Home Blog Page 663

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ যোগ কৰ্মশালা আৰু মাহেকীয়া বৈঠক…

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ১০ জুলাইৰ পৰা ১৩ জুলাইলৈ এখন চাৰিদিনীয়া যোগ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনত শাখাৰ সদস্যা সকলৰ লগতে জালুকবাৰীৰ স্থানীয় কেইবাগৰাকী মহিলাই যোগদান কৰে। মানসী শৰ্মা আৰু অপৰ্ণা দেৱীৰ পৰিচালনাত সেই যোগ শিক্ষা অনুষ্ঠিত হয় l লগতে জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ পঞ্চমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ১৪ জুলাই গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l

শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণি সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে l স্বৰচিত লেখা পাঠ অনুষ্ঠানত ভ্ৰমণ কাহিনী পাঠ কৰে বৈজয়িন্তী ৰাভা আৰু ডঃ অপৰ্ণা গোস্বামীয়ে, প্ৰবন্ধ পাঠ কৰে ভাৰতী চমুৱা আৰু ডঃ মীনা দেৱীয়ে l অঞ্জু দত্ত শইকীয়াই স্বৰচিত গল্প পাঠ কৰে l ৰুণুমী নাথ আৰু অঞ্জনা ৰাণী ভট্টাচাৰ্যই পাঠ কৰে স্বৰচিত কবিতা l

বৈঠকত ডঃ মাকনি দাসে জ্যোতি সংগীত, ৰুণুমী নাথে ৰাভা সংগীত আৰু অনিমা নাথ আৰু বীনাপানি দেৱীয়ে লোক গীত পৰিবেশন কৰে। ৰীতা হাজৰিকাই ভাগৱত পাঠৰ মাহাত্ম্য সন্দৰ্ভত ভাষণ প্ৰদান কৰে l উল্লেখযোগ্য যে সভাত অপৰ্ণা দেৱীয়ে যোগ সম্পৰ্কে বিস্তৃত বাখ্যা দাঙি ধৰে। অপৰ্ণা দেৱী আৰু গীতিকা দাসে কৌতুক পৰিবেশন কৰে। প্ৰজ্ঞা গোস্বামীৰ সভানেত্ৰীৰ মন্তব্যৰ পাছতে অসম সংগীতেৰে সমাপ্ত পৰা সভাৰ শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই l

আইএএছ বিষয়া পূজা খেদকাৰে এমবিবিএছৰ বাবে অ’বিচি কোটা ব্যৱহাৰ কৰিছিল..

ক্ষমতাৰ অপব্যৱহাৰ আৰু নিযুক্তিৰ নিয়ম উলংঘনৰ অভিযোগত প্ৰশিক্ষাৰ্থী আইএএছ বিষয়া পূজা খেদকাৰক লৈ হোৱা বিতৰ্কৰ মাজতে, নতুন প্ৰতিবেদনঅনুসৰি তেওঁ অ’বিচি নন-ক্ৰীমি লেয়াৰ কোটা ব্যৱহাৰ কৰি এমবিবিএছৰ বাবে নামভৰ্তি সুৰক্ষিত কৰিছিল। খবৰ অনুসৰি খেদকাৰে ভাঞ্জাৰী সম্প্ৰদায়ৰ বাবে সংৰক্ষিত অ’বিচি যাযাবৰ ট্ৰাইব-৩ শ্ৰেণীৰ অধীনত এমবিবিএছৰ বাবে পুনেৰ কাশীবাই নাভালে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰাইছিল বুলি বিষয়টোৰ সৈতে পৰিচিত লোকসকলৰ উদ্ধৃতি দি প্ৰতিবেদন দিছিল।

প্ৰতিবেদন অনুসৰি, পূজা খেদকাৰৰ দেউতাক মহাৰাষ্ট্ৰত এজন সেৱাআগবঢ়োৱা আমোলা আছিল যেতিয়া তেওঁ অ’বিচি নন-ক্ৰীমি লেয়াৰ শ্ৰেণীৰ অধীনত নামভৰ্তি কৰিছিল।খেদকাৰে ব্যক্তিগত মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি লাভ কৰিছিল আৰু কমন এণ্ট্ৰেঞ্চ টেষ্ট নম্বৰ বিবেচনা কৰা হোৱা নাছিল৷

অৱশ্যে, কাশীবাই নাভালে চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক অৰবিন্দ ভোৰে কৈছিল যে খেদকাৰে ২০০৭ চনত চিইটিৰ জৰিয়তে নামভৰ্তি কৰিছিল৷ ভোৰে লগতে দাবী কৰিছিল যে বিতৰ্কিত আইএএছ বিষয়াই এখন চিকিৎসা ফিটনেছ প্ৰমাণপত্ৰ দাখিল কৰিছিল য’ত কোনো অক্ষমতাৰ কথা উল্লেখ কৰা নাছিল৷

ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক ফজিয়েল হকক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক…

