Home Blog Page 660

শিৱসাগৰৰ দিচাং ৰজাবাৰীত দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰিল ১২ চকীয়া ট্ৰাক…

শিৱসাগৰৰ দিচাং ৰজাবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰিল ১২ চকীয়া ট্ৰাক। তিনিচুকীয়াৰ পৰা যোৰহাটলৈ ৰড কঢ়িয়াইছিল ট্ৰাকখনে।

কথমপি প্ৰাণ ৰক্ষা ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ। সাঁতুৰি নৈ পাৰ হয় মুকিবুৰ ৰহমান, দিলদাৰ হুছেইনে।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি দুয়োকে। ট্ৰাকখন উদ্ধাৰৰ চেষ্টা আৰক্ষী, SDRFৰ।

অতিথিৰ চকুত চকুপানী! ‘কন্যাদন’ৰ অৰ্থ বুজালে নীতা আম্বানীয়ে…

অনন্ত ৰাধিকাৰ কন্যাদান অনুষ্ঠানৰ পূৰ্বে নীতা আম্বানীয়ে উপস্থিত সকলো অতিথিৰ সৈতে কথা পাতে।নীতাআম্বানীয়ে হিন্দু ধৰ্মৰ কন্যাদান অনুষ্ঠানৰ অৰ্থ বুজালে সকলোকে। নীতা আম্বানীৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত। এই ভিডিঅ’টো ‘কন্যাদান’ অনুষ্ঠানৰ কেইমিনিটমান পূৰ্বে নীতা আম্বানীয়ে তেওঁৰ অতিথিসকলক হিন্দু ধৰ্মৰ এই পৰম্পৰাৰ বিষয়ে বিতংভাৱে জনাইছিল।

নীতা মুকেশ আম্বানীয়ে ক’লে- ‘এই সময়ত মই বৰ সুখী আৰু আৱেগিক। কাৰণ মোৰ হৃদয়ৰ দুটা টুকুৰা অনন্ত আৰু ৰাধিকা এতিয়া এক হ’বলৈ গৈ আছে। হিন্দু ধৰ্মত বিবাহ এক জীৱনৰ প্ৰতিশ্ৰুতি নহয়, সাত জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি। প্ৰতিটো জন্মতে আপুনি কোনোবা নহয় কোনোবা প্ৰকাৰে নিজৰ সংগী বিচাৰি পাব বুলি বিশ্বাস। আমি বিবাহ অনুষ্ঠানৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি কৰিবলৈ লোৱা আটাইতকৈ বিশেষ অনুষ্ঠানটো হ’ল ‘কন্যাদান’। এই অনুষ্ঠানত কইনাৰ পিতৃ-মাতৃয়ে কন্যাৰ হাতখন দৰাক গতাই দিয়ে। মইও কাৰোবাৰ জীয়েক, মাক আৰু শাহুৱেক। গতিকে মই ভালদৰেই জানো যে কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ পৰা আঁতৰি যাব নোৱাৰে।

নীতা আম্বানীয়ে আৰু ক’লে- ‘কন্যাই পৃথিৱীৰ শ্ৰেষ্ঠ আশীৰ্বাদ। তেওঁক মাতৃ লক্ষ্মী হিচাপে দেখা যায়। ভাৰতীয় ভেণ্ডিং হৈছে সমতাৰ আটাইতকৈ ডাঙৰ উদাহৰণ। দৰা-কইনাৰ মাজত হওক বা দুয়োটা পৰিয়ালৰ মাজত হওক। শৈলা আৰু বীৰেণক ক’ব খুজিছোঁ যে আপুনি আমাক আপোনাৰ ছোৱালীজনী নিদিয়ে কিন্তু আপুনি এটা ল’ৰা আৰু এটা নতুন পৰিয়াল পাইছে। এতিয়াৰ পৰা অনন্ত আপোনাৰ যিমানেই ৰাধিকা এই পৰিয়ালৰ। আমি আপোনাক অন্তৰেৰে আদৰণি জনাইছো ৰাধিকা অনন্ত আম্বানী। নীতা আম্বানীৰ এই কথা শুনি তাত উপস্থিত বহু লোক আৱেগিক হৈ পৰিল আৰু চকুলো মচি থকা দেখা গ’ল।

