Home Blog Page 661

ক্রীড়া মহীৰূহ পুলিন দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত মৃত্যু দিৱসত পুলিন চন্দ্ৰ দাসক স্মৰণ…

মৃত্যু দিৱসত পুলিন চন্দ্ৰ দাসক স্মৰণ

ক্রীড়া মহীৰূহ পুলিন দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আজি ১৬ জুলাই , ২০২৪ তাৰিখে পুলিন দাসৰ গুৱাহাটীৰ উজান বজাৰৰ লেম্ব ৰোডৰ বাসগৃহত তেওঁৰ দশমতম মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্টুপীয়াকৈ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। প্ৰবীণ ক্রীড়াবিদ, বিশিষ্ট ক্রীড়া সংগঠক, বর্ষীয়ান ক্রীড়া সাংবাদিক আৰু অসম চৰকাৰৰ প্রথমগৰাকী ক্রীড়া পেন্সনপ্রাপক প্রয়াত পুলিন চন্দ্ৰ দাস অসমৰ একাধিক ক্রীড়া সংগঠন, যেনে- অসম ক্রিকেট সন্থা,

অসম ফুটবল সন্থা, অসম টেবল টেনিছ সন্থা, অসম বেডমিন্টন সন্থা, অসম ক্রীড়া পেন্সনাৰ সন্থা আদিৰ লগতে ঐতিহ্যপূৰ্ণ বৰদলৈ ট্ৰফী ফুটবল টুর্ণামেণ্টৰ জন্মলগ্নৰ এগৰাকী মূল উদ্যোক্তা আছিল। অসমৰ ক্ৰীড়া জগতলৈ তেওঁৰ অসামান্য অৱদানৰ বাবে ৰাজ্যখনত তেওঁ “ক্রীড়া মহীৰূহ” ৰূপে আটাইৰে মাজত পৰিচিত আছিল।

অলপতে পুলিন চন্দ্র দাস স্মৃতিৰক্ষা সমিতিৰ এটি সঁজাতি দলে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি প্ৰয়াত পুলিন চন্দ্ৰ দাসৰ নামত এটি ৰাজ্যিক ক্রীড়া সাংবাদিকতা-ক্রীড়া সাহিত্য বঁটা প্ৰৱৰ্তন আৰু গুৱাহাটীৰ এটি সন্মানজনক স্থানত তেওঁৰ এটি আৱক্ষ মূর্তি স্থাপনৰ বাবে এখন স্মাৰকপত্ৰ প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে স্মাৰকপত্র গ্রহণ কৰি বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব বুলি প্রতিশ্রুতি দিছে।

গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি…

গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ চুপাৰি জব্দ।

কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি। GRP, RPFৰ অভিযানত জব্দ চুপাৰিখিনি।

ডিমাপুৰৰ পৰা কলকাতালৈ নিয়াৰ পৰিকল্পনা কৰিছিল চুপাৰিখিনি।

সামাজিক মাধ্যমত আল্লাহক লৈ অশ্লীল পোষ্ট কৰা ধীৰাজ ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল…

ধুবুৰীৰ গৌৰীপুৰৰ ছুপাৰ মাৰ্কেটৰ ধীৰাজ ৰায় নামৰ যুৱকজনে সামাজিক মাধ্যমত আল্লাহক লৈ অশ্লীল পোষ্ট কৰে ।

ইয়াকে লৈ গৌৰীপুৰত চাঞ্চল্যই বিৰাজ কৰিছে । ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে সচেতন মহলে।

লগে লগেই ধীৰাজ ৰায় নামৰ যুৱকজনক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে।

যুৱকজনক জেৰা চলাইছে গৌৰীপুৰ আৰক্ষীয়ে।

গুৱাহাটী মহানগৰীত পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক ৪ বাংলাদেশীক…

গুৱাহাটী মহানগৰীত ৪ বাংলাদেশীক আটক। পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক ৪ বাংলাদেশীক। ধৃত বাংলাদেশীকেইজন ইছলমাইল চৰ্দাৰ, আব্দুল্লা, মুছাম্মাদ মইনা, ফাৰজানা।

