ভকতসকলৰ জীৱনত আৰ্থিক সহায়ৰ লগতে মানসিক সাহসো যোগাব বুলি তেওঁ আশাবাদ ব্যক্ত কৰে।

ৰাজ্য চৰকাৰৰ এই পদক্ষেপক ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে গণ্য কৰা হৈছে। সত্ৰ সমাজে এই উদ্যোগক উষ্ম আদৰণি জনাইছে আৰু ইয়াৰ জৰিয়তে সত্ৰীয় পৰম্পৰাৰ সংৰক্ষণ অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰিছে।

খাৰঘুলিৰ ঘৰ নলয় পৰিয়ালে, গঠন হ’ব ‘জুবিন গাৰ্গ ন্যাস’

খাৰঘুলিৰ ঘৰ নলয় পৰিয়ালে, গঠন হ’ব ‘জুবিন গাৰ্গ ন্যাস’
খাৰঘুলিৰ ঘৰ নলয় পৰিয়ালে, গঠন হ’ব ‘জুবিন গাৰ্গ ন্যাস’

অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ খাৰঘুলিত নিৰ্মীয়মাণ অৱস্থাত থকা বাসগৃহটো এতিয়া পৰিয়ালে নিজে ব্যৱহাৰ নকৰে। সেই ঘৰটোতেই গঠন হ’ব ‘জুবিন গাৰ্গ ন্যাস’। জুবিন গাৰ্গৰ আদৰ্শ, চিন্তা-চেতনাক চিৰজীৱন্ত কৰি ৰাখিবলৈ আৰু সমাজৰ কল্যাণমূলক কাম-কাজ আগবঢ়াবলৈ এই ন্যাস গঠন কৰা হৈছে।

শুকুৰবাৰে এক সংবাদমেলত এই কথা সদৰী কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ অকাল বিয়োগৰ প্ৰায় তিনি মাহ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ মুখামুখি হয় তেওঁৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰ।

সংবাদমেলত গৰিমা গাৰ্গে জনায় যে, জুবিন গাৰ্গৰ সপোন, আদৰ্শ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক আগবঢ়াই নিবলৈ এই ন্যাস গঠন কৰা হৈছে। জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল অসমৰ জনতাৰ হৃদয়ৰ অংশ। তেওঁৰ চিন্তা-চেতনাক আগবঢ়াই নিবলৈ এই ন্যাস এক মঞ্চ হিচাপে কাম কৰিব।

এই ন্যাসৰ দায়িত্বত থাকিব জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত। ন্যাসৰ জৰিয়তে সমাজ, সংস্কৃতি, প্ৰকৃতি আৰু নতুন প্ৰজন্মৰ কল্যাণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

গৰিমা গাৰ্গে কয়, “জুবিন গাৰ্গ অসমবাসীৰ হৃদয়ত সদায় জীয়াই থাকিব। তেওঁৰ সপোন, আদৰ্শ আৰু চিন্তাধাৰাক আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰ। সেই উদ্দেশ্যেৰে খাৰঘুলিৰ ঘৰটো এই ন্যাসৰ বাবে আগবঢ়োৱা হৈছে।”

তেওঁ লগতে কয় যে, জুবিন গাৰ্গে জীৱিত অৱস্থাত যিসমূহ সাংস্কৃতিক আৰু সামাজিক কামৰ সপোন দেখিছিল, সেইবোৰ বাস্তৱায়নৰ বাবে এই ন্যাসে সক্ৰিয় ভূমিকা ল’ব। ‘কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন’ৰ জৰিয়তে সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰত কাম অব্যাহত থাকিব। লগতে, জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰা ‘অভিনয়াঃ জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ’ৰ জৰিয়তে নতুন প্ৰজন্মক প্ৰশিক্ষণ আৰু সুযোগ প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও, জুবিন গাৰ্গৰ সৃষ্টিশীল বৌদ্ধিক সম্পদ সংৰক্ষণৰ বাবে এক বিশেষ গৱেষণা শাখা গঠন কৰা হ’ব। তেওঁৰ জীৱন, কৰ্ম আৰু সাংস্কৃতিক অৱদানৰ ওপৰত গৱেষণা, নথিভুক্তিকৰণ আৰু অধ্যয়ন এই শাখাৰ মূল উদ্দেশ্য হ’ব।

সংবাদমেলত গৰিমা গাৰ্গে জনায় যে, জুবিন গাৰ্গৰ বন্ধু-বান্ধৱ, শুভাকাংক্ষী, শিল্পী সমাজ, সংবাদ জগতৰ ব্যক্তিসকল আৰু ‘জুবিন ফেন ক্লাব’ৰ সহায়-সহযোগিতাৰে এই উদ্যোগ আগবঢ়োৱা হৈছে। তেওঁ শেষত অসমবাসীৰ আশীৰ্বাদ আৰু সহায় কামনা কৰে যাতে জুবিন গাৰ্গৰ আদৰ্শ, সপোন আৰু মানৱিক চিন্তা সদায় জীৱন্ত হৈ থাকিব পাৰে।