ৰাতি শোৱাৰ আগত খাব এগিলাচ গৰম পানী, শৰীৰৰ ৪ টা উপকাৰ হ’ব…

বেছিভাগ মানুহেই ৰাতিপুৱা গৰম পানী খাই। কিন্তু আপুনি জানেনে যে ৰাতি শোৱাৰ পূৰ্বে এগিলাচ গৰম পানী খালে শৰীৰৰ বহু উপকাৰ হ’ব পাৰে। সুস্বাস্থ্য ৰক্ষাৰ বাবে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ। বেছিভাগ মানুহেই ঠাণ্ডা পানী খায়, কিন্তু আপোনালোকক কওঁ যে গৰম পানী খোৱাৰো বহু উপকাৰ আছে। বিশেষকৈ ৰাতি শোৱাৰ পূৰ্বে গৰম পানী খালে বহু উপকাৰ হ’ব পাৰে।

ৰাতি শোৱাৰ পূৰ্বে গৰম পানী খোৱাৰ চাৰিটা উপকাৰ আছে-

ৰাতি শোৱাৰ পূৰ্বে গৰম পানী খালে শৰীৰৰ ভিতৰৰ উষ্ণতা বৃদ্ধি পায় আৰু ইয়াৰ বাবে তেজৰ সোঁত উন্নত হয়। ইয়াৰ ফলত ঘাম ওলায় আৰু শৰীৰৰ ভিতৰত থকা মলি আঁতৰি যায়।

যদি আপোনাৰ কোষ্ঠকাঠিন্য বা পেটৰ সৈতে জড়িত সমস্যা আছে, তেন্তে ৰাতি শুই শোৱাৰ পূৰ্বে গৰম পানী খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব।

যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰিছে তেন্তে শোৱাৰ পূৰ্বে গৰম পানী খাব লাগিব।

যিসকল লোকৰ ৰাতি টোপনি নোযোৱাৰ সমস্যা থাকে, তেওঁলোকে ৰাতি শুই উঠাৰ আগতে গৰম পানী খাব লাগে। ইয়াৰ ফলত টোপনি ভাল হয়।

সাত সাগৰ তেৰ নদী পাৰ হৈ তেজপুৰৰ বোৱাৰী হ’ল মেকডালিনা…

সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ পোলেণ্ডৰ পৰা আহি পাইছে এগৰাকী সুন্দৰী যুৱতী৷ নাম মেকডালিনা৷ মাতৃ-ভগ্নী আৰু পৰিয়ালৰ আন সদস্যৰ সৈতে আহিছে অসমলৈ৷ কাৰণ মেকডালিনাৰ বিয়া৷ দৰা তেজপুৰ কেতেকী বাৰীৰ ললিত চন্দ্ৰ দাস আৰু ৰিণিমাই দাসৰ পুত্ৰ জিষ্ণুপ্ৰতীম দাস৷ফেচবুকৰ জৰিয়তে চিনাকী হোৱা জিষ্ণু-মেকডালিনাৰ প্ৰেমৰ সম্পৰ্কই ইতিমধ্যে ১২ বছৰ অতিক্ৰম কৰিলে৷