GRP, RPF-এ আটক কৰে ৪ বাংলাদেশীক। বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ বাংগালুৰুলৈ গৈ আছিল ৪ বাংলাদেশী।

চাকৰিৰ প্ৰলোভনেৰে দালালে লৈ আহিছিল ৪ বাংলাদেশীক। ২০ হাজাৰ টকাৰ বিনিময়ত ভাৰতলৈ আনিছিল চাৰিওকে।

নগৰবেৰাৰ নায়টৰত দ খাৱৈত পৰি তিনিবছৰীয়া শিশুৰ সলিল সমাধি…

নগৰবেৰাৰ নায়টৰত পানীভৰ্ত্তি দ খাৱৈত পৰি তিনিবছৰীয়া এটি ক’ণমানিৰ সলিল সমাধি ।

নাইটৰত সংঘটিত হৈছে এই শোকাবহ কাণ্ড , মৃত শিশুটি গাঁৱখনৰ ইমৰান আলী নামৰ এজনৰ পুত্ৰ তিনি বছৰীয়া ইনজামুুল হক ।

মঙ্গলবাৰৰ পুৱাৰ ভাগতেই সংঘটিত হয় এই কৰুণ ঘটনা ,বানপানী শুকাইছে যদিও চৌপাশে পানীৰে উপচি আছে খাল-বিল ,তেনে পানীভৰ্ত্তি ঘৰৰ কাষৰে দ খাল এটাত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় শিশুটিয়ে ।

ঘৰৰ চোতালত খেলি থকা অৱস্থাত কিদৰে শিশুটি পানীত পৰিল তাক তৰ্কিবই নোৱাৰিলে কোনেও ,ততালিকে শিশুটিৰ নিথৰ দেহ নগৰবেৰা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে চাই-চিটি শিশুটি মৃত বুলি ঘোষণা কৰে

ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে এক শোকাকুল পৰিবেশ ।


নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

চৰকাৰী চাকৰিৰ কোটা প্ৰণালীক লৈ সংঘৰ্ষ: বাংলাদেশত ডজন লোক আহত…

বাংলাদেশৰ ৰাজধানীৰ বাহিৰৰ এখন ৰাজহুৱা বিশ্ববিদ্যালয়ত ৰাতিটোৰ ভিতৰতে চৰকাৰ পন্থী ছাত্ৰ সংগঠন আৰু ছাত্ৰ প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ সময়ত আৰক্ষীয়ে চকুপানী গেছ নিক্ষেপ কৰে আৰু লাঠিৰে অভিযুক্ত কৰে। প্ৰতিবাদকাৰীসকলে বিকলাঙ্গ লোক আৰু জাতিগত গোটৰ বাবে ৬% কোটা সমৰ্থন কৰে কিন্তু ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ প্ৰাক্তন সকলৰ পৰিয়ালৰ সদস্যসকলৰ বাবে নহয়।১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত যুঁজ দিয়া নায়কসকলৰ পৰিয়ালৰ সদস্যসকলৰ বাবে চৰকাৰী চাকৰিৰ কোটা বন্ধ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে ঢাকাৰ বাহিৰৰ চাভাৰৰ জাহাংগীৰ নগৰ বিশ্ববিদ্যালয়ত মঙলবাৰে পুৱতি নিশা এই হিংসাত্মক ঘটনা সংঘটিত হয়।