Guwahati Crime: শাস্তিৰ হাৰ ৮৬ শতাংশলৈ বৃদ্ধি, অপৰাধ নিয়ন্ত্ৰণ গুৱাহাটীত উন্নতি

Guwahati Crime: শাস্তিৰ হাৰ ৮৬ শতাংশলৈ বৃদ্ধি, অপৰাধ নিয়ন্ত্ৰণ গুৱাহাটীত উন্নতি
Guwahati Crime: শাস্তিৰ হাৰ ৮৬ শতাংশলৈ বৃদ্ধি, অপৰাধ নিয়ন্ত্ৰণ গুৱাহাটীত উন্নতি

২০২৫ বৰ্ষত অপৰাধ নিয়ন্ত্ৰণ (Guwahati Crime) আৰু আইন-শৃঙ্খলা ৰক্ষাৰ ক্ষেত্ৰত উন্নতি হোৱা বুলি জানাইছে গুৱাহাটী মহানগৰ পুলিচ। শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত গোচৰ অনুসন্ধান, অভিযোগপত্ৰ দাখিল আৰু দোষীক শাস্তি দিয়াৰ ক্ষেত্ৰত মহানগৰ পুলিচে ভাল ফল দেখুৱাইছে। পুলিচে জনোৱা মতে, ২০২৫ বৰ্ষত অভিযোগপত্ৰ দাখিলৰ হাৰ ৬৮.৩৪ শতাংশলৈ বৃদ্ধি পাইছে। ২০২১ বৰ্ষত এই হাৰ আছিল কেৱল ১৯.১৩ শতাংশ। একে সময়তে শাস্তিৰ হাৰো স্পষ্টভাৱে বৃদ্ধি পাইছে। ২০২১ বৰ্ষত মাত্ৰ ৪ শতাংশ গোচৰত শাস্তি নিশ্চিত হৈছিল যদিও ২০২৫ বৰ্ষত এই হাৰ ২৮.০৫ শতাংশলৈ উঠিছে। নতুন ফৌজদাৰী আইন প্ৰৱৰ্তনৰ পাছত গোচৰৰ বিচাৰ অধিক দ্ৰুত হোৱাত শাস্তিৰ হাৰ আৰু বৃদ্ধি পাই ৮৬.৮৪ শতাংশলৈ পৌঁছিছে বুলি পুলিচে জানিবলৈ দিয়ে।

আজি গুৱাহাটীৰ পুলিচ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ বৈঠকত যুটীয়া পুলিচ আয়ুক্ত অংকুৰ জৈনে কয় যে নিয়মিত তদাৰক, অনুসন্ধান ব্যৱস্থাত মনোযোগ আৰু দায়িত্বশীল কাম-কাজৰ ফলতেই এই উন্নতি সম্ভৱ হৈছে। নতুন আইনৰ ফলত গোচৰ সমাপ্ত কৰিবলৈ কম সময় লাগিছে বুলিও তেওঁ উল্লেখ কৰে। সম্পত্তি সংক্ৰান্ত অপৰাধৰ ক্ষেত্ৰতো ইতিবাচক ছবি দেখা গৈছে। ২০২৫ বৰ্ষত এই ধৰণৰ ১,৮৫৪টা গোচৰ নথিভুক্ত হয়। ২০২৪ বৰ্ষত এই সংখ্যা আছিল ২,৮০৪টা আৰু ২০২৩ বৰ্ষত ৩,৭৫২টা। বিশেষকৈ বাহন চুৰিৰ ঘটনাত হ্ৰাস পাইছে। ২০২৪ বৰ্ষত ১,১১৮টা বাহন চুৰিৰ ঘটনা হৈছিল যদিও ২০২৫ বৰ্ষত সেই সংখ্যা কমি ৫৫৩টালৈ নামি আহিছে। এইসমূহৰ ভিতৰত ২৬৭টা বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পুলিচে।