অৱশেষত দুয়োৰে জীৱনলৈ আহিল বহু প্ৰতিক্ষিত বিশেষ দিনটো৷ মংগলবাৰে নিশা গাঁৱৰ ৰাইজৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হৈ গ’ল দুয়োৰে বিয়া৷ হিন্দু ধৰ্মীয় ৰীতি-নীতি আৰু অসমীয়া পৰম্পৰাগত বৈবাহিক নীতিৰে সম্পন্ন হয় এই বিবাহ৷ আয়তীৰ উৰুলি আৰু বিয়া নামেৰে মুখৰিত হ’ল পৰিৱেশ পুৰুহিতৰ মন্ত্ৰো চাৰণেৰে অনুষ্ঠিত বিয়াত অগ্নিক সাক্ষী কৰি দুয়োয়ে যেন পাতনি মেলিছে যুগ্ম জীৱনৰ৷ ভমকাফুলীয়া চাদৰ-মেখেলা আৰু অসমীয়া গহণাৰে সাইলাখ অসমীয়া কইনাৰ ৰূপত এয়া মেকডালিনা৷ দেহত মাহ-হালধি আৰু জেতুকাৰ গোন্ধ৷সম্পূৰ্ণ পৰম্পৰাগত মাংগলিক ৰীতিনীতিৰে অনুষ্ঠিত এই বিয়াই বিশেষ চৰ্চা লাভ কৰিছে তেজপুৰত।গঞাঁ, ডেকা-জীয়াৰি, বোৱাৰীৰ বিহু নৃত্য গীতৰ আনন্দৰে হৈ যায় এইবিশেষ বিবাহ খন পেশাত এগৰাকী Computer scienceৰ শিক্ষয়িত্ৰী Magdalena আৰু PWDৰ কনিষ্ঠ অভিযন্তা জিস্ঞুপ্ৰতীম দাসৰ হৈ যোৱা বিবাহৰ অহা ১৯জুলাই বিশেষ অতিথি অভ্যৰ্থনাৰ আয়োজন কৰিছে পৰিয়ালপক্ষই৷


য’ত উপস্থিত থাকিব কইনাৰ মাক বন্ধু আৰু সুদৰ পোলেণ্ডৰ পৰা অহা সখীয়েকো৷ দুয়োৰে সুখৰ হওক যুগ্ম জীৱন৷

মহানগৰীৰ সমীপৰ তেতেলীয়া ষ্টেচন য়াৰ্ড লাইনৰ ওপৰেৰে যোৱা ২ লেনযুক্ত উৰণসেতুৰ দৃশ্যাৱলী…

মহানগৰীৰ সমীপৰ তেতেলীয়া ষ্টেচন য়াৰ্ড লাইনৰ ওপৰেৰে যোৱা ২ লেনযুক্ত উৰণসেতুৰ দৃশ্যাৱলী এয়া।

শেহতীয়াকৈ মুকলি কৰা হৈছে এই ২ লেনযুক্ত উৰণসেতু খন৷

সামাজিক মাধ্যমত এই উৰণসেতুৰ দৃশ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে

এই উৰণ সেতুৱে সুনিশ্চিত কৰিব-

নিৰৱচ্ছিন্ন ৰে’ল চলাচল

ৰাষ্ট্ৰীয় ঘাইপথ আৰু পবিতৰাৰ মাজৰ সুচল যাতায়াত

সোণাপুৰ আৰু মৰিগাঁওবাসীৰ বাবে ভ্ৰমণৰ সহজতা

ডিব্ৰুগড়ত চলন্ত ৰে’লৰ ইঞ্জিন পৰা বিচিন্ন হ’ল দবা

ৰাজ্যত পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা,
ডিব্ৰুগড়ত লাইনচ্যুত কামৰূপ এক্সপ্ৰেছ, বাণীপুৰৰ পৰা লালগড় অভিমুখী আছিল কামৰূপ এক্সপ্ৰেছ। যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি


ডিব্ৰুগড়ত চলন্ত ৰে’লৰ ইঞ্জিন পৰা বিচিন্ন হ’ল দবা।
ডিব্ৰুগড়ৰ চাউলখোৱাত কপলিং ছিঙিল কামৰূপ এক্সপ্ৰেছৰ।
চলন্ত অৱস্থাতে 15960 নং কামৰূপ এক্সপ্ৰেছৰ ইঞ্জিন আৰু দবা বিচিন্ন হৈ পৰিল।
দবা এৰি কেৱল ইঞ্জিন আগবাঢ়ি আহিল কামৰূপ এক্সপ্ৰেছৰ।