কোটা প্ৰণালীয়ে মহিলা, বিকলাঙ্গ লোক আৰু জাতিগত সংখ্যালঘু গোটৰ বাবে চৰকাৰী চাকৰিও সংৰক্ষণ কৰে। প্ৰণালীটো 2018 চনত স্থগিত কৰা হৈছিল, যাৰ ফলত সেই সময়ত একে ধৰণৰ প্ৰতিবাদ বন্ধ হৈ গৈছিল। কিন্তু যোৱা মাহত এক সিদ্ধান্তত বাংলাদেশৰ উচ্চ ন্যায়ালয়ে প্ৰাক্তন সকলৰ বংশধৰসকলৰ বাবে 30% কোটা পুনৰুদ্ধাৰ কৰিবলৈ কৈছিল।ইয়াৰ ফলত নতুন কৈ প্ৰতিবাদ আৰম্ভ হয়, প্ৰতিবাদকাৰীসকলে বিকলাঙ্গ লোক আৰু জাতিগত গোটৰ বাবে 6% কোটা সমৰ্থন কৰে কিন্তু স্বাধীনতা যুদ্ধৰ নায়কসকলৰ বংশধৰসকলৰ বাবে নহয়।উচ্চতম ন্যায়ালয়ে যোৱা সপ্তাহত উচ্চ ন্যায়ালয়ৰ আদেশ চাৰি সপ্তাহৰ বাবে স্থগিত ৰাখিছিল আৰু মুখ্য ন্যায়াধীশে প্ৰতিবাদকাৰীসকলক তেওঁলোকৰ শ্ৰেণীলৈ ঘূৰি যাবলৈ কৈছিল। উচ্চতম ন্যায়ালয়ে কয় যে তেওঁলোকে চাৰি সপ্তাহৰ পিছত বিষয়টোৰ ওপৰত সিদ্ধান্ত ল’ব আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ হাতত আছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসকৰ পদত্যাগ…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসকৰ পদত্যাগ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩গৰাকী চিকিৎসকৰ পদত্যাগ। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১১গৰাকী চিকিৎসকৰ পদত্যাগ।

পদত্যাগৰ তালিকাত আছে শিলচৰ, নলবাৰী, কোকৰাঝাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকো । অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে।

GMCH আৰু AMCHৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ। ধুবুৰীৰ পেথলজী, GMCHৰ ৰেডিঅ’লজী আৰু AMCHৰ নিউৰ’লজীৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ।

বিহাৰৰ VIP পাৰ্টীৰ অধ্যক্ষ মুকেশ সাহানীৰ পিতৃক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ…

বিহাৰৰ VIP পাৰ্টীৰ অধ্যক্ষ মুকেশ সাহানীৰ পিতৃক হত্যা।

জীতন সাহানীক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ। ঘৰৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ জীতন সাহানীৰ মৃতদেহ।

চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা জীতন সাহানীক।

ডোডা এনকাউণ্টাৰৰ পিছত বিজেপিক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ..

জম্মু-কাশ্মীৰৰ ডোডাত কৰ্তব্যৰত চাৰিজন সৈনিকৰ মৃত্যুসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মঙলবাৰে কয় যে ভাৰতৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালে বিজেপিৰ ভুল নীতিৰ ফল ভুগি আহিছে।” আজি জম্মু-কাশ্মীৰত আন এক সন্ত্ৰাসবাদী সংঘৰ্ষত আমাৰ সৈন্যসকল শ্বহীদ হৈছিল।মই শ্বহীদসকলক মোৰ নম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

এনে ভয়ংকৰ ঘটনাবোৰ এটাৰ পিছত এটা কৈ অত্যন্ত দুখজনক আৰু উদ্বেগজনক। এই নিৰন্তৰ সন্ত্ৰাসবাদী আক্ৰমণে জম্মু আৰু কাশ্মীৰৰ জৰাজীৰ্ণ অৱস্থাপ্ৰতিফলিত কৰিছে। আমাৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালে বিজেপিৰ ভুল নীতিৰ ফল বহন কৰি আছে। প্ৰতিজন দেশপ্ৰেমী ভাৰতীয়ৰ দাবী যে চৰকাৰে বাৰে বাৰে নিৰাপত্তাৰ ত্ৰুটিৰ বাবে সম্পূৰ্ণ দায়িত্ব ল’ব লাগে আৰু দেশৰ অপৰাধী আৰু সৈনিকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই দুখৰ সময়ত সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ আছে,” তেওঁ হিন্দীত এক্সত লিখিছিল।

বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ! জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগত আক্ৰান্ত ১২ গৰাকী…

বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ
জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগত আক্রান্ত ১২ গৰাকী

ইয়াৰে দুগৰাকীৰ দেহত দেহত পোৱা গৈছে JE ভাইৰাছৰ তথ্য
সম্প্রতি চিকিৎসাধীন হৈ আছে আটাকেইজন


বান বিভীষিকাৰ পাছতে জিলাখনত বৃদ্ধি JEৰ প্রাদুৰ্ভাৱ