মোবাইল ফোন চুৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ। ক্ষেত্ৰতো পুলিচে সফলতা লাভ কৰিছে। চলিত বছৰত ১,১৫৯টা চুৰি হোৱা মোবাইল উদ্ধাৰ কৰি গৰাকীসকলৰ হাতত উভতাই দিয়া হৈছে। এই ঘটনাসমূহৰ সৈতে জড়িত থকাৰ অভিযোগত ২০৩জন লোকক আটক কৰা হৈছে। একেদৰে ১২৩টা লুণ্ঠনৰ গোচৰত ১৬৩জন অভিযুক্তক ধৰা হৈছে।
মাদক বিৰোধী অভিযানো অধিক কঠোৰ কৰা হৈছে। জানিব পৰা মতে, ২০২৩ বৰ্ষত মাদক সংক্ৰান্ত ৩০১টা গোচৰ নথিভুক্ত হৈছিল। ২০২৪ বৰ্ষত এই সংখ্যা বৃদ্ধি পাই ৩৬৫টালৈ আৰু ২০২৫ বৰ্ষত ৪০৬টালৈ পৌঁছিছে। চলিত বছৰত মাদক সৰবৰাহ আৰু বিক্ৰীৰ সৈতে জড়িত ৫৫৫জন লোকক ধৰা হৈছে। পুলিচৰ মতে, এই তথ্যই মাদক বিৰোধী অভিযানৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ ইংগিত দিয়ে।

ইপিনে, চাইবাৰ প্ৰৱঞ্চনা দমনতো মহানগৰ পুলিচে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে। পাঞ্জাবাৰী চাইবাৰ অপৰাধ থানাৰ জৰিয়তে ২০২৩ বৰ্ষত প্ৰৱঞ্চকৰ হাতৰ পৰা ৬ কোটি ২৮ লাখ টকা উদ্ধাৰ কৰি ভুক্তভোগীসকলক উভতাই দিয়া হৈছিল। ২০২৫ বৰ্ষত এই ক্ষেত্ৰত ১৮টা গোচৰত অভিযোগপত্ৰ দাখিল কৰা হৈছে আৰু ১,৭৮৪টা অভিযোগৰ অনুসন্ধান সম্পন্ন হৈছে। পথ সুৰক্ষাৰ ক্ষেত্ৰতো উন্নতি দেখা গৈছে। ২০২৪ বৰ্ষত গুৱাহাটীত ১,২১৮টা পথ দুৰ্ঘটনা হৈছিল। ২০২৫ বৰ্ষত এই সংখ্যা কমি ১,০২৬টালৈ নামি আহিছে। পুলিচে জনোৱা মতে, নাগৰিকৰ সহযোগিতাই এই উন্নতিত ডাঙৰ ভূমিকা লৈছে। বছৰৰ শেষ দিনত গুৱাহাটীত কোনো ডাঙৰ পথ দুৰ্ঘটনা নোহোৱাত পুলিচে নাগৰিকসকলক ধন্যবাদ জনাইছে। পথ চলাচলৰ নিয়ম ভংগৰ বিৰুদ্ধে অভিযান চলাই ২০২৫ বৰ্ষত প্ৰায় ৫০ কোটি টকা জৰিমনা আদায় কৰা হৈছে।


গুৱাহাটী মহানগৰ পুলিচে স্পষ্ট কৰিছে যে মহানগৰীৰ শান্তি, শৃঙ্খলা আৰু নাগৰিক সুৰক্ষা নিশ্চিত কৰাই তেওঁলোকৰ মুখ্য লক্ষ্য। আগন্তুক দিনতো অপৰাধ নিয়ন্ত্ৰণ আৰু জনসুৰক্ষা অধিক শক্তিশালী কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি পুলিচে জনাইছে।

Priyanka gandhi son engagement: গান্ধী পৰিয়ালত বিয়াৰ আয়োজনঃ যুগ্ম জীৱনৰ পাতনি মেলিব প্রিয়ংকা গান্ধীৰ পুত্ৰই

যুগ্ম জীৱনৰ পাতনি মেলিব প্রিয়ংকা গান্ধীৰ পুত্ৰই
যুগ্ম জীৱনৰ পাতনি মেলিব প্রিয়ংকা গান্ধীৰ পুত্ৰই

গান্ধী পৰিয়ালত (Priyanka gandhi son engagement) বিবাহৰ আয়োজন। প্রিয়ংকা গান্ধীৰ পুত্ৰ ৰেহানে প্রেমিকা আবিবা বেগেৰ সৈতে আৰম্ভ কৰিব যুগ্ম জীৱন। ৱায়ানাদৰ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী আৰু ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰেহন ভাদ্ৰাৰ প্ৰেমিকা অবিবা বেগৰ সৈতে বাগ্দান। এংগেজমেণ্টৰ পিছতে ৰাজস্থানৰ ৰন্থামবোৰত উপস্থিত হৈছে দম্পতীহাল আৰু তেওঁলোকৰ পৰিয়াল।ৰেহান আৰু অবিবাৰ প্ৰেমৰ সম্পৰ্ক ৭ বছৰ ধৰি চলি আছে। দুয়োৰে ফটোগ্ৰাফীৰ প্ৰতি এক আকৰ্ষণ আছে।