উল্লেখ্য একেটা ট্ৰেকতে ৰাজধানী এক্সপ্ৰেছ যাব লগা আছিল। ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ডিব্ৰুগড়।


ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ ঘটনা! চলন্ত অৱস্থাতে যাত্ৰীবাহী ৰে’লৰ ইঞ্জিনৰ পৰা বিচ্ছিন্ন হ’ল দবা

সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সফল সামৰণি

সোণাপুৰ : ABSURD FLOK আৰু আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যেগত সোণাপুৰ শাখা ছাত্ৰৰ সহযোগত যোৱা ২ জুলাই তাৰিখৰ পৰা ১৫ জুলাই তাৰিখলৈ ১৩ দিনিয়া কাৰ্য্য সূচীৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হৈ যায় ।

নাট কৰ্মশালাত অংশগ্ৰহণৰ উদ্দেশ্যে সোণাপুৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলক অসমীয়া চলচ্চিত্ৰ জগতৰ তথা বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা সীমা বৰুৱা(তৰামাই ) আৰু বিশিষ্ট লেখক , পৰিচালক (ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিম ) ধীৰাজ বড়ো , বিনোদ ৰাভাই নাটক অভিনয় সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে । উদ্যোগতা সকলে প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী সকলক লগত লৈ শেষৰ দিনা অৰ্থাৎ ১৫ জুলাই তাৰিখে প্ৰশিক্ষণ প্ৰদানৰ সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে ।

সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী সকলে ” The Walking Birds খোজ কঢ়া চৰাই ” নামৰ প্ৰথম খণ্ড নাটক প্ৰদৰ্শন কৰে । প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী সকলে নিজৰ অভিভাৱক সকলৰ লগতে নাট্য প্ৰেমী সোণাপুৰ বাসী ৰাইজৰ সন্মুখত সুন্দৰ কলা কৌশল তথা অভিনয় প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে ।

উদ্যোগতা সকলে জানিবলৈ দিয়া মতে অনাগত দিনবোৰত প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা মঞ্চস্থ কৰা নাটক খন অসমৰ বিভিন্ন স্থানত মঞ্চস্থ কৰা হব । এই খিনিতে উল্লেখ কৰা প্ৰয়োজন সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ মাজত এখনি মানপত্ৰ বিতৰণ সভাও অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে আন্ত ডিমৰীয়া ছাত্র সন্থাৰ সভাপতি ভাৰ্গৱজ্যোতি গোস্বামী সাধাৰণ সম্পাদক জিঙ্কুল ডেকা উপ সভাপতি ৰিঙ্কু দাস , সাংস্কৃতিক সম্পাদিকা হিমনী প্ৰমুখ্যে বহু বিষয়ববিয়া ।

গুৱাহাটী ৰেল ষ্টেচনত ৫বালাংদেশী গ্ৰেপ্তাৰ

গুৱাহাটী ৰেলৱে ষ্টেচনত ৫বালাংদেশী গ্ৰেপ্তাৰ

ত্ৰিপুৰাৰ তেলিয়া মূৰাৰে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইজন , ২গৰাকী যুৱতী সহ ৫জনক গ্ৰেপ্তাৰ

২০হাজাৰ টকাৰ বিনিময়ত সীমান্ত পাৰ কৰোৱাইছিল আকাশ নামৰ এজন ভাৰতীয় দালালে

বাংগালুৰুত কৰ্ম সংস্থাপনৰ কাৰণে ৰেল যোগে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে GRP য়ে