CM ভিজিলেন্সৰ জালত ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক। উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক উপ-পৰিদৰ্শক ফজিয়েল হকক।

গোচৰ মীমাংসাৰ নামত ভুক্তভোগীৰ পৰা দাবী কৰিছিল ৩০ হাজাৰ টকা।

৮ হাজাৰ টকা উৎকোচ লৈ থাকোঁতেই গ্ৰেপ্তাৰ বিষয়াজন।

ফোনযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

ফোনযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

পৰিস্থিতিৰ সৈতে মোকাবিল কৰিবলৈ কেন্দ্ৰৰ পৰা সহায়ৰ আশ্বাস।

ছ’চিয়েল মিডিয়াযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

CAAৰ ক্ষেত্ৰত ২০১৫ৰ আগত অহা শৰণাৰ্থীসকলে আবেদন কৰিব পাৰিব :মুখ্যমন্ত্ৰী…

➤ CAAৰ ক্ষেত্ৰত ২০১৫ৰ আগত অহা শৰণাৰ্থীসকলে আবেদন কৰিব পাৰিব।

➤ CAA বলৱৎ হোৱাৰ পিছত এতিয়ালৈকে অসমত মাত্ৰ ৮ জনেহে আবেদন কৰিছে। তাৰে ২ জনে কেৱল সাক্ষাৎকাৰ দিছে।

➤ ২০১৫ৰ পূৰ্বে অহা শৰণাৰ্থীসকলৰ বাবে বিদেশী ন্যায়াধীকৰণত গোচৰ স্থগিত কৰি আবেদন কৰাৰ সুযোগ দিয়া হ’ব।

➤ কিন্তু হিন্দু বঙালীসকলে CAAত আবেদন কৰিবলৈ অমান্তি হৈছে। প্ৰয়োজনত তেওঁলোক আদালতৰ দ্বাৰস্থ হ’বলৈ সাজু বুলি চৰকাৰক জনাইছে। সেয়ে হয়তু আবেদনৰ সংখ্যা কমিছে।

➤ CAAৰ নামত একাংশই অযথা আন্দোলন প্ৰতিবাদ কৰিলে। কিন্তু এদিন CAAৰ নামত ৫ জন মানুহৰ মৃত্যুৰ এটা হিচাপ হ’ব।

➤ আমি ভাবিছিলো ১ লাখ ,ডেৰ লাখ লোক আহিব। তেতিয়া চৰকাৰৰো সন্মান থাকিলহেঁতেন, বিৰোধীৰো সন্মান থাকিলহেঁতেন, প্ৰতিবাদ কৰাসকলোৰো সন্মান থাকিলহেঁতেন। কিন্তু সেই অনুপাতে আবেদন নহ’ল।

➤ আচলতে CAA আন্দোলনটো অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল, সেয়া প্ৰমাণ হ’ল। CAAৰ Chapter Closed হ’ল।

প্ৰশিক্ষণৰত আই এ এছ বিষয়াৰ মাতৃৰ কৃষকক ভাবুকি ! ফোন অফ কৰি পলাতক অভিযুক্ত…

৩৪ বছৰীয়া এগৰাকী আই এ এছ বিষয়া পূজা খেডকাৰ। ২০২৩ বৰ্ষত খেডকাৰে ইউ পি এছ ছি পৰীক্ষাত উত্তীৰ্ণ হৈ সম্প্ৰতি প্ৰশিক্ষণৰত অৱস্থাত আছে। কিন্তু, প্ৰশিশণৰত অৱস্থাত থাকোতেই ক্ষমতাৰ অপ-প্ৰয়োগৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পূজাৰ পিতৃ-মাতৃৰ বিৰুদ্ধে। উত্তাপিত অভিযোগ অনুসৰি এজন কৃষকক মৃত্যু ভাবুকি প্ৰদান কৰিছিল পূজাৰ মাতৃয়ে। ইতিমধ্যে প্ৰশিক্ষাৰ্থী আই এ এছ পূজা খেডকাৰৰ অভিভাৱকৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। গোচৰ ৰুজু হোৱাৰ পিছতেই পলাতক অৱস্থাত আছে পূজাৰ অভিভাৱক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে আই এ এছ বিষয়াগৰাকীৰ অভিভাৱকে চুইচ অফ কৰি ৰাখিছে ব্যৱহাৰ কৰি থকা ফোন নম্বৰো। অন্যহাতে এক ভাইৰেল ভিডিঅ’ত প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়া পূজা খেডকাৰৰ মাতৃ মনোৰমা খেডকাৰে আগ্নেয়াস্ত্ৰ লৈ থকা পৰিলক্ষিত হৈছে। আৰক্ষী বিষয়াই সংবাদমাধ্যমক অৱগত কৰা অনুসৰি অভিযুক্ত পলাতক হৈ থকাৰ লগতে ফোন চুইচ অফ হৈ থকাৰ বাবে অভিয়ুক্তৰ ওচৰ চাপিব পৰা নাই আৰক্ষী। এই কথা উল্লেখ কৰিছে তদন্তকাৰী আৰক্ষী বিষয়া তথা পুনে (গ্ৰাম্য)ৰ আৰক্ষী অধীক্ষক পংকজ দেশমুখে।

কৃষকজনৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু হোৱা গোচৰত ৭জন লোকৰ নাম উল্লেখ কৰিছে। এই ৭ জনৰ ভিতৰত আই এ এছ বিষয়াগৰাকীৰ মাতৃ মনোৰামা আৰু পিতৃ দিলীপ খেডকাৰ অন্যতম। অন্যহাতে স্থানীয় অন্য এজন লোকেও প্ৰশিক্ষণৰত আই এ এছ বিষয়াগৰাকীৰ মাতৃ মনোৰমা খেডকাৰে তেওঁক ভাবুকি দিয়া বুলি দাবী কৰিছে।

মাজবাট আৰক্ষীৰ গোপন অভিযানত ১৪১ কেজি ভাং সহ চাইকেল জব্দ…

মাজবাট আৰক্ষীৰ গোপন অভিযানত
১৪১ কেজি ভাং সহ চাইকেল জব্দ।
ভাং খিনিৰ বজাৰ মুল্য ৭০লাখ টকা।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা পুনৰ অভিযান চলাই ভাং সহ চাইকেল জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে, লালপানী আৰক্ষী চকীৰ আই চি ভাস্কৰ বৰা আৰু লালপুলস্ত 23 নাম্বাৰ SSB জোৱানৰ লগত যোৱা এটা আৰক্ষীৰ

জোটিয়া অভিযাত অসম অৰুণাচল সীমান্ত এলেকাৰ নিজৰা চেন্টাৰৰ নিজৰা জ‌ংগলত অভিযান চলায়। আৰক্ষীৰ উক্ত অভিযানত নিজৰা জংগলৰ এটা হাবিৰ মাজত লুকুৱাই থোৱা অবস্থাত ৫ খন চাইকেল সহ ১৪১ কিলোগ্রাম ভাং জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোয়ে।

পিচত মাজবাট আৰক্ষীয়ে জব্দ কৰা ভাং সহ চাইকেল কেইটা মাজবাট থানালৈ লৈ আনে । এই সংক্রান্তত মাজবাট আৰক্ষীয়ে ২১/২৪ নম্বৰত এটা কেচ ৰোজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। জব্দ কৰা ভাংখিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ৭০লাখ টকা মান হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগুৱাই ৪১গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে…

এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগুৱাই আজি ৪১গৰাকী প্ৰাৰ্থীক মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২২গৰাকী প্ৰাৰ্থীক অনুকম্পামুলক নিযুক্তি, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত Non-technical course ৰ ১১গৰাকী সহকাৰী অধ্যাপক আৰু ১গৰাকী গ্ৰন্থাগাৰিককে ধৰি

সৰ্বমুঠ ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত ৭গৰাকী প্ৰাৰ্থীক DIET ৰ প্ৰবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অহা ১৫ আগষ্টত ৰাজ্য চৰকাৰে পুনৰ ১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ পদক্ষেপ লৈছে ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে ৫ বছৰীয়া কাৰ্যকালৰ ভিতৰত মুঠ ১.৫ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে ৷

মাননীয় মুখ্যমন্ত্ৰীয়ে আজি নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। নিযুক্তি প্ৰাপ্তসকলে নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব পালনৰ লগতে বিশেষকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নিযুক্তি লাভ কৰাসকলক শিক্ষানুষ্ঠানসমূহত ‘ষ্টাৰ্ট আপ’ৰ পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ৷

‘ প্ৰথমবাৰৰ বাবে পৰীক্ষাত থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা’ ! সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

‘এইবাৰৰ পৰীক্ষা প্ৰত্যাহ্বানমূলক হ’ব। প্ৰথমবাৰৰ বাবে পৰীক্ষাত থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা’। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আৱেদন কৰিছে মুঠ ১১ লাখ প্ৰাৰ্থীয়ে।

‘ৰাজ্যত দৰিদ্ৰতা নিৰ্মূলত সহায়ক হৈছে অৰুণোদয় আঁচনি’। সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ”Mr and Miss কাৰেং অসম” season 3 অনুষ্ঠিত…

নাজিৰাত Mr and Miss কাৰেং অসম season 3 অনুষ্ঠিত

নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নাজিৰা এম . চি . ক্লাৱৰ প্ৰেক্ষাগৃহত Mr. And Miss কাৰেং অসম season 3 শীৰ্ষক মডেলিং প্ৰতিযোগিতাখনি আড়ম্বৰ পূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায়।

অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰো কেইবাগৰাকী মডেলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ মুকিবুৰ ৰহমানৰ তত্বাৱধানত আয়োজিত এই ইভেন্টত অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।