তেওঁলোকৰ এংগেজমেণ্টত কেৱল ভাদ্ৰ, গান্ধী, বেগ পৰিয়ালৰ ঘনিষ্ঠ আত্মীয়ইহে অংশগ্ৰহণ কৰিছিল। অৱশ্যে গান্ধী বা ভাদ্ৰা পৰিয়ালৰ কোনেও এংগেজমেণ্টৰ খবৰটো এতিয়াও নিশ্চিত কৰা নাই।

আবিবা বেগ দিল্লীৰ ব্যৱসায়ী ইমৰাণ বেগ আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ নন্দিতা বেগৰ কন্যা, যাৰ মাতৃ নন্দিতাই কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনৰ ইণ্টেৰিয়ৰ ডিজাইন কৰিছিল।

আবিবা ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত, সংবাদ মাধ্যমতো কাম কৰিছিল আবিবাই। কন্টেন্ট প্লেটফৰ্ম PROPAGANDA ত জুনিয়ৰ প্ৰজেক্ট মেনেজাৰ হিচাপে আৰু ডিজিটেল কন্টেন্ট প্লেটফৰ্ম আৰ্ট চেইন ইণ্ডিয়াত মাৰ্কেটিং ইন্টাৰ্ণ হিচাপে কাম কৰিছিল।

Old age pensions: ৰাজ্যৰ বৃদ্ধ পেঞ্চনধাৰীসকলৰ বাবে ভাল খবৰঃ বৃদ্ধ পেঞ্চন ৪০০ টকা হ’ব

ৰাজ্যৰ বৃদ্ধ পেঞ্চনধাৰীসকলৰ বাবে ভাল খবৰঃ বৃদ্ধ পেঞ্চন ৪০০ টকা হ'ব
ৰাজ্যৰ বৃদ্ধ পেঞ্চনধাৰীসকলৰ বাবে ভাল খবৰঃ বৃদ্ধ পেঞ্চন ৪০০ টকা হ'ব

ৰাজ্যৰ বৃদ্ধ (Old age pensions) পেঞ্চনধাৰীসকলৰ বাবে এতিয়ালৈকে প্ৰদান কৰি অহা ২৫০ টকাৰ পেঞ্চন ধন বৃদ্ধি কৰি ৪০০ টকা কৰা হ’ব। লগতে সত্ৰসমূহত থকা ভকতসকলৰ বাবেও প্ৰতিমাহে ১ হাজাৰ ৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব কেৱল আশ্বাসত সীমাবদ্ধ নহয়, প্ৰত্যক্ষ কাৰ্য্যৰ মাজেৰে প্ৰমাণ কৰা হৈছে। ঔদ্যোগিক খণ্ডত বিনিয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি কয় যে ২৭ হাজাৰ কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছতেই অসমত অতি শীঘ্ৰেই ম’বাইল ফোন নিৰ্মাণ কাৰখানা স্থাপন হ’ব। এই নতুন উদ্যোগ অসমক কেৱল উপভোক্তা ৰাজ্য হিচাপে নহয়, উৎপাদক ৰাজ্য হিচাপেও গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব বুলি তেওঁ মন্তব্য কৰে।


যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সুৰত সময়সীমা ঘোষণা কৰে। অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নতুন দলংখন মুকলি কৰা হ’ব আৰু এই দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। ইয়াৰ লগতে জানুৱাৰীৰ তৃতীয় সপ্তাহত ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীৰ দ্বাৰা স্থাপন কৰা হ’ব। ৰে’ল যোগাযোগ ক্ষেত্ৰতো সিদ্ধান্ত চূড়ান্ত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কোকৰাঝাৰ–গেলেফু ৰে’ললাইন প্ৰকল্পৰ আধাৰশিলা শীঘ্ৰেই স্থাপন কৰা হ’ব। লগতে কোকৰাঝাৰৰ বাঁশবাৰীত ৰে’ল দবা নিৰ্মাণৰ কাৰখানা স্থাপন কৰাৰ সিদ্ধান্তো চৰকাৰে চূড়ান্ত কৰিছে বুলি তেওঁ সদৰী কৰে।

“নতুন দিনৰ আলাপ’ অনুষ্ঠানৰ জৰিয়তে এই সকলো ঘোষণা আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ বাৰ্তা প্ৰেৰণ কৰে যে কলা-সংস্কৃতিৰ সন্মান, সামাজিক সুৰক্ষা আৰু উন্নয়ন—এই তিনিও ক্ষেত্ৰতে ৰাজ্য চৰকাৰৰ অৱস্থান আপোচহীন আৰু সিদ্ধান্ত বাস্তৱায়নত কোনো ধৰণৰ ঢিলাই সহ্য কৰা নহ’ব।