আৰক্ষীৰ সন্দেহ বাংলাদেশী ৰোহিংগিয়াক দেহ ব্যৱসায়ী কাৰ্য্যত লিপ্ত কৰায় দুষ্ট চক্ৰই

লখিমপুৰ জিলাৰ ৰঙানদী আৰু ঘূণাসুঁতি শিক্ষাজ্যোতি আঁচনিৰ অধীনত কৃতি ছাত্ৰ – ছাত্ৰীক এককালীন আৰ্থিক সাহায্য বিতৰণ…

লখিমপুৰ জিলাৰ ৰঙানদী আৰু ঘূণাসুঁতি শিক্ষাজ্যোতি আঁচনিৰ অধীনত কৃতি ছাত্ৰ- ছাত্ৰীক এককালীন আৰ্থিক সাহায্য বিতৰণঃ  চাৰি গৰাকী ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়  পৰ্যায়ৰ ফুটবল খেলুৱৈক বিশেষ সম্বৰ্ধনা ; 

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ  চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৪ নং ৰঙানদী আৰু ১৯ নং ঘুণাসূঁতি-পূৱ তেলাহী সমষ্টিৰ ফালৰ পৰা  এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় ।  আজি  মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত  ২৪ নং ৰঙানদী  পৰিষদীয় সমষ্টিৰ  ২১৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ১২ লাখ ৩৬ হেজাৰ টকা এককালীন সাহায্য হিচাপে  বিতৰণ  কৰা হয়  । আজি লখিমপুৰ জিলাৰ পহুমৰাস্থিত ৰঙানদী সাংস্কৃতিক ৰংগমঞ্চত  ৰঙানদী সমষ্টিৰ পৰা, আন্তৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতা অংশ গ্ৰহণ কৰা চাৰি গৰাকী  খেলুৱৈ ক্ৰমে ৰুয়ুম দলে , বিৰিণা পেগু, কৰিণা নৰহ, আৰু সোণালী পেগুক  বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ  লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীক এককালীন সাহায্য প্ৰদান কৰা হয় । খেলুৱৈ সকলক এটা স্মাৰক, এজোৰ জাৰ্চি , একোখনকৈ  অৗৰকগেৰে সম্বৰ্ধনা জনোৱা হয় । 

ৰঙানদী সাংস্কৃতিক ৰংগমঞ্চত অনুষ্ঠিত হোৱা সাহায্য বিতৰণি সভাখনি সঞ্চালনা কৰে লখিমপুৰ জিলাৰ গড়ছিগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক চৌধুৰীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত বড়িয়ে । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নম্বৰৰ পাছত দৌৰাতকৈ জ্ঞানৰ পাছত দৌৰিবলৈ আহ্বান জনায় ৷ তেওঁ সামাজিক মাধ্যমৰ বেয়া দিশবোৰ এৰাই চলি ইয়াৰ ভাল দিশবোৰ আকোঁৱালী ল’বলৈ ছাত্ৰ-ছাত্ৰীসকলক  আহ্বান  জনোৱাৰ লগতে অত্যধিক সামাজিক মাধ্যমৰ ব্যৱহাৰে অযথা সময় নষ্ট কৰে আৰু মানসিক দিশত কু-প্ৰভাৱ পেলাই বুলিও দোহাৰে ৷ সময়ৰ সৎ ব্যৱহাৰ, উপযুক্ত সময়ত উপযুক্তভাৱে লোৱা সিদ্ধান্ত, শৃংখলাবদ্ধ কৰ্মৰাজিয়ে ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াত সহায় কৰাৰ লগতে  দেশৰ মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলিবলৈ কষ্ট-ত্যাগ, সামাজিক দায়বদ্ধতা নিতান্তই প্ৰয়োজন বুলিও কাৰ্যবাহী সদস্য প্ৰশান্ত বড়িয়ে দোহাৰে ৷ তেওঁ কয়- অধ্যয়নৰ কোনো সীমনা নাই ৷ জ্ঞান প্ৰাপ্তিৰ বাবে অধ্যয়ন অহৰহ চলাই নিব লাগে ৷ যিমানেই অধ্যয়ন কৰিব ইমানেই জ্ঞানৰ পৰিসীমা বৃদ্ধি পাব বুলিও তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মন্তব্য আগবঢ়ায় ৷  অনুষ্ঠানখনৰ আদৰণি ভাষণ দিয়ে ৰঙানদী পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে ৷ তেওঁ ছাত্ৰ-ছাত্ৰী আৰু খেলুৱৈসকলে নিজৰ মেধা শক্তিৰ জৰিয়তে ৰঙানদীবাসীক আলোকিত কৰি ৰঙানদীবাসীক গৌৰৱান্বিত বুলি দোহাৰে ৷ জীৱনৰ মাদকতা সকলো ভাল কামতে আছে ৷

ৰঙানদীৰ দৰে পিছপৰা অঞ্চলৰ পৰাও যে, ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভাৱান যুৱক-যুৱতী ওলাব পাৰে এইয়া আমাৰ ফুটবল খেলুৱৈ ৰুয়ুম দলে, কৰিণা নৰহ, বিৰিণা পেগু আৰু সোণালী পেগুৱে দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ দোহাৰে ৷    ইফালে  মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ১৯ নং ঘূণাসুঁতি-পূৱ তেলাহী পৰিষদীয় সমষ্টিটো আজি   ২০২৩ আৰু ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক  চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই  উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ  পৰিষদৰ ফালৰ পৰা এককালীন আৰ্থিক সাহায্য বিতৰণ  ।  দিনজোৰা কাৰ্যসূচীৰে ঘূণাসুঁতি চলিচুক  আঞ্চলিক ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা এই বৃহৎ সভাত পৰিষদীয় সমষ্টিৰ ৫ শতাধিক লোক উপস্থিত থাকে । উক্ত সভাত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই  উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীক ৫,০০০ টকা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ৭,০০০ টকাকৈ সৰ্বমুঠ ৪৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিভাৱে এই এককালীন আৰ্থিক সাহায্য  প্ৰদান কৰা হয় । মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই অনুষ্ঠানত  সভাপতিত্বত কৰে ঘূণাসুঁতি মিৰি-জীয়ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ খগেন পায়েঙে ৷ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে  ১৯ নং ঘূণাসুঁতি-পূৱ তেলাহিৰ কাৰ্যবাহী সদস্য বিজু কুমাৰ পেগুৱে ৷ সভাত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে,   টি এম এম কেৰ সাধাৰণৰ সম্পাদিকা শৰ্মিলা পায়েং পেগু ,  এম এম কেৰ কাৰ্যালয় সম্পাদক নিম কুমাৰ পেগু,  টি এম পি কেৰ কেন্দ্ৰীয় সদস্য ৰবীন দলে, সদস্য কবিন্দ্ৰ পায়েং, সন্মিলিত গণশক্তিৰ কেন্দ্ৰীয় সদস্য  বিখানন্দ মিলি আদিয়ে ৷

নগাঁৱৰ ভকতগাঁও বজাৰ তিনিআলিত আৰক্ষীৰ অভিযানত জব্দ 7.65mm ফেক্টৰী নিৰ্মিত পিষ্টল…

নগাঁৱৰ ভকতগাঁও বজাৰ তিনিআলিত আৰক্ষীৰ অভিযান ৷

হয়বৰগাঁও আৰক্ষীৰ অভিযানত জব্দ 7.65mm ফেক্টৰী নিৰ্মিত পিষ্টল, ৪ জাঁই সক্ৰিয় গুলীও জব্দ কৰে আৰক্ষীয়ে৷

ঘটনা সন্দৰ্ভত আবু বক্কৰ ছিদ্দিক, ছিদ্দিক আলী আৰু আবু ছাহিদক আটক৷